Home Blog Page 2607

মাজুলীত কবি ইন্দুলেখা হাজৰিকাৰ তিনিখন গ্ৰন্থ উন্মোচন

মাজুলী সাহিত্য চৰ্চা ক্ষেত্ৰ খনৰ এক চিনাকী নাম ইন্দুলেখা হাজৰিকাৰ তিনিখন গ্ৰন্থ মাজুলী জিলা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যময় অনুষ্ঠানত উন্মোচন কৰা হয়। মাজুলীৰ জনপ্ৰিয় যুৱ কবি তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই আঁত ধৰা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট কবি সাহিত্যিক ডঃ দেৱজিত শইকীয়াই সঞ্চালনা কৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰনাথ মুদৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰা উন্মোচনী সভা খনিত লেখিকা গৰাকীৰ অনুগল্পৰ পুথি “শব্দৰ অনুৰণন” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কবি ডঃ মাণিক শইকীয়াই।

নিজৰ উন্মোচনী ভাষণত ডঃ শইকীয়াই সাহিত্যৰ ব্যৱহাৰিক দিশ, সাহিত্যৰ পৰিৱৰ্তনৰ গতিধাৰা সম্পৰ্কত লিখক আৰু পাঠক সমাজলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায়। লেখিকা গৰাকীৰ অন্য এখন গ্ৰন্থ “কুহুমবুলিয়া সোঁৱৰণ খিনি” শীৰ্ষক কবিতা পুথি খনিৰ দ্বিতীয় সংস্কৰণটি উন্মোচন কৰে অসম সাহিত্য সভাৰ আগন্তুক নাৰায়ণপুৰ অধিবেশন উদযাপন সমিতিৰ সম্পাদক মাখন তামুলীয়ে আৰু তৃতীয় খন গ্ৰন্থ “নৈশব্দৰ সুৰভিত নিৰ্যাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞাই। নিজৰ উন্মোচনী বক্তব্যত আটাইকেইজন উন্মোচকে লেখিকা গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক দিনতো কলমৰ মাধ্যমেৰে সৃষ্টিৰ আখৰা কৰি যাবলৈ আহ্বান জনায়। শতাধিক সাহিত্য অনুৰাগী ব্যক্তিয়ে অংশগ্ৰহণ কৰি উপস্থিত সকলোৱে লেখিকা গৰাকীক শুভেচ্ছা জনায়।অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় কবি পাপু বৰাই l

ৰঙাপৰাত কংগ্ৰেছৰ পৌৰ নিৰ্বাচনী সভা

শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰা পৌৰ সভা নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক পৌৰ নিৰ্বাচনী সভা বিয়লি ৬ বজাত ৰঙাপৰা নগৰ স্থিত কেশৰী সংঘত অনুষ্ঠিত হৈ যায়।সভাত অংশ গ্ৰহণ কৰি ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকাই কয় যে ৰাইজে আজি পৰিবৰ্তন বিছাৰিছে।বহু বছৰ বিজেপিৰ দখলত থকা স্বত্বেও ৰঙাপৰা পৌৰ সভাৰ পৰা ৰাইজে বহু আশা কৰিছিল যদিও সেই আশা পূৰণ কৰাত বিজেপি দল সম্পূৰ্ণ ব্যৰ্থ বুলি গুৰুতৰ অভিযোগ কৰে।

কিছু দিন আগতে উদ্ধোধন কৰা উৰণীয়া সেতু সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে চিকিৎসালয় ,থানা আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠান থকাৰ বাবে  ৰেলৱে ক্ৰছিংৰ ওপৰত উৰণীয়া সেতুৰ প্ৰয়োজনীয়তা বেছি আছিল যদিও চৰকাৰে গুৰুত্বপূৰ্ণ ৰেলৱে ক্ৰছিংৰ ওপৰৰ কামছোৱা সম্পূৰ্ণ নকৰি আগতে ৰঙাপৰা বালিপৰা সংযোগী পথছোৱা সম্পূৰ্ণ কৰিলে আৰু যাৰ প্ৰয়োজনীয়তা ইমান নাছিল বুলি তেওঁ উল্লেখ কৰে।উল্লেখযোগ্য যে ৰঙাপৰাত ১১,৪২০জন মুঠ ভোটাৰৰ বিপৰীতে  ৫৮৭৯গৰাকী পুৰুষ আৰু ৫,৫৪১ গৰাকী মহিলা ভোটাৰ আছে আৰু  অনুসূচীত জাতিৰ বাবে  ৰঙাপৰাৰ ৫ নং ৱাৰ্ড সংৰক্ষিত বুলি জানিব পৰা গৈছে ৷

ঠিক সেইদৰে  ২,৩,৪,আৰু ৭ নং ৱাৰ্ড সম্পূৰ্ণ মহিলাৰ বাবে সংৰক্ষিত আছে ।কালিৰ সভাত কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক কাৰ্তিক কুৰ্মী,শোণিতপুৰ জিলাৰ সভাপতি দিপেন বৰা ,নিৰঞ্জন নাথ,ছেলিম মজুমদাৰ, ৰাজেশ পাণ্ডিয়া আৰু বহু দলীয় বিষয় বৱীয়াই অংশগ্ৰহণ কৰে।

এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বঃ আছাদুদ্দিন ওৱেচী

”এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব”- এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেচীৰ।বৰ্তমান দেশত অব্যাহত আছে হিজাব বিতৰ্ক। তাৰ মাজতেই শনিবাৰে এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰে সাংসদ আছাদুদ্দিন ওৱেচীয়ে,য’ত তেওঁ কয় যে এদিন হিজাব পিন্ধা মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব।

ওৱেচীয়ে কয় যে ”আমাৰ ছোৱালী সকলে নিজৰ পিতৃ মাতৃক ক’ব যে আমি হিজাব পিন্ধিব বিচাৰো। তেতিয়া পিতৃ-মাতৃয়ে সম্পূৰ্ণ অধিকাৰ দি ক’ব যে চাই ল’ম মইও হিজাব পিন্ধাত কোনে বাধা দিয়ে।হিজাব পিন্ধিয়েই ছোৱালী সকল ডাক্তৰ, কালেক্টৰ হ’ব আৰু হিজাব পিন্ধিয়েই এদিন প্ৰধানমন্ত্ৰী হ’ব”।

উল্লেখ্য যে, হিজাব বিতৰ্কই জোকাৰিছে সমগ্ৰ দেশ। একাংশই ইয়াৰ সমৰ্থন কৰিলেও একাংশই ইয়াৰ বিৰোধিতা কৰিছে। অৱশ্যে এতিয়াও এই হিজাব বিতৰ্কৰ ওপৰত কোনো স্থায়ী সমাধান ওলোৱা নাই।

লকডাউনৰ গইনা লৈ বন্ধ হ’ল ১২খনকৈ স্থানীয় ৰেলৰ চলাচল। নিৰ্লিপ্ত সাংসদ বিধায়ক

বিগত দুটা বছৰে দেশবাসীয়ে ক’ৰণা মহামাৰীৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে জুৰুলা হৈ পৰিছে।এই পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগে সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বাধিক ১২ খনকৈ স্থানীয় ৰেলৰ চলাচল বন্ধ কৰি ৰাখিছিল।যিহেতু বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰণাক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে অদ্যাপী কিন্তু ৰেল বিভাগে এই স্থানীয় ৰেলসমূহ চলাচল কৰোৱাৰ কোনো ব্যৱস্থাই হাতত লোৱা নাই।বৰঞ্চ অতি কৌশলগত ভাৱে কেইখনমান স্থানীয় ৰেলৰ ষ্টপেজ কমাই দি ইয়াক এক্সপ্ৰেছ ট্ৰেইনলৈ ৰূপান্তৰ কৰা হৈছে।যাৰফলত সাধাৰণ যাত্ৰীসকলে প্ৰায় তিনিগুণ ভাড়া ভৰিবলগীয়া হৈছে। এইক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত অসম ৰেল যাত্ৰীসন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই অতি আক্ষেপেৰে জনাই যে ট্ৰেইনৰ সংখ্যা বঢ়া বা কমালৈ অসমৰ সাংসদ বিধায়কৰ আহৰি নাই।ৰাইজৰ বাবে ভাল দিন বা উন্নত জীৱন যাপনৰ সপোন দেখুৱাই সাংসদ বিধায়কৰ পদ লবলৈ গৈ, যদি মালিগাৱৰ NFR HQ লৈ আহি সমস্যাৰ সমাধান নিবিচাৰে তেন্তে তেখেতসকলক সচা অৰ্থত  ৰাইজৰ প্ৰতিনিধি বুলি মানি লব পাৰিনে? শাসক বিৰোধী কোনোৱেই ৰেল ব্যৱস্থাক লৈ সচেতন নহয়।

