Home Blog Page 2467

ৰঙালাউৰ গুটিৰো আছে স্বাস্থ্যসন্মত গুণ……

শাক-পাচলিৰ ভিতৰত স্বাস্থ্যসন্মত তথা অতি সুস্বাদু এবিধ পাচলি হৈছে ৰঙালাউ। ৰঙালাউ বহুতৰে প্ৰিয়। শক্তি দায়ক এই পাচলিবিধ বিভিন্ন ধৰণে ৰান্ধি খাব পৰা যায়। কিন্তু উল্লেখযোগ্য কথা হ’ল যে কেৱল ৰঙালাউ য়ে নহয় , ৰঙালাউৰ বাকলি তথা গুটিও খোৱাৰ উপযোগী।

অসমীয়া মানুহৰ ঘৰত বহুতেই ৰঙালাউৰ গুটি খায়। কেৱল শুকানে ভাজি খোৱাৰ বাহিৰেও ৰঙালাউৰ গুটি ৰন্ধা–বঢ়াৰ ক্ষেত্ৰত বিভিন্নধৰণে প্ৰস্তুত কৰি খাব পৰা যায়।

ৰ’দত ভালদৰে শুকুৱাই লোৱা ৰঙালাউৰ গুটি ৰ’ষ্ট কৰি, ইয়াৰ ওপৰত চাটমচলা চটিয়াই স্নেক্স হিচাপে খাব পৰা যায়। আনহাতে ৰ’ষ্ট কৰা ৰঙালাউৰ গুটি মিক্সিত পিহি চালাড, কাপকেক, স্মুডি আদিতো ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ উপৰিও ৰ’দত শুকুৱাই লোৱা গুটিবোৰ অলপ শুকানকৈ জলকীয়াৰ লগত ভাজি , পুনৰ পটাত ধনিয়া দি পিচি চাটনি হিচাপে খাব পৰা যায়।  

উল্লেখ্য যে ৰঙালাউৰ গুটি পুষ্টিকৰ গুণ সমৃদ্ধ। ইয়াত মেগনেছিয়াম, আইৰণ তথা ফাইবাৰ আদি উপাদানসমূহ পোৱা যায়। তলত ৰঙালাউৰ গুটিৰ গুণাগুণৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা হ’ল।

  • ৰঙালাউৰ গুটি এণ্টি–ইনফ্লেমেটৰী বৈশিষ্ট্যৰে পৰিপূৰ্ণ। বাত বিষ, গাঁঠিৰ বিষ আদি নোহোৱা কৰিবলৈও ৰঙালাউৰ গুটি এবিধ উত্তম খাদ্য। ৰঙালাউৰ গুটি এণ্টি অক্সিডেণ্ট তথা  ফাইট’কেমিকেল সমৃদ্ধ। ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যাৰ ফলত অসুস্থ হোৱাৰ আশংকা হ্ৰাস পায়।

  • ৰঙালাউৰ গুটিত এমিন’ এচিড তথা ভিটামিন চি পোৱা যায়, যিয়ে চুলিৰ স্বাস্থ্য অটুট ৰখাত যথেষ্ট সহায় কৰে।
  • ৰঙালাউৰ গুটিত স্নেহজাতীয় পদাৰ্থ, ফাইবাৰ তথা এণ্টি অক্সিডেণ্ট পোৱা যায়। হৃদযন্ত্ৰৰ কাৰণে এই ৰঙালাউৰ গুটি অতি উপকাৰী। আনহাতে ৰঙালাউৰ গুটিত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

  • ৰঙালাউৰ গুটিত চেৰ’টেনিন থাকে যাক প্ৰাকৃতিক টোপনিৰ ঔষধ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও ইয়াত থকা ট্ৰাইপ্টোফেনে অনিদ্ৰাৰ সমস্যা দূৰ কৰে।
  • ডায়েট কৰা লোকসকলৰ কাৰণে ৰঙালাউৰ গুটি উত্তম খাদ্য। কাৰণ কম কেল’ৰিৰ এই খাদ্যই আপোনাৰ ওজন নবঢ়ায়। আনহাতে ই দীৰ্ঘ সময়ৰ বাবে পেট ভৰাই ৰাখে।
  • ৰঙালাউৰ গুটিয়ে শৰীৰৰ অক্সিডেটিভ ষ্ট্ৰেচ হ্ৰাস কৰে ফলত তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৃষক দিৱস ও কৃষক সন্মান সমাৰোহ অনুষ্ঠান সম্পণ্ণ……

তীৰ্থনগৰী হাজোত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হাজো সেৱা কেন্দ্ৰৰ সৌজ্যনত ৰাষ্ট্ৰীয় কৃষক দিৱস ও কৃষক সন্মান সমাৰোহ অনুষ্ঠান সম্পণ্ণ ।

তীৰ্থনগৰী হাজোৰ ভৰালীটোলা ও গায়নটোলাস্থিত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হাজো সেৱা কেন্দ্ৰত সহযোগী সংস্থা ৰাজযোগ শিক্ষা আৰু গৱেষনা প্ৰতিষ্ঠানৰ কৃষি তথা গ্ৰাম্য বিকাশ প্ৰভাগ ও প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হাজো শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষক দিৱসৰ লগত সংগতি ৰাখি কৃষক সন্মান সমাৰোহ অনুষ্ঠানটি আজি বৰ্নাধ্য দিনযোৰা কাৰ্যসূচীৰে সম্পণ্ণ কৰা হয় ।

অনুষ্ঠানত বন্তি প্ৰজালন,সংস্থাৰ পৰিচয় বাখ্যা, নৃত্য গীত’ৰ সমাহাৰৰে এক সুমধূৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে। অৱশ্যে কৃষি প্ৰধান অঞ্চলত কৃষকৰ শ্ৰমক উপযুক্ত সন্মান আৰু মৰ্যাদা জনোৱাৰ উদ্দেশ্য আজিৰ ৰাষ্ট্ৰীয় কৃষক দিৱস ও কৃষক সন্মান সমাৰোহ অনুষ্ঠানটি সম্পণ্ণ কৰা হ’য় বুলি জনায় উদ্যোক্তা কমিটিয়ে। তদুপৰি জৈৱিক কৃষি পদ্ধতি আৰু শ্বাসত যৌগিক খেতি’ৰ জঢ়িয়তে কৃষক সকলে কিদৰে উপকৃত হ’ব পাৰিব সেই বিষয়েওঁ আজিৰ অনুষ্ঠানত বিস্তৃতভাৱে আলোকপাত কৰা হ’য়।

লগতে আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়া,উত্তৰ পূৰ্বাঞ্চল তথা বাংলাদেশৰ সঞ্চালিকা বক্ষ্মাকুমাৰী ৰাজযোগিনী শীলা বাইদেউ,বক্ষ্মাকুমাৰী জোনালী বাইদেউ,বক্ষ্মাকুমাৰী সীমা তালুকদাৰ,পঞ্চতপা গোস্বামী,ড° ৰুমি কলিতা,ভৱেন দাস,অৱসৰী বন সংৰক্ষক বিষয়া মোহন চন্দ্ৰ মালাকৰকে প্ৰমূখ্য কৰি প্ৰায়শতাধিক কৃষক ও স্থানীয় বিশিষ্ট গণ্য মান্য ব্যক্তি।

অসৎ কৰ্ম কৰাৰ প্ৰস্তাৱ দি আটক হল ফেইচবুকত পেজ খুলি সাংবাদিক হোৱা এজন লম্পট…..

আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে ভুক্তভোগী যুৱতীক ন্যায় দিয়াৰ আশ্বাসেৰে যুৱতীক এনিশা হোটেলত কটাবলৈ প্ৰস্তাৱ৷

অসৎ কৰ্ম কৰাৰ প্ৰস্তাৱ দি আটক হল ফেইচবুকত পেজ খুলি সাংবাদিক হোৱা এজন লম্পট৷

অভিযুক্তক আটক কৰোৱাৰ প্ৰতিশ্ৰুতি দি অসৎ কাম চৰিতাৰ্থ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল হাচনুল ইছলাম নামৰ লম্পটজনে৷

হাচনুল ইছলামে ফেইচবুকত HDL LIVE নামৰ এটা পেইজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে৷

তথাকথিত সাংবাদিকজনে ভুক্তভোগী যুৱতীক অশালীন প্ৰস্তাৱ দিয়াৰ এই অডিঅ ভাইৰেল হোৱাৰ লগে লগে হোজাইত সৃষ্টি হয় চাঞ্চল্যৰ ৷

অডিঅ ভাইৰেল হোৱাৰ লগে লগে হোজাই আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তথাকথিত সাংবাদিক হাচনুল ইছলামক আটক কৰিছে মোৰাঝাৰ আৰক্ষীয়ে৷

উল্লেখ্য যে মোৰাঝাৰৰ এগৰাকী যুৱতীয়ে ন্যায়ৰ পৰা বঞ্চিত হৈ দ্বাৰস্থ হৈছিল হাচনুল ইছলাম নামৰ ফেইচবুক সাংবাদিকজনৰ৷

তাৰ পিছতে লম্পট যুৱকজনে আৰক্ষী সঞ্চালকপ্ৰধানৰ জৰিয়তে যুৱতীগৰাকীক ন্যায় দিব বুলি যুৱতীগৰাকীক এনিশা শাৰীৰিক সম্পৰ্ক কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

এই অডিঅ ভাইৰেল হোৱাৰ পিছতে মোৰাঝাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি লম্পট হাচনুলক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷

কলগাছিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ!

এমাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত কলগাছিয়াৰ ভেৰাগাওঁ। অতিষ্ট হৈবিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ প্ৰতিবাদ। শক্তিমন্ত্ৰী বিমল বৰা মুৰ্দাবাদ ধ্বনি পুৰুষ- মহিলাৰ।

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে পাকঘৰ এৰি ৰাজপথত ওলাই আহিল মহিলা। কলগাছিয়া ভেৰাগাওঁৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই। বিগত এমাহ ধৰি গাওঁ খনবিদ্যুৎ সেৱাৰ পৰা হৈ আহিছে বঞ্চিত। প্ৰাপ্ত খবৰ মতে এমাহ পূৰ্বে গাওঁ খনৰ ট্ৰান্সফৰ্মাৰ বিকল হোৱাৰ অজুহাতত সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলে বন্ধ কৰি ৰাখিছে বিদ্যুৎ সেৱা। গাওঁখন তিনিঘৰ লোকে বিল আদায় নিদিয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি হ’লেও বিদ্যুৎ সেৱা নিয়মীয়া কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে।

বিদ্যুৎ নথকাৰ ফলত ছাত্ৰ-ছাত্ৰী, খেতিয়ক আৰু পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখিবলৈ ছেহেৰী প্ৰস্তুত কৰাত ব্যাঘাত হোৱা বুলি জনায় প্ৰতিবাদকাৰী মহিলা সকলে। ইপিনে গাওঁৰে বিদ্যুৎ লগত জড়িত লোক এজনে বিদ্যুৎ সেৱা সংযোগৰ বাবে গঞাঁ ৰাইজৰ পৰা ১০ হেজাৰকৈ টকা উৎকোচ বিচৰাত বিদ্যুৎ বিভাগৰ উৰ্দ্ধতন কতৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে অসম চৰকাৰৰ বিদ্যুৎ বিভাগ হায় হায়, শক্তিমন্ত্ৰী বিমল বৰা মুৰ্দাবাদ, ভেৰাগাওঁত বিদ্যুৎ নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক, বিদ্যুৎ কৰ্তন কৰা নচলিব, সৰভোগ বিদ্যুৎ উপ -সংমণ্ডল হায় হায়, বিদ্যুৎ বিভাগৰ দালালি বন্ধ কৰক আদি শ্লোগানেৰে ভেৰাগাওঁৰ পৰিবেশ উত্তাল কৰি তোলে।

