Home Blog Page 2604

মাজুলীত আৰম্ভ হল ভাওনা সমাৰোহ

ঐতিহাসিক আউনীআটি-সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা ১৫ দিনীয়াকৈ অনুস্থিত হৈছে অসম ভাওনা সমাৰোহ ২০২২। ২০০৬ চনৰ পৰা প্ৰতি ২ বছৰৰ অন্তৰে-অন্তৰে আউনীআটি-সত্ৰই অনুস্থিত কৰি আহিছে ভাওনা সমাৰোহৰ। এইবাৰো বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা ভাওনা সমাৰোহ থলী উদুলি-মুদূলি হৈ পৰিছে। ২৮ খন প্ৰতিযোগিতাৰ ভাওনা আৰু এখন প্ৰদৰ্শনীমূলক ভাওনা সৰ্বমুঠ ২৯ খন ভাওনা অনুস্থিত হ’ব সমাৰোহত । আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰে আউনীআটী সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে।

ইয়াৰ পাছতেই ক্ষেত্ৰ পৰিভ্ৰমন, মনিকূটৰ দ্বাৰ উন্মোচন,জনগোস্থীয় লোকসকৰ দ্বাৰা বৰগীত পৰিবেশন, সত্ৰাধিকাৰসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰে শুভাৰম্ভ হ’ব ভাওনা সমাৰোহৰ বিয়লি ৩ বজাত ভাওনা শুভাৰম্ভ হব। ভাওনা সমাৰোহৰ লগত সংহতি ৰাখি বহুকেইটা কাৰ্যসূচী অনুষ্ঠিত হৱ। কামৰূপীয় নাগাৰ নাম,দিহা নাম সমাৰোহ, আলোচনা চক্ৰ,আদি অনুষ্ঠিত হৱ। এইবছৰ ভাওনা সমাৰোহত ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ উপাধি প্ৰদান কৰিব। কেইবাখনো গ্ৰন্থ উন্মোচন হৱ এই সমাৰোহত।

পদ্মভূষণ সুব্ৰমনিয়াম ৰামদোৰাইক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুম্বাইত ভাৰতীয় তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান গুৱাহাটী- আইআইআইটি গুৱাহাটীৰ অধ্যক্ষ পদ্মভূষণ সুব্ৰমনিয়াম ৰামদোৰাই , টাটা কনসালটেন্সি চাৰ্ভিচেছৰ প্ৰাক্তন উপাধ্যক্ষক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। টিচিএছ, টিআইএছএছ, আইআইআইটি-জি আদি সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰে আৰু নতুন ধাৰণা আৰু প্ৰযুক্তিৰে অসমৰ শিক্ষাত উৎকৃষ্টতাৰ বাবে তেওঁৰ নিৰ্দেশনা বিচাৰে।

‘আমি আমাৰ অৰুণাচল প্ৰদেশ আৰু ইয়াৰ উৎপত্তিৰ বিষয়ে কিমান জানো ?’- পেমা খাণ্ডু

ইতিহাস, পৌৰাণিক কাহিনী আৰু সমসাময়িক ৰাজনীতিৰ সংমিশ্ৰণত, ভূমিৰ পৰা পলায়ন কৰাটো হৈছে এক সুন্দৰ কিন্তু কেতিয়াবা অশান্ত ভূমি আৰু ইয়াৰ লোকসকলৰ কাহিনী। প্ৰশংসিত কবি-ঔপন্যাসিক মামং দাই আমাক সময়ৰ বাহিৰৰ এক পৱিত্ৰ স্থান কোজুম-কোজা ৰ ভূমিৰ পৰা আধুনিক অৰুণাচল প্ৰদেশ গঠনলৈ এক অবিস্মৰণীয় যাত্ৰালৈ লৈ যায়।

