Home Blog Page 2382

ৰাজ্যিক কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰা বিমলা দেৱীৰ স্মৃতিচাৰণ সভা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বি বি ন্যাস, আদাট্ৰাৰীৰ উদ্যোগত চণ্ডী মেধি বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী তথা সু-লেখিকা,সমাজসেৱী, ধৰ্মপ্ৰাণা সদ্যপ্ৰয়াত মহিলা বিমলা দেৱীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আজি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ উপস্থিতত নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই উন্মোচন কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিল ক্ষুদ্ৰ কুলহাটীৰ আইতৰু হাইস্কুলৰ অৱসৰী কৃতি প্ৰধান শিক্ষক জ্যোতিষ চন্দ্ৰ ভূঞা, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দীনেশ চন্দ্ৰ কলিতা, নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্ত প্ৰমুখ্যে বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকল।

কোটিপতি হোৱাৰ উপৰিও মাটিৰ মানুহ! বলীউডৰ এই ৫ গৰাকী অভিনেত্ৰীয়ে এটা অতি সৰল উপায়েৰে জীয়াই আছে……..

বলীউডৰ তাৰকাসকলৰ সম্পদ তেওঁলোকৰ ৰাজকীয় জীৱনশৈলীৰ পৰা অনুমান কৰিব পাৰি। তেওঁৰ বলীউডত কেইবাজনো চেলিব্ৰিটি আছে যিয়ে অতি সৰল জীৱন যাপন কৰে যদিও তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী। তেওঁলোকৰ জীৱনত কোনো বিলাসিতা নাই। তেওঁলোকৰ জীৱনশৈলীলৈ লক্ষ্য কৰিলে, এইটো স্পষ্ট নহয় যে তেওঁলোকৰ ধন উপচি পৰিছে! এই তালিকাত কাৰ নাম আছে চাওঁ

বিদ্যা বালান: বলীউডৰ চুপাৰষ্টাৰ অভিনেত্ৰীগৰাকীৰ উদ্যোগটোত বহুতো নাম আছে। তেওঁ তেওঁৰ জীৱনত যথেষ্ট খ্যাতি, ধন, সন্মান লাভ কৰিছে। কিন্তু ইমান টকা থকা স্বত্বেও, তেওঁ অতি সৰল উপায়েৰে জীয়াই থাকিবলৈ পছন্দ কৰে। তেওঁৰ চৰিত্ৰৰ এই গুণটোৱে তেওঁক দৰ্শকৰ মাজত আৰু অধিক জনপ্ৰিয় কৰি তুলিছে।

জাহ্নৱী কাপুৰঃ শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰেও তেওঁৰ দেউতাক আৰু মাতৃৰ পৰা যথেষ্ট সম্পত্তি অৰ্জন কৰিছে। ইয়াৰ উপৰিও, তেওঁ নিজেও আজি বলীউডত এগৰাকী সুপ্ৰতিষ্ঠিত অভিনেত্ৰী। শ্ৰীদেৱীৰ মৃত্যুৰ পিছত, জাহ্নৱীয়ে তেওঁৰ বিশাল সম্পত্তিৰ এক বৃহৎ অংশ লাভ কৰিছিল। কিন্তু তেওঁ কেতিয়াও সম্পত্তিটোৰ বাবে গৌৰৱান্বিত হোৱা নাছিল। তেওঁ মাটিৰ সৈতে থাকিবলৈও ভাল পায়।

হেমা মালিনীঃ ৭০ আৰু ৮০ ৰ দশকৰ অভিনেত্ৰী গৰাকী এতিয়াও বলীউডৰ সপোনৰ ছোৱালী। হেমাই কেইবা দশক ধৰি হিন্দী চলচ্চিত্ৰ জগতশাসন কৰি আহিছে। তেওঁক চিনি নোপোৱা লোক বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ। অভিনয়ৰ পৰা আঁতৰি যোৱাৰ পিছত হেমাইও এসময়ত ৰাজনীতিত ভৰি দিছিল। অভিনয়কৰি তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে। কিন্তু তেওঁৰ ওপৰত কোনো গৌৰৱ নাই।

