Home Blog Page 2441

কোনখন টোলগে’টত কিমান ধন ভৰিব লাগিব আপুনি?

সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বাঢ়িছে অত্যাৱশ্যকীয় ইন্ধন আৰু ৰন্ধন গেছৰ দাম। পেট্ৰ’ল-ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে। এই দাম বৃদ্ধিৰ হাৰ দৈনিক ঊৰ্ধ্বগামী হৈয়েই আছে। ইয়াৰ মাজতে আহিছে আৰু এক দুঃখবৰ। এতিয়া টোলকৰ বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩১ মাৰ্চৰ মাজনিশাৰ পৰাই বৰ্ধিত হাৰত টোল কৰ আদায় দিব লাগিব ৰাজ্যৰ জনগণে। ১ এপ্ৰিলৰ পৰা ৰাষ্ট্রীয় ঘাইপথৰ টোল গে’টৰ কৰ বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন নিৰিখ অনুসৰি বাণিজ্যিক বাহনৰ টোল অতিৰিক্ত ৬৫ টকালৈ বৃদ্ধি কৰা হ’ব। ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ এই সিদ্ধান্ত এতিয়া ৰাজ্যৰ জনগণৰ এটা বোজা হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। কেৱল ব্যৱসায়িক বাহনৰ ক্ষেত্ৰতে নহয়, ব্যক্তিগত বাহনেও বৰ্ধিত হাৰত আদায় দিব লাগিব টোলকৰ। ব্যক্তিগত বাহনৰ টোলকৰ অতিৰিক্ত ১০ টকালৈকে বাঢ়িব নতুন নিয়ম অনুসৰি। এবাৰ টোল পাৰ হোৱাৰ বিনিময়ত ভৰিব লাগিব এই অতিৰিক্ত কৰ। ৩১ মাৰ্চৰ মাজনিশাৰ পৰা বলৱৎ হ’ব এই নতুন নিৰিখ। বাণিজ্যিক বাহন এখনে এবাৰ টোল পাৰ হ’লে ১৪০ টকাৰ সলনি ২১৫ টকা পৰ্যন্ত অতিৰিক্ত টোল ভৰিব লাগিব। বাছ আৰু ট্ৰাক এখনে ২৯৫ টকাৰ সলনি ৪৪৫ টকা অতিৰিক্ত টোল দিব লাগিব।

প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি ব্যক্তিগত বাহন এখনে এবাৰ যাত্ৰা কৰিল ১১৫টকা কৰ দিব লাগিব। ওভতনি যাত্ৰাত কৰৰ পৰিমান হ’ব ১৭৫টকা। মাহেকীয় পাছ উলিয়ালে দিব লাগিব ৩৮৬৫ টকা। এলচিভি বাহনৰ ক্ষেত্ৰত কৰৰ হাৰ হ’ব—এবাৰত ১৮৫ টকা, ওভতনি ২৮০ টকা আৰু মাহেকীয়া নিৰিখত ৬২৪৫ টকা। আনহাতে বাছ আৰু ট্ৰাকে এবাৰত ৩৯৫ টকা, ওভতনি যাত্ৰাত ৫৯০টকা আৰু মাহিলী হিচাপত ১৩০৮৫টকা কৰ আদায় দিব লাগিব। অসমৰ বিভিন্ন স্থানত থকা টোলগেটসমূহ অনুসৰি বিভিন্ন নিৰিখসমূহ হৈছে এনেধৰণৰ। অসমত থকা বিভিন্ন টোলগেটসমূহৰ ভিতৰত আছে বৰপেটা জিলাৰ গলিয়া, কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নাজিৰাখাট, নগাঁও জিলাৰ ৰহা, হোজাই জিলাৰ ডবকাৰ মিকিৰআটী আৰু ডিমা হাছাও জিলাৰ মান্দেৰদিছা টোলগেট। এই টোল গেটবোৰত কৰৰ নতুন নিৰিখ হ’ব তলত দিয়া ধৰণৰ, ভবানীপু সমীপৰ গলিয়া টোলগে’টত সৰু গাড়ীৰ এূবাৰৰ মাচুল ৪৫টকা, লঘু বাণিজ্যিক বাহনৰ এবাৰত ৭০ টকা, বাছ অথবা ট্ৰাকৰ মাচুল ১৫০টকা, দহ চকাযুক্ত বাণিজ্যিত বাহনৰ মাচুল ১৬৫টকা, ডাম্পাৰ, নিৰ্মাণকাৰ্যত জড়িত গধুৰ বাহনৰ মাচুল ২৩৫টকা আৰু ৭ টাতকৈ অধিক এক্সেল থকা গধুৰ যান-বাহনৰ মাচুল ২৮৫টকা নিৰ্ধাৰণ কৰা হৈছে। মদনপুৰ টোলগেটত সৰু বাহনৰ বৰ্তমানৰ মাচুল ১১০টকাৰ ঠাইত ১২৫টকা, লঘু বাণিজ্যিক বাহনৰ মাচুল এতিয়াৰ ১৮০ টকাৰ ঠাইত ২০০টকা, ট্ৰাক বা বাছৰ মাচুল এতিয়াৰ ৩৮০ টকাৰ ঠাইত ৪২০টকা, দহ চকাযুক্ত বাণিজ্যিক বাহনৰ মাচুল বৰ্তমানৰ ৪১৫ টকাৰ সলনি ৪৫৫টকা, ডাম্পাৰসহ গধুৰ যান-বাহনৰ মাচুল বৰ্তমানৰ ৫৯৫ টকাৰ সলনি ৬৫৫টকা আৰু অতি গধুৰ বাহনৰ মাচুল ৭২৫টকাৰ সলনি ৮০০টকা নিৰ্ধাৰণ কৰা হৈছে।

