Home Blog Page 2567

ধিঙত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ।

নগাঁও জিলাৰ ‌ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ধিঙৰ শালকাটিৰ পৰা খেদি খেদি বেছামাৰী বজাৰৰ পৰা চোৰাং গৰুভৰ্তি গাড়ীসহ গাড়ী চালক আটক কৰে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসে।

আৰক্ষীয়ে জনোৱা মতে,গাড়ী খনত মুঠ ২৮ টা গৰু মেঘালয়ৈ নি থকা অৱস্থাত ধিং আৰক্ষীয়ে আটক কৰে। ধিং আৰক্ষীয়ে অধিক তদন্তৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে বুলি ধৃত চোৰাং গাড়ী চালক জনৰ ওপৰত ।

উৰিয়ামঘাটত ‘আপলাৰ’ মুখ্যসেনাধ্যক্ষ কৌশলৰে কৰায়ত্ব।

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ১৪২ নং চি আৰ পিএফৰ যুটীয়া সহযোগত আদিবাসী পি পুলচ আৰ্মীৰ চমুকৈ ’আপলা’ৰ সয়ম্ভূ মুখ্য সেনাধ্যক্ষ চাহিল মুন্ডা আৰু সদস্য জয়ন্ত হাওক কৌশলৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত সয়ম্ভু কামান্ডাৰ জনৰ পৰা আৰক্ষীয়ে এটা প‌ইন্ট থ্ৰি টু পিষ্টল কেইবাজাঁৱৰয়ো সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পূৰ্বতে এওঁলোক দুয়োজনে আদিবাসী সংগঠন আনলাৰ লগত জড়িত আছিল। দুয়োজনে বিভিন্ন অপৰাধজনিত কামকাজৰ লগতো জড়িত হৈ আছিল ।এইসম্পৰ্কত আৰক্ষী থানাত দুয়োজনৰ বিৰুদ্ধে আগতেও অপৰাধজনিত গোচৰ ৰুজু হৈ আছিল। ধৃত সদস্যদুজনৰ ঘৰ উৰিয়ামঘাটৰ সোনাৰী বিল আৰু বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠাৰ বুলি জানিবপৰা গৈছে ।

আৰক্ষীয়ে ’আপলা’ৰ সদস্য দুটাক অধিক শোধা পোছা অব্যাহত ৰাখিছে ৷আজিৰ এই অভিযানত ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া এিনয়ণ ভূঞাৰ লগত উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ ইংতি আৰু চি চেক্টৰৰ শান্তি শৃংখলাৰ দায়িত্বত নিয়োজিত ১৪২ নং চি আৰপি এফ বাহিনীৰ চেক্টৰ কামাণ্ডাৰ পি পি মুকেশে সহযোগ কৰে৷

মৰিয়নী নিশা হোৱা মাত্ৰকতে আৰম্ভণি হয় হৰ্চ ট্ৰেডিংৰ ৰাজনীতি৷

পৌৰসভা নিৰ্বাচনত মৰিয়নীত BJP দলে মুখথেকেঁচা খায় মাত্ৰ দুখন আখনতে সীমাবদ্ধ থাকে তাৰ বিপৰীতে ৮ খন আখন লৈ বৃহৎ জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থি ৷মৰিয়নী পৌৰনিগমৰ নিৰ্বাচনত BJP ৰ পৰাজয় পাছত মৰিয়নী বিধায়কৰ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷পৰাজয় হোৱা পাছতো BJP দলে মৰিয়নী পৌৰনিগমৰ গঠন কৰিব বুলি দাবী ৷ইতিমধ্যে পৌৰনিগমৰ নিৰ্বাচনত জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থিৰ সৈতে যোগাযোগ হৈছে পুনৰ তেওঁলোকক BJP দলত যোগদান কৰোৱাৰ লগতে BJP য়ে মৰিয়নী পৌৰনিগমৰ গঠন কৰিব বুলি দাবী কৰে ৷

নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত BJP ৰ পৰা টিকট লাভ নকৰি নিৰ্দলীয় হয় প্ৰতিদনন্দিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থিক BJP ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷

ক’ভিডমুক্ত অসম, ১০ মাৰ্চত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত…

ক’ভিডমুক্ত হ’ল অসম, আজি এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত। মাজুলী আৰু দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা এজনো লোক আক্ৰান্ত হোৱা নাই ক’ভিড ভাইৰাছত। যোৱা এসপ্তাহ ধৰি দৈনিক ২-৩জনকৈ আক্ৰান্ত হৈছিল যদিও আজি এজনো লোক নতুনকৈ আক্ৰান্ত হোৱা নাই।

