Home Blog Page 2566

বৰপেটাৰ হোলীগীতৰ বিশ্বজয়ী যাত্ৰা

দৌল মহোৎসৱৰ পূৰ্বে অসমবাসীলৈ সুখবৰ ৷বৰপেটাৰ হোলীগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ ৷ বৰপেটাত আজি আন্তৰ্জাতিক খ্যাতিসম্পন্ন কন্ঠশিল্পী শংকৰ মহাদেৱনৰ কন্ঠত বানীৱদ্ধ ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত শুভমুক্তিৰ জৰিয়তে আৰম্ভ হ’ল অসমীয়া হোলীগীতৰ বিশ্বজয়ী যাত্ৰা ৷

বৰপেটাৰ হোলীগীতৰ সাধক প্ৰমথ ৰঞ্জন কন্টিৰ সুৰ আৰু কৃষ্ণা লহকৰৰ কথাৰে শংকৰ মহাদেৱনে গোৱা ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত আজি শুভমুক্তি দিয়া হয় ৷বৰপেটাৰ মাংগলিকত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক গীতটো মুকলি কৰে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাত আৰম্ভ কৰা দৌল মহোৎসৱে বৰপেটা সত্ৰত পাইছিল নৱ ৰূপ ৷গুৰুজনাই আৰম্ভ কৰা দৌলৰ গীতৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া হোলীগীতলৈ উত্তৰণৰ এই সময়ছোৱাত বৰপেটাৰ হোলীগীতে সমগ্ৰ ৰাজ্যজুৰি বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতেই শংকৰ মহাদেৱনৰ কন্ঠত প্ৰাণ পাই উঠা বৰপেটাৰ হোলীগীতে বিশ্বজোৰা সমাদৰ লাভ কৰিব বুলিও আশা কৰা হৈছে ৷

বিহালীৰ বাঘমাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা৷

বিহালীৰ বাঘমাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা৷লক্ষীমপুৰ অভিমূখী বাযুদেৱ নামৰ যাত্ৰী বাছে মহতীয়াই নিলে স্কুটী আৰোহীক।
তীব্ৰ খুন্দা মৰা ফলত থিতাতে নিহত দুইঃ স্কুটী আৰোহী৷এগৰাকী মহিলা আৰু এজন পুৰুষ নিহত হয়৷নিহত লোকদ্বয়ৰ নাম ঠিকনা বৰ্তমানলৈকে সৱিশেষ জানিব পৰা হোৱা নাই৷বাছ খনৰ নম্বৰ As07BC0146আৰু স্কুটী খনৰ নম্বৰ As12Z3198।
খুন্দা মৰা বাছ খন জিনজিয়া আৰক্ষীয়ে জব্দ কৰিছে।

বিশ্ব চেম্পিয়নশ্বীপৰ পিছত এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ

নতুন দিল্লীত সাত দিন ধৰি বক্সিং ৰিঙত যুঁজ দি আছে বক্সাৰ লাভলীনা বৰগোহাঁয়ে। টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোঁহাইয়ে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া মহিলা এলিট বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে। তুৰস্কৰ ইষ্টানবুলৰ বিশ্ব চেম্পিয়ন শ্বীপত মহিলাৰ ৭০ কেজি শাখাত অংশ গ্ৰহণ কৰিব লাভলীনাই।বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জনৰ পিছত পৰৱৰ্তী সময়ত লাভলীনা বৰগোহাঁই  চীনৰ হংজাওত অনুষ্ঠিত হ’বলগীয়া ঊনবিংশতিতম এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এটা কথা কব লাগিব যে লাভলীনা বৰগোহাঁয়ে নিজৰ খেলুৱৈ জীৱনত অলিম্পিক গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বীপ, এছিয়ান চেম্পিনশ্বীপ সকলোতে অংশ লৈছিল যদিও এছিয়ান গেমছত অংশ লোৱা নাছিল। এইবাৰ প্ৰথম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে লাভলীনা বৰগোহাঁয়ে।

