Home Blog Page 2468

বঙাইগাঁৱত সক্ৰিয় অল কায়দাৰ শ্লীপাৰ চেল…

নামনি অসমৰ বিভিন্ন জিলাত এতিয়া সক্ৰিয় হৈ পৰিছে জেহাদী সংগঠন আল কায়দাৰ শ্লীপাৰ চেল ৷ একেদৰে খোপনি পুতিছে জেহাদী সংগঠনে ৷ বৰপেটাৰ পিচত এইবাৰ বঙাইগাঁৱত ধৰা পৰিছে আল কায়দাৰ নেটৱৰ্ক ৷ ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা তিনি আনচাৰুল্লাহ বাংলা টিম( এবিটি)ৰ সদস্যৰ স্বীকাৰোক্তিত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ বাংলাদেশৰ নিষিদ্ধ সংগঠন আনচাৰুল্লাহ বাংলা টিমৰ আল কায়দাৰে আছে সম্পৰ্ক আৰু আল কায়দীৰ হৈ কাম কৰি আহিছে সংগঠনটোৱে ৷ এই তিনি সদস্যই কিছুদিন পূৰ্বে  বঙাইগাঁও জিলাত বাহৰ পাতি থাকি জিলাখনত নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তোলাৰ বাবে অতি গোপনে কাম কাজ চলাই গৈছিল ৷ কিন্তু শেহতীয়াভাৱে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাত স্থানীয় আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰা এই তিনি সদস্যক আজি পুৱতি নিশা বঙাইগাঁওলৈ আনিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যক জানিবলৈ দিয়া মতে যোৱা ৮ এপ্ৰিলত ত্ৰিপুৰাৰ চিপাহীজলাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰা আৰক্ষীৰ সহযোগত এই তিনি জেহাদীক কৰায়ত্ত কৰিছিল ৷  যোগীঘোপা থানাত ৰুজু হোৱা ৫৬ / ২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে এই সদস্য তিনিজনক বঙাইগাঁওলৈ আনি জেৰা আৰম্ভ কৰিছে ৷ আব্দুল কাছেম, ইমৰাণ হুছেইন আৰু হামিদ আলী নামৰ  তিনিওজন ব্যক্তি বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টিম ( এবিটি) ৰ সদস্য ৷

ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা এই তিনি সদস্য যাত্ৰাপুৰ আৰক্ষীৰ জিম্মাত আছিল যদিও দেওবাৰে বঙাইগাঁও আৰক্ষীৰ জিম্মাত দিয়ে ৷ বঙাইগাঁৱৰ পৰা  যোৱা আৰক্ষীৰ দলে ৰে’লযোগে আজি পুৱতি নিশা জেহাদী তিনিজনক  বঙাইগাঁওলৈ আনে ৷ ইতিমধ্যে এই সংগঠনৰ সদস্যক বৰপেটা আৰক্ষীয়ে কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱা সদস্যৰ তথ্যৰ ভিত্তিতে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা এই তিনি জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি কয় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই তিনি জেহাদী সংগঠনৰ সদস্যই যোৱা বৰ্ষৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত বঙাইগাঁও জিলাৰ অন্তৰ্গত যোগীঘোপা, কাবাইটাৰী আৰু অভয়াপুৰী আদি অঞ্চলত বাহৰ পাতি থাকি জেহাদী কাৰ্যকলাপ চলাই গৈছিল ৷ সংগঠনটোৰ ভেটি মজবুত কৰাৰ বাবে গঢ়ি তুলিছিল শ্লীপাৰ চেল ৷ এই শ্লীপাৰ চেলৰ জৰিয়তে সংগঠনটোৱে নামনি অসমৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত জেহাদী কাৰ্যকলাপ চলাই আহিছিল ৷ এই সদস্যকেইজনৰ সংগী ইতিমধ্যে ভূপালতো গ্ৰেপ্তাৰ হৈছে ৷ এই সদস্যসকল মূলত শ্লীপাৰ চেল গঠনৰ বাবেই আহে বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনকি জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ আৰক্ষীয়ে এই সদস্যকেইজনে কোনোবাৰ সৈতে থকা লিংকৰ আধাৰতে আহি জিলাখনত বাহৰ পাতিছিল বুলি সন্দেহ প্ৰকাশ কৰি সেইসকলৰ তথ্য আহৰণৰ বাবে উঠি পৰি লাগিছে ৷ লগতে সদস্য কেইজনক জেৰা কৰাৰ পিচতহে অধিক তথ্য জনাবলৈ সক্ষম হ’ব বুলিও প্ৰকাশ কৰিছে ৷

