Home Blog Page 2497

ছচিয়েল মিডিয়াত ধুমুহা! আহোম পোছাকত নিশিতা গোস্বামী…

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে সুকীয়া পোছাক আছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সুকীয়া কলা-কৃষ্টি থকাৰ লগতে বিশেষ সাজপাৰো আছে। টাই আহোমসকলৰ পোছাকত অসমৰ যুৱতীসকলক অপূৰ্ব দেখা যায়। অতীজৰে পৰা নিজৰ ঐতিহ্য তথা পৰম্পৰা ধৰি ৰখাৰ বাবে নিজৰ পোছাক পৰিধান কৰি আহিছে আহোম ৰমণীসকলে। শেহতীয়াভাবে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে আহোম পোছাক পৰিধান কৰি আপলোড কৰে ফটো।

ফটোখনৰ কেপচনত নিশিতাই লিখিছে-এই যে বৰ অসমখনৰ ভেঁটি গঢ়ি থৈ গৈছিল আহোম সকলে , কিমান ধুনীয়া আছিল তেওঁলোকৰ সাজ-সজ্জা । গাত লৈ কিবা যেন এক অনাবিল আনন্দ পোৱা যায় । সেই ৰাজকীয় , পৰম্পৰাগত, ঐতিহ্য বহনকাৰী কাপোৰযোৰ মেৰিয়াই লৈ কিছু মূহুৰ্ত সাঁচি ৰাখিলোঁ।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সামাজিক মাধ্যমত এক্টিভ থাকে। বিভিন্ন স্থান ভ্ৰমণ, ফটো আৰু নিজৰ সাংস্কৃতিক আৰু প্ৰমচনেল কাম-কাজৰ তথ্য প্ৰচাৰ কৰে অনুৰাগীৰ মাজত। ইয়াৰ লগতে সামাজিক বিষয়সমূহৰ ওপৰতো নিজৰ মতামত দাঙি ধৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

বিহুত ব্যৱহাৰ কৰিব নোৱাৰিব পাৱাৰ লুমৰ গামোচাঃ মুখ্যমন্ত্ৰী

প্ৰতিশ্ৰুতি অনুসৰি সোমবাৰে ৰাজ্যৰ ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে। ৭ বিহুৰ ভিতৰত অনুষ্ঠিত হোৱা ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু উদযাপন সন্মিলনীসমূহক ডেৰ লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। সোমবাৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰে বিহু সমতিসমূহক। চেক প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, বিহুত পাৱাৰ লুমৰ গামোছা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে বিহুৰ সমিতিসমূহে অতিথি আপ্যায়নত লাড়ু-পিঠা ব্যৱহাৰ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

বিহু পতাৰ এমাহ আগৰ পৰা এটা হুচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।আনহাতে মন্ত্ৰী বিমল বড়াই সাত বিহুৰ ভিতৰতে বিহু উদ্‌যাপন কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে আজিৰ অনুষ্ঠআনত গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী, চান্দমাৰী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, বাইহাটাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী, ভূৰাপাৰা ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে চেক।

ফ্লেট কিনিব নেকি? বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য…

ব’হাগ বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য। এটা ফ্লেটৰ প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ দাম বাঢ়িল অসমত। অসম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে। নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলতে নিৰ্মাণ খণ্ডৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে বুলি শৰ্মাই সংবাদমেলত প্ৰকাশ কৰি ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ বাহিৰে অন্য বিকল্প নোহোৱা হৈ পৰিছে বুলি কয়।

তেওঁ আৰু কয় যে আচলতে ২০২০ চনৰ পৰাই প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ নিৰ্মাণ খৰচ বৃদ্ধি হৈছে। নিৰ্মাণত ব্যাৱহাৰ হোৱা ৰড, ইটা আৰু চিমেণ্ট আদিৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পোৱাৰ ফলত বৰ্তমান সময়ত বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ প্ৰায় হৈ পৰিছে বুলিও সংবাদমেলত শৰ্মাই কাৰণ দৰ্শাই। শৰ্মাই জনায় যে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ১৯ বিধ সামগ্ৰীৰ দাম যোৱা দুই-আঢ়ৈ বছৰত ধাৰাবাহিকভাৱে বাঢ়ি আছে আৰু নিৰ্মাতাসকলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। এনে অৱস্থাত যোৱা ২৬ মাৰ্চত সংস্থাৰ জৰুৰী সাধাৰণ বৈঠকত সকলো ফ্লেটৰ মূল্য ২০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।

ৰণগৌড়াৰ হাতত ধৰি BTRত খোপনি দৃঢ় কৰিছে বিজেপিয়ে!

