Home Blog Page 2327

নলবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক

নলবাৰীৰ বেলশৰ আৰক্ষীয়ে নিশা পাঠশালাৰ পৰা এজন প্ৰৱঞ্চকক আটক কৰে। নলবাৰীৰ বেলশৰৰ দেৱেন ডেকাৰ পৰা পুৰণি ট্ৰেক্টৰ কিনি পইচা নিদিয়াকৈ থকাৰ বাবে পাঠশালাৰ সুভাষ জাহাংগীৰ বিৰূদ্ধে ঠগ-প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছিল বেলশৰ থানাত পৰবৰ্তী সময়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান চলাই নিশা পাঠশালাৰ পৰা আটক কৰি আনে প্ৰৱঞ্চক গৰাকীক ।

আৰক্ষীয়ে জানিব দিয়া মতে প্ৰৱঞ্চক গৰাকীৰ নাই কোনো নিজা ঘৰ পাঠশালাত আনহাতে ভাড়াত চলাই ডিলাৰ ,ইয়াৰ উপৰিও বিভিন্ন লোকৰ পৰা প্ৰৱঞ্চনাৰে চাকৰিৰ লগতে গাড়ীৰ দিয়াৰ নামত অভিযোগ আছে প্ৰৱঞ্চক গৰাকীৰ ওপৰত ।ইফালে প্ৰৱঞ্চক গৰাকীৰ ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে ।

লামডিঙত অনুষ্ঠিত হয় অল অসম পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰীত লামডিঙত এখনি ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ হোজাই জিলাৰ শক্তি উত্তোলন সন্থা আৰু লামডিঙ লিঅপাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰেলৱে ইনষ্টিটিউটত আজি অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জাৰ এখনি প্ৰতিযোগিতা আয়োজন কৰে ৷উক্ত প্ৰতিযোগিতা খনত হোজাই, শিৱসাগৰ, বাক্সা ,নগাঁও, গুৱাহাটী কে ধৰি অসমৰ মুঠ সাতখন জিলাৰ প্ৰতিযোগি সকলে অংশগ্ৰহন কৰে ৷ শক্তি উত্তোলন আৰু পাঞ্জা ক্ৰিয়া প্ৰতিযোগিতা খনৰ বিভিন্ন বিভাগত পুৰুষ মহিলাই অংশগ্ৰহন কৰে ৷ মহিলা পুৰুষ সহ ৭০ৰো অধিক খেলুৱে ভাগ লয় এই প্ৰতিযোগিতাখনত ৷ বিগত বাৰ বছৰৰো অধিক সময়ছোৱা পাৰ হোৱাৰ পিছত পুনৰবাৰ আজি লামডিঙত শক্তি উত্তোলনৰ ক্ষেত্ৰত লামডিঙ অসম ভিত্তিত শক্তি উত্তোলনৰ লগতে পাঞ্জা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত খেলুৱৈ লগতে লামডিঙৰ ৰাইজো উৎফুলিত হৈ পৰা পৰিলক্ষিত হয় ৷ আজি প্ৰতিযোগিতাখনৰ বিচাৰক তথা নিৰিক্ষনকাৰী ৰেফাৰি হিচাপে থাকে অসম ক্ৰিয়া শক্তি উত্তোলন সন্থাৰ নেতৃবৃন্দ ৷

প্ৰতিযোগিতাখনত শক্তি উত্তোলন STRONG MAN খিতাপ অৰ্জন কৰে কামৰূপৰ আদিত্য জ্যোতি শইকীয়াই আৰু মহিলাৰ শাখাত STRONG WOMEN খিতাপ অৰ্জন কৰে লামডিঙৰ ৰিয়া ওৰফে বেবী সাহাই ৷ আনফালে পাঞ্জা প্ৰতিযোগিতা STRONG MAN খিতাপ অৰ্জন কৰে গুৱাহাটীৰ বিশ্বজিৎ দলে আৰু মহিলা শাখাত STRONG WOMAN খিতাপ অৰ্জন কৰে নগাওঁৰ কাশ্মিৰী কাশ্যপে খিতাপ অৰ্জন কৰা খেলুৱৈ সকলৰ লগতে বিভিন্ন বিভাগত অংশগ্ৰহন কৰি প্ৰথম দ্বিতীয় বিভাগত জয় লাভ কৰা প্ৰতিযোগী সকলকো নগদ ধনসহ মেডেল আৰু পুৰস্কাৰ প্ৰদান কৰে ৷

তামুলপুৰৰ অভয়পুৰৰ পৰা ১৭ দিন ধৰি সন্ধানহীন চাৰি বছৰীয়া সন্তান সহ এগৰাকী মহিলা

তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকী অন্তৰ্গত অভয়পুৰৰ পৰা সন্ধানহীন হৈ আছে চাৰি বছৰীয়া সন্তান সহ এগৰাকী মহিলা। জানিব পৰা মতে যোৱা ২৭ মেৰ দিনাৰ পৰা নিজৰ মাকৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছে আৰতী মণ্ডল (৩৩) নামৰ মহিলাসহ তেওঁৰ চাৰি বছৰীয়া সন্তান। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৭ মেৰ দিনা সন্ধিয়া প্ৰায় তিনি বজাত কুমাৰীকাটা বজাৰলৈ শাক পাচলি বিক্ৰী কৰিবলৈ আৰতী মণ্ডলে তেওঁৰ চাৰি বছৰীয়া সন্তানক লৈ ওলাই গৈছিল কিন্তু ঘৰলৈ ঘুৰি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে আৰতী মণ্ডল সাত বছৰ আগতে কাউলীৰ চঞ্চল হৱালদাৰ নামক ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু আৰতী মণ্ডলে যোৱা চাৰি ধৰি বছৰ মাকৰ ঘৰত থকাৰ লগতে পাচলিৰ ব্যৱসায়ী কৰি আহিছিল। দৈনিক তেওঁ কুমাৰীকাটা লৈ শাক-পাচলি বিক্ৰী কৰিবলৈ গৈছিল।

২৭ মেৰ দিনাও কুমাৰীকাটাত পাচলি বিক্ৰী কৰিবলৈ গৈ উভতি অহা নাই তেওঁ। বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনোধৰণৰ শুংসুত্ৰ উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱা সন্দৰ্ভত কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়েও আজিলৈকে কোনোধৰণৰ খবৰ দিবলৈ সক্ষম নহ’ল শিশু সহ মহিলাগৰাকীৰ। কোনো লোকে শিশুটি নাইবা মহিলা গৰাকীৰ সন্ধান পালে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৬৯০১০৬৯৪৫৭, ৭৬৩৭০৩৭২০০

কোকৰাঝাৰত এবছুৰ উদ্যোগত ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন

পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিৱসৰ সতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত হয় ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰতো নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন কৰা হয় ৷কোকৰাঝাৰ চহৰৰ ভাটিপাৰাস্থিত শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত উদযাপিত হোৱা বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে সমাধিস্থলত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে শ্বহীদ সুজিত নাৰ্জাৰীৰ পিতৃ মংগল সিং নাৰ্জাৰীয়ে ৷ ইয়াৰ পাছতে শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই ৷ কাৰ্যসূচীত অংশ লোৱা বড়ো সাহিত্য সভাৰ সম্পাদক জংছাৰ নাৰ্জাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ মুছাহাৰী, ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী , বিপিএফৰ নেতা তথা বিটিআৰৰ পাৰিষদ দনেশ্বৰ গয়াৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহীৰ ৰাজনৈতিক উপদেষ্টা বেৰলাও খুংগুৰ কাৰ্জিয়ে শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ ইয়াৰ আগতে শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷
উল্লেখ্য যে, ৩৫ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৭ চনৰ ১২ জুনৰ আজিৰ দিনটোতে গুৱাহাটীৰ এক জনসভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে দুস্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল কোকৰাঝাৰৰ ভাটিপাৰাৰ নিবাসী সুজিত নাৰ্জাৰীৰ ৷ পিছত এবছুৱে সুজিত নাৰ্জাৰীক পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ হিচাপে ঘোষণা কৰাৰ লগতে শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিনটোক এবছুৱে বড়োলেণ্ড শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷


এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত তথা দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত উদযাপিত হোৱা আজিৰ ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচীত এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী , জিলা সাধাৰণ সম্পাদক খাম্পা বসুমতাৰীকে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতৃবৃন্দ, বাওখুংগ্ৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ সঞ্জয় নাৰ্জাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷একেদৰে বিটিএডিৰ চিৰাং,বাক্সা,তামুলপূৰ আৰু ওদালগুৰি জিলাটো এই শ্বহীদ দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে। আৰু বাক্সা জিলাত এবছু ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োয়ে অংশগ্ৰহণ কৰা বুলি বাতৰিটোত প্ৰকাশ।

চিকিৎসালয়লৈ গৈ মুকালমুৱাৰ এগৰাকী বোৱাৰী সন্ধানহীন! লগত আছিল তিনিবছৰীয়া এটি

নলবাৰীৰ জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ বৰতলা গাঁৱৰ বোৱাৰী বৰষা দাস যোৱা ৯ জুনৰ দুপৰীয়াৰ পৰা সন্ধানহীন হৈ থকা বুলি জনাইছে পৰিয়ালৰ লোকে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে ৩ নম্বৰ বৰতলা গাঁৱৰ অভিজিত দাস নামৰ যুৱকজনে পৰিয়ালৰ সন্মতি সাপেক্ষে বৰষাক বিয়া কৰায় আনিছিল। দুয়োৰে যুগ্ম জীৱনৰ সাক্ষী স্বৰূপে প্ৰিয়াক্ষী দাস নামৰ এজনী কণমানি কন্যা সন্তানো তেওঁলোকৰ জীৱনলৈ আহিছিল। পিছে পৰিয়ালৰ লগত মুকালমুৱাস্থিত সামূহিক চিকিৎসালয়লৈ গৈয়েই সন্ধানহীন হৈ পৰে মহিলাগৰাকীৰ লগতে কণমাণিগৰাকী।

সেয়েহে, তেওলোকৰ পৰিয়ালটি কান্দোনত ভাগি পৰিছে। তিনি বছৰীয়া কণমানিজনীৰ সৈতে হঠাৎ ক’ত হেৰাল মহিলাগৰাকী? ইতিমধ্যে দুৰ্ভাগীয়া পৰিয়ালটিৰ তৰফৰ পৰা মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা নাই মহিলাগৰাকীৰ লগতে কণমাণিটিৰ। কোনো সদাশয় লোকে কণমানি জনীৰ সৈতে মহিলাগৰাকীক দেখা পালে 6000347141মোবাইল নম্বৰত দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰিব।

চীনৰ ৰাজধানী বেইজিঙত পুনৰ কোভিডৰ সংহাৰ আৰম্ভ

ভাৰতত চতুৰ্থ ঢৌৰ আশংকাৰ মাজতে চীনৰ চৰকাৰেও কৈছে যে দেশ খনৰ ৰাজধানী বেইজিঙত পুনৰ কোভিডে মূৰ দাঙি উঠিছে।
বেইজিং কৰ্তৃপক্ষইকয় যে শুক্ৰবাৰে চহৰখনত নতুনকৈ ৬১ জন লোক নতুন কৰোনাভাইৰাছত আক্ৰান্ত হৈছে। হেভেন চুপাৰমাৰ্কেটত বহু লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।এগৰাকী চৰকাৰী মুখপাত্ৰই কয় যে এতিয়া দেশ খনৰ ৰাজধানী চহৰ বেইজিঙতো পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে।বেইজিঙত এতিয়ালৈকে লকডাঙন ঘোষণা কৰা হোৱা নাই যদিও কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে। সেইমৰ্মে বেইজিঙত হোটেল-ৰেষ্টুৰেণ্ট সমূহ বন্ধ কৰি দিয়া হৈছে।কেৱল টেকআউট আৰু ডেলিভাৰীৰ বাবেহে বেইজিঙত হোটেল-ৰেষ্টুৰেণ্ট সমূহ খোলা ৰখা হৈছে।

চীনৰ ৰাজধানী চহৰ খনৰ প্ৰমোদ উদ্যান আৰু পৰ্যটকৰ আকৰ্ষণৰ স্থলীসমূহত দৰ্শকৰ সীমা ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে।যোৱা বছৰ মুকলি হোৱা বেইজিংৰ ইউনিভাৰ্চেল ষ্টুডিঅ’ থীম পাৰ্ক খন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰা ব্যক্তিগত অট্টালিকা আৰু হাউচিং কমপ্লেক্সবোৰ কণ্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰি বাহিৰৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।চীনৰ দেৱাৰ দৰ্শন কৰিব বিচৰা দৰ্শনাৰ্থীসকলে ৪৮ ঘণ্টাৰ পূৰ্বে কোভিড পৰীক্ষাৰ প্ৰমাণ দেখুৱাব লাগিব।কোভিড ঋণাত্মক হ’লেহে পৰ্যটকক চীনৰ দেৱাৰ দৰ্শনৰ অনুমতি দিয়া হৈছে।

কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সংগঠনটোৰ স্থিতি শক্তিশালী কৰিবলৈ, হাতীপোতা গাঁও পঞ্চায়ত কাৰ্য্যালয়ত অনুষ্ঠিত এক সভা

কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সভাপতি মফিজুল হকৰ নেতৃত্বত এই সভা অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে।
সভা খনত উপস্থিত হয়,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি দেৱব্ৰত শইকীয়া।


সভাপতি গৰাকী উপস্থিত হৈ সংগঠনটো স্থিতি শক্তিশালী কৰিবলৈ আৰু গৌৰাং নৈৰ গৰাখহনীয়া লগতে বিভিন্ন সমস্যাক লৈ মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে।

মৰিয়নী তিৰুহিলছ বনাঞ্চলত পুনৰ নগাৰ আগ্ৰাসন৷ নগা বেদখলকাৰীয়ে তিৰুহিলছ বনাঞ্চলৰ গছ-গছনি কাটি ধ্বংস কৰি স্থাপন কৰিছে ৰবৰ আৰু চাহ বাগান

মৰিয়নী চেলেংহাটৰ ৰংখাম BOP পৰা মাত্ৰ ১ কি.মি নিলগতে তিৰুহিলছ বনাঞ্চলত নগা বেদখলকাৰীৰ দপদপনি৷ স্থানীয় প্ৰশাসনক কেইবাবাৰো এই বিষয়ে অবগত কৰা পাছতো বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। কিছুদিনৰ পূৰ্বে আগ্ৰাসনস্থলীত চেলেংহাট আৰক্ষী নকছাৰি মৰঙ্গিলায় খণ্ড বন বিষয়া কায্যলয় বনকৰ্মী দল উপস্থিত হৈ বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলাইছিল যদিও নগা বেদখলকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ নহল সাহস।

যাৰ ফলত পুনৰ চেলেংহাট ৰংখাম অঞ্চলৰ তিৰুহিলছ বনাঞ্চলত প্ৰতিদিনেই নগা বেদখলকাৰীয়ে বনাঞ্চলৰ গছ-বন কাটি তহিলং কৰি অসমৰ গাঁৱৰ দিশত অগ্ৰসৰ হৈ পাতি গৈছে চাহ আৰু ৰৱৰৰ বাগান৷

সৌন্দৰ্য চৰ্চাত খাদ্যই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে

মানুহ হৈছে সৌন্দৰ্যপিয়াসী।সুন্দৰৰ সাধনী মানুহৰ প্ৰিয়।সৌন্দৰ্যশালী হৈ থকাটো প্ৰত্যেকৰে কামনা।সেয়ে আজিকালি প্ৰায় সকলো মানুহেই সৌন্দৰ্য সচেতন হৈ উঠা দেখা গৈছে।সৌন্দৰ্যৰ সৈতে খাদ্যাভ্যাসৰ যথেষ্ট ভুমিকা আছে।সেয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ সৌন্দৰ্য চৰ্চাত খাদ্যৰ ভুমিকা সম্পৰ্কে।সৌন্দৰ্য চৰ্চাত খাদ্যৰ ভুমিকা অতিকৈ উল্লেখযোগ্য।আমি খোৱা খাদ্যই আমাৰ ক্ষুধা নিবাৰণ কৰাৰ লগতে দেহৰ সৌন্দৰ্যও বিকশিত কৰে।প্ৰতিটো খাদ্যবস্তু গ্ৰহণৰ পাছত তাৰ প্ৰভাৱ বাহ্যিকভাৱে আমাৰ ছালখনত পৰিস্ফুট হয়।উদাহৰণস্বৰুপে,বাদামজাতীয় খাদ্য খালে ছালখন অত্যধিকভাৱে শুকান হৈ নপৰে।আমি খোৱা প্ৰত্যকবিধ খাদ্যবস্তুৱেই আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্যত প্ৰভাৱ পেলায়।ছাল,চুলি,নখৰ সুস্বাস্থ্যৰ বাবে কিছুমান ভিটামিন আৰু মিনাৰেল অত্যাৱশ্যকীয়।এইবোৰৰ সঠিক পৰিমাণৰ সেৱনে আপোনাৰ সৌন্দৰ্যক চালে চকুৰোৱা কৰি তুলিব।সেয়ে,আহকচোন সচেতন হওঁ খাদ্যৰে সৌন্দৰ্য চৰ্চা কৰিবলৈ।

পানী:পানীৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি।পৰিষ্কাৰ পানী পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰিলে আপোনাৰ ছালখন যৌৱনাদীপ্ত আৰু উজ্জ্বল হৈ উঠিব,শালমইনা প্ৰতিৰোধ হ’ব।কাৰণ পানীয়ে ছালৰ কোষবোৰ সজীৱ কৰি তোলে আৰু বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

ভিটামিন ‘এ’:আপোনাৰ ছালখন আৰু চকুযুৰিৰ সৌন্দৰ্য বিকশিত কৰাত ভিটামিন ‘এ’ৰ অৱদান অত্যাৱশ্যকীয়।ভিটামিন ‘এ’ৰ অভাৱে ছাল শুকান কৰি তোলে আৰু দৃষ্টিশক্তি হ্ৰাস কৰে।ভিটামিন ‘এ’ই ত্বক শুকান হোৱা আৰু ফটাত বাধা দিয়ে আৰু কোষৰ গঠন কৰে।ভিটামিন ‘এ’যুক্ত খাদ্যবোৰ হ’ল গাজৰ,পালেং শাক,গাখীৰ,লিভাৰ,কণীৰ কুহুম আদি।অৱশ্যে এটা কথা মনত ৰখা উচিত যে এই ভিটামিনৰ অত্যাধিক সেৱনে ছালৰ ৰুক্ষতা,চুলি সৰা,ওঁঠ ফটা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভিটামিন ‘বি’:ওঁঠৰ শুষ্কতা আৰু ফটা সমস্যাৰ এটা অন্যতম কাৰণ হৈছে ভিটামিন ‘বি’ৰ অভাৱ ।এই ভিটামিনৰ উৎসসমুহ হৈছে মাংস,লিভাৰ,গাখীৰ,সেউজীয়া শাক,মাহজাতীয় খাদ্য আদি।

ভিটামিন ‘চি’:ভিটামিন ‘চি’-এ ছালখন সুন্দৰ কৰি ৰখাৰ উপৰি বলিৰেখাৰ সৃষ্টি হোৱাত বাধা দিয়ে।ভিটামিন ‘চি’ৰ উৎসসমুহ হৈছে কমলা,নেমু,আঙুৰ,আমলখি আদি টেঙাজাতীয় ফল।

ভিটামিন ‘ই’-ভিটামিন ‘ই’-এ ছালৰ সৌন্দৰ্য অতুলনীয় কৰি তোলে।ইয়াৰ প্ৰধান উৎস হৈছে পেষ্টা বাদাম,আখৰোট আদি।ভিটামিনৰ উপৰি আমাৰ খাদ্য খনিজযুক্ত হোৱাটো সমানে আৱশ্যকীয়।এইবোৰ হৈছে-

লো(আইৰন):লোৱে তেজৰ গঠন আৰু বিশুদ্ধকৰণত সহায় কৰে।ইয়াৰ উপৰি আমাৰ ছালখনত এক গোলাপী আভাৰ সৃষ্টি কৰি দেখাত সুন্দৰ কৰি তোলে।বিভিন্ন সেউজীয়া শাক-পাচলি,কলডিল,কাঁচকল,ফল আৰু মাংসত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়।

দস্তা (জিংক):সুস্থ আৰু সুন্দৰ ত্বকৰ বাবে দস্তাৰ প্ৰয়োজনীয়তাও যথেষ্ট।দস্তাৰ প্ৰধান উৎস হৈছে মাছ,মাংস ,কণী আদি।

অ’মেগা থ্ৰী ফেটি এচিড:অ’মেগা থ্ৰী ফেটি এচিডে ছালখনক সুৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু ছালৰ সৌন্দৰ্য অটুট ৰখাত সহায় কৰে।ইয়াৰ উৎসসমুহ হৈছে মাছ,মিছামাছ আদি।

আপোনাৰ দৈনন্দিন খাদ্য তালিকাত দিনৰ বা ৰাতিৰ সাঁজত মাছ অৱশ্যেই অন্তৰ্ভুক্ত কৰক।কাৰণ মাছত থকা তেলে আপোনাৰ ছালখনৰ শুশ্ৰূষা কৰে আৰু ছালৰ বৰণ উজলাই তোলে।বিভিন্ন ৰঙৰ ফলৰ চালাড,গজালি ওলোৱা মাহ,(বুট,মগু,মটৰ আদি),দৈ,ভেজিটেবল ছুপ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি সুস্বাস্থ্য আৰু সৌন্দৰ্য বঢ়াই তোলক।

মাংস প্ৰেমী সকলৰ বাবে এক খবৰ! সাৱধান হোৱাৰ সময় হৈ গ’ল…

এজন মাংস প্ৰেমী? সাৱধান হ’ব, এই সকলো বোৰ পচন্দৰ খাদ্যই দৃষ্টিশক্তিৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে!

কাবাব, মটন তৰকাৰী, জলকীয়া গাহৰিৰ মাংস, মুৰ্গীৰ মাংস ভজা – কোনে ভাল নাপায়! যিকোনো মাংস প্ৰেমীয়ে জানে যে আপুনি কোমল-কিণ্বিত কাবাব বা টেঙা গাহৰিৰ মাংসৰ সোৱাদৰ কথা ভাবিলেও জিভা কেনেদৰে তিতি যায়। কিন্তু আপুনি জানেনে যে এই মাংসই আপোনাৰ চকুৰ দৃষ্টিশক্তিপ্ৰভাৱিত কৰিব পাৰে? আগতে, বিশেষজ্ঞসকলে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য, ৰক্তচাপ আৰু ওজনৰ ওপৰত ৰঙা মাংসে কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে বহুত কথা পাতিছিল, আৰু বহুতো লিখনি হৈছিল। ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ এটা নতুন অধ্যয়নত দেখা গৈছে যে ৰঙা মাংসে আমাৰ চকুৰ স্বাস্থ্যকো প্ৰভাৱিত কৰিব পাৰে।টক্সোপ্লাজমা গণ্ডি নামৰ পৰজীৱী এটা জীৱ-জন্তুৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। এই পৰজীৱীটো ‘ৰেটিনাৰ দাগ’ৰ বাবে দায়বদ্ধ, অধ্যয়নটোৱে কয়। “পৃথিৱীৰ বহুতো প্ৰাণী পৰজীৱীৰ দ্বাৰা সংক্ৰমিত হয়, সাধাৰণতে সংক্ৰমিত মেকুৰীৰ দ্বাৰা বা আন সংক্ৰমিত জন্তু খাই সংক্ৰমিত হয়। মানুহৰ ক্ষেত্ৰত, পোহনীয়া মেকুৰীৰ মল এই ৰোগৰ বাহক হ’ব পাৰে, কিন্তু সংক্ৰমণৰ আটাইতকৈ সচৰাচৰ উপায় হৈছে মাংস খোৱা। পৰজীৱীটো সংক্ৰমিত গৰুৰ ৰন্ধা বা কেঁচা মাংসৰ পৰা বিয়পে,” অধ্যয়নটোত কোৱা হৈছে।

অধ্যয়নটোৰ বাবে, ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ চকু আৰু দৃষ্টি স্বাস্থ্যৰ অধ্যাপক জাষ্টিন স্মিথ আৰু তেওঁৰ দলে অষ্ট্ৰেলিয়াত বাস কৰা 5,000 ৰো অধিক লোকৰ ৰেটিনাৰ আলোকচিত্ৰ বিশ্লেষণ কৰিছিল। অধ্যাপক স্মিথকে ধৰি তিনিজন বিশেষ চকু বিশেষজ্ঞই এই স্কেনবোৰ মূল্যাঙ্কন কৰিছিল আৰু এণ্টিবডী পৰীক্ষাৰ জৰিয়তে পৰজীৱী সংক্ৰমণৰ ঘটনা বিচাৰি পাইছিল।