শ্ৰদ্ধা কাপুৰঃ শ্ৰদ্ধা কাপুৰ বলীউডৰ এগৰাকী আটাইতকৈ ধুনীয়া অভিনেত্ৰী। শক্তি কাপুৰৰ ছোৱালীৰ সৰুৰে পৰা কোনো অভাৱ নাছিল। ডাঙৰ হৈ, তেওঁ নিজেই বলীউডত এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হৈ পৰিছিল। আজি তেওঁৰ নামত কোটি কোটি টকাৰ সম্পত্তি আছে। কিন্তু তেওঁৰ জীৱনত কোনো বিলাসিতা নাই। সাধাৰণ জীৱনযাপনত অভ্যস্ত সন্মান।

চাৰা আলী খানঃ চাৰা আলী খান বলীউডৰ নৱাবৰ কন্যা চেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা। তেওঁ উদ্যোগটোত কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে। পতৌদি নৱাব গোত্ৰৰ ৰাজকুমাৰীৰ গোটেই পৰিয়ালটো তাৰকা-খচিত। চাৰাহে কেতিয়াও অনুভৱ কৰা নাছিল যে কিহৰ অভাৱ আছে। কিন্তু তেওঁ অত্যাধিক বিলাসিতাত অভ্যস্ত নহয়। তেওঁ সাধাৰণ জীৱনক ইলাহী জীৱনশেকতকৈ বেছি ভাল পায়।

ওঁঠৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে জানক গোপন ৰহস্য………..

ওঁঠ হৈছে আমাৰ সৌন্দৰ্য বৃদ্ধিৰ এটা প্ৰধান কেন্দ্ৰ বিন্দু।কোমল গুলপীয়া ওঁঠজুৰি দেখিবলৈ খুব সুন্দৰ লাগে। এনে আকৰ্ষণীয় ওঁঠৰ গৰাকী হ’বলৈ সকলোৰে মন যোৱাৰ লগতে এই আকৰ্ষণীয় গৰাকীক চালে সঁচায়ে চাই থাকিবলৈ মন যায়।

কিন্তু কিছুমান ছোৱালীয়ে বেয়া অভ্যাসৰ বাবে নিজৰ আকৰ্ষনীয় ওঁঠজুৰি শুকান আৰু কলা বৰণ কৰি পেলায়।

সেয়েহে কেতিয়াবা দেখা যায় কিছু কিছু ছোৱালীয়ে কলা ওঁঠজুৰি ঢাকিবলৈ লিপষ্টিকৰ সহায় ল‌য়। কিন্তু লিপষ্টিক লগাই ভাল নোপোৱা সকলৰ ওঁঠৰ কলা বৰণ ঢাকিব নোৱাৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়।

ওঁঠৰ এনেধৰণৰ সমস্যাৰ পৰা আপুনি যদি হাত সাৰিবলৈ বিচাৰিছে তেনেহলে কিছুমান অভ্যাস এৰি চলিব লাগিব।

এনে ৬ টা অভ্যাসৰ বিষয়ে জানো আহক-

ধূমপানৰ পৰা আঁতৰত থাকিব লাগিব।

লিপষ্টিক লগোৱাৰ আগত সদায় লিপবাম লগোৱাৰ অভ্যাস কৰক।

ওঁঠ কামুৰি থকা বা চুপি থকা অভ্যাস দূৰ কৰক।

বজাৰত উপলব্ধ কেমিকেল জাতীয় সামগ্ৰী ব্যৱহাৰ বন্ধ কৰক।

অত্যাধিক গৰম চাহ বা কফিৰ খোৱাটো পৰিহাৰ কৰক।

নিজৰ চেহেৰাৰ লগতে ওঁঠখনো সদায় পৰিষ্কাৰ কৰি ৰাখক।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।

ব্যাপক ধুমুহা -বতাহ বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পৰিল বিহু অনুষ্ঠান ……..

দুই বছৰীয়া কোভিড ১৯ মহামাৰীক সামৰি সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো বাপতি সাহোন বহাগ বিহু অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি । ৰাতিপুৱাৰে পৰাই ধাৰাবাহিক ব্যাপক ধুমুহা -বতাহ ,বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পেলায় বিহু অনুষ্ঠান সমূহক।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত বিগত দুটা বছৰকৈ মহামাৰী কোভিড ১৯ ত জুৰুলা কৰাৰ ফলত অকল বিহুৱে নহয় কোনো পূজা-পাৰ্বন আদি উৎসৱ পতাৰ জনগণ বিৰত থাকিবলগীয়া হৈছিল। আৰু সংগীত প্ৰেমী শিল্পী, অভিনেতা আদি সকলৰো তথৈবচ অৱস্থা হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে এইবাৰ ২০২২ইং চনৰ অসমত অসমীয়াৰ জাতীয় বাপতি সাহোন বহাগৰ বিহুটি অনুষ্ঠিত কৰাৰ বাবে ৰজাঘৰ-প্ৰজাঘৰে ইতিমধ্যে বিশেষ উৎসাহ-উদ্দীপণাৰে মাৰ বান্ধি আগবাঢ়িছিল ।ইফালে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্ৰতিটো জিলাত প্ৰতিখন বিহু সমিতি সমূহে প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে। কিন্তু বিধিৰ কি বিপাক!যোৱা কালিৰে পৰা ব্যাপক ধুমুহা-বতাহ আৰু বৰষুণ পৰি থকা ৰ ফলত এনেহেন বহাগৰ বিহুটিক সম্পূৰ্ণ ম্লান পেলাই শেষ কৰি দিলে ।


প্রাপ্ত বাতৰিমতে নামনি অসমৰ বৰপেটা, বাক্সা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাত আজি ৰাতিপুৱা ১১.০০ বজালৈ আৰু সন্ধিয়া ৭.০০মান বজাৰ পৰা ব্যাপক ধুমুহা-বতাহ ,বৰষুণ পৰি থকাৰ ফলত প্ৰতিটো বিহু সমিতি সমূহৰ বিহু অনুষ্ঠিত কৰাত বিশেষ অসুবিধাৰ সৃষ্টি কৰিছে। কিন্তু এনে প্ৰাকৃতিক দুৰ্যোগৰ মাজতে দুপৰীয়াৰ ভাগত কিছু ফৰকালৰ সময়ছোৱাত প্ৰতিটো বিহু সমিতি সমূহে জাতীয় গামোচাৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হয়।আৰু সেই সময়ছোৱাতেই দুই,তিনিটা কাৰ্যসূচী পালন কৰিবলৈ পায়।

তেতলীৰ আছে বহু উপকাৰী গুণ…….

তেতলী হৈছে আমাৰ সকলোৰে প্ৰিয় এবিধ অতিকৈ পুষ্টিকাৰক ফল। তেতেলী প্ৰায় সকলো সময়তে পোৱা যায়।তেতেলী অনেক গুণেৰে সমৃদ্ধ। সেয়েহে আমি সকলোৱে সপ্তাহত এদিন হ’লেও তেতেলী খোৱা উচিত।

তেতেলী গছৰ বিভিন্ন অংশ, যেনে পাত, ফল, বীজ আদি বিশেষ গুণৰে সমৃদ্ধ।

তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন E, ভিটামিন B পোৱা যায়।

ইয়াৰ উপৰিও তেতেলীত কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম,আৰু ডায়েটেৰি ফাইভাৰ প্ৰৰ্যাপ্ত পৰিমাণে পোৱা যায়।

গতিকে আহকছোন তেতেলীয়ে আমাক কেনেদৰে সহায় কৰে তাৰ বিষয়ে কিছু কথা জানো-

তেতেলীয়ে যকৃত সুৰক্ষা কৰি ৰাখে।

তেতেলী খালে হজম শক্তি আৰু বিপাক সঠিক ভাৱে হয়।

তেতেলীয়ে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰাৰ লগতে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।

তেতেলীয়ে গল্ডব্লাডাৰৰ পৰা ৰক্ষা কৰে।

যি কোনো কাৰণত তেজ বমি হলে তেতেলী গছৰ পাতৰ ৰস চেনীৰ লগত মিহলাই অলপ অলপ কৈ সেৱন কৰিলেও তেজ বমি বন্ধ হয়।

কেঁচা তেতেলীৰ পাত পানীত সিজাই তাক ভালদৰে চেকি একেৰাহে কেইদিনমান খালে পুৰণি গ্ৰহণী ৰোগ আৰোগ্য হয়।