যোৱা ২৪ ঘণ্টাত মুঠ ১,৭১৩জন লোকে ক’ভিড টেষ্ট কৰিছিল যদিও এজনো আক্ৰান্ত হোৱা নাই। আনহাতে ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

কমিব পেট্ৰোলৰ দাম! আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ১৩ শতাংশলৈ হ্ৰাস…

সুখবৰ! আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অধিক হ্ৰাস হৈছে। প্ৰতি বেৰেলত ১৩০ ডলাৰৰ খাৰুৱা তেলৰ মূল্য এতিয়া প্ৰতি বেৰেলত ১১১ ডলাৰলৈ হ্ৰাস পাইছে। ব্ৰেণ্ট ফিউচাৰত খাৰুৱা তেলৰ মূল্য ১৩ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১১১ ডলাৰ হৈছে। দৰাচলতে, সংযুক্ত আৰব আমিৰাত (ইউ.এ.ই.), যি অ’পেক দেশসমূহৰ তেল উৎপাদনকাৰী দেশসমূহৰ সংগঠনৰ সদস্য, খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি কৰিব। যদি এনে হয়, ই যোগানৰ অভাৱ পূৰণ কৰাত সহায় কৰিব। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে, যোগান ব্যাহত হৈছে, আনহাতে আমেৰিকাই ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিছে, যাৰ ফলত খাৰুৱা তেল হ্ৰাস হোৱাৰ আশংকাই দেখা দিছে৷

অৱশ্যে, ইউ.এ.ই.ৰ খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্তই ভাৰতকো লাভান্বিত কৰিব৷ মূল্যবৃদ্ধিয়ে কোঙা কৰিছিল দেশখনক। ভাৰতে খাৰুৱা তেল ব্যৱহাৰৰ ৮০ শতাংশ আমদানি কৰে। বিগত কেইদিনমানত, খাৰুৱা তেলৰ মূল্য প্ৰতিদিনে ১৪০ ডলাৰলৈ বৃদ্ধি হৈছিল। যাৰ ফলত দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃহৎ বৃদ্ধি হোৱাৰ আশংকা আছে। খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱা সত্ত্বেও, পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি নকৰাৰ সিদ্ধান্তই চৰকাৰী তেল কোম্পানীবোৰ লোকচানৰ সন্মুখীন হয়। আৰু এই লোকচানৰ ক্ষতি পূৰণ কৰিবলৈ, ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ১৫ টকা বৃদ্ধি কৰিব লাগিব।

সাৱধান, উশাহ-নিশাহৰ অসুবিধাত ভুগিব পাৰে মহানগৰবাসী!

গুৱাহাটীৰ বায়ুমণ্ডল দিনে দিনে হৈ আহিছে প্ৰদূষিত। এই মাহত গুৱাহাটীৰ বায়ুৰ মানদণ্ড যথেষ্ট অৱনতি হৈ অহাৰ তথ্য প্ৰকাশিত হৈছে৷ শুকান বতৰ অব্যাহত থাকিলে ইয়াৰ অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। চহৰখনৰ এ কিউ আই (বায়ু গুণমান সূচক)ক মাৰ্চত এতিয়ালৈকে ৯দিনৰ ভিতৰত সাতদিনত ‘নিম্নখাপৰ’ হিচাপে চিহ্নিত কৰা হৈছে। বুধবাৰে, এ কিউ আই আছিল ২৫৯। ৮ মাৰ্চত, ই আছিল ২৪৬; সোমবাৰে, এয়া আছিল ২৩৪। কেৱল ১ আৰু ৬ মাৰ্চত, চহৰখনত ২৪ ঘণ্টাৰ গড় এ কিউ আই ক্ৰমান্বয়ে ১২৬আৰু ১৯৪ত ২০০তকৈ কম আছিল।

০-৫০ৰ এ কিউ আই (বায়ু গুণমান সূচক) ভাল বুলি গণ্য কৰা হয়, ৫১-১০০ সন্তোষজনক, ১০১-২০০ মধ্যমীয়া, ২০১-৩০০ দৰিদ্ৰ, ৩০১-৪০০ অত্যন্ত দুৰ্বল আৰু ৪০১-৫০০ক গুৰুতৰ বা বিপজ্জনক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। দীঘলীয়া সংস্পৰ্শলৈ অহাৰ পিছত, ‘দৰিদ্ৰ’ শ্ৰেণীৰ এ কিউ আইৰ ফলত বেছিভাগ লোকৰ উশাহ-নিশাহত অসুবিধা হ’ব পাৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলে বাহনৰ নিৰ্গমণ, নিৰ্মাণ আৰু ধ্বংসস্থলীৰ ধূলি, বনধ্বংস, আৱৰ্জনা জ্বলোৱা আৰু বতাহ আৰু যানবাহনৰ চলাচলৰ দ্বাৰা উৰি যোৱা ধূলিৰ ওপৰত এই ঘটনাক দোষাৰোপ কৰে। এক চৰকাৰী সূত্ৰৰ মতে ‘কাৰ্য পৰিকল্পনা’ থকা স্বত্বেও, সংশ্লিষ্ট সংস্থাবোৰে সমস্যাটোৰ মোকাবিলা কৰিবলৈ কম পৰিমাণে কাম কৰিছিল। বন বিভাগ আৰু এন এইচ এ আইক যানবাহন কৰিডৰত ‘সেউজীয়া বাফাৰ’ সৃষ্টি আৰু ৰক্ষণাৱেক্ষণৰ দায়িত্ব দিয়া হৈছিল। অৱশ্যে যোৱা মাহত গুৱাহাটীৰ বহু স্থানত উৰণীয়া সেতু নিৰ্মাণৰ নামত চহৰখনত গছ কটা অব্যাহত আছিল।

