Home Blog Page 2550

দিল্লীৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত উন্মোচিত হ’ল ‘এজন সাহিত্য অভিযন্তাৰ আত্ম কথা’…

আজি বিশ্ব সাধুকথা দিৱসৰ দিনাই সাম্প্ৰতিক সময়ত অসমৰ সাহিত্য জগতত সাহিত্য অভিযন্তা হিচাপে আত্মপ্ৰকাশ কৰা তথা কৰ্ম সূত্রে নতুন দিল্লীৰ নিৱাসী চুমিন্দ্ৰ চৌধুৰীৰ গল্প আৰু উপন্যাস সংকলন ‘এজন সাহিত্য অভিযন্তাৰ আত্ম কথা’ ৰাজধানী দিল্লীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত উন্মোচিত কৰা হয় । ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ পোৱা বিহংগম দৃষ্টিত মিজোৰাম শীৰ্ষক ঊপন্যাসখনৰ লগতে গ্ৰন্থ খনৰ ইংৰাজী অনুবাদ ন্ঘাহ-লহ -দৌৰ ৰ সফলতাৰ পাছত চুমিন্দ্ৰ চৌধুৰীয়ে অসম তথা মিজোৰামৰ পাঠক সমাজৰ মাজত লেখক ৰূপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । লেখক চৌধুৰীদেৱে এই কঠিন সময়খিনিত সাহিত্যক এক অভিযান্ত্ৰিক বিষয় হিচাপে লৈ কৰোণা মহামাৰীৰ সময়ত বিভিন্ন গল্প আৰু প্ৰবন্ধৰ জৰিয়তে সমাজৰ লোকসকলৰ মাজত যোগাত্মক আবেগৰ সৃষ্টিৰে পাঠকৰ হৃদয়ত স্থান দখল কৰিছিল । কৰোণা মহামাৰীৰ বাবে দেশজুৰি হোৱা তলা বন্ধ সময়তে এবছৰৰ ভিতৰত চুমিন্দ্ৰ চৌধুৰীয়ে লিখি যুগুতাইছিল তিনিখন উপন্যাসৰ লগতে চল্লিশ টা ভিন্নসুৰী গল্প আৰু ত্রিশ টা বিভিন্ন বিষয়ৰ আধাৰত মনোগ্ৰাহী প্ৰবন্ধ ।

চৌধুৰী দেৱৰ স্বৰচিত এই গল্প আৰু প্ৰবন্ধ সমূহৰ আধাৰতে ৰাজ্যৰ আগশাৰীৰ ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰ তথা প্ৰথিত যশা লেখক মাননীয় মুকুট শৰ্মা ডাঙৰীয়াই গল্প আৰু প্ৰবন্ধ ৰে এজন সাহিত্য অভিযন্তাৰ আত্ম কথা নামৰ সংকলন খন প্ৰকাশ কৰি উলিয়াইছে। আজি এই গ্ৰন্থখনৰ উন্মোচিত অনুষ্ঠানত দিল্লী আৰক্ষীৰ বিশিষ্ট আয়ুক্ত শ্ৰীযুত ৰবিন হিবু ডাঙৰীয়াই লগতে জাপানীজ কৰ্পোৰেট গুৰু বিজয় মিচিহিটো বাত্রা বিশ্ব বৰেণ্য ছবি শিল্পী কৰ্ণেল জীতেন্দ্ৰনাথ হাজৰিকা , এপলো হাস্পাতালৰ শৈল চিকিৎসক ডাঃ সুশীল কুমাৰ জৈন সাহিত্যিক জয়ন্তী মালা বৰপূজাৰী, হিৰণ্য দাস, উলুপী কাকতি, দিব্য দত্ত, হীৰেণ দত্ত, শৰ্মিষ্ঠা বৰ্মন, আচাৰ্য্য তন্ময় শইকীয়াৰ লগতে আৰু যঠেষ্ট সংখ্যক গন্য মান্য লোকে উপস্থিত থাকি সভাৰ সৌষ্ঠব বঢ়োৱাৰ লগতে চৌধুৰী দেৱৰ দৰ্শন সাহিত্য অভিযন্তাই অসমীয়া সাহিত্যৰ জগতত এক নৱজাগৰণৰ সূচনা আনিব পাৰিব বুলি আশা ব্যক্ত কৰিছে । সভাত উপস্থিত সকলো আমন্ত্ৰিত অতিথিয়ে এজন সাহিত্য অভিযন্তাৰ আত্ম কথা সংকলনখনে সমাজৰ সকলো শ্ৰেণীৰ পাঠকৰ মন জয় কৰিবই বুলিও আশাবাদী।

বামুন্দীত আছুৰ উদ্যোগত বিহুনাচৰ কৰ্মশালাৰ প্ৰস্তুতি…

প্ৰত্যেক বছৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ  পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত,বামুন্দী শাখা ছাত্ৰ সন্থাৰ সহযোগত ৩ এপ্ৰিলৰ পৰা ,বামুন্দী হাইস্কুল প্ৰাংগনত আবেলি ৩ বজাৰ পৰা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ” বিহুনাচ কৰ্মশালাৰ ” আয়োজন কৰা হৈছে । ৩ এপ্ৰিলৰ পৰা আৰম্ভ হব লগীয়া অনুষ্ঠানটো উদ্ধোধন কৰিব অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী ” বৰষা ৰাণী বিষয়াই ”

উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতাৰ লগতে আৰু বহুসংখ্যক কাৰ্যকৰ্তাবৃন্দ। যি সকল ছাত্ৰ ছাত্ৰীয়ে এই বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেখেত সকলক পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰুবুল কলিতাৰ (৬৯০০২৫০৮৫৯) আৰু বামুন্দী শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল কলিতাৰ (৮৮৭৬৫৫৫৯৯৪)লগত  যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। 

সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত!

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰত। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰে সৰ্বাধিক সুখী লোক থকা দেশৰ তালিকা। এই তালিকাত শীৰ্ষত আছে ফিনলেণ্ড।

একেৰাহে পঞ্চমবাৰলৈ শীৰ্ষ স্থানত আছে দেশখন। বিগত বৰ্ষত ১৩৯ নম্বৰ স্থানত আছিল ভাৰত। এই তালিকাত এইবাৰ ১৩৬ নম্বৰ স্থানত আছে ভাৰত। আনহাতে যুদ্ধত ব্যস্ত ৰাছিয়া আছে ৭৪ নম্বৰত। তালিকাৰ শেষত আছে আফগানিস্তান। বিশ্বৰ সুখী দেশৰ তালিকাত পাকিস্তান আছে ১০৩ নম্বৰত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল এই তালিকাত আছে ৮৫ নম্বৰত।

বিহালী মোনাবাৰীত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিক সমিতি গঠন

দেওবাৰে  বিশ্বনাথ  জিলা বিহালী সমষ্টিৰ  মোনাবাৰী চাহ বাগিচাৰ  ষ্টাফ ক্লাবত ৰাজ্য সৰ্ববৃহৎ স্বেচ্ছাসেৱী ৰাজ্যিক সংগঠন ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা সমিতি উদ্যোগত আৰু   মোনাবাৰী  ৰাইজৰ সহযোগত এখনি সজাগতা সভা অনুষ্ঠিত হয়। জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ  সভাপতিত্বত সভা খনৰ  উদ্দেশ্য বাখ্যা আৰু চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ আঁত ধৰে ৱাৰিৱৰ্ছৰ জিলা সম্পাদক অৰ্জুন ছেত্ৰীয়ে। ইফালে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৱাৰিৱৰ্ছৰ  ৰাজ্যিক সম্পাদিকা সুস্বপনা হাজৰিকা ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য কৰণীয় কাম কাজৰ ওপৰত  মন্তব্য দাঙি ধৰে। আনহাতে  ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্না শৰ্মাই নিজৰ বক্তব্যত  সংগঠনৰ জৰিয়তে কি দৰে ভুক্তভোগী নাৰী দৰিদ্ৰ পৰিয়ালক সহায় কৰিব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।ইফালে বিশ্বনাথ জিলা  ৱাৰিৱৰ্ছৰ  উপদেষ্টা পিন্স মহ:  চামছুল হকে উপস্থিত ৰাইজক উদ্দেশ্য কৰি বহু কেইটা পৰামৰ্শ আৰু নাৰী সুৰক্ষা ওপৰত পৰামৰ্শ আগবঢ়াই। গুৰুত্বপূৰ্ণ সজাগতা সভা খনত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সংগঠনটোৰ  ৰাজ্যিক অধ্যক্ষ তথা ৱাৰিৱৰ্চৰ জন্মদাতা উৎপল শিৱমে নিজৰ ভাষাণত কয় ৱাৰিৱৰ্ছৰ মুল লক্ষ্য উদ্দেশ্যয়েই হৈছে ৰাজ্যখনত শোষিত ভুক্তভোগী নাৰী সকলক আমি সুৰক্ষা দিয়া লগতে সজাগতা সৃষ্টি কৰা।

কিদৰে সমাজ খনত পুৰুষৰ সমানে সমানে নাৰী সকলৰ জৰিয়তে  এখন সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আমি ৱাৰিৱৰ্ছৰ জৰিয়তে সবল  ভুমিকা পালন কৰিব লাগিব বুলি গুৰুত্বপুৰ্ন বক্তব্য প্ৰদান কৰে।ইফালে  সভাত উপস্থিত থাকে জিলা সহ: সম্পাদিকা ববী শইকীয়া,মোনাবাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী,প্ৰাক্তন শিক্ষয়িত্ৰী লগতে অঞ্চলটোৰ উদিয়মান যুৱক-যুৱতি আৰু বহু গন্য মান্য ব্যক্তি।সভাৰ শেষত এইখন সভাতে ৱাৰিৱৰ্ছৰ মোনাবাৰী আঞ্চলিক  সমিতি খন গঠন কৰে সভাই ।আঞ্চলিক সমিতি খনৰ উপদেষ্টা হিচাপে অঞ্জনা হাজৰিকা, মিতালি মহানন্দআইনি উপদেষ্টা হিচাপে, প্ৰনামি কুমাৰি লগতে সমিতি খনৰ সভাপতি হিচাপে জিত তাঁতি,উপ: সভাপতি: বিকাশ তচা,উপ:সভানেত্ৰী : পুষ্পা দাসসম্পাদিকা: প্ৰিতি চনাসহ:সম্পাদক: লখন দীপবিত্ত সম্পাদিকা: কবিতা দাস,সহ বিত্ত সম্পাদক: বিমল চুন্ডী,জন সংযোগ সম্পাদক: পৱন শৰ্মা,কমল ৰজাকসহ:জনসংযোগ সম্পাদিকা সংগীতা চবৰকলৈ এখন সবল আঞ্চলিক সমিতি গঠন কৰে।

কোন হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী?

মণিপুৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী পদৰ বাবে বিভিন্ন চৰ্চা অব্যাহত আছে।ইয়াৰ মাজতে বিজেপিয়ে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙেই হৈ থাকিব। কোনো নতুন লোকক দায়িত্ব দিয়াৰ সলনি আগৰ মুখ্যমন্ত্ৰী গৰাকীকে প্ৰদান কৰা হ’ব নতুন দায়িত্ব।

উল্লেখ্য যে, শেহতীয়াকৈ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৪ খনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই এই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী কোন হব তাক লৈ চৰ্চা অব্যাহত আছিল। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।বিজেপিয়ে মণিপুৰত ৩২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

হিজাবৰ ওপৰত ৰায়দান কৰা ন্যায়ধীশক Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান…

হিজাবৰ ওপৰত ৰায় প্ৰদান কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ লগতে মুঠ তিনি গৰাকী ন্যায়ধীশক Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে।তেওঁলোকৰ জীৱনৰ ওপৰত ভাবুকি আহি পৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বচৰাজ বোম্মইয়ে কয় যে ৰাজ্য চৰকাৰে  Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

এই ঘটনাৰ লগত সম্পৰ্ক থকা এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে “ছদ্ম-ধৰ্মনিৰপেক্ষতা” আৰু বিষয়টোত জনসাধাৰণৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে এই বিষয়টো গম্ভীৰভাৱে নিৰীক্ষণ কৰি আৰক্ষী মহানিৰ্দেশক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মুখ্য ন্যায়ধীশ ৰিতুৰাজ অৱস্থী, ন্যায়মুৰ্তি কৃষ্ণা এছ দিক্ষিত আৰু ন্যায়মুৰ্তি জে এম খাজী ৰ তিনি জনীয়া বিচাৰপীছে ১৫ মাৰ্চত হিজাবৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল।

গুৱাহাটী মহানগৰীৰ জু-নাৰেঙ্গী ৰোডত চাফাই অভিযান…

গুৱাহাটী মহানগৰীৰ জু নাৰেঙ্গী ৰোডত প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ আধাৰত চাফাই অভিযান। লক্ষ্মী মন্দিৰৰ পৰা ভাস্কৰ নগৰ ৰাধা গোৱিন্দ বৰুৱা পথলৈকে প্ৰায় ১৫০০ মিটাৰ পথৰ এই চাফাই অভিযান দেওবাৰে ১০ বজাৰ পৰা ১২.৩০ বজালৈ হয়।

মুখ্যমন্ত্ৰী হীমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশত গুৱাহাটী পূব মণ্ডলৰ ৩৭ নং ৱাৰ্ডৰ সভাপতি অখিল চক্ৰৱৰ্তীৰ পৰিচালনাত এই কাৰ্যসূচীৰ সফল সমাপ্তি হয়। উক্ত অনুষ্ঠানতে সভাপতি গৰাকীয়ে পূব গুৱাহাটীবাসী ৰাইজক নিজৰ অঞ্চলটো চাফ চিকুনকৈ ৰাখিবলৈ আহাবন জনায়।

নগৰবেৰাত অপৰাধ অনুসন্ধান শাখাৰ অতৰ্কিত অভিযান,এজনক আটক

নগৰবেৰাত শনিবাৰে এক অতৰ্কিত অভিযান চলাই অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগৰবেৰা বজাৰৰ মান্নান বীজ-সাৰৰ দোকানত তালাচী চলাই সাৰৰ বিক্ৰী বিসংগতিৰ বাবে প্ৰতিষ্ঠান খনত তলা লগোৱাৰ উপৰি দোকানী মান্নান আলীক আটক কৰি জিম্মালৈ নিয়ে।প্ৰতিষ্ঠান খনত দীৰ্ঘদিনৰে পৰা ইউৰিয়া সাৰৰ বিক্ৰী বিসংগতি চলি থকাৰ অভিযোগ।পিছে পৰৱৰ্তী তদন্তৰ খাটিৰতেই অভিযানকাৰী দলে কোনো তথ্যই প্ৰকাশ নকৰিলে সাংবাদিকৰ আগত ,আনকি যিকোনো লোকৰে প্ৰবেশ নিষিদ্ধ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান খনত দলটিয়ে চলায় ৰুদ্ধদ্বাৰ অভিযান।

অৱশেষত প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী মান্নান আলীক গাড়ীত তুলি নিয়াৰ পাছতহে পোহৰলৈ আহে ঘটনাৰ আচল ছবিখন।

এগৰাকী লোকৰ প্ৰকৃতি প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শন।

এগৰাকী লোকৰ প্ৰকৃতি প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শন ।এখন চাইকেলত উঠি বিদ্যালয়ে বিদ্যালয়ে গছপুলি ৰোপন কৰি আছে এজন লোকে ৷সমগ্ৰ অসমত শিক্ষানুষ্ঠান সমূহত গছ পুলি ৰুই গছ-গছনিৰে পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টা কৰি ফুৰিছে নগাঁৱৰ মিছাৰ কুদ্ৰত আলিয়ে৷গছ কাটি প্ৰকৃতিক এচামে ধ্বংস কৰি থকাৰ বিপৰীতে প্ৰকৃতিক সুন্দৰ ৰূপত সজাবলৈ সমগ্ৰ অসমৰ স্কুলে স্কুলে গছপুলি ৰুই প্ৰকৃতিপ্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শন আগবঢ়োৱা নগাঁৱৰ মিছাৰ কুদ্ৰত আলি নামৰ ব্যক্তিজনক আদৰণি জনাইছে খুমটাইত৷এখন চাইকেলত গছপুলি লৈ চাইকেলেৰেই বিভিন্ন ঠাই ভ্ৰমণ কৰি আছে ৷এই ক্ষেত্ৰত তেওঁ সকলো খৰচ ব্যক্তিগতভাৱে কৰিছে৷বৰ্তমান গোলাঘাট জিলাৰ বাদুলিপাৰৰ ৰূপায়ণ কৰি আছে কাৰ্যসূচী ৷

খুমটাইৰ কেইবাখনো বিদ্যালয়ত তেওঁ ৰোপণ কৰিছে গছপুলি ৷অসমৰ প্ৰতিখন জিলাতে এনেধৰণে গছপুলি ৰোপণৰ মন থকাৰ কৰাও জনালে তেওঁ৷উল্লেখ্য যে লোকজনে নিজকে পাঁচটি ৰূপত সজাব পাৰে৷লোকজন বৰ্তমান হৈ পৰিছে চৰ্চাৰ বিষয় ।

অভয়াপুৰীত চোৰাং চাউল ভৰ্তি বাহন জব্দ

অভয়াপুৰীত দেওবাৰে পুৱতি নিশা আৰক্ষীয়ে চলায় এই অভিযান৷বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লেংটিছিঙা আৰক্ষী নিৰীক্ষণ চকীৰ উপ পৰিদৰ্শক মোবাৰক আলীৰ নেতৃত্বত অভিযান চলাই চোৰাং চাউল ভৰ্তি এখন বলেৰো গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।গাড়ীখন বৰপেটাৰ ফালৰ পৰা অভয়াপুৰী অভিমুখে গৈ থকাৰ অবস্থাত AS 19C 2347 নম্বৰৰ গাড়ীখনে আনুমানিক ৩৫ কুইন্টল চাউল লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

অভিযোগ অনুসৰি ছহিদুল ইছলাম নামৰ চোৰাং ব্যৱসায়ী এগৰাকীয়ে দীৰ্ঘদিন ধৰি বগা চাউলৰ ক’লা বেহাৰে বহিঃৰাজ্যলৈ চোৰাংভাৱে চাউল কঢ়িয়াই আহিছে । চোৰাং চাউলৰ বেপাৰী ছহিদুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নাগৰিক সুৰক্ষা মঞ্চই ৷