‘প্ৰখ্যাত ঔপন্যাসিক আৰু এগৰাকী কবি, পদ্মশ্ৰী মামং দাই তেওঁৰ শেহতীয়া কিতাপ “এস্কেপিং দ্য লেণ্ড”ত আমাক যাত্ৰাটো জীয়াই থকা লোকসকলৰ হৃদয় আৰু আত্মালৈ লৈ যায়।কিতাপখনৰ পৰা অধিক পঢ়িবলৈ আগ্ৰহী। প্ৰশংসিত লেখকজনক ব্যক্তিগতভাৱে লগ পোৱা আৰু কিতাপখন মুকলি কৰাৰ বাবে আজি এক আশ্চৰ্যকৰ সুযোগ।’

পেমা খাণ্ডুৱে এটা ফেচবুক পোষ্টৰ জৰিয়তে কয় ।

কি হ’ব কামাখ্যালৈ যোৱা নতুন পথৰ নতুন নাম?

অসমত আৰম্ভ হৈছে নাম সলনি প্ৰক্ৰিয়াৰ। অসমৰ সংস্কৃতি, ঐতিহ্যৰ পৰিপন্থী নামৰ স্থানসমূহৰ নাম সলনি কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে শীঘ্ৰে এটা পৰ্টে’ল মুকলি কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্কৰ।

এনে বিতৰ্কৰ মাজতে গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছে এক বিজ্ঞাপন। ১৪ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এই বিজ্ঞাপনত কোৱা হৈছে মালিগাঁৱৰ পৰা কামাখ্যালৈ যোৱা পথটো মুক্তানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। এই বিষয়ত স্থানীয় লোকসকলে নিজৰ মতামত দাখিল কৰিব পাৰিব। স্থানীয় লোকৰ মতামতৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা ১৫ দিনলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী পৌৰ নিগমত স্থানীয় লোকসকলে নিজৰ মতামত দাখিল কৰিব পাৰিব।

সাহিত্যসেৱী পংকজ ঠাকুৰৰ দেহাৱসান

অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ মৃত্যু। অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ। দীর্ঘদিন ধৰি নিৰলসভাবে সাহিত্য সেৱাত ব্রতী প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ‘ বিদিশ বাঘজাই’ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটাও লাভ কৰিছিল। উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্য অকাডেমীলৈ প্রয়াত ঠাকুৰ আৰু তেওঁৰ এই অনুবাদ গ্ৰন্থখনৰ মনোনয়ন প্ৰেৰণ কৰিছিল।

টাটা ইঞ্জিনিয়াৰিঙকে আদি কৰি একাধিক বহুজাতিক প্রতিষ্ঠানত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত ঠাকুৰদেৱ গুৱাহাটীৰ চেণ্টিনেল কাকত গোষ্ঠীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্রকাশিত বহুকেইখন আলোচনী সম্পাদনা কৰিছিল। তদুপৰি সাহিত্য অকাডেমীয়ে বিভিন্ন ঠাইত আয়োজন কৰা সাহিত্য অনুষ্ঠানসমূহত নিয়মীয়াভাৱে আমন্ত্রিত অংশগ্রহণকাৰী ৰূপে প্ৰয়াত ঠাকুৰদেৱে তেওঁৰ ৰচনা তথা আলোচনা – বিশ্লেষণ পাঠ কৰি সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অসম সাহিত্য সভাৰ এগৰাকী পৰম হিতৈষী তথা শুভাকাংক্ষী প্রয়াত ঠাকুৰদেৱে অসমীয়া সাহিত্য জগতৰ তৰুণ প্রতিভাক সদায় উৎসাহ – উদ্দীপনাৰে আগবঢ়াই নিয়াত আগ- ভাগ লৈছিল। পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে আৰু অসম সাহিত্য সভাই এগৰাকী প্ৰকৃতাৰ্থত শুভ চিন্তকৰ সান্নিধ্যৰ পৰা বঞ্ছিত হ’ল বুলি উল্লেখ কৰে অসম সাহিত্য সভাই।

