Home Blog Page 2552

ভাৰতে আন্দামানত ব্ৰাহ্মছ মিছাইলৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বুধবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ব্ৰাহ্মছ চুপাৰচনিক ক্ৰুজ মিছাইল পৃষ্ঠৰ পৰা পৃষ্ঠলৈ সফলতাৰে পৰীক্ষা কৰে।সম্প্ৰসাৰিত পৰিসৰৰ মিছাইল পৰীক্ষামূলক গুলীচালনা এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী আৰু অন্যান্য প্ৰতিৰক্ষা বিষয়াৰ দ্বাৰা প্ৰত্যক্ষ কৰা হৈছিল।মিছাইলটোৱে নিৰ্দিষ্ট নিৰ্ভুলতাৰে ইয়াৰ লক্ষ্যত আঘাত কৰিছিল, প্ৰতিৰক্ষা বিষয়াসকলে কৈছিল।এয়াৰ চীফ মাৰ্শ্বালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰি আছিল।ব্ৰাহ্মছ মিছাইলটো শেহতীয়াকৈ চৰ্চাত আছিল যেতিয়া তেওঁলোকৰ এজনে ভাৰতীয় বায়ু সেনাৰ গোটৰ পৰা কমাণ্ড এয়াৰ ষ্টাফ ইন্সপেকশনৰ (চিএএছআই) সময়ত কাৰিকৰী বিজুতিৰ বাবে ভুল কৈ কৰিছিল। মিছাইলটো পাকিস্তানৰ ভূখণ্ডত অৱতৰণ কৰিছিল, যাৰ ফলত সম্পত্তি আৰু সঁজুলিৰ খুব কম ক্ষতি হৈছিল আৰু মানুহৰ কোনো ক্ষতি হোৱা নাছিল।

ঘটনাটোৰ পিছত, ভাৰতে পাকিস্তানী কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি ঘটনাটোৰ বাবে গভীৰ দুখ প্ৰকাশ কৰে, লগতে এক বিবৃতি জাৰি কৰে।এই মিছাইলবিধে নিৰ্দিষ্ট লক্ষ্যত সফলতাৰে আঘাত হানিবলৈ সক্ষম হয় বুলি বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।মাৰ্চৰ প্ৰথম সপ্তাহতো ভাৰতীয় নৌসেনাই ব্ৰাহ্মছ ক্ৰুজ মিছাইলৰ এটা সফল পৰীক্ষণ কৰিছিল।ভাৰতে শেহতীয়াভাৱে বিকাশ সাধন কৰা ব্ৰাহ্মছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ লক্ষ্যস্থানত আঘাত হানিব পৰা সামৰ্থ্যও ২৯৮ কিলোমিটাৰৰ পৰা ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰিছে।

বঙাইগাঁৱত কমতাপুৰ ৰাজ্য পুনৰ গঠন,জনজাতিকৰণৰ দাবীত তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন

অসম আৰু পশ্চিম বংগ ৰাজ্যৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নামনি অসমৰ বঙাইগাঁও জিলাসদৰ চহৰখনৰ মাজমজিয়াত থকা বৰপাৰা ৰাজহুৱা খেলপথাৰত তিনি ঘন্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি পৰিস্থিতি উত্তাল কৰি তোলে । প্রাপ্ত বাতৰিমতে আজি ৰাতিপুৱা ১১.০০বজাত বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন কোঁচ ৰাজবংশী জাতীয় পৰিষদ আৰু সংগঠনটোৰ মহিলা পৰিষদৰ লগতে সুভাকাংক্ষী বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ প্ৰায় পাঁচ শতাধিক নেতা সদস্যসকলে উপস্থিত হৈ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰে আৰু বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে আৰু তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট ৰ অন্তত বঙাইগাঁও জিলা উপায়ুক্ত বিষয়া ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ একোখনকৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।ইফালে ধৰ্মঘটস্থলীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিমল বৰ্মন আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে কোঁচ ৰাজবংশী জনগোষ্ঠীৰটোৰ পৰা বিভিন্ন চলাহি কথাৰে এসময়ত ভোট আদায় কৰি এতিয়া মূৰ পলকা মাৰিছে।

নেতাদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চূড়ান্ত মিছলীয়া বুলি গুৰুতৰ অভিযোগ কৰি জনগোষ্ঠীটোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে অহা এপ্ৰিল মাহৰ পৰাই নতুন দিল্লী আৰু গুৱাহাটীত এলানি গণতান্ত্ৰিক ভাৱে ধৰ্ণা আৰু অসম- পশ্চিম বংগ ৰাজ্য বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন এটি কণমানিক।AC NO14180100007218,IFSC NO -UCBA0001418 জৰিড়তে সহায় আগবঢ়াব পাৰিব।

পখিলা খেদা বয়সত সাৰথি হ’ব লগা হৈছে পিতৃ মাতৃ । হাতত কলম কিতাপ লোৱা বয়সত হেজাৰ সপোন যেন স্তব্ধ হৈ পৰিছে কণমানি শিশুটিৰ । বিশ্বনাথৰ বিহালীস্থিত শ’লমাৰী গাঁৱৰ নিবাসী পিতৃ দিল বাহাদুৰ ছেত্ৰী আৰু মাতৃ ৰাধিকা দেৱীৰ কনিষ্ঠ পুত্ৰ এইজন লোহিত ছেত্ৰী , বয়স ১০ বছৰ । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দিলবাহাদুৰ চেত্ৰী ঘৰত এতিয়া যেন দিনতে এন্ধাৰ নামি আহিছে । কাৰণ, জটিল ৰোগত আক্রান্ত হৈছে এই কণমানি শিশুটি । বহু চিকিৎসক আৰু চিকিৎসালয়ত আশাৰ বাট নেওচি বিচাৰিও পোৱা নাই কোনো সমাধান । চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা লোৱা পাছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে মুম্বাইলৈ । ছমাহ মান পূৰ্বে আৰাম্ভ হোৱা শাৰীৰিক অসুস্থতাৰ পাছত চিকিৎসালয়ত দিন ৰাতি একাকাৰ কৰি অৱশেষত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে মুম্বাইলৈ প্ৰেৰণ কৰা বাবে দিছে পৰামৰ্শ কিন্তু থমকি ৰব লগা হৈছে পৰিয়ালটো , থমকি ৰব লগা হৈছে পিতৃ মাতৃ । কাৰণ অৰ্থ অবিহনে এতিয়া দিনতে অন্ধকাৰ নামি আহিছে এই দুৰ্ভগীয়া পৰিয়াল টোলৈ । পৰিয়ালটিক বৰ্তমান প্ৰয়োজন হৈছে আৰ্থিক সাহাৰ্যৰ । প্ৰয়োজন হৈছে আপোনাৰ সহায়ৰ হাত , প্ৰয়োজন হৈছে চৰকাৰৰ তৰফৰ পৰা বিশেষ সহায়ৰ । এই অনুৰোধ পিতৃ মাতৃৰ । স্থানীয় ৰাইজ তথা অঞ্চলবাসীয়ে সামাজিক মাধ্যমৰ লগতে বিভিন্ন ধৰণে দান বৰঙণি সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰিছে যদিও পৰ্যাপ্ত নহয় চিকিৎসা অনুসাৰে । সেইহে কোনো সদাশয় ব্যক্তিয়ে যদি কিছু সহায়ৰ হাত আগবঢ়াই তেন্তে এই কণমানি জনৰ চিকিৎসাৰ বাবে হ’ব সহায় , বিৰিঙিব কণমানি শিশুটিৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি ।বেংক যোগে সহায় কৰিবলৈ কণমানি শিশুটিৰ মামা ৰাজেন ছেত্ৰী ৰ
একাউণ্ট নং 14180100007218
Branch Name :: GINGIA UCO BANK ,
IFSC NO ::UCBA0001418
PH. NO 9859732541

বৰপেটা চহৰৰ মাজমজিয়াত চুৰিৰ ঘটনা৷

বৰপেটা চহৰৰ মাজমজিয়াত চুৰিৰ ঘটনা ৷বৰপেটা চহৰৰ দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত নিশা চুৰি ৷ৰাজলক্ষী ভাণ্ডাৰ আৰু বহাগী ড্ৰাগচ্ ডিষ্ট্ৰিবিউটৰচ্ নামৰ ঔষধৰ পাইকাৰী প্ৰতিষ্ঠানত চুৰি ৷ৰাজলক্ষী ভাণ্ডাৰ নানৰ গেলামালৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দুৱাৰৰ তলা ভাঙে যদিও চোৰে দোকানখনৰ ভিতৰত প্ৰবেশ কৰিবলৈ সক্ষম নহ’ল ৷ইপিনে বহাগী ড্ৰাগচ্ ডিষ্ট্ৰিবিউটৰচ্ নামৰ ঔষধৰ পাইকাৰী প্ৰতিষ্ঠানৰ তলা ভাঙি চোৰ সোমাই কেচ কাউন্টাৰ আদি লণ্ডভণ্ড কৰে যদিও কোনো সামগ্ৰী লুটি কৰা নাই ৷চোৰে সম্ভৱত টকা পইচা বিচাৰিহে কেচ কাউন্টাৰ লণ্ড ভণ্ড কৰে ৷ইপিনে চুৰিৰ ঘটনাটোক লৈ হৈছে আন এক ৰহস্যৰ ৷চুৰিৰ ঘটনাটো সংঘটিত হোৱা সময়ৰ দৃশ্য আৱদ্ধ হোৱা নাই চিচি কেমেৰাত ৷চুৰিৰ ঘটনাটো সংঘটিত হোৱাৰ আগৰ অথবা পিচৰ সকলো দৃশ্য চিচি কেমেৰাত আৱদ্ধ হৈ আছে যদিও লক্ষ্যনীয়ভাৱে চুৰিৰ সময়ৰ কোনো দৃশ্য আৱদ্ধ হোৱা নাই চিচি কেমেৰাত ৷এয়া চোৰৰ কোনো হাইটেক্ কৌশল নেকি তাক লৈয়ো প্ৰশ্ন উঠিছে৷

কিন্তু দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানতে নাছিল নগদ ধন৷চোৰে প্ৰতিষ্ঠান দুখনৰ সা সামগ্ৰী লণ্ড ভণ্ড কৰে যদিও আন কোনো সামগ্ৰী চুৰি কৰি নিয়া নাই ৷ইতিমধ্যে ঘটনা সম্পৰ্কে আৰক্ষীক অজাহাৰ দাখিল কৰা হৈছে ৷

টেঙাখাতত পুনৰ অবৈধ কাঠ মিলৰ দপদপনি।

টেঙাখাতত পুনৰ অবৈধ কাঠ মিলৰ দপদপনি।নিৰ্মাত বন বিভাগ লগতে স্থানীয় প্ৰশাসন ৷

যি কোনো মুহূৰ্ত্তত প্ৰকৃতিৰ প্ৰতি নামি আহিব অমানিশা !

নিৰ্বিকাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন বিভাগ ।

কমিচনৰ অংকত ব্যস্ত ডিব্ৰুগড় জিলা ডি এফ অ’

আজি বহু বছৰ ধৰি টেঙাখাত অঞ্চলৰ গন্ধীয়া , হাতিবন্ধা বৰবাম, টিপমীয়া, পাখৰীজনীয়া লগতে নকাৰিত প্ৰায় ৮টাকৈ অবৈধ কাঠ ফলা মিলে বিনা দিধায়ে কাঠ মাফিয়া সকলে অবাধ বনধ্বংস যজ্ঞ চলাই আছে ।

নিৰ্বীকাৰ স্থানীয় প্ৰশাসন কিম্বা জিলা বন বিষয়া।

কমিচনৰ অংকত ব্যস্ত ডিব্ৰুগড় বন বিভাগ। বছৰ বছৰ ধৰি চলি অহা বন ধ্বংস যজ্ঞৰ বিৰুদ্ধে এইবাৰ তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ধনজিৎ সন্দিকৈয়ে।

কিছুদিনৰ পূৰ্ৱে নকাৰি গেজিং ৰিজাৱত শেনচোৱা গাওঁ পূৰ্ণ হাজৰিকা নামৰ ব্যক্তিজনে গছ কটা লৈ উত্তেজনা স্তৃতি হৈছিল ৷আৰু লগে লগে বন বিভাগক অৱগত কৰিছিল ৷

প্ৰদিপ শৰ্মা নেতৃত্বত তিনিচুকীয়াৰ পৰা অহা বন বিভাগৰ দলে প্ৰায় ৩৫ কেবি মূলয়বান কাঠ জব্দ কৰি চিজ কৰিবলৈ সক্ষম হয় যদিওঁ আজি লৈকে পূৰ্ণ হাজৰিকাৰ ওপৰত একো ব্যৱস্থা লোৱা পৰিলক্ষিত নহল ৷

বৃহৎ লেনদেনৰ অংকত নিৰ্মাত প্ৰদিপ শৰ্মা নেতৃত্বত অহা বন বিভাগৰ দল ৷

ইতিমধ্যে চৰকাৰ তথা বনবিভাগে কাঠ কতাক লৈ নীতি নিৰ্দেশনা জাৰি কৰিলেও একাংশ অসাধু চক্ৰয় বন বিভাগৰ লগত মিলি গছ কাটি অবৈধ ভাৱে সৰবৰাহ কৰি অহাৰো গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

এতিয়া প্ৰশ্ন হয় ইমান বোৰ তথ্য ৰাজহুৱা কৰাৰৰ পাছত চৰকাৰৰ ব্যাগোম বন বিভাগে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে?

