Home Blog Page 2551

তিনিচুকীয়া জিলাৰ ডিগবৈৰ লক্ষীপথাৰ আমগুৰি গাওঁৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি তিনিবছৰীয়া শিশু।

পখিলা খেদাৰ বয়সত শিশুটি অসজা(অভজা) ৰোগত আক্ৰান্ত ।হাতেৰে ভালকৈ ধৰিব নোৱাৰে,ধৰি খাব নোৱাৰে আৰু খোজ কাঢ়িব নোৱাৰে।ডিগবৈৰ লক্ষীপথাৰ আমগুৰি গাওঁৰ দৰিদ্ৰ পৰিয়ালৰ কণমানি টো ডিগবৈ,তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ লগতে অসজা(অভজা) ৰোগত আক্রান্ত হোৱা বুলি জনাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে।চিকিৎসকে এই ৰোগটো সম্পূৰ্ণ সুস্থ কৰাৰ পৰামৰ্শ দিয়ে গুৱাহাটীস্থিত PRATIKSHA HOSPITAL ৰ চিকিৎসক ড° সুকল্যাণ দে।চিকিৎসাৰ বাবে প্ৰয়োজন এতিয়া ৬,৫০,০০০টকা।কেৱল মাত্ৰ খেতি বাতি কৰি পোহ পাল পৰিয়ালটোৰ মাটি-ভেটিও বিক্ৰী কৰি শেষ। সৰগ ভাগি পৰিল পৰিয়ালটোৱে এতিয়া অৰ্থৰ অভাৱত উপায় বিহীন হৈ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰী,স্বাস্থ্য মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী সঞ্জয় কিশানলৈ সহায়ৰ বাবে অনুৰোধ জনায়।

আপুনিও যদি এই কণমানিটি সুস্থ হোৱাৰ ক্ষেত্ৰত কিঞ্চিত হলেও অৰ্থৰ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে State Bank of India,Pranob Sonowalৰ একাউণ্ট নং,20187905326, IFSC SBIN0006000 নম্বৰত আগ বঢ়াব পাৰিব।আপোনাৰ অকণমান আৰ্থিক সহায়ে ঋতিষ্মানক পুনৰ সুস্থ হোৱাত সহায় কৰিব।

মষ্ট ৱান্টেড ডকাইতৰ দল বদং বাহিনী শিৱসাগৰ আৰক্ষীৰ জালত,বদঙৰ পাচ সহযোগীক আটক৷

মষ্ট ৱান্টেড ডকাইতৰ দল বদং বাহিনী শিৱসাগৰ আৰক্ষীৰ জালত ,বদঙৰ পাচ সহযোগী ডকাইত আটক ৷শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য।নিশা বামুনবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত পাচটা ডকাইতক আটক কৰে ৷বাবা লাহণ, আৰিফ খানৰ নেতৃত্বত গঠিত কূখ্যাত আতংক সৃষ্টিকাৰী ডকাইতৰ দলৰ সহযোগী আছিল এই ডকাইত বাহিনীটো৷বিগত ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল এই ডকাইতৰ দলটো ৷আটকাধীন ডকাইত কেইটা হল ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপিসজীয়া গাৱৰ নিৱাসী ইকৰাম আলি ওৰফে বদং, চামচুল আলি,জালালউদ্দিন আহমেদ ,আখতাৰ হুছেইন,আৰু নেবুল হুছেইন ওৰফে ফেটী৷

কেওটা ডকাইতকে সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷১০৫ / ২২ নং গোচৰ আৰু ভাৰতীয় দণ্ডবিধি ৩৯৫ ধাৰাত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ সংখ্যা হল মুঠ সাত জন৷

টেঙাখাতত ভয়ংকৰ পথ দূৰ্ঘটনা,থিতাতে নিহত এজন৷

ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অন্তগত টেঙাখাতৰ গেছ গোদামৰ সমূখত ভয়ংকৰ পথ দূৰৰ্ঘটনা সংঘটিত হয় ৷জানিব পৰা মতে AS06BC 2414 নম্বৰৰ ইনদিকো গাড়ীৰখন দুলিয়াজানৰ পৰা ডিব্ৰুগড়ৰ অভিমূখে আহি থকাত অৱস্থাত বিপৰীত দিশৰ পৰা অহা R 15 ইয়মা বাইক ৰ মাজত মূখামূখী সংঘৰ্ষৰ হোৱা বাইক আৰোহীজন বহু দূৰৈত চিটিকি পৰে ৷ সংকটজনক অৱস্থাত আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত বাইক আৰোহীজনক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।জানিব পৰা মতে বাইক আৰোহীজন তামুলীখাতৰ গাঁৱৰ পংকজ গগৈ পুত্ৰ সিদ্বাৰ্থ গগৈ (২৫)

