Breaking

প্ৰধানমন্ত্ৰী মোডীক হুংকাৰ দিলে এজন মুখ্যমন্ত্ৰীয়ে! কিন্তু কিয়?

0 2,042

পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে। ৰাজ্যখনৰ বিভিন্ন আচনিঁৰ পৰা বিৰত ৰখাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰিলে যে, নৰেন্দ্ৰ মোডীক শাসনৰ পৰা ওফৰাই দিব পৰা শক্তি আমাৰ আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আপোনালোকে আমাক কোনো ৰাষ্ট্ৰীয় পৰিযোজনা নিদিয়ে, মেডিকেল কলেজ নিদিয়ে। আমাক যদি এনেদৰে অসহযোগ কৰি থাকে আমাৰ একো কবলগীয়া নাই। কিন্তু এনে যদি হৈ থাকে তেনেহলে আমি আপোনালোকক শাসনৰ গাদীৰ পৰা ওফৰাই আমাক সহায় কৰা সকলক শাসনত বহুৱাম।”

এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ ওপৰত এইদৰে ক্ষোভ উজাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ ভালৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতিত যদি সক্ৰিয়তাৰে কাম কৰিব লাগে, সেই কামো কৰিম। ৰাজ্যবাসীয়ে যদিহে আৰ্শীবাদ কৰে দিল্লীৰ শাসনৰ গাদী লৰাই দিম। নৰেন্দ্ৰ মোডী সাৱধান হওঁক, আপোনাৰ ধমকিলৈ আমি ভয় নকৰো।

Leave A Reply