Home Blog Page 2552

বৰপেটা সত্ৰৰ সুৱেৰী উৎসৱত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছ ভিলি

“কৈলা বাবা কি জয়, ভাল লাগিল ৷”জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলিয়ে আজি বিয়লি বৰপেটা সত্ৰৰ দৌল উৎসৱৰ সুৱেৰীত অংশ গ্ৰহণ কৰি এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ অসমীয়াত ব্যক্ত কৰে ৷জৰ্জিয়াৰ ৰাষ্ট্ৰদূত গৰাকীয়ে বৰপেটাৰ দৌল উৎসৱ চাবলৈ অহাৰ পিছত ৰঙতে মতলীয়া হৈ থকা সত্ৰ নগৰীৰ যুৱক যুৱতী সকলৰ আনন্দত অংশ গ্ৰহণ কৰি ফাকুগুৰিৰে সকলোকে হোলীৰ শুভেচ্ছা জনায় ৷

ৰাষ্ট্ৰদূত গৰাকীক সত্ৰ পৰিচালনা সমিতিয়ে নহাটী চকত গামোছাৰে আদৰণি জনোৱাৰ পিছত ঢুলীয়া, হোলীগীতৰ দলে সত্ৰলৈ আদৰি আনে ৷সত্ৰৰ চৌহদত প্ৰবেশ কৰি গোঁসাই কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া দৃশ্য প্ৰত্যক্ষ কৰি পিছত সত্ৰ চৌহদ পৰিভ্ৰমণ কৰে ৷

টেঙাখাতৰ চতুৰ ছাগলী চোৰক আটক কৰিলে টেঙাখাত আৰক্ষীয়ে

টেঙাখাত আৰক্ষী বৃহৎ সাফল্য৷এজন ছাগলী চোৰ আটক টেঙাখাত আৰক্ষীৰ।বহুদিনৰে পৰা ডিব্ৰুগড় জিলা টেঙাখাতৰ বিভিন্ন অঞ্চলত ছাগলী চোৰৰ এটা দলে সন্ত্ৰাস চলাই আহিছে।তেনে ক্ষেত্ৰত আজি টেঙাখাত আৰক্ষীয়ে টেঙাখাতৰ উইলটনৰ চোৱন নেৱা নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা এজন ছাগলী চোৰক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চোৰটোক ব্যক্তি জনৰ ঘৰতে ছাগলী ধৰি থকাৰ সময়তে প্ৰত্যক্ষ কৰে আৰু টেঙাখাত আৰক্ষীক খবৰ দিয়ে।চোৰটো নন্দনবন লাহোৱালবাৰী চাহবাগিচাৰ চন্দন ওৰাং বুলি জানিব পৰা গৈছে।

ইতিমধ্যে চোৰটোক টেঙাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।লগতে বহুদিনৰ পৰা সন্ত্ৰাস চলাই অহা এই দুষ্ট চক্ৰ টোৰ সন্ধান অতি সোনকালে ওলাব বুলি ও অৱগত কৰিছে আৰক্ষীয়ে।

হাজোৰ পূৱ-চেছাঁমূখত এখনি বিৰাট দ্বীনি জলছাহ অনুষ্ঠান সম্পণ্ণ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ -চেছাঁমূখ মোল্লাচুপা জলচাহ মৈদানত পূৱ -চেঁছামূখ দ্বীনি জলছাহ সমিতিৰ সৌজন্যত এখনি চতুৰ্দশ বাৰ্ষিক বৰ্নাধ্য কাৰ্যসূচীৰে বিৰাট দ্বিনী জলছাহ অনুষ্ঠান সম্পণ্ণ কৰা হ’য়।সেই অনুসৰি পুৱাৰ ভাগত বৃক্ষৰোপন,কণ কণ শিশুসকলৰ মাজত খেল ধেমালী প্ৰতিযোগিতা,সম্বৰ্ধনা পৰ্ব আদি বিভিণ্ণ কাৰ্যসূচী অনুষ্ঠিত হ’য়।অৱশ্যে বৃক্ষৰোপন কাৰ্যসূচীত অংশ লয় ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মইনুল হ’ক চৌধুৰী,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মকিবুৰ ৰহমান,প্ৰাক্তন প্ৰধান শিক্ষক হৰিনচন্দ্ৰ দাস,কল্পুৰাম কলিতাকে প্ৰমূখ্য কৰি অঞ্চলটোৰ প্ৰায়সংখ্যক লোকে।

