Home Blog Page 2514

যদি ইমৰান খান এতিয়া প্ৰধানমন্ত্ৰী নহয় তেন্তে পৰৱৰ্তী সময়ত কি হ’ব?

পাকিস্তানৰ নেচনেল এচেম্বলীত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন হোৱাৰ পিছত, বিৰোধী দলবোৰে সংখ্যাগত অগ্ৰগতি লাভ কৰিছে। কোৱা হৈছে যে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পিছত ইমৰান খানে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব লগা হ’ব পাৰে। দেওবাৰে নেচনেল এচেম্বলীৰ ৩৪২ আসনৰ নিম্ন সদনে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান কৰিব। যদি কমেও ১৭২ জন সদস্যই ইমৰান খানৰ বিৰুদ্ধে ভোট দিয়ে, তেওঁলোকে প্ৰধানমন্ত্ৰী এৰিব লাগিব। নেচনেল এচেম্বলীৰ সদস্যসকলে ইমৰান খানৰ বিৰুদ্ধে বিৰোধী দলসমূহে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান কৰিব।ভোটদান আৰম্ভ হোৱাৰ আগতে, নেচনেল এচেম্বলীৰ অধ্যক্ষই সংসদ ভৱনত পাঁচ মিনিটৰ বাবে ঘণ্টা বজাব যাতে সদনৰ বাহিৰত বা সংসদ ভৱনৰ কৰিডৰত থকা ৰাষ্ট্ৰীয় সভাৰ সদস্যসকল সদনলৈ আহিব। তাৰ পিছত সদনৰ দুৱাৰ বন্ধ কৰা হ’ব।অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান সম্পূৰ্ণ নোহোৱালৈকে কাকো নেচনেল এচেম্বলীত প্ৰৱেশ বা বাহিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ, নেচনেল এচেম্বলীৰ অধ্যক্ষই সদনত অনাস্থা প্ৰস্তাৱ পঢ়ি শুনাব আৰু নেচনেল এচেম্বলীৰ সদস্যসকলক সুধিব যে প্ৰস্তাৱৰ পক্ষত থকা সদস্যসকলে এখন চাইড গেলেৰীলৈ যাব লাগে য’ত নেচনেল এচেম্বলীৰ কৰ্মচাৰীসকলে এই সদস্যসকল উপস্থিত থাকিব।অধ্যক্ষই পুনৰ ঘণ্টা বজাই নিদিলে, নেচনেল এচেম্বলীৰ সদস্যসকল সদনলৈ উভতি নাহে। তাৰ পিছত, গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত, বক্তাই ইয়াক ঘোষণা কৰিব।প্ৰধানমন্ত্ৰী সফল হ’লে বা নহ’লে অনাস্থা প্ৰস্তাৱ ৰখাৰ ক্ষেত্ৰত অধ্যক্ষই ৰাষ্ট্ৰীয় বিধানসভাৰ নিয়ম ৩৮-ৰ অধীনত ৰাষ্ট্ৰপতিক অৱগত কৰিব।তদুপৰি, ৰাষ্ট্ৰীয় সভাৰ সচিবে চৰকাৰী গেজেটত অনাস্থা প্ৰস্তাৱৰ ফলাফল প্ৰকাশ কৰিব। পৰম্পৰা অনুসৰি, প্ৰক্ৰিয়াটোত দুইৰ পৰা তিনি দিন লাগিব পাৰে, যাৰ পিছত, ৰাষ্ট্ৰীয় সভাৰ অধিৱেশন পুনৰ আহ্বান কৰা হ’ব।

যদি অনাস্থা প্ৰস্তাৱ সফল হয়, ৰাষ্ট্ৰপতিয়ে নেচনেল এচেম্বলীৰ এখন অধিৱেশন আহ্বান কৰিব, য’ত সদনৰ নতুন নেতা নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউছুফ ৰজা গিলানিক আদালত অৱমাননাৰ গোচৰত অযোগ্য ঘোষণা কৰাৰ কেইঘণ্টামান পিছত সদনৰ নেতা নিৰ্বাচিত হয় আৰু ৰজা পাৰভেজ আশ্ৰাফ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।যদি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সফল হয়, সমগ্ৰ কেবিনেট ভংগ কৰা হয় আৰু তাৰ পিছত, প্ৰধানমন্ত্ৰীৰ বিশেষ সহায়ক জনে তেওঁৰ পদত অব্যাহত ৰাখিব নোৱাৰে।যদি অনাস্থা প্ৰস্তাৱ সফল হয়, প্ৰধানমন্ত্ৰীৰ ভিভিআইপি স্থিতিও সমাপ্ত হয়।

সিৰাজুউদ্দিন আজমল ইণ্টাৰনেচনেল দাদাল আখ্যা AJYCP

অসমীয়া ভাষা অপমানকাৰী সিৰাজুউদ্দিন আজমল ইণ্টাৰনেচনেল দাদাল আখ্যা AJYCP.

AIUDF COMPANY আৰু বদৰুদ্দিন আজমল আৰু সিৰাজুউদ্দিন আজমল বৰাক উপত্যকাত প্ৰৱেশ নিষিদ্ধ,

বৰাক উপত্যকাত প্ৰবেশ কৰিলে কলা পতাকাৰ সম্মুখীন হ’ব AIUDF COMPANY.

অসম আৰু অসমীয়া ভাষাৰ বিৰোধী সিৰাজুউদ্দিন আজমল অসমত থকাৰ নৈতিক অধিকাৰৰ নাই AJYCP কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰ।

নিম্ন মানণ্ডৰে ৰাস্তা নিৰ্মাণ হোৱাত ৰাইজ ক্ষুব্ধ হৈ বন্ধ কৰিলে পথ নিৰ্মাণ কার্য।

মৰিয়নি বিধান সভা সমষ্টিৰ ৰাইজৰ যোগাযোগৰ লাইফলাইন স্বৰূপ ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ন অৱস্থাই দীৰ্ঘদিনে জনসাধাৰনক জীয়াতু ভূগাই আহিছে । বিগত মৰিয়নি সমষ্টিৰ উপ- নিৰ্বাচনৰ আগতে এই ধোদৰ আলিৰ নিৰ্মান কৰা হ’ব বুলি অসম চৰকাৰে ঘোষনা কৰিছিল।মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ধোদৰ আলিৰ চাৰি লেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ’ব বুলিও ঘোষনা কৰিছিল।যদিও চাৰি লেনৰ পৰিৱৰ্তে পথতো মেৰামতি কৰাৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাবধানত চলি থকা ধোদৰ আলিৰ নিৰ্মান কাৰ্য অতি নিম্নমাণ্ডৰ কৰি থকাৰ প্ৰত্যক্ষ কৰি আজি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।পথতোৰ নিৰ্মানত অনিয়ম সংঘটিত হৈ অহাৰ পিচতো বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহন নকৰাত আজি আজি আটছা মৰিয়নি শাখা,বীৰ লাচিত সেনা আৰু আছুৰ নকছাৰী আঞ্চলিক শাখাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজৰ যৌথ সিধান্ত মৰ্মে পথৰ নিৰ্মান কাৰ্য বন্ধ কৰি দিয়ে। উল্লেখ্য যে,মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলংৰ সমীপলৈকে ১৫ কিলমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মান কৰা ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবে নিৰ্মানৰ পাছতে পথচোৱাৰ ব্লেক টেপিং হাতেৰে চুলে এৰাই যোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁ‌জী দলঙলৈকে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই।এই আধাৰশিলা অনুষ্ঠানত যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু প্ৰদান বৰুৱাও এই কাৰ্য্যসূচীত উপস্থিত আছিল ।

ৰাজ্য চৰকাৰৰ এছ অ’ পি ডি ( জি ) আঁ‌চনিৰ অধীনত এই পথছোৱাৰ পুনৰ নিৰ্মান কৰা হ’ব বুলি লোকনিৰ্মান বিভাগে ঘোষনাও কৰিছিল । মৰিয়নি সমষ্টিবাসী ৰাইজৰ গুৰুত্বপূৰ্ণ এই পথটোৰ নিৰ্মাণক লৈ যে ৰাজ্য চৰকাৰে প্ৰকৃততে লৰা ধেমালিহে যে কৰি আছে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে । মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবেহে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিৰ নিৰ্মানৰ নামত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত সমষ্টিবাসী ৰাইজক কি উত্তৰ দিব সেয়াহে লক্ষনীয় হব।

মানিমুনি শাকৰ উপকাৰিতা

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷ বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷

এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

আৰম্ভ হ’ল পৱিত্ৰ ৰমজান

ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ পূণ্যময়ী আৰু পৱিত্ৰ ৰমজান মাহ। ৰমজানৰ বাবে বিশ্ব মুছলমান সকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতিক্ষাৰ অন্তত দয়া, কল্যাণ আৰু ক্ষমা’লৈ মুছলমান সকলৰ দুৱাৰডলিত আহি উপস্থিত হোৱাৰ ক্ষণ গণি থকা পূণ্যময়ী মাহ ৰমজানক আদৰিবলৈ বিশ্বৰ মুছলমান সকলে চলাইছে ব্যাপক প্ৰস্তুতি।বিশুদ্ধ মনেৰে ৰমজান মাহত বিভিন্ন ধৰণৰ এবাদত-বন্দেগী কৰিবলৈ ইতিমধ্যে সাজু হৈছে মুছলমান লোক সকল।পৱিত্ৰ ৰমজান মাহত মুছলমানসকলে ৰোজা পালন কৰিব।
দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলৰ পৰা আৰম্ভ ৰমজান মাহ। ইছলামিক ক্যালেন্ডাৰ অনুসৰি আৰবী বছৰৰ নৱম মাহ হৈছে ৰমজান।
ইছলামীক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ।

এই মাহত মুছলমান সকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে পাঁচ বাৰ নামাজ পঢ়া’কে ধৰি বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্ম কাৰ্য কৰিলে অন্য মাহৰ তুলনাত অনেক ধবেচি পূণ্য বা ছোৱাব পোৱা যায়। তাৰোপৰি ৰোজা পালন কাৰীৰ কাৰণে মহান আল্লাহে জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

নীলিম কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলন

কামৰূপ জিলা দিৱসৰ আজি তৃতীয় দিনা অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হয় আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁত ধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে৷ সন্মিলনখনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সঞ্চালক কুমাৰে কয় যে কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে৷

শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয়৷আনহাতে আজিৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ভাষণ প্ৰসংগত শ্ৰীকাৰ্তিকে এই ৱেব ছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এন আই চিক ধন্যবাদ জনায় আৰু এই ৱেব ছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতেও তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায়৷ আজিৰ কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে৷আনহাতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে৷

আনহাতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ।

আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

আমাৰ নিৰ্বাচনী ইছ্যু হব গুৱাহাটীৰ খোৱা পানীৰ সমস্যা

২০০৯ চনতে গুৱাহাটীৰ খোৱা পানী প্ৰকল্পৰ বাবে ৪টা কোম্পানীক দায়িত্ব দিছিল

সেই সময়ত উক্ত প্ৰকল্পৰ ৪০০ কোটিৰ বাজেট ধাৰ্য কৰিছিল

কিন্তু এতিয়া প্ৰকল্পৰ বাজেট ৮০০ কোটি টকালৈ বৃদ্ধি কৰিলে

২০২২ চনৰ জুনত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল

এতিয়ালৈ ৫০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই প্ৰকল্পৰ

উন্নয়ন মূলক কাম কাজৰ বিপৰীতে শাসকীয় পক্ষই সদায় জাত পাতৰ ৰাজনীতি কৰাৰ অভিযোগ

আমাৰ দলে যি কামৰ প্ৰতিশ্ৰুতি দিয়ে সেয়া কৰি দেখুৱাই

গুৱাহাটীত এক সংবাদমেল যোগে আপৰ ৰাজ্যিক নেতৃত্বই এবাৰ গুৱাহাটীক সেৱা কৰাৰ সুযোগ দিবলৈ আহ্বান জনাই

গোসাইগাঁৱত ইউ পি পি এল দলৰ জিলা কাৰ্যালয় শুভ উদ্বোধন

গোসাইগাও চহৰৰ টি পি ৰোডত ইউ পি পি এল দলৰ গোসাইগাও জিলা সমিতিৰ কাৰ্যালয় খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।২৮ নং গোসাইগাও বিধান সভা সমষ্টিৰ বিধায়কজিৰণ বসুমতাৰীয়ে কাৰ্যালয়খন উদ্ধোধন কৰি কয় যে পূৰ্বতে ভিতৰুৱা ঠাইত
কাৰ্যালয় থকাত আহ যাহ কৰাৰ ক্ষেত্ৰত দলীয় কৰ্মী সকলৰ অসুবিধা থকাত ৰাস্তাৰ কাষতে কাৰ্যালয়খন স্থাপন কৰা হৈছে বুলি কয়।বিজেপি আৰু ইউ পি পি এল দলৰ প্ৰতি ৰাইজৰ বিশ্বাসসমৰ্থন বৃদ্ধি পাইছে।ৰাজ্যসভাতো ইউ পি পি এল দলৰ পৰা সাংসদ জয়ী হৈছে বুলিও কয়।সভাত গোসাইগাও জিলা ইউ পি পি এল দলৰ সভাপতি অনিন্ধ বসুমতাৰীয়ে জিলা সমিতিৰ দায়িত্ব ভাৰ গ্ৰহন কৰিয়েই দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ চেষ্টা চলাই নতুন কৈ ব্লক সমিতি সমূহ গঠন কৰা হৈ আছে বুলি কয়।

অনুষ্ঠানত সাধাৰণ সম্পাদক আয়নাল হক আৰু উৎপল সৰেণ,বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী,কেন্দ্ৰীয় উপসভাপতি জিৰাণ বসুমতাৰী,সাংগঠনিক সম্পাদিকা মুৰ্শিদা বেগম,লোকনাথ নাৰ্জাৰী,ৰাজু নাৰ্জাৰী সহ বহু নেতৃবৃন্দ উপস্থিত থাকে।

এখন কাঠৰ দলঙে যমৰ – যাতনা দেখুৱাইছে মানকাচৰৰ ৰাইজক

সৱধান , ভয়ংকৰ , বিপদজনক এখন কাঠৰ দলং ।আমি দেখুৱাম এখন জোৰাজীৰ্ণ কাঠৰ দলং।ভয়ানক ভঙা এখন কাঠৰ দলংৰ জীয়া ছবি।মানকাচৰ বিধান সভা সমষ্টিৰ দলংখন চিৰা খোৱা কুটিৰ ঘাট সংযোগী এখন দলঙে দেখুৱাইছে উন্নয়ন ফোপোলা স্বৰূপ।উল্লেখযোগ্য যে মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱা একমাত্ৰ দলং।

দলং খন জৰাজীৰ্ণ হোৱাৰ কাৰণে স্থানীয় ৰাইজ অথবা ছাত্ৰ ছাত্ৰী সকলোৰ অহা যোৱা বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে । বিধায়ক আমিনুল ইছলামক আমছু কৰ্মকৰ্তা সকলে এক সপ্তাহত দলং খনৰ নিৰ্মান কৰি দিয়াৰ দাবী জনায় আৰু দলং খন নিৰ্মান নকৰিলে ভয়াৱহ আন্দোলন কৰিব বুলি জানিব দিয়ে।

ভাৰত বাংলাদেশ সীমান্তত অনুষ্ঠিত হ’ল কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰীয়া আজাদি কি অমৃত মহোৎসৱ অনুষ্ঠান।

ভাৰত ৰাষ্ট্ৰৰ ৰাজধানী নতুন দিল্লী অৰ্থাৎ শাসণাধিস্থ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ হোৱা উপলক্ষে শেহতীয়াকৈ সমগ্ৰ দেশ ব্যাপী উদযাপিত হৈ অহা “আজাদি কি অমৃত মহোৎসৱ “ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰ সংস্কৃতিক মন্ত্ৰণালয় সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ উদ্যোগত নামনি অসমৰ ধুবুৰী জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৰ গোলোকগঞ্জ অঞ্চলৰ বিষখোৱাত অনুষ্ঠিত হয় “সৰহদ কো স্বৰাঞ্জলি ” নামৰ এক বৃহৎ অনুষ্ঠান।প্রাপ্ত বাতৰিমতে চলিত কেইবাদিনো ধৰি নামনি অসমত নেৰানেপেৰা বৰষুণৰ মাজতো জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰা উক্ত কাৰ্যসূচী সমূহ “কাৰ্গিল পথাৰত” অনুষ্ঠিত হোৱা মূলতো জিতুল সোনোৱাল ,বিদ্যাসাগৰ, সীমান্ত শেখৰ ,মন্মথ বৰুৱা,ববিতা শৰ্মা,ত্ৰিবেণী মজুমদাৰ,শৰৎ ৰাগ আৰু জয় চক্ৰৱৰ্তী কে ধৰি কেইবাগৰাকী ৰাজ্য ৰ জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আৰু ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ- সংযোজন প্রদীপন ,দিল্লীৰ হনস ফাউণ্ডেচন ৰ সঞ্চালক বিকাশ বাৰ্মা ,অসম প্ৰকাশন পৰিষদ ৰ সঞ্চালক প্ৰমোদ কলিতা, যোগেন ৰায়,বিনীত ৰাৱাত ,নিখিল চন্দ্ৰ সৰকাৰ ,উপেন্দ্ৰ নাথ চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত তথ্য চিত্ৰ আৰু নাটকৰ লগতে জনসভাত অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ।