Home Blog Page 2465

পুত্ৰৰ বিয়া শেষ কৰি কামলৈ উভতিল নীতু কাপুৰ

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ এখন আটাইতকৈ প্ৰতীক্ষিত বিবাহ আছে। দম্পতীহাল আনুষ্ঠানিকভাৱে কাপুৰ খাণ্ডাৰৰ বোৱাৰী হৈ পৰিছে। সামাজিক মাধ্যমত তেওঁলোকৰ বিয়াৰ ফটোৰে গুঞ্জন হৈ আছে।ইফালে, নতুন শাহু নীতু কাপুৰকো দেখা গৈছে, যি তেওঁৰ পুত্ৰৰ বিবাহ নিষ্পত্তি কৰাৰ পিছত লগে লগে কামলৈ উভতি আহিছে।

নীতু কাপুৰ আজিকালি বিচাৰক হিচাপে টিভি ৰিয়েলিটি শ্ব’ ডান্স দিৱানে জুনিয়ৰৰ এটা অংশ। তেওঁ পুত্ৰৰ বিয়াৰ আগতে কেইবাবাৰো ছেটত দেখা গৈছিল, য’ত পাপবোৰে তেওঁক বিয়াৰ তাৰিখ সুধি বিচলিত কৰিছিল। কিন্তু নীতু কাপুৰে তাইৰ মুখ খোলা নাছিল।

বৃহস্পতিবাৰে, 14 এপ্ৰিলত, তেওঁৰ পুত্ৰৰ বিয়াৰ পিছতে, নীতু ডান্স দিৱানেৰ ছেটলৈ উভতি আহিছে। স্পটেড ভিডিঅ’টোত, তেওঁক ক’লা পোছাক পিন্ধা দেখা যায়। ভেনিটি ভেন এৰি ছেটলৈ যাওঁতে, পাপাৰাজীয়ে আকৌ এবাৰ ৰৈ তেওঁলোকক প্ৰশংসা কৰে।

মাণিকপুৰত নিহত হোৱা ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ ……

মাণিকপুৰৰ পাতিলাদহা বজাৰত ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি তীব্ৰ উত্তেজনা। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰত ছাগলীৰ মাংস বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জুমুৰ আলী নামৰ মাংসৰ ব্যৱসায়ীজনে ৰেলত কটা ছাগলীৰ মাংস বিক্ৰী কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। ব্যৱসায়ী জনে দীৰ্ঘদিন ধৰি ৰেলৰ খুন্দাত মৃত্যু হোৱা ছাগলীৰ মাংস কম দামত বিক্ৰী কৰাৰ অভিযোগ তোলে। আজিওঁ মৃত্যু ছাগলীৰ মাংস বিক্ৰীৰ অভিযোগ তুলি উত্তেজনাৰ সৃষ্টি কৰে।

ঘটনাস্হলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাগলীৰ মাংস থানালৈ লৈ আহে।ৰাইজে ব্যৱসায়ীৰ দোকানখন বন্ধ কৰি দিয়ে। ইফালে ব্যৱসায়ীজনে ৰাইজৰ অভিযোগ নস্যাৎ কৰি ৰেলৰ খুন্দাত নিহত ছাগলীৰ মাংস বিক্ৰী নকৰে বুলি উল্লেখ কৰে। কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব।

মানিকপুৰত বহাগী বিদায় উদযাপন সমিতিয়ে পালন কৰিলে বহাগ বিহু…..

প্ৰকৃতিৰ নতুন পৰশেৰে কুলি-কেতেকীৰ সুমধুৰ গীতৰ ছন্দত ৰাঙলী হোৱা অসমীয়াৰ প্ৰাণৰ উংসৱ বহাগক নেৰা-নেপেৰা বৰষুণেও যেন ম্লান কৰিব পৰা নাই । চৌদিশে এতিয়া ঢোলৰ গুমগুমণী , আপোন বহাগ ক আদৰিবলৈ এতিয়া ৰাজ্যত ব্যাপক প্ৰস্তুতি।
ঢোল-পেপাঁৰ মাতত ডেকা-গাভৰুৰ দেহ- মন চঞ্চলা হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত পহিলা বহাগৰ দিনটোত পৰম্পৰাগত খেল ধেমালিত ব্যস্ত ৰাইজ।