ইপিনে ধৃত তিনিওকে আজি বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে ৬ দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ জেহাদী তিনিজনক বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকান্ত চমুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰে’লযোগে বঙাইগাঁওলৈ আনে ৷ বঙাইগাঁও আৰক্ষীয়ে বৰ্তমান তিনি জেহাদী সদস্যক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জেহাদী সংগঠনে এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিজৰ কাৰ্যকলাপ বিস্তাৰ কৰাৰ বাবে উঠি পৰি লাগিছে ৷ এনে অৱস্থাত সংখ্যালঘু অঞ্চলৰ লোকসকল সচেতন নহলে এনে সংগঠনৰ জালত পৰি নিজে নিজৰ বিপদ চপাই যে আনিব লাগিব সেয়া নিশ্চিত ৷ 

ক’ভিডৰ নতুন প্ৰকাৰ XEৰ পৰা বাচি থাকিব বিচাৰে নেকি?

আমি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ প্ৰতিও মনোযোগ দিব লাগিব। টিকাকৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা একত্ৰিত কৰি প্ৰকৃত সুৰক্ষা প্ৰণালী সৃষ্টি কৰা হয়। ক’ভিড-19ৰ ভয় এতিয়াও শেষ হোৱা নাই। ইংলেণ্ডৰ স্বাস্থ্য সুৰক্ষা সংস্থাই কোভিডৰ নতুন প্ৰকাৰৰ বিষয়ে সতৰ্ক কৰি দিছে, যি হৈছে কোভিড-19-ৰ এক্সই প্ৰকাৰ। বিজ্ঞানীসকলে দাবী কৰে যে আগৰ দুটা প্ৰকাৰ একত্ৰিত কৰিলে ইয়াক পুৰণি প্ৰকাৰতকৈ অধিক বিপদজনক কৰি তুলিব পাৰে।

টিকাকৰণে নিঃসন্দেহে আমাক কোভিড মহামাৰীৰ পৰা সুৰক্ষিত কৰে। কিন্তু একে সময়তে, আমি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ যত্ন ল’ব লাগিব। টিকাকৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা একত্ৰিত কৰি প্ৰকৃত সুৰক্ষা জাল সৃষ্টি কৰা হয়। এই তীব্ৰ গৰমত কোনবোৰ খাদ্যই আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে !  হাতত সহজে উপলব্ধ খাদ্যবোৰ চাওঁক। কিছুদিনৰ পাছত বজাৰে ফলৰ আমৰ ৰজাক পোহৰাই তুলিব৷ সোৱাদৰ লগতে আমৰ স্বাস্থ্যৰ উপকাৰিতা অৱহেলা কৰিব নোৱাৰি৷ ভিটামিন এ, চি আৰু কে সমৃদ্ধ এই ফলটো এণ্টি-অক্সিডেণ্টৰ উৎস৷ সেয়েহে, ই সংক্ৰমণ আৰু অক্সিডেটিভ চাপ দূৰত ৰাখে৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

