Home Blog Page 2466

নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পন্ন ……

তীৰ্থনগৰী হাজোত সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ ।সম্বনয়স্থলীৰ পৰা সমূহ দেশবাসীলৈ সম্বনয়ৰ বাৰ্তা প্ৰেৰণ শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনৰ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱানচাহস্থিত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ কৰা হৈছে।সেই অনুসৰি পুৱাৰ ভাগত বিভিণ্ণ খেল -ধেমালী প্ৰতিযোগিতা,পতাকা উত্তোলন,প্ৰাচীৰ পত্ৰিকা উন্মোচন ,বৃক্ষৰোপন,বাৰেবৰণীয়া সাংস্কৃতি শোভাযাত্ৰা,গঞা ৰাইজৰ মিলন সমাৰোহ,শ্ৰদ্ধাঞ্জলী,বন্তি প্ৰজ্বলন,আৰু সন্ধিয়াৰ ভাগত স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন,আধুনিক নৃত্য প্ৰতিযোগিতা ইত্যাদি বিভিণ্ণ কাৰ্যসূচীৰে এক উখল -মাখল বাৰেৰহনীয়া সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হ’য়।


অৱশ্যে আজিৰ কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে বাৰেবৰনীয় সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধনৰে সমূহ অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় উৎসৱ বিহু পালনৰে সম্বনয়ৰ বাৰ্তা প্ৰেৰণ ৰে সমাজত শান্তি,শৃংখলা,ভাতৃত্ববোধৰ এক গঠনমূলক বাখ্যা আগবঢ়ায়।তদুপৰি আজিৰ কাৰ্যসূচীত আজিৰ কাৰ্যসূচীত বিশেষভাৱে আমন্ত্ৰিত অতিথি তথা বিশিষ্ট সমাজসেৱক ৰবিউল হুছেইনক এখনি ফুলাম গামোছা,ফুলাম জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে পুথিভঁৰাল ও সংঘৰ সভাপতি অচ্যুত বৈশ্যই।

বলীউডৰ 5 জন চুপাৰষ্টাৰ আচলতে কাশ্মীৰী পণ্ডিত

বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ পূৰ্ণ গতিত চলি আছে। চলচ্চিত্ৰখন ১৯৯০ চনৰ পটভূমিত ভূমি-স্বৰ্গীয় কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত অকথ্য অত্যাচাৰৰ এক জীৱন্ত দস্তাবেজ। কাশ্মীৰী পণ্ডিতসকলক (বলীউডৰ কাশ্মীৰ পণ্ডিত) তেওঁলোকৰ বাসগৃহৰ পৰা উচ্ছেদ কৰাৰ পিছত আজি সমগ্ৰ দেশতে সিঁচৰতি হৈ আছে। তেওঁলোকৰ কিছুমান আজি বলীউডৰ চুপাৰষ্টাৰ।

মোহিত ৰাইনাঃ হিন্দী টেলিভিছনৰ এগৰাকী চুপাৰষ্টাৰ অভিনেতা মোহিত ৰাইনাৰো জন্ম জম্মুত হৈছিল। ১৯৮২ চনৰ ১৪ আগষ্টত তেওঁৰ জন্ম হৈছিল। অভিনেতাজন জম্মুত ডাঙৰ দীঘল হৈছিল। তেওঁ তাত স্কুলত পঢ়িছিল। তেওঁ আজি কামৰ বাবে মুম্বাইত আছে। তেওঁ কেইবাখনো দূৰদৰ্শন আৰু ৱেব শৃংখলা আৰু পিছৰ চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁক এতিয়াও দৰ্শকে ‘দেৱো কে দেৱ মহাদেৱ’ ধাৰাবাহিকৰ মহাদেৱ হিচাপে স্মৰণ কৰে।

কুনাল খেমুঃ বলীউডৰ বহুতে নাজানে যে পতৌদি নৱাব গোত্ৰৰ জামাই কুনাল খেমুও এজন কাশ্মীৰী পণ্ডিত। তেওঁ কাশ্মীৰৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিছত, তেওঁৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয়। বলীউডৰ কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে। কুনালে তেতিয়া চেইফ আলী খানৰ ভগ্নী ছোহা আলী খানক বিয়া কৰাইছিল।

এম কে ৰাইনাঃ বলীউডঅভিনেতাজনৰ সম্পূৰ্ণ নাম মহাৰাজ কৃষ্ণ ৰাইনা। অভিনেতাজনে ‘গঙ্গুবাই কাঠিয়াৱাড়ী’, ‘তাৰে জমিন পাৰ’, ‘ৰব নে বানা দি জোড়ী’ত অভিনয় কৰিছিল। ১৯৪৮ চনৰ ২৪ জুলাইত কাশ্মীৰৰ শ্ৰীনগৰত তেওঁৰ জন্ম হৈছিল।

কিৰণ কুমাৰ: বলীউডৰ এই খলনায়কজন কাশ্মীৰী পণ্ডিত পৰিয়ালৰ সদস্য। কিৰণ কুমাৰে চলচ্চিত্ৰৰ লগতে কেইবাটাও দূৰদৰ্শন অনুষ্ঠানতো কাম কৰিছে। অৱশ্যে, তেওঁৰ পুত্ৰৰ জন্মৰ আগতে তেওঁৰ দেউতাক কাশ্মীৰৰ পৰা মুম্বাইলৈ গুচি যায়। কিৰণ কুমাৰৰ জন্ম মুম্বাইত হৈছিল।

ৰাজ কুমাৰঃ বলীউডৰ এই প্ৰবীণ অভিনেতাজনক সকলোৱে জানে। ৰাজকুমাৰ নিজেএজন কাশ্মীৰী পণ্ডিত আছিল। তেওঁৰ প্ৰকৃত নাম কুলভূষণ পণ্ডিত। তেওঁ বলীউডত সুনাম অৰ্জন কৰিবলৈ নিজৰ নাম সলনি কৰিছিল। তেওঁৰ জন্ম বৰ্তমানৰ পাকিস্তানৰ লৰেলাইত হৈছিল।

কঁঠাল খাই আপুনি বেয়া পায় নেকি ? কঁঠালৰ গুণাগুৰ বিষয়ে শুনিলে আচৰিত হৈ পৰিব আপুনি …..

কঁঠাল হৈছে পুষ্টিৰে ভৰপূৰ, স্বাস্থ্যৰ পক্ষে অতি উপকাৰী এবিধ সুস্বাদু ফল। গা‌ওঁ অঞ্চলত প্ৰায় সকলোৰে ঘৰত কঠালৰ গছ দেখিবলৈ পোৱা যায়।ফল হিচাপে কঠালৰ আকৃতি যথেষ্ট ডাঙৰ।

কঁঠালৰ ফল, কঠালৰ তৰকাৰী আৰু কঠালৰ বীজ খাই হয়তো সকলোৱে ভাল পায়।

সাধাৰণতে কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল।আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰো ৰাজ্যিক ফল এই কঁঠাল। এই পুষ্টিকাৰক ফলবিধেনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে জানো আহক-

কঁঠালে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

পকা কঁঠাল কোষ্ঠকাঠিন্য ৰোগৰ বাবে অতি উপকাৰী।

পকা কঁঠালে হজম শক্তিৰ উন্নত কৰাত সহায় কৰে।

কঁঠালত কৰ্কট ৰোগ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা আছে।

কঁঠালে থাইৰয়ডৰ সমস্যা দূৰ কৰে।

কঁঠালত যথেষ্ট পৰিমাণে প্ৰʼটিন থাকে।

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে ।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া সংগীত শিল্পী অনুৰাগ শইকীয়াক ছাত্ৰসন্থাৰ ‘বৰপেটা বঁটা’ প্ৰদান ৷

উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য জুৰি অসমীয়াই পালন কৰিছে ৰঙালী বিহু ৷ ৰঙালীৰ ৰঙত উচাতন অসমীয়াই ভিন্ন স্থানত আয়োজন কৰিছে ৰঙালী বিহুৰ ৷ সত্ৰনগৰী বৰপেটাতো আজি স্থানীয় ছাত্ৰসন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰিছে মুকলি বিহুৰ ৷ বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনেৰে ৰঙালীক আদৰাৰ মাজতেই আজি পহিলা ব’হাগৰ দিনটোতে অসমৰ নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত ।


সংগীত পৰিচালক অনুৰাগ শইকীয়াক ২০২২ বৰ্ষৰ ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মাজতে আজি বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচাল আৰু বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পহিলা ব’হাগৰ পবিত্ৰ দিনটোতে সংগীত শিল্পী গৰাকীক বৰপেটা বটা প্ৰদান কৰে ৷

উল্লেখ্য যে, প্ৰতি বছৰে পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ একোগৰাকী বিশিষ্ঠ ব্যক্তিক ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷অসমীয়া লোক সংগীতক বিশেষকৈ প্ৰজেক্ট ভূমি আৰু প্ৰজেক্ট বৰগীতৰ জৰিয়তে অসমীয়া সংগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰা অনুৰাগ শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিভাধৰ সংগীতশিল্পী হিচাপে মুম্বাইতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে এগৰাকী সংগীতশিল্পীক বৰপেটা বটা প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি মন্তব্য কৰে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷

ইপিনে বহাগৰ প্ৰথমতো দিনতে এনেদৰে বৰপেটা বঁটা গ্ৰহন কৰি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে সংগীতশিল্পীগৰাকীয়ে ৷
অৱশ্যে এই বঁটাটোৰ বাবে তেও যোগ্য হয়নে সেয়া দহ বছৰ পিচতহে অনুভৱ কৰিব আৰু ইয়াৰ বাবে আৰু অধিক কষ্ট কৰিব বুলি তেও মন্তব্য কৰে ৷আনহাতে তেওৰ লগতে আন দহজনকো সংগীতৰ জগতখনত আগবঢ়াই নিয়াটোৱেই তেওঁৰ জীৱনৰ সাৰ্থকতা বুলি অনুভৱ প্ৰকাশ কৰে যুৱ সংগীতশিল্পী গৰাকীয়ে ৷

ইপিনে মুকলি বিহুৰ অনুষ্ঠানত বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই বিহুৰ মুখপত্ৰ ৰঙীয়াল, হিতেশ শৰ্মাৰ জীৱন জিন্দাবাদ আৰু হিৰন্ময় দেউৰীৰ কামৰূপী লোকগীতৰ সংগ্ৰহ বাঁহী নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ৷

ৰাজ্যিক কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰা বিমলা দেৱীৰ স্মৃতিচাৰণ সভা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বি বি ন্যাস, আদাট্ৰাৰীৰ উদ্যোগত চণ্ডী মেধি বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী তথা সু-লেখিকা,সমাজসেৱী, ধৰ্মপ্ৰাণা সদ্যপ্ৰয়াত মহিলা বিমলা দেৱীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আজি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ উপস্থিতত নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই উন্মোচন কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিল ক্ষুদ্ৰ কুলহাটীৰ আইতৰু হাইস্কুলৰ অৱসৰী কৃতি প্ৰধান শিক্ষক জ্যোতিষ চন্দ্ৰ ভূঞা, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দীনেশ চন্দ্ৰ কলিতা, নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্ত প্ৰমুখ্যে বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকল।

কোটিপতি হোৱাৰ উপৰিও মাটিৰ মানুহ! বলীউডৰ এই ৫ গৰাকী অভিনেত্ৰীয়ে এটা অতি সৰল উপায়েৰে জীয়াই আছে……..

বলীউডৰ তাৰকাসকলৰ সম্পদ তেওঁলোকৰ ৰাজকীয় জীৱনশৈলীৰ পৰা অনুমান কৰিব পাৰি। তেওঁৰ বলীউডত কেইবাজনো চেলিব্ৰিটি আছে যিয়ে অতি সৰল জীৱন যাপন কৰে যদিও তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী। তেওঁলোকৰ জীৱনত কোনো বিলাসিতা নাই। তেওঁলোকৰ জীৱনশৈলীলৈ লক্ষ্য কৰিলে, এইটো স্পষ্ট নহয় যে তেওঁলোকৰ ধন উপচি পৰিছে! এই তালিকাত কাৰ নাম আছে চাওঁ

