Home Blog Page 2349

বিধায়ক অখিল গগৈৰ পুত্ৰ লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ড° গীতাশ্ৰী তামুলিৰ পুত্ৰ নচিকেতা গগৈয়ে এটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হয়।

অসম জাতীয় বিদ্যালয়, নুনমাটিৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল নচিকেতা। পুত্ৰৰ সফলতাত অখিল গগৈ আনন্দিত হৈ পৰিছে।

পৰীক্ষাত উৰ্ত্তীণ হ’ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মহত্যাৰ প্ৰচেষ্টা এগৰাকী ছাত্ৰীৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই চৰাইদেউ সাপেখাতীত সংঘটিত হ’ল শোকাৱহ ঘটনা৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা এগৰাকী ছাত্ৰীৰ৷ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল পৰীক্ষাত৷ ৰহন গোহাঁই গাঁৱৰ পল্লৱী বৰগোহাঁইয়ে চাৰি খন কাকতে উত্তীৰ্ণ হব নোৱাৰাৰ বাৱেই সংঘটিত কৰিলে এই ঘটনা৷


ছাত্ৰী গৰাকী ইতিমধ্যে ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে৷ পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷

নলবাৰীৰত উজ্বলিল ৪ জনকৈ ছাত্ৰ-ছাত্ৰী

আজি ঘোষনা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ।

ফলাফলত উজ্বলিল নলবাৰীৰ ৪ জনকৈ ছাত্ৰ ছাত্ৰী ।

নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দশম স্থানত উজ্বলিল দিব্যজ্যোতি লহকৰ ।

দিব্যজ্যোতি লহকৰে লাভ কৰিছে সৰ্বমুঠ ৫৮৮ নম্বৰ ।

ছাত্ৰ জনৰ এই সাফল্য দেখি ফটকা ফুটাই স্থানীয় লোকে আনন্দ উল্লাস কৰাত পৰিলক্ষিত হয় ।

বহু প্ৰত্যক্ষাৰ অন্তত টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনা গগৈয়ে টেঙাখাতলৈ কঢ়িয়াই আনিলে গৌৰৱ

টেঙাখাতৰ ব্ৰজেন গগৈ আৰু দুলুৰানি ৰাজখোৱা গগৈৰ কনিষ্ঠ কন্যা টেঙাখাত জাতীয় বিদ্যালয় ছাত্ৰী এনিকংকণা গগৈয়ে কঢ়িয়াই আনিলে টেঙাখাতলৈ গৌৰৱ।উক্ত ছাত্ৰী গৰাকীয়ে  ৫৮৮নম্বৰ লাভ কৰি অসমৰ ভিতৰতেই ১০নম্বৰ স্হান লাভ কৰিবলৈ সক্ষম হয়।টেঙাখাত অঞ্চলৰ লগতে টেঙাখাত জাতীয় বিদ্যালয়ত উখল মাখল পৰিবেশ।

অসমীয়া ৯১ /ইংৰাজী ১০০ /অংক ১০০ / চচিয়েল চাইনজ ১০০ /জেনিলেল চাইনজ ৯৭ /জিৰোগ্ৰাফী ১০০

589 নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰৰ Happy Child School ছাত্ৰ আকাশদ্বীপ ভূঞাই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত 589 নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰৰ Happy Child School ছাত্ৰ আকাশদ্বীপ ভূঞাই। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছিপাঝাৰৰ Happy Child স্কুলৰ পৰা নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে আকাশ দীপ ভূঞাই।

৫৮৯ নম্বৰ লাভ কৰা আকাশ দীপ ভূঞাক লৈ গৌৰৱ কৰিছে Happy Child স্কুলৰ লগতে ছিপাঝাৰ বাসীয়ে।

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা স্থান দখল কৰিবলৈ সক্ষম হৈছে

আজি ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক।হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ত অসমৰ ভিতৰতে দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে – জিলা খনৰ ৬ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে।জিলা খনৰ পৰা সপ্তম স্থান দখল কৰিছে দুগৰাকী মেধাৱীয়ে।শিৱসাগৰ নগৰৰ নিউ লুক একাডেমীৰ ছাত্ৰ প্ৰিয়নুজ বৰদলৈ আৰু ডিমৌ ছোৱালী হাইস্কুলৰ দীপশিক্ষা বৰুৱাই ৫৯১ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰে।

আনহাতে শিৱসাগৰ নগৰৰ হোলিনেম স্কুলৰ আৰিন ভূঞা আৰুনিতাইপুখুৰীৰ শ্রীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ জ্যোৰ্তিৰময় দত্তই ৫৮৯ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিছে।দশম স্থান লাভ কৰে জিলা খনৰ দুগৰাকী শিক্ষার্থীয়ে।শিৱসাগৰ নগৰৰ শ্ৰীসুন্দৰ মল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে।জিলা খনৰ পৰা এইবাৰ এই পৰীক্ষাত সৰ্বমুঠ ৮৭০১ পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল।ইয়াৰে ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগ,২৯৫৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৪৭৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীণ হৈছে।উত্তীণৰ শতকৰা হাৰ ৮১.১৭ শতাংশ।সুফল ফলাফল পোৱা বাবে স্কুলৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষত্ৰী আৰু অভিভাৱক সকলৰ লগতে শুভাকাংশী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

ধিঙৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধিং খ্ৰীষ্ট জ্যোতি স্কুলৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ সৃষ্টিনন্দা কাশ্যপে নৱম আৰু উদিতি দাসে দশম স্থান দখল কৰিবলৈ সক্ষম হয়৷ সৃষ্টি নন্দা কাশ্যপে মুঠ ৫৮৯ নম্বৰ লাভ কৰে৷ ধিং থানা ৰোডৰ নিবাসী মৃগাংক শইকীয়া আৰু ৰুঞ্জুন শইকীয়াৰ সন্তান সৃষ্টি নন্দা কাশ্যপ৷ পিতৃ মৃগাঙ্ক শইকীয়া নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক৷ভবিষ্যতে এজন সু চিকিৎসক হোৱাৰ আশা মনতে পুহি ৰখা সৃষ্টিয়ে নিতৌ ৮ ঘণ্টাকৈ পঢ়ি আজৰি সময়ত ছবি অকাৰ লগতে নৃত্য কৰি ভাল পাইছিল৷তদুপৰি মবাইল ছাইয়ো আনুসাংগিক জ্ঞান আহৰন কৰিচিল৷তেওঁ বিজ্ঞান ,গণিত আৰু advanced ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷তেওঁ অসমীয়া বিষটো আইতাকে দেখুৱাই দিছিল৷ৰাতি সোনকালেই শুই দিছিল৷এই সফলতাৰ বাবে পিতৃ মাতৃৰ লগতে শিক্ষক সকলক ধন্যবাদ জনায়৷

আনহাতে দশম স্থান লাভ কৰা অডিতি দাসেও ৷তেওঁ লাভ কৰে মুঠ ৫৮৮ নম্বৰ৷ভবিষ্যতে এজন ভাল প্ৰেডিটিচিয়ান কৰি গঢ়ি তোলাৰ আশা মনতে পুহি ৰাখিছে৷নিতৌ ৯ ঘণ্টাকৈ পঢ়া অডিটিয়ে আজৰি সময়ত ছবি আকি সময় পাৰ কৰিছিল৷ধিং তলিবৰ পাৰৰ উজ্জয়ন্ত দাস আৰু বিপাশা দাসৰ সন্তান৷তেওঁৰ পিতৃ ধিং মহাবিদ্যালয়ৰ প্ৰবাক্তা৷গণিত আৰু বিজ্ঞানত ঘৰুৱা টিউচন লৈছিল৷

গাড়ী চালকৰ কন্যা স্নেহা শইকীয়াই ৫৯৪ নম্বৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