ইয়াৰ পিছতেই আবেলিৰ ভাগত জলছাহৰ মুকলি সভা অনুষ্ঠিত হ’য়।সভাত ইছলাম ধৰ্মালম্বী লোকসকলৰ ধৰ্মপুথি পবিত্ৰ কোৰন শ্বৰীফৰ দফাসমূহ সাৱলীল ভাৱে আলোচনা কৰা হ’য় ।উল্লেখ্য যে বিশ্ব শান্তিৰে ভাতৃত্ববোধ ঐক্য পৰম্পৰাৰে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে চতুৰ্দশ বাৰ্ষিক বিৰাট দ্বীনি জলছাহ কাৰ্যসূচী সম্পণ্ণ কৰা হ’য় বুলি উল্লেখ কৰে উদ্যোক্তা কমিটিয়ে।

তদুপৰি আজিৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে উপস্থিত থাকে জলচাহ পৰিচালনা সমিটিৰ সভাপতি তবিবৰ ৰহমান,উপসভাপতি আয়েজ আলী,সম্পাদক কামাল হুছেইন,সহঃ সম্পাদক খচনুৰ আলী,সদস্যবৃন্দ ক্ৰমে আশ্ৰফ আলী শইকীয়া,ৰেকিবুল হুছেইনকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্যমান্য ব্যক্তি।

ফ্ৰিজত ৰখা খাদ্যই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে

ফ্ৰিজৰ সামগ্ৰী কিমান ঘণ্টাৰ বাবে সুৰক্ষিত জানি লওঁক :গৰম অহাৰ লগে লগে ফ্ৰিজৰ অৱস্থা বেয়া হৈ পৰে। যিকোনো খাদ্য বাকী থাকিলেও, গৰমত নষ্ট নহ’ব বুলি ভয়ত ইয়াক সোনকালে ফ্ৰিজত ৰখা হয়। বেছিভাগ মানুহে কাম কৰি থকা ঘৰটোত, পৰিস্থিতি আৰু বেয়া। মেলি থোৱা ময়দা, সিজোৱা দাইল, কটা পাচলি, ফল আৰু মাছ, মাখন আৰু কি জানিব নালাগে। সকলোবোৰ মজুত ৰখা হয়, যাতে আপুনি কামৰ পৰা উভতি অহাৰ লগে লগে ৰান্ধিবলৈ সহজ হয়।সময় ৰাহি কৰিবলৈ, এই সকলোবোৰ কৰাটো এটা সমাধান যেন লাগিব পাৰে, কিন্তু আপুনি জানেনে যে ফ্ৰিজৰ ভিতৰত খাদ্য ৰখাৰ এক সীমাও আছে। গতিকে প্ৰয়োজনৰ বাতৰিত খাদ্যবোৰ ফ্ৰিজত সঠিক ধৰণে ৰখাৰ বিষয়ে আহক…

