Home Blog Page 2605

বালিগাঁও-পানবাৰী,কমাৰ চুবুৰী,ফটাশিমলু উপস্বাস্থ্য কেন্দ্ৰত ফ্লৰিছিচ ৰোগৰ সজাগতা সভা

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পানবাৰী আৰু কমাৰ চুবুৰী উপস্বাস্থ্যকেন্দ্ৰত ফ্লৰিচিচ ৰোগৰ  সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সজাগতা সভাত উপস্বাস্থ্যকেন্দ্ৰ ৩ টাত  চিকিৎসা বিষয়া ,এ এন এম ,আশা কৰ্মী আদি সকলে অংশগ্ৰহণ কৰে ৷

এই আলোচনা অনুষ্ঠানটোত  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  চিকিৎসা বিষয়া ডাঃ দীপাঞ্জলী  বৰাই ফ্লৰিচিচ ৰোগৰ  সচেতনতা,সজাগতা , লব লগা ব্যৱস্থাবলী আদিৰ বিষয়ে ব্যাখ্য কৰে ৷আনহাতে  ফটাশিমলু উপস্বাস্থ্যকেন্দ্ৰত  চিকিৎসা বিষয়া ডাঃ নবনীতা হাজৰিকা,ডাঃখগেন নাথে ফ্লৰিছিচ ৰোগৰ সংক্ৰমন,চিনাক্ত,স্বাস্থ্যৰ প্ৰতি লব লগা সাবধানতাৰ সম্পৰ্কত ব্যাখ্যা কৰে ৷সভাত ফাৰ্মাচীচ তৈয়বুৰ ৰহমান ,ইনামুল হক জাভেদ,আৰু সাংবাদিক নব কুমাৰ ডেকা উপস্থিতি  থাকি সহায় সহযোগিতা আগবঢ়ায় ৷

বকোত মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী গৰখীয়া বাবাৰ পূজা

ইতিহাস প্ৰসিদ্ধ কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত খলিহা বড়গাও বাকাৰাপাৰাৰ  গঞা ৰাইজৰ উপাসনাৰ শক্তি পীঠ স্থান শ্ৰী শ্ৰী গৰখীয়া বাবাৰ  মন্দিৰৰ বাৰ্ষিক পূজা ভাগি যোৱা কালিৰে পৰা শুভাৰম্ভ হৈছে।যোৱা কালি সন্ধিয়া পৰত মাংগলিক ৰীতি নীতিৰে শুভাৰম্ভ হোৱা সবাহৰ থাপনা পৰ্ব। গৰখীয়া পূজা ; গোসাঁই ফুৰোৱা ; বৰমানি পূজা ইয়াৰ পিছতে মুল মন্দিৰৰ দ্বাৰ উদ্ঘাটন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে ; বৃহত্তৰ অঞ্চলটোৰ কেৱা সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ হৰিধ্বনি মুখৰিত মাংগলিক পৰ্বত ভক্তিভাৱ জাগি উঠে।

ইফালে শ্ৰী শ্ৰী গৰখীয়া বাবাৰ গঞা ৰাইজৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন চন্দ্ৰ ৰয় আৰু সম্পাদক দিগন্ত দাসে জনোৱা মতে ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী গৰখীয়া বাবাৰ মন্দিৰৰ বাৰ্ষিক পূজা ভাগিত বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পুৰণৰ অৰ্থে পূজা-পাতল কৰা হয়। লগতে মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা মতে এই ঐতিহাসিক মন্দিৰৰ পূজা ভাগি মাঘ মাহৰ শুক্লপক্ষৰ দিনা অৰ্থাৎ ( মাঘী পূৰ্ণিমা) শুভাৰম্ভ হয়। আজি বৰ সবাহত হোম যজ্ঞ আহুতি দিয়া হয়। আনহাতে আজি বৰ সবাহত লোকে লোকাৰণ্য পৰিবেশত হৰিনাম ধ্বনিত মুখৰিত হয় সমগ্ৰ বড়গাও বাকাৰা পাৰা অঞ্চলটো

জাগুণত ‘আলি-আঃয়ে -লিগাং’ উদযাপন

আজি মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ ‘আলি-আঃয়ে-লিগাং’। আলি মানে বীজ, আঃয়ে মানে ফল আৰু লিগাং মানে ৰোপণ অৰ্থাৎ ফল উৎপাদনৰ বাবে বীজ ৰোপণ কৰাৰ আৰম্ভণি দিন।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ জাগুণটো মিচিং বসতি প্ৰধান কেইবা ঠাইতো পৃথকে পৃথকে ‘আলি-আঃয়ে-লিগাং’ উদযাপন কৰা দেখা যায়।অতীজৰে পৰা প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সম্প্ৰদায়ৰ লোক সকলে পৰম্পৰাগত ভাৱে এই কৃষি ভিত্তিক উৎসৱ পালন কৰি আহিছে।

আজিৰ এই বিশেষ দিনটোত মিচিং সম্প্ৰদায়ৰ বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলা,কিশোৰ-কিশোৰী সকলোৱে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মুকলি ঠাইত নিৰ্মাণ কৰি থোৱা টঙি ঘৰ, ভঁৰাল আৰু পি’ৰ(কঁহুৱা বন)ৰোপণ কৰি চাৰিও ফালে ঘূৰি ঘূৰি সমূহীয়াকৈ নৃত্য গীত পৰিৱেশন কৰি সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ লোৱা দেখা যায়।মিচিং সম্প্ৰদায়ৰ পুৰুষ সকলে মিবু গা লুক(চোলা),এৰ কক দুমাৰ(গামোচা)আৰু মহিলা সকলে ৰিবি গা চেং(মেখেলা চাদৰ)পিন্ধি য়াম্ব(মেথনি) মাৰি নিজৰ পৰম্পৰা বজাই ৰখা দেখা যায়।

সকলো মাংগলীক আৰু সাংস্কৃতিক কাৰ্য সম্পন্ন হোৱাৰ পাছত মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত সুস্বাদু খাদ্য পুৰাং(টোপোলা ভাত),এ খ আদিন(গাহৰি মাংস)আৰু পৰ আপং(ছাই মদ) আদিৰে সমূহীয়াকৈ ভোজ ভাত খোৱা হয়।

মাটিৰ পাত্ৰত চাহ খোৱা কৰক….

নিশ্চয় কৈ চাহ খাই সকলোৱে ভাল পায়। ভাৰতবৰ্ষত চাহ খাই ভাল নোপোৱা মানুহ খুব কমেই থাকিব । কিন্তু আজিকালি মাটিৰ পাত্ৰত চাহ খোৱা কমি গৈছে । মাটিৰ পাত্ৰত চাহ খোৱাৰ আমেজেই সুকীয়া।

মাটিৰ পাত্ৰত চাহ খোৱাৰ কিছু লাভা লাভঃ

১-বহুতৰে চাহ খোৱাৰ ফলত গেছৰ সমস্যা দেখা দিয়ে কিন্তু মাটিৰ পাত্ৰত চাহ খালে এই সমস্যা নহয়

২-কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে শৰীৰত মাটিৰ পাত্ৰত চাহ খালে

৩-অকল চাহেই নহয় গাখীৰ পানী আদি পনীয়া সকলো ধৰনৰ বস্তু খাব পাৰি মাটিৰ পাত্ৰত

৪-গৰম চাহ কাপ মাটিৰ পাত্ৰত খালে তাৰ পৰা ওলোৱা সুগন্ধিয়ে ইয়াৰ সোৱাদ দুগুণ বৃদ্ধি কৰে

আজি ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ কলকাতাৰ ইডেন গাৰ্ডেনত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা। ৩ খন মেচৰ এদিনীয়া শৃংখলাত আলহী দলটোক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতীয় দলটোৱে টি-২০ শৃংখলাও দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

টি-২০ শৃংখলাত থাকিব মুঠ ৩ খন মেচ। আটাইকেইখন মেচ অনুষ্ঠিত হ’ব কলকাতাৰ ইডেন গাৰ্ডেনত। প্ৰথমখন টি-২০ দৰ্শকবিহীন ভাৱেই অনুষ্ঠিত হ’ব। সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব আজিৰ প্ৰথমখন টি-২০ মেচ।

আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক ছিৰখাত হুছেইনক বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্বৰ্ধনা জ্ঞাপন

ভাৰত চৰকাৰৰ  শিক্ষা মন্ত্ৰালয়ৰ অধীনত ২০২০ আৰু ২০২১ বৰ্ষত কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ২০২০ বৰ্ষত পৃথিৱীৰ ১১০ খন ৰাষ্ট্ৰৰ শিক্ষকৰ লগতে আন্ত: ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ‘নলেজ হাব” ইউটিউব চেনেলত ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ ২২১ টা শৈক্ষিক ভিডিঅ একেলগে প্ৰিমিয়াৰ কৰি “ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ”ত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ‘নলেজ হাব’ ইউটিউব চেনেলৰ স্বত্তাধিকাৰী  শিক্ষক ছিৰখাত হুছেইনক বঙাইগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷

বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বিক্ৰম মেধি, সম্পাদক বিনোদ কুমাৰ বৰ্মন, পত্ৰিকা সম্পাদক ৰনজিত কুমাৰ শৰ্মা, চৰ-চাপৰি ভাষা বিকাশ পৰিষদৰ আহ্বায়ক ড° আব্দুছ ছবুৰ, সদস্য কালীন্দ্ৰ শৰ্মা আৰু নিৰঞ্জন নাথ ৷ উল্লেখযোগ্য যে কৰণা মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে  ‘নলেজ হাব’ ইউটিউৱ চেনেলৰ সহযোগত ভিডিঅ সমূহ ইউটিউৱ চেনেলটোত আপলোড কৰিবলৈ সক্ষম হৈছে ৷ শিক্ষক ছিৰখাত হুছেইনে এই কৃতিত্বৰ দাবীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সনিমিলনী আৰু ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, শিক্ষক গৰাকীৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

ওৰাংৰ বালিগাঁৱ -পানবাৰী,কমাৰ চুবুৰী ফটাশিমলু উপস্বাস্থ্য কেন্দ্ৰত ফ্লৰিছিচ ৰোগৰ সজাগতা সভা

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  পানৱাৰী আৰু কমাৰ চুবুৰী উপস্বাস্থ্যকেন্দ্ৰত ফ্লৰিচিচ ৰোগৰ  সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সজাগতা সভাত উপস্বাস্থ্যকেন্দ্ৰ ৩ টাত  চিকিৎসা বিষয়া ,এ এন এম ,আশা কৰ্মী আদি সকলে অংশগ্ৰহণ কৰে ৷এই আলোচনা অনুষ্ঠানটোত  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  RBSK (MHT)ৰ চিকিৎসা বিষয়া ডাঃ দীপাঞ্জলী  বৰাই ফ্লৰিচিচ ৰোগৰ  সচেতনতা,সজাগতা , লব লগা ব্যৱস্থাবলী আদিৰ বিষয়ে ব্যাখ্য কৰে ৷আনহাতে  ফটাশিমলু উপস্বাস্থ্যকেন্দ্ৰত  চিকিৎসা বিষয়া ডাঃ নবনীতা হাজৰিকা,ডাঃখগেন নাথে ফ্লৰিছিচ ৰোগৰ সংক্ৰমন,চিনাক্ত,স্বাস্থ্যৰ প্ৰতি লব লগা সাবধানতাৰ সম্পৰ্কত ব্যাখ্যা কৰে ৷সভাত ফাৰ্মাচীচ তৈয়বুৰ ৰহমান ,ইনামুল হক জাভেদ,আৰু সাংবাদিক নব কুমাৰ ডেকা উপস্থিতি  থাকি সহায় সহযোগিতা আগবঢ়ায় ৷

বাচনাঘাটত চিলাৰায় দিৱস উদযাপন

বীৰ চিলাৰায়ৰ ৫১২ তম জন্ম দিৱস।সেই উপলক্ষে আজি মৰিগাঁৱৰ বাচনাঘাটত থকা চিলাৰায় মূৰ্তিত মাল্য অৰ্পণ কৰে।এই মাল্য অৰ্পণ সময়ত উপস্থিত থাকে কোচ ৰাজবংশী সন্মিলনী সভাপতি/ সম্পাদক প্ৰদীপ ডেকা আৰু পৰেশ ডেকা । জিলা আক্ৰাছু উপদেষ্টা জ্যোতিষ ডেকা, সভাপতি ধন্তি ডেকা যুটীয়া সম্পাদক অংকুৰ ডেকা । অ,বি,চি মৰ্চাৰ সভাপতি মালাৰাম ডেকা লগতে আক্ৰাছু অন্যান্য বিষয়ববীয়া সকল। এই কাৰ্যসূচীৰ পিছতে মৰিগাঁৱৰ গছগুৰিত দিনযোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ জন্ম  দিৱস উদযাপন কৰে ।এই সন্দৰ্ভত তেওঁ লোকে জনোৱা মতে  যি সকল কোচৰাজ বংশী লোকে জাতিৰ হকে কাম কৰি মৃত্যু হৈছে তেওঁ লোকৰ পৰিয়ালক শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰেৰণ কৰিৱ লগতে ধেমাজিত কেন্দ্ৰীয় কমিটিৰ দ্বাৰা অনুষ্ঠিত হৈ থকা চিলাৰায় দিৱসত মৰিগাঁৱৰ পৰা ৩০ জনীয়া এটি দলে অংশগ্ৰহণ কৰিব।

পুনৰ জেললৈ যাব নেকি লালু প্ৰসাদ যাদৱ!

পশুখাদ্য কেলংকাৰী গোচৰৰ অন্তিমটো ৰায় প্ৰদান কৰিলে ন্যায়ালয়ে। এই কেলেংকাৰীৰ ৫ টা গোচৰৰ ৰায়দান ইতিমধ্যে চি বি আইৰ বিশেষ আদালতে প্ৰদান কৰিছে আৰু আটাইকেইটা গোচৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অৱশ্যে তেওঁ ইতিমধ্যে জামিনত কাৰাগাৰৰ পৰা মুকলি হৈছে। ৯৫০ কোটি টকাৰ দেশৰ বহু চৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙলবাৰে প্ৰদান কৰে ন্যায়ালয়ে। চিবিআইৰ এখন বিশেষ আদালতে আৰ জে ডিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱকে ধৰি ৭৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে। একে সময়তে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত ২৪ জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰিছে চি বি আইৰ বিশেষ আদালতে।

অৱশ্যে মঙ্গলবাৰে চি বি আইৰ এই বিশেষ আদালতে দোষী সাব্যস্ত হোৱা সকলৰ শাস্তি ঘোষণা কৰা নাই। আগন্তুক ২১ ফেব্ৰুৱাৰীত আটাইৰে শাস্তি ঘোষণা কৰিব আদালতে। ইফালে লালু যাদৱ পুনৰ এই গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলত বিহাৰৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ সমৰ্থকসকলৰ মাজত দেখা দিছে হতাশা। আদালতৰ চৌহদত আৰ জে ডিৰ নেতাসকলে ভিৰ কৰিছে আৰু পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নঘটে তাৰ বাবে আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, লালু যাদৱক পশুখাদ্য কেলেংকাৰীৰ ৪ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইয়াৰে এটা দেওঘৰত, দুমকা কোষাগাৰৰ দুটা পৃথক গোচৰ আৰু চাইবাচা কোষাগাৰ সম্পৰ্কীয় দুটা গোচৰ। তেওঁ এই আটাইকেইটা গোচৰত জামিন লাভ কৰিছে। কিন্তু এই অন্তিমটো গোচৰত পুনৰ লালু যাদৱ দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁৰ পুনৰ জেল যাত্ৰাৰ পথ মুকলি হ’ল।

মামা মই জীয়াই থাকিব বিচাৰো। মুখ্যমন্ত্ৰীলৈ ১০ বছৰীয়া ছাত্ৰৰ আহ্বান

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডৰ জমিৰ আলী ভুঞাৰ ১০ বছৰীয়া পুত্ৰ যোৱা ৫ মাহে এক জটিল ৰোগত আক্ৰান্ত। দুৰ্ভগীয়া পিতৃয়ে চিকিৎসালয়ৰ দোৱাৰে দোৱাৰে ঘুৰি হতাশাত ভুগিবলগীয়া হৈছে। বৰ্তমান টকাৰ অভাৱত ৰোগীয়া পুত্ৰক বুকুত লৈ ঘৰতে বহি চকুপানী টুকিবলগীয়া হৈছে। জীৱনৰ আদি পাঠতে যেন স্তব্ধ হৈ পৰিছে এটা জীৱন। বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি কোনো সুফল পোৱা নাই।

দিন হাজিৰা কৰি কোনোমতে দিন পাৰ কৰা পিতৃৰ যেন সকলো দিশ বন্ধ হৈ আহিছে। একমাত্ৰ পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ লগতে হৃদয়বান ব্যক্তিৰ সহায় বিচাৰিছে পিতৃয়ে। যদি কোনোবাই সহায় কৰিব বিচাৰে তেন্তে জমিৰ আলী ভুঞাৰ নামত থকা SBI- 36906369406, IFSC – SBIN 0008462 একাউন্ট নম্বৰত সহায় আৰু 6003706483 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। আপোনাৰ কিঞ্চিত সঁহাৰিয়ে হাহিঁ বিৰিঙাব পাৰে এটা পৰিয়াল লৈ।