সৰুপথাৰত আনন্দৰ ঢল, এজন গাড়ী চালকৰ কন্যাৰ সফলতা। আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল সৰুপথাৰৰ স্নেহা শইকীয়া। দয়ানন্দ বিদ্যা নিকেটনৰ ছাত্ৰী স্নেহাই অসমৰ ভিতৰতে ৫৯৪ নম্বৰেৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমাৰ লগতে গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুপথাৰ নগৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা স্নেহাৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ তথা ভাতৃৰ উপৰিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান পাবলৈ সক্ষম হোৱা স্নেহাৰ।

ইপিনে পুৱাৰে পৰা স্থানীয় ৰাইজ, দল-সংগঠনৰ লগতে বিভিন্ন লোকে আহি অভিনন্দন জনোৱাৰ বাবে ভিৰ কৰিছেহি ছাত্ৰী গৰাকীৰ বাসগৃহত। উল্লেখ্য যে স্নেহাৰ পিতৃ ত্ৰিদিপ শইকীয়াই কন্যাই অধ্যয়ন কৰা বিদ্যালয় খনত গাড়ী চালক হিচাপে কৰ্মৰত।

১৯৮৪ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দ লৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে :-

১৯৮৪ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দ লৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে :-

*১/ ১৯৮৪ চন = ৰীতা ডেকা গুৱাহাটী

*২/ ১৯৮৫ চন= দিপাঙ্কৰ বৈৰাগী, গুৱাহাটী

*৩/ ১৯৮৬ চন=

*৪/ ১৯৮৭ চন= অভিজিৎ বৰুৱা, যোৰহাট

*৫/ ১৯৮৮ চন=

*৬/ ১৯৮৯ চন= মৃণাল কলিতা, বামুন্দী

*৭/ ১৯৯০ চন=

*৮/ ১৯৯১ চন= গৌৰাঙ্গ লাল দাস, বৰপেটা

*৯/ ১৯৯২ চন= শঙ্কৰাচাৰ্য লস্কৰ, গুৱাহাটী

*১০/ ১৯৯৩ চন= দেৱাশিষ বৰা, জামুগুৰিহাট

*১১/ ১৯৯৪ চন= ক) অম্লান জ্যোতি গোস্বামী, গুৱাহাটী
*খ) অনুপম দত্ত= গুৱাহাটী

*১২/১৯৯৫ চন= চিৰঞ্জীৱ দত্ত, তিনিচুকীয়া

*১৩/ ১৯৯৬ চন= পল্লৱ গোস্বামী, মৰিগাঁও

*১৪/ ১৯৯৭ চন= নিলাক্ষী গোস্বামী, পাটাছাৰকুছি

*১৫/ ১৯৯৮চন= ত্ৰিনয়ন বৰা, দেৰগাঁও

*১৬/ ১৯৯৯ চন= মোজ্জামিল হুছেইন

*১৭/ ২০০০চন= বন্দিতা ফুকন, তেজপুৰ

*১৮/ ২০০১= অৰিজিৎ ফুকন, বিহপুৰীয়া

*১৯/ ২০০২ চন= নিৰঞ্জনা ডেকা, তেজপুৰ

*২০/ ২০০৩ চন= বিশ্বজিৎ বৰা, গুৱাহাটী

*২১/ ২০০৪ চন= দেৱাঙ্গ ৰাজ নেওগ= গুৱাহাটী

*২২/ ২০০৫ চন= অনুপম মজুমদাৰ= নগৰবেৰা

২৩/ ২০০৬ চন= অৰিন্দম নাথ= নলবাৰী

*২৪/ ২০০৭ চন= ফাৰহানা অঞ্জুমান হাছান, যোৰহাট

*২৫/ ২০০৮ চন= মণিময় বুজবৰুৱা, গুৱাহাটী

*২৬/ ২০০৯ চন= প্ৰিয়ানুজ ভূঞা, নগাঁও

*২৭/ ২০১০ চন= যুগল তালুকদাৰ, বৰপেটা

*২৮/ ২০১১চন= প্ৰকাশ জ্যোতি কলিতা, পাঠশালা

*২৯/ ২০১২ চন= ক) জ্ঞান দ্বীপ শৰ্মা, বোকাখাট
*খ) ভাস্বতী ডেকা= মালিগাঁও
*গ) স্ততি খাউণ্ড= বিশ্বনাথ চাৰিআলি

*৩০/ ২০১৩ চন= ইজাজ আহমেদ, বৰপেটা

*৩১/ ২০১৪ চন= অচ্যুত ৰঞ্জন গগৈ, শিৱসাগৰ

*৩২/ ২০১৫ চন= ৰিপুঞ্জয় কলিতা, বৰপেটা

*৩৩/ ২০১৬ চন= ছৰফৰাছ হুছেইন, গুৱাহাটী

*৩৪/ ২০১৭ চন= পাৰ্থ প্ৰতিম ভূঞা, টিহু

*৩৫/ ২০১৮ চন= ৰক্তিম ভূঞা, শোণিতপুৰ

*৩৬/ ২০১৯ চন= মেঘালী বৰা, লক্ষীমপুৰ

*৩৭/ ২০২০ চন= ধৃতিৰাজ বাস্তৱ কলিতা, মঙ্গলদৈ

*৩৮/ ২০২১ চন= পৰীক্ষা অনুষ্ঠিত নহ’ল ক’ৰণাৰ বাবে

*৩৯/ ২০২২ চন= ৰক্তোপল শইকীয়া, উত্তৰ লক্ষীমপুৰ

বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন,ৰবীন্দ্ৰ ভৱনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে ‘বীৰাংগনা’ই

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত আৰু অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা দেওবাৰে মঞ্চায়ন হোৱা ‘বীৰাংগনা’ শীর্ষক নাটখনেই ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা
চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট।

ফলত মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ শেষৰগৰাকী ৰাণী তথা বীৰাংগনা সাধনীৰ জীৱন আধাৰিত নাটখন প্ৰায় চাৰি শতাধিক লোকে উপভোগ কৰাৰ লগতে নাটখনৰ কলা-কৌশলীসকলে দুৰ্দান্ত অভিনয়ৰ মাজৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে উদ্ধোধন কৰা তথা শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, প্ৰজোযক গৰিমা শইকীয়া গাৰ্গ, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়াৰ সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্জলনে আৰম্ভ হোৱা এই অনুষ্ঠানত নাট মঞ্চস্থৰ পূৰ্বে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা তথা চুতীয়া জনগোষ্ঠীৰ সু-সন্তানৰ বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰিয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গিৰীন ভূঞা, বিশিষ্ট বৈজ্ঞানিক ড৹ জয়ন্তী চুতীয়া, হাতীগাঁৱৰ বোপাৰাম ভাজনী, এবিচিৰ ভৰত শইকীয়া আৰু কাহিলীপাৰাৰ অনন্ত নেওগক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে মঞ্চস্থ হোৱা নাটখনৰ নাট্যদলটো মৰাণ লেঙেৰীৰ তথা বহু কেইগৰাকী প্ৰতিভাবান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা নাটকখনৰ সংগীত সুভাষ গগৈ, নাট্যকাৰ লীলা চুতীয়া আৰু পৰিচালনা ভৈৰৱ কুমাৰ ফুকনৰ। বীৰাংগনা সতী সাধনীৰ জীৱন আধাৰিত নাট ‘বীৰাংগনা’ ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই, সাধনীৰ চৰিত্ৰত অভিনয় কৰে পাহাৰী গগৈয়ে, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে।

নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক আপ্লুত কৰাৰ লগতে উদ্যোক্তাসকল ক্ৰমে যুৱ সাংবাদিক ৰন্টু নেওগ, অগপ নেতা দিব্য ৰাজখোৱা, জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰ প্ৰচেষ্ঠাক সকলোৱে শলাগ লয়। লগতে বীৰাংগনা সাধনীৰ ত্যাগ আৰু পৰাক্ৰমী ইতিহাসৰ বহু নজনা কথা নাটক খনৰ জৰিয়তে সফল ভাবে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে নাট্য দল।