Home Blog Page 2611

মেকিপুৰ চাহ বাগিছাত “পৰিয়াল পৰিকল্পনা মেলা ” সম্পন্ন

নাজিৰা মহকুমাৰ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত মেকিপুৰ চাহ বাগিছাৰ প্ৰেক্ষাগৃহত  এখনি “পৰিয়াল পৰিকল্পনা মেলা” অনুষ্ঠিত হয়। এই উপলক্ষে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি চি এম মৃদুপৱন পাত্ৰই উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে । সভাত মুখ্য অতিথি হিচাপে নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ উপস্থিত থাকি চাহ বাগিছা এলেকাত অনুষ্ঠিত এনেধৰণৰ মেলাই বাগিছাৰ লোকসকলৰ সুস্থ পৰিয়াল গঢ়ি তোলাত বিশেষ ভাৱে সহায় কৰিব বুলি উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হেমন্ত বৰুৱাই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্হায়ী পদ্ধতি সমূহ কেনেকৈ চৰকাৰে বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়াইছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰি এই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মুবিদুৰ ৰহমানে বৰ্তমান সময়ত পৰিয়াল পৰিকল্পনাৰ আৱশ্যকতাৰ ওপৰত তথ্য সহকাৰে বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বহু বিবাহ, বাল্য বিবাহ আদি বন্ধ হলেহে চৰকাৰৰ আঁচনি সমূহ সফল হব বুলি উল্লেখ কৰে। নাজিৰা লিগিৰীপুখুৰীস্হিত মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কুকিল গগৈয়ে ভাষণ প্ৰসংগত স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যোগাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজন বুলি উল্লেখ কৰি পৰিয়াল পৰিকল্পনাই সমাজত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী কৰাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।

সভাত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিনা বৰদলৈ, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (নাজিৰা সদৰ) ডাঃ প্ৰদ্যুৎ কোঁৱৰ, আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা, মেকিপুৰ চাহ বাগিছাৰ পৰিচালক অজয় কুমাৰ ত্ৰিপাঠী, অসম চাহ মজদুৰ সন্থাৰ সাধাৰণ সম্পাদক দেবেন ৰবিদাস, বিভিন্ন খণ্ডৰ চিকিৎসা বিষয়া ডাঃ বিপুল বৰুৱা, ডাঃ প্ৰাঞ্জল চহৰীয়া, ডাঃ উত্তৰা ফুকনকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো স্বাস্থ্য কৰ্মী, আশা চুপাৰভাইজাৰ, আশাকৰ্মী সকল আৰু শতাধিক স্হানীয় ৰাইজ উপস্থিত থাকে ।উল্লেখযোগ্য যে – গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সক্ৰিয় তত্বাৱধানত অনুষ্ঠিত এই পৰিয়াল পৰিকল্পনা মেলাত অন্তৰা টিকাকৰণ, ক’পাৰ টি, নিৰোধ, গৰ্ভনিৰোধকৰ বড়িৰ বিপনীৰ লগতে বিনামূলীয়াকৈ মধুমেহ ৰোগ আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়।

আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন্ন

বজালী ব্লকৰ আৰ্যভট্ট কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা সমুহ যোৱা পৰহি হৈ যোৱা(৭ ফেঃ) পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়৷  কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷

মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন হয়। কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু বিজিতা গোস্বামীয়ে৷

পোষ্টাৰ অকা প্ৰতিযোজিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ ছাত্ৰ স্পণ্ডননীল দাসে আৰু দ্বিতীয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ  বিজিতা গোস্বামীয়ে৷ ধাৰনা প্ৰতিযোগিতাত  প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ  ছাত্ৰ দেবাঞ্জন দাসে৷ দ্বিতীয় স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ  ভায়োলিনা দাসে৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা শিক্ষাপীঠৰ প্ৰজ্ঞান কলিতা আৰু দ্বিতীয় স্থান লাভ কৰে কনিমাৰা হাইস্কুলৰ ৰিকিৰাজ কলিতাই৷প্ৰতিযোগিতাৰ অন্তত বটা বিতৰনী সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱচৌধুৰীয়ে৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ব্লক সমন্বয়ক প্ৰানকৃষ্ণ  কলিতাই৷মুখ্য অতিথিৰ আসন গ্ৰহন কৰি কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ছাত্ৰ ছা্ত্ৰী সকলক উদ্দেশ্যি এক প্ৰেৰণামুলক ভাষন প্ৰদান কৰে৷

