বৰপেটা জিলাৰ সৰভোগৰ কিচমৎ দ্বাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহ লোড কৰাৰ বাবে ৰৈ থকা ট্ৰাকত এ এছ ১৪ কে ৩ ৫৫১ নম্বৰৰ বাইকৰ খুন্দা।ঘটনাস্থলীতে নিহত হয় দুই বাইক আৰোহী।নিহত বাইক আৰোহী অনচুমা ৰামচিয়াৰী আৰু মোহা বৰো দুয়োৰে ঘৰ নলবাৰী জিলাৰ বেঞ্চিমাৰী জোপাগাওত বুলি জানিব পৰা গৈছে।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এন এল ০১ এ এ ৪১৪১ নম্বৰৰ ট্ৰাকৰ পলায়ন।ৰাইজৰ অভিযোগ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মজুত ৰখা বাহ উঠাবলৈ ৰৈ আছিল ট্ৰাকখন।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনেদৰে ট্ৰাক. বাহ লোড কৰাৰ পথৰ কাষত ৰৈ থকাৰ বাবে এই স্হানত বহু দুৰ্ঘটনা সংঘটিত হৈছে। পালেংবাৰীৰ কৰিম নামৰ বাহৰ বেপাৰী এজনে প্ৰশাসনক মেনেজ কৰি ৰাষ্ট্ৰীয় ঘাইপথত দুই তিনি বছৰ ধৰি চলাই আছে এই বাহৰ ব্যৱসায়।
আজি বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত ” জ্ঞানোদয়ৰ বাকৰিত ৰঙালীৰ ধেমালি ” শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দ্বীপ ৰায়ৰ ঢোল বাদনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ৰঙালী বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে বিহু আদৰণি কবিতাটো আবৃত্তি কৰে সৌৰভজ্যোতি চৌধুৰীয়ে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে অভিভাৱকসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ অনুষ্ঠানত কণ কণ ছাত্ৰ – ছাত্ৰীৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীৰ ছাত্ৰীসকল, শিক্ষয়িত্ৰীসকল আৰু অভিভাৱিকাসকলে বিহু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা। অনুষ্ঠানৰ শেষত সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰসকলৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।