পৰৱৰ্তী সময়ত আৰক্ষী য়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷যুৱকজনৰ মৃত্যুত সমগ্ৰ টেঙাখাতত শোঁকৰ ছাঁ পৰিলক্ষিত হয় ৷অধিক তথ্য বাবে টেঙাখাত আৰক্ষীয়ে ঘটনাটো তদন্ত অব্যাহত ৰাখিছে ৷

মিচিং ভাষাক জীয়াই ৰখাত সকলোকে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আহ্বানঃ গোগামুখত ভাষাবিদ-শিক্ষাবিদ টাবুৰাম টাইদৰ প্ৰতিমূৰ্ত্তি-সমাধিস্হল উদ্বোধন

মিচিং ভাষা অতি চহকী ভাষা ৷ অতি পুৰণি কালৰ পৰাই মিচিং ভাষাই লিখিত আৰু কথিত ভাষা হিচাপে স্ব-মহিমাৰে উদ্ভাসিত হৈ আহিছে ৷ কিন্তু সম্প্ৰতি আমাৰ একাংশ মিচিংলোকে নিজৰ মিচিং ভাষাক এলাগী ক’ব, লিখিব আৰু শিকিব নিবিছৰা হৈছে ৷ ই অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় ৷ আমি মিচিং ভাষা জীয়াই ৰাখিবলৈ হ’লে সকলোৱে গুৰুত্ব দিব লাগিব আৰু প্ৰচাৰ-প্ৰসাৰত মনোনিৱেশ কৰিব লাগিব ৷ এই মন্তব্য মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াৰ ৷ আজি ধেমাজি জিলাৰ গোগামুখ চিলিমপুৰস্হিত আবতানি লত্তাত অনুষ্ঠিত হোৱা ভাষাবিদ আৰু শিক্ষাবিদ টাবুৰাম টাইদৰ আবক্ষ প্ৰতিমূৰ্ত্তি আৰু সমাধিস্থল উদ্বোধনী অনুষ্ঠানত তেওঁ এইদৰে মন্তব্য আগবঢ়ায় ৷

তেওঁ লগতে কয়- ভাষাবিদ টাবুৰাম টাইদ আছিল প্ৰজ্ঞাৰ সাধক৷জীৱনজোৰা সাধনাৰে তেওঁ ভাষাবিদ উপাধি লাভ কৰিছে ৷ মিচং ভাষাক তেওঁ এক সুন্দৰ তথা সন্মাানজক স্থানত উপৱিষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে মিচিং ভাষাক পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই নিছে ৷ তেওঁৰ দৰে এগৰাকী মহান ব্যক্তি মিচিং সমাজে পুনৰ লভ কৰেনে নকৰে নাজানো কিন্তু টাবুৰাম টাইদৰ আদৰ্শ অনুকৰণ কৰিলে টাবুৰাম টাইদৰ লগতে মিচিং ভাষাও জীয়াই থাকিব বুলি তেওঁ কয় ৷ উল্লেখ্য যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা আৱন্টিত প্ৰায় ৪০ লাখ টকাৰে নিৰ্মাণ কৰা টাবুৰাম টাইদৰ আবক্ষ প্ৰতিমূৰ্ত্তি উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সমাধিস্থল উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু প্ৰয়াত টাইদৰ পত্নী বাসন্তী টাইদে ৷