প্ৰথমে, ফ্ৰিজত থকা খাদ্য কিয় বেয়া নহয় বুজি পাওঁ আহক?ফ্ৰিজৰ তাপমাত্ৰা বাহিৰৰ তাপমাত্ৰাতকৈ কম। এনে পৰিস্থিতিত, বাহিৰৰ উচ্চ তাপমাত্ৰাত বৃদ্ধি হৈ খাদ্য নষ্ট কৰা বেক্টেৰিয়া, ফ্ৰিজৰ ভিতৰত নিম্ন তাপমাত্ৰাত একেই বৃদ্ধি নহয়। ইয়াৰ ফলত, ফ্ৰিজত ৰখা খাদ্য এক নিৰ্দিষ্ট সময়ৰ বাবে সুৰক্ষিত থাকে।এটা নিৰ্দিষ্ট সময়ৰ পিছত খোৱাটো বেয়া হ’ব পাৰে।যিসকলে ইচ্ছাকৃতভাৱে অত্যাধিক খাদ্য প্ৰস্তুত কৰে আৰু ফ্ৰিজত ৰাখে, তেওঁলোকে প্ৰথমে ফ্ৰিজত থকা খাদ্য নষ্ট নহয় বুলি আঁতৰ কৰিব লাগে। এনে বহুতো খাদ্য সামগ্ৰী আছে, যিবোৰ এক নিৰ্দিষ্ট সময়ৰ পিছত ফ্ৰিজত নষ্ট হৈ যায়।একেদৰে, আপুনি ৰন্ধা সামগ্ৰীবোৰ ৰখা ফ্ৰিজৰ ৰেকত কেঁচা সামগ্ৰী নাৰাখিব মনত ৰাখিব। এনে কৰাৰ দ্বাৰা, ফ্ৰিজৰ ভিতৰত বেক্টেৰিয়া বিকশিত হয়। গতিকে দুয়োকে পৃথক ৰেকত ৰাখক। এইটোৱে ৰন্ধা খাদ্যলৈ গৈ কেঁচা খাদ্যবেক্টেৰিয়া নষ্ট নকৰে। তীখাৰ টিফিনত ৰন্ধা খাদ্য ৰখাটো আটাইতকৈ সুৰক্ষিত।

দৰাচলতে, ৰেফ্ৰিজেৰেটৰৰ তাপমাত্ৰা বিভিন্ন অংশ অনুসৰি বিভক্ত কৰা হয়। সাধাৰণতে, ফ্ৰিজত থকা ফ্ৰীজাৰৰ তলত থকা চেল্ফ বাকীবোৰতকৈ যথেষ্ট ঠাণ্ডা হয়। ৰেফ্ৰিজাৰেটিং চেম্বাৰৰ গড় তাপমাত্ৰা +3 ডিগ্ৰীৰ পৰা +6 ডিগ্ৰী লৈকে হয়। খাদ্যৰ সুৰক্ষা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে তাপমাত্ৰা সামগ্ৰী অনুসৰি ৰাখিব লাগে।যদি বাৰে বাৰে ময়দা খিনি মেলিবলৈ অসুবিধা যেন লাগে

বেছিভাগ মানুহে ময়দাখিনি মেলি ফ্ৰিজত ৰাখে। প্ৰয়োজন হ’লে, ই সোনকালে পিঠা হৈ পৰিব বুলি ভাবি। এনেদৰে ভুল হৈছে। যেতিয়া আমি ময়দাত পানী যোগ দিওঁ, ইয়াৰ ভিতৰত ৰাসায়নিক পৰিৱৰ্তন হয়। সেয়েহে, ময়দা খিনি মেলি দিয়াৰ লগে লগে, পিঠা তৎক্ষণাৎ বনাব লাগে। যেতিয়া আমি এই ময়দাটো ফ্ৰিজত ৰাখোঁ, ইয়াত থকা ৰশ্মি ময়দালৈ যায়, যি স্বাস্থ্যৰ ক্ষতি কৰে। ফ্ৰিজত ৰখা ময়দাককলা হৈ পৰে আৰু ইয়াৰ পিঠা তিতা হৈ পৰে, যি হজম কৰিবলৈ সহজ নহয়।