উচ্চতৰ মাধ্যমিক ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী সালসলনি…

  • অনিবাৰ্য কাৰণত উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী কিছু সালসলনি

  • ৪ মে’, ১৯ মে’ৰ পৰীক্ষাসমূহ হ’ব ক্ৰমে ৩০ মে’, ৩১ মে’ত

  • ৪ মে’ৰ আগবেলা আছিল ইংৰাজী, পিছবেলা বিহু বিষয়ৰ পৰীক্ষা

  • ৩০ মে’ৰ আগবেলা হ’ব ইংৰাজীৰ পৰীক্ষা, পিছবেলা বিহু

  • ১৯ মে’ৰ আগবেলা আছিল ইক’নমিক জিঅ’গ্ৰাফী/মিউজিক গ্ৰুপ বি

  • এই দুয়োটা বিষয়ৰ পৰীক্ষা হ’ব ৩১ মে’ৰ আগবেলা

  • ১৯ মে’ৰ পিছবেলা গণিতৰ পৰীক্ষা হোৱাৰ কথা আছিল

  • নতুন সূচী অনুসৰি গণিতৰ পৰীক্ষা হ’ব ৩১ মে’ৰ পিছবেলা

  • জনালে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে

বহিৰ্বিশ্বলৈ সাংকেতিক আমন্ত্ৰণ নাছাৰ…

নাছাই সৌৰজগতৰ চাৰিসীমাৰ বাহিৰত আন এক সভ্যতাৰ সন্ধানত উঠি পৰি লাগিছে। কিন্তু নাছাৰ এই কৌতূহলে পৃথিৱীলৈ বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মহাকাশ বিজ্ঞানীসকলে। ভিন্নগ্ৰহীৰ সন্ধানত বহিৰ্বিশ্বলৈ সাংকেতিক চিহ্ন প্ৰেৰণৰ সিদ্ধান্ত লৈছে নাছাই। অতি সোনকালেই নাছাৰ এই বাৰ্তা কক্ষপথৰ নিৰ্দিষ্ট অংশত উপনীত হ’ব। ভিন্নগ্ৰহী বিষয়ক গৱেষকসকলৰ একাংশৰ দৃঢ় ধাৰণা যে, নাছাৰ এই সাহসী পদক্ষেপে পৃথিৱীক বিপদত পেলাব পাৰে।


বহিৰ্বিশ্ব অৰ্থাত্‍ সৌৰজগতৰ বাহিৰৰ কক্ষপথত যে আৰু অধিক নক্ষত্ৰমণ্ডল আছে তথা সেই নক্ষত্ৰবোৰত যে মানুহৰ দৰে বুদ্ধিমান প্ৰাণী থাকিব পাৰে এই কথাটো দীৰ্ঘদিন ধৰি কৈ আহিছে নাছাই। এই সন্দেহ আঁতৰাবলৈ এইবাৰ নাছাই লৈছে বিশেষ সিদ্ধান্ত। বহিৰ্বিশ্বলৈ পৃথিৱীৰ পৰা প্ৰেৰণ কৰা হ’ব সাংকেতিক বাৰ্তা। এই সাংকেতিক বাৰ্তাত পৃথিৱীৰ ঠিকনাৰ উপৰিও থাকিব পৃথিৱীত বাস কৰা লোকসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য। থাকিব পুৰুষ-মহিলা উভয়ৰে ছবি, সৌৰজগতৰ বিৱৰণ, পৃথিৱীত কিদৰে প্ৰৱেশ কৰিব পাৰি, আনকি পৃথিৱীৰ সৈতে যোগাযোগৰ অনুৰোধৰ সৈতে এক সাংকেতিক আমন্ত্ৰণলিপি।