পুদিনা পাত, যিবোৰৰ সোৱাদ আৰু গোন্ধৰ বাবে বিখ্যাত, যথেষ্ট এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে। সেয়েহে আহাৰত পুদিনা চিৰাপ ৰাখক। তৃষ্ণাৰ শান্তিৰ সৈতে, আপুনি সুৰক্ষাও পাব। তৰমুজ আৰু মাস্ক-মেলন পৰিয়ালৰ এই দুটা ফল যথেষ্ট পৰিমাণে গৰমত পোৱা যায়৷ এনে ফলবোৰে শৰীৰক হাইড্ৰেটেড কৰি ৰাখে৷ এই ফলত ফাইবাৰ, ভিটামিন চি আৰু ভিটামিন বি6 সমৃদ্ধ তাপত অধিক খোৱা উচিত৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী নিশ্চিত কৰা হ’ব৷

নিজে পঢ়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হ’ল কণ্ঠশিল্পী অৰিজিত সিং…

উল্লেখ্য যে, সফলতাৰ শিখৰ চুমিও শিপা নাপাহৰা অৰিজিত সিঙে তেওঁৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল জিয়াগঞ্জ ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ পৰা। বৰ্তমান মুম্বাইৰ নিবাসী হলেও নিজৰ জন্মভূমিৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে অৰিজিতৰ। যাৰ বাবে সুযোগ পালেই তেওঁ ঢাপলি মেলে জিয়াগঞ্জৰ ঘৰলৈ। আনহাতে কণ্ঠশিল্পী গৰাকীয়ে কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ব্ৰাত্য বসুক সাক্ষাৎ কৰাৰ পিছতে চৰকাৰী অনুমতি সাপেক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

অৰিজিত সিঙে যোৱা ১৩ এপ্ৰিলত এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে জিয়াগঞ্জ ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ শিক্ষক, শিক্ষাৰ্থী সকলো। বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপংকৰ ভট্টাচাৰ্যই কয় যে অৰিজিতে ৰাজ্য চৰকাৰৰ অনুমতিত বিদ্যালয়খনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ সংবাদ মাধ্যমক লগতে কিয় যে বিদ্যালয়খনৰ উন্নয়ন সম্পৰ্কে অৰিজিতৰ সৈতে আলোচনা চলি আছে। চেলিব্ৰেটি হৈও সাধাৰণ জীৱন যাপন কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ পুত্ৰকো গৃহ জিলাৰ এখন সাধাৰণ বিদ্যালয়তে পঢ়ুৱাইছে।

নিজে পঢ়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হল প্ৰখ্যাত কণ্ঠশিল্পী অৰিজিত সিং। পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ যিখন বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, সেই বিদ্যালখনৰে পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব লাভ কৰি নষ্টালজিক হৈ পৰে কণ্ঠশিল্পী গৰাকী।

দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ভগৱন্ত মনে…

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে কেবিনেট মন্ত্ৰীসকলেও সোমবাৰে পৰিদৰ্শন কৰিব চৰকাৰী বিদ্যালয় সমূহ। তেওঁলোকৰ সৈতে থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালো।

কেজিৰৱালে বৃহস্পতিবাৰে ঘোষণা কৰিছিল কৰিছিল যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অৰু তেওঁৰ মন্ত্ৰী পৰিষদে সোমবাৰে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব যাতে তেওঁলোকে নিজৰ ৰাজ্যৰ শিক্ষাখণ্ডত দিল্লীৰ আৰ্হিৰেই উল্লেখযোগ্য উন্নতি কৰিব পাৰে।

কেজৰিৱালে পাঞ্জাৱৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পাছত বিৰোধী দলবোৰে পাঞ্জাৱক দিল্লীয়ে শাসন কৰি আছে বুলি অবিযোগ উত্থাপিত কৰিছিল। তাৰ কেইদিনমান পাছতেই কেজৰিৱালে উক্ত ভ্ৰমনৰ কথা ঘোষণা কৰে।

পেট্ৰ’ল-ডিজেল সঞ্চয়ৰ পৰিকল্পনা!

প্ৰায় এক মাহৰ ভিতৰত তেলৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। কিয়নো ৰাছিয়াত বৰ্তমান তেল নিষিদ্ধ কৰা হৈছে। অন্যান্য মুখ্য তেল উৎপাদক ইৰাণ আৰু ভেনিজুৱেলাইও পেট্ৰ’লিয়াম বিক্ৰীৰ ওপৰত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লগীয়া হৈছে। নেপাল চৰকাৰে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে চলিত মাহত ৰাজহুৱা খণ্ডৰ কাৰ্যালয়সমূহ দুদিনৰ বাবে বন্ধ ঘোষণা কৰাৰ কথা বিবেচনা আলোচনা কৰি আছে। কিয়নো নেপালে বৰ্তমান সময়ত বৈদেশিক মুদ্ৰাৰ সংকটৰ লগতে পেট্ৰ’লিয়াম সামগ্ৰীৰ আকাশচুম্বী মূল্যৰ সৈতেও যুঁজি আছে।

নেপালৰ কেবিনেট সূত্ৰই জানিবলৈ দিয়া মতে নেপালৰ কেন্দ্ৰীয় বেংক আৰু নেপালৰ তেল নিগমে চৰকাৰক দুদিনৰ চৰকাৰী ছুটি দিবলৈ পৰামৰ্শ দিছে। কিয়নো প্ৰায় এমাহ জোৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে তেলৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে, কিয়নো ৰাছিয়াত বৰ্তমান তেল নিষিদ্ধ কৰা হৈছে। আৰু অন্যান্য মুখ্য তেল উৎপাদক ইৰাণ আৰু ভেনিজুৱেলাইও পেট্ৰ’লিয়াম বিক্ৰীৰ ওপৰতো নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

ক’ভিড-১৯ মহামাৰীৰ ফলত আন্তৰ্জাতিক ভ্ৰমণ স্থবিৰ হোৱাৰ পিছৰে পৰা পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল নেপালে ইয়াৰ বৈদেশিক ভাণ্ডাৰ হ্ৰাসৰ সন্মুখীন হ’ব লগীয়া হৈছে। বিষয়াসকলৰ মতে চৰকাৰে নেপাল অইল কৰ্পোৰেচনৰ বাবে এই পৰামৰ্শত গুৰুত্বপূৰ্ণ সঞ্চয় দেখিছে যিয়ে ৰাজসাহায্যযুক্ত হাৰত ইন্ধন বিক্ৰী কৰিছে আৰু বৰ্তমানৰ বিশ্বব্যাপী হাৰত বৃহৎ লোকচান বহন কৰিব লগীয়া হৈছে। নেপাল চৰকাৰৰ মুখপাত্ৰ জ্ঞানেন্দ্ৰ বাহাদুৰ কাৰ্কীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই। আৰু তেওঁ লগতে জনাই যে এই প্ৰস্তাৱটো আহিছে আৰু ইয়াক বিবেচনা কৰা হৈছে।

ভাৰতলৈ আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন…

ৰুছ-ইউক্ৰেইনৰ ৰক্তাক্ত সংঘাটৰ মাজতেই দুদিনীয়া ভ্ৰমণসূচিৰে ভাৰতলৈ আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তা জনিত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবৰ বাবে ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজনে ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত কয় যে, “যিহেতু আমি স্বৈৰাচাৰী ৰাষ্ট্ৰসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ ক্ষত্ৰত ভাবুকিৰ সন্মুখীন হৈ আছো, সেয়েহে গণতান্ত্ৰিক পৰম্পৰা বিশ্বাসী বন্ধুবৰ্গ একেলগে থকাটো গুৰুত্বপূৰ্ণ।”

জনছন অহা এপ্ৰিল মাহৰ ২১ তাৰিখে ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী জনে ভ্ৰমণৰ সময়ত চাকৰি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ পৰা শক্তি সুৰক্ষা আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিব। জানিব পৰা মতে, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জনে গুজৰাটত নতুন বিজ্ঞান, স্বাস্থ্য, আৰু প্ৰযুক্তি বিজ্ঞানৰ লগতে ভাৰতৰ মূখ্য উদ্যোগসমূহত বৃহৎ পৰিমাণে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰো সম্ভাৱনা আছে।

জাহাংগীৰপুৰীত জ্বলিয়েই আছে হিংসাৰ দাবানল:তদন্ত কৰিবলৈ যোৱা আৰক্ষীলৈ শিলাবৰ্ষণ অভিযুক্তৰ পৰিয়ালৰ

হনুমান জয়ন্ত্ৰীৰ শোভাযাত্ৰাত এক বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাৰ ঘটনাকলৈ আজিও উত্তপ্ত হৈ আছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ জাহাংগীৰপুৰী অঞ্চল। কালি আক্ৰমণৰ ঘটনাৰে জৰিত ২১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে আজি জাহাংগীৰপুৰীত গুলীচালনা কৰা অভিযুক্ত জনৰ ঘৰলৈ তদন্তৰ বাবে যোৱাৰ সময়তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।অভিযুক্তৰ পৰিয়ালে দিল্লী আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰা বুলি দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত আজি দিল্লী আৰক্ষীৰ এটা তদন্তকাৰী দলে ঘটনাটোৰ এজন অভিযুক্তৰ ঘৰলৈ গৈছিল। কিন্তু তদন্তত সহযোগ কৰাৰ পৰিৱৰ্তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীক শিলাবৰ্ষণ কৰি আক্ৰমণহে কৰে।উক্ত অভিযুক্ত লোক জনে সংঘৰ্ষৰ সময়ত গুলীচালনা কৰাৰ কথা পোহৰলৈ আহিছে।এটা ভিডিঅ’ত জাহাংগীৰপুৰীত সংঘৰ্ষৰ সময়ত নীলা চাৰ্ট পিন্ধা এজন ব্যক্তিয়ে গুলীচালনা কৰা দেখা গৈছিল৷ আৰক্ষী উপ-আয়ুক্ত (উত্তৰ-পশ্চিম) উষা ৰংনানীয়ে কয় যে দিল্লী আৰক্ষীৰ এটা দলে চিডি পাৰ্ক ৰোডত থকা সন্দেহজনক ব্যক্তিজনৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰিবলৈ গৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ দলটোলৈ ওলোটাই শিল নিক্ষেপ কৰে। এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। অভিযুক্ৰ পৰিয়ালৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জৰিত থকা মুঠ ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত দুটি কিশোৰো আছে।


উল্লেখ্য কেৱল দিল্লীতে নহয়, হনুমান জয়ন্তীৰ দিনা উত্তৰাখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক হিংসাৰ খবৰ পোৱা গৈছে৷ ইয়াৰ আগতে ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়তো মধ্য প্ৰদেশ আৰু পশ্চিম বংগত সংঘৰ্ষ হৈছিল। জাহাংগীৰপুৰীৰ আক্ৰমণত কেইবাজনো আৰক্ষীৰ লোকৰ লগতে আন সাধাৰণ লোকো আহত হৈছিল।

ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা পাঁচটাকৈ মিছাইলৰ আঘাতত বিধ্বস্ত ইউক্ৰেইনৰ ললিভ চহৰ

ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা পাঁচটাকৈ মিছাইলৰ আঘাতত বিধ্বস্ত ইউক্ৰেইনৰ ললিভ চহৰবন্দৰ নগৰী মাৰিঅ’পোলৰ পৰা ৰাছিয়াৰ সেনাই ধৰি লৈ গ’ল ১৫০টি শিশু দিন বাগৰাৰ লগে লগে অধিক ৰক্তক্ষয়ী হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ খন। আগ্ৰাসী ৰাছিয়াৰ সেনাই প্ৰায় প্ৰতিদিনেই ইউক্ৰেইনৰ নতুন নতুন অঞ্চল দখল কৰি গৈছে। দেশ খনৰ ৰাজধানী চহৰ কিয়েভ দখল কৰিবলৈ ৰাছিয়াৰ সেনাই আপ্ৰাণ চেষ্টা চলাই গৈছে যদিও সফল হ’ব পৰা নাই। ইয়াৰ মাজতে শেহতীয়াকৈ ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ পশ্চিম অংশত অৱস্থিত গুৰুত্বপূৰ্ণ চহৰ ললিভত পাঁচটাকৈ বিধ্বংসী মিছাইল নিক্ষেপ কৰিছে।লভিভৰ মেয়ৰ এন্দ্ৰি চাডোভিয়ে ফেচবুকত এই বিষয়ে উল্লেখ কৰি কয় যে চহৰখনত পাঁচটা মিছাইলে আঘাত কৰিছে ফলত বিস্তৰ ক্ষতিসাধন হৈছে।লভিভ চহৰখনক তুলনামূলকভাৱে সুৰক্ষিত আশ্ৰয়স্থল বুলি গণ্য কৰা হৈছিল। এই অঞ্চলটোত ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিব বুলিও বহু ভবা নাছিল।ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ আন এখন অতি গুৰুত্বপূৰ্ণ চহৰ মাৰিয়পোল নিজৰ দখললৈ নিয়া বুলি দাবী কৰিছে।মাৰিয়পোল চহৰৰ বিভিন্ন স্থানত ৰাছিয়াৰ সেনাই কেইবাদিনো ধৰি বোমাবর্ষণ অব্যাহত ৰাখিছিল। বন্দৰ নগৰী মাৰিঅ’পোলৰ পৰা ৰাছিয়াৰ বাহিনীয়ে ১৫০টি শিশুক ধৰি লৈ যোৱাৰ অভিযোগ উঠিছে। এই অভিযোগ আনিছে দেশখনৰ এটি মানৱ অধিকাৰ বিষয়ক সংস্থাই।ক্ৰিমিয়ান হিউমেন ৰাইটছ নামৰ সংস্থাটোৱে দাবী কৰিছে যে ৰাছিয়াৰ বাহিনীয়ে এই শিশুসকলক বলপূৰ্বক তুলি লৈ গৈছে।মাৰিঅ’পোলৰ মেয়ৰৰ উপদেষ্টা পেট্ৰ’ এন্দ্ৰিউছচেংকোৱে কয় যে বহু শিশুক হাস্পাতালৰ পৰা তুলি লৈ যোৱা হৈছে।

সিহঁত কোনোৱে অনাথ নহয়।শিশুসকলক পূৰ্বাঞ্চলৰ ডেনটেস্ক অঞ্চল তথা ৰাছিয়ান চহৰ তাগানৰোগলৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে।আজি কিয়েভৰ সমীপৱৰ্তী ডিনিপ্ৰো নদীৰ ওচৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। দেওবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ সেনাৰ আক্ৰমণত উত্তৰ-পূবৰ খাৰকিভ চহৰত যোৱা চাৰি দিনত ১৮ জন লোক নিহত আৰু ১০০ ৰো অধিক লোক আহত হৈছে।

চাপৰ শালকোছাত ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়া বুঢ়ী মহোৎসৱ উদযাপন

ধুবুৰী জিলাৰ চাপৰৰ শালকোচাৰ হাপাপাৰাস্থিত শ্ৰী শ্ৰী বুঢ়া-বুঢ়ী মহোৎসৱ উদযাপন হয়। আনুমানিক প্ৰায় দুই শ বছৰৰ আগৰে পৰা এই মহোৎসৱ উদযাপন হৈ আহিছে। প্ৰতিবছৰে ব’হাগ মাহৰ চাৰি তাৰিখে এই উৎসৱ পালন কৰা দেখা যায়। বিশেষকৈ লক্ষ্যনীয় বিষয় হ’ল প্ৰকাণ্ড শিল এটাত খোদিত গাতত ১০৮ টা গাইৰ গাখীৰ অৰ্পন কৰি পূজা অৰ্চনা কৰা হয়। দূৰ দূৰণীৰ পৰা হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজে উপস্থিত হৈ গাখীৰ অৰ্পন কৰি পূজা অৰ্চনা কৰা দেখা যায়।প্ৰবাত আছে যে শালকোচা হাপাপৰা গাওঁৰ পূৱ সীমান্তত ত্ৰানকৰ্তা স্বৰূপে অৱস্থিত পাহাৰ এখনত উত্তৰ সীমাত থকা এটা প্ৰকাণ্ড শিলত কিছুমান খোদিত গাতত ভক্ত প্ৰাণ ৰাইজে গাখীৰ অৰ্পন কৰে। যুগ যুগ ধৰি চলি অহা এই পূজাৰ সময়ত বুঢ়া বুঢ়ীৰ থানাত এক অদ্ভুত নিদৰ্শন দেখিবলৈ পোৱা যায় বুলি জানিব পৰা যায়।ভক্ত প্ৰাণ ৰাইজে জানিব দিয়া মতে এটা শঙ্ক, এটা মাছ, এটা কলহ, এটা ঘোঁৰা, এটা হাতী, আৰু শিলাখণ্ডৰ ওপৰত পাশা খেলৰ চিন দেখা যায়।

ভক্ত প্ৰাণ ৰাইজে জানিব দিয়া মতে এটা শঙ্ক, এটা মাছ, এটা কলহ, এটা ঘোঁৰা, এটা হাতী, আৰু শিলাখণ্ডৰ ওপৰত পাশা খেলৰ চিন দেখা যায়।বুঢ়া-বুঢ়ীক সাধাৰণতে শিৱ পাৰ্বতী ৰূপে পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি যিকোনো ব্যক্তিয়ে পৱিত্ৰ অন্তৰৰে দুধ, কল, মাহ- প্ৰসাদ, ধূপ চাকি জ্বলাই মানস কৰিলে পূৰ্ণ ফল পোৱা যায়।

বিশ্বনাথৰ মধুপুৰত চোৰে চাহ,অমলেট আৰু মুৰি খাই চাফাই অভিযান চলালে

বিশ্বনাথ চাৰিআলিৰ মধুপুৰত নিশা চোৰৰ তাণ্ডৱ।বিহুৰ আনন্দ উল্লাসৰ মাজত ঘৰত কোনো নথকাৰ সুজোগ লৈ নিশা চোৰে চলাই চাফাই অভিযান।বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় ফ্লৰেন্স একাডেমীৰ স্বত্বাধিকাৰীৰ ঘৰত চোৰে লকাৰ ভাঙি প্ৰায় নগদ ২০,০০০ টকা আৰু সোন ৰূপৰ আ অলংকাৰ চোৰ কৰাৰ লগতে আন বহু মূল্যৱান সা সামগ্ৰী চোৰে লৈ যায়।উল্লেখ্য যে চোৰে ইমানতে শান্ত নাথাকি পাকঘৰত সোমাই চাহ অমলেট মুৰি খাই চোৰে চলাই চাফাই অভিযান । আৰু পুৱা ভাগত ঘৰৰ গৃহস্থ আহি উপস্থিত হোৱাত পৰিলক্ষিত হয় সমগ্ৰ ঘটনা ।ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে উক্ত ঘৰখনত ।

কিন্তু ,বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বিহু উপলক্ষে নিশা কোনো নথকাৰ সুযোগ লৈ চোৰে চলোৱা চাফাই অভিযানক কেন্দ্ৰ কৰি এতিয়া বিশ্বনাথ বাসীক সংকিত কৰি তুলিছে।