একেদৰে সোণাপুৰৰ টোলগেটৰ মাচুল বৃদ্ধি কৰা হৈছে এনেধৰণে সৰু বাহনৰ মাচুল বৰ্তমানৰ ১১৫টকাৰ পৰা ১৩০ টকা, লঘু বাণিজ্যিক বাহনৰ মাচুল ১৮৫ টকাৰ সলনি ২০৫টকা, ট্ৰাক অথবা বাছৰ মাচুল বৰ্তমানৰ ৩৯৫ টকাৰ সলনি ৪৩০টকা, দহ চকাযুক্ত বাণিজ্যিক বাহনৰ মাচুল ৪৩০টকাৰ পৰা ৪৭০টকা, ডাম্পাৰসহ আন গধুৰ গাড়ীৰ মাচুল বৰ্তমানৰ ৬১৫ টকাৰ পৰিৱৰ্তে ৬৮০ টকা, আন অতি গধুৰ বাহনৰ মাচুল বৰ্তমানৰ ৭৫০ টকাৰ পৰিৱৰ্তে ৮২৫ টকা কৰা হৈছে। একেদৰে ৰহাৰ টোলগে’টৰ নতুন নিৰিখ হৈছে এনেধৰণৰ লধু বাহনৰ নিৰিখ ১১০টকা, লঘু বাণিজ্যিক বা৭হনৰ নিৰিখ ১৭৫টকা, ট্ৰাক-বাছৰ মাচুল ৩৭০টকা, দহ চকাৰ গাড়ীৰ মাচুল ৪০৫ টকা, ডাম্পাৰ আদি গধুৰ বাহনৰ মাচুল ৫৮০ টকা, আৰু অতি গধুৰ বাহনৰ মাচুল ৭০৫ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে ডবকা আৰু মান্দেৰদিছা টোলগেটৰ কৰো ১৫শতাংশ বৃদ্ধি কৰা হৈছে।এই ব্যৱস্থা বলৱত হোৱাৰ লগে লগে তাৰ কুপ্ৰভাৱ যে সকলোফালে পৰিব সেয়া নিশ্চিত। কৰৰ বোজা বৃদ্ধিৰ লগে লগে ব্যৱসায়িক বাহন বিশেষকৈ বাছ-ট্ৰাকৰ ভাৰা বৃদ্ধি হোৱাৰো আশংকা আছে। যাৰ কুফল অন্যান্য ক্ষেত্ৰতো পৰিব পাৰে। এনে পৰিস্থিতিত সাধাৰণ মানুহৰ জীৱন ধাৰণ অধিক জটিল হৈ পৰাটো অৱধাৰিত বুলিব পাৰি।