ইয়াৰ পিছতি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সভাপতি গোবিন টাইদ, সচিব ডিম্বেশ্বৰ দলে, মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ মৰাং, সম্পাদক তিলক দলে, টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলি বড়ি, সম্পাদিকা শৰ্মিলা পাঞাং পেগু, এম এ চিৰ মুখ্য সচিব প্ৰফুল্ল দেউৰী, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, বিজু পেগু, ভৱানী দুৱৰী, প্ৰভাত বসুমতাৰী, ইন্দিৰা চিন্তে, ৰাজু মেদক নৰেশ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰী, উমা পাঠৰি, সাধাৰণ সদস্য ৰাজু পেগু, নীল দলে, লাবন্য মিলি, বানীকান্ত দলে, বিউটি পেগু আৰু মুকুল পেগু প্ৰমূখ্যে গোগামুখৰ বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী, বিষয়ববীয়া, গণ্য-মান্য ব্যক্তি আদিয়ে ৷

অৰুণাচল প্ৰদেশৰ মেওত উদ্ধাৰ বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

অৰুণাচল প্ৰদেশত বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত ভাৰতীয় সেনাৰ লগতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান। শুক্ৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ ভাৰতীয় সেনাৰ মেও স্হিত শিবিৰৰ এটা তহলদাৰী দল আৰু মেও আৰক্ষীয়ে মেওৰ গভীৰ অৰণ্যত উগ্ৰপন্থী বিৰোধী অভিযান চলাই। অভিযান কালত মেওৰ গভীৰ অঞ্চল ২২ মাইল নামৰ ঠাইৰ পৰা বৃহত পৰিমাণৰ অস্ত্র-শস্ত্র সহ বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। জব্দকৃত অস্ত্র-শস্ত্র সমূহ হৈছে AK 56 ৰাইফলছ এটা, সক্ৰিয় গুলি 47 টা, বৃহৎ পৰিমাণৰ বিস্ফোৰক সমগ্রীৰ উপৰিও বহুতো আপত্তিজনক সমগ্রী উদ্ধাৰ কৰে।।

জব্দকৃত অস্ত্ৰ শস্ত্ৰ সমূহ নগা বিদ্ৰোহী সংগঠন NSCN(KYA) বুলি জানিব পৰা গৈছে।।ইতিমধ্যে ভাৰতীয় সেনাই জব্দকৃত অস্ত্র-শস্ত্র সমূহ অৰুণাচল প্ৰদেশ আৰক্ষীক গতাই দিয়াৰ উপৰিও মেউৰ উক্ত অঞ্চলসমূহত বৰ্তমানেও উগ্ৰপন্থী বিৰোধী অভিযান অতি তীব্রতৰ কৰি তুলিছে।

পঞ্জাৱত আপৰ বিধায়ক সকলক পৰামৰ্শ অৰবিন্দ কেজৰিৱালৰ

কেজৰিৱালে বিধায়ক সকলক কৈছিল – পৰীক্ষা কৰক, কুৎসিত নহয়; মন্ত্ৰীপদৰ লোভ নকৰিব; মুখ্যমন্ত্ৰী মান: বিষয়াসকলক ভয় নকৰিব আম আদমী পাৰ্টিৰ (আপ) আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মানে নৱ নিৰ্বাচিত ৯২ জন বিধায়কৰ সৈতে এখন বৈঠক তৈয়াৰ কৰিছিল। কেজৰিৱালে বিধায়কসকলক বিদ্যালয় আৰু চিকিৎসালয় পৰীক্ষা কৰিবলৈ কৈছিল কিন্তু দুৰ্বৃত্তক নহয়। একে সময়তে, মুখ্যমন্ত্ৰী মানে কৈছিল যে বিষয়াসকলক ভয় নকৰিব। তাৰ সলনি, আমি কেনেদৰে উন্নতি কৰিব পাৰোঁ সোধক।এইটো গুৰুত্বপূৰ্ণ কিয়নো আপৰ বিধায়ক আৰু নেতাসকলৰ মনোভাৱৰ বিষয়ে নিৰন্তৰ প্ৰশ্ন উত্থাপিত হৈ আছিল। মুখ্যমন্ত্ৰী মানৰ নেতৃত্বত বিধায়কসকল মোহালিত একত্ৰিত হৈছিল। একে সময়তে, অৰবিন্দ কেজৰিৱালে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সভাখন সম্বোধন কৰে।