সমান্তৰাল ভাৱে বঙাইগাঁও জিলা মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে পালন কৰিলে ৰঙালী বিহু। মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত মাণিকপুৰ ছিনিয়ৰ বেছিক খেল পথাৰত মুকলি বিহু পদৰ্শন কৰিছে। ৰাতিপুৱা পতাকা উত্তোলনৰ লগতে মানিকপুৰ মহকুমাৰ অন্তৰ্গত ৩০ জনতকৈ বয়োজেষ্ঠ ব্যক্তিক আৰ্শীবাদ সূচক সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান কৰে।

বৰপথাৰৰ সন্দীপ মটৰছ নামৰ YAMAHA ডিলাৰটোৱে চলাইছে বে -আইনী কাৰ্য্যকলাপ

গোলাঘাট জিলাৰ বৰপথাৰ নগৰত থকা Yamaha কোম্পানীৰ দুচকীয়া বাহনৰ ডিলাৰ সন্দীপ মটৰছত চলিছে ব্যাপক বেমেজালি আৰু বে -আইনী কায্যকলাপ। বৰপথাৰ নগৰৰ কালীবাৰীত থকা Yamaha ডিলাৰটোৰ ওপৰত দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে বহু নীতিবৰ্হিভূত কাম কাজৰ অভিযোগ।

বৰপথাৰৰ টেঙানিৰ এজন গ্ৰাহকে এই ডিলাৰটোৰ পৰা ২০১৯ চনতে ক্ৰয় কৰিছিল এখন স্কুটি। কিন্তু নম্বৰ প্লেট লাভ কৰিলে যদিও তিনিবছৰ পাৰ হোৱাৰ পাছতো আজি পয্যন্ত লাভ নকৰিলে বাহনৰ ৰেজিষ্ট্ৰেছন প্ৰমাণ -পত্ৰ। আনহাতে ৰহস্যজনক বিষয় যে গ্ৰাহকজনে পোৱা AS 05 P 6468 নম্বৰটো আজিলৈকে পৰিবহন বিভাগত সন্নিবিষ্ট হোৱা নাই। আনহাতে গ্ৰাহকজনে দুবছৰৰ বাবে ঋণত লোৱা বাহনখনৰ installment দি শেষ হোৱাৰ পাছতো ডিলাৰটোৱে দিয়া নাই ঋণ মুক্ত প্ৰমাণ পত্ৰ।

অকল সেইয়াই নহয় প্ৰত্যেক মাহে দিয়া EMI ৰ বিপৰীতে নিদিয়ে কোনো CASH MEMO। ইপিনে বৰপথাৰৰে আন এজন গ্ৰাহকে এই ডিলাৰটোত গাড়ী চাৰ্ভিচিং কৰাৰ পাছত ডিলাৰৰ নিয়মানুসৰি তেওঁলোকৰ উৰ্দ্ধতম কৃতপক্ষলৈ চাৰ্ভিচিঙৰ প্ৰমাণ প্ৰেৰণ নকৰাত গ্ৰাহকজন বঞ্চিত হব লগা হল WARRANTY ৰ সুবিধাৰ পৰা।

WARRANTY সময়ৰ ভিতৰত থকা স্বত্ত্বেও গ্ৰাহকজনে নিজৰ গাঠীৰ ধন খৰছ কৰি বাহনখন মেৰামতি কৰিব লগা হল। আনহাতে ডিলাৰৰ নিয়মানুসৰি YAMAHA কোম্পানীৰ নিজা অৰিজিনেল পাৰ্টছৰ বাহিৰে বেলেগ ব্ৰেণ্ডৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে যদিও দীৰ্ঘদিনৰ পৰা এই ডিলাৰটোৱে গ্ৰাহকক অৰিজিনেল পাৰ্টছৰ বিপৰীতে কম মূল্যৰ সামগ্ৰী বিক্ৰী কৰি ৰামঠগন দি আহিছে। অকল সেইয়াই নহয় YAMAHA ডিলাৰত YAMAHA কোম্পানীৰ বাহনৰ বাদে আন কোনো কোম্পানীৰ বাহন মেৰামতি কৰিব নোৱাৰে যদিও ডিলাৰটোতনিতৌ tvs, hero, honda, bajaj আদি কোম্পানীৰ বাইক মেৰামতি কৰা দেখা যায়।


