Home Blog Page 2569

পুনৰ সম্প্ৰতিৰ এক উজ্বল নিদৰ্শন দেখিবলৈ পোৱা গ’ল মৰিগাঁও জিলাৰ মৈৰাবাৰীত।

হাজাৰ হাজাৰ ইছলাম ধৰ্মৰ লোকসকল ওলাই আহিল এজন হিন্দু লোকৰ অন্তিম যাত্ৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা মৈৰাবাৰী ৰিফিউজী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মৈৰাবাৰী ব্যৱসায়িক সন্থাৰ সভাপতি শ্ৰী আশুতোষ দেবনাথ দেৱৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৈৰাবাৰী অঞ্চলত। যোৱা ৰাতি 11:45 বজাত নিজ বাসভৱনত ইহসংসাৰ ত্যাগ কৰে।তেখেত ১৯৫১ চনত শিক্ষক হিচাপে যোগদান কৰি ২০০৩ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰে। তেখেতে কৃতী শিক্ষক হিচাপে ৰাজ্যিক পুৰস্কাৰো লাভ কৰে। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক ক্ষেত্ৰত তেওঁৰ অৱদান অপূৰণীয়। তেওঁক মৈৰাবাৰী অঞ্চলৰ নাট্য জগতৰ ভোটাতৰা বুলি কোৱা হয়।

তেখেতক মৈৰাবাৰী প্ৰেছ ক্লাৱ,মৈৰাবাৰী ব্যৱসায়ি সন্থা, মৈৰাবাৰী স্বৰ্ণ শ্বিল্পী সন্থা,বজাৰ কমিটি,মৈৰাবাৰী গাৰেহেৰা জামে মছজিদৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে লগতে তেখতক মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সন্মূখত মৈৰাবাৰী প্ৰেছ ক্লাবৰ হৈ সভাপতি মেহবুব মুক্তাৰে, জেষ্ঠ সাংবাদিক ছাইফুল ইছলাম, জ্যেষ্ঠ সাংবাদিক আৰিফ জামান আৰু মৈৰাবাৰী ব্যৱসায়ি সন্থা, মৈৰাবাৰী স্বৰ্ণ শিল্পী সন্থাৰ হৈ আশ্বিক মীৰে শ্ৰদ্ধাঞ্জলি জনায়।

লিডুত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ দ্বাৰা নাট ভাওনা প্রদর্শন।

প্ৰতি বছৰে ৰাষ্ট্ৰ সংঘৰ নিৰ্দেশ মৰ্মে ৮মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বৰ লগতে মঙ্গলবাৰে তিনিচুকীয়া জিলাৰ লিডুতো দেখিবলৈ পোৱা গৈছে নাৰী দিৱস পালন কৰা। লিডুত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ দ্বাৰা ধ্ৰব চৰিত্ৰ নাট ভাওনা প্রদর্শন কৰা হয়।

এই ভাওনাখন পৰিচালনা কৰে যোৰহাটৰ পঙ্কজ শইকিয়া, যত সকলো চৰিত্ৰত মহিলাসকলক অভিনয় কৰিবলৈ দেখিবলৈ পোৱা যায়।

তিনিচুকীয়াৰ লিডুত উগ্ৰপন্থীৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ।

লিডু পাহাৰৰ ৰাংৰিখান বস্তিৰ সমীপৰ ঘন জংঘলত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰিছে অস্ত্ৰ ভাণ্ডাৰ।আৰক্ষী অভিযান কালত এটা MQ-81 ৰাইফল,দুটা মেগজিন,136 ৰাউণ্ড সজীৱ গুলি,17টা 9MM সজীৱ গুলি,পিষ্টলৰ মেগজিন দুটা আৰু দিটেনেটৰ দুটা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

উজনি অসমৰ DIG জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান৷

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীক বিপুল আদৰণি

টেঙাখাত পূব মূঢ়ানী আমগুৰি নামঘৰত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ গায়ন বায়ন আয়তীৰ উৰোলিয়ে বিপুল আদৰণি।ডিব্ৰুগড় জিলা টেঙাখাত আৰক্ষী থানাৰ অধীনৰ পূব মূঢ়ানী আমগুৰি নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সহযোগত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ ৯-১০ আৰু ১১ মাৰ্চত পূব মূঢ়ানী আমগুৰি নামঘৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আধ্যাত্মিক বাহৰৰ ব্যৱস্থা কৰা হৈছে । আজি প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে পূৱা পৰিবেশ নিকাকৰণ কাৰ্যসূচী সমাপণৰ পিছতে আদৰণি সমিতিৰ সভাপতি দূৰ্গা প্ৰসাদ উপাধ্যায়ে ধৰ্মধ্বজা উত্তোলন কৰে । লগে লগে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে মেধি হাতুলা বিৰেন্দ্ৰ লাহনে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে জ্যেষ্ঠা গোপিনী নলিনী লাহনে ।আবেলি গায়ন বায়ন আয়তীৰ উৰুলিৰে এক দীঘলীয়া পথেদি জাতীয় সাজপাৰ পিন্ধি ডেকা বুঢ়া বুঢ়ী বোৱাৰী জীয়ৰী শিশু কিশোৰ আদি অসংখ্য ভক্তই দৃষ্টিনন্দন ভক্তিভৰা পৰিবেশৰ মাজেৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীক পূব মূঢ়ানী আমগুৰি নামঘৰলৈ আদৰি অনা পৰিলক্ষিত হয় ।
লগে লগে সমাজকৰ্মী দাতা ভৈৰৱ লাহনৰ ।


নৱনিৰ্মিত বৃহৎ আকাৰৰ পূব মূঢ়ানী আমগুৰি নামঘৰটি গায়ন বায়ন আয়তিৰ উৰুলিৰ পৰিবেষৰ মাজত শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱে।পৰবৰ্তী সময়ত নামঘৰৰ মনিকূট স্থাপনৰ লগতে সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ দেৱৰ লগত ভকত বৈষ্ণৱ গোপ- গোপিনী সকলৰ মত বিনিময় তথা সমূহীয়া প্ৰাৰ্থনা প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি কৰা হয় ।

গাদীৰ পৰা উফৰিব ইমৰাণ খান! কিন্তু কিয়?

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দিন ভাল চলা নাই। তেওঁৰ বিৰুদ্ধে দেশখনত এতিয়া চলিছে একপ্ৰকাৰ বিদ্ৰোহ। অচিৰেই ক্ষমতাৰ পৰা অপসাৰিত হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। তেওঁৰ বিৰুদ্ধে বিৰোধী দলসমূহে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে এই আশংকা গাঢ় হৈ পৰিছে। বিৰোধী দলসমূহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। পিএমএল-এনৰ মুখপাত্ৰ মৰিয়াম ঔৰংজেবে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কয় যে, জ্যেষ্ঠ বিৰোধী সাংসদসকলৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাষ্ট্ৰীয় বিধানসভা সচিবালয়ত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। ৰাণা ছানাউল্লাহ, আয়াজ চাদিক, ছাজিয়া মাৰি আৰু মাৰিয়াম ঔৰঙ্গজেবকে ধৰি বিৰোধী সাংসদৰ এটা প্ৰতিনিধি দলে ইছলামাবাদৰ সংসদ ভৱনত উপস্থিত হোৱাৰ পাছতে এই অনাস্থা প্ৰস্তাৱ দাখিল কথাটো নিশ্চিত হৈ পৰিছিল।

মৰিয়াম ঔৰংজেবে কয় যে সংসদৰ অধ্যক্ষ আছাদ কৈছাৰ তেওঁৰ কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে এই সম্পৰ্কীয় নথি-পত্ৰসমূহ সচিবালয়ত দাখিল কৰা হয়। পিপিপি নেতা নাভিদ কমৰে কয় যে, ইয়াৰ বাবে দেশখনৰ সংসদৰ অধিৱেশন অনুষ্ঠিত কৰা প্ৰয়োজন হ’ব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা প্ৰস্তাৱত ১০০ৰো অধিক সাংসদৰ স্বাক্ষৰ আছে। তেওঁ কয় যে, নেচনেল এচেম্বলীৰ নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাবলৈ কমেও ৬৮জন সাংসদৰ স্বাক্ষৰৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাবলৈ হ’লে বিৰোধীৰ ১৭২জন সাংসদে স্বাক্ষৰ কৰাৰ প্ৰয়োজন হয়। প্ৰস্তাৱ দাখিল কৰাৰ পাছত, নেচনেল এচেম্বলীৰ অধ্যক্ষৰ ওচৰত ভোটদানৰ বাবে অধিৱেশন আহ্বান কৰিবলৈ তিনিৰ পৰা সাত দিনৰ ভিতৰত সময় থাকে।

ইফালে, পাকিস্তান ডেমক্ৰেটিক মুভমেণ্টৰ (পিডিএম) মুৰব্বী মৌলানা ফজলুৰ ৰহমান, পিএমএল-এনৰ সভাপতি শ্বেহবাজ শ্বৰীফ আৰু পিপিপিৰ সহ-অধ্যক্ষ আচিফ আলী জাৰ্দাৰীয়ে এখন গুৰুত্বপূৰ্ণ যুটীয়া সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছে য’ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত ঘোষণা কৰা হ’ব। পিএমএল-এনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী ইমৰান খানক দেশখনৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পূৰ্বে চকী এৰি যাবলৈ সময়সীমা বান্ধি দিয়া হৈছে। পাকিস্তান পিপলছ পাৰ্টী (পিপিপি)ৰ অধ্যক্ষ বিলাৱল ভুট্টো-জাৰ্দাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পদত্যাগ কৰিবলৈ বা অনাস্থা প্ৰস্তাৱৰ জৰিয়তে গাদী ত্যাগ কৰাৰ বাবে সাজু হ’বলৈ ২৪ঘণ্টাৰ সময়সীমা দিছে।

কি দুঃশ্চিন্তাই খুলি খাইছে বিৰাট কোহলীক?

বিৰাট কোহলীয়ে তেওঁৰ ৫২ সংখ্যক টেষ্ট খেলৰ সময়ত ৫০ গড় অতিক্ৰম কৰিছে। ৪৯ সংখ্যক টেষ্ট মেচখনলৈকে কোহলীৰ এই গড় আজিও বৰ্তমান। এইবাৰ যেন বিৰাট কোহলীৰ ৰান ৰেটক লৈ উদ্বিগ্ন হৈ পৰিছে ক্ৰীড়ানুৰাগী।স্মৰ্তব্য যে, বিৰাটে টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ নেতৃত্ব ইতিমধ্যে এৰিছে। এদিনীয়া ক্ৰিকেটৰ নেতৃত্বৰ পৰাও আঁতৰাই দিয়া হৈছে কোহলীক। ২০১৯ চনত বাংলাদেশ বনাম ভাৰতৰ মাজত অনুষ্ঠিত গুলপীয়া বলৰ টেষ্টৰ পিছত বিৰাটৰ বেটৰ পৰা এতিয়ালৈকে অহা নাই এটাও শতকীয় ইনিংছ। শেহতীয়াকৈ মোহালিত কেৰিয়াৰৰ ১০০ সংখ্যক টেষ্ট মেচো খেলিছে কোহলীয়ে। গুৰুত্বপূৰ্ণ মেচখনত ৪৫ ৰান সংগ্ৰহ কৰিছিল ৰান মেছিনে। এইবাৰ টেষ্ট ক্ৰিকেটত বিৰাটৰ বেটিং গড় ৫০ ৰ তললৈ হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে! এতিয়ালৈকে তিনিওটা প্ৰকাৰৰ ক্ৰিকেটত বিৰাটৰ গড় ৫০ ৰ ওপৰত। টি-২০ত বিৰাটৰ গড় ৫১.৫, এদিনীয়া ক্ৰিকেটত তেওঁৰ গড় ৫৮.০৭ আৰু টেষ্ট ক্ৰিকেটত বিৰাটৰ গড় ৫০.৩৫।


ভাৰতৰ পৰৱৰ্তী টেষ্ট মেচখন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। খেলখন বেংগালুৰুত অনুষ্ঠিত হ’ব। আন এখন গুলপীয়া বল টেষ্ট। যদি বিৰাট আগন্তুক টেষ্ট মেচত ৪৩ ৰানতকৈ কম ৰানত আউট হয়, তেন্তে তেওঁৰ গড় ৫০ৰ তললৈ হ্ৰাস পাব।প্ৰণিধানযোগ্য যে, টেষ্ট ক্ৰিকেটত অভিষেকৰ পাছত সুনীল গাভাস্কাৰৰ গড় কেতিয়াও ৫০ ৰ তললৈ নামি যোৱা নাছিল। শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ে এবাৰ টেষ্টত ৫০ ৰ গড় স্পৰ্শ কৰিছিল আৰু সেয়া ক্ৰিকেট কেৰিয়াৰত কেতিয়াও হ্ৰাস হ’বলৈ দিয়া নাছিল দুই তাৰকাই। প্ৰতিখন খেলতে বিৰাট কোহলীৰ পৰা দীঘলীয়া ইনিংছ আশা কৰে অনুৰাগীয়ে। এতিয়া কোহলীয়ে কেতিয়ালৈ অনুৰাগীৰ এই আশা পূৰণ কৰে সেয়া সময়হে ক’ব!

বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ কৃতিত্ব ৰবীন্দ্ৰ জাদেজাৰ…

শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ১৭৫ ৰান সংগ্ৰহ কৰা আৰু তাৰ পাছত ৯ টা উইকেট লাভৰ পুৰস্কাৰ হাতে হাতে পালে। আইচিচিৰ তালিকাৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ কৃতিত্ব অৰ্জন কৰিছে ৰবীন্দ্ৰ জাদেজাই। জাদেজাৰ পইণ্ট ৪০৬। তালিকাৰ দুটা স্থানলৈ উন্নীত হৈছে জাদেজা। জাদেজাৰ লগতে শীৰ্ষ তিনিত আছে ৰবিচন্দ্ৰন অশ্বিন । অশ্বিনৰ পইণ্ট ৩৪৭। ৱেষ্ট ইণ্ডিজৰ জেচন হোল্ডাৰ অলৰাউণ্ডাৰৰ তালিকাত দ্বিতীয় স্থানত আছে। বাংলাদেশৰ চাকিব আল হাছান আছে চতুৰ্থ স্থানত। ইংলেণ্ডৰ বেন ষ্টোকছ আছে পঞ্চম স্থানত। বাকী ৫টা স্থান ক্ৰমে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক, নিউজিলেণ্ডৰ কাইল জেমিচন আৰু কলিন ডি গ্ৰেণ্ডহোম, অষ্ট্ৰেলিয়াৰ পেট কামিন্স আৰু ইংলেণ্ডৰ ক্ৰিছ ৱ’ক্সে দখল কৰিছে।

বেটছমেনৰ তালিকাত উত্থান ঘটিছে বিৰাট কোহলীৰ। দুটা স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নীত হৈছে কোহলী। উইকেটকীপাৰ হিচাপে ঋষভ পন্তে শীৰ্ষ ১০-ত প্ৰৱেশ কৰিছে। কোহলীৰ তলত আছে ভাৰতীয় টেষ্ট দলৰ নৱ অধিনায়ক ৰোহিত শৰ্মা। বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বেন। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জ’ ৰুট আৰু তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন কোহলীৰ আগত আছে। টেষ্ট বলাৰৰ তালিকাতো আছে অশ্বিনৰ নাম। তেওঁ তলিকাৰ দ্বিতীয় স্থানত আছে। শীৰ্ষত আছে পেট কামিন্স। শেহতীয়াকৈ প্ৰকাশ পোৱা তালিকাখনত আছে আন এজন ভাৰতীয় খেলুৱৈ। পেচাৰ যশপ্ৰীত বুমৰাহ আছে তালিকাৰ দশম স্থানত আছে।

এনএইচএম কৰ্মচাৰী সংস্থাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ সংগঠন নিয়া’ৰ আজি নৱম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ অসমতে উদযাপন কৰা হয়। তদুপলক্ষে আজি বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত বৰপেটা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই নিয়াৰ পতাকা উত্তোলন কৰি সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নিয়া’ৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰে আঁতধৰা অনুষ্ঠানত বন্তি  প্ৰজ্বলন কৰে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পৰেশ কলিতাই। উক্ত অনুষ্ঠানত বিগত সময়চোৱাত অতিমাৰী কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা স্বাস্থ্য কৰ্মী সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাাৰ্থন কৰে।

ইয়াৰ পিছত ডাঃ জাহিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত পুৰণি সমিতি ভংগ কৰি ৰূপজ্যোতি ডেকাক সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰক কাৰ্যকৰী সভাপতি আৰু চান মাহমুদক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৭ জনীয়া সদসৰে বৰপেটা জিলাৰ নতুন সমিতি গঠন কৰা হয়। ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত ৰাজ্যখনৰ স্বাস্থ্য বিভাগত কৰ্মৰত হৈ থকা প্ৰায় ২১০০০ চিকিৎসক, জিলা আৰু ব্লক পৰ্যায়ৰ আঁচনি পৰিচালক, ফাৰ্মাচিষ্ট, নাৰ্চসহ অন্যান্য কমৰ্চাৰীৰ লগত চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে সম কাম সম দৰমহা প্ৰদান কৰা আৰু অন্যান্য সমস্যা সমাধানৰ দাবী কৰিছে সংস্থায়। ক’ভিড-১৯ দুৰ্যোগৰ সময়ত NHM কৰ্মচাৰী সকলৰ অৱদানৰ প্ৰতি সুদৃষ্টি দি ইয়াৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই নতুন সমিতিয়ে প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ স্বাৰ্থত সকলোৰে সহায় সহযোগিতা কামনা কৰে সমিতিয়ে।

ডিমৌ পৌৰসভাৰ ১০ টা ৱাৰ্ড বিজেপি,অগপ মিত্ৰজোঁটৰ দখলত….

অৱশেষত ডিমৌবাসীয়ে লাভ কৰিব এখন পূৰ্ণাঙ্গ পৌৰসভা।২০১২ বৰ্ষতে ঘোষিত হোৱা আৰু ২০১৩ চনত প্ৰস্তাৱ গ্রহণ কৰা দিনৰে পৰা ডিমৌ নগৰৰ পৰা পৌৰসভা পৰ্যন্ত হ’ল কিন্তু আজি পৰ্যন্ত ডিমৌবাসীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল এখন পূৰ্ণাঙ্গ সমিতি। যাৰ ফলত পৌৰসভাখন কাৰ্যবাহী বিষয়াৰ নেতৃত্বত চলি আহিছিলে যদিও পৌৰসভাখন উন্নয়নত যথেষ্ট পৰিমাণে স্হবিৰতা অহা পৰিলক্ষিত হৈছিল। এখন পূৰ্ণাঙ্গ পৌৰসভা ডিমৌত নথকাৰ বাবে ডিমৌবাসীয়ে বিভিন্ন উন্নয়ন মুলক কামৰ লগতে সুদীর্ঘ দিন এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ দুৰ্ভোগ ভূগ কৰি আহিছে। ইয়াৰ মাজতে ডিমৌ পৌৰসভাখন এইবাৰ পূৰ্ণাঙ্গ ৰূপত লাভ কৰিছে বিজেপি আৰু অগপ মিত্ৰজোঁটে। আজি ঘোষণা কৰা পৌৰসভা নিৰ্বাচনৰ ফলাফলত ডিমৌৰ পৌৰ এলেকাৰ ১০ ৱাৰ্ডৰ ৮ টা ভাৰতীয় জনতা পাৰ্টিয়ে আৰু ২ টা অসম গণ পৰিষদ  দলে দখল কৰিছে। পুৱাৰ ভাগতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ডিমৌত বিজেপি এজিপি কৰ্মীৰ ব্যাপক আনন্দ  উল্লাহ দেখা পৰিলক্ষিত হয়।পুৱাৰ ভাগত ভোট গণনা হোৱাৰে পৰা ডিমৌ পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ডতে বিজেপি অগপ অগ্রগতি লাভ কৰি  ৮ টা ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ২ টা ৱাৰ্ডত বিজেপি মিত্ৰজোঁট অগপ দলৰ প্ৰাৰ্থীয়ে বিজয়ী হয়।

যাৰ ফলত ডিমৌ পৌৰসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছ দল শূণ্য হৈ পৰাৰ বিপৰীতে এক নম্বৰ ৱাৰ্ডৰ অগপ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ তীব্র প্ৰত্যাবান জনায় নিৰ্দলীয় প্ৰাৰ্থী প্ৰাণদিপ নেওঁগে আৰু সাঁত নম্বৰ ৱাৰ্ডৰ অগপ দলৰ প্ৰাৰ্থী ৰাজু বৰগোহাঁইয়ে নিৰ্দলীয় প্ৰাৰ্থী জিনুমণি গগৈয়ে প্ৰৱল প্ৰতিদ্বন্দিতাৰে দ্বিতীয় স্থানত থাকি কংগ্ৰেছ দলক তৃতীয় স্থানলৈ অৱনমিত কৰিবলৈ সক্ষম হ’ল।অন্যহাতে ডিমৌ পৌৰ সভাৰ ১ নং ৱাৰ্ডৰ বিজেপি মিত্রদল  অগপ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰে ২৩৮ আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰাণদিপ নেওঁগে ২২০ লাভ কৰি ১৮ ভোটত পৰাস্ত হয়। ২ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী নিজুমণি গগৈয়ে  ২৭১ লাভ কৰিছে আৰু কংগ্রেছৰ জিনটি গগৈয়ে ১৪৩ টা ভোট লাভ কৰি ১২৮ টা ভোটত পৰাস্ত হয়। ৩ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অৰূপ ফুকনে  ২২৩ লাভ কৰে আৰু কংগ্ৰেছৰ হাচনাৰা বেগমে ৯০  টা ভোট লাভ কৰি ১৩৩ টা ভোটত পৰাস্ত হয়। ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী প্ৰণৱ কলিতাই ১৯০ ভোট লাভ কৰে আৰু কংগ্ৰেছৰ চন্দনজ্যোতি ফুকনে ১২৮ টা ভোট লাভ কৰি ৬২ টা ভোটত পৰাস্ত হয়। ৫ নং ৱাৰ্ড বিজেপি গুনদা ৰাজখোৱা দুৱৰীয়ে ৩৬৪ টা ভোট লাভ কৰে আৰু কংগ্রেছৰ হীৰা দাসে ৯১ টা ভোট লাভ কৰি ২৭৩ টা ভোটত পৰাস্ত হয়। ৬ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অজিত বৰগোহাঁইয়ে ৩৭৭ লাভ কৰে আৰু নিৰ্দলীয় নন্দা চাংমাইয়ে ১১৭ টা লাভ কৰি  ২৬০ টা পৰাস্ত হয়। ৭ নং ৱাৰ্ড বিজেপি এজিপি মিত্ৰদলৰ প্ৰাৰ্থী ৰাজু বৰগোহাঁইয়ে লাভ কৰিছে ৮৮ ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী জিনুমণি গগৈয়ে ৭৫ টা ভোট লাভ কৰে যদিও ১৩ ভোটত পৰাস্ত হয়। ৮ নং ৱাৰ্ডৰ বিজেপি অনামিকা বৰা চেতিয়াই  ২৪৪ টা লাভ কৰে আৰু কংগ্রেছৰ  দিপশিখা গগৈয়ে ৯৪ টা ভোট লাভ কৰি ১৫০ টা ভোটত পৰাস্ত হয়।

৯ নং ৱাৰ্ডৰ বিজেপি আনন্দ মোহনে ২৫৬ টা ভোট লাভ কৰে আৰু কংগ্রেছৰ টিলক বৰুৱাই ৫৫ টা ভোট লাভ কৰি ২০১ টা ভোটত পৰাস্ত হয় আৰু ১০ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী পল্লবিতা গগৈয়ে ২২৫ লাভ কৰে আৰু কংগ্রেছৰ ৰিতুমণি গগৈ গোহাঁইয়ে ৪৫ টা ভোট লাভ কৰি ১৮০ টা ভোটত পৰাস্ত হয়। আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পিছতে ডিমৌ বিজেপি অগপ মিত্রজোঁটৰ প্ৰাৰ্থী সকলে বিজয়ী প্ৰাৰ্থী সকলক লৈ এক বিশাল বিজয়ী শোভাযাত্রা বাহিৰ কৰি বিজেপি অগপ জয়ধ্বনী দি ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে আৰু জয়ী প্ৰাৰ্থী সকলক সমৰ্থক সকলে ফুলাম গামোচা ফুলৰ থুপাৰে উস্ম অভিনন্দন জযনায়।অন্যহাতে এইবাৰ ডিমৌ পৌৰসভাত প্ৰথম বাৰলৈ পৌৰপতি আসনখন অলংকৃত হব আৰু পৌৰপতি আসনখনলৈ বহুকেইগৰাকী জয়ী প্ৰাৰ্থীৰ মন।নিৰ্বাচনৰ ফলাফল উলোৱাৰ পূর্বে দুগৰাকী মহিলা নাম প্ৰায়ে উচ্চাৰিত হৈ আহিছিল বৰ্তমান দুয়ো গৰাকী জয়ী হৈ আহিছে তেনেস্হলত বিজেপি দলে আগন্তুক দিনকেইটাত কেনেধৰণৰ সিদ্ধান্ত গ্রহণ কৰে সেইয়া লক্ষ্যনীয় হব।

আপুনি বাৰে বাৰে প্ৰস্ৰাৱ কৰে নেকি? সাৱধান হওঁক, ই হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ!

Urine in Toilet

পানী খোৱাৰ কিছু দেৰিৰ পাছত প্ৰস্ৰাৱ লগাটো সাধাৰণ কথা। কিছুমান মানুহে ২৪ ঘণ্টাত ৩ ৰ পৰা ৫ বাৰ প্ৰস্ৰাৱ কৰে। কিন্তু বহু লোকে দিনত কেইবাবাৰো প্ৰস্ৰাৱৰ অনুভৱ কৰে। দিনত ৬-৭ বাৰ প্ৰস্ৰাৱ কৰাতো সুস্থ শৰীৰৰ লক্ষণ। কিছুমান শাৰীৰিক সমস্যাৰ ফলত সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যোৱাটো কোনো ৰোগৰ লক্ষণ হ’ব পাৰে। যদি আপুনি ভাবে যে আপুনি স্বাভাৱিক মাত্ৰাতকৈ অধিক প্ৰস্ৰাৱ কৰে তেন্তে আপুনি সাৱধান হওঁক। যদি এজন ব্যক্তিয়ে ২৪ ঘণ্টাৰ সময়সীমাত বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যায়, তেন্তে তেওঁক ‘সঘনাই প্ৰস্ৰাৱ কৰা শ্ৰেণী’ত অন্তৰ্ভূক্ত কৰা হয়। যদি এজন ব্যক্তিয়ে ২৪ ঘণ্টাত ৮ বাৰ বা তাতকৈ অধিক প্ৰস্ৰাৱ কৰে তেন্তে তেওঁ এই শ্ৰেণীত পৰিব। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলে লাগি থাকিলে টোপনি কম হয়। প্ৰস্ৰাৱেৰে ভৰ্তি মূত্ৰাশয়ৰ ফলত গোটেই ৰাতি টোপনি নাযায় বা ব্যক্তিজন সাৰ পাই থাকে, এই স্থিতিক নিক্টুৰিয়া বুলি কোৱা হয়।টোপনি কম হলে শৰীৰত অন্য ৰোগেও দেখা দিব পাৰে। চিকিৎসকৰ পৰামৰ্শ লৈ এই সমস্যা দূৰ কৰিব পাৰি।

১)মূত্ৰাশয়ৰ কৰ্কট ৰোগঃ মূত্ৰনলীৰ সংক্ৰমণ (ইউটিআই) হ’লেও এই সমস্যা হ’ব পাৰে। বাহ্যিক সংক্ৰমণ শৰীৰত প্ৰৱেশ কৰি আপোনাৰ প্ৰস্ৰাৱৰ পথত প্ৰদাহ সৃষ্টি কৰে। সঘনাই প্ৰস্ৰাৱ কৰাটো মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

২)ডায়েবেটিচ: সঘনাই প্ৰস্ৰাৱ কৰা টো ডায়েবেটিচৰ এক অতি সচৰাচৰ লক্ষণ। যদি আপোনাৰ টাইপ 1 বা টাইপ 2 ডায়বেটিচ আছে, আপোনাৰ এই সমস্যা হ’ব পাৰে।

৩)প্ৰষ্টেটৰ সমস্যা: প্ৰষ্টেট হৈছে গল্ফ-বল আকৃতিৰ গ্ৰন্থি যি স্খলনৰ সময়ত ওলাই অহা কিছুমান তৰল গঠন কৰে। আপোনাৰ প্ৰষ্টেট শৰীৰৰ সৈতে বৃদ্ধি হয়, কিন্তু যদি ইয়াৰ আকাৰ অধিক বৃদ্ধি হয় ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। এটা ডাঙৰ প্ৰষ্টেটে আপোনাৰ প্ৰস্ৰাৱ প্ৰণালীৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ হয়।

অন্যান্য কাৰণসমূহ:

ষ্ট্ৰোক
গৰ্ভধাৰণ
টিউমাৰ থকা
মূত্ৰনাশক ঔষধৰ ব্যৱহাৰ
অত্যাধিক সুৰা বা কেফেইন পান কৰা

যদি কাৰোবাৰ সঘনাই প্ৰস্ৰাৱৰ সমস্যা হয়, তেন্তে তেওঁ তেওঁৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন আনিব লাগে।যেনে-

১)শোৱাৰ আগতে তৰল দ্ৰব্য নাখাব।
২)সুৰা আৰু কেফেইনৰ পৰিমাণ সীমিত কৰক
৩)ব্যায়াম কৰক। এই পেশীবোৰে আপোনাৰ মূত্ৰাশয়ৰ পথ শক্তিশালী কৰে।