আকৌ প্ৰাসংগিক হৈ উঠিছে বিজেপিৰে মিত্ৰতা কৰা আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ৷ বিটিআৰত শক্তিশালী হোৱাৰ দিশে ধাৱমান বিজেপি ৷ BPF, AGPৰ দৰে একে দশা হ’ব নেকি UPPLৰো? UPPLৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এই প্ৰশ্নটো প্ৰাসংগিক কৰিছে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটে ৷ ২০০১চনত প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা কৰাৰ সময়ত অসমত অস্তিত্ব নাছিল বিজেপিৰ ৷ আৰু বৰ্তমান বিজেপি অবিহনে গতি নাই আঞ্চলিক দল অসম গণ পৰিষদৰ ৷ বিজেপিৰ সবল নেটৱৰ্ক ৰাজনৈতিক কৌশলত ভৰি দিয়া অগপৰ এসময়ৰ বাঘা বাঘা নেতাৰে ভৰি পৰিল বিজেপি ৷ এসময়ত দিছপুৰৰ মচনদ দখল কৰা এতিয়া অগপৰ বিধায়কৰ সংখ্যা মাত্ৰ ৯জন ৷ অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত ৷ জন্মু কাশ্মীৰ ,লাডাখতো অস্তিত্বহীন বিজেপি এতিয়া ডাঙৰ ফেক্টৰ ৷ ১৯৯৯ত ২৯জন সাংসদ থকা কিং মেকাৰ তেলেগু দেশম পাৰ্টী অস্তিত্বৰ সংকটত , হাৰিয়ানাত INLD অস্তিত্বৰ সংকটত,অস্তিত্বৰ সংকটত ঝাৰখণ্ড মুক্তি মৰ্চাও,বিজেপিৰ গ্ৰাসত ছিক্কিম ডেম’ক্ৰেটিক ফ্ৰণ্ট বিজেপিৰ গ্ৰাসত NPF ৷ একেদৰে অগপ,বিপিএফকো বিজেপিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে ৷ 

শেহতীয়াকৈ বিজেপিৰ গ্ৰাসত UPPL ৷ UPPLএ নামত ৰণ গৌড়া নাৰ্জাৰীৰ দৰে এজন প্ৰভাৱশালী বড়ো নেতা তথা  ABSUৰ প্ৰাক্তন সভাপতিক ৰাজ্যসভালৈ পঠিওৱাটো বড়ো ৰাজনীতি‌ৰ বাবে এক turning point যদিও ২০০১ত বিজেপিয়ে AGPৰ সৈতে মিত্ৰতা কৰাৰ পিছত AGPৰ এতিয়াৰ অৱস্থা সকলোৰে চকুৰ আগত। দেখাত Short term gain হিচাপে UPPL দলে এজন‌ ৰাজ্য সভাৰ সাংসদ পাইছে ঠিকেই কিন্তু long term gain হিচাপে বিজেপি বড়ো ৰাজনীতিৰ গভীৰতম কোণলৈ সোমাই গৈছে।‌  UPPLদলে AGP, BPF আদি দলবোৰৰ ইতিহাসলৈ চাই  নিজৰ ভালৰ বাবেই সতৰ্কতাৰে আগবঢ়া ভাল। অগপৰ নেতাৰে বিজেপি শক্তিশালী হোৱাৰ দৰে বিটিচিতো বিপিএফৰ নেতাৰ আমদানীৰে বিজেপি ইতিমধ্যেই শক্তিশালী হ’ল ৷ এসময়ৰ ফেক্টৰ বিপিএফ এতিয়া ধৰাশায়ী ৷ বিপিএফৰ বিধায়ক এতিয়া মাত্ৰ ৩জন ৷ এটা কথা ঠিক, বিজেপিৰ ফৰ্মুলা সফল ৷ পিছে এই ফৰ্মুলাক অনুধাৱন নকৰিলে অসমত আঞ্চলিক দল যে শূন্য হ’ব সেয়া নিশ্চিত ৷