ইপিনে সন্দীপ মটৰছ নামৰ য়ামাহা ডিলাৰটোত নাই কোনো কম্পিউটাৰ জনা কৰ্মচাৰী। গ্ৰাহকক নিদিয়ে GST বিল। যাৰ ফলত কৰ ফাঁকিৰে চলাই আছে ডিলাৰটো। উল্লেখ্য যে গোলাঘাট জিলা পৰিবহন বিভাগৰ চকুত ধুলি দি সন্দীপ আগৰৱালা নামৰ ব্যক্তিজনে কেনেকৈ বিতৰ্কিতভাৱে ডিলাৰটো চলাই আছে তাক লৈ এতিয়া বহুজনে প্ৰশ্ন উত্থাপন কৰাৰ লগতে শ্ৰীঘ্ৰেই তদন্তৰ দাবী কৰিছে।

ইলন মাস্কে গ্ৰহণ কৰিছে ‘পইজন পিল’

শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা, বা ‘পইজন পিল’ হৈছে লক্ষ্য কোম্পানীবোৰে গ্ৰহণ কৰা এক প্ৰতিৰক্ষা কৌশল য’ত লক্ষ্যৰ বিদ্যমান শ্বেয়াৰধাৰকসকলে ৰেহাই মূল্যত কোম্পানীৰ অতিৰিক্ত শ্বেয়াৰ ক্ৰয় কৰে, ইলন মাস্কৰ টুইটাৰৰ প্ৰতিকূল অধিগ্ৰহণৰ প্ৰতিৰোধ কৰিবলৈ মাইক্ৰ’ব্লগিং ৱেবছাইটৰ বোৰ্ডে শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে ‘বিষাক্ত বড়ি’ বা শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা গ্ৰহণ কৰে বুলি সংবাদ সংস্থা  এএফপিয়ে প্ৰকাশ কৰিছে।

 যদি এজন ক্ৰেতাই বোৰ্ডৰ দ্বাৰা অনুমোদিত নোহোৱা লেনদেনত টুইটাৰৰ বকেয়া উমৈহতীয়া ষ্টকত ১৫ শতাংশ বা অধিক অংশ কয়াকৈ অধিগ্ৰহণ কৰে তেন্তে বোৰ্ডৰ অধিকাৰ পৰিকল্পনা কাৰ্যকৰী হ’ব। টুইটাৰে এক বিবৃতিত কয়, “অধিকাৰ পৰিকল্পনাই সকলো শ্বেয়াৰধাৰকক উপযুক্ত নিয়ন্ত্ৰণ প্ৰিমিয়াম পৰিশোধ নকৰাকৈ মুকলি বজাৰ সংগ্ৰহৰ জৰিয়তে যিকোনো সংস্থা, ব্যক্তি বা গোটে টুইটাৰৰ নিয়ন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা হ্ৰাস কৰিব।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আৰু টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে বৃহস্পতিবাৰে টুইটাৰ অধিগ্ৰহণৰ বাবে এক অনাকাংক্ষিত প্ৰচেষ্টা ঘোষণা কৰিছিল য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বাক স্বাধীনতাৰ প্ৰচাৰ ক’লে ইয়াক তেওঁৰ “সৰ্বশ্ৰেষ্ঠ আৰু অন্তিম প্ৰস্তাৱ” বুলি অভিহিত কৰা হৈছে। বৃহস্পতিবাৰে ৰাজহুৱা কৰা চিকিউৰিটিজ এক্সচেঞ্জ কমিছনৰ ওচৰত দাখিল কৰা এক নথিপত্ৰত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ মূল্যাঙ্কন প্ৰায় ৪৩ বিলিয়ন ডলাৰ ৰাখি ৫৪.২০ ডলাৰ প্ৰতি শ্বেয়াৰ আগবঢ়াই এখোজ আগুৱাই গৈছিল ।যোৱা সপ্তাহত মাস্কে টুইটাৰত তেওঁৰ ৯.২ শতাংশ মালিকীস্বত্বৰ অংশীদাৰীত্ব প্ৰকাশ কৰিছিল, যদিও তেওঁ কোম্পানীৰ বোৰ্ডৰ এখন আসন প্ৰত্যাখ্যান কৰিছিল।