ওদালগুৰিত পৰিৱেশ চেতনা দিৱস পালন

সীমান্ত চেতনা মঞ্চ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ১৬ ফেব্ৰুৱাৰীত  স্থানীয় ৰাজহুৱা দূৰ্গা পূজা মণ্ডপত চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি ধীৰেণ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অশোক ছেত্ৰীয়ে।  কাৰ্যসূচী অনুসৰি পুৱা ভাৰত মাতাৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলন কৰে সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ৰাজ্যিক উপ-সভাপতি মেনন মোছাহাৰীয়ে। ভাষণ প্ৰসঙ্গত মোছাহাৰীয়ে কয় “বৰ্তমানেও সীমান্ত চেতনা মঞ্চৰ ওদালগুৰি জিলা সমিতিখন প্ৰাথমিক পৰ্যায়ত আছে।

ইয়াৰ মাজতো সমিতিখনে ১৬ফেব্ৰুৱাৰীত  চিলাৰায় দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰাটো প্ৰশংসনীয়। ভৱিষ্যতেও সমিতিখনে যাতে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনালো।” চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজ্যিক সংসঙ্গ প্ৰমুখ প্ৰদীপ ৰাভাই। ৰাভাই নিজৰ ভাষণ প্ৰসঙ্গত বীৰ চিলাৰায়ৰ বীৰত্বৰ বিষয়ে বৰ্ণনা কৰে। সভাৰ অন্তত ৰাজহুৱা দূৰ্গাপূজা মণ্ডপ প্ৰাঙ্গণত স্বচ্ছ অভিযানৰ লগতে চহৰখনৰ পথৰ দাঁতিত গছপুলি ৰোপন কৰা হয়।

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব বাপ্পীদাৰ

মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰা বলিউডৰ বিখ্যাত সংগীত শিল্পী বাপ্পী লাহিড়ীৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব। পুৱা ১০ বজাত ভিলে পাৰ্লে শ্মশানত শেষকৃত্য কৰা হ’ব সংগীত শিল্পীগৰাকীৰ। মঙলবাৰে নিশা ১১:৪৫ বজাত ৬৯ বছৰ বয়সত মৃত্যু হোৱা বাপ্পী দাৰ পুত্ৰৰ বাবে অপেক্ষা কৰাৰ বাবেই তেওঁৰ শেষকৃত্যৰ অনুষ্ঠানত বুধবাৰৰ পৰিবৰ্তে বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হৈছে।

বুধবাৰে নিশা বাপ্পীদাৰ পুত্ৰ আমেৰিকাৰ পৰা আহি মুম্বাইত উপস্থিত হৈছে। বাপ্পীদাৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে দেশত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, দীৰ্ঘদিনধৰি অসুস্থ হৈ আছিল সংগীত শিল্পীগৰাকী।

ৰূপম ভূঞাৰ লাইভ মিউজিক এলবাম ‘ছায়া ছবি’ৰ মুক্তি

এয়া মই এখন মঞ্চ বুলি ক’ব খোজা নাই। এইয়া এক সাংগীতিক যাত্ৰা বুলি ক’লে ভাল হ’ব নতুবা সাংগীতিক সেতু বুলিও ক’ব পাৰি। অসমৰ বিভিন্ন ঠাইৰ পৰা সংগীত কৰি থকা কিছুমান মানুহৰ লগত আমাৰ চিন্তা মিলি যায় গতিকে আমি প্ৰতি বছৰে বেলেগ বেলেগ ব্যক্তিৰ লগত এই মিউজিক প্ৰজেক্ট আগুৱাই লৈ যাব বিচাৰো।” এই বক্তব্য ৰাখে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা সংগীত পৰিচালক ৰূপম ভূঞাই। যোৱা ১৫ ফেব্ৰুৱাৰীত মহাবাহু বহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত সংগীত শিল্পী গৰাকীৰ পৰিচালনাত ‘ছায়া ছবি চেপ্টাৰ ওৱান’ নামেৰে এক নতুন মিউজিক প্ৰজেক্টৰ শুভ উন্মোচন হয়। ছবি প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ‘ছায়া ছবিত’ চাৰিটা গীত সন্নিবিষ্ট হৈছে। প্রতিটো গীতৰ ভিডিঅ’ সহ মুক্তি দিয়া গীতকেইটা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ড° ধীৰাজ মোহন ভৰালীৰ ফাৰ্ম হাউচত লাইভ ৰেকৰ্ডিং কৰা হয়। এই ছায়া ছবি লাইভ মিউজিক প্ৰতি বছৰে কৰা হ’ব। য’ত প্ৰতি বছৰে বেলেগ বেলেগ কণ্ঠ শিল্পী, গীতিকাৰ আৰু সুৰকাৰে অংশ ল’ব।

উল্লেখযোগ্য যে সংগীত শিল্পী ৰূপম ভূঞাৰ পত্নী নলবাৰী মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ প্ৰয়াত অধ্যাপিকা মনশ্ৰী বৰুৱাৰ জন্মদিন উপলক্ষে এই মিউজিক প্ৰজেক্টৰ মুক্তি দিয়ে। ছায়া ছবিত ৰূপম ভূঞা, ত্রিদীপ বসুমতাৰী, স্বপনীল ভৰদ্বাজ, তৃবুজ্বল প্ৰকাশৰ কণ্ঠত গীতিকাৰ দীপাংক শইকীয়া, প্ৰণৱ কৃষ্ণত্ৰেয়,স্বপনীল ভৰদ্বাজ আৰু ড° বিভা দত্ত নেওগৰ কথা সন্নিবিষ্ট আছে। বাদ্যযন্ত্ৰী হিচাপে আছে অম্বৰ দাস, ৰাকেশ বাৰো, সুমিত বৰুৱা, বিৰাজ বৈশ্য। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুক্তি দিয়া এই সাংগীতিক যাত্ৰাৰ শুভক্ষণত সংগীত শিল্পী তৰালী শৰ্মা, পৰাণ বৰকটকী, মঞ্জুলা হাজৰিকা, মনিষা হাজৰিকা, দীপলিনা ডেকা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, পম্পী গগৈ, বিভূতি গগৈকে ধৰি বহুতো সাংস্কৃতিক কৰ্মী আৰু গুণ গ্ৰাহী শ্ৰোতা উপস্থিত থাকে। অনুষ্ঠানত সংগীত শিপ্লী অৰূপ জ্যোতি বৰুৱাই সঙ্গীত পৰিবেশন কৰে আনহাতে এই প্ৰজেক্টৰ লগত জড়িত সকলো সংগীত শিপ্লী আৰু কাৰিকৰী শিল্পীক সম্বৰ্ধনা জনোৱা হয়। ড° শৈলেন দাসে আঁত ধৰা এই অনুস্থানত উপস্থিত থাকি তৰালী শৰ্মা, মঞ্জুলা হাজৰিকা, মনীষা হাজৰিকা, পৰাণ বৰকটকী আৰু দীপলিনা ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰে। এই সমগ্ৰ লাইভ মিউজিক প্ৰজেক্টৰ ভিডিঅ’ পৰিচালনা আছিল অনুপৰাস দাস আৰু লাইভ ৰেকৰ্ডিঙ আছিল মকুল বৰদলৈৰ।

অসম আৰক্ষীত বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত শান্তিৰ পৰিৱেশ ঘূৰি আহিছেঃ ভাস্কৰজ্যোতি মহন্ত

অসম আৰক্ষীৰ বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত এতিয়া বিটিআৰ অঞ্চল তথা ৰাজ্যত এক শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে ৷ এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ আজি “মৈত্ৰী” আঁচনিৰ অধীনত বাক্সা জিলাৰ মুছলপুৰত মুছলপুৰ সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন উপলক্ষে থানাৰ চৌহদত আয়োজিত উদ্বোধনী সভাত ভাষণ প্ৰদান কৰি সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে বিটিআৰ তথা ৰাজ্যখনৰ পৰিৱেশ এতিয়া সুস্থিৰ ৷ পূৰ্বৰ অশান্তজৰ্জৰ তথা উগ্ৰপন্থীজনিত সমস্যা এতিয়া নাইকীয়া হৈ চৌদিশে এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ৷ বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলি উল্লেখ কৰি এই শান্তি যাতে কৃত্ৰিম শান্তিলৈ ৰূপান্তৰিত নহয় তাৰ বাবে প্ৰতিজন লোকে নিজৰ হৃদয়ত শান্তিৰ এক মনোভাৱ ৰাখিব লাগিব বুলি কয় সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ পুলিচ-মিলিটাৰীয়ে শক্তি প্ৰয়োগ কৰি শান্তি আনিবলৈ যাতে চেষ্টা কৰিব লগীয়া নহয় তাৰ বাবে প্ৰতিজন লোকে নিজকে অন্তৰৰ পৰা সাজু কৰি তুলিব লাগিব ৷

আন্তঃসাম্প্ৰদায়িক সম্পৰ্ক সুদৃঢ় কৰি তুলিবৰ বাবে ইজনে সিজনৰ প্ৰতি সহৃদয়তা দেখুৱাব লাগিব ৷ সমাজৰ ভাল ব্যক্তিসকলক সদায় আৰক্ষীয়ে বন্ধু হিচাপে গণ্য কৰে ৷ কিন্তু সমাজ বিনষ্ট কৰা সকল সদায় আৰক্ষীৰ প্ৰতিপক্ষ বুলিও উল্লেখ কৰে মহন্তই ৷ তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰিব লাগিব ৷ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে আৰক্ষীৰ লোক সকলেও উৎসৰ্গিত মনোভাবেৰে কাম কৰিব লাগিব ৷ অসম আৰক্ষীয়ে আজি নিজৰ কৰ্তব্যনিষ্ঠাৰ জৰিয়তে দেশৰ ভিতৰতে এক অগ্ৰণী আৰক্ষী বাহিনী হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মহন্তই কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ ফলত আজি অপৰাধৰ পদ্ধতিসমূহ সলনি হৈছে৷ অসম আৰক্ষীয়েও বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতি তৎপৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে গঁড় হত্যা ৰোধ, ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বেহা নিয়ন্ত্ৰণ আদিৰ দিশতো উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে অসম আৰক্ষীয়ে ৷ দুনীৰ্তিৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনৰ শূন্য সহনশীল দৃষ্টিভংগীক প্ৰতিফলিত কৰি সকলোধৰণৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ তেওঁ লগতে কয় যে আৰক্ষী ব্যৱস্থাটোক আধুনিক ৰূপত সজাই তুলি সমাজত থকা অশান্তি-অশুভ শক্তিবোৰ আঁতৰ কৰি শান্তি প্ৰিয় সমাজত জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে এই আঁচনি হাতত লোৱা হৈছে। আৰক্ষী যদি কৰ্ম উদ্যোগী, দৃঢ় আৰু নিৰ্ভীক হয়, জনতাৰ স্বাৰ্থত সমৰ্পিত হয় তেন্তে নিশ্চিতভাৱে শান্তিপ্ৰিয় জনসাধাৰণে নিৰাপদেৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব ৷

সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবেহে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও উল্লেখ কৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সদায় চলিব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেওঁ লগতে কয় যে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কামত দিনে-নিশাই নিয়োজিত আৰক্ষী বাহিনীৰ লোকসকলে পূৰ্বতে বিজুলীবাতিৰ পোহৰ নোহোৱাকৈ, প্ৰয়োজনীয় আচবাব পত্ৰৰ অভাৱত অতিশয় কষ্টৰ মাজেৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছিল৷ বেৰেকসমূহৰ অৱস্থাও আছিল অতিশয় কদৰ্যময়৷ এই অৱস্থাৰ অৱসান ঘটোৱাৰ বাবেই স্মাৰ্ট পুলিচৰ ধাৰণাৰে উজ্জীৱিত হৈ ৰাজ্য চৰকাৰে অসমৰ আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে “মৈত্ৰী” আঁচনি গ্ৰহণ কৰিছিল ৷ অসমত প্ৰথম পৰ্যায়ত ৭৫ খন আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন থানা “মৈত্ৰী” আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে । “মৈত্ৰী” আঁচনিৰ জৰিয়তে আৰক্ষীক ৰাইজৰ বন্ধু হিচাপে গঢ় দিব বিচৰা হৈছে ৷ আজি উদ্বোধন কৰা এই আৰক্ষী থানাৰ নতুন ভৱনে বৃহত্তৰ মুছলপুৰবাসী ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ কামত অৰ্হনিশে সমৰ্পিত হৈ কাম কৰি যাবলৈ আৰক্ষী বিষয়া-কৰ্মীসকলক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ এই নতুনকৈ নিৰ্মিত থানাৰ ভৱন জনতাৰ লগতে আৰক্ষীৰ মাজতো কাম কৰাৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে ৷ আনহাতে অহা মে’ মাহৰ ভিতৰত অসম আৰক্ষীত ১৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি পৰীক্ষাৰ প্ৰশ্নকাকতত বড়ো ভাষাও অন্তৰ্ভূক্তি কৰা হ’ব বুলি জনায় আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে ৷

আনহাতে সভাত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই “মৈত্ৰী”ৰ দৰে আঁচনিৰ অধীনত মুছলপুৰ থানাক সামৰি লোৱাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ নতুনকৈ নিৰ্মিত থানা ভৱনে জনতাৰ সুবিধাৰ বাবে আৰু আৰক্ষীৰ কাৰণে কাম কৰাৰ বাবে সুবিধাজনক পৰিবেশৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে ৷ ব্ৰহ্মই লগতে মুছলপুৰ আৰক্ষী থানাৰ নতুন ভৱন নিৰ্মাণে অঞ্চলটোৰ অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক নতুন দিনৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, ১৯৬৯ চনতে আৰক্ষী চকীৰূপে স্থাপিত মুছলপুৰ আৰক্ষী থানাই ২০১০ চনত সদৰ থানালৈ উন্নীতকৰণ হয় ৷ আজি উদ্বোধন কৰা নৱনিৰ্মিত থানাখনত সভাকক্ষ, মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ কোঠা, চাইবাৰ চেল, ৱৰ্ক ষ্টেচন, সাধাৰণ ৰাইজৰ বাবে পৃথক শৌচাগাৰ, আৰক্ষীয়ে জব্দ কৰা বাহনৰ বাবে পৃথক পাৰ্কিং স্থান আদিৰ ব্যৱস্থা আদি থাকিব ৷ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাই আঁতধৰা আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অসম আৰক্ষীৰ গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, ২৪ নং অসম আৰক্ষী(আই আৰ) বেটেলিয়নৰ কামাণ্ডেন্ট প্ৰশান্ত সাগৰ চাংমাই, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতীম বৰুৱাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে

কথাৰ চলেৰে আঙুলি কাটি পেলালে এজন ব্যক্তিৰ!

মিকিৰভেটা আৰক্ষীৰ সফলতা। পলাতক দুই অপৰাধীক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ । খবৰ অনুসৰি মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত অভিযোগ কৰ্তা বাবুল হক নামৰ ব্যক্তি জনৰ লগত ইছৰাফুল আলম আৰু ইছাহক আলীৰ মাটি বাৰিৰ সংক্ৰান্ততেই কাজিয়াৰ সুত্ৰপাত হয়। কাজিয়াৰ জুই ইমানেই বৃদ্ধি পায় যে অভিযোগ কৰ্তা বাবুল হকৰ হাতৰ কেইবাটাও আঙুলি কাটি পেলায়।

পিছত এই সন্দৰ্ভত মিকিৰভেটা থানাত বাবুল হকে অভিযুক্ত ব্যক্তি দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত Mikirbheta PS 84/21 নম্বৰত গোচৰ ৰুজু কৰি পলাতক দুই অভিযুক্ত ইছৰাফুল ‍আলম আৰু ইছাহক আলীক গ্ৰেপ্তাৰ কৰে। Under section 447/326/307/34 ধাৰাত গোচৰ ৰুজু কৰি বুধবাৰে দুই অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰে ।