Home Blog Page 2613

বৰছলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক

বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ  ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি এগৰাকী মহিলা সহ ২জন পুৰুষক ড্ৰাগছ সহ কৰায়ত্ত কৰে। ধৃত ড্ৰাগছ সৰবৰাহ কাৰী কেইজন ক্ৰমে বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনিয়াভেটিৰ  আব্দুল মতিন (৪১ ), মমতাজ বেগম ( ৩৪) আৰু মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰীৰ খাইৰুল আলী(২৫ )। ধৃত ড্ৰাগছ সৰবৰাহ কাৰী সকলৰ পৰা আৰক্ষীয়ে ১ টা ড্ৰাগছ ভৰ্তি  চাবোনৰ বাকচ  জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১৩গ্ৰাম। সম্প্রতি ধৃত ড্ৰাগছ সৰবৰাহ কাৰী তিনিওকে আৰক্ষীয়ে থানাত সোধ পোচৰ বাবে জিম্মাত ৰখা হৈছে।

মুম্বাইত জিলিকিল অসম কন্যা সুচমা বৰ্মন

নিজৰ প্ৰতিভা আৰু সৌন্দৰ্য্যৰ গুণত ২০২১ বৰ্ষৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰা কাছাৰ জিলাৰ জীয়ৰী সুচমা বৰ্মণক বিপুল আদৰণি জনায় জন্ম স্থান কনকপুৰত। প্ৰাপ্ত তথ্য অনুসৰি অলপতে মুম্বাইৰ লনাবালাৰ কুমাৰ ৰিছোৰ্টছত আয়োজন কৰা হৈছিল মিছ ইণ্ডিয়া ২০২১ বৰ্ষৰ প্ৰতিযোগীতা। কাছাৰৰ বীৰেন্দ্ৰ চন্দ্ৰ বৰ্মণ আৰু সুনিৰা বৰ্মণৰ জীয়ৰী সুচমা বৰ্মণে শিলচৰ অসম বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰাৰ লগতে ভিন্ন প্ৰতিভাৰ অধিকাৰী।

জানিব পৰা মতে ; মহাৰাষ্ট্ৰৰ মিডিয়া পাৰ্টনাৰ আজটকৰ সহযোগত আয়োজন কৰা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা ফাইনেল ৰাউণ্ডৰ ইভেন আয়োজন কৰা হৈছিল আয়ুশ ৰিছোৰ্টজত। ফেছন ডিজাইনাৰ উমং মেহতাই আত ধৰা অনুস্থানত উৰিষ্যাৰ জীৎ আৰু বিপাষাপট্টনমৰ প্ৰীয়া প্ৰিয়ম্বদা নামৰ মেকাপ মেনৰ তৎপৰতাত লেকমি একাডেমীৰ কৰ্মকৰ্তাই সহযোগ আগবঢ়াই। ইফালে মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা সুচমা বৰ্মণক জন্ম স্থান গাওঁত বিপুল আদৰণি জনোৱা হয়।মন কৰিবলগীয়া যে এনেদৰে অসমৰ নাম উজ্জ্বল কৰাৰ পিছতো সুচমাই লাভ কৰা নাই কোনো চৰকাৰী সা সুবিধা।

ছমৰীয়াত শিলা বৃষ্টিৰ ক্ষয়-ক্ষতিৰ বুজ ললে বিধায়িকা নন্দিতা দাসে

কামৰূপ জিলা বকো সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লগতে ছমৰীয়া সত্ৰ অঞ্চলত যোৱা ৫ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰৱল শিলা বৃষ্টিয়ে কৰা ক্ষয়-ক্ষতিৰ  আজি ঘৰে ঘৰে গৈ বুজ ললে সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ উল্লেখ্য, উক্ত শিলা বৃষ্টিয়ে ছমৰীয়া সত্ৰ এলেকাৰ কৃষকৰ কৃষি পথাৰকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ ঘৰ- দূৱাৰৰ বিস্তৰ ক্ষতি সাধন কৰে । শিলা বৃষ্টিৰ প্ৰকোপ ইমানেই বেচি আছিল যে সমষ্টিখনৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ছমৰীয়া,কাহিবাৰী, হাউলীটাৰী, শালমাৰা, পুঠিমাৰী, আলোকজাৰি আদি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰ -দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চালনি ফুটাদি ফুটা কৰি থৈ যায় ঘৰৰ চালিৰ টিন ৷

বিশেষকৈ কৃষকৰ ৰাজহাড় ভাঙি পেলোৱা এই শিলাবৃষ্টিয়ে পথাৰৰ সঁৰিয়হ, ডেমচি, শাক- পাচলি আদি সম্পূৰ্ণ মাটিৰ লগত মিলাই থৈ যায় ৷ এনে পৰিস্থিতিত আজি বিধায়িকা গৰাকীয়ে ছমৰীয়া সত্ৰৰ প্ৰায় প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ গৈ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে এই দূৰ্যোগৰ বলি হোৱা দৰিদ্ৰৰ দুখৰ সমভাগী হয় আৰু সান্তনা দিয়ে ৷ ইয়াৰোপৰি চৰকাৰী সাহাৰ্যৰ বাবে পৰিয়ালসমূহে গ্ৰহন কৰিবলগীয়া পদক্ষেপ সম্পৰ্কতো  ক্ষতিগ্ৰস্থ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ বিধায়ক গৰাকীয়ে এই পৰিদৰ্শন কালত ৰাইজৰ এই দূৰ্যোগৰ সময়তো প্ৰশাসনে কোনো খা-খৱৰ নোলোৱা কাৰ্যতো ক্ষোভ প্ৰকাশ কৰে ৷ বিধ্বস্থ চিনৰ চালিৰ তলতে একাংশ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগা হোৱা পৰিস্থিতিৰ বাবে বিধায়িকা গৰাকীয়ে দুখ প্ৰকাশ কৰি ক্ষতিগ্ৰস্থ এই পৰিয়ালসমূহক শীঘ্ৰে উপযুক্ত ক্ষতি পূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

লতাজীৰ বিচিত্ৰ জীৱন পৰিক্ৰমাত এভূমুকি……

বিশ্ববিশ্ৰুত সংগীতশিল্পী লতা মংগেশকাৰৰ জীৱন আছিল বৈচিত্ৰ্যপূৰ্ণ৷ সংগীতৰ উপৰি ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে ছবছৰীয়া কাৰ্যকালত লতা মংগেশকাৰে এবাৰো দৰমহা গ্ৰহণ কৰা নাছিল৷ তেওঁ ১৯৯৯ চনৰ ২২ নৱেম্বৰত বিজেপিৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০০৫ চনৰ ২১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল৷

এক আৰটিআই তথ্যত প্ৰকাশ কৰা হৈছিল যে তেওঁৰ কাৰ্যকালত তেওঁ কেতিয়াও এগৰাকী সাংসদ হিচাপে লাভ কৰা ভাট্টা গ্ৰহণ কৰা নাছিল। অৱশ্যে, সাংসদ লতা মংগেশকাৰৰ কাৰ্যকালৰ সময়ছোৱাত সদনত প্ৰায়ে অনুপস্থিত আছিল। ছয় বছৰত তেওঁ কেৱল ১২ দিনহে সদনত উপস্থিত আছিল৷ সেই ছয় বছৰত তেওঁ ৰে’লৰ লাইনচ্যুত হোৱাৰ বিষয়ে মাত্ৰ এটা প্ৰশ্ন সুধিছিল৷
এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, তেওঁ সদায় অনুভৱ কৰিছিল যে তেওঁ সংসদৰ বাবে অনুপযুক্ত।