মাজবাটলৈ সুনাম কঢ়িয়াই আনিছে সপ্তম শ্ৰেনীৰ মীমাংসা কাশ্যপে

প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন গুৱাহাটীৰ প্ৰাগজ্যোতি চেণ্টাৰত কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰাই  মডেল প্ৰতিযোগিতাত  মডেলিঙৰ অনুশীলন আৰম্ভ কৰিছিল ৷ছাত্ৰী গৰাকীয়ে স্থানীয় বিভিন্ন মঞ্চৰ জৰিয়তে নিজৰ প্ৰতিভা প্রতিযোগিতাৰ কিড্‌ছৰ শাখাত অংশগ্রহণ বিকশিত কৰা মীমাংশা কাশ্যপৰ বাবে কৰি  ২০১৯ বৰ্ষৰ ৮ডিচেম্বৰত  উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত মিছ নৰ্থইষ্ট কিডছ মিছ শৰাইঘাট ইণ্ডিয়া ,নেশ্বনেল ডিভা ২০১৯উইনাৰৰ খিতাপ অর্জন প্রতিযোগিতাত অংশগ্ৰহণ কৰি কৃতিত্ব কৰি ওদালগুৰি জিলা বাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷মীমাংশা কাশ্যপে খিতাপ অর্জনেৰে নিজৰ দক্ষতা প্রতিপন্ন কৰিছে ৷কাশ্যপে  (১২ ) পুনৰ সৌন্দৰ্য সক্ষম হোৱাৰ পিছত যোৱা ২৩ জানুৱাৰীত  মিছ কিডছ ইণ্ডিয়া প্রতিযোগিতাত অংশগ্ৰহণ কৰি ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন মিছ ৱল্ডৰ খিতাপ অৰ্জনেৰে পুনৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ প্ৰাগজ্যোতিষ  প্রেক্ষাগৃহত ২০২২বৰ্ষৰ  ২৩ জানুৱাৰীত অনুষ্ঠিত হোৱা  প্রতিযোগিতাত অংশগ্ৰহণ কৰি মীমাংশা কাশ্যপে  আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷অহা অক্টোবৰ মাহত ডুবাইত  অনুষ্ঠিত হ’ বলগীয়া ইণ্টাৰনেচনেল ইউনিভাৰ্ছ কিছু প্রতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ওদালগুৰি জিলাৰ ৭০নং মাজবাট বিধান সভা সমষ্টি তথা মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ  ওদালগুৰি মহকুমাৰ অন্তৰ্গত ধনশ্ৰী টি কোম্পানীৰ  বাহিপুখুৰী চাহ বাগিচা নিৱাসী  ধৰ্মেশ্বৰ গোৱালা  আৰু  মামু গোৱালা  জীয়াৰী তথা হাবিগাওঁৰ খ্ৰীষ্টজ্যোতি  বিদ্যালয়ৰ  সপ্তম শ্ৰেণীৰ ছাত্রী। মীমাংশা কাশ্যপে সৰুৰে পৰা নিজৰ পাৰদৰ্শিতাৰে সৌন্দৰ্য প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি ডুবাই  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰা  সমগ্ৰ মাজবাট বাসীৰ লগতে জিলা বিভিন্ন  অঞ্চলৰ ৰাইজে আশীর্বাদ সহ ,আন্তৰিক অভিনন্দন জনোৱাৰ লগতে  শুভেচ্ছা জ্ঞাপন কৰি শলাগ লৈ প্ৰশংসা কৰিছে ৷মীমাংসাই  বৰ্তমাৰ মাজবাটৰ  মালেছিয়া কাশ্যপৰ  তত্ত্বাৱধানত মডেলিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