হাজোৰ ৰামদিয়াত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সামৰণি

‘ধৰ্মৰ মূল ভেটি হৈছে বিশ্বাস,মহানুভৱতা আৰু আধ্যাত্মিকতা।বিজ্ঞানতকৈও ধৰ্মৰ ক্ষেত্ৰত বিশ্লেষণ কৰাটো বৰ কঠিন,যিহেতু বিশ্বাস, আধ্যাত্মিকতা আৰু মহানুভৱতাৰ ওপৰতে ধৰ্ম নিৰ্ভৰ কৰে। শাসক গোষ্ঠীয়ে ধৰ্মক লৈ যিদৰে গোৰামি কৰিবলৈ লৈছে, তাৰ ফলত মানুহে ধৰ্মকলৈ অন্য ধৰনে চিন্তা চৰ্চাও কৰিবলৈ লৈছে। বিশ্বাস, মহানুভৱতা আৰু আধ্যাত্মিকতাই ধৰ্মক ভাৰতবৰ্ষত এক সুকীয়া স্থান দি আহিছে ‘ এই বক্তব্য এমন্টনৰ উপ- প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থৰ। ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত মাজৰকুৰি শ্ৰী শ্ৰী ৰামলক্ষ্মণ সত্ৰত তিনিদিনিয়াকৈ অনুস্থিত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱদামোদৰ সংঘৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি কাৰ্যসূচীৰ আজি ধৰ্মালোচনী সভা শুভ উদ্বোধন কৰি এনেদৰে কয় উপ- প্ৰৱন্ধক কায়স্থই।অনুষ্ঠানৰ প্ৰাক আৰম্ভণিতে গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আদৰণি সমিতিৰ সভাপতি বিমল চন্দ্ৰ মেধিয়ে ।

ভবিন চন্দ্ৰ ভড়ালীয়ে আতধৰা এই ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি অধ্যাপিকা ৰূপাৰাণী ভূঞাই ভাষন প্ৰসংগত সকলো সনাতনী ধৰ্মৰ লোকক এক হৈ থাকিবলৈ আহ্বান জনায়, নহলে অচিৰেই অসম খন দ্বিতীয় কাশ্মীৰলৈ পৰ্যাবসিত হবলৈ বেছিদিন নালাগিব বুলি উল্লেখ কৰে।ইয়াৰ পিছতে নাগাৰা নাম অনুস্থিত হয়। ইফালে পুৱাৰ ভাগত ঊষা কীৰ্তন, আই সকলৰ নাম প্ৰসংগ, গুৰুচৰিত পাঠ, হোমাদিকৃত্য আৰু বাপু সকলৰ নাম প্ৰসংগ অনুস্থিত হৈ যায়। ইপিনে আৱিৰ্ভাব মহোৎসৱৰ তিনিদিনিয়া কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত দেৱ দামোদৰ সংঘৰ সভাপতি নিকুঞ্জ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত বন্তি প্ৰজ্বলন,গুৰুজনাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পন,গছপুলি ৰোপন আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হৈ যায় আৰু তেৰ মাৰ্চৰ পুৱা বন্তি প্ৰজ্বলন,দিনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়া বন্তি প্ৰজ্বলন অনুস্থিত হৈ যায়।

কৰযোৰ কৰি চামগুৰিত অৱস্থান কৰিলে একাংশ দুৰ্ভগীয়া শিক্ষকে

কোনোবাজন বয়োবৃদ্ধ, আন কোনো এজন আকৌ বিশেষভাৱে সক্ষম। লাওঁখোৱা আৰু ৰূপহী শিক্ষা ব্লকৰ অধীনৰ প্ৰায় অৰ্ধশতাধিক প্ৰাদেশিকীকৃত মধ্য ইংৰাজী টিউটৰ শিক্ষকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকী সদয় হ’বৰ বাবে হাতযোৰ কৰি জনালে কাতৰ আহ্বান। লগতে সদৌ অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক (টিউটৰ) সংস্থাৰ লাওখোৱা আৰু ৰূপহী ব্লকৰ উদ্যোগত চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে বহু কেইটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ।

চামগুৰি আৰু ৰূপহীহাটৰ বিভিন্ন অঞ্চলত থকা প্ৰাদেশীকৃত বিদ্যালয়সমূহত বিনা বেতনেৰে সুদীৰ্ঘ কাল ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি অহা শিক্ষকসকলক তদানীন্তন চৰকাৰখনে মাহে ১০ হাজাৰ টকা পাৰিতোষিক ধাৰ্য্য কৰি কেৱল টিউটৰ হিচাবে স্বীকৃতি প্ৰাদন কৰাক কেন্দ্ৰ কৰি এতিয়া ক্ষুন্ন শিক্ষক সকল। যাৰ বাবে এই সকল দুৰ্ভগীয়া শিক্ষকে উপযুক্ত মৰ্য্যদা, দৰমহা, পেঞ্চন প্ৰদান তথা তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিবৰ বাবে শিক্ষা বিভাগৰ ওচৰত দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীক হাতযোৰ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে নগাঁও জিলাৰ চামগুৰিৰ পৰা।

টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম বাৰ বাবে অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা।

টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন পৰীক্ষা কেন্দ্ৰটো আজি পৰা প্ৰথম বাৰ বাবে পৰীক্ষা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন পৰীক্ষা কেন্দ্ৰটো আজি পৰা প্ৰথম বাৰ বাবে পৰীক্ষা অনুষ্ঠিত হব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

এই কেন্দ্ৰটো মুঠ সাত খন বিদ্যালয় মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৩৬১ গৰাকী । পৰীক্ষাৰ্থী সকলৰ মাজত দেখা গৈছে বিপুল সহাৰি । পৰীক্ষা কেন্দ্ৰত সংস্হাপন কৰা হৈছে কেইবাটাও চি চি কেমেৰা ।

চাপৰত ভয়ংকৰ ঘটনা।

বলপূৰ্বক ভাবে বোলছবি চিনেমাৰ কায়দাৰে উঠাই লৈ গল নাবালিকা ছোৱালীক।চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল এই ভয়ংকৰ অপহৰণ কাণ্ড।মাক-দেউতাৰ লগত নাবালিকা ছোৱালীজনী খোজকাঢ়ি গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনেৰে উঠাই লৈ যায় দূৰ্বৃত্তৰ দল এটাই।স্থানীয় যুবকৰ তৎপৰতাত উদ্ধাৰ নাবালিকা ছোৱালীজনী।ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মা-দেউতাৰ লগত নাবালিকা ছোৱালীজনী আত্মীয় ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত হঠাৎ এখন চাৰিচকীয়া বাহনেৰে পাছজনীয়া দুৰ্বৃত্তৰ দল এটাই বলপূৰ্বক ভাৱে চিনেমাৰ কায়দাৰে ছোৱালী জনীক গাড়ীত উঠাই লৈ যায়।

মাকে ছোৱালীজনীক টানি ধৰাত দুৰ্বৃত্তই প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মা-দেউতাই চিঞৰ বাখৰ কৰাত লগে লগে স্থানীয় যুবকে খেদি খেদি প্ৰায় বিশ কিলোমিটাৰ দুৰৰ পৰা গাড়ী সহ দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে আৰক্ষী থানাৰ নিচেই ওচৰত সংঘটিত এনে কাণ্ডই আচৰিত কৰি তুলিছে চাপৰবসীক।

Yo Yo Honey Singh ৰ ৩৯ তম জন্মদিন

জনপ্ৰিয় সংগীত পৰিচালক আৰু গায়ক হানি সিঙে তেওঁৰ ৩৯ তম জন্মদিন উদযাপন কৰিছে। ১৯৮৩ চনৰ ১৫ মাৰ্চতাৰিখে পঞ্জাৱৰ হোচিয়াৰপুৰ চহৰত হানি সিঙৰ জন্ম হৈছিল। ৰেপ সংগীত ভাৰতত হানি সিঙে আৰম্ভ কৰিছিল। গায়কজনে বহুতো হিট পাৰ্টি গান গাইছে। হানি সিঙে কম সময়ৰ ভিতৰতে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। কেৰিয়াৰৰ শিখৰত থকাৰ পিছত, এনে এটা সময় আহিছিল যেতিয়া তেওঁ মনোৰঞ্জনৰ পৃথিৱীৰ পৰা অদৃশ্য হৈ গৈছিল। তেওঁৰ জন্মদিনত, হানি সিঙৰ কেৰিয়াৰৰ পতনৰ কাহিনী কওঁ আহক । হিৰদেশ সিং হৈছে প্ৰকৃত নাম হানি সিঙৰ প্ৰকৃত নাম হিৰদেশ সিং। ট্ৰিনিটি স্কুল ইউনাইটেড কিংডমৰ পৰা সংগীত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ দিল্লীত ৰেপিং আৰম্ভ কৰিবলৈ ভাৰতলৈ উভতি আহে।ইমান কম সময়ৰ ভিতৰতে, হানি যুৱসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল, লাখ লাখ লোক তেওঁৰ ৰেপৰ বাবে উন্মাদ হৈ পৰিছিল। হানি সিঙে দিলজিৎ দোচাঞ্জৰ সৈতে ‘লাক ২৮ কুদি দা’ গানটো গাইছিল, যিটো ‘বিবিচি এছিয়ান ডাউনলোড চাৰ্ট’ ২০১১ তালিকাত এক নম্বৰ আছিল। ইয়াৰ পিছত, তেওঁ তেওঁৰ কেৰিয়াৰৰ বহুতো হিট গান দিছিল। তেওঁৰ প্ৰতিটো গানতে, ‘ইয়ো ইয়ো হানি সিং’ নিশ্চিতভাৱে ৰেপৰ এটা অংশ আছিল।

এজন বিখ্যাত ৰেপাৰ আৰু গায়ক হোৱা স্বত্বেও, হানি সিঙে ইংৰাজীত গান গাবলৈ ভাল নাপায়, তেওঁ সদায় পাঞ্জাৱী বা হিন্দীত গান গাবলৈ ভাল পায়। তেওঁ শ্বাহৰুখ খান আৰু চেইফ আলী খানৰ দৰে অভিনেতাৰ গানত কণ্ঠ দান কৰিছে।অৱশ্যে, তেওঁ এই খ্যাতিৰ পৰ্যায়টো বেছি দিন উপভোগ কৰিব নোৱাৰিলে আৰু হঠাতে মনোৰঞ্জনৰ পৃথিৱীৰ পৰা অদৃশ্য হৈ গ’ল। জনাওঁ যে কেইবছৰমান আগতে, হানি সিঙে পুনৰ্বাস কেন্দ্ৰত চিকিৎসা লাভ কৰাৰ খবৰ পোৱা গৈছিল। এইটো কোৱা হৈছিল যে হানি সিঙক তেওঁৰ ড্ৰাগ আৰু সুৰাৰ আসক্তিৰ বাবে পুনৰ্বাসত ভৰ্তি কৰা হৈছিল। যিটো পিছত হানি সিঙে নিজেই অন্যায় কৰিছিল।

বাইপোলাৰ বিকাৰৰ সৈতে যুঁজদিয়া হানি সিঙে কৈছিল, “সঁচা কথাটো হ’ল যে মই বাইপোলাৰ ডিচঅৰ্ডাৰত ভুগি আছোঁ। এই সকলোবোৰ 18 মাহ চলিছিল, যাৰ সময়ত মই চাৰিজন চিকিৎসক সলনি কৰিছিলো। ঔষধবোৰে মোৰ ওপৰত কাম কৰা নাছিল। মোৰ সৈতে আচৰিত ঘটনা ঘটিআছিল। বাইপোলাৰ ডিচঅৰ্ডাৰৰ সৈতে, হানি সুৰাৰ আসক্তিৰ ভুক্তভোগী হৈছিল আৰু ইয়াৰ চিকিৎসাও ল’ব লগা হৈছিল। তেওঁলোকে অনুভৱ কৰিছিল যেন তেওঁলোকে ধ্বংস হ’বলৈ গৈ আছে। হানি সিঙৰ ৰোগ নিৰ্ণয় কৰাত চিকিৎসকসকলৰ যথেষ্ট সমস্যা আছিল। ইয়ো ইয়োৰ ক্ষেত্ৰত, তেওঁ বহু মাহ ধৰি ঔষধ পোৱা নাছিল, যাৰ বাবে তেওঁ ফ্ৰষ্ট্ৰেচনৰ ভুক্তভোগী হৈ পৰিছিল। পিছত, চিকিৎসকৰ এটা দলে তেওঁৰ ৰোগটো সঠিকভাৱে নিৰ্ণয় কৰি চিকিৎসা কৰা আৰম্ভ কৰে আৰু লাহে লাহে হানি সিঙে এই বিকাৰৰ পৰা আৰোগ্য হ’বলৈ সক্ষম হয়।

লাহোৱালৰ মদাৰখাত হাটখোলাত ব্ৰজাৱলী ভাষাত ভাওনা প্ৰদৰ্শন

লাহোৱাল সমষ্টি অন্তগৰ্ত মদাৰখাত হাটখোলা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ব্ৰজাৱলী ভাষাত শ্ৰীশ্ৰী দ্ৰোণ পৰ্ব অভিমন্যু বধ নামৰ ভাওনা খনি প্ৰদৰ্শন কৰে । ভাওনা প্ৰদৰ্শন অনুষ্ঠানত স্থানীয় অন্চলটোৰ শ শ ৰাইজ উপস্থিত থাকে । ইফালে সন্ধিয়া ভাগত মদাৰখাত হাটখোলা প্ৰতিটো গৃহৰ পদুলি মূৰত ভাওনা প্ৰদৰ্শন উদ্দেশ্য বন্তি প্ৰজ্বলন কৰে ।

শ্ৰীশ্ৰী দ্ৰোণ পৰ্ব অভিমন্যু বধ নামৰ ভাওনা খনিত সাংবাদিক দিবাকৰ দত্ত দ্ৰোনাচায্য অভিনয়ৰে দৰ্শকৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

ছিপাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

নিশা ছিপাঝাৰত দৰঙ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত AS-12-K 6270 নম্বৰৰ এখন বাহন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে।ছিপাঝাৰ আৰক্ষীয়ে বাহন খন সম্পূৰ্ণ ভাবে তালাচী কৰাত ৫ টাকৈ কণতেইনাৰ উদ্ধাৰ কৰে।আনহাতে ঘটনাত জড়িত থকাৰ অভিযোগত ক্ৰমে জমিৰুদ্দিন চাবেদ আলি হাৰিজ আলিক আটক কৰে।