নাছাৰ এনে কাণ্ডক সমালোচনাৰ দৃষ্টিৰে চাইছে মহাকাশ বিজ্ঞানীসকলে। নাছাৰ এই সাংকেতিক বাৰ্তাত মানুহৰ শাৰীৰিক গঠন সংক্ৰান্তত বিশদ তথ্য দিয়া হৈছে, কিন্তু নাছাই কিদৰে নিশ্চিত হৈছে যে এই বাৰ্তা লাভৰ পাছত ভিন্নগ্ৰহীয়ে কোনো অসত্‍ উদ্দেশ্যৰে পৃথিৱীত প্ৰৱেশ নকৰিব।এই প্ৰশ্ন মহাকাশ বিজ্ঞানীসকলৰ।পৰিতাপৰ বিষয় যে, নাছাই এতিয়ালৈকে ছেণ্ডবাৰ্গ বা অৰ্ডৰ দৰে গৱেষকৰ আশংকা তথা মহাকাশ বিজ্ঞানীসকলৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। অৱশ্যে, এতিয়ালৈকে নাছাই বহিৰ্বিশ্বলৈ পৃথিৱীৰ সংকেত প্ৰেৰণ কৰা নাই। জানিবলৈ পোৱা মতে,এই সাংকেতিক বাৰ্তা চীনৰ ৫০০ মিটাৰ এপাৰচাৰ স্পেৰিকেল ৰেডিঅ’ টেলিস্কোপ আৰু উত্তৰ কেলিফৰ্ণিয়াৰ ছেটি ইনষ্টিটিউটৰ এলেন টেলিস্কোপ এৰেৰ পৰা কক্ষপথৰ এটা বিশেষ শাখালৈ প্ৰেৰণ কৰা হ’ব। ফলাফল যিয়েই নহওক, বিশ্বৰ সৰহসংখ্যক মহাকাশচাৰীয়ে এটা বিষয়ত একমত যে, বহিৰ্বিশ্বৰ লোকসকলক আমন্ত্ৰণ জনোৱাৰ এই পদক্ষেপ নিঃসন্দেহে মহাকাশ বিজ্ঞানৰ চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

নিজম পৰিল বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ বাকৰি…

অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ ৰঙালী বিহু এইবৰ্ষও কামৰূপ জিলাৰ বকোত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পালন কৰা হৈছে। এই বেলি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৪ সংখ্যক বৰ্ষৰ বাবে বিহুৰ আয়োজন কৰে। প্ৰতি বছৰে ৩০ চ’তৰ পৰা ৩ বহাগলৈ উদযাপন কৰা ৰঙালী বিহু সন্মিলন খন এই বৰ্ষও পৰিচালনা কৰিবলৈ বকোৰ সমাজ সংগঠনৰ নেতৃবৃন্দৰ সহযোগত বিহু সন্মিলনীৰ পৰিচালনা সমিতি আৰু বহু কেইখন উপ সমিতিত অভিজ্ঞ কৰ্মীক দায়িত্ব দি গঠন কৰা হৈছে সমিতি খন। ইফালে বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পৱন কলিতা আৰু সহকাৰী সম্পাদক মহেন্দ্ৰ ৰাভাই জনোৱা মতে বিহুৰ শুভাৰম্ভণিত পতাকা উত্তোলন ; শ্বহীদ তৰ্পণ ; বক্ষ ৰোপণ ; খেল ধেমালি ; চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভেকশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইফালে বিহুৰ শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ কণ্ঠশিল্পী দিক্ষু আৰু ইউৰেকাৰ সংগীতানুষ্ঠানে দৰ্শক ৰাইজক অধিক আনন্দিত কৰে। ইফালে এই বেলি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ বিশেষ আকৰ্ষণ আছিল ভলীবল প্ৰতিযোগিতা। উল্লেখ্য যে ; যোৱা ২ বহাগত আয়োজন কৰা হৈছিল ভলীবল প্ৰতিযোগিতা খন।

কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে উক্ত দিনাৰ খেল খন স্থগিত ৰখা হৈছিল বাবে আজি অনুষ্ঠিত কৰা হয় ভলীবল প্ৰতিযোগিতা খন। খেল খনত মুঠ সাতটা খেলুৱৈ দ’ল যোগদান কৰে। খেল খনৰ চূড়ান্ত পৰ্য্যায়ত উপনীত হয় বকো ভলীবল ক্লাৱ বনাম শোলামুখ ভলীবল ক্লাৱে। খেলৰ অন্তত বকো ভলীবল ক্লাৱ বিজয়ী হয়। বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পৱন কলিতাই আত ধৰা খেলৰ বটা বিতৰণী সভাত পৌৰহিত্য কৰে সভাপতি প্ৰবীণ তালুকদাৰে। অনুস্থানত উপস্থিত থাকে বকো ক্ৰীড়া সন্থাৰ সভাপতি তথা বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উপ সভাপতি জগত চন্দ্ৰ দাস ; বিশিষ্ট যুৱ ক্ৰীড়া সংগঠক সঞ্জয় চৌধুৰী ; ৰঞ্জিত দলৈ ; দ্বিতীয় পুৰস্কাৰৰ দাতাৰ পৰিয়ালৰ ৰতন সাউদকে ধৰি বহু সংখ্যক খেলুৱৈ আৰু ক্ৰীড়া সংগঠক। ভলীবল প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে বঙাইগাঁও জিলা ক্ৰীড়া বিষয়া খগেন চন্দ্ৰ নাথ আৰু ৰাষ্ট্ৰীয় ৰেফাৰী নয়ন চৌধুৰীয়ে অংশগ্ৰহণ কৰে।

হেলেমৰ বিহুৱা-বিহুৱতী মৃত্যু ঘটনাৰ গাড়ী চালকৰ আমগুৰি থানাত আত্মসমৰ্পণ…

ৰঙালী বিহুৰ ৰঙ-আনন্দৰ মাজতে গহপুৰৰ হেলেম আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰীৰ এটা গ্ৰাম্য পথত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এটা বিহুৰ দলৰ পাঁচগৰাকীকৈ বিহুৱা- বিহুৱতীয়ে কৰুণ মৃত্যুক  সাৱটিব লগা হোৱা  ঘটনাৰে জড়িত তথা পলাতক চালক অভিজিত গগৈয়ে আজি  শিৱসাগৰ জিলাৰ আমগুৰি থানাত আত্মসমৰ্পণ কৰে। উল্লেখ্য যে সংশ্লিষ্ট বিহুৰ দলটো কঢ়িয়াই নিয়া বলেৰ’ পিক আপ খনৰ চালক অভিজিত গগৈৰ  বিৰুদ্ধে  অত্যাধিক  সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে তেওঁ ঘটনীস্থলীৰ পৰা পলায়ন কৰিছিল।

উক্ত অভিশপ্ত গাড়ীখনৰ চালক অভিজিৎ গগৈয়ে  আজি  বিয়লি  আমগুৰি আৰক্ষী থানাত আত্মসমৰ্পন কৰে। জানিব পৰা মতে অভিজিৎ গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি নগৰত ।উল্লেখযোগ্য  যে  বিগত ১১ বছৰ ধৰি অভিজিতে হেলেমত  ব্যৱসায় কৰি আছিল বুলি জানিব পৰা গৈছে।  ইতিমধ্যে গাড়ীচালক অভিজিৎ গগৈক গহপুৰ সদৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

ৰহাৰ মাতাজী গুৰুদ্বাৰত শিখ গুৰু টেগ বাহাদুৰৰ ৪০১ তম জন্মোৎসৱৰ সামৰণি…

ধবুৰীৰ পাছতে ১৮২০ চনত স্হাপিত  উত্তৰ-পূৰ্বাঞ্চলৰ  দ্বিতীয়টো প্ৰচীন গুৰুদ্বাৰ ৰহাৰ চাপৰমুখৰ গুৰুদ্বাৰা মাতাজীত ৪ এপ্ৰিলৰ পৰা চলি থকা শিখ নৱম গুৰু টেগ বাহাদুৰৰ ৪০১ সংখ্যক জন্মোৎসৱৰ  আজি সামৰণি পৰে। প্ৰকাশ উৎসৱ হিচাপে লৈ পালন কৰি অহা ১৫ দিনীয়া এই উৎসৱৰ প্ৰত্যেক দিনাই গুৰু গ্ৰন্থচাহিব পাঠৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। প্ৰকাশ উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।  আজি অনুষ্ঠিত হোৱা  সামৰণি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে ভজন পৰিবেশন কৰে। সামৰণি অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাসেো উপস্থিত থাকে।

উল্লেখ্য যে গুৰু টেগ বাহাদুৰৰ ৪০১ সংখ্যক জন্মোৎসৱৰৰ এই প্ৰকাশ উৎসৱত ৰাজ্যৰ লগতে পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰাও বহু ধৰ্মীয় নেতাই অংশগ্ৰহণ কৰেহি।৪ এপ্ৰিলত আশা -দীৱাৰ কীৰ্তনেৰে আৰম্ভ হোৱা অনুষ্ঠানত “গুৰু গ্ৰন্থ চাহিবৰ “অবিৰত পাঠ কৰাৰ পাছত যোৱা কালি দুপৰীয়া ‘গুৰু -কা – লঙ্গৰ’ ধৰ্মীয় শোভাযাত্ৰা ,ধৰ্মীয় সভাৰ পাছত আজি পুৱা “গুৰু-গ্ৰন্থ – চাহিবৰ ” ১৩ তম্ আৰু ১৪ তম্ অখণ্ড পাঠৰ সমাপ্তি হয় । দুপৰীয়া অনুষ্ঠিত হয় ধৰ্মীয় সভা । আমন্ত্ৰিত জ্ঞানী- জেঠাদাৰৰ দ্বাৰা ” চৱদ- কীৰ্তন” আৰু ধৰ্মীয় চৰ্চাৰ অনুষ্ঠানত সভাপতিত্ব কৰে সাংবাদিক তথা আদৰণী সমিতিৰ সভাপতি ৰাজবীৰ সিংহই ।বিয়লি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি হয় ।

ধুবুৰীত প্ৰচণ্ড ধুমুহাত ব্যাপক ক্ষয়ক্ষতি…

নিশা ধুবুৰীৰ ওপৰেদি  ঘন্টাত ৬০ কিমি বেগত বৈ যোৱা প্ৰচণ্ড ধুমুহা, বৰষুণত জিলাখনত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি কৰিছে। ধুবুৰী চহৰৰ ৩ নং ওয়ার্ড বালুৰচৰ ত  কামনা পাটোৱাৰ ঘৰত  ধুমূহাত প্ৰকাণ্ড গছ এটা বাসগৃহ ৰ ওপৰত বাগৰি পৰাত উক্ত গৃহৰ পৰিৱালৰ সদস্য সকল কথামপি ৰক্ষা পৰে যদি ঘৰখনৰ বিস্তৰ  ক্ষতিসাধন হয়। । ইপিনে ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া মোফাজ্জল চৰকাৰ জনায়, যোৱা নিশা ফকিৰগঞ্জত ঘাট পাৰত বান্ধি থকা অবস্থাত ১১খন নাও প্ৰচণ্ড ধুমুহ বৰষুণত পানীত ডুব যায়, পিচত এচ ডি আৰ এফ বাহিনীৰ দল ৭ খন নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

আনহাতে ধুমূহাত জিলা খনৰ বিভিন্ন  অঞ্চল ত মুঠ ২৫৪ টা ঘৰ ধুমূহাত ধবংস হৈছে। ২৭ খন গাওৰ ৪ হেজাৰ ৩১১ জন লোক ধুমূহা, বৰষুণত ক্ষতিগ্রস্ত হৈছে। বিশেষ কৈ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল ত বহু হেক্টৰ কৃষিজাত সামগ্রী ক্ষয়ক্ষতি হৈছে। যদিহ কোন ঠাইৰ পৰা কোন লোকৰ আহত , মৃত্যু ৰ বাতৰি পোৱা যোৱা নাই।