ধুবুৰীত মুল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ প্ৰতিবাদ…

ধুবুৰী জিলা কংগ্রেছৰ উদ্যোগত আজি মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ  সাব্যস্ত কৰে ৷ পেট্ৰল,ডিজেল ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলা তত্ত্বাৱধায়ক ৰাজেশ কুমাৰ যোশীৰ উপস্থিতিত কংগ্ৰেছে মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উক্ত প্ৰতিবাদী কাৰ্য্যসুচিত অৰ্ধ শতাধিক কংগ্রেস সদস্য অংশগ্ৰহন কৰে। 

চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত  বিহু কৰ্মশালা…

কালিৰে পৰা চিলাপথাৰৰ খনামুখ যুৱক সংঘৰ প্ৰাঙ্গনত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ  হৈছে দহদিনীয়া বিহু কৰ্মশালা । অহা ১২ এপ্ৰিললৈকে চলিৱ লগীয়া বিহু নাচ, বিহুনাম আৰু ঢোল, পেঁপা বাদনৰ কৰ্মশালাখনত বিভিন্ন স্থানৰ প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাখনত বিহুনাচৰ প্ৰশিক্ষক হিচাপে ২০১২ বর্ষৰ dy বিহুৰাণী মণিকাঞ্চন কোঁৱৰ , ঢোলৰ প্ৰশিক্ষক হিচাপে বিশিষ্ট ঢুলীয়া দীপক গগৈ , ভবেশ গগৈ আৰু পেঁপা বাদনৰ প্ৰশিক্ষক হিচাপে সঞ্জীৱ ৰাজকোঁৱৰে অংশগ্ৰহণ কৰিছে ।

কৰ্মশালাখন উদ্বোধন কৰে চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিপিন ৰাজখোৱাই । অনুষ্ঠানত অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাস, সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰ, অধ্যাপিকা ৰেণু বৰাকে ধৰি বহুতো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । 

হাজোৰ কুলহাটীত ৰাষ্ট্ৰীয় পোষন পষেক ২০২২ উদযাপন…

ৰক্তহীনতা,পুষ্টিহীনতা নিৰ্মূলাৰ্থে সজাগতা সৃষ্টিৰ বাতাবৰণ । যোগাভাষ,পৰিষ্কাৰ পৰিছণ্ণতাৰ সেউজী সংকল্পৰে এখন সুস্থ সমাজত প্ৰতিগৰাকী শিশুকে সু নাগৰিকৰূপে গঢ় দিয়াৰ লক্ষ্যৰে আজি হাজোৰ কুলহাটীত ৰাষ্ট্ৰীয় পোষন পষেক ২০২২ ” পালন কৰা হ’য় ।পোষন ট্ৰেকাৰৰ জড়িয়তে ০-৫ বছৰৰ শিশুৰ উচ্চতা ,ওজন মাপৰ এক পোষেক যোৰা কাৰ্যসূচীৰে আধুনিক পৰম্পৰাগত অভ্যাসৰ দ্বাৰা এখনি শক্তিশালী সমাজ গঢ়াৰ গুৰুত্বৰে পুষ্টিহীনতা দূৰ কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ লক্ষ্যৰে আজিসমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হাজো সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সম্পণ্ণ হোৱা এই অনুষ্ঠানটোত পোষন পষেক উপলক্ষে সজাগতামূলক গীত , অভিনয় শৈলী আৰু নাম প্ৰসংগ পৰিৱেশনৰ যোগেদি পোষণ পষেক উদযাপনৰ শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ।

কাৰ্যসূচীত পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা, আইৰন সেৱন,প্ৰেৰণ সেৱা আদি বিভিণ্ণ বিষয়ৰ ওপৰত গৰ্ভৱতী শিশু প্ৰসূতি মাতৃসকলক সজাগ কৰাৰ লগতে পৰিপুৰক পুষ্টিকৰ খাদ্যভাস সম্পৰ্কে তৃণমূল পৰ্যায়ত লৱলগীয়া যতন সন্দৰ্ভত বক্তব্য দাঙি ধৰে।অনুষ্ঠানটোত শিশুসকল আৰু মাতৃসকলৰ পৰিপুষ্টি আহাৰৰ নিদৰ্শন ৰূপে ভিন্ন প্ৰকাৰৰ তিতা মিঠা কেহা ফল-মূল,সেউজীয়া শাক-পাচলি,কণী,আইৰন টেবলেট আদি সজাই পৰাই ৰখাওঁ পৰিলক্ষিত হৈছে।সজাগতামূলক সভাখনত উপস্থিত থাকে হাজো সংহত  শিশু উন্নয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমান,মুখ্য সেৱিকাবৃন্দ ক্ৰমে চাৰ্য ঠাকুৰীয়া,ৰূপালী হাজৰিকা,সংগীতা তাঁতী,টি কবিতা দেৱী,নিলুফাৰ ইয়াছমিন,বিশিষ্ট শিক্ষয়ত্ৰী ৰিনা প্ৰভা মালাকৰ,সমাজ সেৱিকা পুতুলী মহন্ত,নিৰডা বায়নকে   প্ৰমূখ্য কৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ প্ৰায় শতাধিক কৰ্মী সহায়িকা,স্বাস্থ্য কৰ্মী তথা অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে ।

দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ…

প্ৰতি বছৰে গ্ৰেমীয়ে যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰে সংগীত শিল্পী, গীতিকাৰ তথা মিউজিক এলবামসমূহক। ১৯৫৯ চনৰ পৰা প্ৰত্যেক বছঠৰেই অনুষ্ঠিত হৈ আহিছে এই গ্ৰেমী এৱাৰ্ডছ। এই বৰ্ষৰ গ্ৰেমী এৱাৰ্ড প্ৰদান অনুষ্ঠান প্ৰথমে অনুষ্ঠিত হোৱাৰ কথা আছিল ৩১ জানুৱাৰীত। কিন্তু আন বহু অনুষ্ঠানৰ দৰেই কৰোণা ভাইৰাছৰ অমিক্ৰন প্ৰজাতিৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল। সেয়েহে আমেৰিকাৰ নেভাডাৰ লাছ ভেগাছৰ এমজিএম গ্ৰেণ্ড গাৰ্ডেন এৰেনাত অনুষ্ঠিত হৈছিল ৬৪সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এই ঠাইত অনুষ্ঠিত হৈছিল গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। ভাৰতবাসীক গৌৰৱান্বিত কৰি দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় কৰিলে ভাৰতীয় সুৰকাৰ ৰিকি কেজে। ‘ডিভাইন টাইডছ’ নামৰ মিউজিক এলবাম খনৰ বাবে ৰিকি কেজলৈ আগবঢ়োৱা হল গ্ৰেমী।

একেদৰে গ্ৰেমীৰ ৫টাকৈ বঁটা লাভ মাৰ্কিন গায়ক জন বাটিষ্টৰ। মাৰ্কিন গায়িকা তথা অভিনেত্ৰী অলিভিয়া ৰ’ড্ৰিগে লাভ কৰিলে ৩টাকৈ বঁটা। বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল অলিভিয়া। কম বয়সীয়া তথা নৱাগতা অলিভিয়াৰ বঁটা লাভৰ বিষয়টোৱে আন বহু ন ন শিল্পীৰ মনত বোৱালে উত্সাহৰ নতুন সুঁতি। একেদৰে গায়ক ব্ৰুনো মাৰ্চ আৰু ৰেপাৰ, গায়ক এণ্ডাৰছনক লৈ গঠিত সংগীত যুটি চিল্ক চনিক”ৰ বাবে ৰেকৰ্ড অফ দা ইয়েৰ আৰু ছং অফ দা ইয়েৰ শ্ৰেণীত আগবঢ়োৱা হয় গ্ৰেমী বঁটা। ভাৰতৰ পৰা এ আৰ ৰহমানেও গ্ৰেমীত ভাগ লবলৈ উপস্থিত হয়গৈ আমেৰিকাত। আৰু এইদৰেই সমাপন হৈ যায় আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

“ফুলতকৈও কোমল মোৰ হৃদয় কিন্তু বজ্ৰতকৈও কঠিন মোৰ হৃদয়”- ভাস্কৰ জ্যোতি মহন্ত

“ফুলতকৈও কোমল মোৰ হৃদয় , কিন্তু বজ্ৰতকৈও কঠিন মোৰ হৃদয় ।  যেতিয়া সমাজৰ দুস্কৃতিকাৰীৰ কথা আমি পাতো , যেতিয়া সমাজ খন ভিন্ন ভিন্ন কৰিবলৈ সজু হোৱা মানুহৰ কথা আমি পাতো , যেতিয়া আমি ড্ৰাগছ বা মাদক দ্ৰব্য আদিৰ অৰ্থাৎ যাৰ দ্বাৰা এটা প্ৰজন্ম শেষ হ’বলৈ আগ বাঢ়ে তেনেকুৱা কামত লিপ্ত হোৱা বা কাম কৰা সকলৰ বাবে আমি বজ্ৰতকৈও কঠিন হও । মহিলাক নিস্পেষন কৰা, সৰু ল’ৰা ছোৱালীক অত্যাচাৰ কৰা আদি এনেকুৱা ধৰণৰ প্ৰবনতাক আমি কঠোৰ হাতেৰে মষিমূৰ কৰিবলৈ চেষ্টা কৰিম । গতিকে এই ক্ষেত্ৰত আমি আইনৰ গান্দিত থাকি আমি যিমান ষ্ট্ৰোং ব্যৱস্থা লব লাগে আমি লম । আমি সাধাৰন মানুহৰ বাবে , মহিলাৰ বাবে, শিশুৰ বাবে আমি ফুলতকৈও কোমল ।আমি তেওঁলোকক আকোঁৱালি লৈ যিমান ভালদৰে ৰাখিবলৈ পাৰি সিমান ভালকৈ ৰাখিবলৈ চেষ্টা কৰিম ।”” আজি লক্ষীপুৰত উপস্থিত হৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই লক্ষীপুৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি এই মন্তব্যৰে অসম আৰক্ষী   অপৰাধাৰ ক্ষেত্ৰত আপোচ নকৰে বুলি  অনুষ্টুপীয়াকৈ অনুষ্ঠিত সভাত  দৃঢ় ভাবে ব্যক্ত কৰে  ।      

উল্লেখ্য যে  মৈত্রী আঁচনিৰ জৰিয়তে ১ কোটি ৫৮ লাখ উনচল্লিছ হাজাৰ ৬১৬ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল নৱ নিৰ্মিত ভৱনটো। আজি এই নৱনিৰ্মিত ভৱনটো উল্লিখিত সঞ্চালক প্ৰধান গৰাকীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাক্ মূহূর্তত সঞ্চালক প্ৰধান গৰাকীক উষ্ম সম্ভাষণ জনােৱা হয় । শুভ উদ্বোধনী অনুষ্ঠানত পশ্চিম সংমণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক দিলীপ কুমাৰ দে,  পদ্মশ্ৰী বীৰু বালা ৰাভা,এ পি ডি চি এল ৰ সঞ্চালক ডঃ প্ৰকাশ কাশ্যপ, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী  উপস্থিত থাকে। ইপিনে বৃহত্তৰ লক্ষীপুৰৰ ভৌগোলিক পৰিবেশৰ প্ৰতি লক্ষ্য কৰি মহকুমা আৰক্ষী থানা লৈ উন্নীত কৰাৰ পোষকতা কৰে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । এই অনুষ্ঠানৰ শলাগৰ সৰাই আগবঢ়ায় অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই । অনুষ্ঠানত উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা , লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগুকে ধৰি ভালেমান বিশিষ্ট আৰক্ষী বিষয়াকে লোক উপস্থিত থাকে । উল্লেখ্য যে সঞ্চালক প্ৰধান গৰাকীয়ে গোৱালপাৰা আৰক্ষীৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰে তেওঁৰ ভাষন প্ৰসঙ্গৰে ।

মাধমাৰ! দেশৰ ঔষধ জগততো বলিব ৰিলায়েন্সৰ ধুমুহা…

এটা এটাকৈ দেশৰ বহু কেইটা উদ্যোগ দখল কৰি গৈছে ৰিলায়েন্সে। এইবাৰ দেশৰ ঔষধ জগততো বলিব ৰিলায়েন্সৰ ধুমুহা। এই ধুমুহাত দেশৰ সৰু বৰ ঔষধ উদ্যোগ ধূলিস্যাত্ হৈ যোৱাৰ আশংকা। অসমৰ ঔষধ উদ্যোগতো সাম্ৰাজ্য গঢ়াৰ লক্ষ্য পুঁজিপতি গোষ্ঠীৰ। কোনে বাৰু পাহৰিব পাৰিব ২০১৬ চনৰ কথা? কি দৰে মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গোষ্ঠীয়ে দেশত আৰম্ভ কৰিছিল ফ্ৰী ইণ্টাৰনেট সেৱা। কেনেকৈ অভিষেক ঘটিছিল Jio Telecomৰ? এটা বছৰ দেশবাসীক ফ্ৰি ইণ্টাৰনেট সেৱা দিয়াৰ ফলত দেশত অৰ্থনৈতিক ভাৱে কামিহাড় ভাঙি গৈছিল আন সকলো টেলিকম সেৱাৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পালোঁ যে কিদৰে Jio টেলিকমে বৃদ্ধি কৰিছিল সেৱাৰ নিৰিখ, যাৰ সাক্ষী হৈ ৰ’লো আপুনি, মই আৰু আমি সকলো। এইবাৰ দেশৰ ঔষধ জগতত জাল পেলাবলৈ মহাপ্ৰস্তুতি ৰিলায়েন্সৰ।

ইটোৰ পাছত দেশৰ আনটো উদ্যোগ দখল কৰাৰ পাছত, এইবাৰ ৰিলায়েন্সৰ চকু দেশৰ ঔষধৰ জগতৰ ওপৰত। দেশত ঔষধৰ বজাৰ দখল কৰিবলৈ ইতিমধ্যে নামি গৈছে ৰিলায়েন্সৰ প্ৰতিনিধি সকল। ইতিমধ্যে অসমতো নামি গৈছে তেওঁলোক, সেই উদ্দেশ্যেৰে ৰাজ্যৰ সৰু-বৰ ফাৰ্মাচী সমূহক লক্ষ্য কৰি লৈছে বণিক গোষ্ঠীটোৱে, ফাৰ্মাচী সমূহক ঔষধ যোগান ধৰাৰ বাবদ ২৮-৩০ শতাংশ লাভৰ আশা দেখুৱাইছে। যাৰ তুলনাত অন্য সৰু-বৰ ঔষধৰ কোম্পানী অথবা ডিলাৰ সমূহে ৰাজ্য তথা দেশৰ ফাৰ্মাচীৰ গৰাকী সমূহক দি আছিল ১৬ৰ পৰা ২০ শতাংশ লাভহে। যিহেতু ব্যৱসায়ী এজনে য’ত বেছি লাভ হয় তাতে ব্যৱসায় কৰে, সেয়ে ৰিলায়েন্স কোম্পানী নিজৰ ব্যৱসায়িক অভিসন্ধিত সফল হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। গুৰুত্বৰ কথা এই যে, বণিক গোষ্ঠীটোৰ এই ব্যৱসায়িক জালত স্বাভাৱিকতে হয়তো কম সময়ৰ ভিতৰতে দেশত নোহোৱা হৈ যাব ঔষধৰ বেছি ভাগ সৰু বৰ কোম্পানী তথা ডিলাৰ সমূহ।

ইতিমধ্যে ফাৰ্মাচী ডিলাৰ এছ’চিয়েছনৰ মতে ২০১৬ চনত যিদৰে জিঅ’এ ফ্ৰি ইণ্টাৰনেট সেৱা আগবঢ়াই পৰৱৰ্তী পৰ্যায়ত সেই সেৱাত মাচুল লগাই দিছিল, ঠিক সেই পদ্ধতিৰে এইবাৰ ঔষধৰ বজাৰ দখল কৰিবলৈ অগ্ৰসৰ হৈছে ৰিলায়েন্স গোষ্ঠী। লগতে তেওঁলোকৰ এই জালত কোনোপধ্যেই নপৰে বুলিয়ো স্পষ্ট কৰি দিয়ে ডিলাৰ এছ’চিয়েছনৰ প্ৰতিনিধিয়ে। কোটি কোটি টকা জেপত লৈ দেশৰ ঔষধৰ বজাৰ দখল কৰাৰ উদেশ্যৰে এটা ডাঙৰ মাষ্টাৰ প্লেনৰ সৈতে বজাৰত নামিছে মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গোষ্ঠী। ৰিলায়েন্সৰ এই ধুমুহাত কিমান দিনলৈ তিষ্ঠি থাকিব পাৰিব দেশৰ সৰু-বৰ ঔষধৰ কোম্পানী সমূহ? লগতে ঔষধৰ যোগান লাভ কৰাৰ বিনিময়ত কিমান দিনলৈ লাভৰ এই মায়াজালৰ পৰা আঁতৰি থাকিব পাৰিব ফাৰ্মাচীৰ মালিকসকল? সময়েহে এই সকলো কথাৰ উত্তৰ দিব।