Home Blog Page 2606

মাজুলী উপনিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী কোন?

মাজুলীৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী কোন হ’ব? ইয়াক লৈ এতিয়া সৰ্বত্তে চৰ্চা। ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে কিছুদিনৰ আগতে মাজুলী ভ্ৰমণ কৰিছিল। শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে।বিৰোধী ঐক্যৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব ৰাইজৰ দলে।

কংগ্ৰেছ, এ জে পি আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। ৰাইজৰ দলৰ এক সুত্ৰই সদৰি কৰিছে এই কথা। আনুষ্ঠানিক ভাৱে সেই সিদ্ধান্ত ঘোষণা কৰিব ৰাইজৰ দলে।

আজিৰে পৰা মুকলি হ’ল ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

আজিৰে পৰা ৰাজ্যত খুলি দিয়া হৈছে বিদ্যালয়সমূহ। আজিৰে পৰা পুনৰ আৰম্ভ স্বাভাৱিক জীৱন যাত্ৰা। ক’ভিড-১৯ৰ যি কঠোৰ নীতি নিয়ম আছিল সেই সকলোবোৰ নিয়ম শিথিল কৰি দিয়া হৈছে আজিৰে পৰা।

ছাএ – ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোৰে মনত আনন্দ। আজিৰে পৰা ৰাজ্যত নাথাকিব ক’ভিডৰ কোনো বাধ্যবাধকতা। কিন্তু মাস্ক, প্ৰতিশেধক, ছেনিটাইজেশ্যন, এইসমূহ বাধ্যতামূলক।

লজ্জিত অসম! প্ৰমাণৰ অভাৱত জামিন পালে মাৰাডোনাৰ ঘড়ী চুৰ ৱাজিদে

ফুটবল বিশ্বৰ সম্ৰাট মাৰাডোনাৰ হেবলট হাতঘড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৱাজিদ হুচেইনৰ জামিন লাভ। আদালতত উপযুক্ত প্ৰমাণ দিয়াত ব্যৰ্থ হোৱাৰ বাবে জামিন লাভ কৰিলে অভিযুক্তই। আদালতত উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে। আদালতত দাখিল কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ কোনো নিৰ্দেশ বা ডুবাই আৰক্ষীৰ অভিযোগ।

ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫,০০০ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰে ৱাজিদ হুচেইনক। ১১ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৱাজিদ। উল্লেখ্য যে, ডুবাইৰ পৰা মাৰাডোনাৰ ঘড়ী চুৰি কৰি অনা বুলি অভিযোগ উত্থাপন হৈছিল বাজিদৰ বিৰুদ্ধে।তাৰপিছত আৰক্ষীয়ে ৱাজিদৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীও জব্দ কৰিছিল আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। প্ৰায় ২ মাহ ন্যায়িক জিম্মাত থকাৰ পাছত আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰাৰ বাবে মুকলি হ’ল ৱাজিদ।

কিমান সঁচা, কিমান মিচা? আছাদুদ্দিন ওৱেচী ৰামৰ বংশধৰ!

”আছাদুদ্দিন ওৱেচী ৰামৰ বংশধৰ” এই মন্তব্য এগৰাকী বিজেপি নেতাৰ। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ২টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু আন কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰজভূষণ চৰন সিঙে সাংসদ আছাউদ্দিন ওৱেচিক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। বিজেপি সাংসদ গৰাকীয়ে কয় যে ”ওৱেচী ভগৱান ৰামৰ বংশধৰ। তেওঁ ইৰাণী নহয়, ক্ষত্ৰিয়হে”। নিজ পুত্ৰ আৰু বিজেপিৰ প্ৰাৰ্থী প্ৰতীক ভূষণ সিঙৰ বাবে আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ গৰাকীয়ে।

তেওঁ কয় যে, ”প্ৰতীকে জয়লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত থিয় হ’ব কিন্তু প্ৰতীকৰ বাহিৰে আন কোনোবা জয়ী হলে তেওঁ সন্ত্ৰাসবাদীৰ সৈতে থিয় হব”। উল্লেখ্য যে, উত্তৰ প্ৰদেশত বৰ্তমান চলি আছে নিৰ্বাচনী গৰম বতাহ। এই সময়চোৱাত বিভিন্ন দলৰ মাজত চলি আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ।

বঙাইগাঁৱত ভঙা বাহঁৰ দলঙেৰে ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰত ভঙা বাহঁৰ দলঙৰে ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাতায়তৰ দৃশ্য বন্দী হৈছে কেমেৰাত। প্ৰায় ৬/৭ বছৰ পূৰ্বে মানাহ নৈৰ সুতিৰ ওপৰত  ২৬ লাখ টকা ব্যয় সাপেক্ষে এখন পকী দলং নিৰ্মাণ হৈছিল যদিওঁ দলঙখন বিজ্ঞানসন্মত পদ্ধতিৰে নিৰ্মাণ নোহোৱাত নিৰ্মাণৰ কিছুদিন পিছতেই পানীৰ সোঁতে বগৰাই পেলায়। তাৰ পিছৰ পৰাই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতেই প্ৰায় ৪/৫ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে ।

ঠাইখনত পুনৰ বিজ্ঞানসন্মত পদ্ধতিৰে দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈকে নিৰ্মাণ হোৱা নাই। ফলত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে এইদৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে।যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। শীঘ্ৰেই ঠাইখনত বিজ্ঞানসন্মত পদ্ধতিৰে এখন দলং নিৰ্মাণ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে।

পখিলা খেদা বয়সত শয্যাগত অৱস্থাত খৈৰাবাৰীৰ কণমানি ৰাহুল দাস

ওদালগুৰি জিলা ৬৫ নং কলাইগাঁ‌ও বিধানসভা সমষ্টি তথা খৈৰাবাৰী থানা অন্তৰ্গত ঝাৰগাঁ‌ৱৰ নিবাসী বিপুল দাস আৰু ৰণু দাসৰ  পুত্ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নত কণমানি ৰাহুল দাস (৮) যোৱা এটা বছৰে দুৰাৰোগ্যত আক্ৰান্ত হৈ চল-বলিয়া দৌৰি ফুৰা শিশুটি বৰ্তমান মাতিব নোৱাৰা খোজ কাঢ়িব নোৱাৰা অৱস্থাত।পখিলা খেদা বয়সত শিশুটি বৰ্তমান শয্যাগত অৱস্থাত বিছনাত পৰি থাকিব লগিয়া হোৱা ঘটনাই সকলোৰে চকুলো বোৱাইছে। দুৰ্ভগীয়া পিতৃ মাতৃয়ে নিজ সন্তান ৰাহুলক  আৰোগ্য কৰি তুলিবৰ বাবে বিভিন্ন চিকিৎসালয়ত ঘৰৰ সা-সম্পত্তি বিক্ৰি কৰি চিকিৎসা কৰাইছিল যদিও কনো সু-ফল নপোৱাত বৰ্তমান বিছনাখনে শেষ আশ্ৰয় হৈ  পৰিছে। উন্নত চিকিৎসাৰ বাবে শিশুটিক বহিৰাজ্যলৈ নিবৰ কাৰণে হোৱা হৈছিল যদিও বৰ্তমান পিতৃ- মাতৃ  অসমৰ্থ। 


সেয়েহে পিতৃ- মাতৃয়ে স্থানীয় জনপ্ৰতিনিধি কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায় দূৰ্গা দাস বড়ো আৰু  বিটিচি খৈৰাবাৰী  পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়োৰ ওচৰত সহায়ৰ হাত বিছাৰি কাকতী-মিনতি কৰিছিল যদিও কনো কান সাৰ নিদিয়াত অসহায় পিতৃ মাতৃ বৰ্তমান সম্পূৰ্ণ উপায়ন্তৰ হৈ  পৰিছে।


সেয়েহে শেষ আশ্বাস লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো দাঙৰীয়ালৈ কাতৰ অনুৰোধ জনাইছে যে  আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই শিশুটিক বহিৰাজ্যলৈ নি উন্নত চিকিৎসাৰে সুস্থ কৰি তুলি পৰিয়ালটোলৈ হাঁহি বিৰিঙাই যেন।লগতে আৰু কনোবা সদাসয় ব্যক্তিয়ে যদি কিছু পৰিমাণে আৰ্থিক সহায়ৰে শিশুটিক সুস্থ তোলাত অৰিহণা যোগাব বিছাৰে তেন্তে এই নম্বৰত যোগা-যোগ কৰিব পাৰে।ফোন নংঃ- ৬০০৩৮৯০২৭৫ একাউণ্ট নংঃ- 39402207536ifsc :- SBIN0007118

দমদমা মহাবিদ্যালয়ত হাতে লিখা আলোচনী ‘ন-জ্যোতি’ , বাৰ্তালোচনী ‘সাৰস্বত’ উন্মোচন

তীৰ্থ নগৰী হাজোৰ উচ্চ শিক্ষাৰ  অগ্ৰণী শিক্ষানুষ্ঠান দমদমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ  হাতেলিখা আলোচনী ন -জ্যোতি’ৰ পঞ্চদশ সংখ্যা, বাৰ্তালোচনী ‘সাৰস্বত’ৰ পঞ্চম সংখ্যা উন্মোচন , নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আদৰণি, ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ -ছাত্ৰীসকলক বিদায় সম্বৰ্ধনাৰ লগতে বিভাগৰ শ্ৰেষ্ঠ ১ম, ২য় আৰু ৩য়   স্নাতক তিনি গৰাকীক বঁটা প্ৰদান এক  অনুষ্ঠান   আজি  মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাত  ন-জ্যোতি উন্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে আৰু সাৰস্বত উন্মোচন কৰে অধ্যক্ষ ড°সুৰঞ্জন শৰ্মাই।  থানেশ্বৰ মালাকাৰে  ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত শিক্ষকৰ  ছাত্ৰৰ প্ৰতি স্নেহ, পৰামৰ্শ ই ছাত্ৰৰ মনৰ ভয়, সংশয় ,  দূৰ কৰিব পাৰিব বুলি কয় । উন্মোচনী ভাষণত ড° শৰ্মাই বিভাগৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক ভূয়সী প্ৰশংসা কৰে। মুৰব্বী অধ্যাপক ড° সাৱিত্ৰী শইকীয়াই সভাপতিত্ব কৰা এই সভাতেই ২০২১ বৰ্ষৰ উত্তীৰ্ণ অসমীয়া বিভাগৰ প্ৰথম শ্ৰেষ্ঠ স্নাতক পূজা মালাকাৰ, দ্বিতীয় শ্ৰেষ্ঠ স্নাতক মনিকা ডেকা  আৰু তৃতীয় শ্ৰেষ্ঠ স্নাতক হিমাশ্ৰী দাস ক নগদ এহাজাৰ টকা, কিতাপ, কলম, ডায়েৰী আৰু মানপত্ৰ যে পুৰস্কৃত কৰা হয়। লগতে প্ৰতি গৰাকী স্নাতককে ডায়ৰী, কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অধ্যাপক চন্দন জ্যোতি চুতীয়াই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আলোচনী সম্পাদক চিমামণি দাসে। সভাত অধ্যাপক অধ্যাপিকা, গ্ৰন্থ গাৰিক, ভালেমান ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে। শেষত অধ্যাপিকা মঞ্জু দাসে সভাত উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়।

ছিপাঝাৰ শাখা সাহিত্য সভাৰ বৈঠকত গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ দ্বাৰা একাধিকবাৰ শ্ৰেষ্ঠ শাখাৰ পুৰষ্কাৰ প্ৰাপক ছিপাঝাৰ শাখা সাহিত্য সভাৰ ৪৭৮ সংখ্যক বৈঠকত উন্মোচিত হয় ‘অটোগ্ৰাফ’ শীৰ্ষক এখন উপন্যাস । কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক সন্মান লাভ কৰা বৃন্দা ভূঞাই ৰচনা কৰা উপন্যাসখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°  পৰমানন্দ ৰাজবংশীয়ে । ছিপাঝাৰ সাহিত্য সভাৰ স্মৃতি ভৱনত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভনিতে সাহিত্য সভাৰ জাতীয় গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিবেশন কৰে লেখিকা সমাৰোহৰ সদস্যা সকলে । ইয়াৰ পিছতে ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , নাট্য প্ৰদীপ ৰজনীকান্ত নাথে পৰিচালনা কৰা সভাখনত নিয়মীয়া কাৰ্যসূচী স্ব-ৰচিত কবিতাপাঠ , প্ৰৱন্ধ পাঠ , গীত পৰিবেশন আদি কাৰ্যসূচী ৰূপায়িত হয় । স্ব-ৰচিত কবিতা পাঠ কৰে ক্ৰমে পূৰ্ণিমা ভূঞা , ৰীণা বেগম হাজৰিকা , অনিতা দেৱী , জয়মতী বৰা , গায়ত্ৰী দেৱী আৰু সাংবাদিক নিৰঞ্জন শৰ্মাই । একেদৰে প্ৰৱন্ধ পাঠ কৰে নিয়োগ বিনিময় কেন্দ্ৰৰ অৱসৰী সহ সঞ্চালক চক্ৰধৰ নাথ আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা মোহিনী গোসামীয়ে । সভাৰ কাৰ্যসূচীৰ মাজতে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে মানসী চহৰীয়া আৰু কঙ্কনা শৰ্মাই । ইপিনে বাঁহী আৰু মাউথ অৰ্গেনেৰে কালজয়ী গীতৰ সুৰৰ লহৰেৰে সকলোকে মোহিত কৰে শিল্পী তুলেশ্বৰ নাথে । ছিপাঝাৰ শাখা সাহিত্য সভাৰ বৈঠক তথা গ্ৰন্থ উন্মোচনী সভাখনত ৰাইজৰ লগতে শশীধৰ নাথ , পৰান চন্দ্ৰ নাথ , ছিপাঝাৰ ৰাজহচক্ৰ বিষয়া কমলজিত শৰ্মা আদি উপস্থিত আছিল । সভাখনৰ আঁত ধৰে ছিপাঝাৰ শাখা সাহিত্য সভাৰ দুই বিষয়ববীয়া গিৰীশ নাথ আৰু  দুলাল চন্দ্ৰ ডেকাই ।

লাহৰীঘাটৰ টেঙাগুৰিত ড্ৰাগছ সৰবৰাহকাৰী আটক

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত  টেঙাগুৰিত ড্ৰাগছসহ এজনক আটক কৰে টেঙাগুৰি সমন্বয় ৰক্ষী সমিতিৰ লগতে স্থানীয় ৰাইজে।ড্ৰাগছসহ আটক হোৱা যুৱকজন ৰাজদুল ইছলাম বুলি জানিব পৰা গৈছে।যুৱকজনৰ লগতে আন এজন ব্যক্তি আছিল যদিও দৌৰি পলাই যায়। যুৱকজনৰ পৰা ড্ৰাগছ ভৰ্তি ১টা কণ্টেইনাৰ খালি তিনিটা কণ্টেইনাৰ জব্দ কৰি লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে।

জন্মু কাশ্মীৰত ভাৰতৰ প্ৰথমখন ইগলু কেফে

কৰ’ণা মহামাৰীৰ ফলত সবাতোকৈ বেছি ক্ষতিগ্রস্ত হোৱা ক্ষেত্রখন হৈছে ভাৰতৰ প’যটনশিল্প ।শেহতীয়াকৈ কৰ’ণাৰ প্ৰকোপ কমিল সেয়েহে প’যটনকেন্দ্ৰসমূহ ঠন ধৰিবলৈ যত্ন কৰিছে ।তেনে এক প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতৰ জন্মু কাশ্মীৰত আৰম্ভ হোৱা বৰফেৰে নি’মিত ইগলু কেফেই সদ্যহতে জনপ্ৰিয়তা লাভ কৰিছে ।তেনে এখন বিখ্যাত ইগলু কেফেই হ’ল জম্মু কাশ্মীৰৰ গুলমা’গৰ ইগলু কেফে ।এই কেফেইখন নি’মাণ কৰিছে ‘কোলাহই গ্ৰীণ গ্ৰুপ অফ হোটেলছ এণ্ড ৰিজট’ছে ।

শুকুলা বৰফৰ টূকূৰাৰে নি’মাণ কৰা এই এছিয়াৰ বৃহত্তম ইগলু কেফেইখনৰ ভিতৰত একুৰা জুই জ্বলাই ৰখা হয় আৰু হাতে হাত ৰঙা চাহৰ পিয়লা লৈ বিভিন্ন গ্ৰাহকৰ আড্ডা ।গ্ৰাহকৰ বাবে ৰখা চকী,টেবুল সকলো বৰফৰ ।বিদেশত বিশেষকৈ ছুইজাৰলেণ্ডত বহু পূ’বেই ইগলু কেফেই ব্যৱহাৰ কৰা হৈ আহিছে কিন্তু ভাৰতত এইবাৰেই প্ৰথম ।মুঠ ১৬ জন বহিবলৈ সুবিধা থকা ইগলু কেফেইখনৰ উচ্চতা ১৫ ফুট আৰু ২৬ ফুট বহল ।ইগলু কেফেইখনৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হ’ল ইয়াৰ ভিতৰত থাকিলে হাঁড় কপোৱা ঠাণ্ডা বতাহৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি,সেয়েহে ইয়ালৈ প্ৰতিদিনেই গ্ৰাহকৰ ভীৰ বাঢ়িবলৈ লৈছে ব’তমান ।