চিলাপথাৰ মহাবিদ্যালয়ত “Aquarium Fabrication and Maintenance” শীৰ্ষক কৰ্মশালা

চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম দত্তৰ সভাপতিত্বত মঙ্গলবাৰে মহাবিদ্যালয়খনিৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা Aquarium Fabrication and Maintenance” শীৰ্ষক এদিনীয়া কৰ্মশালাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০  লক্ষীনাথ পেগুৱে আৰু উদ্দেশ্য ব্যাখ্যা কৰে aquarium fabrication and maintenance Course টিৰ Coordinator  ড০ মেৰিনা নৰহে। উল্লেখ্য যে , উক্ত কৰ্মশালাখনি প্ৰাণী বিজ্ঞান বিভাগৰ  ছমহীয়া add on course টিৰ  লগত সংগতি  ৰাখি আয়োজন কৰা হয় আৰু 50 গৰাকী ছাত্র ছাত্ৰী  অংশগ্ৰহণ কৰে । 

কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ Aqualove  ৰ  স্বত্বাধিকাৰ নন্দনধৰ বৰুৱাই । সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীৰ Skill development ৰ  গুৰুত্ব আৰু প্ৰাসংগিকতা কথা উল্লেখ কৰি বৰুৱাই কয় যে উত্তৰ পূৰ্বাঞ্চলত  “Aquarium Industry ” ৰ এটা বৃহৎ ভৱিষ্যত আছে । কৰ্মশালাখনিত উপাধ্যক্ষ ললিত চন্দ্ৰ দলে ,IQAC ৰ সমন্বয়ক  ৰাজু পেগু, লগতে মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে । শেষত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চাই মৌন কেন মানহাই শলাগৰ শৰাই আগবঢ়াই ।

আমলখি সকলোৰে বাবে ভাল নে?

বছৰৰ সকলো সময়তে আমলখি হৈছে এবিধ উপকাৰী ফল। সমান্তৰালভাৱে বিশেষজ্ঞসকলে কিছু লোকক আমলখি খোৱাৰ পৰা বিৰত থাকিবলৈও উপদেশ দিয়ে। আমলখিয়ে ছাল আৰু চুলিৰ পৰা হজমলৈকে সকলোবোৰৰ প্ৰতি মনোযোগ দিয়ে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। আমলখিয়ে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে পুষ্টিবিদসকলে নিয়মীয়াকৈ এই ফলটো খাবলৈ কয়। কিন্তু আমলখি সকলোৰে বাবে ভাল নে? কোনোবাই এই ফল খোৱাত কিবা সমস্যাত ভুগিব পাৰেনে?


কাৰ শৰীৰে আমলখি খোৱাটো একেবাৰে ভাল নহয়? এই সন্দৰ্ভত বিশেষজ্ঞসকলৰ মত এনেধৰণৰ- প্ৰথমতে ভিটামিন চি সমৃদ্ধ আমলখি চৰ্দি নিৰাময়ত উপযোগী। কিন্তু এই ভিটামিন চিৰ উপস্থিতিয়ে এচিডৰ পৰিমাণো বৃদ্ধি কৰে। যিসকলৰ বুকুৰ জ্বলা-পোৰাৰ সমস্যা বেছি তেওঁলোকে নিয়মীয়াকৈ আমলখি খালে সমস্যা বৃদ্ধি হোৱাৰ আশংকা থাকে।


দ্বিতীয়তে আমলাত এণ্টিপ্লেটলেট শক্তি থাকে। ই তেজ গোট মৰাৰ আশংকা হ্ৰাস কৰে। ফলস্বৰূপে, হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল। কিন্তু তেজ পাতল হোৱাত সমস্যা থকা সকলৰ বাবে আমলখি নোখোৱাই ভাল। তেতিয়া তেজ পাতল হ’ব পাৰে। সাধাৰণ কটা ছিঙা হ’লেও ৰক্তক্ষৰণ এটা সমস্যা হ’ব পাৰে।


