Home Blog Page 2464

বিহু গাবলৈ গৈ নিহত পাঁচ গৰাকী যুৱক-যুৱতী

বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু পাছগৰাকী যুৱক যুৱতীৰ৷
মৃত্যু পাছগৰাকী যুৱক যুৱতীৰ মৰনোত্তৰ পৰীক্ষা বাবে বিহালীলৈ লৈ আনে ।বিহালীৰ মৰনোত্তৰ পৰীক্ষা কেন্দ্ৰৰ সামূহিক পৰিবেশ
AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত হুছৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতী সহ দুজন যুৱকৰ ৷যুৱতী কেইগৰাকী ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়োবৰ্ণালী বড়ো ৷

নিহত যুৱক কেইজন ক্ৰমে সঞ্জয় বসুমতাৰী কলিমন বসুমতাৰী ৷আনহাতে ৫ জন আহত , আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱৰ৷

মৰিয়নিত সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠান

মৰিয়নি , সগ্রামী যুৱ ছাত্ৰ পৰিষদ অসম মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত সংগ্রামী মহিলা পৰিষদ মৰিয়নি আৰু নকছাৰি সমিতিৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচীৰে মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়।পুৱা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে উপদেষ্টা নবজীত বৰা আৰু বিহুৱান উত্তোলন কৰে বিশিষ্ট নাট্যকাৰ তথা সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই। ছহীদ তর্পন কৰে মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক নবীন সন্দিকৈয়ে। ইয়াৰ পিছতে বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়। উপদেষ্টা নবজীৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰে।এই অনুষ্ঠানতে ধর্মপ্রাণ ব্যক্তি নিত্যানন্দ হাজৰিকা, জিলা কৃতি শিক্ষক পুৰস্কাৰ প্রাপক মনোজ কুমাৰ শৰ্মা, প্রবীণ নাট্যকাৰ সমৰেশ চক্রবর্তী, প্রবীণ ঢুলীয়া ক্ষীৰোদ গগৈ ,সুশীল লাহন অনাতাঁৰ শিল্পী ,প্ৰফুল্ল বৰুৱা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক, জীৱন চন্দ্ৰ দত্ত জেষ্ঠ সাংবাদিক, শিৱ ভগৱান আগৰবালা , সমাজকৰ্মী,ৰোহিত বৰা প্রবীণ ঢুলীয়া , অনু।গগৈ প্রবীণ বিহুৱা , ত্রিদীপ গগৈ সমৰকলা প্রশিক্ষক, অনিতা দত্ত ধর্ম পৰায়ণ মহিলা, মধুস্মিতা বৰুৱা ৰাষ্ট্রীয় ভাৰত্তোলক ,নেকিব ইছলাম, শিক্ষাবিদ, কৃতি শিক্ষক নগেন গগৈ আদি গণ্য মান্য ব্যক্তি সকলক চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত মৰিয়নি প্রেছ ক্লাবৰ সম্পাদক, জেষ্ঠ সাংবাদিক দিব্যজ্যোতি শইকীয়া, বিশিষ্ট নাট্যকাৰ তথা মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোঁহাইবৰুৱা, সমাজকৰ্মী কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া, উপপৌৰপতি প্রদীপ দাস, সাংবাদিক আদিত্য নন্দন কোঁচ, সাংবাদিক ৰমেশ আগৰৱালা, দীপক জোন দত্ত , শিক্ষক চহন কানু, আছু নেতা অনন্ত বৰঠাকুৰ ,বিবেক সাহা ,সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সম্পাদক নৱজ্যোতি নেওগ, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিতুল বৰা, উপসভাপতি প্রাণজীৎ খনিকৰ ,টাইপা তিতাবৰৰ উপদেষ্টা ৰবীন গগৈ, জিলা পৰিষদৰ সদস্যা প্রদীপ দত্ত, যুৱ ব্যৱসায়ী প্ৰশান্ত দাস, আদি ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নামৰুপিয়া জেং বিহু দল আৰু ৰাংঢালি জেংবিহুদলৰ বিহুনৃত্য প্রদর্শন আছিল অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। আন্তৰিকা বৰা, পিংকী কলিতাৰ গীতৰ শৰাই সকলোকে আপ্লুত কৰে।

ৰণবীৰ কাপুৰে তেওঁৰ বিয়াত প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফক নকল কৰিছে,এখন বিশেষ ফটো চৰ্চা হৈছে

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ ফটো আৰু ভিডিঅ’ আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ ছ’চিয়েল মিডিয়াস্ক্ৰ’ল কৰাৰ লগে লগে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ ফটো সকলোতে দেখা গৈছে৷ এই তাৰকা দম্পতীৰ ফটোলৈ চাই সকলোৱে কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াখন হেৰুৱাই ছে। আপুনি হয়তো লক্ষ্য কৰা নাই, কিন্তু তেওঁলোক দুয়োৰে বিবাহত এটা বিশেষ কথা আছে। এনে পৰিস্থিতিত, দুয়োজনৰ বিয়াত বীন কি সেয়া আপোনাক কওঁ আহক।১৪ এপ্ৰিলত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ ঘৰ বাস্তুত তেওঁলোকৰ জীৱনৰ এক নতুন আৰম্ভণি কৰিছিল।ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ ফটো দেখি, তেওঁলোকৰ অনুৰাগীসকলক বহুত সুখী দেখা গৈছে। এতিয়া ৰণবীৰ আৰু আলিয়াৰ মেহেন্দিৰ ফটোও ওলাইছে। দম্পতীহালৰ মেহেন্দি অনুষ্ঠানৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, কিন্তু এখন ফটো কেটৰিনা আৰু বিকিৰ বিয়াৰ সৈতেও সম্পৰ্কিত। মেহেন্দি অনুষ্ঠানত, আলিয়া আৰু ৰণবীৰে বিকি কৌশল আৰু কেটৰিনা কাইফৰ দৰে ভংগীমা নকল কৰিছিল। এনে পৰিস্থিতিত, আপুনি তেওঁলোক দুয়োৰে মেহেন্দি অনুষ্ঠানৰ ফটো চাই সাদৃশ্যৰ ধাৰণা পাব পাৰে।


মেহেন্দি অনুষ্ঠানৰ ছবিখনত দুয়োজনৰ অভিনেতাক তেওঁলোকৰ অংশৰ কোলাত আৰাম কৰা দেখা গৈছে৷ ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়া অৱশ্যে বেলেগ আছিল, কিন্তু মেহেন্দি অনুষ্ঠানত তেওঁলোকে বিকি আৰু কেটৰিনাৰ ভংগীমা নকল কৰিছিল৷ অৱশ্যে, মেহেন্দি অনুষ্ঠানত তেওঁলোকক বৰ মৰমলগা দেখা গৈছে বুলি কোৱাটো ভুল নহ’ব৷ আলিয়া আৰু ৰণবীৰৰ মুখৰ হাঁহিটোৱে কৈছে যে তেওঁলোকে তেওঁলোকৰ নতুন যাত্ৰা আৰম্ভ কৰিবলৈ কিমান সুখী আৰু উৎসাহিত।

শিঙৰীৰ পৰা ২ নং পিৰাকটা হৈ কেহেৰুখন্দা সংযোগীপথলৈ তীব্ৰ ভাবুকি,নিদ্ৰামগ্ন ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ

শিঙৰীৰ পৰা ২ নং পিৰাকটা হৈ কেহেৰুখন্দা সংযোগী পথলৈ তীব্ৰ ভাবুকি৷নিদ্ৰামগ্ন ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ৷শোণিতপুৰ জিলাৰ ২ নং পিৰাকটাত বেলশিৰি নৈ তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷খহনীয়া কলত পৰি ইতিমধ্যে খেতিমাটিৰ লগতে গৃহহীন হ’ল ২ নং পিৰাকটাৰ শতাধিক দৰিদ্ৰ পৰিয়ালঃআনকি খহনীয়াৰ কবলত পৰি উচন হল বিদ্যালয়,নেতাজী ক্লাব,নেতাজী ৰাজহুৱা খেলপথাৰ৷

