Breaking

যমৰ যাতনাত সোণতলীৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ

0 1,035

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ নতুন কাঠমী পৰা ডেকাচাং বজাৰ হৈ মালিবাৰীলৈ যোৱা পথ এজাক বৰষুণতে স্তব্ধ হৈ পৰে যাতায়ত৷ পথটোত কেইবা ঠাইত পুখুৰী সদৃশ্য গাঁতৰ সৃষ্টি তথা বিধ্বস্ত ৰূপ ধাৰণ কৰাত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে বৃহৎসংখ্যক ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ সময়ৰে পৰা সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত বাট-পথ, খোৱাপানী, স্বাস্থ্য সেৱা আদি উন্নয়নৰ ক্ষেত্ৰত সৰ্বত্ৰ অৱহেলিত হৈ আছে৷ এজাক বৰষুণতে পথত একাঁঠু পানী জমা হোৱাত পথচাৰীসকল সমস্যাত পৰিছে৷ বকো সমষ্টিৰ ছমৰীয়া-সোণতলী গড়কাপ্তানি পথ সংলগ্ন নতুন কাঠমী চাৰিআলি চ’ক-ডেকাচাং মালিবাৰীলৈ প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধ্বস্ত পথছোৱাৰে বৃহত্তৰ অঞ্চলবাসীয়ে খোজকাঢ়ি, চাইকেল, মটৰ চাইকেল ঠেলি প্ৰতিদিনে বিপদসংকুলভাৱে বহিঃজগতৰ লগত সম্পৰ্ক ৰাখিবলগীয়া হৈছে৷

আনহাতে নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ বিধ্বস্তপ্ৰায় পথটো খৰালিত ধুলি-বালি, বাৰিষাত বোকা-পানী গচকি অঞ্চলবাসী ৰাইজৰ লগত শিক্ষাৰ্থীসকলে যাতায়াত কৰিবলগীয়া হৈছে। উক্ত অঞ্চলৰ একমাত্ৰ পকী পথটোৰ অধিকাংশই জহি-খহি যোৱাৰ ফলত পথটো খুবেই শোচনীয়ৰূপ ধাৰণ কৰিছে। পথটি মেৰামতিৰ বাবে দাবী জনাই অহাৰ পিচতো স্থানীয় বিধায়িকা নন্দিতা দাসে আজিলৈকে কোনোধৰণৰ গুৰত্ব দিয়া পৰিলক্ষিত নহ’ল। উল্লেখ্য যে অঞ্চলটোৰ বাট-পথবোৰ শোচনীয় ৰূপ ধাৰণ কৰাত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱা ১০২ আৰু ১০৮ মৃত্যুঞ্জয় আদি গাড়ীৰে কঢ়িওৱা প্ৰসূতি তথা জটিল ৰোগত আক্ৰান্ত ৰোগী চিকিৎসালয়ত নিৰ্দিষ্ট সময়ত গৈ নাপায়৷ নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ গুৰুত্বপূৰ্ণ পথটি অতিশীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷

Leave A Reply