বিদ্যা বালান: বলীউডৰ চুপাৰষ্টাৰ অভিনেত্ৰীগৰাকীৰ উদ্যোগটোত বহুতো নাম আছে। তেওঁ তেওঁৰ জীৱনত যথেষ্ট খ্যাতি, ধন, সন্মান লাভ কৰিছে। কিন্তু ইমান টকা থকা স্বত্বেও, তেওঁ অতি সৰল উপায়েৰে জীয়াই থাকিবলৈ পছন্দ কৰে। তেওঁৰ চৰিত্ৰৰ এই গুণটোৱে তেওঁক দৰ্শকৰ মাজত আৰু অধিক জনপ্ৰিয় কৰি তুলিছে।

জাহ্নৱী কাপুৰঃ শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰেও তেওঁৰ দেউতাক আৰু মাতৃৰ পৰা যথেষ্ট সম্পত্তি অৰ্জন কৰিছে। ইয়াৰ উপৰিও, তেওঁ নিজেও আজি বলীউডত এগৰাকী সুপ্ৰতিষ্ঠিত অভিনেত্ৰী। শ্ৰীদেৱীৰ মৃত্যুৰ পিছত, জাহ্নৱীয়ে তেওঁৰ বিশাল সম্পত্তিৰ এক বৃহৎ অংশ লাভ কৰিছিল। কিন্তু তেওঁ কেতিয়াও সম্পত্তিটোৰ বাবে গৌৰৱান্বিত হোৱা নাছিল। তেওঁ মাটিৰ সৈতে থাকিবলৈও ভাল পায়।

হেমা মালিনীঃ ৭০ আৰু ৮০ ৰ দশকৰ অভিনেত্ৰী গৰাকী এতিয়াও বলীউডৰ সপোনৰ ছোৱালী। হেমাই কেইবা দশক ধৰি হিন্দী চলচ্চিত্ৰ জগতশাসন কৰি আহিছে। তেওঁক চিনি নোপোৱা লোক বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ। অভিনয়ৰ পৰা আঁতৰি যোৱাৰ পিছত হেমাইও এসময়ত ৰাজনীতিত ভৰি দিছিল। অভিনয়কৰি তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে। কিন্তু তেওঁৰ ওপৰত কোনো গৌৰৱ নাই।

শ্ৰদ্ধা কাপুৰঃ শ্ৰদ্ধা কাপুৰ বলীউডৰ এগৰাকী আটাইতকৈ ধুনীয়া অভিনেত্ৰী। শক্তি কাপুৰৰ ছোৱালীৰ সৰুৰে পৰা কোনো অভাৱ নাছিল। ডাঙৰ হৈ, তেওঁ নিজেই বলীউডত এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হৈ পৰিছিল। আজি তেওঁৰ নামত কোটি কোটি টকাৰ সম্পত্তি আছে। কিন্তু তেওঁৰ জীৱনত কোনো বিলাসিতা নাই। সাধাৰণ জীৱনযাপনত অভ্যস্ত সন্মান।

চাৰা আলী খানঃ চাৰা আলী খান বলীউডৰ নৱাবৰ কন্যা চেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা। তেওঁ উদ্যোগটোত কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে। পতৌদি নৱাব গোত্ৰৰ ৰাজকুমাৰীৰ গোটেই পৰিয়ালটো তাৰকা-খচিত। চাৰাহে কেতিয়াও অনুভৱ কৰা নাছিল যে কিহৰ অভাৱ আছে। কিন্তু তেওঁ অত্যাধিক বিলাসিতাত অভ্যস্ত নহয়। তেওঁ সাধাৰণ জীৱনক ইলাহী জীৱনশেকতকৈ বেছি ভাল পায়।

ওঁঠৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে জানক গোপন ৰহস্য………..

ওঁঠ হৈছে আমাৰ সৌন্দৰ্য বৃদ্ধিৰ এটা প্ৰধান কেন্দ্ৰ বিন্দু।কোমল গুলপীয়া ওঁঠজুৰি দেখিবলৈ খুব সুন্দৰ লাগে। এনে আকৰ্ষণীয় ওঁঠৰ গৰাকী হ’বলৈ সকলোৰে মন যোৱাৰ লগতে এই আকৰ্ষণীয় গৰাকীক চালে সঁচায়ে চাই থাকিবলৈ মন যায়।

কিন্তু কিছুমান ছোৱালীয়ে বেয়া অভ্যাসৰ বাবে নিজৰ আকৰ্ষনীয় ওঁঠজুৰি শুকান আৰু কলা বৰণ কৰি পেলায়।

সেয়েহে কেতিয়াবা দেখা যায় কিছু কিছু ছোৱালীয়ে কলা ওঁঠজুৰি ঢাকিবলৈ লিপষ্টিকৰ সহায় ল‌য়। কিন্তু লিপষ্টিক লগাই ভাল নোপোৱা সকলৰ ওঁঠৰ কলা বৰণ ঢাকিব নোৱাৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়।

ওঁঠৰ এনেধৰণৰ সমস্যাৰ পৰা আপুনি যদি হাত সাৰিবলৈ বিচাৰিছে তেনেহলে কিছুমান অভ্যাস এৰি চলিব লাগিব।

এনে ৬ টা অভ্যাসৰ বিষয়ে জানো আহক-

ধূমপানৰ পৰা আঁতৰত থাকিব লাগিব।

লিপষ্টিক লগোৱাৰ আগত সদায় লিপবাম লগোৱাৰ অভ্যাস কৰক।

ওঁঠ কামুৰি থকা বা চুপি থকা অভ্যাস দূৰ কৰক।

বজাৰত উপলব্ধ কেমিকেল জাতীয় সামগ্ৰী ব্যৱহাৰ বন্ধ কৰক।

অত্যাধিক গৰম চাহ বা কফিৰ খোৱাটো পৰিহাৰ কৰক।

নিজৰ চেহেৰাৰ লগতে ওঁঠখনো সদায় পৰিষ্কাৰ কৰি ৰাখক।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।

ব্যাপক ধুমুহা -বতাহ বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পৰিল বিহু অনুষ্ঠান ……..

দুই বছৰীয়া কোভিড ১৯ মহামাৰীক সামৰি সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো বাপতি সাহোন বহাগ বিহু অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি । ৰাতিপুৱাৰে পৰাই ধাৰাবাহিক ব্যাপক ধুমুহা -বতাহ ,বৰষুণৰ ফলত সম্পূৰ্ণ ম্লান পেলায় বিহু অনুষ্ঠান সমূহক।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত বিগত দুটা বছৰকৈ মহামাৰী কোভিড ১৯ ত জুৰুলা কৰাৰ ফলত অকল বিহুৱে নহয় কোনো পূজা-পাৰ্বন আদি উৎসৱ পতাৰ জনগণ বিৰত থাকিবলগীয়া হৈছিল। আৰু সংগীত প্ৰেমী শিল্পী, অভিনেতা আদি সকলৰো তথৈবচ অৱস্থা হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে এইবাৰ ২০২২ইং চনৰ অসমত অসমীয়াৰ জাতীয় বাপতি সাহোন বহাগৰ বিহুটি অনুষ্ঠিত কৰাৰ বাবে ৰজাঘৰ-প্ৰজাঘৰে ইতিমধ্যে বিশেষ উৎসাহ-উদ্দীপণাৰে মাৰ বান্ধি আগবাঢ়িছিল ।ইফালে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্ৰতিটো জিলাত প্ৰতিখন বিহু সমিতি সমূহে প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে। কিন্তু বিধিৰ কি বিপাক!যোৱা কালিৰে পৰা ব্যাপক ধুমুহা-বতাহ আৰু বৰষুণ পৰি থকা ৰ ফলত এনেহেন বহাগৰ বিহুটিক সম্পূৰ্ণ ম্লান পেলাই শেষ কৰি দিলে ।


প্রাপ্ত বাতৰিমতে নামনি অসমৰ বৰপেটা, বাক্সা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাত আজি ৰাতিপুৱা ১১.০০ বজালৈ আৰু সন্ধিয়া ৭.০০মান বজাৰ পৰা ব্যাপক ধুমুহা-বতাহ ,বৰষুণ পৰি থকাৰ ফলত প্ৰতিটো বিহু সমিতি সমূহৰ বিহু অনুষ্ঠিত কৰাত বিশেষ অসুবিধাৰ সৃষ্টি কৰিছে। কিন্তু এনে প্ৰাকৃতিক দুৰ্যোগৰ মাজতে দুপৰীয়াৰ ভাগত কিছু ফৰকালৰ সময়ছোৱাত প্ৰতিটো বিহু সমিতি সমূহে জাতীয় গামোচাৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হয়।আৰু সেই সময়ছোৱাতেই দুই,তিনিটা কাৰ্যসূচী পালন কৰিবলৈ পায়।

তেতলীৰ আছে বহু উপকাৰী গুণ…….

তেতলী হৈছে আমাৰ সকলোৰে প্ৰিয় এবিধ অতিকৈ পুষ্টিকাৰক ফল। তেতেলী প্ৰায় সকলো সময়তে পোৱা যায়।তেতেলী অনেক গুণেৰে সমৃদ্ধ। সেয়েহে আমি সকলোৱে সপ্তাহত এদিন হ’লেও তেতেলী খোৱা উচিত।

তেতেলী গছৰ বিভিন্ন অংশ, যেনে পাত, ফল, বীজ আদি বিশেষ গুণৰে সমৃদ্ধ।

তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন E, ভিটামিন B পোৱা যায়।

ইয়াৰ উপৰিও তেতেলীত কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম,আৰু ডায়েটেৰি ফাইভাৰ প্ৰৰ্যাপ্ত পৰিমাণে পোৱা যায়।

গতিকে আহকছোন তেতেলীয়ে আমাক কেনেদৰে সহায় কৰে তাৰ বিষয়ে কিছু কথা জানো-

তেতেলীয়ে যকৃত সুৰক্ষা কৰি ৰাখে।

তেতেলী খালে হজম শক্তি আৰু বিপাক সঠিক ভাৱে হয়।

তেতেলীয়ে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰাৰ লগতে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।

তেতেলীয়ে গল্ডব্লাডাৰৰ পৰা ৰক্ষা কৰে।

যি কোনো কাৰণত তেজ বমি হলে তেতেলী গছৰ পাতৰ ৰস চেনীৰ লগত মিহলাই অলপ অলপ কৈ সেৱন কৰিলেও তেজ বমি বন্ধ হয়।

কেঁচা তেতেলীৰ পাত পানীত সিজাই তাক ভালদৰে চেকি একেৰাহে কেইদিনমান খালে পুৰণি গ্ৰহণী ৰোগ আৰোগ্য হয়।

অৰুচি হলে পকা তেতলী মিহলাই নিমখ আৰু গুৰ মিহলাই খালেও অৰুচি দূৰ হয়।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

নগৰবেৰাৰ শিমলীতোলা অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি

নগৰবেৰাৰ আৰু ইয়াৰ প্ৰতিবেশী শিমলীতোলা অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি ।শিমলীতোলা অঞ্চলৰ গেৰুৱা ,দেৱানবড়ী ,শিমলীতোলা চাৰিআলী ,বৰবড়ী ,আদৰ্শপাৰা আদি গাঁৱবোৰৰ গছ-বিৰিখ ভাঙি-উভালি পৰাৰ লগতে ঘৰৰ টিনপাত পৰ্যন্ত উৰি যায় বতাহৰ কোবত ।

বিদ্যুতৰ তাঁৰ ,খুটা সকলো হাউলি পৰাৰ সমান্তৰালকৈ ৰাজপথত প্ৰকাণ্ড-প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যুৎ যোগান আৰু যাতায়ত বিঘ্নিত হৈ পৰে ।

শিমলীতোলা আৰক্ষী চকীত নিশাৰ ধুমুহাই কেবাডালো গছ ভাঙি পৰাৰ ফলত বেৰেক সমূহৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি কথমপি ৰক্ষা পৰে আৰক্ষী জোৱানসকল । মুঠতে বৰদৈচিলাই অৱৰ্ণনীয় বিপৰ্যয় নমালে বৃহত্তৰ নগৰবেৰা আৰু চুবুৰীয়া শিমলীতোলা অঞ্চলতে ।