চৰকাৰৰ বৃহৎ ঘোষণাঃ সকলোৱে পাব ৩০০ ইউনিট ফ্ৰী বিদ্যুৎ…

চৰকাৰ গঠন কৰাৰে পৰা পঞ্জাৱ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে ঘোষণা কৰিছে যে, ১জুলাইৰ পৰা পৰা ৰাজ্যবাসীয়ে ৩০০ ইউনিটকৈ বিদ্যুত বিনামূলীয়াকৈ লাভ কৰিব।মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰিছে যে, আপৰ চৰকাৰে পঞ্জাৱত চৰকাৰ গঠন কৰা ৩০দিন অতিক্ৰম কৰিছে।

এই ৩০টা দিনত আমি প্ৰতিদিনে প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আহিছো। উল্লেখ কৰা প্ৰয়োজন যে, আপ চৰকাৰে প্ৰথমখন কেবিনেট মিটিঙতে ২৫হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চাপৰত ধুমুহাৰ তাণ্ডৱ,উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ

দুদিন ধৰি নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে চাপৰত। উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ ।

ধুবুৰী জিলাৰ চাপৰত নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয়৷ নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও অঞ্চলটোত বিদ্যুতৰ খুঁটা উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি যায় ফলত অঞ্চলজুৰি বিদ্যুত সংযোগ ব্যাহত হৈ পৰে৷

এফালে বহু ঠাইত গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় ৷ যোৱা নিশা চাপৰৰ উজ্জ্বল গুহ নামৰ এগৰাকী ব্যক্তিৰ ওপৰত এটা তামোল গছ পৰি গুৰুতৰভাৱে আহত হয়। বৰ্তমান গুহ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ৰঙালী বিহুৰ মাজতে সত্ৰনগৰী বৰপেটাত শোকাৱহ ঘটনা

ৰঙালী বিহুৰ মাজতে সত্ৰনগৰী বৰপেটাত শোকাৱহ ঘটনা ৷ পুখুৰীত গা – ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ সলিল সমাধি ঘটা কিশোৰজন বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী বিৰাজ পাঠক আৰু মণিকা পাঠকৰ পুত্ৰ প্ৰিয়াংশু পাঠক ৷

প্ৰিয়াংশু পাঠক নামৰ কিশোৰজন বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷বৰপেটা চহৰৰ ৰামৰায় ষ্টেডিয়ামৰ কাষৰ এটি পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় কিশোৰজনে ৷লগৰ বন্ধুৰ সৈতে পুখুৰীত গা -ধুবলৈ গৈছিল কিশোৰজনে ৷

পিছে ভালকৈ সাতুৰিব নজনা কিশোৰজনে দ’ পুখুৰীৰ পানীত ডুব যোৱাৰ লগে লগে বন্ধু কেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰৰ লোক উপস্থিত হৈ ছাত্ৰ জনক উদ্ধাৰ কৰে যদিও ইতিমধ্যে ছাত্ৰ জনৰ মৃত্যু হয় ৷ ফুটবল খেলি ভাল পোৱা শান্ত স্বভাৱৰ ছাত্ৰ জনৰ মৃত্যুত বৰপেটা চহৰত গভীৰ শোকৰ ছাঁ পৰে ৷

প্ৰসৱৰ বাৰ দিন পিছতেই কামলৈ উভতিল ভাৰতী সিঙ

ভাৰতী সিঙে প্ৰসৱৰ দ্বাদশ দিনত কামলৈ উভতি আহে, মানুহে কয় ‘ধনৰ লোভী’ । হাঁহিৰ ৰাণী ভাৰতী সিং অলপতে মাতৃ হৈছিল। হৰ্ষ আৰু ভাৰতীয়ে তেওঁলোকৰ প্ৰথম সন্তানক পুত্ৰ হিচাপে আদৰণি জনাইছে। দুয়োকে প্ৰায়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰ ৰুটিন আৰু গ্লিম্পচেজ ভাগ বতৰা কৰা দেখা যায়। কেতিয়াবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে, কেতিয়াবা তেওঁৰ ভি-লগৰ জৰিয়তে, ভাৰতীক তেওঁৰ সন্তানকো অনুৰাগীসকলক প্ৰভাৱিত অনুভৱ কৰাই থকা দেখা যায়।

অতীতত, তেওঁক ডেলিভাৰীৰ অন্তিম দিনলৈকে শ্বুটিং ছেটত কাম কৰা দেখা গৈছিল। এতিয়া তেওঁ আকৌ এবাৰ কামলৈ উভতি আহিছে। ডেলিভাৰীৰ মাত্ৰ ১২ দিনপিছত, ভাৰতী সিঙে হুনাৰবাজৰ ছেটলৈ উভতি আহিছে। এই সময়ছোৱাত, পাপবোৰে তেওঁক দেখিছিল আৰু তেওঁৰ সৈতে কিছু বাৰ্তালাপও কৰিছিল। ভিডিঅ’টোত ভাৰতী সিঙক এইদৰে কোৱা শুনা যায়, “মইও আজি বহুত কান্দি আছোঁ কাৰণ শিশুটো অতি সৰু, মাত্ৰ ১২ দিনৰ। কিন্তু কি কৰিব লাগে সেয়া হ’ল কাম।”

অৱশ্যে, লাফটাৰ কুইনে যোৱাৰ সময়ত অনুৰাগীসকলক হাঁহিছিল। আলিয়া ৰণবীৰৰ বিয়াৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিছিল ‘বহুত অভিনন্দনে আমাক মাতিছিল কিন্তু আমি যাব নোৱাৰিলোঁ কাৰণ কেঁচুৱাটো এতিয়া বহুত সৰু’। এই ভিডিঅ’টো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে আৰু মানুহৰ পৰা মিশ্ৰিত সঁহাৰি পোৱা গৈছে।

কিছুমান লোকে ভাৰতীক প্ৰশংসা কৰিছে আৰু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিছে, আনহাতে কিছুমান লোকে তেওঁৰ বিষয়ে চিন্তা কৰি লিখিছে যে কমেও এমাহ তেওঁ বিশ্ৰাম ল’ব লাগিছিল। গতিকে কিছুমান মানুহ আছে যিয়ে ভাৰতীক ধনৰ লোভী বুলি বৰ্ণনা কৰিছে।

বৰপেটাত ৬ জেহাদী গ্ৰেপ্তাৰ….

আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ ৬টা জেহাদী গ্ৰেপ্তাৰ ৷ বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ ৬টা কৈ অল কায়দা জেহাদী গ্ৰেপ্তাৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল যোগে জনালে ৬টাকৈ জেহাদী গ্ৰেপ্তাৰৰ সকলো তথ্য ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আল কায়দাৰে জৰিত জেহাদী কেইটা সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাৱৰ মুফটি ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷

বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম দুয়ো ভাই ককাই ৷ইয়াৰে মকিবুল ইছলাম PFI ৰ সৈতে জৰিত ৷বৰপেটা সদৰ থানাত ৰুজু হোৱা Case No-419/2022 U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত ৬টাকৈ জেহাদী গ্ৰেপ্তাৰ ৷

বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপ-মহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিন্ট অনুসৰি ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত আনছাৰুল ইছলামৰ দূৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল কায়দাৰ জেহাদীটোক যোৱা ৪ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷

উক্ত জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ ৬ টাকৈ দূধৰ্ষ অল কায়দা জেহাদীক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ ৷

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু উদযাপন…..

শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা,শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু উদযাপন ।

মুকলি বিহুৰ বাকৰিত বহাগ বিহুৰ উছাহ-উদ্দীপনা। ঢোলৰ গুমগুমনীত মুখৰিত মুকলি বিহুৰ বাকৰি।মুকলি বিহুৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক লগতে শিৱসাগৰৰ বহু গণ্যমান্য ব্যক্তিয়ে মুকলি বিহুৰ বাকৰিত উপস্থিত আছিল।মুকলি বিহুৰ মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈ উপস্থিত ।

মুকলি বিহুৰ লগত সংগতি ৰাখি “গোমচেং” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে পিয়লি ফুকন মহাবিদ্যালয় অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথে ।মুকলি বিহুৰ শুভক্ষণত শিৱসাগৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক বিশেষাভাৱে সম্বৰ্ধনা জনোৱা হয়।