বিহ দি হত্যা ১০০ তকৈ অধিক কুকুৰক…

তেলেংগানাৰ চিদ্দিপেট জিলাত ১০০ তকৈও অধিক পথভ্ৰষ্ট কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত  এগৰাকী পশু অধিকাৰ মঙলবাৰে এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি চিদ্দিপেট জিলাৰ থিগুল গাঁৱত প্ৰায় ১০০টা কুকুৰক হত্যা কৰা হয়। এই ক্ষেত্ৰত কুকুৰ বোৰক ধৰিবৰ বাবে মানুহ নিয়োগ কৰিছিল গাঁওবুঢ় তথা সচিবে।

পশু কৰ্মী গৰাকীয়ে অভিযোগত কয় যে কুকুৰবোৰক ২৭ মাৰ্চত বিহ বেজী দি হত্যা কৰা হয়। এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল যত মৃত কুকুৰ সমূহক দেখা গৈছিল। এজাহাৰৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এয়া প্ৰথম বাৰৰ বাবে নহয় এই জিলাখনত ইয়াৰ পূৰ্বেও বহু কুকুৰক বিহ দি হত্যা কৰা হৈছিল।

মাৰ্ঘেৰিটাত ছাত্ৰ নেতাক প্ৰাণে মৰা চেষ্টা…

ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা পাপু দত্তক প্ৰাণে মৰাৰ চেষ্টা  চলোৱা বুলি অভিযোগ সমগ্ৰ মাৰ্ঘেৰিটাতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিব বিচৰা ঘটনাৰ বিৰুদ্ধে  জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ যে কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক হত্যা কৰাৰ পৰিকল্পনাৰে এই চেষ্টা কৰা হৈছিল। উক্ত ঘটনাক দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বুলিও অভিযোগ ছাত্ৰ সংগঠনটো।

ইয়াৰ প্ৰতিবাদত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পুৱা ৫ বজাৰ পৰা ডাম্পাৰ চলাচল মাৰ্ঘেৰিটাত মহকুমাত বন্ধৰ ঘোষণা কৰিছে।ছাত্ৰ মুক্তি এই ঘোষণাৰ ফলত আজি পুৱাৰে পৰা মাৰ্ঘেৰিটাত ডাম্পাৰ চলাচল বন্ধ হৈ পৰে। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত তীব্ৰ বেগী ডাম্পাৰ  দুৰ্ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। তীব্ৰ বেগী ডাম্পাৰ খুণ্ডাত বহুলোকে অকালতে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে চিৰ জীৱনলৈ ঘূনীয়া হব লগীয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ…

দেশত হৈ থকা মূল্যবৃদ্ধিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী সকলে লাভ কৰে কিছু সকাহ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে DA (Dearness Allowance) বৃদ্ধিৰ ঘোষণা কৰিছে। যাৰ ফলত  কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ DA  ৩১ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি পায়।

কেন্দ্ৰীয় কেবিনেটে সপ্তম দৰমহা আয়োগৰ আধাৰত দৰমহা আৰু পেঞ্চন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক দিয়া DA(Dearness Allowance), DR (Dearness Relief)  তিনি শতাংশ বৃদ্ধিত অনুমোদন জনাইছে। এই বৃদ্ধি কাৰ্যকৰী হোৱাৰ পিছত, কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক বৰ্তমানৰ DA ৩১  শতাংশৰ পৰিৱৰ্তে ৩৪  শতাংশ লাভ কৰিব।

নাগালেণ্ড চেকগেটত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানা  এলেকাত এইবাৰ খুচুৰা ব্যৱসায়ীৰ ৰূপত সুৰা ব্যৱসায়ীয়ে চলাইছে অবাধ বেহা। বিশেষ সূত্ৰে জানিব পৰা মতে ধলোৱা পথাৰৰ জনৈক নকুল, বৰবামৰ জনৈক চন্দনৰ লগতে জনৈক মেলেক নামৰ সুৰা ব্যৱসায়ীয়ে চলাইছে অৰুণাচলী সুৰাৰ খুচুৰা ব্যৱসায়। আৰক্ষীৰ পুত্ৰ বৰবামৰ জনৈক চন্দনৰ নেতৃত্বত যাত্ৰীবাহী ট্ৰেভেলাৰৰ সহায়ত অৰুণাচলী সুৰা সৰবৰাহ চলাই আহিছে।

কিছুদিন পূৰ্বে অৰুণাচলী সুৰাভৰ্তী এখন গাড়ী দোপদৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্থ হৈছিল। নিশাই এই সুৰা অন্য গাড়ীত তুলি উধাও হৈছিল। আনহাতে যোৱা সোমবাৰে নাগালেণ্ড চেকগেটত অসমৰ এখন চিমেন্টভৰ্তী ডাম্পাৰত ২২০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ হৈছিল। যোৰহাটৰ পৰা ধোদৰ আলিয়েদি চেলেংহাট হৈ আমগুৰি চাৰিআলিয়েদি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হালোৱাটিং আৰক্ষী থানা পাৰ হৈ নগালেণ্ডত প্ৰৱেশৰ চেষ্টা কৰোতে নগা পুলিচে চেকগেটত জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনি।

বিশেষ সূত্ৰে জানিব পৰা মতে চেলেংহাট অঞ্চলৰ কেইজনমান বালি ব্যৱসায়ীৰ নেতৃত্বতো চলাই আহিছে এই অবৈধ অৰুণাচলী সুৰা ব্যৱসায়। আৰক্ষীৰ চকুত ধুলি দি ইটা-চিমেন্টৰ তলত অবৈধ অৰুণাচলী সুৰা ব্যৱসায় কৰি জনজীৱন ধ্বংস কৰি পেলোৱা ধলোৱা পথাৰৰ চুতীয়া উপাধিৰ যুৱকৰ লগতে আৰক্ষীৰ পুত্ৰ চন্দনে চলাইছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া খুচুৰা ব্যৱসায়। ইতিমধ্যে নগালেণ্ডত জব্দ হোৱা ২২০ কাৰ্টন অৰুণাচলী সুৰা চন্দন, নকুলৰ বুলি প্ৰচাৰিত হোৱাৰ লগতে হালোৱাটিংৰ মহেশ-মোহনৰ বুলিও প্ৰচাৰিত হৈছে। উল্লেখ্য যে হালোৱাটিংত মহেশ-মোহনৰ অৰুণাচলী সুৰাৰ বৃহৎ ঘাটি থকাৰ লগতে অনায়াসে নগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে। এইক্ষেত্ৰত আৰগুৰি আৰু হালোৱাটিং আৰক্ষীয়ে অৰুণাচলী সুৰা ব্যৱসায় আৰু গোপন ঘাটিত অভিযান চলালে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

নাগাৰ নামেৰে শুভাৰম্ভ হব চান্দমাৰীত বহাগী উৎসৱ

২৩-২৪ এপ্ৰিলত  চান্দমাৰীত বহাগী উৎসৱঃনাগাৰ নামেৰে শুভাৰম্ভ কৰিব বিহুমঞ্চ।  বহত্তৰ চান্দমাৰীস্হিত পূৱ -গুৱাহাটী ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অহা ২৩ আৰু ২৪ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে ব’হাগী উৎসৱ উদযাপন কৰিব ৷ মহানগৰীৰ চান্দমাৰীস্হিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ব’হাগী উৎসৱ ৷

২৩ এপ্ৰিলৰ পূৱা ৯ বজাত পতাকা উত্তোলন কৰিব সভাপতি দুলাল বৰুৱাই ৷  বিহু অনুষ্ঠানত মৌ কুঁৱৰী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ১০০০১ টকা,এযোৰ পাট কাপোৰ,ট্ৰফী ,প্ৰমান পত্ৰ,দ্বিতীয় পুৰস্কাৰ নগদ ৫০০০১হাজাৰ টকা , এযোৰ পাট কাপোৰ,ট্ৰফী,প্ৰমান পত্ৰ,জেংবিহুৰ প্ৰথম পুৰস্কাৰ নগদ ৭০০১ টকা,ট্ৰফী,প্ৰমান পত্ৰ, দ্বিতীয় পুৰস্কাৰ নগদ ৫০০১টকা , ট্ৰফী,প্ৰমান পত্ৰ,সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৫০০১ টকা,ট্ৰফী,প্ৰমান পত্ৰ, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা,ট্ৰফী,প্ৰমান পত্ৰ,তৃতীয় পুৰস্কাৰ নগদ ২০০১  টকা,ট্ৰফী,প্ৰমান পত্ৰ,  সন্ধিয়া ৬ বজাত খাৰঘুলি স্হিত শিৱধাম নাগাৰা নাম দলে পৰিবেশন কৰা নামৰে বিহু মঞ্চ শুভৰম্ভ কৰিব৷

২৩ এপ্ৰিল তাৰিখে সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে ৷ ২৪এপ্ৰিল তাৰিখে বিহু মঞ্চ উদ্ধোধন কৰিব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য অভিযন্তা বিধান কুমাৰ দাসে ৷ লগতে চিত্ৰাংকন আৰু খেলধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সাংস্কৃতিক  সম্পাদক ৰাজু বৰুৱাই জানিবলৈ দিয়ে ৷উল্লেখ্য যে প্ৰতিযোগিতা অংশ গ্ৰহন কৰিব বিছাৰ ইচ্চুক প্ৰতিযোগীয়ে   ৬০০৩৬২০৯৯৪,৯৯৫৭৪১২৬৭০,৯১০১১৩৭৫০১ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

হিজাব সম্পৰ্কে কি কলে মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে

মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে হিজাব গোচৰটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধে, এয়া তাইৰ পছন্দ। হৰনাজ কৌৰে কৈছিল- যদি কোনোবাই তাইক আধিপত্য বিস্তাৰ কৰিছে, তেন্তে তাই আগবাঢ়ি আহি কথা ক’ব লাগিব। তাই বিচৰা ধৰণে জীয়াই থাকিবলৈ দিয়ক। আমি বিভিন্ন সংস্কৃতিৰ মহিলা আৰু আমি ইজনে সিজনক সন্মান কৰিব লাগিব।

কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ বিষয়টোক লৈ যথেষ্ট বিতৰ্ক হৈছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে পিছত নিষেধাজ্ঞাটো বজাই ৰাখিছিল। এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে।

যোৱা বছৰডিচেম্বৰত, হৰনাজ কৌৰ সান্ধুৱে মিছ ইউনিভাৰ্ছ খিতাপ জিকিছিল। 21 বছৰৰ পিছত, ভাৰতৰ এগৰাকী মহিলাই এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত, হৰনাজ কৌৰক সোধা হৈছিল – আজিৰ সময়ত চাপৰ সন্মুখীন হোৱা যুৱতীসকলক তেওঁ কি পৰামৰ্শ দিব বিচাৰে যাতে তেওঁলোকে ইয়াৰ সন্মুখীন হ’ব পাৰে?

এই প্ৰশ্নৰ সন্দৰ্ভত হৰ্নাজ সান্ধুৱে কয়, “আজিৰ যুৱক-যুৱতীসকলৰ ওপৰত আটাইতকৈ ডাঙৰ চাপ হৈছে তেওঁলোকক নিজৰ ওপৰত বিশ্বাস কৰা। আপুনি অতুলনীয় বুলি জানিলে আপোনাক ধুনীয়া কৰি তোলে। নিজকে আনৰ সৈতে তুলনা কৰা বন্ধ কৰক আৰু গোটেই পৃথিৱীত কি ঘটি আছে সেই বিষয়ে কোৱাটো অতি গুৰুত্বপূৰ্ণ। বাহিৰলৈ যাওক, আপোনাৰ বাবে কওঁক কিয়নো আপুনি আপোনাৰ জীৱনৰ নেতা। আপুনি আপোনাৰ নিজৰ কণ্ঠস্বৰ। মই নিজকে বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই আজি ইয়াত থিয় হৈ আছোঁ।” হৰনাজ কৌৰৰ উত্তৰ বিচাৰকসকলৰ সৈতে ভালদৰে নামি গৈছিল আৰু তেওঁক বিজয়ী ঘোষণা কৰা হৈছিল।

সুলভ মূল্যৰ সামগ্ৰীৰ কলা বজাৰ ৰোধ কৰিবলৈ বিশেষ সজাগতা সভা

দৰিদ্ৰ হিতাধিকাৰী সকলক ৰাজ্যৰ যোগান বিভাগে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীৰ ক’লা বজাৰ ৰোধ কৰাৰ লগতে সামগ্ৰী সমুহ সঠিক আৰু সময়মতে গ্ৰাহক সকলক যোগান ধৰাৰ ওপৰত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ সমবায় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সজাগতা সভাত বৰপেটা জিলা সমবায় বিভাগৰ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ হিচাপ পৰীক্ষক দীপেন বৰা, নৱজিৎ পাটোৱাৰী, কণিষ্ঠ হিচাপ পৰীক্ষক অনন্ত মালাকাৰ, বিৰেন চন্দ্ৰ কলিতাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

সমবায় সমিতিৰ সম্পাদক ৰিপুন সৰকাৰে উদ্দেশ্য ব্যাখ্যা কৰা আৰু ফজল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সুলভ মূল্যৰ সামগ্ৰীৰ সঠিক আৰু সময়োপযোগী বিতৰণ, চোৰাং বিক্ৰী ৰোধ, সমবায় সমিতি সমুহৰ নিকা ভাৱ মূৰ্তী বজাই ৰখাৰ লগতে স্বচ্ছতা বৃদ্ধিৰ ওপৰত ভাষণ প্ৰদান কৰে জ্যেষ্ঠ হিচাপ পৰীক্ষক দীপেন বৰাই। সমবায় সমিতিখনে সন্মুখিন হোৱা বিভিন্ন সমস্যাৰ ওপৰত প্ৰাক্তন সভাপতি আজমল হক ফকিৰ, নুৰ মহম্মদ আলী, সমাজকৰ্মী তাইজুদ্দিন সৰকাৰ, ছানিয়াৰা খাতুন প্ৰমুখ্যে কেইবাজন ব্যক্তিয়ে ভাষণ প্ৰদান কৰি এইবোৰ সমাধান কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায়। বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজতো গ্ৰাহক সকলক নিয়মীয়াকৈ চাউল যোগান ধৰি অহাত সমবায় সমিতিৰ কৰ্মকৰ্তা আৰু সঞ্চালক মণ্ডলীক প্ৰশংসা কৰে একাংশ লোকে।

কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ ৷

বৰপেটাৰ মৌটুপুৰীত অৱস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ বিশেষকৈ বিদ্যালয়খন চাফ -চিকুনকৈ ৰখাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক প্ৰশংসা কৰে বিষয়াগৰাকীয়ে ৷

ইপিনে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে শিক্ষা বিষয়া লখিমী দত্তই ৷ বিশেষকৈ ছাত্ৰীসকলক তাঁত শালত কাপোৰ বোৱা, মেচিনত কাপোৰ চিলোৱাৰ লগতে সংগীত, নৃত্য আৰু সমৰ কলাৰো শিক্ষাও প্ৰদান কৰা হয় ৷ ছাত্ৰীসকলে প্ৰদৰ্শন কৰ নৃত্য আৰু সমৰ কলাৰ প্ৰদৰ্শন চাই অতিকে সন্তোষ প্ৰকাশ কৰে লখিমী দত্তই ৷

চুঙাজানত ৭০ বস্তা অবৈধ ইউৰিয়া জব্দ

ধনশিৰি মহকুমাৰ চুঙাজানত জব্দ হৈছে অবৈধ ইউৰিয়া ভৰ্তি এখন বাহন।বাহনখনৰ নম্বৰ AS 02 CC 8579। বুধবাৰে বাহন খনে গোলাঘাটৰ কমাৰবন্ধা পৰা অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ ইউৰিয়া খিনি নি থকা অৱস্থাত চুঙাজান আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হয় ৭০ বস্তা ইউৰিয়া। লগতে আৰক্ষীয়ে আটক কৰে তিনিজন লোকক। লোককেইজন ক্ৰমে মুস্তাফা ইছলাম,বাবুল আলি আৰু অমিদুৰ ৰহমান৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত ইউৰিয়া খিনি কমাৰবন্ধা শান্তি ষ্টৰৰ পৰা নিজৰ খেতিলৈ বুলি কিনি আনি বিক্ৰী কৰিবলৈ অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ আনি থকা অৱস্থাতেই আটক কৰে চুঙাজান আৰক্ষীয়ে।

ইপিনে আৰক্ষীয়ে তিনিওজন লোককে আটক কৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