Breaking

কৰযোৰ কৰি চামগুৰিত অৱস্থান কৰিলে একাংশ দুৰ্ভগীয়া শিক্ষকে

0 25

কোনোবাজন বয়োবৃদ্ধ, আন কোনো এজন আকৌ বিশেষভাৱে সক্ষম। লাওঁখোৱা আৰু ৰূপহী শিক্ষা ব্লকৰ অধীনৰ প্ৰায় অৰ্ধশতাধিক প্ৰাদেশিকীকৃত মধ্য ইংৰাজী টিউটৰ শিক্ষকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকী সদয় হ’বৰ বাবে হাতযোৰ কৰি জনালে কাতৰ আহ্বান। লগতে সদৌ অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক (টিউটৰ) সংস্থাৰ লাওখোৱা আৰু ৰূপহী ব্লকৰ উদ্যোগত চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে বহু কেইটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ।

চামগুৰি আৰু ৰূপহীহাটৰ বিভিন্ন অঞ্চলত থকা প্ৰাদেশীকৃত বিদ্যালয়সমূহত বিনা বেতনেৰে সুদীৰ্ঘ কাল ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি অহা শিক্ষকসকলক তদানীন্তন চৰকাৰখনে মাহে ১০ হাজাৰ টকা পাৰিতোষিক ধাৰ্য্য কৰি কেৱল টিউটৰ হিচাবে স্বীকৃতি প্ৰাদন কৰাক কেন্দ্ৰ কৰি এতিয়া ক্ষুন্ন শিক্ষক সকল। যাৰ বাবে এই সকল দুৰ্ভগীয়া শিক্ষকে উপযুক্ত মৰ্য্যদা, দৰমহা, পেঞ্চন প্ৰদান তথা তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিবৰ বাবে শিক্ষা বিভাগৰ ওচৰত দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীক হাতযোৰ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে নগাঁও জিলাৰ চামগুৰিৰ পৰা।

Leave A Reply