Home Blog Page 2553

ভাৰতলৈ ৰাছিয়াৰ উপহাৰ! কম মূল্যত যোগান ধৰিব খাৰুৱা তেল…

FILE PHOTO: A maze of crude oil pipes and valves is pictured during a tour by the Department of Energy at the Strategic Petroleum Reserve in Freeport, Texas, U.S. June 9, 2016. REUTERS/Richard Carson

ভাৰতলৈ ৰাছিয়াৰ উপহাৰ। কম মূল্যত ভাৰতীয় তেল কোম্পানীলৈ ৰাছিয়াই যোগান ধৰিব খাৰুৱা তেল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্যতকৈ বহু কম দামত ভাৰতক খাৰুৱা তেল যোগান ধৰিবলৈ আগবাঢ়িছে ৰাছিয়া। ইয়াৰ বাবে শীঘ্ৰেই সম্পাদিত কৰা হ’ব চুক্তি। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছতে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰোপ কৰা হৈছে। পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ লগত সকলো সম্পৰ্ক শেষ কৰিছে। ৰাছিযাৰ ওপৰত আমেৰিকাই তেল আমদানি নিষেধাজ্ঞা কে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় তেল কোম্পানীয়ে ৰাছিয়াৰ তেল কোম্পানীৰ পৰা তেল ক্ৰয় কৰাত কোনো বাধা লাভ কৰা নাই। ভাৰতীয় তেল কোম্পানীৰ ওপৰত নাই কোনো নিষেধাজ্ঞা। ইফালে আমেৰিকাকে ধৰি অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপক কৰাৰ পিছতে ভাৰত তথা ৰাছিয়াৰ সৈতে সু সম্পৰ্ক বজাই ৰখা দেশসমূহৰ তেল কোম্পানীক কম মূল্যত তেল যোগান ধৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাছিয়াই। এই সন্দৰ্ভত ভাৰতীয় তেল কোম্পানীৰ সৈতে এক চুক্তিও স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে। ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে ৰাছিয়াৰ এটা তেল কোম্পানীৰ সৈতে ৩ নিযুত বেৰল খাৰুৱা তেল আমদানি কৰাৰ চুক্তি কৰিছে। ইয়াৰ বাবে দুয়োটা কোম্পানীৰ মাজত পোনপটীয়া আলোচনা হৈছে। এই চুক্তি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

এই মুহূৰ্তত, অধিক ভাৰতীয় তেল কোম্পানীয়ে খাৰুৱা তেল আমদানি কৰিবলৈ ৰাছিয়াৰ তেল কোম্পানীবোৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰস্তুত হৈছে। উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। প্ৰতিবেৰল খাৰুৱা তেলৰ মূল্যই ১৩০ ডলাৰৰো অধিক মূল্য স্পৰ্শ কৰিছিল। এতিয়াও এই মূল্য ১০০ ডলাৰৰ ওপৰতেই আছে। এনে পৰিস্থিতিত ৰাছিয়াই ভাৰতীয় তেল কোম্পানীক বহু কম মূল্যত তেল যোগান ধৰাৰ বাবে লোৱা পদক্ষেপে ভাৰতক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভাৰত ভ্ৰমণ…

দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা নতুন দিল্লীত উপস্থিত হৈছে। বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই ভ্ৰমণকালত কিছিদাই চতুৰ্দশ ইণ্ডিয়া-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব।

কিছিদাৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পিছত প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে অন্তিমবাৰলে ২০১৮ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল বাৰ্ষিক সন্মিলনত। টকিঅত অনুষ্ঠিত সেই সন্মিলনৰ পিছত কভিডকালীন পৰিস্থিতিৰ বাবে পুনৰ অনুষ্ঠিত হোৱা নাছিল। অৱশ্যে ভাৰ্চুৱেল মিটিং আৰু ফোনযোগে বিষয়া পৰ্যায়ৰ বৈঠক সময়ে সময়ে অনুষ্ঠিত হৈ আহিছে।

কি কাৰণে কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ?

কাজিৰঙালৈ আহিব এইবাৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল ১ কোটি টকা। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই।

টুইটাৰত আমন্ত্ৰণ জনোৱাৰ পাছতেই টুইটাৰত ৰিপ্লাই অক্ষয় কুমাৰৰ। শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে অভিনেতা অক্ষয় কুমাৰ। টুইটযোগে অভিনেতাগৰাকীৰ সঁহাৰি। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