অৰুচি হলে পকা তেতলী মিহলাই নিমখ আৰু গুৰ মিহলাই খালেও অৰুচি দূৰ হয়।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

নগৰবেৰাৰ শিমলীতোলা অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি

নগৰবেৰাৰ আৰু ইয়াৰ প্ৰতিবেশী শিমলীতোলা অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি ।শিমলীতোলা অঞ্চলৰ গেৰুৱা ,দেৱানবড়ী ,শিমলীতোলা চাৰিআলী ,বৰবড়ী ,আদৰ্শপাৰা আদি গাঁৱবোৰৰ গছ-বিৰিখ ভাঙি-উভালি পৰাৰ লগতে ঘৰৰ টিনপাত পৰ্যন্ত উৰি যায় বতাহৰ কোবত ।

বিদ্যুতৰ তাঁৰ ,খুটা সকলো হাউলি পৰাৰ সমান্তৰালকৈ ৰাজপথত প্ৰকাণ্ড-প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যুৎ যোগান আৰু যাতায়ত বিঘ্নিত হৈ পৰে ।

শিমলীতোলা আৰক্ষী চকীত নিশাৰ ধুমুহাই কেবাডালো গছ ভাঙি পৰাৰ ফলত বেৰেক সমূহৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি কথমপি ৰক্ষা পৰে আৰক্ষী জোৱানসকল । মুঠতে বৰদৈচিলাই অৱৰ্ণনীয় বিপৰ্যয় নমালে বৃহত্তৰ নগৰবেৰা আৰু চুবুৰীয়া শিমলীতোলা অঞ্চলতে ।

অত্যাধিক বৰষুনৰ ফলত পানীত ডুব গল শ শ বিঘা ধাননি পথাৰ

এইবেলি অত্যাধিক বৰষুণৰ ফলত পানীত ডুব গল ধীৰবিলৰ দাঁতিকাষৰীয়া সমস্ত খেতি পথাৰ।কি হ’ব এতিয়া এই অঞ্চলৰ মানুহৰ অৱস্তা। বুৰ গৈছে শ শ বিঘা ধাননি পথাৰ। ৰাজ্যৰ দৰিদ্ৰ কৃষকৰ সমুখত এতিয়া বিপৰ্যয়ে গা কৰি উঠিছে ।

পানীৰ তলত ডুৱ গল শ শ বিঘা ধাননি পথাৰ। আৱতৰীয়া বৰষুণত ডুৱ গ’ল চাপৰৰ ফলিমাৰী, বাঙালডোবা, কলোবাৰী, আলুবুই, টিনটিলা, মাৰোৱাৰ্টিলা আদি অঞ্চল।মানুহে ধীৰবিল আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলত ধানৰ খেতি কৰি জীৱন নিৰ্বাহ কৰে। দৰিদ্ৰ কৃষকে অতি কষ্টৰে কৰা ধান খেতি হঠাৎ আৱতৰীয়া বানে বুৰাই পেলোৱাত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে দৰিদ্ৰ কৃষকৰ মাজত।

একমাত্ৰ ইৰিধানৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল এইসকল কৃষক এতিয়া পৰিয়াল পোহপাল কেনেকৈ দিব। সেই লৈ গভীৰ চিন্তাত পৰিছে কৃষকসকল ৷ সেয়ে উপায়বিহীন হৈ চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাই অঞ্চলটোৰ কৃষকসকলে।

বৰ দোমাহী উপলক্ষে বৰপেটা সত্ৰত ভকতৰ ভিৰ….

গৰু বিহুৰ দিনটোৰ পৰাই বৰপেটা সত্ৰত আৰম্ভ হৈছে সাত দিনীয়া “বহাগৰ দোমাহী” তথা বৰপেটাত প্ৰচলিত ‘বৈহাগ’ৰ দোমাহি’ ৷ সংক্ৰান্তিৰ পৰা ৬ বহাগলৈ ৭ দিনীয়া বহাগৰ দোমাহী উপলক্ষে বৰপেটা সত্ৰত ভকত সকলে নিত্য নৈমিত্তিক প্ৰসংগত ভাগ লয় ৷ বৰ দোমাহী উপলক্ষে আজি গায়ন-বায়নে ঘোষা গাই প্ৰসংগত ভাগ লয় ৷ বৈহাগৰ বৰ দোমাহী উপলক্ষে আজি বৰপেটা সত্ৰত বিভিন্নজনে সেৱা লবলৈ ভীৰ কৰে ৷ বছৰটো যাতে সুকলমে পাৰ পাৰ তাৰবাবে সকলোৱে ঈশ্বৰৰ ওচৰত সেৱা লব ৷


ইপিনে বৰ দোমাহী উপলক্ষে আজি বৰপেটা সত্ৰত সত্ৰৰ দৈৱজ্ঞই বিহু গণনা কৰিব ৷ দৈৱজ্ঞৰ বিহু গণনা শুনিবলৈকো আজি বৰপেটা সত্ৰত বহু লোকৰ সমাগম হয় ৷
ইপিনে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে সকলো ৰাজিযবাসীৰ সুখ শানিতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৷

অইল ইণ্ডিয়া লিমিটেডক ৫৫ কোটি টকা দাবী কৰিলে কোনে? 

ছাৰ্ভাৰ হেক কৰি অইল ইণ্ডিয়া লিমিটেডক ৫৫ কোটি টকা দাবী আন্তজাৰ্তিক হেকাৰ চক্ৰৰ ।তথ্য চুৰিৰে অইলক বিপদত পেলোৱাৰ ব্লুপ্ৰিন্ট । অইলৰ এক সূত্ৰই জানিবলৈ দিয়ামতে চি আই ডিৰ এটি দল ৰাওনা হৈছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়লৈ । অচল হৈ আছে অইলৰ সকলো কাম-কাজ ।

তথ্য চুৰিৰে অইলক বিপদত পেলোৱাৰ ব্লুপ্ৰিন্ট । অইলৰ দুলীয়াজানস্থিত মুখ্য প্ৰশাসনিক কাৰ্যালয়ত আই বি আৰু আই টি চেলৰ শীৰ্ষ বিষয়া উপস্থিত হৈ মাৰাথান অভিযান অব্যাহত ৰাখিছে ।

বকোৰ মা পাৰ্ব্বতী দেৱীৰ থানত ভক্তৰ সমাগম…

বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰাক:ক্ষণত কামৰূপ জিলাৰ বকোত লক্ষ্য লক্ষ্য ভক্তৰ সমাগম ঘটে শ্ৰী শ্ৰী মা পাৰ্ব্বতী দেৱীৰ থানত। লোক বিশ্বাস মতে শ্ৰী শ্ৰী মা পাৰ্ব্বতী দেৱীৰ মন্দিৰত সেৱা জনায় মানস কৰিলে মনোকামনা পূৰণ হয়। সেয়েহে ৰাজ্য খনৰ ভিতৰৰে নহয় অন্যান্য ৰাজ্যৰ পৰাও লক্ষ্য লক্ষ্য ভক্তৰ সমাগম ঘটে। উল্লেখ্য যে ; ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপাৰাস্থিত মা পাৰ্ব্বতী দেৱীৰ থানত অনুষ্ঠিত হয় মা পাৰ্ব্বতী মেলাৰ। আজি পুৱতি নিশাৰ পৰাই অগণন ভক্তৰ আগমণ ঘটে আৰু দিনতো পূজাৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে।

ইফালে সমগ্ৰ দিনটোত বিৰ দি বাট নোপোৱা অৱস্থাৰে সমাগম ঘটা লক্ষ্য লক্ষ্য ভক্তক সিদ্ধ প্ৰসাদ বিতৰণ কৰে শ্ৰী শ্ৰী মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰীৰ প্ৰভূ সকলে। বৃহত্তৰ অঞ্চলটোৰ ধুপধৰা ; নোৱাপাৰা ; জালুকবাৰী আৰু নাৰেঙাৰ বাবা মহাদেৱৰ ভক্ত সকলোৰ উমৈহতীয়া মঞ্চ শ্ৰী শ্ৰী মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰী। এই মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰীৰ কৰ্মকৰ্তাই নিজৰ শ্ৰম দান দি বিতৰণ কৰে পাহাৰৰ ওপৰত গৰম গৰম প্ৰসাদ। প্ৰসাদ বিতৰণ কাৰ্য্যৰ বাবে লক্ষ্মী ভাণ্ডাৰীক শলাগ লয় ভক্ত গণে।