কেজৰিৱালৰ পৰামৰ্শ,বহুতো মানুহৰ এটা সৰল অতীত আছে যিয়ে কেতিয়াও বিধায়ক হোৱাৰ কথা ভবা নাছিল। এতিয়া অহংকাৰী নহ’ব নহ’লে ৰাইজে আপোনাক পৰাজিত কৰিব।বিধায়কসকলে চণ্ডিগড়ত বহিব নালাগে। প্ৰতিজন বিধায়ক আৰু মন্ত্ৰী ৰাজপথ আৰু গাওঁলৈ যাব।কিছুমান বিধায়ক মন্ত্ৰী নোহোৱাৰ বাবে অসন্তুষ্ট। আমি ৯২ খন আসন পাইছো আৰু মাত্ৰ ১৭ জন মন্ত্ৰী বনোৱা হ’ব। আমি এটা দল হিচাপে কাম কৰিব লাগিব। আপোনাৰ স্বাৰ্থপৰতা আৰু উচ্চাকাংক্ষা ত্যাগ কৰক। যদি লোভ আহে, পঞ্জাৱ হেৰুৱাব।কিছুমান মানুহে কয় যে মোৰ মন্ত্ৰী হোৱাৰ অধিকাৰ আছিল। আগৰবোৰেও (কংগ্ৰেছ-অকালি দল) জন্মগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হোৱাৰ কথা ভাবিছিল। পৰৱৰ্তী বাৰ মানুহবোৰে আমাক পৰিষ্কাৰ কৰিবলৈ নিদিব।মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰীসকলক লক্ষ্য দিব। আমি দিন-ৰাতি কাম কৰিব লাগিব। যদি লক্ষ্য পূৰণ কৰা নহয়, মন্ত্ৰীসকলকো সলনি কৰিব পাৰি।
ডিচি আৰু এছএছপি ৰ নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰলৈ নাযাব। মান আৰু কেবিনেটে নিজেই ভাল বিষয়া নিযুক্ত কৰিব। যদি আপুনি কাম নকৰে, অভিযোগ কৰক।

মুখ্যমন্ত্ৰী ভগৱন্ত মানেও শিকাইছিল সকলোৱে ইয়ালৈ যায়। আমি ভোট দিছিলো নে নাই চাব নালাগে। য’ত কোনো সমস্যা আছে, আমি তালৈ যাব লাগিব।তহচিলদাৰ, পাটোৱাৰী আৰু এছ.এইচ.ও.-ক ভয় নকৰিব। যদি আপুনি সেইবোৰ উন্নত কৰিব বিচাৰে, সেইবোৰ বৰ্ণনা কৰক। ইয়াক কেনেদৰে উন্নত কৰিব লাগে সোধক। চৰকাৰে সম্পূৰ্ণসহায় কৰিব।সৰু বিষয়াসকলক সুধি অবৈধ কাৰ্যকলাপ বন্ধ নহ’ব। চণ্ডিগড়ৰ পৰা, মই ইয়াক বন্ধ কৰিম। আগতেও এইটো ঘটিছিল যে কোনোবাই ভুল কাম কৰিছিল আৰু আন কাৰোবাক নিলম্বিত কৰা হৈছিল। এইটো আৰু চলিব নোৱাৰিব।


২৫,০০০ চৰকাৰী চাকৰি সৃষ্টি কৰা হৈছে। এইটো পৰামৰ্শ নিদিব কিয়নো ই আন কাৰোবাৰ অধিকাৰ হত্যা কৰিব।

১৯ মাৰ্চত অসম আৰক্ষীয়ে আটক কৰা যুৱক কেইজন আলফা স্বাধীনৰ নহয় বুলি স্পষ্টীকৰণ

১৯ মাৰ্চত গুৱাহাটীত আৰু চৰাইদেউত অসম আৰক্ষীয়ে আটক কৰা মাজুলীৰ টুটু বৰা,দেৱজিত ভূঞা,মিঠু বৰুৱা আৰু মনিপুৰৰ ফিৰোজ খান আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্টীকৰণ দিছে আলফা স্বাধীনে৷

হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল চিৰাজুলি পথাৰ গাঁৱৰ চৌপাশ৷

অপশক্তিৰ বিনাশ কৰি দেশত শান্তি প্ৰতিষ্ঠা কৰাৰ মানহেৰে চিৰাজুলি পথাৰ গাৱঁত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ল শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তনৰ৷চিৰাজুলি পথাৰ গাঁৱৰ গীতা পাঠ চক্ৰ মহিলা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই মত ভাগৱত হৰিনামৰ৷

হৰিনাম সংকীৰ্তন শুনিবলৈ হেজাৰ হেজাৰ ভক্তই ভৰি পৰিছে চিৰাজুলি পথাৰ গাঁৱৰ কীৰ্তনস্থলী৷

পুনেত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ বাবে পিতৃ, ভায়েক,ককায়েক আৰু মামায়েকৰ বিৰুদ্ধে গোচৰ

মহাৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী পুনেৰ পৰা এক আচৰিত ঘটনা পোহৰলৈ আহিছে । এগৰাকী ১১ বছৰীয়া কিশোৰীক তাইৰ দেউতাক, ভায়েক, ককাক আৰু মামায়ে যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিদ্যালয়খনত অনুষ্ঠিত ‘গুড টাচ, বেড টাচ’ নামৰ এক অধিৱেশনত বিষয়টো প্ৰকাশ কৰা হৈছে। ভুক্তভোগীয়ে তেওঁৰ পৰামৰ্শদাতাক এই কথা জনায়, যাৰ পিছত পৰামৰ্শদাতাৰ অভিযোগৰ ভিত্তিত বেণ্ডগাৰ্ডেন আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, পৰিয়ালটো মহাৰাষ্ট্ৰৰ বাহিৰৰ এখন ৰাজ্যৰ অন্তৰ্গত। অভিযোগ অনুসৰি, দেউতাকে কেইমাহমান আগতে তেওঁৰ জীয়েকক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। এই সময়ত তেওঁৰ ঘৰত কোনো নাছিল। তাইৰ ১৪ বছৰীয়া ভাতৃয়ে ২০২০ চনৰ পৰা তাইক ধৰ্ষণ কৰি আহিছে। জানুৱাৰী ২০২১-ত, তাইৰ ককাদেউতাই তাইক অত্যাচাৰ কৰিছিল, আনহাতে মে ২০২১ ত, তাইৰ মামায়ে তাইক যৌন নিৰ্যাতন কৰিছিল ।

এই ধাৰাবোৰৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।
এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শক সবিতা সপকলে কয়, “পৰামৰ্শদাতাৰ অভিযোগৰ ভিত্তিত আমি এখন এজাহাৰ পঞ্জীয়ন কৰিছো। পৰৱৰ্তী অনুসন্ধান চলি আছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 376, 376(ক),375 (ধৰ্ষণ), 376 (ধৰ্ষণ), 377 (অপ্ৰাকৃতিক যৌন সম্পৰ্ক) আৰু ধাৰা 3(খ) আৰু পকচো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ‘

শিশুটোৰ মাক-দেউতাক বধিৰ।
ভুক্তভোগীৰ পিতৃ-মাতৃ বধিৰ। পৰিয়ালটো মূলতঃ বিহাৰৰ। ছোৱালীজনীয়ে পুনেৰ এখন প্ৰতিষ্ঠিত কনভেন্ট স্কুলত পড়া-শুনা কৰে। শিশুটোক পুনেৰ লগতে তেওঁৰ গৃহ জিলাতো শোষণ কৰা হৈছে। ইয়াৰ পৰা এটা দল সোনকালেই তালৈ যাব।

শীঘ্ৰেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!

অতি সোনকালেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে টুইটযোগে কাজিৰঙা কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিল অক্ষয় কুমাৰক।এই আমন্ত্ৰণৰ সহাঁৰি জনাইছে অক্ষয় কুমাৰে।অতি সোনকালেই কাজিৰঙালৈ আহিব বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকী।বিগত সময়ছোৱাত অভিনেতা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে ১ কোটি টকা সাহায্য দিছিল। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয় কুমাৰে দিছিল এই ধন।হাইলেণ্ড নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই কাজিৰঙা উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে টুইটযোগে আমন্ত্ৰণ জনাই অক্ষয় কুমাৰক।

অভিনেতা গৰাকীয়ে টুইটৰ প্ৰতি সঁহাৰি জনাই অভিনেতাগৰাকীয়ে।টুইটাৰত ৰিপ্লাই দি অতি সোনকালেই কাজিৰঙালৈ আহিব বুলি কয় অক্ষয় কুমাৰে।