Home Blog Page 2603

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ সংক্ৰমণ

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ সংক্ৰমণ। বিগত ২৪ঘন্টাত ভাৰতত ২২হাজাৰ ২৭০গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰণাৰ সংক্ৰমণ। এই সংখ্যা শুকুৰবাৰতকৈ প্ৰায় ১৪শতাংশ কম। বিগত ২৪ঘন্টাত ৬০হাজাৰ ২৯৮গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে ৩২৫গৰাকী ৰোগীৰ মৃত্যু হৈছে দেশত।

বৰ্তমানত ভাৰতত ২লাখ ৫৩হাজাৰ ক’ৰণাৰ ৰোগী চিকিতসাধীন হৈ আছে। দেশত পজিটিভিটিৰ হাৰ ১.৮শতাংশলৈ হ্ৰাস পাইছে। উল্লেখ্য যে, ১৭৫.০৩কোটি লোকক এতিয়ালৈকে প্ৰদান কৰা হৈছে ভেকচিন।

ব্ৰাজিলত প্ৰকৃতিয়ে চলাইছে তাণ্ডব! বৰষুণ, ভূমিস্খলনৰ ফলত নিহত শতাধিক

প্ৰকৃতিৰ ৰোষত পৰিছে পৰিছে ব্ৰাজিল। দেশখনৰ পেট্ৰোপলিচ চহৰত অহা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত প্ৰায় শতাধিক লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহুজন। আনহাতে আহত হৈছে শতাধিক।

পেট্ৰোপলিচ চহৰত প্ৰকৃতিয়ে চলোৱা এই ধ্বংস লিলাত ৫৪ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰিও কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে। প্ৰকাশিত খবৰ মতে চহৰখনত এতিয়ালৈকে ২১ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ৩৫ জন লোক এতিয়াও সন্ধানহীম হৈ আছে।

মঙ্গলবাৰৰ পৰা ব্ৰাজিলৰ পেট্ৰোাপলিচ চহৰত ধাৰাষাৰ বৰষুণ অহাৰ লগতে হৈ আছে ভূমিস্খলন। দেশখনৰ ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৱে তেওঁৰ মন্ত্ৰীসকলক পীড়িতলোকসকলক সহায়ৰ বাবে দায়িত্বগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মাজুলীত ত্ৰিহৃদয় গোষ্ঠীৰ উদ্যোগত “সাক্ষী হ’বা সৰযু” শীৰ্ষক গল্প পাঠ আৰু আলোচনা সম্পন্ন

মাজুলীৰ অগ্ৰণী কলা, সাহিত্য আৰু সংস্কৃতিমূলক অনুষ্ঠান “ত্ৰিহৃদয় গোষ্ঠী”য়ে গ্ৰন্থৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাধাৰণ পাঠকৰ ৰুচিবোধ বৃদ্ধি কৰিবলৈ “গ্ৰন্থ পাঠ আৰু আলোচনা” শীৰ্ষক এলানি কাৰ্যসূচী হাতত তুলি লৈছে। কাৰ্যসূচীৰ প্ৰথমটো পদক্ষেপত অসমীয়া সাহিত্যৰ পুৰাকথা ভিত্তিক প্ৰথমখন গল্প শংকলন অসমৰ বিশিষ্ট কবি, সাহিত্যিক তথা সমালোচক ডঃ মানিক শ‌ইকীয়াৰ “শংকৰদেৱ প্ৰকাশনে” প্ৰকাশ কৰি উলিওৱা নৱতম গ্ৰন্থ “সাক্ষী হ’বা সৰযু” নিৰ্বাচন কৰি আজি বিয়লি ৩ বজাৰপৰা গড়মূৰ সত্ৰৰ অতিথি আৱাসত “গল্প পাঠ আৰু আলোচনা” শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰে। গ্ৰন্থখনিৰ স্ৰষ্টা ডঃ মানিক শ‌ইকীয়াই মুখ্য অতিথি ৰূপে উপস্থিত থকা অনুষ্ঠানটিক উদীয়মান কণ্ঠশিল্পী তথা সংগীত ব্যৱস্থাপক ত্ৰিপুৰাজ দলেই এটি সোণসেৰীয়া আধুনিক গীতেৰে শুভাৰম্ভ কৰে।

সঞ্চালক আৰু উদ্বোধক নথকা ব্যতিক্ৰমী অনুষ্ঠানটিৰ আঁত ধৰে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, অসমৰ জনপ্ৰিয় কবি-সাংবাদিক তথা ত্ৰিহৃদয় গোষ্ঠীৰ মুখ্য সম্পাদক পাপু বৰাই। অনুষ্ঠানটি কবি শ্যামন্ত পায়েং, প্ৰাঞ্জল শ‌ইকীয়া, উপেন চিন্তে, অপূৰ্ব দাস, বুধিন বৰুৱাকে আদি কৰি প্ৰায় কুৰিগৰাকী পাঠক আলোচকে অংশগ্ৰহণ কৰে। কবি-চিত্ৰশিল্পী শ্যামন্ত পায়েঙে “সাক্ষী হ’বা সৰযু গ্ৰন্থখনৰ অকাট্য যুক্তিসমূহে পুৰাকথাসমূহৰ ওপৰত নতুন চিন্তাৰ খোৰাক যোগাইছে” বুলি মনোভাৱ ব্যক্ত কৰে। আনহাতে অসমৰ জনপ্ৰিয় কবি-সাংবাদিক পাপু বৰাই “গ্ৰন্থখনি লেখকে যদিও গল্প সংকলন বুলি স্বীকাৰোক্তি দিছে, অৱশ্যে এয়া এক গভীৰ চিন্তা আৰু অধ্যয়নৰ ফচলত সৃষ্টি হোৱা এখনি তাত্ত্বিক গ্ৰন্থহে” বুলি মত পোষণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা গ্ৰন্থখনৰ স্ৰষ্টা ডঃ মানিক শ‌ইকীয়াই ত্ৰিহৃদয় গোষ্ঠীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে কাৰ্য‌ই গ্ৰন্থ এখনক পাঠকৰ মাজলৈ লৈ যোৱাত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য ৰাখে।

পুনৰ অশান্ত জন্মু-কাশ্মীৰ!

  • জন্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।

  • শ্ৰীনগৰত এটা আৰক্ষীদলক আক্ৰমণৰ লক্ষ্য কৰি ল’লে সন্ত্ৰাসবাদীয়ে।

  • আৰক্ষীৰ দলৰ ওপৰত নিক্ষেপ কৰিলে হেণ্ড গ্ৰেণেড।

  • আৰক্ষীয়ে জনোৱা মতে এই ঘটনা শ্ৰীনগৰৰ পুৰণি নোহোট্টা অঞ্চলত সংঘটিত হৈছে।

  • এই আক্ৰমণৰ ফলত এজন আৰক্ষীৰ বিষয়া আহত হৈছে।

  • আহত আৰক্ষী বিষয়াজনক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।

  • আনহাতে এই আক্ৰমণৰ ফলত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতি হৈছে।

বিশিষ্ট চিকিৎসক ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান

ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈন (৮৮)ৰ আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা বিশিষ্ট চিকিৎসক ডাঃ সুগন চন্দ্ৰ জৈনৰ আজি পু্ৱতি নিশা প্ৰায় ১ বজাত পল্টনবজাৰস্থিত বাসগৃহত দেহাৱসান ঘটে। আনহাতে বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ডিব্ৰুগড় চহৰত এক গভীৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে, ১৯৫৫ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছত উত্তীৰ্ণ হৈ ১৯৬০ চনত লণ্ডনৰ পৰা এফ আৰ চি এছ পাছ কৰিছিল ডিব্ৰুগড়ৰ বিশিষ্ট শৈল চিকিৎসক গৰাকীয়ে। ১৯৯১ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰিছিল ডাঃ জৈনে। ২০১৮ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ ব্যক্তি হিচাবে বিভিন্ন উন্নয়ন মূলক আঁচনি সম্পৰ্কে আলোচনা কৰিছিল। তেওঁৰ মৃত্যুত ডিব্ৰুগড়ৰ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আজি তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ডাঃ জৈনে পুত্ৰ, বোৱাৰীসহ নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। 

শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। নামঘৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই যে এদিন অসমীয়া সংস্কৃতিয়ে জগত সভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব, সেয়া ধুৰুপ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে নামঘৰৰ সমীপতে মা কামাখ্যা দেৱীৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। অনুষ্ঠানত স্থানীয় বিধায়ক শ্ৰীমহেন্দ্ৰ থোৰাৱেৰ লগতে মুম্বাইৰ অসম এছ’চিয়েচন আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

নাজিৰাত অপসাৰিত শ্ৰমিকক পুনৰ নিযুক্তিৰ দাবীত অ’এনজিচিৰ বিৰুদ্ধে বিক্ষোভ

দেশৰ অন্যতম উদ্যোগ প্ৰতিস্থান “তেল আৰু প্ৰাকৃতিক গেছ নিগম ” অসম সম্পদ কৰ্তৃপক্ষই বিগত প্ৰায় দুটা দশক ধৰি খালী থকা বিভিন্ন পদত স্থানীয় নিবনুৱাক নিযুক্তিৰ পৰিবৰ্তে কম পৰিমানৰ পাৰিশ্ৰমিকৰ জৰিয়তে ঠিকা শ্ৰমিক ব্যৱহাৰ কৰাই নহয় সম্প্ৰতি ইয়াৰ একাংশ শ্ৰমিকক অপসাৰিত কৰি শ্ৰমিকসকলৰ পৰিয়ালক পেটে ভাত মৰা কাৰ্যত লিপ্ত হৈছে । এই অপসাৰিত ঠিকা শ্ৰমিক সকলক পুনৰ মকৰলৰ লগতে অ’ এন জি চি অসম সম্পাদক অইল ইণ্ডিয়া লিমিটেডৰ সৈতে চামিল কাৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ , ২০১৭ চনৰ পৰা স্থাপনায়ী ঠিকা শ্ৰমিকসকলক পূৰ্বৰ নিৰ্ধাৰিত নতুন নিৰিখত দৰমহা প্ৰদান কৰা , ঠিকা শ্ৰমিক সকলে প্ৰতি বছৰে পাব লগা ১৮ দিনৰ ছুটিৰ সিদ্ধান্ত কাৰ্যকৰী কৰা , ই এছ আই , ই পি এড , গেছ্যুয়িটি আদিৰ থকা সমস্যা সমূহ শীৰ্ঘ্ৰে সমাধান কৰা , নিগমৰ নিয়োজিত ঠিকা শ্ৰমিক সকলক যোগ্যতা অনুসৰি কেটেগৰীৰ ব্যৱস্থা কৰা , স্থাপনায়ী ঠিকা শ্ৰমিক সকলক পে – শ্লিপ , পৰিচয় সত্ৰ দিয়াৰ ব্যৱস্থা কৰা আদিকে ধৰি ঠিকা শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপকয়ণ কৰাৰ লগতে নিগম কৰ্তৃপক্ষ , প্ৰশাসন আৰু বিভিন্ন দল – সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে সমাধানৰ আশ্বাস প্ৰদান কৰাৰ পিছতো নিগম কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই ।

তাৰ বাবে আজি পুনৰ অ’ এন জি চি ঠিকা শ্ৰমিক ইউনিয়নৰ উদ্যোগত নাজিৰাস্থ মুখ্য কাৰ্যালয়য়ৰ সন্মূখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলে পথাৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ কৰি নগৰৰ মাজেৰে অ’ এন জি চি অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মূখলৈকে প্ৰতিবাদী সমদলেৰে ধৰ্ণা – বিক্ষোভৰ জৰিয়তে নিগমৰ কাম – কাজ অচল কৰি দিয়ে । কাৰ্যসূচীত অসম ৰাজ্যিক শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাস , মুখ্য উপদেষ্টা কনক গগৈ , ফণী দাস আদিকে ধৰি ভালেকেইজনে বক্তব্য দাঙি ধৰি নিগমৰ বিৰুদ্ধে সৰল প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু উপৰোক্ত দাবী সমূহ অহা ২০ মাৰ্চৰ ভিতৰত কাৰ্যকৰী নকৰিলে সৰ্বাত্মক ভাৱে অ’ এন জি চি বন্ধৰ দলে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে । পিছত অ’ এন জি চি ঠিকা শ্ৰমিক ইউনিয়নৰ শিৱসাগৰ শাখাৰ সভাপতি ইনামুল হক আৰু সম্পাদক মদন বৰুৱাৰ স্বাক্ষৰেৰে নিগমৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালকৰ যোগেদি অ’ এন জি চিৰ মুখ্য পৰিচালনা সঞ্চালকলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । 

কোনটো পথৰ কি নাম? গুৱাহাটীত সলনি হ’ল বহু পথৰ নাম

মহানগৰীত পূৰ্বৰ নাম সলনি কৰি নতুনকৈ নামকৰণ কৰা হ’ল বহু পথৰ। পূৰ্বে নাৰেংগী-ছয়মাইল সংযোগী পথটো প্ৰথমে VIP পথ নামেৰে জনাজাত আছিল যদিও এই পথৰ নাম সলনি কৰি “মাধৱদেৱ পথ” নামাকৰণ কৰা হ’ল।


একেদৰে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী-চন্দ্ৰপুৰ পথ নামেৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত জনাজাত আছিল যদিও পিছলৈ এই পথটো হোমেন বৰগোহাঞি পথ নামেৰে নামকৰণ কৰা হ’ল। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত নামকৰণ কৰি শুভাৰম্ভ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছিল।