তেওঁ লগতে কৈছিল, মই সংসদত অন্তৰ্ভুক্ত হ’বলৈ অনিচ্ছুক আছিলোঁ। দৰাচলতে, যিসকলে মোক ৰাজ্যসভাৰ সাংসদ হ’বলৈ অনুৰোধ কৰিছিল তেওঁলোকক মোক এৰি দিবলৈ মই অনুৰোধ কৰিছিলোঁ৷ ৰাজনীতিৰ বিষয়ে মইনো কি জানিছিলো বুলি তেওঁ মন্তব্য কৰিছিল৷ লতাজীয়ে লগতে কৈছিল, যদিও মোৰ এল কে আদৱানীজী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ প্ৰতি সৰ্বাধিক সন্মান আছিল, তথাপিও মই কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়৷

প্ৰায়ে তেওঁক তেওঁ প্ৰতিনিধিত্ব কৰা চিনেমা উদ্যোগটোৰ বিষয়বোৰ উত্থাপন নকৰাৰ বাবে সমালোচনা কৰা হৈছিল৷ প্ৰত্যুত্তৰত তেওঁ কৈছিল, মোক প্ৰায়ে সোধা হৈছিল যে মই সংসদত চলচ্চিত্ৰ উদ্যোগৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ কিয় সমাধান কৰা নাছিলোঁ। মই কেৱল ক’ব পাৰোঁ যে মই মনোৰঞ্জন উদ্যোগৰ সৈতে সেই পৰিমাণে সম্পৰ্কিত নাছিলোঁ যে মই ইয়াৰ সমস্যাবোৰৰ বিৰুদ্ধে মাত মাতিব পাৰিছিলোঁ৷ মই এজন গায়ক বা বক্তা নহয়। হয়তো এতিয়া সংসদত থকা ৰেখাই চলচ্চিত্ৰ উদ্যোগক পীড়িত কৰা সমস্যাবোৰ কঢ়িয়াই আনিবলৈ অধিক ভালদৰে সক্ষম হ’ব। এইগৰাকীয়েই লতা মংগেশকাৰ৷ যাৰ জীৱন আছিল এক অনন্য পৰিচয় আৰু দেশৰ চিনাকি৷

পঞ্চভূতত বিলীন হ’ল কোকিলকণ্ঠী লতা মংগেশকাৰ

কোকিলকণ্ঠী আৰু নাই, শিৱাজী পাৰ্কত পঞ্চভূতত বিলীন হ’ল লতা মংগেশকাৰৰ নশ্বৰ দেহ, ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা চৰকাৰৰ।দেওবাৰে পুৱা ৮ বাজি ১২ মিনিটত মুম্বাইত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সংগীত জগতৰ সম্ৰাজ্ঞীগৰাকীয়ে। প্ৰায় চাৰি সপ্তাহ ধৰি মুম্বাইৰ ব্ৰিছ কেণ্ডী হস্পিতালত চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ। কোভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁক যোৱা ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কোভিডত আক্ৰান্ত শিল্পীগৰাকী কিছুদিন পূৰ্বে নিউম’নিয়াতো আক্ৰান্ত হৈছিল যদিও কিছু সুস্থ হোৱাৰ পিছত কালি তেওঁৰ স্বাস্থ্যৰ অৱনতি পুনৰ ঘটে আৰু ততাতৈয়াকৈ তেওঁৰ ভেন্টিলেশ্যনত ৰকা হয়। পুৱা চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি তেওঁ চকু মুদে।

১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰৰ এক মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে। লতাৰ পিতৃ আছিল থিয়েটাৰ কোম্পানীৰ মালিক আৰু মাৰাঠী চলচ্চিত্ৰ প্ৰযোজক দীননাথ মংগেশকাৰ। দীননাথ মংগেশকাৰৰ ৪২ বছৰ বয়সত মৃত্যু হৈছিল। দীননাথৰ মৃত্যুৰ সময়ত মাত্ৰ ১৩ বছৰীয়া আছিল লতা। লতাই তেওঁৰ মাক শুদ্ধমতী আৰু তেওঁৰ চাৰিজন সৰু ভাই-ভনীৰ ভৰণপোষণৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া লৈছিল। অভাৱ দূৰ কৰিবলৈ লতাই ১৯৪০ ৰ মাজভাগত মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিবলৈ লোৱাৰ লগতে আৰু গানো গাইছিল ।মুম্বাইলৈ অহাৰ পাছত ১৯৪৮ চনত প্ৰথম বাৰ ব হিন্দী ছবি ‘মজবুৰ’ত লতাই গান গাইছিল। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। সকলো প্ৰতিকূলতাক নেওঁচি লতা মংগেশকাৰে ৮টা দশকজুৰি ৪০ টাতকৈ অধিক ভাষাত গীত গাই সংগীতৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা ।

