Home Blog Page 2556

নগৰবেৰাৰ টুপামাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড

টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী (কৰিতলা) গাঁৱৰ জয়নাল মণ্ডলৰ ঘৰত নিশা প্ৰায় ডেৰ মান বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুঁই নুমাবলৈ সক্ষম হয় যদিও।অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ দুখনকৈ বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু প্ৰয়োজনীয় সকলো নথিপত্ৰ পুৰি ছাঁই হয়।জুঁইৰ সুত্ৰপাতৰ আচল কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ পৰাই জুঁই লগাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে।

অগ্নিকাণ্ডৰ ফলত প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি পৰিয়ালৰ লোকে জনায়।ৰাইজে দৰিদ্ৰ পৰিয়ালটিক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰ তথা স্থানীয় বিধায়িকা নন্দিতা দাসক কাতৰ আহ্বান জনাইছে

অগণন ভক্তৰ সমাৰোহেৰে অভয়াপুৰীত সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ

অভয়াপুৰীৰ হৰিপুৰ সত্ৰৰ পৰম্পৰা অনুসৰি দেওবাৰে পালন কৰা হয় সুঁৱেৰী তথা হোলী উৎসৱ । নিত্য প্ৰসঙ্গৰ পাছতে অভয়াপুৰী বিভিন্ন প্ৰান্তত খেলা হয় হোলী । শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী,আৱাল, বৃদ্ধ, বনিতা মতলীয়া হয় হোলীৰ আনন্দত ।আবিৰৰ ৰঙেৰে মনচঞ্চলা হৈ পৰা সকলোৱে হোলীৰ আনন্দ উপভোগ কৰা দেখা গ’ল ।ইয়াৰ পাছত বিয়লি শ্ৰী শ্ৰী লাডুৱা গোপাল সত্ৰৰ পৰা উলিওৱা হয় পদযাত্ৰা । হৰিপুৰ গাঁৱৰে সমদল কৰি আহি সত্ৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ লগে লগে সত্ৰৰ চোতালত অনুষ্ঠিত হয় পৰম্পৰা অনুসৰি বাঁহ ভঙা উৎসৱ।ইয়াৰ পিছতেই গোসাঁইক সত্ৰৰ চৌপাশ প্ৰদক্ষিণ কৰি প্ৰৱেশ কৰোৱা হয় সত্ৰৰ ভিতৰত ৷

অভয়াপুৰী হৰিপুৰ সত্ৰত অনুষ্ঠিত এই বাঁহ ভঙা উৎসৱ চাবলৈ সত্ৰৰ চোতালত অগণন জনতাই ভিৰ কৰাৰ লগতে বাঁহ ভঙা পৰ্বত অংশ লয় শতাধিক লোকে ।এনেদৰে হাজাৰ হাজৰ লোকৰ সমাগমেৰে অভয়াপুৰীত সামৰণি পৰিল দৌল মহোৎসৱ।

আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়, পলাশবাৰী-শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্তক আদৰণী দক্ষিণ কামৰূপ জিলা বিজেপিৰ

পৰম্পৰাগত চিকিৎসাৰ বিকাশ সাধনৰ মহৎ উদ্দেশ্যে আগত ৰাখি সদ্য বিধান সভাৰ বাজেট অধিবেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বিত্তমন্ত্ৰী অজন্তা নেওগে পলাশবাৰীত এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে পলাশবাৰী সমষ্টিৰ লগতে দক্ষিণ কামৰূপৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। লগতে উত্তৰপাৰ-দক্ষিণপাৰ যোগাযোগত যুগান্তকাৰী পৰিবৰ্তনৰ লক্ষ্যৰে পলাশবাৰী-শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আদৰণী তথা শুভেচ্ছা জ্ঞাপন কৰিছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ নেতা-কৰ্মীৰ লগতে পলাশবাৰী ৰাইজে। এই উপলক্ষে আজি দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাটস্থিত কাৰ্যালয়ত বিজেপিৰ নেতা কৰ্মীসকলে ফটকা ফুটাই আনন্দ উলাস কৰি বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আজি ধ্বনি দি অঞ্চলটো মুখৰিত কৰি তোলে।

উক্ত সন্দৰ্ভত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে ৰাজ্যৰ বিধানসভা বাজেট অধিবেশন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰচেষ্টাত বিত্তমন্ত্ৰী অজন্তা নেওগে পলাশবাৰীত এখন নতুনকৈ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ বাবে ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে। লগতে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত শুৱালকুছি আৰু পলাশবাৰী মাজত প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয়ৰে এখন তিনিলেনযুক্ত দলং নিৰ্মাণ হব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত নতুন মাত্ৰা দিয়াৰ লক্ষৰে সেই দলঙৰ সৈতে সংযোগ কৰাৰ বাবে উত্তৰ পাৰৰ শুৱালকুচি আৰু দক্ষিণপাৰৰ পলাশবাৰী অঞ্চলত কেবাটাও নতুনকৈ পথ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দলঙৰ লগতে পথচোৱা নিৰ্মাণ হলে যাতায়তৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন অহাৰ লগতে বিকল্প জীৱিকা নিৰ্বাহৰ পথ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ অঞ্চলটোৰ উপকাৰ সাধন হব।

বিশেষকৈ পলাশবাৰী ব্ৰহ্মপুত্ৰৰ দাঁতিৰ মথাউৰিৰ পৰা পলাশবাৰী, মিৰ্জা, বৰিহাট, লোহাৰঘাট, বৰদুৱাৰ, বাগান হৈ মুদুকীলে প্ৰায় ২৯ কি: মি: দৈৰ্ঘৰ দুই লেন যুক্ত তীব্ৰ গতিত এটি পথ নিৰ্মাণ কাম চলি আছে। উক্ত পথচোৱা নিৰ্মাণকাৰ্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত বুলি জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে জানিবলৈ দিয়ে। উক্ত কাৰ্যসূচীত ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে। তাৎপৰ্যপূৰ্ণ ভাবে ৰাইজে কোনো ধৰণৰ দাবী নকৰাকৈ দলং আৰু এটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্তক ৰাইজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ এক মহান উপহাৰ বুলিয়ে গণ্য কৰা বুলি সচেতন লোক সকলে সদৰি কৰিছে ।

ব্যতিক্ৰমী ফুটবল খেলেৰে শ্ৰদ্ধা জ্ঞাপন বোকাখাতৰ অৱসৰমুখী অধ্যাপকলৈ…

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুবোধ বৰা উজনি অসমৰ এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া লেখক, স্থানীয় স্তৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সফল ক্ৰীড়া সংগঠক তথা অঞ্চলটোৰ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে খেলুৱৈৰ মাৰ্গ-দৰ্শক ৰূপে সু পৰিচিত ব্যক্তি। সুদীৰ্ঘ কাল শিক্ষকতাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই যোৱা অধ্যাপক গৰাকীৰ অৱসৰৰ প্ৰাক মূহুৰ্তত তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমী প্ৰীতি ফুটবল খেলৰ। গোলাঘাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ত কৰ্মৰত আৰু ক্ৰীড়া চৰ্চাৰ লগত জড়িত শিক্ষক কৰ্মচাৰী সকলৰ যৌথ উদ্যোগত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ খেল পথাৰত যোৱা ১৯ মাৰ্চত উক্ত খেলখন অনুষ্ঠিত হৈ যায়। উপস্থিত শিক্ষক কৰ্মচাৰী সকলৰ মাজৰ পৰা অনুৰ্দ্ধ ৪৫ বছৰ আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ দুটা দল গঠন কৰি হোৱা খেলখনৰ প্ৰাক মূহুৰ্তত জে ডি এচ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল গগৈ, ক্ৰীড়া পেঞ্চনাৰ ৰেৱকান্ত হাজৰিকা, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী দ্বিপেন শইকীয়া আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুদক্ষ খেলুৱৈ চন্দ্ৰ প্ৰসাদ তামুলীৰ লগত খেলুৱৈসকলৰ পৰিচয় কৰোৱা হয়।

বিশেষ আমন্ত্ৰিত খেলুৱৈ হিচাপে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুদক্ষ খেলুৱৈ পবিত্ৰ গগৈয়ে খেলখনত অংশগ্ৰহণ কৰে। স্থানীয় সংবাদকৰ্মী, খেলুৱৈ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু যথেষ্ট সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা খেলখনত অনুৰ্দ্ধ ৪৫ বছৰৰ দলটো ৩-১ গোলত জয়ী হয়। খেলৰ অন্তত বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা খেলুৱৈ সকলে অধ্যাপক সুবোধ বৰাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অধ্যাপক গৰাকীয়েও খেলখনৰ আয়োজক, ব্যৱস্থাপক, জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, খেলুৱৈ শিক্ষক কৰ্মচাৰীবৃন্দ, সংবাদ কৰ্মী আৰু দৰ্শক সকললৈ ধন্যবাদ জ্ঞাপন কৰে। খেলখনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানৰ আঁত ধৰে জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ সভাপতি ড° অৰুণ কুমাৰ বৰাই। 

টীম মাজুলীৰ প্ৰথমখন প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্ন…

মাজুলীৰ অগ্ৰণী সামাজিক অনুষ্ঠান টীম মাজুলীৰ  প্ৰথমখন প্ৰতিনিধিমূলক সাধাৰণ সভা দেওবাৰে জনতা গাৰ্লছ হাইস্কুলত অনুষ্ঠিত অনুষ্ঠিত হয় । সভাখনি উদ্বোধন কৰে যোৰহাট জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত মাধৱ মহন্তই । সভাত পুৰোহিত্য কৰে ডঃ ভাস্কৰ জ্যোতি বৰুৱাই । টীম মাজুলীৰ প্ৰতিষ্ঠাপক  প্ৰনৱজ্যোতি কাশ্যপ বৰাই আঁত ধৰা সভা খনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মাজুলীৰ বিশিষ্ট সমাজ কৰ্মী যুৱনেতা বিতোপন দলেই , জনতা বালিকা হাইস্কুলৰ প্রধান শিক্ষক ভবানন্দ শইকীয়াই ।

প্ৰতিনিধি সভাই সৰ্বসন্মতি ক্ৰমে জিন্টু ভূঞাক সভাপতি আৰু প্ৰনৱজ্যোতি বৰাক সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰি ৫১ জনীয়া এখন পূৰ্ণাঙ্গ সমিতি গঠন কৰে । মাজুলীৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি অহা টীম মাজুলীয়ে অনাগত দিনত মাজুলীৰ সৰ্বস্তৰৰ ৰাইজৰ বাবে কাম কৰি যোৱাৰ সংকল্পৰে গঠন হোৱা টীম মাজুলীলৈ মাজুলীৰ বিভিন্ন জনে শুভ বাৰ্তা প্ৰেৰণ কৰে ।

বৰপেটা চহৰৰ মাজমজিয়াত মহিলা অধিবক্তাক চোকা অস্ত্ৰৰে হানি হত্যা…

বৰপেটা চহৰৰ মাজমজিয়া বিলৰতাৰি হাটীত সন্ধিয়া বাইকেৰে অহা তিনি জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি খুচি এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷চোকা অস্ত্ৰৰ আঘাতত  আহত ৰিনিমা বেগম নামৰ অধিবক্তা গৰাকীক লগে লগে বৰপেটা চিকিৎসা মহাবিদ্যালয়  হাস্পতাললৈ নিয়ে  তাতে মৃত বুলি ঘোষণা কৰে ৷

জানিব পৰা মতে, বৰপেটাৰ ভেল্লাৰ বাসিন্দা ৰিনিমা বেগমে বৰপেটা চহৰৰ আজাদ নগৰত থকা বায়েকৰ অসুস্হতাৰ হেতু  সন্ধিয়া  বৰপেটা চহৰৰ বিলৰতাৰি চ’কত থকা এগৰাকী চিকিৎসকৰ ওচৰলৈ নি চিকিৎসকৰ পৰা উভতি আহি নিজৰ বেলেনো গাড়ীত উঠিবলৈ ধৰোতেই বাইকত অহা তিনি জনীয়া এটি দুৰ্বৃত্তৰ দলে গাড়ীৰ ওচৰতে চোকা অস্ত্ৰৰে আঘাত কৰে ৷

ফলত গুৰুতৰ ভাবে আহত অধিবক্তা ৰিনিমা বেগমক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনে যদিওঁ চিকিৎসালয়ত মৃত বুলি ঘোষনা কৰে ৷জানিব পৰা মতে দীৰ্ঘ দিন ধৰি মাটি বাৰী সমপৰ্কীয়  এটা বিবাদ চলি আছিল ৷জানিব পৰা মতে, কিছুবছৰ পূৰ্বে বৰপেটা চহৰত অধিবক্তা গৰাকীক  এবাৰ আক্ৰমণ কৰিছিল ৷

ৰাছিয়াৰ আক্ৰমণত পুনৰ নিহত কেইবাগৰাকী ইউক্ৰেইনৰ নাগৰিক…

 অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ।ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন শ্বপিং মলত ৰাছিয়াই কৰা বোমা বৰ্ষণৰ ফলত ৬ গৰাকীকৈ লোক নিহত হয়।

সোমবাৰে এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পায়।প্ৰকাশ পোৱা তথ্য অনুসৰি মৃতদেহবোৰ বাহিৰত পৰি আছিল। এটা অট্টালিকাত বোমা বৰ্ষণ কৰা হৈছিল আৰু ই ইমানেই শক্তিশালী আছিল যে পাৰ্কিঙত থকা বাহনবোৰ উৰি গৈছিল।

উল্লেখ্য যে, ২৫ দিনৰো বেছি অতিক্ৰম কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। দুয়োখন দেশৰ মাজত কেইবাবাৰো আলোচনা হ’লেও এই পৰ্যন্ত ওলোৱা নাই কোনো সমাধান। যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ তিনি খেলুৱৈ…

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল। ইতিমধ্যে এই প্ৰতিযোগিতাৰ এটা ছিজন অনুষ্ঠিত হৈ গৈছে যদিও অসমৰ কোনো কাৰাটে খেলুৱৈয়ে সেইবাৰ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল।

অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ এই তিনিওগৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত ২ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু আনগৰাকী ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলুৱৈ ২ গৰাকী ক্ৰমে জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা)। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈগৰাকী ইমন গগৈ (কুমিটে-৬৮ কেজি)

খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত তিনিওগৰাকী কাৰাটে খেলুৱৈলৈ আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাখনত পদক লাভৰে আন এক ইতিহাস সৃষ্টি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

দ্বিতীয় বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ এন বীৰেন সিঙৰ…

একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন বীৰে সিঙে। বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মণিপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে বীৰেন সিঙে। বীৰেন সিঙৰ উপৰিও আন ৫ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লা গণেশনে।

এন বীৰেন সিঙৰ উপৰিও শপত গ্ৰহণ কৰা তেওঁৰ মন্ত্ৰী পৰিষদৰ আন ৫ গৰাকী বিধায়ক ক্ৰমে থ বিশ্বজিৎ, ৱাই খেমচান্দ, গোবিন্দাস কন্থৌজাম, নেমচা কিপগেন আৰু আৱাংবৌ নিউমাই। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰী সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভূমিক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, মণিপুৰ বিজেপিৰ সভাপতিএ সাৰদা দেৱী আদি নেতা।

কোন কেন্দ্ৰীয় মন্ত্ৰী আজিৰ UBER চালক!

কাবুল তালিবানৰ হাতত পৰাৰ কেইদিনমান পূৰ্বে বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা খালিদ পায়েণ্ডাই এতিয়া তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে ৱাশ্বিংটন ডিচিত উবেৰ চলাবলগীয়া হৈছে। দ্য ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, পেইণ্ডাই জৰ্জটাউন বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক হিচাপেও কাম কৰে।

আশ্ৰাফ ঘানি চৰকাৰৰ অন্তিমজন বিত্তমন্ত্ৰীয়ে ৱাশ্বিংটন পোষ্টৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁৰ জীৱনলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ বাবে তেওঁ কৃতজ্ঞ কিয়নো ই তেওঁক তেওঁৰ পত্নী আৰু চাৰিটা সন্তানৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে নতুনকৈ তৈয়াৰ কৰাত সহায় কৰে। পায়েণ্ডাই তেওঁ লাভ কৰি থকা কামৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “মই ইয়াৰ বাবে অবিশ্বাস্যভাৱে কৃতজ্ঞ অনুভৱ কৰো। ইয়াৰ অৰ্থ হৈছে মই নিৰাশ হ’ব নালাগে।” আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰীজনৰ মতে, কোনো দোষৰ উৰ্ধত নহয়, আনকি তেওঁ নিজেও নহয়।