৯-১০ এপ্ৰিলত গোলাঘাটত পেঃগু অপৃন মহাসভাৰ অধিৱেশন

মিচিং সকলৰ সৰ্ববৃহৎ বৃহৎ গোত্ৰ পেঃগু অপৃন মহাসভাৰ তৃৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখন এইবাৰ গোলাঘাট জিলাত অনুষ্ঠিত হ’ব ৷ গোলাঘাট জিলাৰ দৈয়াং মৃৰং উকুম লত্তাত ৯ আৰু ১০ এপ্ৰিলত অনুষ্ঠিত হ’বলগা উক্ত অধিৱেশনৰ বাবে ইতিমধ্যে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে বুলি তাকাম পেঃগু অপৃন মহাসভাৰ কেন্দ্ৰীয় সভাপতি দেবিৰাম পেগু, সচিব শিৱনাথ পেঃগু আৰু যুটীয়া সচিব দিলীপ পেগুৱে জানিবলৈ দিছে ৷ তেওঁলোকে এক বিবৃটিত জনোৱা মতে অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ দীনেশ পেগুক সভাপতি, ৰাজু পেগুক সম্পাদক হিচাপে লৈ মূল সমিতিখন গঠন কৰাৰ লগতে অৰ্ধশতাধিক উপসমিতি গঠন কৰা হৈছে ৷

তেওঁলোকে লগতে জনোৱা মতে ১৭ মাৰ্চত চিলাপথাৰ পেঃগু ভৱনত কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যকৰী বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত সভাত অতিথি নিমন্ত্ৰণ, পূঁজি, অতিথি আপ্যায়ন, প্ৰতিনিধি সম্পৰ্কত আলোচন কৰাৰ লগতে মুকলি সভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয় ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সাংস্কৃতিক নিশাৰ কাৰ্যসূচী মিচিং সমাজৰ পুৰোধা শিল্পী অই আপ্পুন গণেশ পেগুৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৷ অধিৱেশনখনত অসম-অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ২০০০ প্ৰতিনিধি উপস্থিত থাকিব ৷ অধিৱেশনৰ বাবে ইতিমধ্যে দৈয়াং মৃৰং উকুম লত্তা সজাই-পৰাই তোলাৰ কাম আৰম্ভ কৰা বুলি তেওঁলোকে জনোৱাৰ লগতে অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

সৃজনগ্ৰামত ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ…

শুক্ৰবাৰে বঙাইগাও জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ ৷ জিলাখনৰ সৃজনগ্ৰামৰ আমগুৰি  সস্তৰত অৱস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ পালন কৰে  অঞ্চলটোৰ ২৬ ৰাইজে ৷ লোকবিশ্বাস অনুসৰি এই মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য ৷ মন্দিৰটোত যদি শুদ্ধচিত্তে প্ৰাৰ্থনা কৰে তেন্তে মনোবাঞ্চা পূৰণ হয় বুলিও দাবি উত্থাপন কৰে ৰাইজে ৷ আনহাতে শ্ৰীশ্ৰী ৰাম চন্দ্ৰৰ বহি থকা সেউজীয়া ৰঙৰ মূৰ্তি ভাৰতৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বুলি প্ৰকাশ কৰিছিল ড° ইন্দিৰা গোস্বামীয়ে ৷

এই মন্দিৰটোত আছে ৬১ খনকৈ সাঁচিপাতৰ পুথি ৷সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ এই বিশেষ  দিনটোত সমাগম ঘটিল সত্ৰখনত ৷উল্লেখযোগ্য যে ৰাজদৌল মহোৎসৱত উপস্থিত  থাকে KAC ৰ  মুখ্য কায্যবাহি সদস্য গকুল বৰ্মন, আভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰকে ধৰি  বিশেষ বিশেষ ব্যক্তিসকল ৷

বিশ্বৰেকৰ্ড স্পৰ্শ ভাৰতীয় অধিনায়কৰ….

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মিতালীয়ে ৬৩ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। চলিত বৰ্ষৰ এয়া মিতালীৰ প্ৰথমটো অৰ্ধশতক। বিশ্বকাপত সৰ্বাধিক ১২ টা অৰ্ধশতক অৰ্জনৰ বিশ্ব অভিলেখো স্পৰ্শ কৰে মিতালীয়ে। উল্লেখ্য যে, নিউজিলেণ্ডৰ প্ৰাক্তন বেটছমেন ডেবি হকলেৰেই বিশ্বকাপত ১২ টা অৰ্ধশতক অৰ্জন কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন চাৰ্লট এডৱাৰ্ডছকো অতিক্ৰম মিতালীৰ।

বেটছমেন হিচাপে যুটীয়াভাৱে তেওঁ শীৰ্ষস্থানত থাকিলেও এগৰাকী অধিনায়ক হিচাপে বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ অভিলেখ গঢ়িছে মিতালীয়ে। বিশ্বকাপত অধিনায়ক হিচাপে মিতালীৰ এইটো অষ্টম অৰ্ধশতক। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ছুজী বেটছ। বিশ্বকাপত অধিনায়ক হিচাপে ছুজীৰ বেটৰ পৰা আহিছে ৬টা অৰ্ধশতক।