পাঁচ বছৰৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা । ১৯৪২ চনত লতাই প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল ‘পাহিলী মঙ্গাগৌৰ’।সেই বছৰতে তেও মাৰাঠী ছবি ‘কিতী হচাল’ত প্ৰথম গীত গাইছিল। দেওবাৰে আবেলি মুম্বাইৰ শিৱাজী পাৰ্কত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত লতা মংগেশকাৰৰ অন্তিম সংস্কাৰ কৰা হয়। তেওঁৰ অন্তিম সংস্কাৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি বহু প্ৰসিদ্ধ ৰাজনীতিক ব্যক্তিয়ে শিৱাজী পাৰ্কলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কোকিলকণ্ঠীৰ মৃতদেহ এখন ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি সৎকাৰস্থলীলৈ নিয়া হয়। ইপিনে লতা মংগেশকাৰৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া শোক দিৱস ঘোষণা কৰিছে। কাইলৈ আৰু পৰহিলৈ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব চৰকাৰ আৰু দেশবাসীয়ে। মহাৰাষ্ট্ৰৰ চৰকাৰেও লতা মংগেশকাৰৰ মৃত্যু দুদিনীয়া শোক ঘোষণা কৰিছে।

বঙাইগাঁও প্ৰেছ ক্লাবত লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলি

কোকিলকণ্ঠী গায়িকা, ভাৰতৰত্ন লতা মংগেশকাৰৰ মহাপ্ৰয়াণত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ৷ লগতে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কৰিছে ৷ ইপিনে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সাংবাদিকসকলৰ লগতে বঙাইগাঁও জিলা শিল্পী সমাজে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত নাইটিংগেল অৱ ইণ্ডিয়াখ্যাত প্ৰয়াত লতা মংগেশকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখনত শিল্পী পেঞ্চানাৰ নন্দকিশোৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভ কৰে ৷

ইয়াৰ পিছতে শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মন, উপদেষ্টা দীপক দাস, সম্পাদক মনোৰঞ্জন বৰ্মনৰ লগতে প্ৰেছ ক্লাবৰ সদস্যসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শিল্পী সমাজৰ বিষয়ববীয়াসকলে শিল্পীগৰাকীক তেওঁ গোৱা গীত গাই শ্ৰদ্ধাঞ্জলি জনায় ৷ অনুষ্ঠানত শিল্পী পেঞ্চনাৰ নন্দকিশোৰ চৌধুৰীয়ে মুম্বাইত জীৱন্ত কিংবদন্তী লতা মংগেশকাৰক লগ পোৱাৰ কথা ব্যক্ত কৰি তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷ লগতে এই ক্ষতি কেতিয়াও পূৰণ নহয় বুলিও কৈ এফাকি তেওঁৰ গীতৰে শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ সদগতি কামনা কৰে ৷ সেইদৰে শিল্পী সমাজেও আজিৰ দিনটো এটা অত্যন্ত দুখৰ দিন বুলি উল্লেখ কৰি কয় যে ভৱিষ্যতে এনে কোকিলকণ্ঠ গায়িকা আৰু যে পাম সেয়া সন্দেহ আছে ৷ তেওঁ আছিল দেশৰ গৌৰৱ ৷ ইতিমধ্যে দেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে দেশৰ সৰ্বোচ্চ বঁটা লাভ কৰিছে ৷ দেশৰ সংগীত সম্ৰাজ্ঞীগৰাকীৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি কৈ প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷

বিহু পাতিবলৈ আমি দিম টকাঃ মুখ্যমন্ত্ৰী

বিহু পাতিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। এক সংবাদমেলযোগে তেওঁ কয়- বিহুৰ নামত যদি কোনোয়ে চান্দা নোতোলে তাৰ বাবে ৰাজ্যচৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি বহাগৰ প্ৰথম ৭টা দিনৰ ভিতৰত বিহু অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে আয়োজকসকলক দিব ডেৰ লাখকৈ টকা। অৱশ্যে এই বিহু ১০বছৰৰ পুৰণি হব লাগিব। এইবাৰ বহাগ বিহু সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব সান্ধ্য আইন, সকলোতে সকাহ!

  • ৰাজ্যত নাথাকিব নৈশ কাৰ্ফিউ, খুলিব সকলো শিক্ষানুষ্ঠান।

  • ১০০শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব চিনেমা হলত।

  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

  • জিম, চুইমিং পুল সকলো খোলা হব।

  • ১৫ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হব এই নতুন sop

  • ১৫মাৰ্চৰ পূৰ্বে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে লব লাগিব ভেকচিন।

ওদালগুৰিত ১০,০১,৯০৩ হিতাধিকাৰীক কভিড ভেকচিন প্ৰদান

৬ ফেব্ৰুৱাৰীলৈ ওদালগুৰি জিলাত মুঠ  ১০,০১,৯০৩ গৰাকী হিতাধিকাৰীক  কভিড ভেকচিন প্ৰদান কৰা হৈছে ৷মুঠ ৬৪০টা ভেকচিনেশ্যন কেন্দ্ৰত প্ৰথম পালি ৫৯৮৬৭৫  দ্বিতীয় পালি ৩৯৮০৪৭  আৰু Precaution Dose  ৫১৮১গৰাকী হিতাধিকাৰীক দিয়া হৈছে বুলি ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ  জিলা প্ৰতিষেধক বিষয়া ডাঃ গনেশ ব্ৰহ্মই জনাইছে৷ আনহাতে ৬ ফেব্ৰুৱাৰীত  ওদালগুৰিত ৮৩ গৰাকীক পৰীক্ষা কৰাৰ অন্তত ২ গৰাকী কভিড ১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয় ৷

১ জানুবাৰীৰ পৰা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ সংখ্যা  ১৫৭৫ গৰাকী। ইয়াৰ ভিতৰত  ১১৩ সক্ৰিয় ৰোগী ,১১০ গৰাকী হোম আইচোলেচনত আৰু ৩  গৰাকী হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ইতিমধ্যে ১৪৫৬  গৰাকী কভিভ নিগেটিভ হৈছে ৷ইতিমধ্যে ১৪৫৬ গৰাকী কভিড মুক্ত তথা কভিডৰ পৰা  আৰোগ্য লাভ কৰিছে ৷ ১ জানুবাৰীৰ পৰা আজিলৈ ৬ গৰাকী কভিড ৰোগী মৃত্যু হৈছে ৷

নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দাবী লোকনির্মাণ পথ বিভাগৰ

ৰাজ্যত পথ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ লোকনির্মাণ বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ  মন্ত্ৰণালয়ৰ অধীনৰ “ভাৰতমালা” আঁচনিৰ আৰ্হিত গ্ৰহণ কৰিছিল “অসমমালা” নামৰ এখন অভিলাষী আঁচনি। আঁচনি খনৰ মূল লক্ষ্য আছিল পূৰ্বৰ গুৰুত্বপূৰ্ণ কিন্ত একক পথযুক্ত পথ সমূহক দুই লেনযুক্ত পথলৈ উন্নীতকৰণ কৰি পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ লগতে যান বাহনৰ চলাচলৰ সময় ৰাহি কৰা।

আনহাতে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত পলাশবাৰী উপ সংমণ্ডলৰ তদাৰকতাত  অসমমালা আঁচনিৰ অধীনত বিগত ২০২১ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপনৰে পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ দাঁতিৰ মথাউৰীৰ পৰা পলাশবাৰী, মিৰ্জা, বৰিহাট, লোহাৰঘাট, বৰদোৱা বাগানহৈ মুদকীলৈ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল প্ৰায় ২৯ কিঃমিঃ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এটা পথ। ১৬৪.৫৫ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ২৪ মাহ বা দুই বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এই সন্দৰ্ভত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে ভাৰত চৰকাৰৰ  ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ  (National Highway Standard) দৰে একে বা সমপৰ্যায়ৰ মানদণ্ডৰে নিৰ্মাণ কৰি থকা পথছোৱাৰ এবছৰ নৌহতেওঁ ৬০ শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। বিভাগৰ ফালৰ পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হলেও তাৰ প্ৰায় পাঁচ বা ছয়মাহ পূৰ্বে অৰ্থাৎ অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজাৰ আগতেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে এই লক্ষৰে পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে মেচাৰ্চ অনিল শৈলজা (জে.ভি) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মূল কাণ্ডাৰী তথা দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰি  লোক নির্মাণ বিভাগত এক বিৰল ইতিহাসৰ সৃষ্টি কৰা ঠিকাদাৰ  অনিল দাসে। ইতিমধ্যে ঠিকাদাৰ গৰাকীয়ে প্ৰায় ৫০০ জন শ্ৰমিকৰ জৰিয়তে যুদ্ধকালীন তৎপৰতাৰে শেহতীয়া অত্যাধুনিক  প্ৰযুক্তিৰ নানান যন্ত্ৰপাতি , মেচিন, বাহন আদিৰে সমগ্ৰ পথছোৱাৰ ঠায়ে ঠায়ে প্ৰাককলন অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে যাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, পলাশবাৰীৰ পৰা মিৰ্জা হৈ চানডুবি সংযোগী পথৰ মুদকীলৈ নিৰ্মাণ কৰি থকা পথছোৱাৰ যিবিলাক স্থানত পদপথ সহিতে পানী পৰিবাহী নলা থাকিব তাত বহল হ’ব ১৫ মিটাৰ। তেনেদৰে নলা-পদপথ নথকা স্থানত বহল হ’ব ১৪ মিটাৰ। পূৰ্বতে  মাত্ৰ ৩.৭৫ মিটাৰ বহলৰ একক লেনৰ পকী অংশ সহ মুঠ বহল আছিল মাত্ৰ ৭.৫০ মিটাৰ।  বিপৰীতে এতিয়া দুই লেনযুক্ত পথটোৰ বহল হ’ব  দুগুণৰো অধিক অৰ্থাৎ পকী অংশখিনীৰ বহল ১০ মিটাৰ হ’ব। পথটোত বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত ৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰা হৈছে। য’ত তলেৰেও পূৰ্বৰ পথৰেও বাহন চলাচল কৰাৰ ব্যৱস্থা ৰখা হৈছে। সমগ্ৰ পথটোত ৭১ টা সৰু-বৰ পানী পৰিবাহী কালভাৰ্ট থাকিব। অৱশ্যে পথছোৱাৰ মিৰ্জা ৰেল ষ্টেচনৰ সমীপত থকা ৰেলৱে ক্ৰছিংটোত অনাগত দিনত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ   বাবেও ব্যৱস্থা ৰখা হৈছে। য’ত উৰণীয়া সেঁতুসহ পথৰ দৈৰ্ঘ্য হব প্ৰায় ১.৩ কিঃমিঃ।আনহাতে কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে পলাশবাৰী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভৱেন শৰ্মাকে ধৰি কেবাজনো সহকাৰী অভিযন্তা, কনিষ্ঠ অভিযন্তা, শাখা সহায়ক আদিয়ে নিৰ্মাণ কার্যৰ সময়ত নিৰন্তৰ পৰ্যবেক্ষণ কৰি আহিছে। পথচোৱাৰ নিৰ্মাণকার্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত। কিয়নো দুই লেনযুক্ত পথচোৱাৰে যান বাহনৰ চলাচল আৰম্ভ হলে স্বাভাৱিকতে যথেষ্ট  সময় ৰাহি হ’ব। একেদৰে প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত চানডুবিৰ পৰা মাত্ৰ ছয় কিঃমিঃ নিলগৰ মুদকীলৈ পথচোৱা নিৰ্মাণ হৈ উঠিলে চানডুবিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰখনেও নতুন ৰূপ পোৱাটো নিশ্চিত। আনকি সামান্য নিলগত থকা মেঘালয় সীমান্তকে ধৰি পলাশবাৰীৰ পৰা মুদকীলৈ বৃহত্তৰ অঞ্চলটোৰ অৰ্থাৎ পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ শিকাৰহাটী , বৰিহাট, পলাশবাৰী,  কোচপাৰা, পাটগাঁও , লোহাৰঘাট, বৰদুৱাৰ বাগানকে ধৰি ২২  খনৰো  অধিক গাঁও প্রত্যক্ষভাবে লাভবান হ’ব।

ইফালে মুদকীৰ পৰা চানডুবিৰ পৰ্যটন ক্ষেত্ৰলৈ প্ৰায় ৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে শাল, চেগুনকে ধৰি বহু মূল্যবান গছ গছনি থকা বাবে পৰৱৰ্তী সময়ত বন বিভাগৰ পৰা সেউজ সংকেত লাভ কৰিলে বা অনুমতি পালে সেই অংশখিনিৰো নিৰ্মাণ কার্য আৰম্ভ কৰা হ’ব। আনহাতে যিখিনী অংশত পথ নিৰ্মাণ  কৰি থকা হৈছে তাতো পথ যথেষ্ট বহল কৰিবলগীয়া হোৱা বাবে পথৰ দাঁতিত বহু মূল্যবান গছ-গছনি কাটিব লগীয়া হৈছে। যাৰ বাবে পৰিবেশ সংৰক্ষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ বাৰিষাৰ সময়ছোৱাত কৃষ্ণচুড়া, ৰাধাচুড়া, সোণাৰু, এজাৰ, মহানিমকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ আৰু  অঞ্চলটোৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপখোৱা প্ৰায় এক হাজাৰ গছপুলি বিভাগৰ সকলো পৰ্যায়ৰ অভিযন্তা, কৰ্মচাৰীয়ে ৰোপণ কৰিছে। সমান্তৰালভাৱে পথছোৱাৰ নিৰ্মাণৰ সময়ত দুৰ্ঘটনা সহজতে সংঘটিত নহবৰ বাবে ৰোড চেফটি আৰু সঠিক ৰোড ইঞ্জিনিয়াৰিং দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে মিৰ্জাৰ পৰা চানডুবি পৰ্যন্ত বৃহত্তৰ অঞ্চলটোৰ জীৱন ৰেখা স্বৰূপ হিচাপে পৰিচিত তথা পূৰ্বৰ একক পথৰে গলে মিৰ্জাৰ পৰা মাত্ৰ ৩২ কিঃমিঃ দূৰত্বৰ চানডুবিলৈ যান বাহন লৈ গলে প্ৰায় ডেৰ ঘন্টা সময়ৰ প্ৰয়োজন হয়। কোন  পথচোৱা নিৰ্মাণ হৈ উঠিলে সৰ্বাধিক ৪০ মিনিটৰ ভিতৰতে মিৰ্জাৰ পৰা চানডুবি গৈ পাব বুলি কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে সদৰি কৰিছে। আনহাতে পথচোৱা মুকলিৰ পূৰ্বে  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ “দুৰ্ঘটনামুক্ত অসম”ৰ সপোনক সাৰ্থক ৰূপ দিয়াৰ  বাবে পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি লোকনির্মাণ বিভাগে এক সজাগতামূলক অভিযান কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত যদি ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুচিৰ মাজত দলং নিৰ্মাণ হলে পথচোৱাই  যাতায়তৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব বুলি কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাস আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা ভবেন শৰ্মাই সদৰি কৰিছে।