Home Blog Page 2612

সাংবাদিকৰ ওপৰত আৰক্ষীৰ আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত সাংবাদিকৰ প্ৰতিবাদ

চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত গুৱাহাটীস্থ কৰ্তব্যৰত সাংবাদিকসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনা সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয় যে, কিছুমান কথা সহজভাৱে লৈ থাকোঁতে থাকোঁতে আমি জটিলতাৰ সৈতে যুঁজিবলগীয়া হৈ আছে। কিন্তু এনেকৈ আৰু কিমান দিন? সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তৃতীয় স্থানত অসম।

ভিন্ন সময়ত সাংবাদিকসকলে, সাংবাদিক সংগঠনে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সূকীয়া আইনৰ দাবী কৰা স্বত্বেও কোনো কাণ-সাৰ নাই। চৰকাৰে প্ৰথমশাৰীৰ কৰ্মী হিচাপে স্বীকৃতি দিলে, কিন্তু দেশৰ ভিতৰতে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা ঘটনাত অসম তৃতীয়। সোমবাৰে চিৰাং জিলাৰ বাসুগাঁৱত প্ৰতিদিন টাইমৰ স্থানীয় সাংবাদিক জয়ন্ত দেৱনাথক চহৰৰ মাজমজিয়াত প্ৰদীপ সাহা নামৰ বাসুগাঁও আৰক্ষী থানাৰ কনিষ্টবল এগৰাকীয়ে বৰ্বৰভাৱে প্ৰহাৰ কৰিলে। কিছুবছৰ পূৰ্বে মহানগৰীৰ লতাশিল থানাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো আৰক্ষীয়ে শাৰীৰিক অত্যাচাৰ কৰিছিল। সৌ সিদিনা আজাৰাত বাতৰি কৰাৰ বাবে লাইটৰ পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ কৰিছিল। গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত আন এগৰাকী মহিলা সাংবাদিককো শাৰীভাৱে অপদস্থ কৰিছিল। কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা দুটা বছৰ অতিক্ৰম কৰিলে যদিও তাৰ কোনো উচিত ন্যায় নাপালে।

তদুপৰি, দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বাবে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে কয় যে অতি শীঘ্ৰে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সূকীয়া আইনৰ প্ৰণয়ন কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনায়। ইপিনে, জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাত জড়িত বাসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু এলাৰ বৰ্মন নামৰ কনিষ্টবল দুজনক কেৱল ৰিজাৰ্ভ ক্লজ কৰি আৰক্ষীয়ে আপাতদৃষ্টিত চমক দিয়া বিষয়টোক ভেকোঁভাওনাহে আখ্যা দি অতিশীঘ্ৰে আৰক্ষীৰ লোকদুজনক নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰে।

দেৰগাঁৱত পৌৰ সভাৰ অন্তগৰ্ত বহুকেইটা পকীপথ নিৰ্মাণৰ শুভাৰম্ভণী

সমাগত পৌৰ সভাৰ নিৰ্বাচনৰ আগ মুহুৰ্তত ৭ ফেব্ৰুৱাৰীত দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ বিভিন্ন এলেকাত কেইবাটাও পকী পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে। পঞ্চদশ বিওীয় আয়োগৰ পুজিৰে নিৰ্মাণ হ’ব লগা পকী পথ নিৰ্মাণৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট জিলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া- গৌৰী প্ৰিয়া দেউৰী,  দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস, দেৰগাঁও ৰাজহ চক্ৰ বিষয়া সংলগ্ন মণীষ ভৰালীৰ লগতে অগপ, বিজেপি আৰু “অসম যুৱ পৰিষদ”ৰ সমষ্টি পৰিষদ, জিলা পৰিষদ, মণ্ডল পৰিষদৰ কেইবাগৰাকী দলীয় বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে

লামডিঙ ৰেলৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে

লামডিঙ ৰেলৱে আৰক্ষীয়ে( G R P) বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে। যোৱা সোমবাৰে নিশাৰ ভাগত নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ নং 15670 ট্ৰেইনত লামডিঙ ৰেলৱে আৰক্ষী (G R P) ভাৰপ্ৰাপ্ত বিষয়া ছাইদুৰ ইছলামৰ নেতৃত্বত চাৰিজন আৰক্ষী যোবান ক্ৰমে সঞ্জন কুমাৰ দাস,গৃহৰক্ষী যোবান আচিফ আহমেদ,গৃহৰক্ষী যোবান মোজাম্মিল হুছেইন,হেড কনিষ্টবল নলেশ্বৰ দুয়াৰা, এটা দলে যোৱা কালি নিশাৰ ভাগত নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছত নং 15670 ট্ৰেইনত অভিযান চলাই 15 টা চাবুনৰ কেচত 269 (GM) ব্ৰাউন সুগাৰ জব্দ কৰে। জব্দ কিত ব্ৰাউন সুগাৰৰ বজাৰ মূল্য আনুমানিক 50 লাখ হব ।

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৰপেটাত কম্পিউটাৰ প্ৰশিক্ষণ

বৰপেটা চহৰৰ মাজ মজিয়াত থকা এছিয়ান মিছন ইনষ্টিটিউট কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অলপতে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ সংগঠন বৰপেটাৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সক্ৰিয় স্বেচ্ছাসেৱী সংগঠন এছিয়ান মিছন ইনষ্টিটিউটৰ সহযোগত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ পঁচিশগৰাকী যুৱক যুৱতীক সামৰি দক্ষতা বিকাশৰ বাবে ‘বেছিক ইডুকেশন অন ভূকেশন’ আঁচনিৰ যোগেদি কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এছিয়ানৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে এছিয়ান মিছন ইনষ্টিটিউটৰ সম্পাদক দিপাংকৰ দাসে। উক্ত সভাত সাম্প্ৰতিক অত্যাধুনিক টেকন’লজিৰ সময়ত ছাত্ৰ – ছাত্ৰী তথা যুৱক যুৱতী সকলৰ মাজত কম্পিউটাৰ প্ৰশিক্ষণৰ যোগেদি বিভিন্ন বিভাগত তথা স্বনিয়োজনৰ সুযোগ আৰু স্হল সম্পৰ্কে বক্তব্য আগবঢ়ায় লৱাৰ আসাম একাডেমি কয়াকুছিৰ অধ্যক্ষ দেলুৱাৰ হুছেইনে। আনহাতে প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা, অসম দক্ষতা বিকাশ যোজনাৰ অধীনত থকা দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে যুৱক যুৱতী সকলক বা আত্মসহায়ক গোট অথবা যুৱ ক্লাৱ গঠন কৰি নৱ প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে বক্তৃতা প্ৰদান কৰে সমল ব্যক্তি আব্দুল হাই আহমেদে। সভাপতিৰ মন্তব্যত ডাঃ আব্দুল কদ্দুছ শিকদাৰে সকলো যুৱক যুৱতীক মনোযোগেৰে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি নিজৰ কৰ্ম দক্ষতাৰে আগবাঢ়ি গৈ নিজৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। সদৌশেষত শলাগৰ শৰাই আগবঢ়ায় এছিয়ান মিছন ইনষ্টিটিউটৰ উপ-সভাপতি বৰসা পাঠকে।

#BREAKING দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু

দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু ৷

সুতী নদীৰ পাৰৰ পথাৰত ৪ টা শগুণৰ মৃত্যু ৷

৯ টা সংকটজনক অৱস্থাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

কাৰণ জানিব পৰা হোৱা নাই ৷

এমহীয়া শিশু নাট কৰ্মশালাৰ অন্তত মঞ্চস্থ “মাৰফৎ বকুলতল”

 এজাক শিশুৰ কলকলনিত মুখৰিত হ’ল ধনশিৰি নৈৰ বলুকা নুমলীগড়ৰ ধোদাং গাওঁ । ৰশ্মি ৰেখা শিল্পী সমাজৰ উদ্যোগত, সন্মিলিত যুৱক সংঘ তথা ধোদাং বাসী ৰাইজৰ সহযোগত ৬ জানুৱাৰী ২০২২ খ্ৰীষ্টাব্দৰ পৰা ৬ ফেব্ৰুৱাৰী ২০২২ খ্ৰীষ্টাব্দলৈ এমহীয়া শিশু নাট কৰ্মশালাৰ অন্তত ৬ ফেব্ৰুৱাৰী ২০২২ খৃষ্টাব্দ দেওবাৰে সন্ধ্যা ৭-০০ বজাত তিনিকুৰি শিশুৱে মঞ্চস্থ কৰিলে নাট্যকাৰ পবিত্র ৰাজখোৱাৰ শিশুনাট “মাৰফৎ বকুলতল” । তৰুণ তীৰ্থ শইকীয়াৰ মূখ্য পৰিচালনাত ধোদাং বিষ্ণু জ্যোতি কলা নিকেতনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা শিশু নাটকৰ অভিনয় শিল্পী সকলে দৰ্শক ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল ।

সাবলিল কন্ঠস্বৰ, মনোগ্রাহী অভিনয়েৰে মঞ্চত আত্মনিয়ন্ত্রণৰ মাজেৰে শিশু সকলে একো একোজন চিৰিয়াচ নাট্য কৰ্মীৰ পৰিচয় দিলে । তৰুন তীৰ্থ শইকীয়াৰ লগতে শিশুনাট কৰ্মশালাৰ প্ৰশিক্ষক সকল আছিল ক্ৰমে প্ৰনব শইকীয়া, প্ৰিয়াংশু প্ৰাঞ্জল আৰু নিলীম ফুকন । সংগীতত আছিল তন্ময় শইকীয়া আৰু জিতুমনী কটকী ৷ শব্দ আৰু পোহৰত আছিল মুনৰ । নাট্য সন্ধ্যাটি উদ্বোধন কৰে তিনি নং মহুৰা জিলা পৰিষদৰ সদস্য তথা গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্রী শ্ৰীযুতা ৰশ্মি কাকতিয়ে । নাট্য সন্ধ্যাৰ প্ৰাক মুহুৰ্তত কুকীল কন্ঠী গায়িকা লতা মাংগেশকাৰৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি শিল্পী গৰাকীৰ আলোকচিত্ৰৰ কাষত বন্তী প্ৰজ্বলন কৰে নাট্যকাৰ পবিত্র ৰাজখোৱা আৰু শিল্পী অৰুন গগৈয়ে ।

উল্লেখ্য যে  কৰ্মশালাটোত শিশু সকলক নাটক আৰু ব্যৱহাৰিক জীৱনত কামত অহাকৈ কথন শৈলী, আবৃত্তি, মুখা শিল্প, মঞ্চ সজ্জা, ৰূপসজ্জা আদি বিষয়ৰ ওপৰতো প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষাৰ্থী সকলে নাটক খনত  প্ৰয়োজন হোৱা মঞ্চ সজ্জাৰ সামগ্রী সমূহ সেয়েহে নিজেই তৈয়াৰ কৰি উলিওৱাৰ লগতে ৬২ টা শিশুৱে ৰূপসজ্জাৰ কামো ইজনে সিজনক কৰি দি এমহীয়া নাট কৰ্মশালাৰ সফলতা বুটলিবলৈ সক্ষম হ’ল । গ্ৰাম্য পটভুমিৰ এখন ব্যতিক্ৰমী নাটক আৰু শিশুৰ লগতে প্ৰতিজন মানুহৰে মন মগজুত চুই যাব পৰাকৈ নাট্যকাৰে উপহাৰ দিয়া নাটকখন তৰুন তীৰ্থ শইকীয়াই উপযুক্ত উপস্থাপন শৈলীৰে সজাই দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হ’ল ।

