Home Blog Page 2608

বকোৰ বন বিভাগৰ অভিযানত দুই লক্ষাধিক টকাৰ ফলা কাঠ জব্দ

দীৰ্ঘদিন ধৰি মুল্যবান কাঠৰ চোৰাং ব্যৱসায়ীয়ে দক্ষিণ কামৰূপৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ওপৰত অবাধ ধ্বংস যজ্ঞ চলাই ইয়াৰ মূল্যৱান কাঠৰ চোৰাং বেহা অব্যাহত ৰখাৰ বিপৰীতে চৰকাৰৰ বন বিভাগেও এই চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান৷ বন বিভাগৰ এই অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক অভিযান৷ এই অভিযানত বন বিভাগে চুকুনীয়া পাৰা হৈ নগৰবেৰা অভিমুখে যোৱা পথত এখন ফলাকাঠ ভৰ্তি ট্ৰাক খেদি খেদি এক বৃহৎ পৰিমাণৰ মুল্যৱান ফলা কাঠৰ লগতে এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ কাঠখিনিৰ আনুমানিক মুল্য এক লক্ষাধিক হব বুলি বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোস্থিত বকো বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ নাথৰ নেতৃত্বত আৰু বন্দপাৰা বনাঞ্চলিকৰ সহযোগত বন বাহিনীয়ে চলোৱা অভিযানত অৱশ্যে ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷জানিব পৰা মতে বন বাহিনীৰ উমান পাই ৰাস্তাৰ মাজতে গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয়। পিছত জব্দকৃত কাঠ আৰু গাড়ী বন বাহিনীৰ দলটোৱে বকো বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ যায় ৷ এতিয়া প্ৰশ্ন হল এনে অবাধ বনাঞ্চল ধ্বংসকাৰ্য জড়িত চোৰাং ব্যৱসায়ৰ হাতোৰাৰ পৰা বনাঞ্চল ৰক্ষা কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে বন বিভাগে ? সেয়াই প্ৰকৃতিপ্ৰেমীৰ বাবে হৈ পৰিছে লক্ষণীয় বিষয় ।

আচৰিত! অসমৰ ১৪১টা পুলিচ ষ্টেচনত নাই টেলিফোন

ৰাজ্যসভাৰ গৃহ বিভাগৰ সংসদীয় কমিটিৰ প্ৰতিবেদনত শেহতীয়াকৈ উন্মোচিত হল অসম আৰক্ষী আধুনিকীকৰণৰ আচঁল স্বৰূপ। এই কমিটিৰ প্ৰতিবেদন অনুসৰি- অসমৰ ১৪১টা আৰক্ষী ষ্টেচনত নাই টেলিফোন কাকেনশ্যন। আৰু ৪টা ষ্টেচনত নাই আৰক্ষীৰ কোনো বাহন।

ইফালে অৰুণাচল প্ৰদেশৰো ৯১টা পুলিচ ষ্টেচনৰ ভিতৰত ৫৪টাত নাই টেলিফোন কাকেনশ্যন। ৪টা ষ্টেচনত নাই বাহন। ঠিক তেনেদৰে মেঘালয়ৰো ৭৪টা ষ্টেচনৰ ভিতৰত ৯টাত নাই ষ্টেচন আৰু ৬২টা ষ্টেচনত নাই টেলিফোন কানেকশ্যন।

এই প্ৰতিবেদনত পোহৰলৈ অহা তথ্য অনুসৰি দেশৰ মুঠ ১৬,৮৮৩টা ষ্টেচনৰ ভিতৰত ২৫৭টা ষ্টেচনত নাই গাড়ী। ইয়াৰ বিপৰীতে ৬৩৮টা ষ্টেচনত নাই টেলিফোন। দেশৰ ১৪৩টা ষ্টেচনত নাই ৱায়াৰলেছৰ ব্যৱস্থা।

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ প্ৰভাৱ

দেশত ক্ৰমান্বয়ে কম হৈছে ক’ৰণাৰ ত্ৰাস। বিগত ২৪ ঘন্টাত ৫৮,০৭৭ জনকৈ নতুন লোক আক্ৰান্ত হয় ক’ৰণাত। ইয়াৰ পিছতেই বৰ্তমানলৈ দেশত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৪,২৫,৩৬,১৩৭ জন।

উল্লেখ্য যে, বিগত ৫ দিনৰ পৰা ১লাখতকৈ ক’ম লোক আক্ৰান্ত হৈছে ক’ৰণাত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘন্টাত ৬৫৭ জনৰ মৃত্যু হয় আৰু ইয়াৰ পিছতেই দেশত ক’ৰণাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৫.০৭,১৭৭ জন। বৰ্তমান দেশত ৬,৯৭,৮০২ জন ক’ৰণা আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে।

সমান্তৰালভাৱে অসমতো ক্ৰমান্বয়ে হ্ৰাস পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই অসম চৰকাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই দিয়াৰ নিৰ্দেশ জাৰি কৰিছে।

বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক শিৱিৰ

 দেশৰ অৰ্থনীতি নিৰ্ভৰ কৃষি খণ্ডৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সময়ে সময়ে গ্ৰহণ কৰি অহিছে কৃষি- কৃষক কেন্দ্ৰিক অভিলাষী আঁচনি ৷ দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ আৰু দেশৰ উন্নত পাঁচ ৰাজ্যৰ তালিতাত অসমক অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তবায়িত কৰাব বাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি চৰকাৰৰ কৃষি বিভাগে আৰম্ভ কৰিছে ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক কৃষি ভিত্তিক সজাগতা শিৱিৰ ৷ ইয়াৰে অংশ হিচাবে শুক্ৰবাৰে কামৰূপ জিলাৰ ‘বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়’ত অনুষ্ঠিত হয় ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক এটি বিশেষ শিৱিৰ ৷ কৃষকসকলৰ সৰ্বতোপ্ৰকাৰৰ  উন্নয়ন আৰু কৃষকসকলৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি শিৱিৰত উপস্থিত কৃষি বিষয়াসকলে পি এম কিষাণ নিধি, নিৰ্ধাৰিত চৰকাৰী দামত কৃষকৰ ধান ক্ৰয় আঁচনি, বেংক সম্পৰ্কীয় সমস্যা , কৃষকৰ ফচল বীমা আদিকে ধৰি কৃষি বিষয়ক বিভিন্ন আঁচনিৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

বকো মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা শিৱিৰখনত কৃষকৰ বিভিন্ন সমস্যা আৰু উন্নয়মৰ ওপৰত শিৱিৰত উপস্থিত কৃষি বিষয়া, গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি আৰু কৃষকৰ মাজত মত বিনিময় ও পৰ্যালোচনা কৰা হয়  ৷ অনুষ্ঠানটোত মহকুমা কৃষি বিষয়া গৰাকীয়ে কৃষি বিভাগত চলি থকা বিভিন্ন আঁচনি, কৃষি আঁচনি সমূহৰ সফল ৰূপায়ন লগতে আঁচনিসমূহৰ পৰা প্ৰকৃত খেতিয়কে যাতে বঞ্চিত নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি  মধ্যভোগী চক্ৰৰ পৰা সকলোকে দূৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ অনুষ্ঠানটোত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ  অন্তৰ্গত বকো, বনগাওঁ, সোণতলী, গৰৈমাৰী, নগৰবেৰা আদি কৃষি চক্ৰ এলেকাৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া ক্ৰমে দীপক কুমাৰ ডেকা, হিতেশ ডেকা, আমজাদ আলী, কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী, জ্যোতি ঠাকুৰীয়া, অলক মালি, শশাংক গোস্বামী, ড° নিলাক্ষী শৰ্মাকে ধৰি কৃষি গ্ৰামসেৱক আৰৱ কাৰ্যালয়ৰ বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী উপস্থিত থাকে ৷

প্ৰধানমন্ত্ৰী মোডীক হুংকাৰ দিলে এজন মুখ্যমন্ত্ৰীয়ে! কিন্তু কিয়?

পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে। ৰাজ্যখনৰ বিভিন্ন আচনিঁৰ পৰা বিৰত ৰখাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰিলে যে, নৰেন্দ্ৰ মোডীক শাসনৰ পৰা ওফৰাই দিব পৰা শক্তি আমাৰ আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আপোনালোকে আমাক কোনো ৰাষ্ট্ৰীয় পৰিযোজনা নিদিয়ে, মেডিকেল কলেজ নিদিয়ে। আমাক যদি এনেদৰে অসহযোগ কৰি থাকে আমাৰ একো কবলগীয়া নাই। কিন্তু এনে যদি হৈ থাকে তেনেহলে আমি আপোনালোকক শাসনৰ গাদীৰ পৰা ওফৰাই আমাক সহায় কৰা সকলক শাসনত বহুৱাম।”

এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ ওপৰত এইদৰে ক্ষোভ উজাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ ভালৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতিত যদি সক্ৰিয়তাৰে কাম কৰিব লাগে, সেই কামো কৰিম। ৰাজ্যবাসীয়ে যদিহে আৰ্শীবাদ কৰে দিল্লীৰ শাসনৰ গাদী লৰাই দিম। নৰেন্দ্ৰ মোডী সাৱধান হওঁক, আপোনাৰ ধমকিলৈ আমি ভয় নকৰো।

নব প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ

ওদালগুৰিত  SSBৰ 23BN  লালপুল শিৱিৰৰ  প্ৰশংসণীয় পদক্ষেপ ৷নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ  শিবিৰ আয়োজন কৰা হৈছে ৷ওদালগুৰি জিলাৰ সোনাই খেল পথাৰত আয়োজন কৰে এই বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ৷উক্ত প্ৰশিক্ষণ কেন্দ্ৰ নিৰীক্ষণ কৰিবলৈ দিনৰ প্ৰায়  ৪বজাত উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG  D. K সিনহা ওদালগুৰি জিলাৰ লালপুল 23BN SSB শিবিৰৰ প্ৰশংসনীয় পদক্ষেপ৷লালপুল সীমান্ত শাখাই বিগত দিনত নিজৰ দায়িত্ব আৰু কৰ্তব্য  পালন কৰাৰ লগতে  নিৰপেক্ষ ভাৱে সামাজিক কাম কাজ কৰি আহিছে।

এইবেলিও শিক্ষিত নৱ প্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যোৱা ৮ফেব্ৰৱাৰী তাৰিখৰ পৰা ওদালগুৰি সোনাই খেল পথাৰত ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ শুভাৰম্ভ কৰি প্ৰশিক্ষণ দি থকাৰ সময়তে উক্ত কেন্দ্ৰটো নিৰীক্ষণ কৰিবলৈ উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG D.K সিনহা৷ উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো নিৰীক্ষণ কৰি DIG গৰাকীয়ে কয় যে আগন্তুক দিনতো সীমান্ত শাখাৰ তৰফৰ পৰা শিক্ষিত নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এনে কাৰ্যসূচী চলাই থাকিব৷SSBৰএনে পদক্ষেপক ওদালগুৰিৰ স্থানীয় ৰাইজে  প্ৰশংসা কৰা পৰিলক্ষিত হয়৷

ধনশ্ৰী চাহ বাগিছাত যক্ষ্মা আৰু কভিডৰ টিকাকৰণৰ সম্পৰ্কে সচেনতা

১২ফেব্রুৱাৰী ২০২২ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰত ১৫৪দিন ভেকচিনেচন কাৰ্যসূচীত সুকলমে সম্পূৰ্ণ হয় আৰু  বৰ্তমানলৈ সৰ্বমুঠ দুয়োটা পালি মিলি ১০,৬১০পালি ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে।এই তথ্য পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে জানিবলৈ দিয়ে। আনহাতে  ১১ফেব্ৰুৱাৰী লৈকে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা  কেন্দ্ৰত ১৬৭  সৰ্বমুঠ  গৰাকীক  ক’ভিড পৰীক্ষা অন্তত ক’ভিড পজিটিভৰ সংখ্যা ২৩ জন  আছিল । এই পজিটিভৰ সংখ্যা ১৫ গৰাকীলৈ ক’ভিড পজিটিভৰ সংখ্যা হ্ৰাস পাইছে।

আনহাতে ক’ভিড-১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী আৰু কৰ্তিপক্ষ সমূহে   স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্রদান কৰিবলৈ অহৰহ সহাই কৰি আহিছে। ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্যকর্মীসকলে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্রাণ চেষ্টা চলাই আহিছে। তেনে সময়তে ওদালগুৰি জিলাৰ  ওৰাং মৌজাৰ  অন্তৰ্গত  ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ  ৯ফেব্ৰুৱাৰীত ধনশ্ৰী চাহ বাগিচাৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ মাজত স্বাস্থ্য কৰ্মী ভৱেশ শৰ্মা আৰু সহকাৰী পৰিচালক প্ৰাঞ্জল বৰাৰ সহযোগত     ” আশ্বাসন ” আৰু উচ্চাকাঙ্খী জিল্লাৰ সহযোগিতা কর্মসূচিৰ অধীনত পিৰামল স্বাস্থ্যৰ দ্বাৰা যক্ষ্মা আৰু কোভিড টিকাকৰনৰ সম্পর্কে সচেতনতা তথা চলিত ৰোগীক চিনাক্ত কৰন  কায্য সম্পূৰ্ণ ৰূপে  সমাপ্ত  কৰা হয়। ইয়াৰে কায্য সূচী সমুহত   পূৰবী খাকলাৰী-কমিউনিটি এনগেজমেন্ট লিড, মৰমি দৈমাৰী,-ডিস্ট্রিক্ট প্রোগ্রাম লিড, এডিচি কোভিড ভ্যাকশ্বিনেশ্যন,সমৰদীপ বৰ কটকী-কমিউনিটি মোবিলাইজাৰ,জুলিনা বসুমটাৰী-প্যাৰামেডিক্যাল কর্মী, যশোদা পাইক – আশা কৰ্মী,অঞ্জো চাস্নী – আশা কৰ্মী আদিয়ে সহযোগিতা কৰে ৷

যমৰ যাতনাত সোণতলীৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ নতুন কাঠমী পৰা ডেকাচাং বজাৰ হৈ মালিবাৰীলৈ যোৱা পথ এজাক বৰষুণতে স্তব্ধ হৈ পৰে যাতায়ত৷ পথটোত কেইবা ঠাইত পুখুৰী সদৃশ্য গাঁতৰ সৃষ্টি তথা বিধ্বস্ত ৰূপ ধাৰণ কৰাত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে বৃহৎসংখ্যক ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ সময়ৰে পৰা সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত বাট-পথ, খোৱাপানী, স্বাস্থ্য সেৱা আদি উন্নয়নৰ ক্ষেত্ৰত সৰ্বত্ৰ অৱহেলিত হৈ আছে৷ এজাক বৰষুণতে পথত একাঁঠু পানী জমা হোৱাত পথচাৰীসকল সমস্যাত পৰিছে৷ বকো সমষ্টিৰ ছমৰীয়া-সোণতলী গড়কাপ্তানি পথ সংলগ্ন নতুন কাঠমী চাৰিআলি চ’ক-ডেকাচাং মালিবাৰীলৈ প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধ্বস্ত পথছোৱাৰে বৃহত্তৰ অঞ্চলবাসীয়ে খোজকাঢ়ি, চাইকেল, মটৰ চাইকেল ঠেলি প্ৰতিদিনে বিপদসংকুলভাৱে বহিঃজগতৰ লগত সম্পৰ্ক ৰাখিবলগীয়া হৈছে৷

আনহাতে নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ বিধ্বস্তপ্ৰায় পথটো খৰালিত ধুলি-বালি, বাৰিষাত বোকা-পানী গচকি অঞ্চলবাসী ৰাইজৰ লগত শিক্ষাৰ্থীসকলে যাতায়াত কৰিবলগীয়া হৈছে। উক্ত অঞ্চলৰ একমাত্ৰ পকী পথটোৰ অধিকাংশই জহি-খহি যোৱাৰ ফলত পথটো খুবেই শোচনীয়ৰূপ ধাৰণ কৰিছে। পথটি মেৰামতিৰ বাবে দাবী জনাই অহাৰ পিচতো স্থানীয় বিধায়িকা নন্দিতা দাসে আজিলৈকে কোনোধৰণৰ গুৰত্ব দিয়া পৰিলক্ষিত নহ’ল। উল্লেখ্য যে অঞ্চলটোৰ বাট-পথবোৰ শোচনীয় ৰূপ ধাৰণ কৰাত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱা ১০২ আৰু ১০৮ মৃত্যুঞ্জয় আদি গাড়ীৰে কঢ়িওৱা প্ৰসূতি তথা জটিল ৰোগত আক্ৰান্ত ৰোগী চিকিৎসালয়ত নিৰ্দিষ্ট সময়ত গৈ নাপায়৷ নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ গুৰুত্বপূৰ্ণ পথটি অতিশীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷

দেশত আত্মহত্যা কৰা লোকৰ সংখ্যা জানিলে দুচকু সেমেকিব আপোনাৰো

ক্ৰমবৰ্ধমান আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে ক’ভিড-জৰ্জৰিত ভাৰতক৷ ২০১০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে সৰ্বাধিক নিবনুৱাই৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে বুধবাৰে ৰাজ্যসভাত এই সম্পৰ্কত তথ্য সদৰী কৰি কয় যে, দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ১৬,০০০ৰো অধিক লোকে আত্মহত্যা কৰিছে ভাৰতবৰ্ষত৷ আনহাতে, ২০১৮ৰ পৰা ২০২০চনৰ ভিতৰত কৰ্মসংস্থাপনহীনতাৰ বাবে ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছে৷

কৰ্মসংস্থাপনহীনতাৰ বাবে দুবছৰত ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছিল‍৷ অথচ, এটা বছৰতে, অৰ্থাৎ ২০২০ বৰ্ষত ৩,৫৪৮গৰাকী লোকে আত্মহত্যা কৰিছে৷ ২০২০ বৰ্ষত এই তিনি সহস্ৰাধিক লোকে, এনে সময়ত আত্মহত্যা কৰিছে, সিসময়ত ক’ভিড-১৯ৰ বাবে দেশত লকডাউন আৰোপ কৰা হৈছিল আৰু বহুতো খণ্ডত কৰ্মৰত শ্ৰমিক আৰু কৰ্মচাৰীয়ে চাকৰি হেৰুওৱা আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ খবৰ পোৱা গৈছিল।

গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২০ চনত দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ৫,২১৩ জন, ২০১৯ চনত ৫,৯০৮ জন আৰু ২০১৮ চনত ৪,৯৭০ জন লোকে আত্মহত্যা কৰিছিল। ২০২০ চনত নিবনুৱাৰ বাবে মুঠ ৩,৫৪৮ জন, ২০১৯ চনত ২,৮৫১ জন আৰু ২০১৮ চনত ২,৭৪১ জন লোকে আত্মহত্যা কৰিছিল৷

সমাজবাদী পাৰ্টীৰ সুখৰাম সিং যাদৱৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে সামাজিক সুৰক্ষাৰ লাভালাভ আৰু নিযুক্তি পুনৰুদ্ধাৰৰ লগতে নিয়োগকৰ্তাসকলক নতুন চাকৰি সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ বাবে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ জৰিয়তে নাগৰিকসকলৰ বাবে নিযুক্তি আৰু উপাৰ্জন উৎপাদনৰ বাবে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰিছে। লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন, স্মাৰ্ট চিটী মিছন, পুনৰুজ্জীৱিতকৰণ আৰু নগৰ পৰিৱৰ্তনৰ বাবে অটল মিছন, সকলোৰে বাবে গৃহ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়ন আৰু ঔদ্যোগিক কৰিড’ৰ আদি কাৰ্যসূচীৰ কথাও উল্লেখ কৰে৷ যিবোৰ আঁচনিয়ে ভৱিষ্যতে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

বিহালীৰ অনিল কুৰ্মীৰ হত্যাকাৰীক কৰায়ত্বৰ দাবীত প্ৰতিবাদী সভা

বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ  অন্তৰ্গত ৰতোৱাৰ অনিল কুৰ্মী নামৰ শ্ৰমিক জনৰ মৃত্যুক লৈ আজিও উত্তেজনা অব্যাহত আছে। ৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ পিছত আজি এই সন্দৰ্ভত দ্বিতীয় খন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে,৪ ফেব্ৰুৱাৰীত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি হত্যাকাৰী কৰায়ত্বৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল। ইতিমধ্যে আৰক্ষীয়ে কিছু পৰিমাণে তৎপৰতা প্ৰদৰ্শন কৰি সন্দেহত দুজন লোকক আটক কৰাত উক্ত ঘেৰাও কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা গৈছে। তাৰোপৰি হত্যাকাৰীক সোনকালেই ধৰিব বুলি জিনজিয়া আৰক্ষীয়ে সংগঠনৰ নেতৃত্বকাৰীক প্ৰতিশ্ৰুতি দিয়াত এই ধৰ্না কাৰ্যসূচী বাতিল কৰা বুলি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীয়ে জানিবলৈ দিয়ে।

আনহাতে, আজি অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে কৃষক মহাসভাৰ বিহালীৰ নেতা লক্ষ্মীকান্ত কুৰ্মীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰোত্তম চুণ্ডীয়ে। সভাত আটছা নেতা আকাশ কিচান, আদিবাসী ছাত্ৰ সন্থাৰ নেতা অজিৎ কুৰ্মী,কাছাৰ নেতা জ্যোতিপ্ৰকাশ বৰা,চিপিআই(এম-এল)ৰ অনন্ত হাজৰিকাৰ লগতে স্থানীয় গোলোক কুৰ্মী, প্ৰেম তেলী,দ্বীজেন কুৰ্মী, সমাজ সেৱিকা ৰেজিয়া খান লস্কৰ আদিয়ে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে,ৰতোৱাৰ নিৰ্মাণৰত ক্ষুদ্ৰ চাহ উদ্যোগটোত নৈশ চকীদাৰ হিচাপে কৰ্মৰত আছিল অনিল কুৰ্মী নামৰ লোকজন। বিগত ২৪ ডিচেম্বৰৰ নিশা কৰ্মৰত অৱস্থাতে তেওঁৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন উঠি আছে ।