Home Blog Page 2570

ফিল’বাৰীত অগ্নিকাণ্ডত জ্বলি ছাই হ’ল ধানৰ ভড়াল, লক্ষাধিক টকাৰ ক্ষতি…

তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৌৰীপুৰ গাঁৱৰ গাঁওপ্ৰধান খগেশ্বৰ বৰুৱাৰ বাসগৃহত আজি দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত খগেশ্বৰ বৰুৱাৰ বাসগৃহৰ সমীপতেই থকা ভড়াল ঘৰৰ লগতে গা-ধুৱা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ভষ্মিভূত হয় । ভড়াল ঘৰত জুই লগাৰ ফলত ভড়ালত থকা ধান সম্পূৰ্ণৰূপে জ্বলি ছাই হয় ।

পৰৱৰ্তী সময়ত ডুমডুমাৰ পৰা অগ্নিনিৰ্বাপনৰ বাবে এখন বাহন আহে যদিও অগ্নিনিৰ্বাপন বাহিনীৰ বাহন আহি পোৱাৰ পূৰ্বেই ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে খগেশ্বৰ বৰুৱাৰ মূল বাসগৃহ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বৈদ্যুতিক পানীৰ মটৰত  চৰ্ট ছাৰ্কিটৰ ফলতেই উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডত খগেশ্বৰ বৰুৱাৰ প্ৰায় লক্ষাধিক টকাৰ বয়-বস্তুৰ লগতে সামগ্ৰী অনিষ্ট হোৱা বুলি জানিব পৰা গৈছে ।

১২ দিনত ২০ লাখ লোকে ত্যাগ কৰিলে ইউক্ৰেইন….

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই লাখ লাখ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰি পলায়ন কৰিছে। সংযুক্ত ৰাষ্ট্ৰই জাৰি কৰা তথ্য অনুসৰি ১২ দিনত প্ৰায় ১২ লাখ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰি অন্য দেশলৈ পলায়ন কৰিছে। সংযুক্ত ৰাষ্ট্ৰ শৰণাৰ্থী এজেঞ্চী (UNHCR)য়ে জাৰি কৰা অনুসৰি ২০,১১,৩১২ লোকে এৰিছে দেশ, এই গণনা সোমবাৰৰ গণনাতকৈ বহুত বেছি। এই সন্দৰ্ভত UNHCR ৰ প্ৰমুখ ফিলিপো গ্ৰাণ্ডীয়ে এয়া আশ্চাৰ্যজনক তথ্য বুলি কয় । তেওঁ কয় যে এই বৃহত সংখ্যাৰ আঁৰত আছে ২০ লাখ লোকৰ পৰিয়ালৰ পৰা বিচ্ছিন্নতা, শোক, কষ্ট, খং আৰু লোকচানৰ কাহিনী” ।

তেওঁ কয় যে “এই নিৰ্মম যুদ্ধই” পৰিয়ালবোৰক আপোনজনৰ পৰা আঁতৰাই পেলাইছে আৰু হতাশা আৰু অকল্পনীয় কষ্টলৈ ঠেলি দিছে”। তথ্য অনুসৰি অধিকাংশ ইউক্ৰেইনৰ নাগৰিক পোলেণ্ডলৈ যোৱাৰ লগতে একাংশই ৰোমানিয়া, হাংগেৰি আদি দেশ সমূহলৈ গৈছে। উল্লেখ্য যে, এতিয়াও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ধ্বংসস্তুপত পৰিণত হোৱা ইউক্ৰেইনে পিছলৈ কেনেদৰে মোকাবিলা কৰিব সেয়া হ’ব লক্ষণীয়।

ন-বিজেপি ৰূপজ্যোতি কুৰ্মীৰ মুখথেকেচা, কি হ’ব ভৱিষ্যৎ?

বিজেপিলৈ যোৱাৰ পাছতে প্ৰথমবাৰলৈ মুখ থেকেচা খালে ৰূপজ্যোতি কুৰ্মীয়ে। ন-বিজেপি এই বহুবল্কী বিধায়কজনে তেওঁৰ লাগ-বান্ধ নোহোৱা কথা-বতৰা আৰু সংযমহীন আচৰণৰ বাবে প্ৰায়েই থাকে সংবাদ শিৰোনামত। বিৰোধী দলক অতি অসংস্কৃত আৰু অৰুচিকৰ ভাষাৰে আক্ৰমণ কৰাটোও তেওঁৰ স্বভাৱ। কিন্তু এইবোৰ কৰি যে সদায় নিৰ্বাচন জিকি থাকিব নোৱাৰি সেইকথা যেন কুৰ্মীক সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে। সস্তীয়া কথা-বতৰাৰে প্ৰচাৰৰ ষ্টাণ্ট কৰি থাকি উন্নয়নমূলক কাম-কাজলৈ পিঠি দিয়া বাবেই যেন ৰূপজ্যোতিক কৰ্তব্য সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। কেৱল চিঞৰ-বাখৰ, গালি-গালাজ কৰি থাকিলেই নহ’ব উন্নয়নো সাধিব লাগিব বুলি ৰূপজ্যোতিক যেন সোঁৱৰাই দিয়া হ’ল।

মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধব্বজা। মৰিয়নি পৌৰসভা নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ পচন্দৰ প্ৰাৰ্থীক নিবাচনত অৱতীৰ্ণ কৰোঁৱাত ক্ষুব্ধ হৈ নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হৈছিল বহু বিজেপি কৰ্মী। মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে মৰিয়নি নগৰৰ ১৭হেজাৰ ভোটাৰৰ গৰিষ্ঠসংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰসকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু তাৰ ফলতে ৰূপজ্যোতি কুৰ্মীৰ ভৰিৰ তলৰ মাটি একপ্ৰকাৰ নাইকিয়া হৈ পৰে। এতিয়া তেওঁৰ ভৱিষ্যৎ অধিক কণ্টকাকীৰ্ণ হৈ পৰিব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে।

৭৪ খন পৌৰসভাত বিজেপিৰ বৃহৎ জয়লাভ…..

অৱশেষত সম্পূৰ্ণ হ’ল ভোটগণনা। ৰাজ্যৰ ৮০ খন পৌৰসভাৰ ৭৪ আসন লাভ কৰে বিজেপিয়ে, কংগ্ৰেছে লাভ কৰে ১খন আসন আৰু নিৰ্দলীয়াই লাভ কৰে ২খন আৰু অগপই লাভ কৰে ২খন পৌৰসভা, আৰু এখন আসন ৫০-৫০। এআইইউডিএফে লাভ নকৰিলে এখনো আসন।

উল্লেখ্য যে,৭ মাৰ্চত অনুষ্ঠিত হৈছিল পৌৰসভা নিৰ্বাচন। ৩৬ খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৯৭৭টা ৱাৰ্ডত ২,৫৩২ প্রাৰ্থীয়ে কৰিছিল প্রতিদ্বন্দ্বিতা।

ইয়াৰে ৫৭ প্রাৰ্থীয়ে ইতিমধ্যে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৩৬ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰ ১৬,৭৩,৮৯৯ গৰাকী।

বিহালীত আজিও কৰায়ত্ত নহ’ল ধৰ্ষণকাৰী, জীৱন-মৃত্যুৰে যুঁজিছে ধৰ্ষিতাই…

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰী বনগাঁ‌ৱত বিগত ১৩ ফেব্ৰুৱাৰীত এগৰাকী মাতৃহীনা ১৭ বছৰীয়া কিশোৰীক লক্ষিমপুৰ জিলাৰ এজন যুৱক লিংটন দিহিঙীয়াই ঘৰৰ পৰা ৰাতি উলিয়াই নি ধৰ্ষণ কৰাৰ পাছত শাৰীৰিক অত্যাচাৰ কৰি  ঘৰৰ পিছফালে মূমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল । পিছত পিতৃ ও পৰিয়ালৰ লোকে পথাৰৰ পৰা উঠাই আনি ঘটনাৰ বিষয়ে জানিব পাৰি বিহালী আৰক্ষীক গোচৰ দি, চিকিৎসাৰ ব্যৱস্থা কৰিছিল । উন্নত চিকিৎসাৰ বাবে বিহালীৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰাইছিল কিশোৰী গৰাকীক আৰু চাৰি-পাঁ‌চ  দিনৰ পাছত চিকিৎসকে সুস্থ হোৱা বুলি ছুটী দিছিল । কিন্তু তাৰ দুদিনমানৰ পাছৰে পৰা পুনৰ অসুস্থ হৈ পৰা কিশোৰী গৰাকীৰ শাৰীৰিক  অৱস্থা সম্প্ৰতি গুৰুতৰ ।ইফালে তেনে এক পাশৱিক কাণ্ড সংঘটিত কৰা লম্পট্ লিংটন দিহিঙীয়া আৰু ধৰ্ষণ কাণ্ডৰ সহযোগী তথা বনগাঁ‌ৱৰে ৰূদ্ৰ দাসক আজিও কৰায়ত্ত নকৰিলে আৰক্ষীয়ে । 

তদুপৰি কিশোৰী গৰাকী পুনৰ অসুস্থ হৈ পৰা বুলি বিহালী আৰক্ষী থানাত পিতৃয়ে  অৱগত কৰোঁ‌তে থানালৈহে মাতি পঠোৱা বুলি গোলাপ দাসে সাংবাদিকক জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গোলাপ দাসৰ পৰিয়ালটোৱে নিজাববীয়াকৈ উন্নত চিকিৎসা কৰাবলৈকো বৰ্ত অক্ষম । আজি বিহালী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ এটা দল বিহমাৰীৰ গোলাপ দাসৰ ঘৰত পুনৰ উপস্থিত হৈ শেহতীয়া অৱস্থাৰ বুজ ল’বলৈ যোৱা সময়ত স্থানীয় মহিলা তথা ৰাইজে,দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে অসূস্থ, দূৰ্ভগীয়া কিশোৰী গৰাকীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছে ।

শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষাৰ কোঠাত মাৰপিট!

শিৱসাগৰত মাটি কিনা-বেচা ঘটনা পালেগৈ মহাবিদ্যালয়।অধ্যক্ষাৰ মীমাংসাৰ চেষ্টা তাৰ মাজতে অধ্যক্ষাৰ কোঠাতে মাৰপিটত নৈশ চকীদাৰ আৰু মহিলাৰ।শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত লজ্জাজনক ঘটনা।অধ্যক্ষাৰ কোঠাতে প্ৰচণ্ড মাৰপিটত লিপ্ত নৈশ চকীদাৰ আৰু অভিযোগ দিবলৈ যোৱা মহিলাৰ।নৈশ চকীদাৰ জিতু গগৈয়ে অধ্যক্ষাৰ কোঠাতে ঘূচিয়ালে জয়সাগৰৰ এগৰাকী মহিলাক।মহিলা গৰাকীক মহাবিদ্যালয় খনৰ নৈশ চকীদাৰ জিতু গগৈয়ে বিক্ৰী কৰিছিল এডুখৰ মাটি।জিতু গগৈৰ আছিল মাটিখিনি।কিন্তু মহিলা গৰাকীক বিক্ৰীৰ পূৰ্বে জিতু গগৈয়ে একে খিনি ভূমিকে বিক্ৰী কৰি থৈছিল আন কেইবাজনক।যাৰবাবে মহিলা গৰাকীৰ সৈতে জিতু গগৈৰ হৈছিল কথাৰ কটাকটি।মহিলা গৰাকীয়ে নৈশ চকীদাৰ গৰাকীৰ কু-কাণ্ডৰ বিষয়ে জনাবলৈ গৈছিল মহাবিদ্যালয় খনৰ অধ্যক্ষা দিপালী নেওগৰ ওচৰলৈ।অধ্যক্ষা নেওঁগে বিষয়টো মীমাংসা কৰিবলৈ বিচাৰোতেই সংঘটিত হয় মাৰপিট।

জিতু গগৈৰ ঘোচাত আঘাত প্ৰাপ্ত হয় মহিলা গৰাকী।ইতিমধ্যে মহিলা গৰাকীয়ে শিৱসাগৰ সদৰ থানাত ঘটনা সম্পৰ্কে দাখিল কৰিছে এজাহাৰ।এজাহাৰৰ ভিত্তিত সদৰ থানাত ১১০/২২ নম্বৰত ৩২৫/৫০৬ ধাৰাত ৰুজু হৈছে গোচৰ।আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মহাবিদ্যালয় খনৰ নৈশ চকীদাৰ জিতু গগৈক । আৰক্ষীয়ে বৰ্তমান সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে জিতু গগৈক।ইফালে এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষাৰ কোঠাত চলা মাৰপিটে চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল কেমেৰাত।

বৰপেটা পৌৰসভাৰ ২২ ৱাৰ্ডৰ ১১ টাত বিজয়ী অগপ ৷

বৰপেটা পৌৰসভাৰ ২২ ৱাৰ্ডৰ ১১ টাত বিজয়ী অগপ৷বিজেপিৰ দখলত ৯ ৱাৰ্ড৷বিজেপিৰে পৌৰসভা গঠনৰ ইচ্ছা অগপৰ বৰপেটাত পুনৰ উৰিল অগপৰ বিজয় ধ্বজা ৷ ২২ টা ৱাৰ্ডৰে গঠিত বৰপেটা পৌৰসভাত অগপৰ দখলত ১১ ৱাৰ্ড৷ইয়াৰ বিপৰীতে বিজেপিয়ে ৯টা আৰু নিৰ্দলীয়ৰ ২টা ৱাৰ্ডত বিজয়ী ৷ইপিনে অগপৰ দূৰ্গ হিচাপে খ্যাত বৰপেটা পৌৰসভাত অগপৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷বৰপেটা জিলা অগপৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে অগপই বিজেপিৰ সৈতে বুজাবুজিৰে পৌৰসভা গঠন কৰাৰ সপক্ষে মত ব্যক্ত কৰে ৷

বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বহু নেতাই বৰপেটাত বাহৰ পাতি বিজেপিৰ সপক্ষে ব্যাপক প্ৰচাৰ চলাইছিল ৷ তাৰপিচতো কিন্তু অগপই অতি সীমিতভাৱে অকলেই নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ দূৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হয় ৷অবশ্যে বৰপেটা নগৰখনৰ উন্নয়নৰ স্বাৰ্থতে বিজেপিৰ সৈতে সমিলমিলেৰে পৌৰসভা গঠনক লৈ আশাবাদী অগপৰ প্ৰাক্তন বিধায়কজন ৷

মাৰ্ঘেৰিটা পৌৰসভা ১০ টা ৱাৰ্ডয়ে বিজেপি মিত্ৰজোটৰ দখলত

আজি পূৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা মাৰ্ঘেৰিটা আৰু ডিগবৈ পৌৰসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে। মাৰ্ঘেৰিটা পৌৰসভাত নটাকৈ ৱাৰ্ডত বিজেপি দলে প্ৰতিনিধিত্ব বঢ়োৱাৰ লগতে মিত্ৰ্দল অগপই আগবঢ়াইছিল তিনি নম্বৰ ৱাৰ্ডত। পূৱা ঘোষণা হোৱা ফলাফল অনুসৰি আটাইকেইটা ৱাৰ্ডেই বিজেপি আৰু মিত্ৰদল অগপই দখল কৰিবলৈ সক্ষম হৈছে।

মাৰ্ঘেৰিটা পৌৰসভা মুঠ ৱাৰ্ড – ১০ তাৰ ভিতৰত ১০টা ৱাডায়ে বিজেপি মিত্ৰজোটৰ দখলত

১ নং ৱাৰ্ড satyaranjan barkakoty সত্যৰঞ্জন কাকতি
2নং শ্ৰী মতী ৰাজলক্ষী গগৈ ৩নং ৱাৰ্ড – অনিল গগৈ (a gp ) জয় লাভ
৪নং শ্ৰী মতী প্ৰণামী সোনোৱাল
৫নং ভীম কৰ্মকাৰ
৬ নং ৱাৰ্ড আনন্দ শৰ্মা ( bjp ) জয়লাভ
৭ নং ৱাৰ্ড শ্ৰী মতী পিংকি দে জয়লাভ
৮নং শ্ৰী মতী মানি দত্ত
৯নং আশিষ পাল
১০নংশ্ৰী মতী শমিতা দেৱ।

শিৱসাগৰত কংগ্ৰেছ দলে চাৰি খন আসন দখল কৰে।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ পৌৰ নিৰ্বাচনত ধৰাশায়ী হ’ল বিৰোধী।বিজেপি অ গ প মিত্ৰযোঁটে উটোৱাই নিলে কংগ্ৰেছ আৰু ৰাইজৰ দলক।শিৱসাগৰ পৌৰ সভাৰ ১৪ টা ৱাৰ্ডত মিত্ৰযোঁটে লাভ কৰিলে ১২ খন আসন।ইয়াৰে ১০ খন বিজেপি দলে লাভ কৰাৰ বিপৰীতে এজিপি দলে লাভ কৰে দুখন আসন।আনহাতে অখিল গগৈৰ ৰাইজৰ দলে লাভ কৰিলে মাত্ৰ দুখন আসন।সেইদৰে আমগুৰি পৌৰ সভাৰ ১০ খন আসনৰ বিজেপি অ গ প মিত্ৰ যুটে লাভ কৰে ৫ খন আসন। ইয়াৰে তিনিখন বি জে পি আৰু দুখন অ গ প দলে লাভ কৰে।ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে চাৰি খন আসন দখল কৰে। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে।একেদৰে ডিমৌ পৌৰ সভাৰ দহ খন আসনৰ দহ খনতে বি জে পি অ গ প মিত্ৰযোঁটে জয় লাভ কৰে। দহ খন আসনৰ ৮ খন বি জে পি দলে আৰু ২ খন অ গ প ই দখল কৰে।

শিৱসাগৰ পৌৰসভা নিৰ্বাচন ২০২২

ৱাৰ্ড নং ১ :
১: আচফা উল্লাহ (কং)১৮৩
২: নুৰজাহা বেগম (বি)২৯৭
৩: আচিফা জামান(ৰা)৮০২ (বিজয়ী)

ৱাৰ্ড নং ২:
১: চৰিফুদ্দিন আহমেদ(অ)৩৫২
২: নাজমিন আহমেদ (কং)২৬৩
৩:জিয়াফাৰুল ইছলাম বড়া(ৰা)৬৮৬ (বিজয়ী)
৪:ভাস্কৰ জ্যোতি দাস(নি)১৯৯

ৱাৰ্ড নং ৩ :
১:দিপু হাজৰিকা (অ)৫০৫(বিজয়ী)
২:মুস্তাক আহমেদ(ক)৩৪৬
৩:তাহাচিনা কৰিম(ৰা)৩৪৩

ৱাৰ্ড নং ৪
১: সুৰভী শইকীয়া(বি)৫৭৮(বিজয়ী)
২:কৃষ্ণালি দত্ত(ৰা)৪৪৪

ৱাৰ্ড নং ৫
১:নৱাল কিশোৰ খান্দেলীয়া(বি)৭৩৭(বিজেপি)
২:দেৱাশিষ মিশ্ৰ (ৰা)১৪৫

ৱাৰ্ড নং ৬
১:নিকুঞ্জ দত্ত(ক)২৬
২:সমীৰ দত্ত(বি)৬৩৪(বিজয়ী)
৩:ৰুপা বড়া(ৰা)৪৯১

ৱাৰ্ড নং ৭
১: বন্তী হাজৰিকা(বি)৯০৬(বিজয়ী
২:ফুলমণি দাস(নি)১৮৩
৩:মণিকা দাস(ৰা)১৮৪

ৱাৰ্ড নং ৮
১: জুৰি কলিতা(ক)৬৫
২:স্মৃতি ৰেখা দত্ত(বি)৩২৫
৩:মমী বৰুৱা(ৰা)১৪৫

ৱাৰ্ড নং ৯
১:সঞ্জীৱ বৰা(অ)১০৫১
২:অনুপ দত্ত(এজেপি)১৩৭
৩:বিশ্ব খনিকৰ(ৰা)৪৩৮

ৱাৰ্ড নং ১০
১:উপমা বৰা(বি)১৯১৩
২:সংগীতা বৰুৱা(ৰা)৯৪৫

ৱাৰ্ড নং ১১
১:মিনালী কোঁৱৰ(বি)৯৯০
২:সীমামণি দাস(ক)১১৪
৩:অজয় গগৈ(ৰা)৬২৬

ৱাৰ্ড নং ১২
১:ইমৰান উল্লা(ক)১৮৯
২:জ্যোতি দত্ত(বি)৭৭৬
৩:জাহিদুল হুক(ৰা)৫০২

ৱাৰ্ড নং ১৩
১:ফৌজিয়া নাজনিন খান(বি)১৪১০(বিজয়ী)
২:মাধুৰিমা সিনহা(ৰা)৮৫৪

ৱাৰ্ড নং ১৪
১:জুলি পাটৰ(বি)১০০৬(বিজয়ী
২:ৰঞ্জুমণি গগৈ(ক)২২৪
৩:গায়ত্ৰী ৰাজকোঁৱৰ(ৰা)৮০৩

দৰঙৰ তিনিটা পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য৷

দৰঙৰ তিনিটা পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য ৷

খাৰুপেটীয়া ছিপাঝাৰ আৰু মঙলদৈ পৌৰসভা দখল বিজেপি মিত্ৰজোঁটৰ ৷

মঙলদৈত মিত্ৰজোঁটৰ আসন ৯ খন ৷

নিৰ্দলীয়ৰ আসন ১ খন ৷

ছিপাঝাৰত ৯ খন আসন লাভ বিজেপি মিত্ৰজোঁটৰ ৷

নিৰ্দলীয়ৰ আসন লাভ মাত্ৰ ১খন ৷

খাৰুপেটীয়া বিজেপি মিত্ৰজোঁটৰ আসন ৮ খন ৷

নিৰ্দলীয়ৰ আসন লাভ ৩ খন ৷

উল্লেখযোগ্য যে তিনিওটা পৌৰসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে আগবঢ়োৱা প্ৰাৰ্থী সকলো আছিল বিজেপি মিত্ৰদলৰ ৷

বিজেপিৰ পৰা টিকট লাভ নকৰি নিৰ্বাচনত অৱৰ্ত্তীন হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাৱে ৷

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হৈ পৰাত উৎফুল্লিত বিজেপি মিত্ৰজোঁট ৷