সঠিক পৰিমানে পানী সেৱন নকৰিলে শৰীৰত হব পাৰে বহু ৰোগ ………

পানীয়ে হৈছে মানুহৰ প্ৰাণ। পানীৰ অবিহনে মানুহৰ জীৱন অসম্ভৱ।স্বাস্থ্য ভালে ৰাখিবলৈ পানী বেছিকৈ খোৱাটো
অত্যন্ত আৱশ্যক ৷পানী খোৱাৰ কিছুমান নিয়ম আছে। যধে – মধে বা যেতিয়া তেতিয়াই পানী খালে আমাৰ শৰীৰত অপকাৰহে হ’ব পাৰে।

উল্লেখযোগ্য যে পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য ,চুলি সৰা ,ছাল শুকাই যোৱা , শৰীৰৰ ওজন বৃদ্ধি হোৱা , শৰীৰ দূৰ্বল অনুভৱ কৰা ,মুখত কলা দাগ ,কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে।

বহু সংখ্যক লোকে পানী থিয় হৈ খোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদ অনুসৰি পানী সদায় বহি খাব লাগে। থিয় হৈ পানী খোৱাটো শৰীৰৰ কাৰণে অত্যন্ত অপকাৰী । বহি পানী খালে আমাৰ শৰীৰৰ শিৰা উপসিৰাসমূহে কাম কৰিবলৈ সুবিধা পায় ৷আকৌ আমি কেতিয়াবা শুইও পানী খাও। শুই পানী খোৱাটো অত্যন্ত বেয়া অভ্যাস। কেতিয়াবা এনেদৰে পানী খোৱাৰ ফলত ভয়ংকৰ বিপদৰো সন্মূখীন হোৱা দেখা যায়।

পানী আমি একে উশাহতে নাখাই লাহে লাহে খাব লাগে।কাৰণ আমি যেতিয়া খাদ্য বস্তু গ্ৰহণ কৰো তেতিয়াও লাহে লাহে খাওঁ বা একেবাৰতে খাদ্যসমূহ গ্ৰহণ নকৰি অলপ অলপকৈ খাদ্য গ্ৰহণ কৰো । ঠিক তেনেদৰে আধা লিটাৰ পানীক একেলগে খোৱাতকৈ এই পানীকে তিনিৰ পৰা চাৰিঘন্টাৰ ভিতৰত ৫ বা ৬ বাৰ খাব লাগে ।

এনেদৰে পানী খালে পেট ফুলা,গেছ আৰু হাইপাৰ টেনশ্যন আদিৰ পৰা মুক্ত হ’ব পাৰে।আমি খাদ্য খোৱাৰ আগত বা পিছতেই পানী খাব নালাগে ৷ খাদ্য খোৱাৰ ৩০ মিনিটৰ আগত বা খাদ্য খোৱাৰ ৪৫ মিনিটৰ পাছতহে পানী খাব লাগে। এই নিয়মত পানী খালে খাদ্য ভালদৰে হজম হয় ।

ভাতখোৱাৰ আগত বা ভাতখোৱাৰ থিক পাছতে পানী খোৱাৰ ফলত পেট ফুলাৰ ৰোগে দেখা দিব পাৰে৷

বহু লোকে বটলৰ দ্বাৰা ওপৰলৈ মূৰ কৰি পানী খোৱা দেখা যায়৷ কিন্তু এনেকৈয়ে পানী খালে পাচন তন্ত্ৰৰ ক্ষতি হয়।

আমি গৰমত ফ্ৰিজৰ পানী খাবলৈ পালে ভাল পাওঁ। কিন্তু একেবাৰে ঠাণ্ডা পানীয়ে আমাৰ পাচন প্ৰণালীক ধ্বংস কৰাৰ লগতে গেচৰ সমস্যা সৃষ্টি কৰিব পাৰে।

ৰাতিপুৱা খালি পেটত কুহুমিয়া পানী খুৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।পানীয়ে শৰীৰৰ মেটাবলিজমক বৃদ্ধি কৰি ওজনক নিয়ন্ত্ৰিত কৰে। পানীয়ে তেজৰ চলাচল কৰাত সহায় কৰে।

যিসকলৰ ব্যক্তি কিডনী সম্পৰ্কীয় ৰোগ থাকে ৷ তেওঁলোকে দৈনিক দুই লিটাৰকৈ হ’লেও পানী খাব লাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

দৈ আপোনাৰ প্ৰিয় নেকি ? সাৱধান ! দৈয়ে শৰীৰত কৰিব পাৰে ক্ষতি …….