নাটকৰ শেষত কণ কণ শিশু শিল্পী সকলৰ লগত নাট্য প্ৰশিক্ষক, নাট্যকাৰ আৰু দৰ্শক ৰাইজৰ মাজত এঘন্টীয়া এটি অন্তৰংগ আলাপ অনুষ্ঠান সম্পাদিত কৰে প্ৰদীপ কুমাৰ বৰাই । প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে গুৰু প্ৰনাম অনুষ্ঠানো সম্পাদন কৰে । শিশু সকলক উৎসাহ যোগোৱা প্ৰতিগৰাকী শুভাকাঙ্ক্ষী তথা দৰ্শক ৰাইজক আয়োজক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে প্ৰভাত হাজৰিকা আৰু ৰিতুল হাজৰিকাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

ধোদাং ৰশ্মিৰেখা শিল্পী সমাজ তথা সন্মিলিত যুৱক সংঘৰ শিল্পী সকলে অহা ১২ ফেব্ৰুৱাৰী তাৰিখে শংকৰ জ্যোতি নাট্য মন্দিৰত পুনৰ আগবঢ়াব আন এক নাট্য নিবেদন “অজলা ককাইৰ পগলা মৰম” ৷ সেয়েহে সাদাশয় সকলো নাট্যপ্রেমী ৰাইজকে আয়োজক সমিতিয়ে পুনৰ অহা ১২ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা ৭-০০ বজাত আৰম্ভ হবলগীয়া নাট্য নিবেদনলৈ সাদৰ নিমন্ত্রণ জনাইছে ।

আউনীআটী উচ্চ মাধ্যমিকত সম্বৰ্ধনা অনুষ্ঠান

আজি মাজুলী আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে বিদ্যালয়ৰ পছপন্ন গৰাকী শিক্ষাৰ্থী আৰু দুগৰাকী শিক্ষকক সম্বৰ্ধনা জনাই। ২০২২ বৰ্ষত শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা বিদ্যালয়ৰ দশম শ্ৰেণীৰ এই ছাত্ৰ ছাত্ৰীসকলক নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা একোজনে একোজনক একোখনকৈ শুভেচ্ছা পত্ৰ আৰু একোটাকৈ কলম দি পৰীক্ষাৰ সফলতা কামনা কৰি ওলগ জনাই। অন্যহাতে ২০১০ চনৰ পৰা বিদ্যালয়ত শিক্ষকতা কৰি ২০২১ চনত স্থায়ী পদত নিযুক্তি পাই অন্য বিদ্যালয়লৈ বদলি হৈ যোৱা দুগৰাকী শিক্ষয়িত্ৰী ৰীতা দুৱৰীয়া আৰু বৰাকো আজি আনুষ্ঠানিকভাৱে বিদ্যালয়খনিৰ পৰা বিদায় সম্বৰ্ধনা জনাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ সভাপতিত্বত হোৱা আৰু বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা সভাখনৰ আঁত ধৰে একতা সভাৰ সভাপতি কমল দত্তই। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱম শ্ৰেণীৰ ছাত্ৰ অনিৰ্বাণ বৰাই। দশম শ্ৰেণীৰ ছাত্ৰী ছাত্ৰীসকলে শিক্ষক সকলক একোখন গামোচা আৰু একোটা কলমেৰে আদৰণি জনোৱা কাৰ্যসূচী আঁতধৰে ছাত্ৰ অভিলাষ বৰাই। সভাত অতিথি ৰূপে অংশ লোৱা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষক ডিম্বেশ্বৰ ভুঞা আৰু সাংবাদিক দীপু বৰাই বিদ্যালয়ৰ এই ব্যতিক্ৰমী কাৰ্যসূচীক প্ৰশংসা কৰে আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিয়ে। বিদায়ী দুয়োগৰাকী শিক্ষয়িত্ৰী আৰু নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ প্ৰণৱ জ্যোতি বৰাৰ আবেগভৰা বক্তব্যত সভাৰ সকলো আবেগবিহ্বল হৈ পৰে। তাৰবাবে সভাৰ স্বাভাৱিক অৱস্থা ঘুৰাই আনিবলৈ সভাপতিয়ে সেই কাৰ্যসূচী প্ৰত্যাহাৰ কৰি দুগৰাকী ছাত্ৰ জয়ন্ত জিৎ ভুঞা আৰু ৰাজশ্ৰী দাসৰ দ্বাৰা যৌথ এটি সংগীত পৰিৱেশন কৰিবলৈ দিয়ে।