তৃতীয়তে অস্ত্ৰোপচাৰ হ’লেও আপুনি আমলখি খোৱা বন্ধ কৰিব লাগে। যদি অস্ত্ৰোপচাৰৰ পিছত ৰক্তক্ষৰণ বন্ধ নহয়, তেন্তে ক’লা হাইপোচেমিয়াৰ দৰে সমস্যা হ’ব পাৰে। গতিকে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী এই ফলবিধ খাওঁতে সাৱধান হওক। যিসকল লোকৰ শৰীৰত উল্লেখিত সমস্যাসমূহ আছে তেওঁলোকে কম পৰিমাণে আমলখি খোৱাই শ্ৰেয়।

জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা অসুস্থ

•গুৰুতৰভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা


•সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন বেজবৰুৱা


•ব্ৰেইন ষ্ট্ৰ’ক আক্ৰান্ত হৈছে জনপ্ৰিয় শিল্পীগৰাকী


•বহু কালজয়ী গীতত কণ্ঠ নিগৰাইছে অপূৰ্ব বেজবৰুৱাই


•কেইবাদশক ধৰি সুৰীয়া কণ্ঠৰে অসমবাসীক মোহাচ্ছন্ন কৰি ৰাখিছে


•বেজবৰুৱাৰ আশু আৰোগ্য কামনা গুণমুগ্ধৰ

ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদৰ পথ শুদ্ধ নহয়ঃ ৰঞ্জিত দাস

চাকৰি নিয়মীয়াকৰণ আৰু আন কেতবোৰ দাবীৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰী সকলে অব্যাহত ৰাখিছে কৰ্মবিৰতি। কৰ্মচাৰী সকলৰ প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে বিভাগীয় কাম-কাজ। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

ঠিকাভিত্তিক কৰ্মচাৰী সকলে যি ধৰণে প্ৰতিবাদত নামিছে সেই পথ শুদ্ধ নহয় বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক জনোৱা হৈছে। শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান হোৱাৰ আশ্বাস মন্ত্ৰী ৰঞ্জিত দাসৰ।

সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ নিন্দা সদৌ বিটিআৰ গৰিয়া মৰিয়া ছাত্র সন্থাৰ

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মাজমজিয়াত আৰক্ষীৰ দ্বাৰা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাই। উল্লেখযোগ্য যে সোমবাৰে বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেবনাথক বাসুগাঁও আৰক্ষী থানাৰ আৰক্ষী প্ৰদীপ সাহাই প্ৰহাৰ কৰা ঘটনাকলৈ বিটিচিৰ লগতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া অব‍্যাহত আছে। আৰক্ষীজনে হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলাই অহাত সাংবাদিক জয়ন্ত দেৱনাথে কিয় হেলমেট পৰিধান নকৰাকৈ বাহন চলাইছে বুলি প্ৰশ্ন কৰাত আৰক্ষীজনে সাংবাদিক গৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰি আহত কৰিছিল ৷

ছাত্র সংগঠনটোৰ কাৰ্যকৰী সভাপতি ৰফিকুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰিজুল হকে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ঘটনাটোক তীব্ৰ গৰিহণা দি কয় যে, সাংবাদিক গৰাকীয়ে হেলমেট নিপিন্ধাৰ বাবে প্ৰশ্ন কৰাটোৱে তেওঁৰ অপৰাধ হ’ল।গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে সাংবাদিক জয়ন্ত দেৱনাথক। ৰক্ষকেই যেতিয়া ভক্ষক হয়, তেতিয়া সমাজখন পৰিৱৰ্তন কৰিব কোনে? জনহিত জনসেৱাৰ্থে’ মূল মন্ত্ৰ আগত ৰাখি অসমৰ ৰাইজক নিৰাপত্তা প্ৰদান কৰাৰ মহান কামত ব্ৰতী থকা অসম আৰক্ষীৰ খাকী পোচাকত কালিমা সানিলে এইগৰাকী আৰক্ষীয়ে ৷

‘অসম আৰক্ষী’ অসমীয়া জনগণৰ নিৰাপত্তাৰ ভৰষা, আমাৰ সাহস তথা স্বাভিমান৷ তেওঁলোকৰ জীৱন দেশৰ বাবে সমৰ্পণ ৷ তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা দূৰৈত থাকি আমাৰ মাজত আছে, সেইবাবে আমি নিজৰ পৰিয়ালৰ লগত সুৰক্ষিত আৰু শান্তিত আছোঁ৷  কিন্তু এনে মানসিকতাৰ আৰক্ষীয়ে এগৰাকী দায়িত্বশীল সাংবাদিকক অত‍্যাচাৰীভাৱে ৰাজহুৱা স্থানত অপদস্থ কৰাটো অত্যন্ত নিন্দনীয় আৰু গৰিহণাৰ পাত্ৰ। সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাই আৰক্ষীজনক অতিশীঘ্ৰে নিলম্বন কৰি আইনগত ব‍্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়৷

বিহুৰ অনুষ্ঠান বাদ দিব জুবিন গাৰ্গে

বিহুৰ অনুষ্ঠান বাদ দিব জুবিন গাৰ্গে।৫০ বছৰত ভৰি দিলেই জুবিন গাৰ্গে বাদ দিব বিহুৰ অনুষ্ঠান।

⬛মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে।

⬛বিহু মঞ্চত জনপ্ৰিয় শিল্পীগৰাকীয়ে গীত পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতে অনুৰাগীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

⬛অহা বৰ্ষৰ পৰা বিহু মঞ্চত গীত পৰিৱেশন সন্দৰ্ভত জুবিন গাৰ্গে কয়, “বিহুৰ ছিষ্টেমেই যদি সকলোৱে মিলি সলাব বিচাৰিছে তেন্তে সলাই দিয়ক।কিন্তু ইয়াৰ ফলত সমস্যা হ’ব শিল্পীসকলৰ।মই বিহুত ইমান আগ্ৰহী নহয়।অহা বছৰ মোৰ ৫০ বছৰ হ’ব।মই বিহু বন্ধ কৰি দিম।আৰু মই একো নকও…।”

⬛ৰাজ্যত চান্দা সংস্কৃতি বন্ধ কৰিবলৈ লোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিহালীৰ চেৰেলীয়াত লক্ষীমন ধৰ্মাৱলম্বী কাৰ্বি জনগোষ্ঠীৰ “লক্ষীমন কাৰ্চ্চ’ ” উৎসৱৰ সফল সামৰণি

 বিহালী সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া লক্ষীমন দ’ৱানত যোৱা ৫ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লক্ষীমন ধৰ্মাৱলম্বী কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৬৪ সংখ্যক লক্ষীমন ধৰ্মৰ আবিৰ্ভাৱ তিথি তথা লক্ষীমন কাৰ্চ্চ’ উৎসৱ ধাৰ্মিক পৰম্পৰাৰে পালন কৰা হৈছে । উৎসৱৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি মুকলি সভা অনুস্থিত হৈ যায় । উক্ত সভাত তিৰিকাম আমেই (উদযাপন সমিতি) ৰ সম্পাদক লোহিত ৰংপিয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে অমল ৰংপিয়ে ।

সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে বিহালী কাৰ্বি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী সূচেনা বে’পী, বিশিষ্ট অতিথি লক্ষীমন সংঘ কেথম দ’ৱান লংৰি আমেইৰ সভাপতি ৰিছু ইংতি, প্ৰচাৰ সম্পাদক ৰামিন তিমুং, শিক্ষক থানু ইংতি, দ’ৱান পৰিচালনা সমিতিৰ সভাপতি দীপচেন ইংতি, সম্পাদক ধনীৰাম তিমুং, দ’ৱান মহিলা সমিতিৰ সভানেত্ৰী ললিতা চিংনাৰপী, সম্পাদিকা কাৱে হাঞ্চেপী আৰু বহুকেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায় । ইয়াৰ পিছত বিশ্বনাথৰ উদীয়মান কণ্ঠশিল্পী ৰাজু ৰংপিক লক্ষীমন সংঘ কেথম দ’ৱান লংৰি আমেই, চেৰেলীয়া দ’ৱান পৰিচালনা সমিতি আৰু দ’ৱান চ’-আৰল’ চিংৰি আমেইৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়াৰ ভাগত বিভিন্ন খেল ধেমালি অনুস্থিত কৰি সফলভাৱে উৎসৱৰ অন্ত পৰে ।