হৰিনামেৰে মুখৰিত হ’ল বাক্সা জিলাৰ জাৰতালূক

শান্তি ,সমৃদ্ধি, অটুত ৰখাৰ উদ্দেশ্যা বাক্সা জাৰতালূক শ্ৰীশ্ৰী কালী মন্দিৰ প্ৰাংগণত আন বাৰৰ দৰে এই বাৰো শ্ৰীশ্ৰী কালিপূজা আৰু অষ্টপ্ৰহৰ শ্ৰীকৃষ্ণৰ নাম নামকীৰ্ত্তন মহোৎসৱ ১৫ ৰ পৰা ১৯ মাৰ্চলৈ পাঁচদিনীয়াকৈ বিনন্দীয়া কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে এই মহোসৎৱ। অসমৰ বিভিন্ন জিলাৰ লগতে কোঁচবিহাৰ, চিলীগুৰী নামকীৰ্তনৰ দল ।আহিছে নামকীৰ্তনৰ কৰিবলৈ৷ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয় ।আনহাতে প্ৰতিদিনে ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। যথেষ্ট সংখ্যক ভক্তৰ ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে৷

হু’নাৰ হাটত গুৰুত্বপূৰ্ণ ভূমিকা পালন উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী আৰু কাৰিকৰসকলৰ

খানাপাৰাত অনুষ্ঠিত হুনাৰ হাটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিল্পী আৰু কাৰিকৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ২০ খন বিপণী স্থাপন কৰা হৈছে। হিন্দু, মুছলমান, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী শিল্পীসকলৰ এই ২০খন বিপণীৰ ভিতৰত ১১ খন বিপণী মহিলাৰ আৰু ৯ খন পুৰুষ শিল্পীৰ। উল্লেখযোগ্য কথাটো হ’ল যে এই বিপণীবোৰৰ অৰ্ধেক অৰ্থাৎ ১০খন বিপণী অসমৰ শিল্পী আৰু কাৰিকৰসকলক। এই বিপণীবোৰত মেখেলা চাদৰ, কুৰ্তা, বেত আৰু বাঁহৰ আনুষংগিক সামগ্ৰী, মুকুতাৰ গহণা, হস্ততাঁত বস্ত্ৰ, হস্তশিল্প আদি উপলব্ধ হৈছে।

গুৱাহাটীত প্ৰথমবাৰলৈ হুনাৰ হাট আয়োজন কৰা হৈছে, কিন্তু অধিকাংশ শিল্পী আৰু কাৰিকৰে পূৰ্বতেও অন্য হুনাৰ হাটত অংশগ্ৰহণ কৰিছে। অসমৰ মনিকা বৰাৰ বিপণী নম্বৰ হ’ল ৯৫। তৃতীয়বাৰলৈ তেওঁলোকক হুনাৰ হাটত এখন বিপণী দিয়া হৈছে। গুৱাহাটীৰ পূৰ্বে হস্ততাঁত চাদৰ আৰু কুৰ্তাৰ কাম কৰা মনিকাই প্ৰয়াগৰাজ আৰু লক্ষ্ণৌত অনুষ্ঠিত হুনাৰ হাটত অংশগ্ৰহণ কৰিছে। অসমৰ জাইৰুল ৰহমানেও গুৱাহাটীৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ হুনাৰ হাটত অংশগ্ৰহণ কৰিছিল। এতিয়া তেওঁলোকক দ্বিতীয়বাৰলৈ সুযোগ দিয়া হৈছে। বেত আৰু বাঁহেৰে শোভিত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা জাইৰুলে হুনাৰ হাটত সুযোগ পাই অত্যন্ত সুখী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ছিকিমৰ অনিতা তামাঙে কাপোৰৰ কাম কৰে। গুৱাহাটীৰ হুনাৰ হাটত তেওঁৰ বিপণী নম্বৰ ২১৩। অনিতাইও নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ ইয়াৰ পূৰ্বে লাভ কৰিছে। তেওঁ চুৰাট আৰু হায়দৰাবাদৰ হুনাৰ হাটত যোগদান কৰিছিল। অধিকাংশ শিল্পী আছে যিয়ে প্ৰথমবাৰৰ বাবে বিপণী স্থাপনৰ সুযোগ লাভ কৰিছে। অসমৰ অৰ্জিনা খানমে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ হুনাৰ হাটত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। আৰ্জিনাই তেওঁৰ ৯৩ নম্বৰৰ বিপণীত বেত আৰু বাঁহেৰে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিছে আৰু বিক্ৰীৰ ফলাফলক লৈ তেওঁ সুখী। এক বাৰ্তালাপত আৰ্জিনাই কয় যে মানুহৰ সঁহাৰি যথেষ্ট উন্নত হৈছে, বহু সংখ্যক লোকে তেওঁৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে।

হুনাৰ হাটৰ সকলো বিপণী আকৰ্ষণীয় হৈছে যদিও অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিপণীবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতেও হুনাৰ হাটত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী, শিল্পকাৰ, কাৰিকৰসকলক সুযোগ প্ৰদান কৰি যাব।

ছিপাঝাৰৰ যুৱক আলফা স্বাধীনলৈ যোৱাৰ খবৰে অঞ্চলটোত হাহাকাৰ সৃষ্টি কৰিছে

ছিপাঝাৰৰ  যুৱক আলফা স্বাধীনলৈ । ছিপাঝাৰৰ কুমাৰপাৰা ভদ্ৰকান্ত বড়া আৰু মনোৰমা বড়া ৰ একমাত্ৰ পুত্ৰ ২৬বছৰীয়া হিৰকজ্যোতি বড়া আলফা স্বাধীনলৈ যোৱা খবৰে ঘৰখনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । ইতিমধ্যে  আৰক্ষী উপস্হিত হৈ আৰম্ভ কৰিছে তদন্ত ।যোৱা ৯মাৰ্চৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল গুৱাহাটীলৈ তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে বিচ্ছিন্ন যোগাযোগ।কালি এটি দলৰ সৈতে আলফা স্বাধীনলৈ ওলাই যোৱাৰ খবৰে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে

মাক-দেউতাকৰ আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা লৈ কাতৰ আহ্বান ল’ৰাটোক পুনৰ ঘৰলৈ ওভতাই পঠাবলৈ কাতৰ অনুৰোধ
জনায়।

এম জি এন ৰেগা আঁচনিৰ ৰূপায়নত অসন্তুষ্ট ৰাইজ।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয় বিভাগৰ এম জি এনৰেগাৰ জৰিয়তে গ্ৰাম্যাঞ্চলত কোটি কোটি টকা খৰছ কৰিছে যদিও এতিয়াও উন্নয়ন হোৱা নাই বহু ঠাই। এম জি এন ৰেগা আঁচনিৰ জৰিয়তে অনুমোদন দিয়া এই আঁচনিখন এতিয়া এনেদৰে অসমাপ্ত হৈ পৰি থকাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।দৰং জিলাৰ ছিপাঝাৰ উন্নয়নখণ্ডৰ অন্তৰ্গত দুমুনিচকী গাওঁ পঞ্চায়তৰ একাংশএম জি এন ৰেগা আঁচনি ৰূপায়নে ৰাইজক ক্ষোভিত কৰি তুলিছে । দৰং কামৰূপ জিলাৰ সীমান্তৰ দুমুনিচকী সাপ্তাহিক বজাৰৰ সমীপৰ ২০২০-২১ বৰ্ষত ৰাজহুৱা জানাজা ক্ষেত্ৰ উন্নয়ন কৰিবলৈ ৭ লাখ ৫৩ হাজাৰ টকাৰ আঁচনিখনৰ নামত আবন্তিত হৈছিল ।

কিন্তু দুমুনিচকী গাঁও পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীৰ অবেহেলাৰ বাবে অতি নিম্নমানৰ কাম কৰি সামৰিলে যাৰ ফলত মৃত্যু হোৱা ব্যক্তি জানাজা দিয়া অসুবিধা হৈ পৰিছে। যিখিনি কাম কৰিছে সেই কামখিনিক লৈ অসন্তুষ্ট অঞ্চলটোৰ ৰাইজ।

স্মাৰ্ট আৰক্ষী থানাৰ পৰাই পলায়ন ছাগলী চোৰৰ

গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসম আৰক্ষীক অধিক গতিশীল আৰু জনমুখী কৰি অসম আৰক্ষীৰ হেৰাই যোৱা গ্ৰহণযোগ্যতা ৰাইজৰ মাজলৈ ঘূৰাই আনিবলৈ আপ্ৰান চেষ্টা চলাই আহিছে ঠিক তেনে সময়তে লাহৰীঘাট আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাৰ এখন পুতৌলগা ছৱিয়ে চকু কপালত তুলিছে সচেতন ৰাইজৰ। দিন দুপৰতে আৰক্ষীৰ চকুত ধূলি মাৰি চুৰ পলাই যাবলৈ সক্ষম হোৱা বিষয়টোৱে আৰক্ষী থানাখনৰ ফোপোলা স্বৰূপ বাৰুকৈয়ে উন্মোচিত হোৱাৰ লগতে থানাখনৰ সংশ্লিষ্ট আৰক্ষী বিষয়া আৰু কৰ্তব্যৰত আৰক্ষীৰ দায়িত্বহীনতাৰ এখন বাস্তৱ ছৱি স্পষ্ট হৈ পৰিছে। যোৱা কালি লাহৰীঘাটৰ গৰম বজাৰৰ পৰা ৰাইজে চোৰটোক আটক কৰি চমজাই দিছিল আৰক্ষীক ।

আৰু আজি আৰক্ষী থানাৰ পৰা চোৰটো পলায়ন কৰাত হুৱা দোৱা লাগে আৰক্ষীৰ মাজত ।পিছে পিছে আৰক্ষী দৌৰি যায় যদিও কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই পলাতক চোৰটোৰ ।আৰক্ষী থানাৰ পৰা চুৰে পলায়ন কৰিবলৈ সক্ষম হোৱা বিষয়টোৱে গোটেই আৰক্ষী বিভাগটোকেই বদনামি কৰি তোলা বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

ভাৰতত ৫ বছৰত ৪২ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিব জাপানে…

যুদ্ধ বিধ্বস্ত ইউক্ৰেইন সন্দৰ্ভত নিজস্ব স্থিতি স্পষ্ট কৰি জাপান আৰু ভাৰতে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীত শনিবাৰে ভাৰত ভ্ৰমণৰত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিডাৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে। বৈঠকত বিভিন্ন বিষয় লৈ দুয়োজন ৰাষ্ট্ৰনেতাই মত বিনিময় কৰে। ইউক্ৰেইন সন্দৰ্ভত তেওঁলোকে আন্তৰাষ্ট্ৰীয় একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আন কেইবাখনো দেশৰ লগতে জাপানেও ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত অৱৰোধ ঘোষণা কৰিছে।

আনহাতে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী কিছিডাই নিৰাপত্তা আৰু অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতক সহযোগ কৰাৰ আশ্বাস দিয়ে। অহা ৫ বছৰৰ ভিতৰত জাপানে ভাৰতত ৩.২ লাখ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। শেহতীয়াকৈ জাপানৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক যথেষ্ট উন্নত হোৱা বুলি উল্লেখ কৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত ভাৰতত বিনিয়োগৰ মাত্ৰা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। দুয়োখন দেশৰ মাজত শীঘ্ৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰী কিছিডাই। তেওঁ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া QUAD শীৰ্ষ সন্মিলত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনায়। দুয়োজন প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছতে ভাৰত আৰু জাপানৰ মাজত ৬খনকৈ চুক্তি স্বাক্ষৰিত হয়।