Breaking

ৰঙালাউৰ গুটিৰো আছে স্বাস্থ্যসন্মত গুণ……

0 271

শাক-পাচলিৰ ভিতৰত স্বাস্থ্যসন্মত তথা অতি সুস্বাদু এবিধ পাচলি হৈছে ৰঙালাউ। ৰঙালাউ বহুতৰে প্ৰিয়। শক্তি দায়ক এই পাচলিবিধ বিভিন্ন ধৰণে ৰান্ধি খাব পৰা যায়। কিন্তু উল্লেখযোগ্য কথা হ’ল যে কেৱল ৰঙালাউ য়ে নহয় , ৰঙালাউৰ বাকলি তথা গুটিও খোৱাৰ উপযোগী।

অসমীয়া মানুহৰ ঘৰত বহুতেই ৰঙালাউৰ গুটি খায়। কেৱল শুকানে ভাজি খোৱাৰ বাহিৰেও ৰঙালাউৰ গুটি ৰন্ধা–বঢ়াৰ ক্ষেত্ৰত বিভিন্নধৰণে প্ৰস্তুত কৰি খাব পৰা যায়।

ৰ’দত ভালদৰে শুকুৱাই লোৱা ৰঙালাউৰ গুটি ৰ’ষ্ট কৰি, ইয়াৰ ওপৰত চাটমচলা চটিয়াই স্নেক্স হিচাপে খাব পৰা যায়। আনহাতে ৰ’ষ্ট কৰা ৰঙালাউৰ গুটি মিক্সিত পিহি চালাড, কাপকেক, স্মুডি আদিতো ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ উপৰিও ৰ’দত শুকুৱাই লোৱা গুটিবোৰ অলপ শুকানকৈ জলকীয়াৰ লগত ভাজি , পুনৰ পটাত ধনিয়া দি পিচি চাটনি হিচাপে খাব পৰা যায়।  

উল্লেখ্য যে ৰঙালাউৰ গুটি পুষ্টিকৰ গুণ সমৃদ্ধ। ইয়াত মেগনেছিয়াম, আইৰণ তথা ফাইবাৰ আদি উপাদানসমূহ পোৱা যায়। তলত ৰঙালাউৰ গুটিৰ গুণাগুণৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা হ’ল।

  • ৰঙালাউৰ গুটি এণ্টি–ইনফ্লেমেটৰী বৈশিষ্ট্যৰে পৰিপূৰ্ণ। বাত বিষ, গাঁঠিৰ বিষ আদি নোহোৱা কৰিবলৈও ৰঙালাউৰ গুটি এবিধ উত্তম খাদ্য। ৰঙালাউৰ গুটি এণ্টি অক্সিডেণ্ট তথা  ফাইট’কেমিকেল সমৃদ্ধ। ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যাৰ ফলত অসুস্থ হোৱাৰ আশংকা হ্ৰাস পায়।

  • ৰঙালাউৰ গুটিত এমিন’ এচিড তথা ভিটামিন চি পোৱা যায়, যিয়ে চুলিৰ স্বাস্থ্য অটুট ৰখাত যথেষ্ট সহায় কৰে।
  • ৰঙালাউৰ গুটিত স্নেহজাতীয় পদাৰ্থ, ফাইবাৰ তথা এণ্টি অক্সিডেণ্ট পোৱা যায়। হৃদযন্ত্ৰৰ কাৰণে এই ৰঙালাউৰ গুটি অতি উপকাৰী। আনহাতে ৰঙালাউৰ গুটিত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

  • ৰঙালাউৰ গুটিত চেৰ’টেনিন থাকে যাক প্ৰাকৃতিক টোপনিৰ ঔষধ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও ইয়াত থকা ট্ৰাইপ্টোফেনে অনিদ্ৰাৰ সমস্যা দূৰ কৰে।
  • ডায়েট কৰা লোকসকলৰ কাৰণে ৰঙালাউৰ গুটি উত্তম খাদ্য। কাৰণ কম কেল’ৰিৰ এই খাদ্যই আপোনাৰ ওজন নবঢ়ায়। আনহাতে ই দীৰ্ঘ সময়ৰ বাবে পেট ভৰাই ৰাখে।
  • ৰঙালাউৰ গুটিয়ে শৰীৰৰ অক্সিডেটিভ ষ্ট্ৰেচ হ্ৰাস কৰে ফলত তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে
Leave A Reply