সভাত সৰস্বতী পূজাৰ আয় ব্যয় দাখিল কৰাৰ লগতে ৰাহি টকাৰে বিদ্যালয়ৰ সৌন্দৰ্যৱদ্ধৰ্ণৰ বাবে চৌহদৰ দেৱালত ৰং দিয়া আৰু চিত্ৰ অংকণ কৰাৰ একতা সভাৰ সিদ্ধান্ত ৰ বিষয়ত একতা সভাৰ সভাপতিয়ে ঘোষণা কৰে। সভাত শিক্ষকসকলৰ হৈ অমিয়া দেৱী বৰঠাকুৰে বক্তব্য দিয়ে। সভাই বিদ্যালয়লৈ দুখনি তিৰ্পাল আগবঢ়োৱা বাবে প্ৰাক্তন ছাত্ৰ বেদান্ত বৰাক ধন্যবাদ জনাই আৰু পুৰণা দশম শ্ৰেণীৰ ২০২০-২১ আৰু ২০২১-২০২২ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে ক্ৰমে দুজোৰা গামলা আৰু দ্ৰাম ছেট অৰ্পণ কৰাৰ বাবে ধন্যবাদ জনায়। বিদ্যালয়ৰ দেৱাল অংকনৰ বাবে  কমল দত্তই নিজে পাঁচশ আগবঢ়োৱা বুলি ঘোষণা কৰা লগতে ৰাইজৰ সহযোগ আহ্বান কৰে। বদলি হৈ যোৱা শিক্ষয়িত্ৰী নৱনিতা বৰাই এহেজাৰ টকা আগবঢ়োৱাৰ লগতে মাজুলী চিত্ৰকলা বিদ্যালয় “ৰূপবৰণ” ৰ পৰা নিম্নতম ব্যয়ৰে এই প্ৰকল্প অসম ভাওনা সমাৰোহৰ পূৰ্বে গঢ়ি তুলিব বুলি অধ্যক্ষ দীপু বৰাই সভাত প্ৰকাশ কৰে। সভাপতিৰ ভাষণত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে বদলি হৈ যোৱা শিক্ষয়িত্ৰী দুগৰাকীক ভূয়সী প্ৰশংসা কৰে আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা গুণগত ফলাফল পোৱাৰ আশা ব্যক্ত কৰে।

চিৰাং জিলাৰ বাসুগাওঁৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা অমানুষিক অত্যাচাৰৰ গৰিহণা

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱক সাংবাদিক সমাজৰ সুৰক্ষা এই খন অসমত নোহোৱা হৈছে। ইয়াৰ জলন্ত উদাহৰণ চিৰাং জিলাৰ বাসুগাওঁৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা অমানুষিক অত্যাচাৰৰ ঘটনা। উল্লেখ্য যে ; চিৰাং জিলাৰ আৰক্ষীয়ে সাংবাদিক জয়ন্ত দেৱনাথক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দি আজি ৰাজ্যখনৰ প্ৰতিটো প্ৰেছ ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে সাংবাদিক গৰাকীক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে  ৰাজ্যৰ প্ৰতিটো প্রেছ ক্লাবৰ সদস্য সকলে কলা বেজ পৰিধান কৰি আজি পুৱাৰ ভাগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। জানিব পৰা মতে চিৰাং জিলাৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰ পৰিচয় দি আক্ৰমণ কৰে।

এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি প্রেছ ক্লাবৰ সদস্য সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱক সাংবাদিকক সুৰক্ষা প্ৰদান কৰক ; সাংবাদিক নিগ্ৰহ বন্ধ হওক ; সাংবাদিকৰ সুৰক্ষা সু-নিশ্চিত কৰক ; সাংবাদিকক সুৰক্ষা প্ৰদান কৰক ; সাংবাদিক জয়ন্ত দেৱনাথক ন্যায় প্ৰদান কৰক ; সাংবাদিকক আক্ৰমণ কৰা আৰক্ষীক শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্লোগান লিখা প্লে’কাৰ্ড লৈ আৰু কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অতি শীঘ্ৰে বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়।

বৰ্ষীয়ান সাংবাদিক তথা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ৰমাশংকৰ ৰায়ৰ দেহাৱসান

বৰ্ষীয়ান সাংবাদিক, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক সংবাদ সংস্থা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ব্যুৰোচীফ ৰমাশংকৰ ৰায়ৰ দেহাৱসান ঘটিছে। সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ মৌ জিলাৰ অন্তৰ্গত হাথিনি অঞ্চলৰ চোৰপাখুৰ্দ গাঁৱত থকা তেওঁৰ পৈতৃক ঘৰত বয়োজ্যেষ্ঠ সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত স্বৰ্গীয় ৰমাশংকৰ ৰায়ে দুজন পুত্ৰ, দুই বোৱাৰী, ছগৰাকী নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক এৰি গৈছে। তেওঁৰ পৰিয়ালৰ সূত্ৰ অনুসৰি, ৰমাশংকৰ ৰায়ৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

নগৰবেৰাৰ টুপামাৰীত যৌতুকৰ বাবেই কেৰাচিন ঢালি বোৱাৰীক হত্যা, গ্ৰেপ্তাৰ স্বামী

কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁত যৌতুকৰ বাবে এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত টুপামাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত কাছুমাৰা এনছি গাওঁৰ ছহিদ আলীৰ জিয়ৰী ছজিৰণ নেচাক টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁৰ প্ৰয়াত তৈয়ব আলীৰ পুত্ৰ ইছমাইল হুছেইনৰ লগত প্ৰায় ১৩ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতি মতে বিবাহ হয়। বিয়াৰ পিছৰে পৰাই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ পৰিয়ালৰ লোকে ছজিৰণ নেচা (২৬) ক যৌতুক বিচাৰি বিভিন্ন প্ৰকাৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। অভিযোগ অনুসৰি যোৱা ১৯ জানুৱাৰীত পিতৃ গৃহৰ পৰা বিচৰা মতে যৌতুক আনি দিব নোৱাৰাৰ বাবেই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ দুই ভাই-ককায়েকে মিলি মহিলা গৰাকীৰ দেহত কেৰাচিন ঢালি জুঁই জ্বলাই দিয়ে। পিছে পিতৃ গৃহৰ লোকে খৱৰ পাই সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে মহিলা গৰাকীক জি এম ছি এইচ ল’ই যায় পিছত জীৱন-মৃত্যুৰে যুঁজি সোমবাৰে অগ্নিদাহ্য ছজিৰণ নেছাই অৱশেষত মৃত্যুৰ শীতল কোলাত চিৰদিনলৈ শুই পৰে। নিৰ্যাতিত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া যৌতুক লিপ্সা স্বামী ইছমাইল হুছেইনক নগৰবেৰা   আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ভোক্তভোগী পৰিয়ালৰ লগতে গাঁওবাসী ৰাইজে দোষীক নজিৰবিহীন শাস্তিৰ দাবীৰে মৃত্যু দেহ সন্মুখত লৈ চেঙাৰ কাছুমাৰাত সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। এতিয়া অঞ্চলটোৰ সচেতন ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক ন্যায় পাব নে ছজিৰণ নেছাই ? সচাঁকে হবনে শাস্তিৰ দিহা, ধনবলেৰে সাৰি যাব আইনৰ সুৰুঙাৰে।