Home Blog Page 2572

বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

সমগ্ৰ দেশ তথা বিশ্বৰ লগতে মঙলবাৰে ৰাজ্যখনৰ বঙাইগাঁও জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা সমাজ কল্যাণ বিভাগৰ যুটীয়া উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। জিলাখনৰ ডাংতল উন্নয়ন খণ্ডৰ অধীনৰ বঙাইগাঁও গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত এই উপলক্ষে অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসৰ অনুষ্ঠানত সভাপতিত্ব কৰে বঙাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি তিলক নাৰায়ণ দেৱে। ডাংতল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰৌশনুৰ ৰহমান আহমেদে আদৰণি ভাষণ দিয়া সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা জুৰি সোণোৱালে। সভাত ডাংতল সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্ণিমা মহন্তই নাৰী নিৰ্যাতন প্ৰতিহত কৰাৰ ক্ষেত্ৰত প্ৰথম দায়িত্ব নাৰীসকলৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

আমাৰ নিজৰ নিজৰ ঘৰত ল’ৰা-ছোৱালীক সমান দৃষ্টিৰে চালেহে নাৰীৰ প্ৰতি থকা সামাজিক বৈষম্য দূৰ কৰা সম্ভৱ হ’ব বুলিও কয়। সেইদৰে সভাত বঙাইগাঁও আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তা জ্যোতিশ চন্দ্ৰ শৰ্মাই নাৰীৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে থকা আইনী সুবিধাসমূহৰ বিষয়ে বহলাই ব্যাখ্যা কৰে।সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশীয়েও বক্তব্য ৰাখে। উল্লেখ্য যে  আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত নাৰী বৈষম্য প্ৰতিহত কৰাৰ বাবেও সভাত শপত গ্ৰহণ কৰা হয় ৷ শপত বাক্য পাঠ কৰোৱায় পূৰ্ণিমা মহন্তই। জিলাখনৰ আন আন উন্নয়ন খণ্ডতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। সভাত ছিপনছিলা, চোকাপাৰা আদি গাঁও পঞ্চায়তৰ সদস্যাৰ লগতে জীৱিকা সখীসকল উপস্থিত থাকে।

কন্ঠশিল্পী জুবলীলৈ অসম জননী বঁটা-২০২২

অসমৰ সংগীত জগতৰ লগতে সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱালৈ ২০২২ বৰ্ষৰ “অসম জননী বঁটা 2022” আগবঢ়োৱা হৈছে। গুৱাহাটীৰ বেলতলা ছাৰ্ভেত অৱস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাৱাসত নাৰী দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে অনুষ্ঠিত কৰা এক নাৰী দিৱসৰ বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

অধিবক্তা অৰ্পিতা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বৃদ্ধা আৱাসৰ জ্যেষ্ঠ আবাসী ১০৭ বছৰীয়া শুভদ্ৰা দেৱীয়ে বিশিষ্ট সংগীত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে, এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চেলেং চাদৰ, এটা ফুলৰ তৰা আৰু এটা জাপি।

এই বঁটা গ্ৰহণ কৰি জুৱলী বৰুৱা উৎফুল্লিত হৈ পৰে আৰু ১০৭ বছৰীয়া আইতাই প্ৰদান কৰা এই বঁটা তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ বঁটা বুলি অভিহিত কৰে। তেওঁ কয়, এই বঁটাই মোক আৰু অধিক কাম কৰি যোৱাত প্ৰেৰণা যোগাব। উল্লেখযোগ্য যে, প্ৰতি বছৰে ৮মাৰ্চৰ নাৰী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি যাব বুলি বৃদ্ধাবাসৰ সভানেত্ৰী কৃষ্ণা কাকতিয়ে জানিবলৈ দিছে।

কন্ঠশিল্পী জুবলীলৈ অসম জননী বঁটা-২০২২

অসমৰ সংগীত জগতৰ লগতে সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱালৈ ২০২২ বৰ্ষৰ “অসম জননী বঁটা 2022” আগবঢ়োৱা হৈছে। গুৱাহাটীৰ বেলতলা ছাৰ্ভেত অৱস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাৱাসত নাৰী দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে অনুষ্ঠিত কৰা এক নাৰী দিৱসৰ বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

অধিবক্তা অৰ্পিতা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বৃদ্ধা আৱাসৰ জ্যেষ্ঠ আবাসী ১০৭ বছৰীয়া শুভদ্ৰা দেৱীয়ে বিশিষ্ট সংগীত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে, এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চেলেং চাদৰ, এটা ফুলৰ তৰা আৰু এটা জাপি।

এই বঁটা গ্ৰহণ কৰি জুৱলী বৰুৱা উৎফুল্লিত হৈ পৰে আৰু ১০৭ বছৰীয়া আইতাই প্ৰদান কৰা এই বঁটা তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ বঁটা বুলি অভিহিত কৰে। তেওঁ কয়, এই বঁটাই মোক আৰু অধিক কাম কৰি যোৱাত প্ৰেৰণা যোগাব। উল্লেখযোগ্য যে, প্ৰতি বছৰে ৮মাৰ্চৰ নাৰী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি যাব বুলি বৃদ্ধাবাসৰ সভানেত্ৰী কৃষ্ণা কাকতিয়ে জানিবলৈ দিছে।

সমগ্ৰ বিশ্বৰ লগতে ‘দৈনন্দিন বাৰ্তা ‘ৰ কাৰ্যালয়তো আন্তৰ্জাতিক নাৰী দিৱস উলহ-মালহেৰে উদযাপন

আজি ৮ মাৰ্চ,আন্তৰ্জাতিক নাৰী দিৱস।সমগ্ৰ বিশ্বৰ লগতে ‘দৈনন্দিন বাৰ্তা ‘ৰ কাৰ্যালয়তো আন্তৰ্জাতিক নাৰী দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। DB news ত কৰ্মত জড়িত হৈ থকা প্ৰত্যোক গৰাকী নাৰীক জনোৱা হয় বিশেষ সম্বৰ্ধনা ।নৃত্য-গীতৰে আনন্দময় পৰিৱেশ DB news তবিশ্ব নাৰী দিৱস উপলক্ষে এক ক্ষুদ্ৰ প্ৰচেষ্টা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ।

নাৰীৰ স্বঅধিকাৰ আৰু মৰ্যদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁ‌টি।সামাজিক ৰাজনৈতিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী পুৰুষ নিৰ্বিশেষে সমানে আগবাঢ়ি যোৱআজি আন্তর্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ এইবাৰৰ বিষয়বস্তু হ’ল – “Gender equality today for a sustainable tomorrow.” ।

সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য । নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন।


নাৰী আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামৰ স্বীকৃতি হিচাপে অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে। অলেখ মহিয়সী নাৰীৰ সংগ্ৰাম আৰু ত্যাগৰ বিনীময়ত আজিৰ দিনটো আমাৰ উপহাৰ স্বৰূপ ।

সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী আৰু মাণিকপুৰত আন্তৰ্জাতিক নাৰী দিৱস পালন।

আজি আন্তৰ্জাতিক নাৰী দিৱস । সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আইভেলি চি এল এফ আৰু মাণিকপুৰস্থিত জিলা পৰিষদৰ. প্ৰেক্ষাগৃহত মানাহ ভেলি চি এল এফৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

নাৰীৰ সুৰক্ষা আৰু অধিকাৰৰ উদ্দেশ্যে বিশ্বজুৰি পালন কৰা হৈছে এই আন্তৰ্জাতিক নাৰী দিৱস ৷ চৌৰাগুৰীত অসম ৰাজ্যিক জীৱিকা অভিযান মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰে এই দিৱস। ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ পাছতে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে ফিতা কাটি কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে। বাল্য বিবাহ বন্ধ কৰক, নাৰীক সুৰক্ষা প্ৰদান কৰক, নাৰীক সম অধিকাৰ দিয়ক, নাৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদিৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাষন প্ৰদান কৰে বিধায়ক জনে।

প্ৰেমিকাক গোপন স্থানত লুকুৱাই ৰাখিছে ৰাষ্ট্ৰপতি পুটিনে!

এতিয়াও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছে। ইফালে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কেও আলোচনা বৃদ্ধি পাইছে। ব্যক্তিগত জীৱনত পুটিনক অত্যন্ত ৰোমান্টিক বুলি কোৱা হয়। প্ৰায় ১৫ বছৰ ধৰি পুটিনৰ নাম এলিনা কাবায়েভাৰ সৈতে জড়িত হৈ আছে। এলিনা বিশ্বৰ এগৰাকী জনপ্ৰিয় জিমনাষ্ট। অৱশ্যে এলিনাই জিমনাষ্টিং ক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এলিনা আৰু পুটিনৰ প্ৰেমক লৈ এসময়ত বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছিল কিন্তু কোনো এগৰাকীয়ে আজিলৈকে এই সম্পৰ্কক লৈ মুখ খোলা নাই। কিন্তু পুটিন আৰু এলিনাৰ মাজত চাৰিটা সন্তান আছে বুলিও ভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে। উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ পৰিয়ালৰ লোকসকলক সুৰক্ষিত গোপন স্থানত ৰখাৰ ব্যৱস্থা কৰে।

জিমনাষ্ট প্ৰেয়সী এলিনাকো গোপন স্থানত ৰাখিছে পুটিনে। চাৰি সন্তানসহ এলিনা কাবায়েভাই ছুইজাৰলেণ্ডৰ গোপন স্থানত এক কাঠেৰে নিৰ্মিত ঘৰত আশ্ৰয় লৈ আছে। ৩৮ বছৰীয়া এলিনা কাবায়েভা এগৰাকী ৰাছিয়ান ৰাজনীতিবিদ, মিডিয়া মেনেজাৰ আৰু এগৰাকী অৱসৰপ্ৰাপ্ত জিমনাষ্ট। এলিনাৰ জন্ম ১৯৮৩ চনৰ ১২ মেত উজবেকিস্তানত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকল ক্ৰীড়াৰ সৈতে জড়িত আছিল। এলিনাৰ পিতৃ মাৰাট কাবায়েভা এজন পেছাদাৰী ফুটবল খেলুৱৈ আছিল। এলিনাক সৰ্বকালৰ আটাইতকৈ সফল জিমনাষ্ট হিচাপে গণ্য কৰা হয়। তেওঁ তেওঁৰ কেৰিয়াৰত ২ টা অলিম্পিক পদক, ১৪ টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১ টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ পদক জিকিছিল।

খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এলিনাই ৰাজনীতিত কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ ইউনাইটেড ৰাছিয়া পাৰ্টিৰ সংসদৰ সদস্য হয়। তাৰপাছতে তেওঁ নেচনেল মিডিয়া গ্ৰুপৰ অধ্যক্ষ হয়। নেচনেল মিডিয়া গ্ৰুপ হৈছে ৰাছিয়াৰ সৰ্ববৃহৎ মিডিয়া কোম্পানী। ২০০৮ চনৰ পৰা ৰাষ্ট্ৰপতি পুটিনৰ সৈতে নাম সাঙোৰ খাই আছে এলিনাৰ। অৱশ্যে ৰাষ্ট্ৰপতি পুটিনে নিজৰ পৰিয়াল আৰু ব্যক্তিগত জীৱনক লৈ সদায়ে গোপনীয়তা আৰু মৌনতা অৱলম্বন কৰি আহিছে।

বাছত বহিও পুনৰ হোষ্টেলত সোমাল ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী…

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমী চহৰত আবদ্ধ হৈ থকা অসমৰ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰত ব্যৰ্থ। ভাৰতীয় দূতবাসৰ তৎপৰতাত সোমবাৰে চুমী ষ্টেট ইউনিভাৰ্চিটিৰ হোষ্টেলত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলক ৰোমনিয়া সীমান্তলৈ আনিবৰ বাবে সাজু হৈছিল যদিও সেয়া হৈ নুঠিল। ছাত্ৰ-ছাত্ৰী সকলে বাছেৰে যাত্ৰা কৰাৰ পূৰ্বেই ভাৰত চৰকাৰে বাৰ্তা প্ৰেৰণ কৰে যে বাছেৰে যাত্ৰ কৰাটো নিৰাপদ নহ’ব। ইয়াৰ পাছতে পুনৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকল বাংকাৰৰ ভিতৰত সোমাই পৰে।

প্ৰকৃততে ৰাছিয়াই ভাৰতৰ লগতে আন নাগৰিক সকলৰ সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি যুদ্ধ বিৰতি ঘোষণা কৰিছিল আৰু মানৱীয় দণ্ডি (হিউমেনিটেৰিয়ান ক’ৰিডৰ)ৰ জৰিয়তে উদ্ধাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু তাৰ পাছতো যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা ওলাই অহাত ব্যৰ্থ হয় নাগৰিক সকল। এই ক্ষেত্ৰত ৰাছিয়াই অভিযোগ কৰিছে যে ইউক্ৰেনীয় বাহিনীয়ে মানৱীয় ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিদেশী নাগৰিকসকলক, যাৰ বাবে দেশ এৰি অহাত বিধি পথালিয়ে দেখা দিছে।

বঙাইগাঁৱত জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চ,অসমৰ ধৰ্ণা কাৰ্যসূচী

জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে বঙাইগাঁও চহৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ পুৰেণ ৰায় গোটৰ নেতৃত্বত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধি উপস্থিত থাকে ৷ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ জিন্দাবাদ, এছ টি আমাক লাগিবই, নৰেন্দ্ৰ মোদী মিছলীয়া, বিজেপি চৰকাৰ হায় হায়, ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ বিৰোধী হুচিয়াৰ, ন এছ টি ন ৰেষ্ট,  হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, দিল্লী – দিছপুৰ হুচিয়াৰ,  মিছলীয়া নৰেন্দ্ৰ মোদী নিপাত যাওক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰ্যসূচীৰ অন্তত বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ জিলা উপায়ুক্তৰ হৈ কাৰ্যবাহী দণ্ডাধীশে স্মাৰক পত্ৰখন গ্ৰহণ কৰে ৷

ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনগোষ্ঠীয় ঐক্য মঞ্চ , অসমৰ অংশীদাৰী সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ আশা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আমি কৰিব নোৱাৰো ৷ তেখেত সকলে নিদিয়ে আৰু সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে ৷ আমি স্পষ্ট কৰি দিছো যে পূৰ্বে অসমত কংগ্ৰেছ চৰকাৰ থকাত বিজেপিয়ে শাসনৰ গাদীত বহাৰ কাৰণেহে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মিছা আশ্বাস দিছিল ৷ সেই  আশ্বাসক আমি তেতিয়া মিছা বুলি ভবা নাছিলো ৷ কিন্তু শাসনৰ গাদীত বহাৰ পিছতে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পাহৰি গ’ল ৷ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ মাত্ৰ আলোচনা কৰি আছে ৷ আলোচনাৰ ওপৰত আলোচনা ৷ দিল্লীত আলোচনা কৰে, গুৱাহাটীত আলোচনা কৰে ৷ কিন্তু আজিলৈ সেই আলোচনা ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ সেয়ে এটা কথা আমি জনাব বিচাৰিছোঁ যে অসমখনৰ স্বাৰ্থত যেতিয়া যি  কোনো এটা সিদ্ধান্ত ল’ব লগা হয়, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীক দেখিবলৈ পাও যে সেইটো কোনো কেবিনেটত সিদ্ধান্ত নলয় আৰু কাৰো লগত আলোচনা নকৰে ৷ কেৱল নিজৰ মন মৰ্জিমতে তেওঁ সিদ্ধান্ত লয় ৷

ইয়াৰ বিপৰীতে দূৰ্ভাগ্যজনক কথা এয়ায়ে য়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যেতিয়া সিদ্ধান্ত ল’বলগীয়া হয়, তেতিয়া তেওঁ কয় যে বহু আলোচনা কৰিবলগীয়া আছে , অন্যান্য লোকৰ সৈতে আলোচনা কৰিবলগীয়া আছে, কেবিনেটৰ কথা আছে ৷ গতিকে ইয়াৰ পৰা আমি বুজিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদ চলাই যিকোনো কাম কৰিব পাৰে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁ কৰিব পাৰে কিন্তু ইচ্ছা কৰি কৰা নাই ৷ তেওঁ থকালৈকে যে আমি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ নাপাম সেইটো ধ্ৰুৱ সত্য ৷ সেয়ে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে জনজাতিকৰণৰ বাবে সমুহ ৰাইজ ওলাই আহি  ৰাজপথ কঁপাব লাগিব আৰু আমাৰ নিজৰ তেজেৰে ৰাঙলী হ’ব লাগিব ৷ তেতিয়াহে আচলতে আমাৰ দাবী পূৰণ হ’ব ৷ গতিকে সকলো ৰাইজক ওলাই আহি একত্ৰিতভাৱে আন্দোলন কৰিবলৈকো আহ্বান জনায় নেতাগৰাকীয়ে ৷ আনহাতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু) সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰি জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ আমাক লাগিবই বুলি কয় ৷ লগতে চৰকাৰৰ ভাঙোনমুখী চিন্তা ধাৰাক সমৰ্থন নকৰে বুলি কৈ কয় যে আক্ৰাছুৱে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু এই জনজাতিকৰণৰ গোটেই বিষয়টো যাতে চৰকাৰে বিভ্ৰান্তৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ইছ্যুটোক এটা বেলেগ ফালে লৈ যোৱা যেন লাগিছে ৷ সেই কাৰণে আমি আক্ৰাছুৱে কৈছো যে জনজাতিকৰণ আমাক লাগিবই আৰু ঐতিহাসিক কমতাপুৰো আমাক লাগিবই ৷ ইয়াত কোনো ধৰণৰ বুজাবুজি হ’ব নোৱাৰে ৷ নেতাগৰাকীয়ে লগতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয়টা জনগোষ্ঠীক প্ৰতিটো ৰাজনৈতিক দলে তথা প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহিছিল ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন নেতাই অসমৰ কোচ ৰাজবংশী তথা ছয় জনগোষ্ঠীৰ জনসাধাৰণৰ আগত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ গতিকে বিজেপি চৰকাৰো কিন্তু কম দিনৰ ভিতৰতে ওফৰি যাব ৷ প্ৰয়োজনবোধে আমি ছয় জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে বিকল্পৰ চিন্তা চৰ্চা কৰিবলৈকো বাধ্য হ’ম ৷ আমি ইতিমধ্যে ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ  দাবীত অসমৰ প্ৰতি কোণতে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছো ৷ ইয়াৰ পৰৱৰ্তী সময়তো যদি অসম চৰকাৰে ছয় জনগোষ্ঠীৰ আবেগ অনুভূতিক সন্মান নজনায় তেতিয়াহলে আমি এই আন্দোলনক জন আন্দোলনলৈকে লৈ যাবলৈ বাধ্য হ’ব ৷ লগতে পৰৱৰ্তী সময়ত আমি এই আন্দোলনক দিল্লীলৈকে লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছো বুলিও আক্ৰাছু নেতাগৰাকীয়ে কয় ৷

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়, মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি দাস ৰাজবংশী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ সভাপতি কৈলাস ব’ৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মোহন তাঁতী, অজয় কৰমালিৰ লগতে চুতীয়া যুৱ সন্মিলনীৰ প্ৰতিনিধি, টাই আহোম ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰতিনিধি তথা আক্ৰাছুৰ অন্যান্য নেতা- কৰ্মীসকল উপস্থিত থাকে ৷ ইপিনে কাৰ্যসূচীৰ অন্তত জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা  স্মাৰকপত্ৰত উল্লেখ কৰা মতে বিগত দুটা দশকতকৈও অধিক কাল জুৰি শাসনাধিষ্ঠ প্রতিখন চৰকাৰেই অসমৰ ছয়জনগােষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ প্রতিশ্রুতি দি আহিছে যদিও আজিকোপতি সামাজিক ক্ষেত্রত অতিকৈ পিছপৰা আৰু ভাৰতীয় সংবিধান অনুসৰি জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ প্রয়ােজনীয় আটাইকেইটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ হােৱা স্বত্বেও এই জনগােষ্ঠীকেইটাই অনুসূচিত জনজাতিৰ মর্যাদা লাভৰ পৰা বঞ্চিত হৈ আছে ৷ লগতে  ই এক ঐতিহাসিক বিড়ম্বনা আৰু ইয়াৰ ফলশ্ৰুতিত সম্প্রতি দেশৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ ব্যাপক পৰিৱর্তনৰ ফলত অসমৰ ছয়জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই আহােম আৰু চাহ জনগােষ্ঠীৰ দৰে ক্ষুদ্ৰ আৰু অনগ্ৰসৰ জনগােষ্ঠীসমূহে জীৱনৰ সৰ্বদিশৰে আগ্রাসনৰ কৱলত পৰিছে । এনে অৱস্থা বাহাল থাকিলে জনগােষ্ঠী কেইটাৰ অস্তিত্বৰ প্ৰতিয়েই সংকট নামি আহিব।কেন্দ্রীয় চৰকাৰৰ তৎপৰতাত ছয় জনগােষ্ঠীৰ জনজাতিকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ মন্ত্ৰী পৰিষদৰ এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল, যদিও দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো সমিতিৰ প্রতিবেদন প্রকাশ কৰা নহ’ল। সেয়ে ছয় জনগােষ্ঠীৰ অন্তর্ভূক্ত প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰৰ এই হোঁহকা পিছলা নীতিক জনগােষ্ঠী কেইটাৰ প্ৰতি চৰম বঞ্চনা বুলি গণ্য কৰিবলৈ বাধ্য হৈছে। গতিকে ছয় জনগােষ্ঠীয় ঐক্য মঞ্চ, অসমে এই প্রতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ ভূমিপুত্র ছয় জনগােষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মর্যাদা প্রদান কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাছে ৷

ইণ্ডিয়ান অইলৰ এক্স পি ৯৫ প্ৰিমিয়াম পেট্ৰলৰ বিক্ৰী আৰম্ভ, ডিব্ৰুগড়ত সজাগতা কেম্প…

ভাৰতৰ অন্যতম ইন্ধনজাত তেল বিক্ৰী প্ৰতিষ্ঠান ভাৰতীয় তেল নিগমে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত এক্স পি ৯৫ প্ৰিমিয়াম পেট্ৰলৰ বিক্ৰী আৰম্ভ কৰিছে। আজি এই সন্দৰ্ভত ডিব্ৰুগড়ৰ বৈৰাগীমঠত অৱস্থিত আই অ চিৰ এম বি এম তেল ডিপোত এক সজাগতা কেম্প অনুষ্ঠিত হয়। সজাগতা কেম্পত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে আই অ চিৰ তিনিচুকীয়া সংমণ্ডলৰ জ্যেষ্ঠ প্ৰৱন্ধক এম ডি কিৰণ কুমাৰ। জ্যেষ্ঠ প্ৰৱন্ধক গৰাকীয়ে কয় যে এক্স পি ৯৫ হৈছে একেবাৰে নতুন উৎপাদন। এই প্ৰিমিয়াম পেট্ৰলৰ যোগেদি অধিক মাইলেজ লাভ কৰাৰ লগতে বাহনৰ ইঞ্জিনৰ মান অক্ষুণ্ণ থাকে আৰু ই বায়ুত প্ৰদুষণ হ্ৰাস কৰে।

আইঅচিএলৰ ডিব্ৰুগড় শাখাৰ সহকাৰী পৰিচালক চন্দ্ৰশেখৰ বুঢ়াগোহাঁইয়ে আঁত ধৰা সজাগতা কেম্পত শুভ উদ্ধোধন কৰে বিশ্ব বিখ্যাত চিত্ৰশিল্পী ৰবীন বৰে। শিল্পীগৰাকীয়ে আই অ চিৰ নতুন উৎপাদন এক্স পি ৯৫ গ্ৰাহকসকলে আদৰি লব বুলি আশা ব্যক্ত কৰে। লগতে তেওঁ সজাগতা থিমৰ ওপৰত ছবি অংকন কৰি সকলোকে আপ্লুত কৰে। সজাগতা কেম্পত অতিথি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় জিলা বন বিষয়া সন্দীপ বেন্দী, জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক জে চাংমাই। সজাগতা কেম্পত সমাজকৰ্মী কন্দৰ্প সাগৰ দিহিঙীয়া, বাণী চুতীয়াকে ভালেসংখ্যক অতিথি উপস্থিত থাকে। ইফালে আই অ চি এলৰ বিষয়া চন্দ্ৰশেখৰ বুঢ়াগোহাঁইয়ে কয় যে এক্স পি ৯৫ ক্ৰয় কৰা গ্ৰাহকেসকলে বিভিন্ন আকৰ্ষণীয় উপহাৰ লাভ কৰিব।।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ টীয়কৰ এটা অঞ্চল…

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঔগুৰী নেপালী গাওঁৰ ৰাইজে যাতায়তৰ সমস্যা আৰু  বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াতু ভোগীব লগা হৈছে। ৰাইজৰ অভিযোগ অনুসৰি স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো এখন দলং আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে গাওঁ খনৰ প্ৰায় তিনিশ টা পৰিয়ালে হাহাকাৰ কৰিব লগা হৈছে। উপায়ন্তৰ হৈ গাওঁ বাসীয়ে জাঁজী নদীৰ দুষিত পানী খাই জীয়াই থাকিব লগীয়া হৈছে।মৰা পশুধন উটুৱাই দিয়াৰ লগতে বিভিন্ন সময়ত মাছ ধৰিবৰ কাৰণে একাংশ দুষ্কৃতিকাৰীয়ে নৈ খনৰ পানীত বিষাক্ত ঔষধ চতিয়াই দুষিত কৰা পানী খাই বিগত দিনত গাওঁখনৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু কন কন শিশু গুৰুত্বৰ  ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে।

এই সমস্যা সমূ্হৰ বিষয়ে বহুবাৰ চৰকাৰী বিষয়ববীয়া সকলৰ ওচৰত ৰাইজে অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ সুফল পোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে ‘অসম মালা’আঁচনিৰ অধীনত দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ‘ঘৰে ঘৰে নল ঘৰে ঘৰে জল’আপ্ত বাক্যষাৰী আওৰাই ৰাজ্য চৰকাৰে ৰূপায়ন কৰিবলৈ লোৱা জলজীৱন আঁচনিৰ জৰিয়তে পানী যোগানৰ সু-ব্যৱস্থা কৰিবলৈ আহ্বান জনায় অহাৰ পাছতো গাওঁ খন সামৰি নোলোৱাত ক্ষুন্ন হৈ পৰিছে ৰাইজ। কাজেই আজি গাওঁ খনৰ বাসিন্দাই সাংবাদিকক মাতি আনি সংবাদ মাধ্যমৰ জৰিয়তে জলন্ত সমস্যা সমূহ চৰকাৰৰ দৃষ্টি গোচৰ কৰিবলৈ অনুৰোধ জনাই।উক্ত স্হানত উপস্থিত হৈ গাওঁবাসীৰ  সমস্যা সমূহ সবিস্তাৰে প্ৰকাশ কৰাত সংবাদ মাধ্যমক ধন্যবাদ জনাইছে ভোক্তভোগী ৰাইজে।