শূণ্য শসনশীল নীতি গ্ৰহণ কৰা চৰকাৰে কমিচন লৈয়ে চলাই যাব নেকি বন ধ্বংস যজ্ঞ?

“বিবাহ মানে পত্নী ওপৰত অত্যাচাৰ চলোৱাৰ অনুজ্ঞা পত্ৰ নহয়”: বৈবাহিক ধৰ্ষণৰ ওপৰত উচ্চ ন্যায়ালয় ৰায়

কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায় দি কয় যে বিবাহ “এটা নিষ্ঠুৰ জন্তু কঢ়িয়াই অনাৰ” কোনো অনুজ্ঞাপত্ৰ নহয়, যিয়ে তেওঁৰ পত্নীক “যৌন দাসী” হ’বলৈ বাধ্য কৰাৰ অভিযোগত অভিযুক্ত এজন স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ গঠন ৰখাৰ অনুমতি দিছিল।”বিবাহ প্ৰতিষ্ঠানটোৱে কোনো বিশেষ পুৰুষৰ বিশেষাধিকাৰ বা নিষ্ঠুৰ জন্তু কঢ়িয়াই অনাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান নকৰে, প্ৰদান কৰিব নোৱাৰে আৰু মোৰ বিবেচিত দৃষ্টিভংগীৰে বুজাব নালাগে। যদি এজন পুৰুষৰ বাবে শাস্তিযোগ্য হয়, ই এজন পুৰুষৰ বাবে শাস্তিযোগ্য হ’ব লাগে, যদিও মানুহজন স্বামী,” উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হৈছে।পত্নীৰ ওপৰত যৌন নিৰ্যাতনৰ এক নিৰ্মম কাৰ্য্য, তেওঁৰ সন্মতিৰ বিপৰীতে, যদিও স্বামীৰ দ্বাৰা, ধৰ্ষণ বুলি কোৱাৰ বাহিৰে থাকিব নোৱাৰে। এজন স্বামীয়ে তেওঁৰ পত্নীৰ ওপৰত কৰা এনে যৌন নিৰ্যাতনৰ পত্নীৰ মানসিক চাদৰত গুৰুতৰ পৰিণাম হ’ব, ই তেওঁৰ ওপৰত মানসিক আৰু শাৰীৰিক দুয়োধৰণৰ প্ৰভাৱ পেলায়। স্বামীৰ এনে কাৰ্য্যই পত্নীৰ আত্মাক আঘাত কৰে। সেয়েহে, আইন প্ৰণেতাসকলে এতিয়া “নীৰৱতাৰ মাত শুনিবলৈ” অতি আৱশ্যক,” আদেশটোত উল্লেখ কৰা হৈছে।

উচ্চ ন্যায়ালয়ে কৈছিল যে “স্বামীসকল তেওঁলোকৰ পত্নীৰ শাসক, তেওঁলোকৰ শৰীৰ, মন আৰু আত্মা বিকৃত কৰিব লাগে” বুলি বহু পুৰণি চিন্তা আৰু পৰম্পৰা। কেৱল সেই “পুৰণি, প্ৰতিক্ৰিয়াশীল আৰু পূৰ্বধাৰণা”ৰ ওপৰতহে এনে ধৰণৰ ঘটনা দেশত বাঢ়ি আহিছে, আদেশটোত কোৱা হৈছে।বহু বছৰৰ প্ৰচাৰৰ পিছতো বৈবাহিক ধৰ্ষণ ভাৰতত ফৌজদাৰী অপৰাধ নহয়।

ছিপাঝাৰত সত্ৰৰ নামত সংৰক্ষিত ভুমি গোপনে নামজাৰি দুষ্ট চক্ৰৰ: ৰাইজৰ ক্ষোভ

যি সময়ত সত্ৰ তথা দেৱালয় আদিৰ নামত সংৰক্ষিত বেদখলকৃত ভুমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে ছিপাঝাৰত এখন সত্ৰৰ নামত দীৰ্ঘদিন ধৰি সংৰক্ষিত হৈ অহা ভুমি এটা দুষ্ট চক্ৰ‌ই গোপনে নিজৰ নামত নামজাৰি কৰাক লৈ ক্ষোভিত হৈ পৰিছে সত্ৰখনৰ লগত জড়িত ৰাইজ।উল্লেখযোগ্য যে ছিপাঝাৰৰ বিজুলীবাৰীৰ “শ্ৰী শ্ৰী ৰঘুনাথ সোৱৰি সত্ৰ”ৰ নামত প্ৰায় বিয়াল্লিছ বিঘা ভুমি সংৰক্ষিত হৈ আছিল।কিন্তু উক্ত ভুমিৰ প্ৰায় সাত বিঘা ভুমি এটা দালাল চক্ৰ‌ই ১৯৯৫চনতে নামজাৰি কৰা বুলি শেহতীয়াকৈ দখল কৰিবলৈ যোৱাৰ পিছত ক্ষোভিত হৈ পৰে ৰাইজ।

আনকি ইয়াকে লৈ প্ৰশাসনৰ লোকৰ সন্মুখতে ৰাইজে প্ৰকাশ কৰে ক্ষোভ।কেনেকৈ সত্ৰৰ নামত সংৰক্ষিত ভুমি নামজাৰি কৰিব পাৰিলে সেয়া ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে । তদুপৰি ৯৫চনতে নামজাৰি মাটি এতিয়াহে কিয় দখল কৰিবলৈ গৈছে তাক লৈও ৰাইজে প্ৰশ্ন তুলিছে।

জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফ’ৰ আসামৰ ধেমাজি জিলা সমিতি গঠন

অসমৰ সাংবাদিক সকলৰ অন্যতম এটা সংগঠন জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম চমুকৈ (জাফা) ৰ ধেমাজি জিলা সমিতি গঠনাৰ্থে ধেমাজি জিলা জনজাতি জিৰণিচৰা প্ৰেক্ষাগৃহত আজি এখন সভা অনুষ্ঠিত হয়। জাফা-ৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু লখিমপুৰ জিলা সমিতিৰ হেমন্ত হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত সভাখনি আঁত ধৰে ধেমাজিৰ প্ৰাগ নিউজৰ সাংবাদিক ৰাজীৱ দেউৰীয়ে । জেষ্ট সাংবাদিক বনমালি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলাখনৰ গোগামুখ, ধেমাজি, চিচিবৰগাওঁ, চিলাপথাৰ, জোনাই আদি বিভিন্ন অঞ্চলৰ পৰা একত্ৰিত বিভিন্ন ছপা ও বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সকলে সৰ্বসন্মতি ক্ৰমে বানমালি মহন্তক সভাপতি, ৰাজীৱ দেউৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া জাফা ৰ ধেমাজি জিলা সমিতি গঠন কৰে।

জাফা ৰ সাংবিধান অনুসৰি নতুন ধেমাজি জিলা সমিতিৰ লগতে জিলাখনৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত জাফাৰ কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিক লগত লৈ অনাগত দিনত হাতত হাত ধৰি কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে জাফাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়াই।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে ৪০ খন জিলাতে শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থানত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক স্মৰণ কৰি আজি সমগ্ৰ অসমতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ 40খন সাংগঠনিক জিলাতে বিভিন্ন শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থান সমূহত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ উদ্যোগত সনাতন ধৰ্ম নামঘৰতো এক স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যু্ৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন বিষয়ববীয়াসকল ।


উল্লেখ্য যে , আজিৰ দিনটোতে ভগৎ সিঙ, ৰাজগুৰু, আৰু সুখদেৱক বৃটিছে ফাচিকাঠত ওলোমাই হত্যা কৰিছিল ।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

পুনৰ ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

৬১ সংখ্যক বড়ো সাহিত্য সভা মুকলি সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী।

উল্লেখ্য যে মহামাৰী কভিডৰ বাবে বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰৰ বাবে আগন্তুক এপ্ৰিল মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ অধিৱেশন।

বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি গৰাকী।

আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বড়ো সাহিত্য সভাৰ সভাপতি সমন্বিতে অধিৱেশনৰ স্থান পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব বড়ো সাহিত্য সভা।