কিন্তু সামগ্ৰিকভাৱে স্থানীয় ট্ৰেইন মানেই একপ্ৰকাৰ থলুৱা মানুহৰ কৰ্মসংস্থাপন তাকেলৈ সোচ্চাৰ হোৱা দেখা নগ’ল জাতীয়তাবাদী সংগঠন সমূহক।অনা অসমীয়াৰ হাতত থকা বহু কাম থলুৱা মানুহে সহজে কৰি পৰিয়াল পুহিব পাৰিলেহেঁতেন যদিহে নিত্য ব্যৱহাৰত লোকেল ট্ৰেইন পালেহেঁতেন।ট্ৰেইনসমূহ বাতিল কৰি অসমৰ জনগণক ষ্টপেজ উঠাই দি চলি থকা ট্ৰেইন খনত উঠাৰ মুদা মাৰি থলুৱা লোকসকলক ভাতেমৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে।চৌতাৰাৰ ফুলৰ বাগানৰ পৰা ফুল কঢ়িয়াবলৈ চিফুঙ যাত্ৰীবাহী ৰেলখনক এক্সপ্ৰেছ কৰি ষ্টপেজ উঠাই দিয়া হ’ল। পৰিশ্ৰমৰ ফচল বেচিব কেনেকৈ? মানুহক উপাৰ্জনৰ পথ দিয়া ট্ৰেইন সন্দৰ্ভত এনে বহু সমস্যাক লৈ ৰাজ্য চৰকাৰৰ লগতে সাংসদ বিধায়কৰ নিৰ্লিপ্ত ভূমিকাই বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছে।পুৰণি ট্ৰেইনসমূহ ঘূৰাই দিয়ক।যথোচিত পদক্ষেপ লওঁক।দহৰ উপকাৰ হলে মনত বৰ আনন্দ আহে এই আহ্বান উত্তৰ পূব ৰেলযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক গৰাকীৰ।

আনহাতে এইক্ষেত্ৰত কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতা হেমন্ত দাসেও অনতি পলমে এই স্থানীয় ৰেলসমূহ চলাচল কৰোৱাৰ দাবী জনাই।সামাজিক সংগঠন গৰীৱ নন্দন জনকল্যাণ সমিতিয়ে ইতিমধ্যে ৰেল বিভাগলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি চিপিআইএম,জাতীয় পৰিষদৰ নেতৃবৃন্দইও স্থানীয় ৰেলসমূহ চলাচলৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।

দৰিকা নগৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণৰ সামৰণি

নাজিৰা মহকুমাৰ পানীবিল দৰিকা নগৰ খেলপথাৰত এমাহ জোৰা ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰে৷ আঞ্চলিক ক্ৰীড়া সন্হা পানীবিলৰ উদ্যোগত প্ৰায় ৮০ গৰাকী লৰা-ছোৱালী আৰু নাজিৰা এথলেটিকছ সন্হাৰ প্ৰায় ৫০ গৰাকী ছাত্ৰছাত্ৰীক অনিৰূদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দুগৰাকী প্ৰশিক্ষকে এমাহজুৰি প্ৰশিক্ষণ আগবঢ়াই৷

আজি দৰিকা নগৰ খেলপথাৰত দুয়োজন প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ডা° প্ৰদুত কোৱৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় আৰু ইয়াত নাজিৰা জিলা ক্ৰীড়া সন্হাৰ সম্পাদক গোপাল গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ৷

ছিপাঝাৰৰ স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কাঁহিকুছি কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত শুক্ৰবাৰে হালধাত এটি এদিনীয়া ৰেছম প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালাখন উদ্বোধন কৰে ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চিব্বিক আহমেদে। পুৱা ১০-০০  বজাৰ হালধা বৰনদী প্ৰগতি সংঘৰ সভাগৃহত আৰম্ভ হোৱা সভাত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কিদৰে মুগা, এৰি আৰু পাটসুতা কাটিব পাৰি ইয়াৰ প্ৰশিক্ষণ দিয়া হয়। সভাৰ পূৰ্বে কাৰ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰে খানাপাৰা কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড: জয়ন্ত ঘোসে।

স্থানীয় শিক্ষক তথা বিজ্ঞান কৰ্মী হিৰণ্য কুমাৰ নাথে আঁত ধৰা সভাখনত প্ৰতিনিধি সকলৰ সৈতে  অন্তৰংগ আলাপত ভাগ লৈ জ্যেষ্ঠ বিজ্ঞানী জনে উপস্থিত অংশগ্ৰহণকাৰী সকলৰ সৈতে মত বিনিময় কৰি পলুপালিকা সকলক উদ্বুদ্ধ কৰে। লগতে তেওঁ কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কেও সভাক অবগত কৰে। আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় স্বচ্ছ আৰু আদৰ্শ গাওঁ নিৰ্মাণ অভিযানৰ সৰ্বাধিনায়ক ভাস্কৰ জ্যোতি নাথে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি এছ বি , খানাপাৰাৰ সমন্বয়ক মুনীন্দ্ৰ দাসে। মুগা, এড়ি , পাট পলু কটাৰ ব্যবহাৰিকতা সম্পৰ্কে কাৰিকৰী বিশেষজ্ঞা দিপালী ৰাভাই বক্তব্য আগবঢ়ায়। মেছিন কিদৰে সহজ লভ্য ভাৱে পাব পাৰি সেই বিষয়ে বিস্তৃত ভাৱে বিবৰি কয় আন এগৰাকী বিভাগৰ বিষয়া তথা বৈজ্ঞানিক ড: ৰাজীৱ মুঞ্চীয়ে । তেওঁ দিপালী ৰাভাৰ সহযোগত প্ৰশিক্ষণ স্থলীতে ব্যৱহাৰিকভাৱে মেচিন ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। সভাত গাওঁ প্ৰধান ৰমেশ চৌধুৰী , স্থানীয় সংঘৰ সভাপতি মদন চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবা গৰাকী লোক উপস্থিত আছিল। সামৰণিত শলাগৰ শৰাই আগঢ়াই বিশিষ্ট পলু পালক  ৰেৱন চৌধুৰীয়ে।

আজি বিশ্ব অঁনাতাৰ দিৱস। এইবাৰৰ বিষয়-বস্তু “ৰেডিঅ’ আৰু বিশ্বাস”

তথ্য আৰু মনোৰঞ্জনেৰে সমৃদ্ধ ৰেডিঅ’ হৈছে পুৰণি মাধ্যম।তথ্য-প্ৰযুক্তি আৰু স্মাৰ্ট ফোনৰ জয়কাৰৰ মাজতো আজিঅ ৰেডিঅ’ই হেৰুওৱা নাই মাদকতা।প্ৰায় ১১১ বছৰ পুৰণি ৰেডিঅ’ৰ ইতিহাস।ৰাষ্ট্ৰসংঘৰ মতে, ৰেডিঅ’ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।

আজি ১৩ ফেব্ৰুৱাৰী অৰ্থাত বিশ্ব ৰেডিঅ’ দিৱস। ২০১২ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই দিৱস। সমগ্ৰ বিশ্বতে বিভিন্ন বাৰ্তাৰ আদান প্ৰদান অথবা মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ ভূমিকা অপৰিসীম।

উল্লেখ্য যে, প্ৰতিবছৰে এটা বিশেষ বিষয়-বস্তু নিৰ্ধাৰণ কৰি উদযাপন কৰা হয় ৰেডিঅ’ দিৱস। বিশ্ব ৰেডিঅ’ দিৱস ২০২২ ৰ বিষয়-বস্তু হৈছে ‘‘ৰেডিঅ’ আৰু বিশ্বাস (Radio and trust)”। কিয়নো  এতিয়া ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ ওপৰত মানুহৰ বিশ্বাস ক্ৰমান্বয়ে কমি আহিছে আৰু মানুহে এতিয়াও বিশ্বাসযোগ্য ৰেডিঅ বুলিয়েই ভাৱে।

বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ দেহাৱসান

বাজাজ গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা বাজাজ মটৰ্ছৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ বিয়োগ। প্ৰখ্যাত উদ্যোগপতি গৰাকী ৮৩ বছৰ বয়সত মৃত্যু হৈছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা উদ্যোগপতিগৰাকীয়ে শনিবাৰে বিয়লি মৃত্যুক সাৱটি লয়।

ৰাহুল বাজাজৰ জন্ম ১৯৩৮ চনৰ ১০ জুনত কলকাতাত এটা মাৰোৱাৰী ব্যৱসায়ী পৰিয়ালত হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি বাজাজ গ্ৰুপৰ দায়িত্ব বহন কৰিছিল। ১৯৬৫ চনৰ পৰা সুদীৰ্ঘ ৫০ বছৰ ধৰি তেওঁ বাজাজ গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছিল।২০০১ চনত, এইগৰাকী উদ্যোগপতিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। স্বাধীনতা সংগ্ৰামী জামনালাল বাজাজৰ নাতি আছিল এইগৰাকী ৰাহুল বাজাজ। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁ আইনৰ ডিগ্ৰী ল’বলৈ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁৰ নেতৃত্বতে বাজাজ অটোৰ টাৰ্ণঅ’ভাৰ ৭.২ কোটি টকাৰ পৰা ১২ হাজাৰ কোটি টকালৈ বৃদ্ধি হয় আৰু দেশৰ আগশাৰীৰ স্কুটাৰ আৰু দুচকীয়া বাহন বিক্ৰেতা হিচাপে বাজাজ গ্ৰুপক প্ৰতিষ্ঠা কৰি তোলে।

প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে কয়, “মই তেওঁক কেইবা দশক ধৰি চিনি পাইছিলো। তেওঁ আমাৰ পাৰিবাৰিক বন্ধু আছিল। তেওঁ আৰু মই ৰাজ্যসভাতো বহুমুহূৰ্ত অতিবাহিত কৰিছো। ইয়াৰ উপৰিও, অধিৱেশনৰ সময়ত আৰু কেন্দ্ৰীয় হলতো আলোচনা অনুষ্ঠিত হৈছিল। মই কেইমাহ মান আগতে তেওঁৰ সৈতে ৩০ মিনিটৰ বাবে বাৰ্তালাপ কৰিছিলো।

সোণতলীত ৯ টাকৈ চোৰাং গৰু জব্দ, চালক-সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষীয়ে পুৰাণগাঁৱত অভিযান চলাই বাহনসহ ৯টা চোৰাং গৰুৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ননীগোপাল সৰকাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই পুৱতি নিশা প্ৰায় তিনি বজাত শেলেসুঁতি নামৰ ঠাইত অভিযান চলাই এ এছ-২৫চিচি-৬০২৮ নম্বৰৰ বাহনসহ ৯ টা চোৰাং গৰু জব্দ কৰাৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷

ধৃত গাড়ী চালকজন সোণতলীৰ শেলেসুঁতিৰ সদৰ আলীৰ পুত্ৰ নৈমুদ্দিন (৩৩) আৰু সৰবৰাহকাৰীজন চেঙা সমষ্টিৰ পূৱ ম’হচৰাৰ জিলাৰ ৰহমানৰ পুত্ৰ ৰাশ্বিদুল ইছলাম (১৯) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত নৈমুদ্দিন আৰু ৰশ্বিদুল ইছলামক সোণতলী আৰক্ষীয়ে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷

ক’ভিডসদৃশ ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰাচীন কালৰ ডাইনোচৰ

ভাইৰাছে কোঙা কৰা বিশ্বত মানৱ জাতি সৰ্বশ্ৰান্ত। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে প্ৰভাৱ পেলাই ভাইৰাছে সৃষ্টি কৰিছে মহাত্ৰাস। একেটা ভাইৰাছেই উৎপৰিৱৰ্তন ঘটি নতুন প্ৰকাৰৰ সৃষ্টি হৈ অৱধাৰিত গতি ল’ব ধৰিছে, তাৰ উদাহৰণ ক’ভিডত আক্ৰান্ত হোৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে। এনে সময়তে ভাইৰাছ সন্দৰ্ভত এক নতুন তথ্য উন্মোচিত হৈছে। মানৱ সভ্যতাই ঢুকি নোপোৱা যুগৰে পৰাই বিশ্বত অৱস্থিতি আছিল ভাইৰাছৰ।

ক’ভিডসদৃশ ভাইৰাছত সংক্ৰমিত হৈছিল সৃষ্টিৰ পাতনি কালৰ মহাকায় ডাইনোচৰ। ডাইনোচৰো আক্ৰান্ত হৈছিল শ্বাস-প্ৰশ্বাসজনিত ৰোগত। শেহতীয়া এক অধ্যয়নত প্ৰকাশ হৈছে এই তথ্য। তথ্য অনুসৰি ডাইনোচৰৰ বসতিৰ বহু আগৰে পৰাই বিশ্বত ভাইৰাছৰ অৱস্থিতি লাভ কৰিছে বিজ্ঞানীয়ে। পোন প্ৰথমে ভাইৰাছ সম্বন্ধে মানৱজাতিয়ে ১৮৯৬ চনত জ্ঞাত হৈছিল। ম’জেইক ৰোগৰ জীৱানুক পোন প্ৰথমে ভাইৰাছ আখ্যা দি চিনাক্ত কৰা হৈছিল। ভাইৰাছ হৈছে নিউক্লীয় প্ৰ’টিনৰ দ্বাৰা গঠিত অ-কোষী পৰজীৱী আনুবীক্ষণিক এটা বস্তু। কিন্তু ১৮৯৬ চনত মানৱ জাতিয়ে আৱিষ্কাৰ কৰা ভাইৰাছে আজিৰ পৰা প্ৰায় ১৪৫ নিযুত বছৰৰ আগেয়েই ডাইনোচৰৰ দেহত সংক্ৰমণ সৃষ্টি কৰি ৰোগৰ কাৰণ হৈ পৰিছিল।

শেহতীয়াভাৱে অধ্যয়ণ কৰা এটা জীৱাষ্মৰ পৰা এই কথা গম পোৱা গৈছে যে, ডাইনোচৰৰ দেহতো ক’ভিড সদৃশ ৰোগৰ সৃষ্টিৰ কাৰক এই ভাইৰাছেই আছিল। উদ্ধাৰ হোৱা জীৱাষ্ম অধ্যয়নৰ পৰা তথ্য আহৰণ কৰা হৈছে যে ডাইনোচৰটো জ্বৰ আৰু কাহত গুৰুতৰভাৱে অসুস্থ হৈছিল। জীৱাষ্ম অধ্যয়ন কৰা ডাইনোচৰটো অসুখত ভুগি থকা বুলি বিজ্ঞানীসকলে সন্দেহ কৰিছে। ইয়াৰ ইয়াৰ নাকৰ পৰা শ্লেষ্মা বা কফ ওলাই আহিছিল। জুৰাচিক তৃণভোজীটো জ্বৰ আৰু কাহত ভুগিছিল যি ইয়াৰ দীঘল পেশীবহুল ডিঙিটো জোকাৰি গৈছিল। ৰোগটো আনকি মাৰাত্মকও হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। এই ৰোগে ডাইনোচৰৰ স্বাস্থ্যক ইমানেই গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল যে ই ইয়াৰ জীৱাশ্মযুক্ত হাড়ত ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে এই আঁচহুৱা অৱশিষ্টবোৰ এতিয়া ডাইনোচৰৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ প্ৰথম প্ৰমাণ।

ডাইনোচৰটো কিয় অসুস্থ আছিল এই কথা জীৱাষ্ম অধ্যয়ন কৰি থকা বিজ্ঞানীসকলৰ বাবে তাৎক্ষণিকভাৱে স্পষ্ট নাছিল। ২০১৮ চনত মণ্টানাৰ গ্ৰেট প্লেইনচ ডাইনোচাৰ সংগ্ৰহালয়ৰ জীৱবিজ্ঞানী কেৰী উড্ৰাফে এই ডিপ্লোডোকাছসদৃশ তৃণভোজী প্ৰাণীটো গৱেষণা কৰি থাকোতে কিবা অদ্ভুত লক্ষ্য কৰিছিল। ডাইনোচৰৰ ডিঙিৰ হাড়ৰ ফোঁপোলাবোৰত প্ৰায় ব্ৰকলিৰ দৰে দেখা তৰল আছিল। অৱশেষত জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে ডাইনোচৰটো ক’ভিডসদৃশ ৰোগৰ বাবেই শ্বাস-প্ৰশাসজনিত ৰোগত আক্ৰান্ত হৈছিল।