Home Blog Page 2549

সহস্ৰাধিক লোকৰ সমাগমত সম্পন্ন ফাইজুৰ ৰহমানৰ জানাজা

লাহৰীঘাটৰ দেৱাগুৰীৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ জানাজা সম্পন্ন।কেইবা সহস্ৰাধিক লোকৰ সমাগমত সম্পন্ন হয় ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলৰ জানাজা।দেৱাগুৰী হাইস্কুল খেল পথাৰত এক শোকাকুল পৰিবেশত সম্পন্ন হয় ছাত্ৰ গৰাকীৰ জানাজা।উল্লেখ্য যে,২৬ তাৰিখে ফাইজুৰৰ প্ৰেমিকা ৰাজানা আহমেদে ন-প্ৰেমিক আনিচুৰ ৰহমানৰ সৈতে মিলি প্ৰথমে অপৰহণ কৰি পিছত হত্যা কৰি পাতিদৈয়া দলঙৰ সমিপতে বিলত পেলাই থৈ গৈছিল ছাত্ৰজনক।নিৰুদ্দেশ হোৱাৰ দহ দিন পিছত কালি মৃতদেহটো উদ্ধাৰ হৈছিল।

মৰোণত্তৰ পৰীক্ষাৰ অন্তত আজি দেৱাগুৰী বাহগৃত অনাৰ লগে লগে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে।বিয়লি তিনি বজাত দেৱাগুৰী হাইস্কুল খেল পথাৰত কেইবা সহস্ৰাধিক লোকৰ সমাগম সম্পন্ন হয় ফাইজুৰ ৰহমানৰ জানাজা।

লখিমপুৰত গো-মাংসৰ চোৰাং বেহা,আটক তিনিজনক।

লখিমপুৰত গো মাংসৰ চোৰাং ৰমৰমীয়া বেহা,আটক তিনিজন।লখিমপুৰ জিলাৰ দলহাটৰ ভোগপুৰীয়া গাৱঁৰ একমাত্ৰ ঐতিজমণ্ডিত হৰি মন্দিৰৰ ২০০ মিটাৰৰ নিলগতে এই বেহা দুষ্টচক্ৰৰ।জানিব পৰা মতে একে গাঁৱৰে দুমনিক বৰ্ল্লা,মচিদাচ তপ্ন আৰু ৰমজান আনচাৰি নামৰ তিনিজন ব্যক্তিৰ ছত্ৰ ছায়াত বহু দিনৰ পৰাই চলাই আহিছে গো মাংসৰ ব্যৱসায়।

চৰকাৰী নীতি নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো এনে একাংশই গো মাংস মাফিয়াই মুনাফা লাভৰ বাবে চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই কাৰু কাৰ্য্য চলাই থকা অৱস্থাতে আজি গাঁৱৰ ৰাইজে হাতে লোটে ধৰি দলহাট আৰক্ষীক চমজাই দিয়ে ।সম্প্রতি অধিক তথ্যৰ বাবে লালুক আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছে।

বৃহত্তৰ লাহোৱাল অঞ্চলত মুকলি Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠান

বৃহত্তৰ লাহোৱাল অঞ্চলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ।তিনিগৰাকী উদ্যোমী যুৱকৰ প্ৰচেষ্টাত Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠানটোৰ যোগেদি লাহোৱালত পোন প্ৰথম বাৰ বাবে শুভাৰম্ভ কৰিছে ফিজিঅথেৰাপী কেন্দ্ৰ । লাহোৱালত ফিজিঅথেৰাপী কেন্দ্ৰটো শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই কেন্দ্ৰটোৱে অনাগত দিনত বৃহত্তৰ লাহোৱালৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ বহু ৰোগী ৰোগমুক্ত কৰা ক্ষেত্ৰখনত আশা ব্যঞ্জক সহাঁৰি যোগাব বুলি আশা প্ৰকাশ কৰে ।

তদুপৰি কেন্দ্ৰটোৰ পৰিচালনা সঞ্চালকে জানিবলৈ দিয়া মতে প্ৰতি গৰাকী ৰোগীক এমাহৰ বাবে কেন্দ্ৰটোত বিনামূলীয়াকৈ ফিজিঅথেৰাপী সুবিধা প্ৰদান কৰিব । অন্যহাতেদি ফিজিঅথেৰাপী কেন্দ্ৰ স্থাপনৰ যোগেদি কেইবা গৰাকী নিবনুৱাকো সংস্থাপনৰ বাট মুকলি কৰি দিছে

সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত হু’নাৰ হাটৰ

যোৱা ১১ মাৰ্চত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত হুনাৰ হাটৰ এক সুন্দৰ আৰম্ভণি হয়। হুনাৰ হাটৰ এই ৩৮ তম সংস্কৰণৰ আজি সামৰণি পৰে। এই হুনাৰ হাটত, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ শিল্পী, শিল্পকাৰ আৰু কাৰিকৰসকলে ৩০০টা শিল্প আৰু ৰন্ধনপ্ৰণালীৰ বিপণী স্থাপন কৰিছিল। জনসাধাৰণে বিগত ১০টা দিনত বহু সামগ্ৰী ক্ৰয় কৰিছে আৰু সকলো শিল্পী আৰু কাৰিকৰক উৎসাহিত কৰিবলৈ অনলাইনত বৃহৎ সংখ্যক অৰ্ডাৰ বুক কৰিছে। ফুড ক’ৰ্টত সমগ্ৰ দেশৰ পৰম্পৰাগত সুস্বাদু খাদ্যও উপভোগ কৰে জনসাধাৰণে। ইয়াৰ উপৰিও, মঞ্চত সংগীত আৰু সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। শিল্পীসকলেও দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে। জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, দিক্ষু শৰ্মা, মহালক্ষ্মী আয়াৰ, উপাসনা সিং, জুনিয়ৰ মেহমুদ, সুদেশ ভোচলে, অমিত কুমাৰ, সুৰেশ ৱাডকাৰ আৰু অন্যান্য শিল্পীসকলে গুৱাহাটীৰ লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ আয়োজন কৰে। হুনাৰ হাটক সৰ্বাধিক সমৰ্থন প্ৰদান কৰি সফল কৰি তোলাত গুৱাহাটী, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এক বৃহৎ ভূমিকা পালন কৰে। হুনাৰ হাটৰ অন্তিম দিনটোত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে হুনাৰ হাট উপলক্ষে স্থপতি জনসাধাৰণলৈ এক ভিডিঅ’ বাৰ্তা মুকলি কৰে আৰু তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিৰ নেতৃত্বত দেশৰ বিভিন্ন চহৰত আয়োজিত হ’বলগীয়া হুনাৰ হাটে লক্ষাধিক শিল্পী, শিল্পকাৰ, কাৰিকৰক বজাৰ আৰু কৰ্ম সংস্থাপন প্ৰদান কৰিছে। “ভ’কেল ফ’ৰ লোকেল” মন্ত্ৰৰ সৈতে অনুষ্ঠিত হোৱা হুনাৰ হাট হৈছে “এক ভাৰত শ্ৰেষ্ঠ ভাৰত”ৰ এক জীৱন্ত উদাহৰণ। হুনাৰ হাট গুৱাহাটীৰ পূৰ্বে ৩৭ খন চহৰত আয়োজন কৰা হৈছে। পৰৱৰ্তী হুনাৰ হাট অৰ্থাৎ ৩৯তম হুনাৰ হাট চণ্ডীগড়ত ২৫ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।

মাৰ্ঘেৰিটা ফানেং বৌদ্ধ বিহাৰত পবিত্ৰ ‘গোল্ডেন প্যাগোডা’ নিৰ্মাণ কৰি দুদিনীয়া কাৰ্যসূচীৰে উদ্বোধনী অনুষ্ঠান

মাৰ্ঘেৰিটাৰ বিশিষ্ট তাই ফাকে পৰিয়ালৰ চৌ এনগি চাইকিও চাখাপ আৰু নাং ই থান পোমুং চাখাপৰ প্ৰথম পুত্ৰ মৰহুম আই খাম মাউন চাখাপৰ পবিত্ৰ স্মৃতিত কোংমু খাম (গোল্ডেন প্যাগোডা) উদ্বোধন কৰা হয়।প্ৰথম দিনাৰ কাৰ্যসুচী অনুসৰি বৌদ্ধ পতকা উত্তোলন কৰে অসম বুদ্ধ মহাসভাৰ সভাপতি জ্ঞানোপল মহাথেৰা আৰু নাহাৰকটীয়াৰ নাম ফাকে বুদ্ধ বিহাৰৰ প্ৰধান ভিক্ষু। অসম, অৰুণাচল প্ৰদেশ, কাৰ্বিআংলংৰ পৰা অহা বৌদ্ধ ভক্তৰ উপস্থিতিত জ্ঞানোপল মহাথেৰায় অনুষ্ঠানটোৰ মুখ্য আকৰ্ষক কোংমু খাম (গোল্ডেন প্যাগোডা)ৰ শুভ উদ্বোধন কৰে।

জ্ঞানোপল মহাথেৰায় জানিবলৈ দিয়ে যে ফানেং বোদ্ধ বিহাৰ অসম আৰু অৰুণাচলৰ মাজত অৱস্থিত যি তীৰ্থযাত্ৰাৰ কাৰণে আকৰ্ষণীয় কেন্দ্ৰ বিন্দু আৰু এই অঞ্চলত তাইফাকে সম্প্ৰদায়ৰ লোকজন বসবাস কৰে যি অসম আৰু উত্তৰ পূব ৰাজ্যৰ ভিতৰত অন্যতম। সেই কাৰণে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় যে এই ফানেং বুদ্ধ বিহাৰটো উন্নিতকৰণৰ ব্যবস্থা কৰে যাতে ইয়াত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যটক তথা ভক্তৰ সংখ্যা বৃদ্ধি পায়।

মৰাণত তৰা চিঙা বিহু উদযাপন…

আজি মৰাণ ঊষাপুৰস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে তৰা চিঙা বিহু কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হৈছে । ১৩০০ শতিকাতে আৰম্ভ হোৱা ঐতিহাসিক বিহুখন কালক্ৰমত বিলুপ্তি হ’বলৈ ধৰে যদিও মৰাণৰ কেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত পুনৰ তৰা চিঙা বিহু উদযাপন কৰা হৈছে ।স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰথমে কলিয়াবৰ বিহু দেৱতা আনিবলৈ গৈ তাত বিহু দেৱতাক নাপায় চাৰি জোপা তৰাকে দোলাত আনি বিহুবৰত তৰা চিঙা বিহু অনুষ্ঠিত কৰিছিল ।কাল ক্ৰমত এই বিহু হেৰাই গৈছিল যদিও মৰাণৰ অঞ্জলী চেতিয়াই পিতাম্বৰ টাইৰাই গগৈৰ লিখনি অনুসৰি মৰাণত অনুষ্ঠিত কৰিবলৈ লয় তৰা চিঙা বিহু।আজি বিহুৰ পতাকা উত্তোলন কৰাৰ  পাছতে তেনে পৰম্পৰাৰে মৰাণত বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে তৰাগছ আনি পৰম্পৰা অনুসৰি স্থাপন কৰি আজিৰে পৰি আনুষ্ঠানিক ভাৱে বিহু আৰম্ভ কৰে ।

তৰা চিঙা বিহুৰ হ’ল ৰঙালী বিহুৰ মাতৃ স্বৰূপা।এই বিহুৰ লগত সংগতি ৰাখি উদযাপন সমিতিৰ সভাপতি অসীম বৰুৱা সভাপতিত্বত অনুষ্ঠিত হয় বিহুৰ সন্দৰ্ভত এক আলোচনাচক্ৰ। আধুনিকতাৰ ধামখুমীয়াত বিহু শীৰ্ষক আলোচনাচক্ৰত নিৰ্দিষ্ট বক্তাৰ হিচাপে বক্তব্য ৰাখে-লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈয়ে।এই আলোচনাচক্ৰত আপকু’ৰ উদদেষ্টা শোভিত কুমাৰ ছেত্ৰী,জ্যেষ্ঠ  সাংবাদিকদ্বয় ক্ৰমে বাছা বৰা,কৰুণা ফুকন,মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ,মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্ত, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।এই অনুষ্ঠানতে অসম গৌৰৱ বঁটা প্ৰাপক কাজী শিপিনী হেমপ্ৰভা চুতীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক তথা মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ গিৰিণ ফুকনক বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। সন্ধিয়া চ্যুকাফাৰ প্ৰতিছবি সন্মূখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে মৰাণৰ কেইবাজনো প্ৰতিষ্ঠিত কন্ঠ শিল্পী দ্বাৰা গীতৰ শৰাই পৰিবেশনেৰে বিহু আৰম্ভণি জীপাল কৰি তোলে।উল্লেখ্য যে-অহা ৭ বহাগত এই বিহু সামৰণি পৰিব। 

মোৰাঝাৰত ড্ৰাগছসহ তিনিজনক গ্ৰেপ্তাৰ…

হোজাই জিলাৰ মোৰাঝাৰ বজাৰত ড্ৰাগছৰ বিৰুদ্ধে আজি সন্ধিয়া আৰক্ষীয়ে এক অভিযান চলায়৷হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাৰ নেতৃত্বত চলে এই অভিযান ৷ অভিযানকালত ৬ টা চাবুন কেচত বৃহৎ পৰিমানৰ হেৰইন জব্দ কৰা হয়৷ ঘটনাৰ লগত তিনিজন যুৱকক আটক কৰা হয়৷আটক কৰা যুৱক তিনিজন হৈছে ক্ৰমে–ৰুহেল আহমেদ, নাজিম উদ্দিন আৰু তৃতীয়জনৰ পৰিচয়  এই বাতৰি লিখা লৈকে উদ্ধাৰ হোৱা নাই ৷

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, মোৰাঝাৰ অঞ্চলত ড্ৰাগছ ব্যৱসায়ীয়ে শেহতীয়াকৈ নিজৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে৷এই খবৰ লাভ কৰি ডবকা থানাৰ অ’ চি’ অমৃৎ সিং সহ আৰক্ষী এটা বৃহৎ দলে দিনটো অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

পৃথিৱীৰ আটাইতকৈ সুখী দেশখনৰ নাম কি জানেনে?

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰতৰ স্থান। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰে সৰ্বাধিক সুখী লোক থকা দেশৰ তালিকা। এই তালিকাত শীৰ্ষত আছে ফিনলেণ্ড। একেৰাহে পঞ্চমবাৰলৈ শীৰ্ষ স্থানত আছে দেশখন। বিগত বৰ্ষত ১৩৯ নম্বৰ স্থানত আছিল ভাৰত।

এই তালিকাত এইবাৰ ১৩৬ নম্বৰ স্থানত আছে ভাৰত। আনহাতে যুদ্ধত ব্যস্ত ৰাছিয়া আছে ৭৪ নম্বৰত। তালিকাৰ শেষত আছে আফগানিস্তান। বিশ্বৰ সুখী দেশৰ তালিকাত পাকিস্তান আছে ১০৩ নম্বৰত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল এই তালিকাত আছে ৮৫ নম্বৰত।

গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পাবেল চেম্পিয়ন…

প্ৰথম গুৱাহাটী মুকলি আন্ত: ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগীতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছেচ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প”নকাৰট’ভ পাবেলে। ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ পাবেলে দশম তথা চূড়ান্ত ৰাউণ্ড পাৰগুৱে গ্ৰেণ্ডমাষ্টাৰ ডেলগুদু ৰেমিৰেজ নিউৰচক পৰাস্ত কৰি বিজয়ৰ মুকুট পিন্ধে । আনহাতে প্ৰতিযোগীতা খনৰ দ্বিতীয় খন টপ টেবুলত সমুখ সমৰত অবতীৰ্ণ হৈছিল ইজিপ্তৰ গ্ৰেণ্ডমাষ্টাৰ ফাওজি আধাম আৰু ভাৰতীয় ইণ্টাৰনেশ্যানেল মাষ্টাৰ কৃষ্ণা ছি আৰ জি । আধাম আৰু কৃষ্ণাৰ মাজতে তিনি ঘণ্টাতকৈ অধিক সময় চলা এই তীব্ৰ প্ৰতিদ্বন্দ্বীতা খেল খন অবশেষত ভাৰতীয় দবাৰু জনে পৰাজয় বৰণ কৰিব লগা হয় । এনেদৰে ভাৰতীয় দবাৰু গৰাকীক পৰাস্ত কৰি প্ৰতিযোগীতাৰ ৰানাৰ্চ অপ হয় গ্ৰেণ্ডমাষ্টাৰ আধাম ।

প্ৰতিযোগীতা খনত তৃতীয় স্হান লাভ কৰে ভাৰতী্য আই এম নিটিশ এছে । নিটিশে নিজ দেশৰে আন এগৰাকী অভিজ্ঞ দবাৰু কে ৰত্নাকৰণক পৰাভূত কৰে । এই প্ৰতিযোগী খনত অংশ গ্ৰহণ কৰা অসমৰ ৰাহুল এছ সিঙ অন্তুিম ২৫ স্হানত অন্তৰ্ভুক্ত হোবাৰ বিপৰীতে ছাহিল দেয়ে ৩৫ সংখ্যক স্হান আৰু অসম চেম্পিয়ন শান্তনু বৰপাত্ৰ গোহাঁইয়ে ৬০ সংখ্যক স্হানত শান্ত ক্ষান্ত থাকিব লগা হয় । উল্লেখ্য যে এই প্ৰতিযোগীতা খন অসমৰ কেইবাগৰাকী তৰুণ দবাৰুবে উন্নত খেল প্ৰদৰ্শন কৰি কেইবাজনো জি এম আৰু আই এমক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল । এই ক্ষেত্ৰত মায়াঙ্ক চক্ৰবৰ্ত্তী , মৃন্ময় ৰাজখোৱা , আভাচৰম্য হাজৰিকা অন্যতম্ । ১৪ মাৰ্চলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰামফুকন ইনডৰ ষ্টেডিয়ামত চলা আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতা বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আযোজন কৰা হয় এক সামৰণি অনুষ্ঠান ।

এই অনুষ্ঠানটোত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই মূখ্য অতিথি হিচাপে উপস্হিত থাকি বিজয়ী অৰু বিজিত সকলৰ মাজত বঁটা প্ৰদানা কৰে । সদৌ অসম দবা সন্হাৰ সভাপতি কন্দৰ্প কলিতাই সঞ্চালনা কৰা সভাখনত সুবোধ মল্ল বৰুবাৰ আৰু বিৰিঞ্চি কুমাৰ শৰ্মা সম্পাদনা কৰা ‘দবা’ বিষয়ক স্মৃতি গ্ৰন্থ উন্মোচন কৰা । স্মৃতি গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে । উক্ত অনুষ্ঠানটোত উপস্হিত আছিল ভাৰত দবা সন্থাৰ সভাোতি ভৰত সিং চৌহান , বিশিষ্ট সমাজ সেবক ফনীন্দ্ৰ নাথ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি্য়ে । উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতা খনৰ মুঠ প্ৰাইজমানি আছিল ১৫ লাখ টকা । প্ৰতিযোগীতাৰ চেম্পিয়নক আঢ়ৈ লাখ আৰু ট্ৰফী , বিজিতক দুই.লাখ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়।

পিতৃ-মাতৃ জীয়াই থকালৈকে পুত্ৰই দাবী কৰিব নোৱাৰে সম্পত্তি!

বোম্বাই উচ্চ ন্যায়ালয়ে শনিবাৰে এখন আৱেদনৰ শুনানিৰ সময়ত ৰায় দিছিল যে, পিতৃ-মাতৃ জীয়াই থকালৈকে তেওঁলোকৰ মালিকানাধীন যিকোনো সম্পত্তি দাবী কৰিব নোৱাৰে পুত্ৰই। আৱেদনখন ছোনিয়া খান নামৰ এগৰাকী মহিলাই দাখিল কৰিছিল যিয়ে দীৰ্ঘদিন ধৰি তেওঁৰ স্বামীৰ মালিকানাধীন সকলো সম্পত্তিৰ আইনী অভিভাৱক হিচাপে ঘোষণা কৰিবলৈ ন্যায়িক যুঁজত অৱতীৰ্ণ হৈছিল।

ন্যায়াধীশ গৌতম পেটেল আৰু মাধৱ জামদাৰৰ খণ্ড বিচাৰপীঠে পুত্ৰ আছিফ খানৰ পৰামৰ্শ নাকচ কৰি কয় যে, আছিফ খানে পিতৃ-মাতৃৰ জীৱনকালত যিকোনো এটা ফ্লেটত তেওঁৰ এক নিষ্পত্তিযোগ্য আৰু বলবৎযোগ্য অংশ আছে বুলি দাবী কৰাটো হাস্যকৰ কথা। তেওঁ তেওঁলোকৰ পুত্ৰ হোৱাটোৱে তেওঁলোকৰ কোনো ফ্লেটক ‘এক অংশীদাৰী পৰিয়াল’ নুবুজায়, বিচাৰপীঠে কয়।