ইফালে, চলিত মহিলা বিশ্বকাপত ভাৰতীয় মহিলা দলৰ অধিনায়কক ইমান দিন ধৰি ছন্দত দেখা নাছিল অনুৰাগীয়ে। দলটোৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ গৈ তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। ইয়াৰ পূৰ্বে, মিতালীয়ে চলিত বিশ্বকাপৰ ৪খন খেলত মাত্ৰ ৪৬ ৰানহে সংগ্ৰহ কৰিছিল।

শক্তিশালী মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ…

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ইয়াৰ মাজতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰুছ সেনাই ইউক্ৰেইনৰ পশ্চিম দিশত এই মিছাইলেৰে আক্ৰমণ কৰে।

ৰুছ সেনাই ইয়াৰ পূৰ্বে কেতিয়াও স্বীকাৰ কৰা নাছিল যে তেওঁলোকে ইউক্ৰেইৰ ওপৰত শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে।কিন্তু কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰা বুলি ৰুছৰ সংবাদ মাধ্যমটো প্ৰকাশ পাই।

উল্লেখ্য যে, ৰাছিয়াই অব্যাহত ৰাখিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ। ইতমধ্যে কেইবাখনো চহৰত ধ্বংসলীলা কৰিছে ৰাছিয়াই কিন্তু তাৰ পাছতো ইউক্ৰেইনে ইয়াৰ মোকাবিলা কৰি গৈছে।

২২ মাৰ্চৰ পৰা প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ…

মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। অহা ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। কোভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ যুঁজ অব্যাহত আছে।

কৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ড’জ। কাৰোনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ডজ প্ৰদান কৰা হ’ব এক শিবিৰত।

জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ…

দেশৰ প্ৰথম গৰাকী চিডিএছ বিপিন ৰাৱটক মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰতৰ অন্যতম অসামৰিক সন্মান পদ্ম বিভূষণ। ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসমাৰিক সন্মান হৈছে পদ্মবিভূষণ। ২১ মাৰ্চত তেওঁৰ কন্যা কৃতিকা আৰু তাৰিণীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰণ কৰিব এই সন্মান।

উল্লেখ্য যে, ২৬ জানুৱাৰীত ১২৮ গৰাকী লোকলৈ পদ্ম সন্মান ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত ৪ টা পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ, ১০৭ গৰাকী লোকলৈ পদ্মশ্ৰী সন্মান ঘোষণা কৰা হৈছিল।

বিগত বৰ্ষৰ ৮ ডিচেম্বৰত তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বিপিন ৰাৱাটৰ। জেনেৰেল ৰাৱাটক ২০১৯ চনৰ ৩১ ডিচেম্বৰত ভাৰতৰ প্ৰথম চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছিল।

তামুলপুৰৰ জোকমাৰী নিজডেফেলী দৌল মহোৎসৱৰ সোণালী জয়ন্তীৰ আয়োজন

তামুলপুৰ জিলাৰ অন্তৰ্গত জোকমাৰী নিজ-ডেফেলী মিলন দৌল মন্দিৰ প্ৰাংগণত দৌল মহোৎসৱৰ ৫০ বছৰ পূৰ্তি উপলক্ষে অহা ১৭ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ছয়দিনীয়া কাৰ্যসূচীৰে ৫১ সংখ্যক জোকমাৰী নিজ ডেফেলী মিলন দৌল মহোৎসৱ আৰু সোণালী জয়ন্তী বৰ্ষ উৎসৱ পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।ইতিমধ্যে প্ৰফুল্ল ৰাম দাসক সভাপতি আৰু অপূৰ্ব কোঁৱৰক সম্পাদক হিচাপে লৈ দৌল মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন সমিতি এখন গঠন কৰা হৈছে৷সোতৰ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব লগা এই সোনালী জয়ন্তী মহোৎসৱ উপলক্ষ্যে স্বচ্ছ অভিযান ,গোসাই আদৰণি, বহ্নোৎসৱ, নাম প্ৰসংগ , পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ পুলি ৰোপণ, মুখ্য দ্বাৰ উদঘাটন, কাৰ্যালয় উদ্বোধন, শাস্ত্ৰ পাঠ, সম্বৰ্ধনা অনুষ্ঠান , নাগাৰা নাম, ঢুলীয়া আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ধৰ্মালোচনী সভা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে ৷

দৌল উপলক্ষ্যে ৬ দিনীয়া বাণিজ্য মেলাৰো আদি আয়োজন কৰা হৈছে৷ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ৷