Home Blog Page 2380

চাপৰত ধুমুহাৰ তাণ্ডৱ,উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ

দুদিন ধৰি নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে চাপৰত। উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ ।

ধুবুৰী জিলাৰ চাপৰত নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয়৷ নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও অঞ্চলটোত বিদ্যুতৰ খুঁটা উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি যায় ফলত অঞ্চলজুৰি বিদ্যুত সংযোগ ব্যাহত হৈ পৰে৷

এফালে বহু ঠাইত গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় ৷ যোৱা নিশা চাপৰৰ উজ্জ্বল গুহ নামৰ এগৰাকী ব্যক্তিৰ ওপৰত এটা তামোল গছ পৰি গুৰুতৰভাৱে আহত হয়। বৰ্তমান গুহ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ৰঙালী বিহুৰ মাজতে সত্ৰনগৰী বৰপেটাত শোকাৱহ ঘটনা

ৰঙালী বিহুৰ মাজতে সত্ৰনগৰী বৰপেটাত শোকাৱহ ঘটনা ৷ পুখুৰীত গা – ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ সলিল সমাধি ঘটা কিশোৰজন বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী বিৰাজ পাঠক আৰু মণিকা পাঠকৰ পুত্ৰ প্ৰিয়াংশু পাঠক ৷

প্ৰিয়াংশু পাঠক নামৰ কিশোৰজন বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷বৰপেটা চহৰৰ ৰামৰায় ষ্টেডিয়ামৰ কাষৰ এটি পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় কিশোৰজনে ৷লগৰ বন্ধুৰ সৈতে পুখুৰীত গা -ধুবলৈ গৈছিল কিশোৰজনে ৷

পিছে ভালকৈ সাতুৰিব নজনা কিশোৰজনে দ’ পুখুৰীৰ পানীত ডুব যোৱাৰ লগে লগে বন্ধু কেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰৰ লোক উপস্থিত হৈ ছাত্ৰ জনক উদ্ধাৰ কৰে যদিও ইতিমধ্যে ছাত্ৰ জনৰ মৃত্যু হয় ৷ ফুটবল খেলি ভাল পোৱা শান্ত স্বভাৱৰ ছাত্ৰ জনৰ মৃত্যুত বৰপেটা চহৰত গভীৰ শোকৰ ছাঁ পৰে ৷

প্ৰসৱৰ বাৰ দিন পিছতেই কামলৈ উভতিল ভাৰতী সিঙ

ভাৰতী সিঙে প্ৰসৱৰ দ্বাদশ দিনত কামলৈ উভতি আহে, মানুহে কয় ‘ধনৰ লোভী’ । হাঁহিৰ ৰাণী ভাৰতী সিং অলপতে মাতৃ হৈছিল। হৰ্ষ আৰু ভাৰতীয়ে তেওঁলোকৰ প্ৰথম সন্তানক পুত্ৰ হিচাপে আদৰণি জনাইছে। দুয়োকে প্ৰায়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰ ৰুটিন আৰু গ্লিম্পচেজ ভাগ বতৰা কৰা দেখা যায়। কেতিয়াবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে, কেতিয়াবা তেওঁৰ ভি-লগৰ জৰিয়তে, ভাৰতীক তেওঁৰ সন্তানকো অনুৰাগীসকলক প্ৰভাৱিত অনুভৱ কৰাই থকা দেখা যায়।

অতীতত, তেওঁক ডেলিভাৰীৰ অন্তিম দিনলৈকে শ্বুটিং ছেটত কাম কৰা দেখা গৈছিল। এতিয়া তেওঁ আকৌ এবাৰ কামলৈ উভতি আহিছে। ডেলিভাৰীৰ মাত্ৰ ১২ দিনপিছত, ভাৰতী সিঙে হুনাৰবাজৰ ছেটলৈ উভতি আহিছে। এই সময়ছোৱাত, পাপবোৰে তেওঁক দেখিছিল আৰু তেওঁৰ সৈতে কিছু বাৰ্তালাপও কৰিছিল। ভিডিঅ’টোত ভাৰতী সিঙক এইদৰে কোৱা শুনা যায়, “মইও আজি বহুত কান্দি আছোঁ কাৰণ শিশুটো অতি সৰু, মাত্ৰ ১২ দিনৰ। কিন্তু কি কৰিব লাগে সেয়া হ’ল কাম।”

অৱশ্যে, লাফটাৰ কুইনে যোৱাৰ সময়ত অনুৰাগীসকলক হাঁহিছিল। আলিয়া ৰণবীৰৰ বিয়াৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিছিল ‘বহুত অভিনন্দনে আমাক মাতিছিল কিন্তু আমি যাব নোৱাৰিলোঁ কাৰণ কেঁচুৱাটো এতিয়া বহুত সৰু’। এই ভিডিঅ’টো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে আৰু মানুহৰ পৰা মিশ্ৰিত সঁহাৰি পোৱা গৈছে।

কিছুমান লোকে ভাৰতীক প্ৰশংসা কৰিছে আৰু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিছে, আনহাতে কিছুমান লোকে তেওঁৰ বিষয়ে চিন্তা কৰি লিখিছে যে কমেও এমাহ তেওঁ বিশ্ৰাম ল’ব লাগিছিল। গতিকে কিছুমান মানুহ আছে যিয়ে ভাৰতীক ধনৰ লোভী বুলি বৰ্ণনা কৰিছে।

বৰপেটাত ৬ জেহাদী গ্ৰেপ্তাৰ….

আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ ৬টা জেহাদী গ্ৰেপ্তাৰ ৷ বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ ৬টা কৈ অল কায়দা জেহাদী গ্ৰেপ্তাৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল যোগে জনালে ৬টাকৈ জেহাদী গ্ৰেপ্তাৰৰ সকলো তথ্য ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আল কায়দাৰে জৰিত জেহাদী কেইটা সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাৱৰ মুফটি ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷

বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম দুয়ো ভাই ককাই ৷ইয়াৰে মকিবুল ইছলাম PFI ৰ সৈতে জৰিত ৷বৰপেটা সদৰ থানাত ৰুজু হোৱা Case No-419/2022 U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত ৬টাকৈ জেহাদী গ্ৰেপ্তাৰ ৷

বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপ-মহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিন্ট অনুসৰি ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত আনছাৰুল ইছলামৰ দূৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল কায়দাৰ জেহাদীটোক যোৱা ৪ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷

উক্ত জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ ৬ টাকৈ দূধৰ্ষ অল কায়দা জেহাদীক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ ৷

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু উদযাপন…..

শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা,শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু উদযাপন ।

মুকলি বিহুৰ বাকৰিত বহাগ বিহুৰ উছাহ-উদ্দীপনা। ঢোলৰ গুমগুমনীত মুখৰিত মুকলি বিহুৰ বাকৰি।মুকলি বিহুৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক লগতে শিৱসাগৰৰ বহু গণ্যমান্য ব্যক্তিয়ে মুকলি বিহুৰ বাকৰিত উপস্থিত আছিল।মুকলি বিহুৰ মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈ উপস্থিত ।

মুকলি বিহুৰ লগত সংগতি ৰাখি “গোমচেং” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে পিয়লি ফুকন মহাবিদ্যালয় অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথে ।মুকলি বিহুৰ শুভক্ষণত শিৱসাগৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক বিশেষাভাৱে সম্বৰ্ধনা জনোৱা হয়।

পুত্ৰৰ বিয়া শেষ কৰি কামলৈ উভতিল নীতু কাপুৰ

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ এখন আটাইতকৈ প্ৰতীক্ষিত বিবাহ আছে। দম্পতীহাল আনুষ্ঠানিকভাৱে কাপুৰ খাণ্ডাৰৰ বোৱাৰী হৈ পৰিছে। সামাজিক মাধ্যমত তেওঁলোকৰ বিয়াৰ ফটোৰে গুঞ্জন হৈ আছে।ইফালে, নতুন শাহু নীতু কাপুৰকো দেখা গৈছে, যি তেওঁৰ পুত্ৰৰ বিবাহ নিষ্পত্তি কৰাৰ পিছত লগে লগে কামলৈ উভতি আহিছে।

নীতু কাপুৰ আজিকালি বিচাৰক হিচাপে টিভি ৰিয়েলিটি শ্ব’ ডান্স দিৱানে জুনিয়ৰৰ এটা অংশ। তেওঁ পুত্ৰৰ বিয়াৰ আগতে কেইবাবাৰো ছেটত দেখা গৈছিল, য’ত পাপবোৰে তেওঁক বিয়াৰ তাৰিখ সুধি বিচলিত কৰিছিল। কিন্তু নীতু কাপুৰে তাইৰ মুখ খোলা নাছিল।

বৃহস্পতিবাৰে, 14 এপ্ৰিলত, তেওঁৰ পুত্ৰৰ বিয়াৰ পিছতে, নীতু ডান্স দিৱানেৰ ছেটলৈ উভতি আহিছে। স্পটেড ভিডিঅ’টোত, তেওঁক ক’লা পোছাক পিন্ধা দেখা যায়। ভেনিটি ভেন এৰি ছেটলৈ যাওঁতে, পাপাৰাজীয়ে আকৌ এবাৰ ৰৈ তেওঁলোকক প্ৰশংসা কৰে।

মাণিকপুৰত নিহত হোৱা ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ ……

মাণিকপুৰৰ পাতিলাদহা বজাৰত ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি তীব্ৰ উত্তেজনা। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰত ছাগলীৰ মাংস বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জুমুৰ আলী নামৰ মাংসৰ ব্যৱসায়ীজনে ৰেলত কটা ছাগলীৰ মাংস বিক্ৰী কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। ব্যৱসায়ী জনে দীৰ্ঘদিন ধৰি ৰেলৰ খুন্দাত মৃত্যু হোৱা ছাগলীৰ মাংস কম দামত বিক্ৰী কৰাৰ অভিযোগ তোলে। আজিওঁ মৃত্যু ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি উত্তেজনাৰ সৃষ্টি কৰে।

ঘটনাস্হলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাগলীৰ মাংস থানালৈ লৈ আহে।ৰাইজে ব্যৱসায়ীৰ দোকানখন বন্ধ কৰি দিয়ে। ইফালে ব্যৱসায়ীজনে ৰাইজৰ অভিযোগ নস্যাৎ কৰি ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰী নকৰে বুলি উল্লেখ কৰে। কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব।

মানিকপুৰত বহাগী বিদায় উদযাপন সমিতিয়ে পালন কৰিলে বহাগ বিহু…..

প্ৰকৃতিৰ নতুন পৰশেৰে কুলি-কেতেকীৰ সুমধুৰ গীতৰ ছন্দত ৰাঙলী হোৱা অসমীয়াৰ প্ৰাণৰ উংসৱ বহাগক নেৰা-নেপেৰা বৰষুণেও যেন ম্লান কৰিব পৰা নাই । চৌদিশে এতিয়া ঢোলৰ গুমগুমণী , আপোন বহাগ ক আদৰিবলৈ এতিয়া ৰাজ্যত ব্যাপক প্ৰস্তুতি।
ঢোল-পেপাঁৰ মাতত ডেকা-গাভৰুৰ দেহ- মন চঞ্চলা হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত পহিলা বহাগৰ দিনটোত পৰম্পৰাগত খেল ধেমালিত ব্যস্ত ৰাইজ।

সমান্তৰাল ভাৱে বঙাইগাঁও জিলা মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে পালন কৰিলে ৰঙালী বিহু। মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত মাণিকপুৰ ছিনিয়ৰ বেছিক খেল পথাৰত মুকলি বিহু পদৰ্শন কৰিছে। ৰাতিপুৱা পতাকা উত্তোলনৰ লগতে মানিকপুৰ মহকুমাৰ অন্তৰ্গত ৩০ জনতকৈ বয়োজেষ্ঠ ব্যক্তিক আৰ্শীবাদ সূচক সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান কৰে।

বৰপথাৰৰ সন্দীপ মটৰছ নামৰ YAMAHA ডিলাৰটোৱে চলাইছে বে -আইনী কাৰ্য্যকলাপ

গোলাঘাট জিলাৰ বৰপথাৰ নগৰত থকা Yamaha কোম্পানীৰ দুচকীয়া বাহনৰ ডিলাৰ সন্দীপ মটৰছত চলিছে ব্যাপক বেমেজালি আৰু বে -আইনী কায্যকলাপ। বৰপথাৰ নগৰৰ কালীবাৰীত থকা Yamaha ডিলাৰটোৰ ওপৰত দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে বহু নীতিবৰ্হিভূত কাম কাজৰ অভিযোগ।

বৰপথাৰৰ টেঙানিৰ এজন গ্ৰাহকে এই ডিলাৰটোৰ পৰা ২০১৯ চনতে ক্ৰয় কৰিছিল এখন স্কুটি। কিন্তু নম্বৰ প্লেট লাভ কৰিলে যদিও তিনিবছৰ পাৰ হোৱাৰ পাছতো আজি পয্যন্ত লাভ নকৰিলে বাহনৰ ৰেজিষ্ট্ৰেছন প্ৰমাণ -পত্ৰ। আনহাতে ৰহস্যজনক বিষয় যে গ্ৰাহকজনে পোৱা AS 05 P 6468 নম্বৰটো আজিলৈকে পৰিবহন বিভাগত সন্নিবিষ্ট হোৱা নাই। আনহাতে গ্ৰাহকজনে দুবছৰৰ বাবে ঋণত লোৱা বাহনখনৰ installment দি শেষ হোৱাৰ পাছতো ডিলাৰটোৱে দিয়া নাই ঋণ মুক্ত প্ৰমাণ পত্ৰ।

অকল সেইয়াই নহয় প্ৰত্যেক মাহে দিয়া EMI ৰ বিপৰীতে নিদিয়ে কোনো CASH MEMO। ইপিনে বৰপথাৰৰে আন এজন গ্ৰাহকে এই ডিলাৰটোত গাড়ী চাৰ্ভিচিং কৰাৰ পাছত ডিলাৰৰ নিয়মানুসৰি তেওঁলোকৰ উৰ্দ্ধতম কৃতপক্ষলৈ চাৰ্ভিচিঙৰ প্ৰমাণ প্ৰেৰণ নকৰাত গ্ৰাহকজন বঞ্চিত হব লগা হল WARRANTY ৰ সুবিধাৰ পৰা।

WARRANTY সময়ৰ ভিতৰত থকা স্বত্ত্বেও গ্ৰাহকজনে নিজৰ গাঠীৰ ধন খৰছ কৰি বাহনখন মেৰামতি কৰিব লগা হল। আনহাতে ডিলাৰৰ নিয়মানুসৰি YAMAHA কোম্পানীৰ নিজা অৰিজিনেল পাৰ্টছৰ বাহিৰে বেলেগ ব্ৰেণ্ডৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে যদিও দীৰ্ঘদিনৰ পৰা এই ডিলাৰটোৱে গ্ৰাহকক অৰিজিনেল পাৰ্টছৰ বিপৰীতে কম মূল্যৰ সামগ্ৰী বিক্ৰী কৰি ৰামঠগন দি আহিছে। অকল সেইয়াই নহয় YAMAHA ডিলাৰত YAMAHA কোম্পানীৰ বাহনৰ বাদে আন কোনো কোম্পানীৰ বাহন মেৰামতি কৰিব নোৱাৰে যদিও ডিলাৰটোতনিতৌ tvs, hero, honda, bajaj আদি কোম্পানীৰ বাইক মেৰামতি কৰা দেখা যায়।


ইপিনে সন্দীপ মটৰছ নামৰ য়ামাহা ডিলাৰটোত নাই কোনো কম্পিউটাৰ জনা কৰ্মচাৰী। গ্ৰাহকক নিদিয়ে GST বিল। যাৰ ফলত কৰ ফাঁকিৰে চলাই আছে ডিলাৰটো। উল্লেখ্য যে গোলাঘাট জিলা পৰিবহন বিভাগৰ চকুত ধুলি দি সন্দীপ আগৰৱালা নামৰ ব্যক্তিজনে কেনেকৈ বিতৰ্কিতভাৱে ডিলাৰটো চলাই আছে তাক লৈ এতিয়া বহুজনে প্ৰশ্ন উত্থাপন কৰাৰ লগতে শ্ৰীঘ্ৰেই তদন্তৰ দাবী কৰিছে।

ইলন মাস্কে গ্ৰহণ কৰিছে ‘পইজন পিল’

শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা, বা ‘পইজন পিল’ হৈছে লক্ষ্য কোম্পানীবোৰে গ্ৰহণ কৰা এক প্ৰতিৰক্ষা কৌশল য’ত লক্ষ্যৰ বিদ্যমান শ্বেয়াৰধাৰকসকলে ৰেহাই মূল্যত কোম্পানীৰ অতিৰিক্ত শ্বেয়াৰ ক্ৰয় কৰে, ইলন মাস্কৰ টুইটাৰৰ প্ৰতিকূল অধিগ্ৰহণৰ প্ৰতিৰোধ কৰিবলৈ মাইক্ৰ’ব্লগিং ৱেবছাইটৰ বোৰ্ডে শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে ‘বিষাক্ত বড়ি’ বা শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা গ্ৰহণ কৰে বুলি সংবাদ সংস্থা  এএফপিয়ে প্ৰকাশ কৰিছে।

 যদি এজন ক্ৰেতাই বোৰ্ডৰ দ্বাৰা অনুমোদিত নোহোৱা লেনদেনত টুইটাৰৰ বকেয়া উমৈহতীয়া ষ্টকত ১৫ শতাংশ বা অধিক অংশ কয়াকৈ অধিগ্ৰহণ কৰে তেন্তে বোৰ্ডৰ অধিকাৰ পৰিকল্পনা কাৰ্যকৰী হ’ব। টুইটাৰে এক বিবৃতিত কয়, “অধিকাৰ পৰিকল্পনাই সকলো শ্বেয়াৰধাৰকক উপযুক্ত নিয়ন্ত্ৰণ প্ৰিমিয়াম পৰিশোধ নকৰাকৈ মুকলি বজাৰ সংগ্ৰহৰ জৰিয়তে যিকোনো সংস্থা, ব্যক্তি বা গোটে টুইটাৰৰ নিয়ন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা হ্ৰাস কৰিব।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আৰু টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে বৃহস্পতিবাৰে টুইটাৰ অধিগ্ৰহণৰ বাবে এক অনাকাংক্ষিত প্ৰচেষ্টা ঘোষণা কৰিছিল য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বাক স্বাধীনতাৰ প্ৰচাৰ ক’লে ইয়াক তেওঁৰ “সৰ্বশ্ৰেষ্ঠ আৰু অন্তিম প্ৰস্তাৱ” বুলি অভিহিত কৰা হৈছে। বৃহস্পতিবাৰে ৰাজহুৱা কৰা চিকিউৰিটিজ এক্সচেঞ্জ কমিছনৰ ওচৰত দাখিল কৰা এক নথিপত্ৰত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ মূল্যাঙ্কন প্ৰায় ৪৩ বিলিয়ন ডলাৰ ৰাখি ৫৪.২০ ডলাৰ প্ৰতি শ্বেয়াৰ আগবঢ়াই এখোজ আগুৱাই গৈছিল ।যোৱা সপ্তাহত মাস্কে টুইটাৰত তেওঁৰ ৯.২ শতাংশ মালিকীস্বত্বৰ অংশীদাৰীত্ব প্ৰকাশ কৰিছিল, যদিও তেওঁ কোম্পানীৰ বোৰ্ডৰ এখন আসন প্ৰত্যাখ্যান কৰিছিল।