নতুনকৈ পথ নামকৰণ কৰা হ’ল ঠিকেই, পিছে সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়াও নাৰেংগী-ছয়মাইল পথটো VIP পথ আৰু একেদৰেই নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী চন্দ্ৰপুৰ পথ নামেৰে ৰাইজৰ মাজত প্ৰচলিত হৈ আছে। কেৱল এই দুটা পথেই নহয়, নাৰেংগী-জু ৰোড সংযোগী পথটো মাদাৰ টেৰেছা পথ নামেৰে নামকৰণ হ’ল যদিও সৰ্বসাধাৰণ বহু ৰাইজে এতিয়াও নতুন নামকৰণ কৰা পথৰ নতুন নামটো নাজানে।


জালুকবাৰীৰ নাম ৰাজীৱ চ’ক কৰিছিল, অধিকাংশ গুৱাহাটীৰ ৰাইজে ৰাজীৱ চ’ক বুলি উচ্চাৰণ নকৰে। আনহাতে, RG বৰুৱা পথটো আজিও জু ৰড বুলিহে বেছি জনাজাত। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ পথৰ নামো বহু লোকে নাজানে।

এসময়ত Assamক Asom কৰা হ’ল যদিও চৰকাৰৰ ঘৰতে সেই নতুন নামে মান্যতা নাপালে। নামটো সলনিক লৈ অসমত দীৰ্ঘদিনীয়া বিতৰ্কৰো সৃষ্টি হৈছিল। নাম সলনি কৰাত আপত্তি নাই কিন্তু স্থানীয় ৰাইজ, দল-সংগঠনৰ সৈতে কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে।

কুকুৰা পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন এজন যুৱকৰ

Exif_JPEG_420

যি সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে ঠিক সেই সময়তেই যোৰহাট জিলাৰ পদুমনি কটোহাবৰিয়া গাওঁৰ এজন বিজ্ঞানৰ উচ্চশিক্ষিত যুৱকে দেখাইছে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন। এই উচ্চ শিক্ষিত যুৱক জন  বিপ্লৱ জ্যোতি বৰা। বিপ্লৱে এখন লেয়াৰ প্ৰজাতিৰ ককুৰা ফাৰ্ম খুলি নিজৰ লগতে আন দহজন শিক্ষিত নিৱনুৱাক দিছে সংস্থাপন। প্ৰতিদিনে ৫৫০০  পৰা ৫৮০০ শ  কুকুৰাৰ সতেজ দিম তেওঁৰ ফাৰ্মৰ পৰা যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ‘অসমী সতেজ কণী’ নামেৰে নামাকৰণ কৰি যোগান ধৰি আহিছে।

উন্নত প্ৰজাতিৰ কুকুৰা পালনৰ জৰিয়তে বিপ্লৱে মনে বিছৰা ধৰণে প্ৰতিমাহে উপাৰ্জন লাভ কৰিছে  বুলি জানিবলৈ দিয়ে। ১০০ কুকুৰা পালনেৰে আৰম্ভ কৰা বিপ্লৱৰ ফাৰ্মত এতিয়া ছয় হাজাৰো অধিক লেয়াৰ প্ৰজাতিৰ কুকুৰা আছে ।ভৱিষ্যতে আৰু অধিক পৰিকল্পনাৰে কুকুৰাৰ কণী যোগান ধৰাৰ বাবে তেঁওৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ দৰে শিক্ষিত নিবনুৱা সকলক সকলো সময়তেই চাকৰিৰ পাছত দৌৰ নিদি সময় সঠিকভাৱে প্ৰয়োগ কৰি কৰ্মত মনোনিবেশ কৰিবৰ বাবে আহ্বান জনাইছে।

দিল্লীত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদী সংগঠনৰ

  • দিল্লীত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী সংগঠনে।

  • সীমাপুৰী অঞ্চলত আজি এনএছজিৰ অভিযানত জব্দ হৈছে IED আৰু বহু আপত্তিজনক নথি-পত্ৰ।

  • দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটি ঘৰত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছে এই সামগ্ৰী সমূহ।

  • জানিব পৰা মতে, দিল্লীত কূটাঘাটৰ পৰিকল্পনাৰে সীমাপুৰীৰ কাছিম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত বাহৰ পাতি আছিল সন্ত্ৰাসবাদী কেইটাই।

  • তিনিজন সন্দেহযুক্ত মৌলবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ দিল্লী আৰক্ষীয়ে লাভ কৰিছিল।

  • অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই উগ্ৰপন্থীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে।