Home Blog Page 2566

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত হৈ সহপাঠী সকলৰ সৈতে তাতক্ষণিকভাৱে ইউক্ৰেইন এৰাৰ সিদ্ধান্ত লয় জাভেদে।

ইফালে জাভেদৰ নিজা গৃহ ডিব্ৰুগড়তো পৰিয়ালৰ লোকে ইউক্ৰেণৰ পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰে। আনহাতে বুধবাৰে ইউক্ৰেণৰ পৰা সুকলমে নিজ বাসগৃহত উপস্থিত হয় ছাত্ৰ জাভেদ আহমেদ। পুৱা ৯ বজাত ডিব্ৰুগ়ড় বিমান বন্দৰত আহি উপস্থিত হয় ছাত্ৰগৰাকী। চহৰখনৰ মিৰ্জাবাগৰ বাসিন্দা ছামিম আহমেদৰ পুত্ৰ জাভেদ আহমেদ ছাত্ৰগৰাকীয়ে আজি ইউ. এ. টিভিৰ আগত ৰাছিয়া আৰু ইউক্ৰেণৰ যুদ্ধৰ মাজত আবদ্ধ হৈ থকা সময়ছোৱাৰ সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱা উঠিয়েই যুদ্ধৰ পৰিৱেশ দেখিবলৈ পাইছিল অডেছা চহৰখনত। ২৭ ফেব্ৰুৱাৰীত ছাত্ৰগৰাকীয়ে ৫ জন বন্ধুৰ সৈতে ইউক্ৰেণৰ ইজমাইল হৈ ৰোমানিয়া সীমাৰে নিৰাপদ স্থানত আহি উপস্থিত হয়। ৰোমানিয়াত উপস্থিত হৈ ভাৰতীয়া দুতাবাসৰ লগত যোগাযোগ কৰি বায়ু সেনাৰ চি ১৭ বিমানেৰে ভাৰত আহি উপস্থিত হয়। ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়ামতে ছামি ষ্টেট ইউনিভাৰ্চিটিত ৭০০ৰো অধিক ভাৰতীয়া ছাত্ৰ-ছাত্ৰী বৰ্তমানেও আবদ্ধ হৈ আছে। যুদ্ধ পৰিস্থিতি তথা নিজৰ যাত্ৰাৰ বৰ্ণনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ভাৰত – বাংলাদেশ সীমান্তত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম

ভাৰত – বাংলাদেশ সীমান্তৰ  টিস্তাৰপাৰ ঘিউমাৰী চৰত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত  হয় ।ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰ বালাডোবাত ১৯  নং বেটলিয়ন  সীমান্ত সুৰক্ষা বাহিনীৰ এখন নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় ।অনুষ্ঠানৰ আৰম্ভনিতে সীমান্ত সুৰক্ষা বাহিনীৰ চি ও ৱে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে কমান্ডেন্ট ১৯ বেটলিয়নৰ সীমান্ত সুৰক্ষা  কমান্ডাডিং বিষয়াসহ শীৰ্ষ বিষয়াসকল৷এই অনুষ্ঠানত  লক্ষ্যাধিক টকাৰ বস্তু সামগ্ৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে । স্কুলীয়া ছাত্ৰ -ছাত্ৰী সকলৰ বাবে বহী কলম পেন্ছিলসহ বিভিন্ন সামগ্ৰীৰ লগতে , ফুটবল, ভলিবল সহ বিভিন্ন লাগতিয়াল বস্তুবিতৰণ কৰি আহিছে  ।

এইবেলিভোগডৰবালাডোবা,টিস্তাৰপাৰ ঘিউমাৰী অন্চলৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকললৈ আগবাঢ়োৱা উপহাৰ লৈ গাওঁ বাসীয়ে ধন্যবাদ জনায়৷এনে ধৰনৰ নাগৰিক কাৰ্যক্ৰম প্ৰতিবছৰে সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা কৰা হয়  আৰু এইবেলি ইয়াৰো ব্যতিক্ৰম নহয় CIVIC ACTION ,তাক লৈ BSF য়ে এইদৰে কয়৷।

শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ অখিল গগৈৰ

১০ মে’ ২০২২ ৰ ভিতৰত চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ দাবীত ৰাইজৰ দলৰ ধৰ্ণা কাৰ্যসূচী। আজিৰ ধৰ্ণাস্হলীৰ পৰা বহুতো মন্তব্য কৰে অখিল গগৈয়ে । শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ । শিৱসাগৰ পৌৰসভা নিৰ্বাচনত বিফল হোৱাক মন্তব্য অখিল গগৈৰ।


“আমি হাৰিছো, সেইয়া স্বীকাৰ কৰিছো!
কিন্তু আমি হাৰিছো টকা, মদ, মাংসৰ বিজেপিৰ লেতেৰা ৰাজনীতিৰ বাবে।
বিজেপিয়ে টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে, শিৱসাগৰত টকা, মদ বিলাই ভোট লোৱা নিজেই দেখিছো”

মাজুলীৰ উপ নিৰ্বাচন সম্পৰ্কে বিধায়ক অখিল গগৈৰ মন্তব্য, “পৰাজয় হলেও আমি বিৰোধী শক্তি একেলগ হৈ যুঁজ দিছো”

চৰকাৰত থকা এটা দলক ৮ মাহতে উপ – নির্বাচনত হেৰুৱাটো সহজ নহয় তথাপিও চিত্র বসুমতাৰীয়ে যথেষ্ট ভোট পাইছে। তাৰ বাবে মাজুলীৰ ৰাইজক ধন্যবাদ জনাইছে অখিলে। ইফালে পাঞ্জাৱত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা AAP লৈ শুভেচ্ছা জনালে অখিল গগৈয়ে ।

মহানগৰীৰ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা এই ৫ পাষণ্ডক দেখিলেই খবৰ দিয়ক আৰক্ষীক…

অপৰাধ নগৰী হিচাপে পৰিগণিত হৈ পৰা গুৱাহাটীত নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা অপৰাধ। হত্যা, হিংসা, চোৰ, ডকাইতৰ উপৰিও অনেক অপৰাধ সংঘটিত হৈ আছে এইখন মহানগৰত। শেহতীয়াকৈ মহানগৰীত সংঘটিত হোৱা এক দলবদ্ধ ধৰ্ষণৰ ঘটনাই ৰাজ্যত চাঞ্চল্য সৃষ্টি কৰিছে। এগৰাকী দশম শ্ৰেণীৰ কিশোৰীক ৫ জনীয়া যুৱকৰ দলে দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাক ভিডিঅ’ আকাৰে ৰাখি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাৰ প্ৰথমে পোহৰলৈ অহা নাছিল যদিও ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতেই পানবজাৰ মহিলা আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনা সংঘটিত কৰা ৫ পাষণ্ডই ইতিমধ্যে আত্মগোপন কৰিছে। আটাইকেইটাৰে অনুসন্ধান অব্য়াহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰা নাই যদিও ৫ পাষণ্ডৰ ফটো পোহৰলৈ আহিছে। আৰক্ষীয়ে ভুক্তভোগী কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু ধৰ্ষণকাণ্ড সংঘটিত কৰা আটাইকেইটা প্ৰাপ্তবয়স্ক বুলি প্ৰকাশ পাইছে। পৰিয়ালৰ লোকে ৰুজু কৰা গোচৰত উল্লেখ থকা অনুসৰি ৫ পাষণ্ড হৈছে ক্ৰমে, মহম্মদ বিকি আলী (২২), মহম্মদ ফজুল আলী, পুনা আলী, পিংকু আলী আৰু মহম্মদ ৰাজা আলী। এই আটাইকেইটা পাষণ্ড জালুকবাৰী থানাৰ অন্তৰ্গত গাড়ীগাঁৱৰ।

ডাক বিভাগত চাকৰি! শীঘ্ৰে আবেদন কৰক যোগ্য প্ৰাৰ্থীয়ে…

ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ষ্টাফ কাৰ ড্ৰাইভাৰ, জেনেৰেল গ্ৰেডৰ পদত নিয়োগৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিতংভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ ৱেবছাইটলৈ গৈ চাব পাৰে। বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। প্ৰাৰ্থীসকলে ১৫ মাৰ্চ ২০২২ৰ ভিতৰত আবেদন জমা দিব লাগিব। অনলাইনত কৰিব লাগিব আবেদন। অফিচিয়েল বেৱছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে নটিফিকেচনৰ জৰিয়তে জনোৱা হ’ব।

প্ৰতিষ্ঠানটোৰ ফালৰ পৰা মুঠ ২৯টা খালী পদ আছে বুলি জনোৱা হৈছে। ইউ আৰত ১৫টা, এছচিত তিনিটা আৰু অ’বিচি বিভাগত মুঠ ৮টা খালী পদত নিয়োগ কৰা হ’ব। ইয়াৰ উপৰি ইডব্লিউএছ কেটেগৰীত তিনিটা পদ আছে। প্ৰাৰ্থীসকলৰ পাতল আৰু গধূৰ যান–বাহন চলোৱাৰ বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইয়াৰ উপৰি মটৰ মেকানিজম সম্পৰ্কে জ্ঞান থাকিব লাগিব। কমেও তিনি বছৰৰ পাতল আৰু গধূৰ যান–বাহন চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থী স্বীকৃত ব’ৰ্ড বা ইনষ্টিটিউটৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, ষ্টাফ কাৰ ড্ৰাইভাৰ পদৰ বাবে আবেদনকাৰীয়ে আবেদন পত্ৰ সঠিক আকাৰৰ মোটা কাগজৰ খামত পঠিয়াব লাগিব আৰু তাত স্পষ্টভাৱে লিখিব লাগিব ‘‘MMS দিল্লীত ষ্টাফ কাৰ ড্ৰাইভাৰ (পোনপটীয়া নিয়োগ) পদৰ বাবে আবেদন’’। স্পীড পোষ্ট বা ৰেজিষ্টাৰ পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব আবেদন পত্ৰ। প্ৰাৰ্থীসকলে এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব আবেদন পত্ৰ– The Senior Manager, Mail Motor Service, C-121, Naraina Industrial Area Phase-I, Naraina, New Delhi-110028।

প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক

ছয়গাঁৱৰ বালাগাঁও চৰত চাঞ্চল্যকৰ ঘটনা৷ প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক ৷২ মাৰ্চত নিৰুদ্দেশ হৈছিল বালাগাঁও চৰৰ আশ্ৰৱ আলীৰ নাবালিকা কন্যা সন্তান আছমিনা খাতুনে ৷ উক্ত নাবালিকাই প্ৰেমৰ জালত পৰিছিল একে গাঁৱৰে ৰহিজ দেৱানীৰ পুত্ৰ লম্পট ওছমান গণি নামৰ যুৱকজনৰ৷

দুই প্ৰেমিক প্ৰেমিকাৰ কাজিয়াৰ চৰম পৰিনতিত প্ৰেমিক ওছমান গণিয়ে প্ৰেমিকা আছমিনা খাতুনক হত্যা কৰি পলাশবাৰী সমষ্টিৰ ভেৰভেৰী চৰত হাত -ভৰি বান্ধি অতি নিৰ্মভাৱে হত্যা কৰি বালিচৰত পুতি থৈ ওছমান গনিয়ে পলায়ন কৰি পাইছিলগৈ বহিঃ ৰাজ্যৰ চেন্নাই৷

ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পৰিয়ালে শুৱালকুছি নদী আৰক্ষী থানাত দাখিল কৰা গোচৰৰ ভিত্তিত বহিঃৰাজ্যৰ চেন্নাইৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ আনে ওছমান গণিক ৷ প্ৰেমিকৰূপী হত্যাকাৰী ওছমান গণিৰ স্বীকাৰোক্তিৰ ভিত্তিত পলাশবাৰী ভেৰভেৰীৰ বালি চৰত পুতি থোৱা অৱস্থাত নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ অভিযানত সংগ দিয়ে পলাশবাৰী চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক শুৱালকুচি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ লগতে এটা বৃহৎ নিৰাপত্তা বাহিনীৰ দল ৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে মৃত নাবালিকা গৰাকীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

টংলাত পাৱাৰগ্ৰীড, ষ্টাৰলিংকৰ মৰণফান্দ! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ জধে-মধে স্থাপন

ওদালগুৰি জিলাৰ টংলাত নতুনকৈ স্থাপন কৰা পাৱাৰগ্ৰীড শক্তি বিতৰণ কেন্দ্ৰটোৰ পৰা ক্ৰমে টংলা, কলাইগাঁও,খৈৰাবাৰী, হৰিশিঙা আৰু পানেৰীলৈ নতুনকৈ স্থাপন কৰা ৩৩ কেভি বিদ্যুত সংবহন লাইনকেইটাৰ ফলত মানুহ তথা অন্যজীৱকুলৰ জীৱনলৈ ভাবুকি আনিব পৰা উচ্চতাৰে স্থাপন কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কেন্দ্ৰটোৰ পৰা টংলা বৈদ্যুতিক উপ- সংমণ্ডললৈ সংযোজিত একমাত্ৰ লাইনটোৰ বাহিৰে আন চাৰিটা লাইন কৃষকৰ ম্যাদী মাটিত যেনিতেনি খুঁটা পুতি আৰু কলগছৰ পাত লাইনত স্পৰ্শ কৰা উচ্চতাৰে স্থাপন কৰাৰ লগতে টংলাৰ পৰা পানেৰি লৈ সংযোজন হোৱা লাইনটোৰ চমুৱাপাৰা,পুখৰিপাৰা,ৰতনপুৰ,খাটলপাৰা ইত্যাদি ঠাইত সাধাৰণ লোকৰ ঘৰৰ চোতালৰ মাজেৰে কম উচ্চতাৰে উচ্চ ক্ষমতাসম্পন্ন পৰিবাহী তাৰ সংযোজন কৰি এতিয়া ৰাইজৰ জীৱনলৈ প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই আনিছে ।

এক কথাত মৰণফান্দ, কিয়নো যিকনো মহুৰ্তত  দূৰ্ঘটনা পতিত হ’ব পাৰে।ৰাইজে জনোৱা অনুসৰি নিৰ্মাণ কৰি থকা অৱস্থাতে বাৰম্বাৰ ঠিকাদাৰ তথা বিভাগীয় কৰ্মচাৰীসকলক সেই ঠাইলে পৰিবাঁহী তাৰ নিবলে মানা কৰিছিল, লগতে উচ্চতাক লৈয়ো অভিযোগ আনিছিল যদিও কনো কানসাৰ নিদিয়াকৈ জধে-মধে খুটা পুতি তাৰ সংযোজন কৰি থৈ যোৱাত সাধাৰণ ৰাইজ এতিয়া উপায়ন্তৰ হৈ পৰিছে।

সেয়েহে কম দিনৰ ভিতৰ চালিত হোৱাৰ সম্ভাৱনা থকা লাইন কেইটাৰ ঠিকাদাৰ কলিকতাৰ ষ্টাৰলিংক প্ৰতিষ্ঠানৰ  মহোদয়ক এই  কোম্পানীৰ জীৱন্ত মৰণফান্দৰ ৰূপ ল’বলৈ আগবঢ়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰসমূহ নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে দাবী জনাইছে ৷

মুকালমুৱাত বন্ধন বেংকৰ শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা

বন্ধন শিক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ- ছাত্ৰীক পাঠ্যপুথিৰ জ্ঞান দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

মুকালমুৱাতো বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত খেল -ধেমালি, নৃত্য -গীতৰ প্ৰতিযোগিতাৰ এক অনুষ্ঠান কৰে। মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অঞ্চলটোৰ ২৫ টা বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন খেল -ধেমালিৰ লগতে বেংকৰ নৃত্য- গীতৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ শেষত অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী কাৰ্যসূচীত ছাত্ৰ -ছাত্ৰী সকলক বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।

উল্লেখযোগ্য যে বন্ধনৰ মুকালমুৱা শাখাৰ অধীনত অঞ্চলটোৰ ভিন্ন প্ৰান্তত ২৫ টা শিক্ষা কেন্দ্ৰত মুঠ ৭৫০ গৰাকী ছাত্র -ছাত্ৰীক শিক্ষা প্ৰদান কৰি থকা হৈছে। এনেদৰে বন্ধন বেংকে বেংকিং সেৱাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বিভিন্ন সামাজিক উন্নয়নমূলক কাম-কাজৰ মাজেৰে ৰাইজৰ মাজত এতিয়া আস্থাভাজন হৈ উঠিছে ।

ধমধমা আঞ্চলিক কলেজত মোবাইল ব্যৱহাৰ ,ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ

ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ।  নলবাৰী জিলাৰ ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ চিকুৰুটি সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ দিয়া হয়। তিনিদীনীয়া কাৰ্য্যসুচীৰে আৰম্ভ কৰা  এই প্ৰশিক্ষণ ধমধমা আঞ্চলিক কলেজত আৰম্ভ কৰা হয়।

National Institute of Electeronics And Information ৰ উদ্যোগত আৰম্ভ হোৱা সজাগতামুলক প্ৰশিক্ষণৰ আগমুহূর্তত কলেজ কতৃপক্ষই এখনি সাধন সভা আহ্বান কৰে। সভাখনত আদৰনি ভাষন আগবঢ়ায়  ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ গৌতম চন্দ্র দাসে।

সভাখন উদ্বোধন আৰু বন্তি প্ৰজলন কৰে ধমধমা আঞ্চলিক কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা দিপালী দেৱীয়ে, সভাখনত অতিথি হিচাপে অংশগ্রহণ কৰে National Institute of Electeronic And Information অৰ চিনিয়ৰ টেকনিকেল অফিচাৰ সৌৰভ মহন্তই, National Institute of Electeronics And Information আন এজন চিনিয়ৰ টেকনিকেল অফিচাৰ সুব্রত বৰা, National Institute of Electeronics And Information আই টি ফেকাল্টি ডেভিড ৰয়, বি এইচ যে কলেজ সৰুপেটাৰ সহযোগী ফনীধৰ মেছে, সভাখনত উপস্থিত থাকে সেই অঞ্চলৰ ৰাইজ তথা ছাত্র -ছাত্ৰী ,আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলে সভাখনত উপস্থিত থাকে।

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ ৷সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে আৰম্ভ কৰিছে দৌল মহোৎসৱৰ প্ৰস্তুতি ৷

অহা ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হব সুৱেৰী বা ফাকুৱা ৷


সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমুহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰৰ দৌল মহোৎসৱ বা আন তিথি, অনুষ্ঠান আদি পালনৰ ক্ষেত্ৰত যথাবিধি বংশানুক্ৰমে বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে দায়িত্ব পালন কৰি আহিছে ৷ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি সেইমতে সত্ৰৰ বংশৰাসকলেও দৌল মহোৎসৱৰ প্ৰস্তুতি চলাই আছে ৷ উল্লেখ্য যে, এইবেলি চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱক লৈ বৰপেটা সত্ৰ সমিতিয়েও ব্যাপক প্ৰস্তুতি চলাই আছে ৷