Home Blog Page 2569

চতিয়াত জলসিঞ্চন সংমণ্ডল কাৰ্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

“আমাৰ যুৱকসকল এতিয়া নিজৰ মাটিত খেতি কৰিবলৈ আগবাঢ়ি আহিছে৷চৰকাৰে ট্ৰেক্টৰ দিব,বীজ দিব কিন্তু সময়মতে খেতিপথাৰত পানী যোগান ধৰিব পৰাটো আপোনালোকৰ দায়িত্ব৷আমাৰ যুৱকসকল পানীৰ অভাৱত যাতে খেতিপথাৰত খেতি কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলক পানীযোগানৰ ব্যৱস্থা সুন্দৰকৈ কৰিবলৈ মই আহবান জনাইছো৷” এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷

কালি জামুগুৰিহাটৰ পূৰ্ৱৰ নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয় গৃহটিত চতিয়া জলসিঞ্চন সংমণ্ডল নৱ কাৰ্যালয় ভৱণৰ শুভ উদ্বোধন কৰি এইদৰে কয় বিধায়ক গৰাকীয়ে৷শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে নাম কীৰ্তন হৰি নামৰ ধবনিৰে মুখৰ হৈ পৰে নৱ কাৰ্যালয়ভৱনটি৷ইয়াৰ পিছতেই জলসিঞ্চন বিভাগৰ তেজপুৰ চৰ্কোলৰ অধীক্ষক অভিযন্তা উৎপল নাথৰ সভাপতিত্বত অনুষ্ঠিত শুভ উদ্বোধনী সভাত চতিয়া জলসিঞ্চন সংমণ্ডল জামুগুৰিহাটস্থিত কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা শ্ৰীমন্ত মোহন হাজৰিকা,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মনতোষ চক্ৰৱৰ্তী,বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া বৰাকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷উল্তেখ্য যে পূৰ্ৱে এই কাৰ্যালয়টিৰ কাম-কাজ ইটাখোলাৰ পৰা পৰিচালনা হৈছিল ৷

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায় ২৫/২৬ বছৰীয়া যুৱকৰ।লগতে যুৱকজনক কোনো-কোনোৱে মানসিকভাৱে বিকাৰগ্ৰস্থ বুলিও সন্দেহ কৰে যদিও আন এচামে কোনো লোকে হত্যা কৰি যুৱকজনক উক্ত স্থানত পেলাই যোৱা বুলিও সন্দেহ ব্যক্ত কৰে ।পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

দক্ষিণ কামৰূপৰত জব্দ বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত জোৰশিমুলী আৰক্ষীৰ অভিযান । অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী লগতে আটক হৈছে কুখ্যাত চোৰ আজিমুদ্দিন ৷

গুৰামাৰা পথাৰ গাঁৱৰ কাসেম আলীৰ পুত্ৰ আজিমুদ্দিন আলীয়ে দীৰ্ঘদিনৰে পৰা চোৰাংভাৱে ৰেলৱে সামগ্ৰী আৰু মবাইল টাৱাৰৰ সামগ্ৰী চুৰি কৰি এলমুনিয়াম, তাম, পিতল আৰু লোৰ ব্যৱসায় চলাই আহিছিল ৷জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই এক গোপন খবৰৰ ভিত্তিত নিশাৰ ভাগত অভিযান চলাই কেবা লাখ টকাৰ মবাইল টাৱাৰ আৰু ৰেলৱে সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আজিমুদ্দিন নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ আজিমুদ্দিন নামৰ চোৰটোক জোৰশিমুলী আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নগাঁও জিলা সন্থাৰ এটি নৱ -নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল প্ৰাংগণত উদ্বোধন কৰাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নগাঁও জিলা সমিতিৰ এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপক বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সম্পাদক,বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী,জিলা কৃষি বিষয়াৰ উপৰিও নগাঁও জিলাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে ৷


অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহন কৰিছে যদিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য নোপোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হয় ৷সন্থাৰ বিষয়ববীয়া কুলপ্ৰদীপ দাসে আঁতধৰা সভাতে পৰম্পৰাগত পদ্ধতিৰ লগত আধুনিক পদ্ধতি সংমিশ্ৰণ ঘটাই বিভিন্ন কৃষি কৰ্ম কৰি ইতিমধ্যে স্বাৱলম্বী হোৱা তথা ৰাজ্য চৰকাৰৰ পৰা বঁটাৰে সন্মানীত হোৱা পুৰণিগুদামৰ কৃষক শৰৎ চন্দ্ৰ চমুৱাক সন্থাৰ তৰফৰ পৰা সেউজ সৌৰভ বঁটা প্ৰদান কৰে। সন্থাৰ নৱ নিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ এজন আগশাৰীৰৰ চাহ খেতিয়ক ৰাজেন গোহাঁইয়ে।

খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ নকৰাৰ অভিযোগ বৰপেটাত

বৰপেটা জিলাৰ বাঘমাৰা চৰ সমবায় সমিতিৰ অন্তৰ্গত ভাতনাপাইতিত এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে গ্ৰাহকে কৰিলে প্ৰতিবাদ।
বাঘমাৰা চৰ সমবায় সমিতিৰ বিতৰ্কিত এজেণ্ট ছফেৰ আলীয়ে বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ নকৰাৰ অভিযোগ।


এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ কাৰ্ড বনাই দিয়াৰ নামতো তিনিৰ পৰা পাঁচ হেজাৰ টকা লোৱাৰো অভিযোগো উত্থাপন কৰিছে একাংশই। আনকি চৰকাৰে গ্ৰাহকক মাহেকত দুবাৰকৈ চাউল যোগান ধৰে যদিও এজেন্ট ছফেৰ আলীয়ে মাহেকত এবাৰকৈহে বিতৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।এই সন্দৰ্ভত একাংশ গ্ৰাহকে বৰপেটাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক এক লিখিত অভিযোগ কৰে যদিও বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকে যোগান বিভাগৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে।ৰাইজৰ এই প্ৰতিবাদৰ পাছত বাঘমাৰা চৰ সমবায় সমিতিৰ গুৰু গোসাঁই নমনা এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে যোগান বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা৷

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা ৷আজি ৰাতিপূৱা ৯ বজাত নিজ গৃহতে অমৃত দাস (১৯) নামৰ যুৱকজনে চিপজৰীলৈ আত্মহত্যা কৰে ৷পৰিয়ালৰ লোকে খিৰকীৰে যুৱকজনক চিপজৰী লৈ থকা প্ৰত্যক্ষ কৰে তাৰ পিছতে পৰিয়ালৰ মাজত হূলস্থূল লাগে ৷পিছত ঘটনা সংক্ৰান্তত চৰকাৰী গাঁওবুঢ়াক অৱগত কৰে ৷গাঁওবুঢ়াই সাপকাটা আৰক্ষীক খবৰ দিয়ে ৷ঘটনাৰ খবৰ পাই সাপকাটা আৰক্ষী চকীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাই ঘটনা স্হলীত উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷

যুৱকজনে কিয় আত্মহত্যাৰ পথ বাছি ললে সেয়া এতিয়া লৈকে জানিব পৰা হোৱা নাই ৷

মেৰাপানী সীমান্তত অব্যাহত গো-ধনৰ ব্যৱসায়।

মেৰাপানী সীমান্তত অব্যাহত আছে গো-ধনৰ ব্যৱসায়।অসম নগালেণ্ড সীমান্ত অঞ্চলটোত চোৰাং গৰু সৰবৰাহৰ লগতে গোপনে চলিছে পশুধনৰ বেহা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো- সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ধাৰাবাহিকভাৱে চলি আহিছে অবৈধ ব্যৱসায়। দেওবাৰে মেৰাপানী আৰক্ষীয়ে AS12AC 0457 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহনৰ পৰা ১৫ টা গৰুসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

ইফালে গৰু সৰবৰাহৰ চিণ্ডিকেটৰ লগত জড়িত থকা কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, প্ৰশাসন আৰু সীমান্তত নিয়োজিত চি আৰ পি এফৰ চকুত ধূলি দি এটা অসাধু চক্ৰই সীমান্তত মেলিছে গৰু ব্যৱসায়ৰ মুকলি বেহা। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গো-সুৰক্ষাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা আইন সীমান্ত অঞ্চলসমূহত প্ৰযোজ্য নহয় নেকি ?

কামৰূপ জিলাৰ শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ৷

শালমাৰাত শ্ৰীশ্ৰীমদ্ভাগৱত পাঠ৷দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে কামৰূপ জিলাৰ শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ ৷শালমাৰাৰ ঐতিহাসিক বামুন্দি সত্ৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠান ।বামুন্দি সত্ৰ পৰিচালনা সমিতি আৰু শালমাৰাৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক শ্ৰীশ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ শনিবাৰৰ কাৰ্যসূচীত পুৱা বন্ত্বি প্ৰজ্জ্বলন কৰে কৃপামনি দেৱ গোস্বামীয়ে ৷ শ্ৰীশ্ৰীমদ্ভাগৱত স্থাপন কৰে তিলক নাথ মহন্তই ।ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰনেতা তথা সমাজকৰ্মী বনজিৎ ডেকাই ৷

ধৰ্মধ্বজা উত্তোলনৰ পিছতে শ্ৰীশ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰে যাদৱ গোস্বামীয়ে ।দেওবাৰে দৈব্য দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া ধৰ্মালোচনী সভাৰে সামৰণি পৰে এই অনুষ্ঠানৰ ৷

বৰপেটাৰ হোটেল প্লাজাৰ পৰা আটক ৬ জুৱাৰী।

বৰপেটাত আটক ৬ টাকৈ জুৱাৰী।বৰপেটা চহৰৰ হোটেল প্লাজাৰ পৰা আটক এই জুৱাৰীকেইটা।ড্ৰাগছৰ লগতে জুৱাৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা গৈছে বৰপেটা আৰক্ষীক।জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা আৰক্ষীয়ে হোটেলখনৰ পৰা আটক কৰে আটাইকেইটা জুৱাৰীক।হোটেলৰ কোঠাত জুৱা খেলি থকা অৱস্থাত আটক কৰে জুৱাৰী কেইজনক ৷ধৃত জুৱাৰীকেইজন ৱাহিদ আলী, জেহেৰুল ইছলাম, তৈইবুৰ ৰহমান, আমিৰ আলী, ছইবুল ইছলাম আৰু কাজী ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে।জুৱাৰীকেইটাৰ পৰা নগদ প্ৰায় ২৩ হাজাৰ টকাসহ টাচপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষীয়ে।গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে জুৱাৰীকেইটাক ৷আটাইকেইটা জুৱাৰীৰ ঘৰ বৰপেটাৰ সমীপৱৰ্তী যতিগাঁও আৰু ভেৰাগাঁওত ৷


উল্লেখযোগ্য যে, জুৱা, এণ্ডিং, তীৰ, মদ, ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু পৰিয়াল ধংসৰ মূখলৈ গতি কৰিছে বৰপেটা জিলাত।অনেকৰ সুখৰ পৰিয়াল থানবান হৈছে এণ্ডিং, তীৰ,জুৱা, মদৰ কবলত পৰি।এণ্ডিং, তীৰ,জুৱা, মদ, ড্ৰাগছত আসক্ত হৈ বহু পৰিয়ালৰ লোকে অসৎ পন্থাও হাতত লোৱা সময়ে সময়ে অভিযোগ উঠিছে।চহৰাঞ্চলৰ লগতে গ্ৰাম্যাঞ্চলতো ভয়াবহ ৰূপত বৃদ্ধি পাইছে এণ্ডিং, তীৰ, জুৱা, মদ আৰু ড্ৰাগছ প্ৰকোপ।বহুতে সুবিধা ভোগ কৰি আহিছে এই এণ্ডিং, তীৰ তথা জুৱা খেল পাতি।
এই ক্ষেত্ৰত জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ দাবী জনাইছে সচেতন মহলে।

বিলাসীপাৰাত কুকুৰকলৈ কাজিয়া কৰি নিহত এগৰাকী বোৱাৰী।

ধুবুৰী জিলাৰ বিলাসী পাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুটিপাৰা মানিক বজাৰৰ পশ্চিম ফালে অৱস্থিত এখন সৰু গাঁও চৰ পাৰা তথা জেল টুৰ চৰ প্ৰথম খন্ট গাঁৱৰ এজনী বোৱাৰী বিষপাণ সেৱন কৰি মৃত্যু হয়।ঘটনাৰ বিৱৰণী অনুসৰি, চুৱৰীয়াৰ এজন লোকৰ পোহনীয়া কুকুৰৰ লগত সাইবুদ্দিনৰ পোহনীয়া কুকুৰৰ লগত কাজিয়াৰ সৃষ্টি হয়। সেই লৈ স্বামী য়ে তেওঁৰ পৰিৱাৰ মৰজিনা খাতুনক মাৰপিট কৰে।তাৰ পিছত মৰজিনা খাতুনে বিষ পান কৰি অচেতন হৈ পৰে।আৰু ততাতীয়াকৈ বিলাসী পাৰা অসামৰিক চিকিৎসা লয়লৈ যায় যদিও তাৰ খনতেক পিছতেই মৃত্যুক সাবটি লয়।

উক্ত মৰজিনা খাতুনৰ মৰণোত্তৰ পৰিক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰিক্ষা কৰোৱাই আনি নায়েৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হবিবৰ ৰহমানে মৃত্যু হোৱা মহিলাক গৰাকীক ৬.৩০মিনিটত ছমজাই দিয়া হৈছে বুলি আৰক্ষী বিষয়া জনে জানিবলৈ দিছে।