অসমীয়া সমাজত দৈ খুব জনপ্ৰিয়। দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱনদায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হৈছে।

দৈত মানুহৰ দেহৰ বাবে প্রয়োজনীয় মূল্যৱান প্ৰ’টিন, আৱশ্যকীয় ভিটামিন, লেকটিক এচিড আৰু খনিজ লৱণ একেলগে পোৱা যায়।এই সকলোবোৰ গুণৰ বাবে ইয়াক দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু কেতিয়াবা দৈৰ সুৱাদ বঢ়াবৰ বাবে দৈৰ লগত কেতিয়াবা কিছুমান বস্তু একেলগে খাও। দৈৰ লগত কিছুমান বস্তু একেলগে খোৱাৰ ফলত আমাৰ শৰীৰত ক্ষতি সাধন কৰিব পাৰে। সেয়েহে আজি আমি আলোচনা কৰিম দৈ লগত একেলগে কি খাব নালাগে।

গৰমৰ দিনবোৰত দেখা যায় কিছুমান মানুহে প্ৰায়ে ঘৰত ৰায়তা তৈয়াৰ কৰে। দৈত পিঁয়াজ যোগ দিয়ে। কিন্তু দৈ লগত পিয়াজ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত এলাৰ্জি, এচিডিটি, বমি হ’ব পাৰে।

আমৰ সৈতে দৈ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত চালৰ সমস্যা হ’ব পাৰে।

মাছৰ সৈতে দৈ খোৱাটো অতি ভয়ানক যাৰ ফলত বদহজম হোৱাৰ লগতে পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।

দৈৰ লগত গাখীৰ খোৱাটো অতি ক্ষতিকাৰক বুলি ধৰা হয়। দুয়োটা একেলগে খালে বদহজম, গেছ, পেটৰ বিষ, বমি আদি হ’ব পাৰে।

দৈৰ সৈতে ৰহৰ দাইল একেলগে খাব নালাগে। যাৰ ফলত এচিডিটি, পেটফুলা আদিৰ দৰে সমস্যা হ’ব পাৰে ।সেয়েহে এই দুয়োটা কেতিয়াও একেলগে খাব নালাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

বাক্সাৰ বাগানপাৰাত নিশা প্ৰচণ্ড ধুমুহা আৰু ধাৰাষাৰ বৰষুণৰ তাণ্ডৱ …..

বাক্সাৰ বাগানপাৰাত নিশা প্ৰচণ্ড ধুমুহা আৰু ধাৰাষাৰ বৰষুনৰ তাণ্ডৱ ।প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে শৰনীয়া কছাৰীৰ কেন্দ্ৰীয় বাহ গোসাই উৎসৱৰ বৃহৎ ৰভা আৰু মঞ্চ ।

১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া আছিল শৰনীয়া কছাৰীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ ।

প্ৰাকৃতিক দুৰ্যোগে বিস্তৰ -ক্ষতি কৰা ৰভা আৰু মঞ্চ পুনৰ নতুক কৈ সজাই তুলিবলৈ প্ৰায় শতাধিক শৰনীয়া কছাৰীৰ কৰ্মী পুনৰ মেৰামতিত লগা পৰিলক্ষিত হৈছে ।

প্ৰাকৃতিক দুৰ্যোগে পেণ্ডেলৰ তচনচ কৰা পৰিস্থিতিৰ বুজ লয় স্থানীয় এমচিএল এ তথা বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে ।

নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে যুৱকে

মধ্য অসমৰ প্ৰায়ে জিলাত নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে এই সকল যুৱকে ।এইয়া অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহু ।ঢোল পেপাৰ শব্দত ৰজনজনাইছে আকাশ -বতাহ । কিন্তু আগৰ যেন সেই পৰিৱেশ নাই । ঘৰে ঘৰে ঢুলীয়া নাচনী গৈ হুঁচৰি পৰিবেশন কৰা সেই দিনবোৰ যেন আধুনিকতাৰ মাজত ক্ৰমাৎ কৰবাত হেৰাই গৈছে । এতিয়া বিহু কেৱল মঞ্চত । কিন্ত মৰিগাঁও জিলাৰ গৰমাৰী গাওঁৰ এই সকল যুৱকৰ প্ৰয়াস সেই পাহৰণিৰ দিনবোৰ উভতাই অনাৰ ।

এনেদৰে গাওঁৰ পৰা আহি চহৰত বিহু পৰিবেশন কৰিছে এই সকল যুৱকে ।কিন্তু নাচনীৰ অভাৱ । সেয়েহে যুৱক নাচনীয়ে এনেদৰে বিহুৰ তালে তালে কঁকাল ঘূৰাই নাচিছে । উদেশ্য এটাই অসমীয়াৰ বাপুতিসাহোন বিহুটি জীয়াই ৰখাৰ ।আনহাতে আজিৰে পৰা উক্ত জিলাকেইখনৰ প্ৰায়ে গাৱঁত চলিব পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ বা মেলা। এতিয়া উক্ত অঞ্চলৰ ৰাইজ সাজু হৈ পৰিছে মেলাৰ বাবে।

পুষ্পা 2-ৰ বাবে কোনে কিমান মাননি ললে ?

মুক্তিৰ পিছৰে পৰা, আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দন্না অভিনীত ‘পুষ্পা দ্য ৰাইজ’য়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। দৰ্শকে এতিয়া এই ছবিখনৰ দ্বিতীয় চিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কোৱাৰ প্ৰয়োজন নাই, এই ছবিখন প্ৰথম খন ছবিতকৈ অধিক সফল হ’ব। সেয়েহে, অভিনেতা আৰু অভিনেত্ৰীসকলেও আহিবলগীয়া ছবিখনৰ বাবে পাৰিশ্ৰমিকৰ পৰিমাণ বৃদ্ধি কৰিছে বুলি কোৱা হয়।

আল্লু অৰ্জুন, ৰশ্মিকা মান্দন্নাৰ পৰা ফাহাদ ফাচিললৈকে, সকলোৱে ছবিখনৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আহিবলগীয়া চলচ্চিত্ৰখনত তেওঁলোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। গতিকে তেওঁলোকে পাৰিশ্ৰমিকৰ পৰিমাণো বৃদ্ধি কৰিছিল। এতিয়া জানক অভিনেতা আৰু অভিনেত্ৰীসকলে ‘পুষ্পা’ৰ দ্বিতীয় অংশৰ বাবে কিমান পৰিশোধ কৰিছে।

আল্লু অৰ্জুনঃ আল্লু অৰ্জুনে ছবিখনত নাম চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ সংলাপৰ পৰা আৰম্ভ কৰি, তেওঁৰ খোজ কঢ়া আৰু কথা কোৱাৰ শৈলীয়ে সামাজিক মাধ্যমত প্ৰৱণতা সৃষ্টি কৰিছে।এই ছবিখন তেওঁৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।ছবিখনে তেওঁক সমগ্ৰ ভাৰততে যথেষ্ট জনপ্ৰিয়তা আনিছে। তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।আহিবলগীয়া ছবিখনৰ সফলতাৰ কথা বিবেচনা কৰি আল্লুৱে তিনিবাৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে।তেওঁ ‘পুষ্পা’ৰ চিকুৱেলৰ বাবে ৫০ কোটি টকা লৈছে।

ৰশ্মিকা মান্দন্নাঃ পুষ্পাৰ লগতে ‘শ্ৰীবল্লী’ক আজি সমগ্ৰ বিশ্বই জানে। ৰশ্মিকাই তাইৰ অভিনয়ৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰিছে। তেওঁ এজন ৰাষ্ট্ৰীয় ক্ৰাছ। তেওঁ পুষ্পাৰ চিকুৱেলৰ বাবে দুগুণ পাৰিশ্ৰমিক লৈছে। খবৰ অনুসৰি পুষ্পা ছবিখনৰ বাবে তেওঁক ৮-১০ কোটি টকা পৰিশোধ কৰা হৈছিল।

ফাহাদ ফাশিল: ‘পুষ্পা’ৰ প্ৰথম খন চলচ্চিত্ৰত, তেওঁ মাত্ৰ কেইমিনিটমানৰ বাবে উপস্থিত হৈছিল। ইয়াৰ মাজতে, পুষ্পাক এজন পৰিদৰ্শকৰ ভূমিকা দিয়া হৈছিল। এইবাৰ আচলতে তাই ছবিখনত আল্লু অৰ্জুনৰ সৈতে এটা ডাঙৰ সংঘৰ্ষ হ’বলৈ গৈ আছে। সেয়েহে, ফাহাদ ফাচিলেও পূৰ্বতকৈ বহু বেছি পাৰিশ্ৰমিক বৃদ্ধি কৰিছে।