‘এই ঋতুত বতাহ বন্ধ কৰিব নোৱাৰি, কিন্তু ধূলি ৰখাৰ প্ৰয়াস কৰা উচিত। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে চহৰখনৰ সকলো পথৰ কাষৰ আৱৰ্জনা আৰু প্লাষ্টিক মুকলিকৈ জ্বলাই দিয়া হৈছিল’ তেওঁ কয় যে উৰণীয়া সেঁতু নিৰ্মাণৰ ধৰণেও সমস্যাটোত অৰিহণা যোগাইছে। যোৱা বছৰৰ মাৰ্চ মাহত, এ কিউ আই ‘অতিনিম্ন’ মানলৈ হ্ৰাস পাইছিল। আই কিউ এয়াৰ নামৰ চুইছ সংগঠনৰ দ্বাৰা বিশ্বৰ ৫০খন আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী শেহতীয়াকৈ ৪০সংখ্যক স্থানত আছিল।

৫ ৰাজ্যৰ ৪ খনতে বিজেপিৰ চৰকাৰ! পঞ্জাৱত আপৰ জয়জয়কাৰ….

৫ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ভোটগণনাৰ এতিয়াও অন্ত পৰা নাই যদিও পঞ্জাৱত আপে চৰকাৰ গঠন কৰাটো নিশ্চিত। ৰাজ্যখনত আপে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। ১১৭ খন আসনৰ ভিতৰত পঞ্জাৱে প্ৰায় ৯০ খন আসন লাভ কৰিছে।একেদৰে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। উত্তৰ প্ৰদেশত বিজেপি ২৪৬ খন আসনত আগবাঢ়ি আছে। সমাজবাদী পাৰ্টী আগবাঢ়ি আছে ১২০ খন আসনত। আনহাতে উত্তৰাখণ্ডত ৪৮ খন আসনত আগবাঢ়ি আছে বিজেপি।

উত্তৰাখণ্ড বিধানসভা দখলৰ বাবে প্ৰয়োজন ৩৬ খন আসনৰ। সেই অনুসৰি উত্তৰাখণ্ডত বিজেপিয়ে সংখ্য়াগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। উত্তৰ প্ৰদেশ বিধানসভাৰ বাবে প্ৰয়োজন ২০২ খন আসন। বিজেপিয়ে ৰাজ্যখনত যিহেতু ২৪৬ খন আসনত আগবাঢ়ি আছে গতিকে বিজেপিয়েও একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে।একেদৰে গোৱা আৰু মণিপুৰতো চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি। গোৱাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় ২১ খন আসনৰ। ভোটগণনা অনুসৰি বিজেপি ২০ খন আসনত আগবাঢ়ি আছে। ইতিমধ্যে ৰাজ্যখনৰ ৭ খন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে আনুষ্ঠানিক ভাৱে জয় লাভ কৰাৰ কথা ঘোষণা কৰা হৈছে। একেদৰে কংগ্ৰেছৰ ৩ জন প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হৈছে।

ভোটগণনা অব্যাহত থকাৰ মাজতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে চৰকাৰ গঠন কৰিবলৈ সন্ধিয়া ৰাজ্যপালক সাক্ষাত কৰিব বুলি প্ৰকাশ কৰিছে। একেদৰে মণিপুৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ খন আসন। বৰ্তমানলৈকে বিজেপিয়ে ৫ খন আসনত জয় লাভ কৰাৰ লগতে কংগ্ৰেছে ৩ খন আৰু নেচনেল পিপলছ পাৰ্টীয়ে ১ খন আসনত বিজয় সাব্যস্ত কৰিছে।ৰাজ্যখনত বৰ্তমানলকৈ বিজেপি ২০ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ ৫ খন আসনত আগবাঢ়ি আছে। সেই অনুসৰি ৰাজ্যখনত বিজেপিয়ে আটাইতকৈ বেছি আসন লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

উত্তৰপ্ৰদেশত ইতিহাস লিখিলে যোগীয়ে….

ইতিহাস ৰচনা কৰি উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। এই ইতিহাস এই কাৰনেই যে, উত্তৰ প্ৰদেশত কোনো এটা ৰাজনৈতিক দলে ১০বছৰলৈ শাসনলৈ অহা নাই। ৰাজ্যখনত প্ৰতি ৫বছৰৰ মূৰে মূৰে সলনি হয় চৰকাৰ। কিন্তু পোন প্ৰথমবাৰৰ বাবে বিজেপি দলে উত্তৰ প্ৰদেশত ১০বছৰলৈ শাসনৰ বাঘজৰী লাভ কৰিছে।

জনতাৰ এই ৰায়ৰ পাছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল আৰু দলীয় কাৰ্যকতাসকলক। তেওঁ এই জয়ৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ লগতে সমগ্ৰ ৰাজ্যৰ দলীয় কাৰ্যকতাসকলক প্ৰদান কৰে।

তেওঁ লগতে কয়- দেশৰ সকলোতকৈ বেছি জনসংখ্যা থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। সেইকাৰনেই সমগ্ৰ দেশ আৰু বিশ্বৰ চকু আছিল ইয়াত। জনতাই এয়া ৰায় দিছে। এয়া কেৱল ৰায় নহয়, আৰ্শীবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মই নিৰ্বাচনী আয়োগকে ধন্যবাদ জ্ঞাপন কৰিলো।

এই পৰাজয়ৰ পৰা আমি শিকিব লাগিবঃ ৰাহুল গান্ধী

৫খন ৰাজ্যতো শোচনীয় পৰাজয়ৰ পাছত দলীয় কাৰ্যকতা আৰু জনতাক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰিলে এটা বিশেষ টুইট। এই টুইটটোত তেওঁ লিখিছে- বিনম্ৰতাৰে এই ৰায়ক আমি গ্ৰহণ কৰিছো। জনতাই জৰ্নাদন আৰু জনতাৰ এই ৰায়ক আমি গ্ৰহণ কৰিছো। এই নিৰ্বাচনত অশেষ কষ্ট কৰা কাৰ্যকতা সকলৰ নিষ্ঠাক স্বীকাৰ কৰিছো।

তেওঁ লগতে টুইটটোত লিখে- এই পৰাজয়ৰ পৰা আমি শিকিব লাগিব। জনতাৰ হিতৰ কাৰনে আমি সদায়েই কাম কৰি যাম। উল্লেখ্য যে, এই টুইটটোত বিজয়ী সকলো প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। ১০মাৰ্চৰ ৫ নিৰ্বাচনী ফলাফলত অতি শোচনীয় প্ৰদৰ্শন কংগ্ৰেছৰ। শাসনত থকা পঞ্জাৱৰ বাঘজৰীও হেৰুৱালে কংগ্ৰেছে।

মেকানিকৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী….

শাসনাধিষ্ঠ এখন ৰাজ্যত কংগ্ৰেছৰ এনেদৰে বিধ্বস্ত হব, সেয়া হয়তো কংগ্ৰেছ নেতৃত্বই কল্পনাই কৰিব নাছিল। দুটাকৈ সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰো শোচনীয় পৰাজয়ে দেশৰ ৰাজনীতিত ক্ৰমান্বয়ে প্ৰাসংগিকতা হেৰুৱাইছে দেশৰ আটাইতকৈ পুৰণি দলটোৱে।

এনে পৰিস্থিতিৰ মাজতে পঞ্জাৱত অভাৱনীয় সফলতা লাভ কাৰ আম আদমী পাৰ্টিৰ এগৰাকী নেতাই তীব্ৰ চৰ্চা লাভ কৰিছে। সেই গৰাকী হৈছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীক পৰাস্ত কৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী লাৱ সিং। পেছাত এগৰাকী মোবাইল মেকানিকৰ কাম কৰা লাৱ সিঙৰ হাতত শোচনীয় পৰাজয় লাভ কৰে পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চন্নীয়ে।

প্ৰায় ৩৭,৫৫৮ ভোটৰ ব্যৱধানত চন্নীক পৰাস্ত কৰা লাৱ সিঙক লৈ অৰবিন্দ কেজৰিৱালেও শেহতীয়াকৈ মন্তব্য কৰিছে। কেজৰিৱালে কয়- অতি কষ্টৰে দলৰ হৈ কাম কৰা লাৱ সিঙে অৱশেষত ৰাইজৰ আৰ্শীবাদ বুটলিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা লাৱ সিঙৰ বাবে এই সফলতাক শলাগ হৈছে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলেও।