Home Blog Page 2571

মৰিগাঁও পৌৰসভাত বিজেপি বৃহত জয় লাভ।

সৰ্বাধিক মহিলা সদস্যাই জয়লাভ।মহিলা ৱাৰ্ডসদস্যাই চলাব মৰিগাঁও পৌৰসভা ।
মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ ফলাফল।
১নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী যোগেশ তামুলী জয়লাভ ।
২নং ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থী মঞ্জু শৰ্মা জয়লাভ।
৩নং ৱাৰ্ডত বিজেপি হিমা দাস জয়লাভ।
৪নং ৱাৰ্ডত মমী বৈশ্য কলিতা জয়লাভ ।
৫নং পিংকু মণি দাস ৭৫৩ ভোটত জয়লাভ ।
৬ং বিজেপি প্ৰাৰ্থী মানসী দাস জয়লাভ
৭নং কংগ্ৰেছ প্ৰাৰ্থী নাজু বেগম ।
৮নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জয়

৯নং ৱাৰ্ডত সুদক্ষীনা ডেকা জয়লাভ ।
প্ৰাক্তন পৌৰপতি ১০নং ৱাৰ্ডত BJP প্ৰাৰ্থী অৰ্চনা বৰদলৈ ৫৫৩ ভোটত জয়লাভ।
১১নং কংগ্ৰেছৰ প্ৰাৰ্থী শ্বাহনাছ খানম জয়লাভ।

সৰুপথাৰ সমষ্টিত বিজেপিৰ বৃহৎ জয়লাভ।

ৰাজ্যৰ ৮০ খন পৌৰসভাৰ বাবে অনুষ্ঠিত হোৱা পৌৰসভা নিৰ্বাচনত গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিত শাসকীয় বিজেপি আৰু মিত্ৰ দল অগপই লাভ কৰিছে বৃহৎ সাফল্য। সমষ্টিটোৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰ দুয়োখন পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি অগপ মিত্ৰজোটে জয়লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ৬ মাৰ্চত অনুষ্ঠিত হৈছিল বৰপথাৰ পৌৰসভাৰ দহ টা ৱাৰ্ড আৰু সৰুপথাৰ পৌৰসভাৰ দহ টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া। বৰপথাৰ পৌৰসভাৰ দহ টা ৱাৰ্ডৰ ভিতৰত ৮ টা ৱাৰ্ডত বি জে পি আৰু 2 টা ৱাৰ্ডত মিত্ৰদল অগপই নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।ইপিনে সৰুপথাৰ পৌৰসভাতো ৮ টা ৱাৰ্ডত বি জে পি আৰু ২ টা ৱাৰ্ডত মিত্ৰদল অগপৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত আগবাঢ়ি যোৱা সমষ্টিটোৰ উন্নয়নৰ কাম কাজৰ বাবেই দুয়োখন পৌৰসভাই শাসকীয় দলে নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱাৰ পাছতেই আজি সৰুপথাৰ মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত বিজেপি অগপ মিত্ৰজোটৰ দলীয় কৰ্মীসকলৰ মাজত দেখা যায় ব্যাপক আনন্দ উল্লাস।ইপিনে বৰপথাৰ পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ পৰা জয়লাভ কৰা মিত্ৰদলৰ প্ৰাৰ্থী ৰূপম গগৈয়ে বৰপথাৰত দীৰ্ঘদিনৰ পৰা চলি অহা সিং ৰাজৰ কুটিল ৰাজনীতিৰ অৱসান ঘটিল বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে।

আমেৰিকাই ৰাছিয়াৰ পৰা তেল আৰু গেছৰ আমদানি বন্ধ কৰিলে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাছিয়াৰ পৰা তেল আৰু গেছ আমদানি বন্ধ কৰিছে।ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছতে বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ৰাছিয়া বিশ্বৰ সৰ্বাধিক নিষেধাজ্ঞাৰ সন্মুখিন হোৱা দেশ হিচাপে পৰিগণিত হৈছে।

জ’ বিডেনে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ কৰাৰ বাবে ৰাছিয়াৰ পৰা তেল আৰু গেছৰ আমদানি বন্ধ কৰিছে বুলি কয়।এতিয়াৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্দৰত কোনোধৰণৰ ৰাছিয়াৰ তেল গ্ৰহণ কৰা নহ’ব।

টেঙাখাত নকাৰি শেনচোৱা গাঁৱত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ।

ডিব্ৰুগড় জিলা অন্তগত টেঙাখাত নকাৰি শেনচোৱা গাঁৱত তিনচুকীয়া বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰে ৷জানিব পৰা মতে বাঘটোৱে বহুত দিনৰ পৰা ৰাইজৰ গৰু ছাগলী খাই উপদপ স্তৃতি কৰি আহিছিল
শেষত মংগলবাৰে সন্ধিয়া ৭ মান বজাত নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয় ৷

ইউক্ৰেইনত ভাৰতীয় যুৱকে ৰাছিয়াৰ বিৰুদ্ধে হাতত তুলি ল’লে অস্ত্ৰ!

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই সকলোতে বিৰূপ প্ৰভাৱ পেলোৱা লগতে ইউক্ৰেইন থকা বিদেশী লোক সকলৰ ওপৰতো পৰিছে প্ৰভাৱ।ইউক্ৰেইনত থকা ভাৰতৰ এজন ছাত্ৰই ঘূৰি আহিব বিচৰানাই ইউক্ৰেইনৰ পৰা। তামিলনাডুৰ এই যুৱকজনে ইউক্ৰেইনৰ হৈ ৰাছিয়াৰ বিৰুদ্ধে অস্ত্ৰ গ্ৰহণ কৰিছে। এই যুৱকজনে ইউক্ৰেইনত এৰোনটিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি আছে, কিন্তু যেতিয়া তাত যুদ্ধ আৰম্ভ হোৱাৰ পিছত সকলো ভাৰতীয় নাগৰিক তাৰ পৰা ঘৰলৈ উভতি আহিছে।

তামিলনাডুৰ এই যুৱকজনে উভতি আহিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ কম উচ্চতাৰ বাবে সেনাবাহিনীত নিৰ্বাচিত হ’ব পৰা নাছিল।

৩৫ দিনীয়া ক্ষুদ্ৰ ‌চাহ খেতিয়ক খণ্ডৰ প্ৰশিক্ষণৰ আনুষ্ঠানিক ভাৱে সামৰনি পৰিল।

মংগলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত ‌চাহ উদ্যোগিক কৰ্ম অভিজ্ঞতা আঁচনিৰ ৩৫ দিনীয়া ক্ষুদ্ৰ ‌চাহ খেতিয়ক খণ্ডৰ প্ৰশিক্ষণৰ আনুষ্ঠানিক ভাৱে সামৰনি পৰিল। সেই উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে গন্ধিয়া মিছিং গাওঁৰ ৰঙ্গমঞ্চৰ প্ৰাংগনত এখন চাহ কৃষি আৰু অন্যান্য কৃষিবিষয়ক প্ৰদৰ্শনী সভা আয়োজন কৰে। উক্ত প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল ডেকাক প্ৰমূখ্য কৰি অধ্যাপক ড০ গৌতম শইকিয়া , সহকাৰী অধ্যাপক ড০ অদিতি স্মিথ গগৈ আৰু মনোৰঞ্জন গগৈ উপস্থিত থাকে। ইয়াৰ লগতে যোৰহাট জিলা সমিতি ক্ষুদ্ৰ ‌চাহ খেতিয়ক সন্হাৰ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা, পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ ‌চাহ খেতিয়ক সন্হাৰ সভাপতি সঞ্জীৱ গগৈ , সম্পাদক অচিন্ত গগৈ উপস্হিত থাকে।

ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ মূৰব্বী ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু সন্হা সদস্যসকলৰ যুটীয়া সহযোগত অনুষ্ঠিত প্ৰদৰ্শনীখন উদ্ধোধন কৰে ড০ মৃদুল ডেকাই। অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে যোৰহাট জিলা সমিতি ক্ষুদ্ৰ ‌চাহ খেতিয়ক সন্হাৰ প্ৰতিষ্ঠাপক সভাপতি পূৰ্ণচন্দ্ৰ বৰাদেৱে।

সমষ্টি উন্নয়নত সফল নে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

সৱকা সাথ সৱকা বিকাশ কিমান হ’ল ধৰ্মপুৰ সমষ্টিত? আজি আমি আপোনালোকক দেখুৱাম এনে এটা পথ আৰু এনে এখন দলং যিখন দেখিলেই চকু কপালত উঠিব আপোনালোকৰ।মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বলোৱা গাঁও পঞ্চায়তৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থনীয় একাংশ সচেতন মহলে । উল্লেখ্য যে সকলো সময়তে উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰকৃততে কাৰ কিমান উন্নয়ন সাধন কৰিলে তাৰ ছবি ভাহি উঠে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত এই জৰাজীৰ্ণ দলংখন দেখিলে।


এই দলংখনৰ বাবেই বিদ্যালয় মহাবিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীয়ে যাব নোৱাৰে বিদ্যালয়লৈ। আনহে নালাগে এম্বুলেঞ্চ এখনো আহিব নোৱাৰে দলংখনৰ দুৰৱস্থাৰ বাবে।কুটনিকুচি হৈ চাউলখোৱা নলবাৰী সংযোগী এই অঞ্চলটোৰ ৰাস্তা-ঘাটৰ শোচনীয় অৱস্থাৰ বাবেই বাৰিষা হলেই বিদ্যালয়লৈ যাব নোৱাৰে সমগ্ৰ অঞ্চলটোৰ ছাত্র-ছাত্ৰীসকলে।অসম চৰকাৰৰ বিয়াগোম মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰাজীৰ্ণ পথ আৰু দলংখনৰ মেৰামতিৰ বাবে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

যোৰহাট লেখিকা সংস্হাৰ সম্বৰ্ধনা অনুষ্ঠান

যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী  দিগদৰ্শন প্ৰকাশনৰ হৈ পংকজ কুমাৰ দাসে প্ৰকাশ কৰা যোৰহাটৰ কবি ময়ূৰী শৰ্মা গোস্বামীৰ কাব্যগ্ৰন্হ”তুমিয়েই সম্পূৰ্ণ আকাশ” ৮মাৰ্চত উন্মোচন কৰা হয়। অসমৰ মহিলাৰ সৰ্ববৃহৎ বৌদ্ধিক অনুষ্ঠান অসম  লেখিকা সংস্হাৰ যোৰহাট শাখাই দিনৰ দুই বজাৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি যোৰহাট প্ৰেছ ক্লাৱত  আয়োজন কৰা সভাত “তুমিয়েই সম্পূৰ্ণ আকাশ” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পূৰ্ণিমা শৰ্মাই। সংস্হাৰ যোৰহাট শাখাৰ সভানেত্ৰী মামণি গগৈ বৰুৱাৰ পৌৰোহিত্যত আৰু সম্পাদিক ববিতা ফুকনে আঁত ধৰা অনুষ্ঠানত পদ্মশ্ৰী লখিমী বৰুৱা আৰু শিক্ষাবিদ কবিতা ৰাজগুৰুক সম্বৰ্ধনা জনাই।

অনুষ্ঠানত  সেউজপৰ্ণা গগৈয়ে গীত পৰিৱেশন আৰু কৃষ্ণা বাজাজে হিন্দী আৰু অসমীয়া কবিতা পাঠ কৰি সকলোকে মুগ্ধ কৰে। মৃদুমণি ফুকন,ৰুণু গোস্বামী,মফিদা বেগম,মিনু স্বৰ্ণকাৰ, পূৰ্ণিমা দেৱী বৰদলৈ,জানু নাথ,ৰজনীগন্ধা চেতিয়াৰ কোৰাচ পৰিৱেশনৰে শুভাৰম্ভ অনুষ্ঠানটোত শতাধিক লেখিকাৰ লগতে সাহিত্যিক পেঞ্চনাৰ ডিম্বেশ্বৰী দাস,নীলিমা শৰ্মা,অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড°ত্ৰিদিপ গোস্বামী,যোৰহাটৰ জ্যোষ্ঠ সাংবাদিক নেকিব আহমেদ,মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাস,লেখিকা পূৰ্ণিমা দেৱী বৰদলৈ,অমৃত গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে   অংশগ্ৰহণ কৰে।

ইভিএমত ব্যাপক খেলিমেলি কৰা হৈছেঃ অখিলেশ যাদৱ

১০ মাৰ্চত ঘোষণা হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (ইভিএম) নিৰাপত্তাসন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি অখিলেশ যাদৱে নিৰ্বাচন আয়োগৰ বিষয়াসকলক ই ভি এমৰ সৈতে খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে তেওঁ আৰু নিৰ্বাচনী সংস্থাক বিশ্বাস নকৰে। এছপি মুৰব্বীয়ে লগতে অভিযোগ কৰে যে বাৰাণসী জিলা দণ্ডাধীশে (ডিএম) স্থানীয় প্ৰাৰ্থীসকলক কোনো তথ্য নিদিয়াকৈ ই ভি এম পৰিবহন কৰি আছে আৰু ইচিক ইয়াৰ ওপৰত চকু দিবলৈ আহ্বান জনাইছে।

“যদি ই ভি এম এনেদৰে পৰিবহন কৰা হয় তেন্তে আমি সতৰ্ক হ’ব লাগিব। এয়া চুৰি। আমি আমাৰ ভোট বচাব লাগিব। আমি ইয়াৰ বিৰুদ্ধে আদালতলৈ যাব পাৰোঁ কিন্তু তাৰ আগতে, মই গণতন্ত্ৰ ৰক্ষা কৰিবলৈ মানুহৰ ওচৰত আবেদন কৰিব বিচাৰো।টুইটাৰযোগে অখিলেশ যাদৱে কয় যে বাৰাণসীত ই ভি এম ধৰা পৰাৰ বাতৰিটোৱে উত্তৰ প্ৰদেশৰ প্ৰতিখন বিধানসভাক সতৰ্ক হ’বলৈ বাৰ্তা প্ৰদান কৰিছে। “ভোট গণনাত ৰিগিংৰ প্ৰচেষ্টা বিফল কৰিবলৈ এছপি-মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী আৰু সমৰ্থকে তেওঁলোকৰ কেমেৰাৰ সৈতে সাজু থাকিব লাগে। যুৱ গণতন্ত্ৰ আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ, ভোট গণনাত সৈনিক হওক,” হিন্দীত লিখিছিল।

অৱশেষত স্থানান্তৰ ছুমীত আবদ্ধ ৭০০ ভাৰতীয় শিক্ষাৰ্থীক

যুদ্ধৰ আতংক, মৃত্যুৰ ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত আবদ্ধ হৈ আছিল সাতশ ভাৰতীয় শিক্ষাৰ্থী। এই দুঃস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নথকাকৈ আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ মুখলৈ এতিয়া সামান্য পানী আহিছে। ইমান দিনে তেওঁলোকৰ চৌপাশে আছিল গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। চকুৰ সন্মুখতে ভাঙি পৰিছিল একোটা বিশাল অট্টালিকা। চৌপাশে মানুহৰ আৰ্তনাদ, দৌৰা-ঢপৰা। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজত এক দুৰ্বিসহ জীৱন কটোৱাৰ পাছত এতিয়া আশাৰ কিৰণ দেখবলৈ পাইছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে।

উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইউক্ৰেইনলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তেওঁলোক। ইমান দিনে যুদ্ধৰ বিভীষিকাৰ মাজত তেওঁলোক আবদ্ধ হৈ আছিল ছুমীত। ছুমী ষ্টেট ইউনিভাৰ্ছিটীৰ প্ৰায় ৭০০শিক্ষাৰ্থীক এতিয়া উদ্ধাৰ কৰাটো সম্ভৱ হৈছে। ইউক্ৰেইনৰ ছুমীত আৱদ্ধ হৈ থকা প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা কাম আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সাংবাদিকক কয় যে, ছুমীত আবদ্ধ হৈ থকা সকলো ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী বাছত পোলটাভালৈ ৰাওনা হৈছে।