Home Blog Page 2329

৪০ কোটি টকাৰ জালিয়াতিৰ গোচৰ: আপ পঞ্জাৱৰ বিধায়ক যশৱন্ত সিং গজ্জনৰ ৩ টা স্থানত অভিযান চিবিআইৰ

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে আজি ৪০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত আপৰ পঞ্জাৱৰ বিধায়ক যশৱন্ত গজ্জনৰ সৈতে জড়িত তিনিটা স্থানত তালাচী চলায়। আপৰ বিধায়ক যশৱন্ত সিং ‘গজজন’, তেওঁৰ ভাতৃ কুলৱন্ত সিং আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে চিবিআইৰ ওচৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।যশৱন্ত সিঙে বেংক অফ ইণ্ডিয়াক ৪০ কোটি টকাৰ প্ৰৱঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ উঠিছিল।যশৱন্ত সিং আম আদমী পাৰ্টিৰ পঞ্জাৱৰ অমৰগড়ৰ বৰ্তমানৰ বিধায়ক। ঋণ আদায় নিদিয়াৰ বাবেই বিধায়কগৰাকীৰ ঋণটো মঞ্জুৰ কৰা একাউণ্টটোক অনা-কাৰ্যকৰী একাউণ্ট হিচাবে ২০১৪ চনৰ ৩১ মাৰ্চত ঘোষণা কৰা হৈছিল।
একেদৰে বেংকে ২০১৮ চনৰ ৯ ফেব্ৰুৱাৰী ৪০.৯২ টকাৰ বকেয়া পৰিমাণৰ ধন অনাদায় হৈ থকা বুলি ঘোষণা কৰিছিল।


বিধায়কজনে বিভিন্ন জাল নথিপত্তৰ সহায়ত ঋণ লোৱাৰো অভিযোগ উঠিছিল। এনে অভিযোগৰ মাজতে আজি চিবিআইয়ে মালেৰকোটলা আৰু গৌনচপুৰাৰ তিনি স্থানত তালাচী চলায়।

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দেশ ডুবাইত বিহু:ডুবাইৰ অসমীয়া সমাজৰ উদ্যোগত ডুবাইত অসমীয়া বাপতি সাহোন বিহুৰ উন্মাদনা

কৰ্মসূত্ৰে অথবা ব্যৱসায় সূত্ৰে ডুবাইত বসবাস কৰা অসমীয়া সমাজে শণিবাৰে ব্যাপক উৎসাহ উদ্বীপনাৰে বহাগী বিদায় উৎসৱ উদযাপন কৰে।ডুবাইৰ কাৰ্লটন পেলেচ হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত বিহু হুঁচৰি আদিৰ লগতে ভালেমান সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।বিদেশৰ মাটিত আয়োজন কৰা এই বিহুক কেন্দ্ৰ কৰি ডুবাইত কালি এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
অসমীয়া কলা কৃষ্টিক বিদেশৰ মাটিত প্ৰতিষ্ঠা কৰাৰ সজ উদ্দেশ্য লৈ ডুবাইত থকা সমাজ একত্ৰিত হৈ আয়োজন কৰে এই বহাগী বিদায় উৎসৱৰ।বোপা ককাৰ দিনৰ বিহুৰ পৰম্পৰাক প্ৰবাসী অসমীয়া সমাজে ডুবাইত সজীৱ কৰি তোলাৰ সমান্তৰাল ভাৱে বিহুৰ আনন্দত ডুব যোৱা দেখা যায়।এই উপলক্ষে মৰুৰ দেশ ঢোল পেঁপা গগনাৰ মাতত কঁপি উঠিল।

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দেশত প্ৰবাসী অসমীয়া সকলে অতি হেঁপাহেৰে পালন কৰা বিহুৰ এই অনুষ্ঠানত অসমৰ বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ লগতে আন কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰে।

আজি মাতৃ দিৱস,প্ৰতিগৰাকী মাতৃলৈ যাচিলোঁ অলেখ শুভকামনা,মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত মাতৃ দিৱস উদযাপন

মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত মাতৃ দিৱস উদযাপন।সম্বৰ্ধনা জনোৱা হল নলবাৰী জিলাৰ নৱ পৌৰপতি জয়শ্ৰী পাঠক তালুকদাৰক।প্ৰথমতে বিশ্ব আটাইকেই গৰাকী মাতৃলৈ আমাৰ পৰিয়ালৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো।মা’ বুলি কলেই মনলৈ আহে এগৰাকী মহিয়সী নাৰী। দুখ-কষ্ট অনুভৱ নকৰা,আজৰি সময় বা ছুটিৰ সময় নথকা অহৰহ ঘৰখন বা পৰিয়ালৰ হ’কে কাম কৰি যোৱা এগৰাকী নাৰীয়ে হৈছে “মা”। সেয়ে মাতৃ সদায়ে আমাৰ পূজনীয়।মাতৃ সদায়ে আমাৰ শ্ৰদ্ধাৰ।।দেশ-ৰাজ্যৰ লগতে নলবাৰীতো বিভিন্ন প্ৰান্তত আজি মাতৃ দিৱস উদযাপন কৰা হয়। নলবাৰী জাপাৰকুছিস্থিত নালন্দা পাব্লিক বিদ্যালয়ত মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত এদিনীয়া বৰ্ণাদ্ধ কাৰ্যসূচীৰে “মাতৃ দিৱস” উদযাপন কৰা হয়। ৰাতিপুৱা বন্তী প্ৰজ্জ্বালন,পতকা উত্তোলন কাৰ্যসূচীৰ পিছত এগৰাকী মাতৃ তথা নলবাৰী পৌৰ সভাৰ পৌৰপতি জয়শ্ৰী পাঠক তালুকদাৰক নিজ গৃহৰ পৰা বিদ্যালয় চৌহদলৈ আদৰি আনি সম্বোৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পিছত মহিলা সকলৰ মাজত বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

ইনষ্টাগ্ৰামত কেটৰিনাই শ্বেয়াৰ কৰিলে বিকি কৌশলৰ সৈতে ৰোমাণ্টিক মূহুৰ্তৰ ফটো…প্ৰিয়ংকা চোপ্ৰা আৰু হৃত্বিক ৰোশনৰ কমেণ্ট

প্ৰিয়ংকা চোপ্ৰাই হৃদয়-চকুৰ ইমোজি মন্তব্য কৰিছিল, আনহাতে হৃত্বিক ৰোশনে পোষ্টটোত লিখিছিল, “ইমান ভাল”।কেটৰিনা কাইফ আৰু বিকি কৌশল বি-টাউনৰ আটাইতকৈ গৰম দম্পতিসকলৰ ভিতৰত অন্যতম। দম্পতীহালে ইনষ্টাগ্ৰামত একেলগে ফটো পোষ্ট কৰি তেওঁলোকৰ জীৱনৰ আভাস দি থাকে। কেটৰিনা কাইফে স্বামী বিকি কৌশলৰ সৈতে আন এখন ফটো পোষ্ট কৰি সপ্তাহান্তটো আৰম্ভ কৰিছিল।সূৰ্যবংশী অভিনেতাজনে বিকিৰ সৈতে এখন বাষ্পীয় ছবি শ্বেয়াৰ কৰিছিল য’ত তেওঁলোকক কিছু পুল সময় উপভোগ কৰা দেখা গৈছিল। কেটৰিনাই বগা চুইমচুট পিন্ধিআছে কিয়নো তাই তাইৰ ওচৰত এটা চাৰ্টলেছ বিকি ধৰি আছে। কেটৰিনাই ভৰিবোৰ  স্বামীৰ কঁকালত মেৰিয়াই থোৱা আছে আৰু  বাহুবোৰ ডিঙিত মেৰিয়াই থোৱা আছে। শিৰোনামটোত, কেটৰিনাই উল্লেখ কৰিছিল, “মই আৰু মোৰ,” কেইটামান হৃদয়ৰ ইমোটিকনৰ সৈতে। ছবিখনে অনুৰাগী আৰু চেলিব্ৰিটিসকলৰ পৰা একেধৰণে প্ৰেম লাভ কৰিছিল। প্ৰিয়ংকা চোপ্ৰাই হৃদয়-চকুৰ ইমোজি মন্তব্য কৰিছিল, আনহাতে হৃত্বিক ৰোশনে লিখিছিল, “ইমান ভাল,” এটা ৰঙা হৃদয়ৰ ইমোজি যোগ দি। গায়িকা ৰাজা কুমাৰীয়ে লিখিছিল, “আপোনালোক দুয়োকে সম্পূৰ্ণ আশীৰ্বাদ। “শেহতীয়াকৈ হেলো আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, বিকিয়ে কেটৰিনাৰ বিষয়ে কৈছিল আৰু কেটৰিনাৰ মাজত জীৱন সংগী বিচাৰি পোৱাৰ বাবে নিজকে ‘অতি সৌভাগ্যৱান’ বুলি অভিহিত কৰিছিল। “কেটৰিনা মোৰ জীৱনৰ প্ৰতিটো দিশতে যথেষ্ট প্ৰভাৱ পেলাইছে। মই বহুত সৌভাগ্যৱান যে কেটৰিনাৰ মাজত এজন জীৱন সংগী বিচাৰি পাইছো কিয়নো কেটৰিনা এগৰাকী অত্যন্ত জ্ঞানী, বুদ্ধিমান আৰু সহানুভূতিশীল ব্যক্তি। মই কেটৰিনাৰ পৰা প্ৰতিদিনে বহুত শিকিছো,” বিকিয়ে হেলো আলোচনীক কৈছিল।

কেটৰিনা আৰু বিকিয়ে 9 ডিচেম্বৰ, 2021 তাৰিখে ৰাজস্থানত এক ব্যক্তিগত অনুষ্ঠানত তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পেছাদাৰী ক্ষেত্ৰত, কেটৰিনাক পৰৱৰ্তী সময়ত শ্ৰীৰাম ৰাঘৱনৰ দ্বাৰা পৰিচালিত টাইগাৰ 3, মেৰী খ্ৰীষ্টমাছ আৰু প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাটৰ সৈতে ফাৰহান আখটাৰৰ পথ ভ্ৰমণ ছবি জী লে জাৰাত দেখা যাব। লক্ষ্মণ ইউটেকাৰৰ এতিয়ালৈকে শীৰ্ষক নোহোৱা চলচ্চিত্ৰখনত চাৰা আলী খানৰ বিপৰীতে বিকিক দেখা যাব। অভিনেতাজনৰ পাইপলাইনত গোবিন্দা নাম মেৰা, চেম বাহাদুৰ আৰু দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিও আছে।

‘কেজিএফ’ত অভিনয় কৰা অভিনেতা মোহন জুনেজাৰ মৃত্যু

কেজিএফ অভিনেতাৰ মৃত্যু, ‘কেজিএফ’ অভিনেতা মোহন জুনেজাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু হৈছে। অভিনেতাজনৰ মৃত্যুৰ পিছৰে পৰা, মনোৰঞ্জন জগত শোকত আছে। কেজিএফ ২ বোলছবিখনে আজিকালি বক্স অফিচত যথেষ্ট ধন প্ৰহাৰ কৰিছে। যশৰ অভিনয়ৰ উপৰিও, ছবিখনৰ বাকী কলাকুশলীসকলেও এক ভাল কাম কৰিছে। এই ছবিখনৰ বিষয়ে এটা বেয়া খবৰ ওলাইছে। ছবিখনৰ সৈতে জড়িত অভিনেতা মোহন জুনেজাৰ মৃত্যু হৈছে। তেওঁ ২০২২ চনৰ ৭ মে’ত শেষ নিশ্বাস ত্যাগ কৰে।

অভিনেতাজন তেওঁৰ কৌতুক চৰিত্ৰৰ বাবে জনাজাত আছিল:

আপোনাক কওঁ যে ‘কেজিএফ’ অভিনেতা মোহন জুনেজা দীৰ্ঘদিন ধৰি অসুস্থ আছিল । 7 মে তাৰিখে, তেওঁ বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত উশাহ লয়। অভিনেতাজনে গম্ভীৰৰ বাহিৰেও চলচ্চিত্ৰৰ পৰ্দাত বহুতো কৌতুক চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ উজ্জ্বল অভিনয়ৰ সৈতে, তেওঁ উদ্যোগটোত এটা দীঘলীয়া ইনিংছ খেলিছে। মোহন জুনেজাৰ মৃত্যুৰ বাতৰি অহাৰ পিছৰে পৰা চলচ্চিত্ৰ উদ্যোগ আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট শোকৰ ছাঁ পৰিছে। অভিনেতাজনৰ অন্তিম সংস্কাৰ শনিবাৰে সম্পন্ন কৰা হ’ব। ‘কেজিএফ চাপাৰ ২’ বোলছবিখনত মোহন জুনেজাই সাংবাদিক আনন্দীৰ ইনফৰ্মাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

১০০  খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল:

মোহন জুনেজা দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ এটা জনপ্ৰিয় নাম। তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। যদিও তেওঁ কেতিয়াও বলীউডৰ চলচ্চিত্ৰ উদ্যোগত হাত দিয়াৰ চেষ্টা কৰা নাছিল, তেওঁ নিশ্চিতভাৱে কেজিএফ চলচ্চিত্ৰত তেওঁৰ সৰু চৰিত্ৰৰ দ্বাৰা স্বীকৃতি লাভ কৰিছিল। অভিনেতাজনে ‘কেজিএফ ১’ আৰু অধ্যায় ২ ত ওলাইছে। তেওঁৰ মৃত্যুৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে।

চিলাপথাৰৰ চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা!থিতাতে নিহত এজন,সংকটজনক অৱস্থাত এজনক ডিব্ৰুগৰলৈ প্ৰেৰণ

আজি চিলাপথাৰৰ চিচিবৰগাঁও আমগুৰি সংযোগী পথৰ সাতুলাচুকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চিচিবৰগাঁও বৰচুকৰ ৰাজু ভূঞাৰ ২০ বছৰীয়া পুত্ৰ অপু ভূঞাই মটৰচাইকেলেৰে গড়মৰাৰ পৰা আহি আছিল । ইফালে ভাটিচুক গাঁৱৰ প্ৰয়াত অপিল শইকীয়াৰ ২২ বছৰীয়া পুত্ৰ বিমান ওৰফে বুবুল শইকীয়াই যোৱানিশা গড়মৰাত অনুষ্ঠিত বিহু সন্মিলনৰ বিপিন চাউদাঙৰ সাংস্কৃতিক অনুষ্ঠান চাই বাইচাইকেল আৰোহী এজনৰ লগত উঠি আহি থকা অৱস্থাত বাটতে অপুক লগ পাই তাৰ মটৰচাইকেলত উঠি আহে । তীব্ৰবেগেৰে আহি থকা মটৰচাইকেলখনে সাতুলাচুকত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে দুৰ্ঘটনাত পতিত হয় ।দুৰ্ঘটনাটোত দুয়োজন যুৱক গুৰুতৰভাৱে আহত হয়।

দুয়োকে ১০৮ এম্বুলেন্সেৰে ৰাইজে চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে বিমান শইকীয়াক মৃত ঘোষণা কৰে আৰু আনজন যুৱকক সংকজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সৰবৰহী যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ চিচিবৰগাঁৱতে শোকৰ ছাঁ পৰিছে।

মাণিকপুৰৰ বঙাইগাঁৱত আৰক্ষীৰ বৃহৎ বাইক ৰেলী

মাণিকপুৰত বঙাইগাঁও আৰক্ষীৰ বৃহৎ বাইক ৰেলী। ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষীক সন্মান প্ৰদান কৰি আগবঢ়োৱা President Colour Award ৰ ১০ মেত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই সন্মান প্ৰদান কৰিব।এই উপলক্ষে বঙাইগাঁও আৰক্ষীৰ উদ্যোগত আৰু মাণিকপুৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় এই বাইক ৰেলীৰ। জিলা আৰক্ষী অধিক্ষক. সপ্ননীল ডেকাই উদ্বোধন কৰা ৰেলীটো মাণিকপুৰ থানাৰ পৰা আৰম্ভ কৰি মাণিকপুৰ চাৰি আলি হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ গেৰুকাবাৰী টহলদাৰী আৰক্ষী নিৰীক্ষণ চকীত ৰেলীৰ সামৰণি পৰে।

উক্ত কাৰ্যসূচীত মানিকপুৰৰ কেবাটাও স্বেচ্ছাসেৱী সংস্থা লগতে গাওঁৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে।মানিকপুৰ বাইক ৰেলীৰ পিছত আৰক্ষী অধীক্ষকে অভয়াপুৰী আৰক্ষী থানাতো এখন বাইক ৰেলীৰ আজি ব্যৱস্থা কৰিব লগতে বঙাইগাঁৱৰ আন আন ঠাইতো বাইক ৰেলীৰ লগতে প্ৰীতি ফুটবল খেলৰো আয়োজন কৰিছে।

দেৰগাঁও আস্থা মেডিকেলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

দেৰগাঁও নাৰিকলগুৰি আস্থা মেডিকেলৰ উদ্যোগত আৰু গুৰযুগনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগত আজি স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। দেৰগাঁও আস্থা মেডিকেলৰ স্বতাধীকাৰী তথা অধিবক্তা তাবাছসুম হুছেইনৰ তত্ত্বাৱধানত ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত এই চিকিৎসা শিবিৰত যোৰহাটৰ দন্ত চিকিৎসক ড৹ ইন্দ্ৰানুজ বৰদলৈ,চিকিৎসা বিজ্ঞানৰ লগত অধ্যয়নত যোৰহাটৰ প্ৰঞ্জানোজ বৰদলৈ,দেবানোজ বৰদলৈ,আস্থা মেডিকেলৰ সহবিন্দ হৈ দীপামণি বৰা,মিন্টু বৰা,ম: মুস্তাক খান,ৰশ্মি বৰা,পল্লৱী বৰা,প্ৰশান্ত শইকীয়া আৰু গুৰযোগনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ কুমাৰ বৰুৱা,সহকাৰী শিক্ষয়ত্ৰী শেৱালি দত্তৰ উপৰি আন কেইবাজনো সহকাৰী শিক্ষক-শিক্ষয়ত্ৰীৰ সহায়কে বৃহত্তৰ গুৰযোগনীয়া অঞ্চলৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীসহ শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ছাত্র-ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। চিকিৎসা শিবিৰটোত দন্ত চিকিৎসা বিভাগৰ বিভিন্ন সমস্যা,মুখ গহ্বৰ,চিকিৎসা ৰোগ আৰু ৰোগৰ প্ৰতিৰোধ আৰু উপাচাৰ বিসংগতি পৰিস্থিতি ৰোগ চিনাক্ত কৰাৰ বাবে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ দাঁত বিষৰ সমস্যা পৰীক্ষা কৰা হয়।

দেৰগাঁও আস্থা মেডিকেলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ এনে বিনামূলীয়া চিকিৎসা শিবিৰে বৃহত্তৰ গুৰোযুগনীয়াবাসীৰ অঞ্চলৰ বহু দুখীয়া পৰিয়ালৰ ছাত্র-ছাত্ৰীক উপকৃত কৰাৰ লগতে সমাজসেৱা মূলক উদ্যোগক অঞ্চলটোৰ সকলো লোকে ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

শুভাৰম্ভণি হল কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্য্যলয়ত ৪৫ দিনৰ গাড়ীচালন প্ৰশিক্ষণ শিবিৰ

কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্য্যলয়ত কালি শুক্ৰবাৰে এক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি অনুস্থান অনুষ্ঠিত হৈ যায় । এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লগতে ৰাজ্যৰ যুৱ চামক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

সেই লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ পৰা বাচনি কৰা যুৱতী সকলৰ বাবে আয়োজন কৰা ৪৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ কালি শুভাৰম্ভ কৰা হয় কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ সভাগৃহত। কালিৰ এই শুভাৰম্ভণি অনুস্থানৰ পৰাই আগন্তুক ৪৫ দিনৰ বাবে এই বাছনিকৃত সকলক গাড়ী চালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হব অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে।

৪৫ দিনৰ অন্তত এওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি নিপুন চালক হৈ ভিন্ন ক্ষেত্ৰত ৰাইজৰ সেৱাত ব্ৰতী হ’ব বুলি আশা প্ৰকাশ কৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাসে । 

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ চিকিৎসা সংস্থা (NMO)ৰ সজাগতামূলক চাইকেল সমদল….

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ চিকিৎসা সংস্থা (NMO)ৰ সজাগতামূলক চাইকেল সমদলৰ হাজোৰ পৰা গুৱাহাটীলৈ পুনঃযাত্ৰা আৰম্ভ তীৰ্থনগৰী হাজোৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত নিশা কটোৱাৰ পিছত পুৱাৰ ভাগত পুনৰ আজি ৰাতিপুৱা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে আজি চাইকেল সমদলটোৱে ।

জানিব পৰা মতে National medicos organisation অসমে প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত ৰাষ্ট্ৰীয় মেডিকোছ সংগঠন – NMOCON-2022-ৰ 41 তম বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হৈছে ।

জনসাধাৰণক স্বাস্থ্য সম্পৰ্কীয় সজাগ তথা বাৰ্তা প্ৰদান কৰাৰ উদ্দেশ্যে NMO ৰ ১২০ জনীয়া দলে বৰপেটা চিকিৎসালয়ৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ যাত্ৰা কৰা দলটোক হাজোত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সকলে আদৰণি জনাই নিশা জিৰণিৰ ব্যৱস্থা কৰি আজি পুৱা উভতনি যাত্ৰা আৰম্ভ কৰিছে । উভতনি যাত্ৰাত হাজোৰ স্বয়ং সেৱক সকলে অভিবাদন জনায়।