Home Blog Page 2610

আলিয়াৰ পঞ্চপ্ৰেমে আউল লগাব নেকি নিজৰেই বিয়াত?

বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ ঘৰলৈ লখিমী আদৰিবলৈ সাজু ৰণবীৰ। আশ্চৰ্যকৰ যেন লাগিলেও এইবাৰ এপ্ৰিলত ৰণবীৰ-আলিয়াৰ বিয়া। বলীউড এৰিনাত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত আনন্দৰ ৰোল উঠা দেখা গৈছে।

বিয়াৰ আনুষ্ঠানিকতা মুম্বাইতে আয়োজন কৰাৰ কথা আছিল কিন্তু এতিয়া অলপ বেলেগকৈ ভাবিছে দুই তাৰকাই। মুম্বাইৰ পৰিৱৰ্তে ৰাজস্থানৰ ‘ৰণথম্বোৰ’ত অনুষ্ঠিত হ’ব বিয়াৰ আনুষ্ঠানিক কাৰ্যসূচী। দুই তাৰকাৰ মাজত বহু প্ৰত্যাশিত বিয়াখনৰ দিন চমু চাপি অহাৰ লগে লগে আলিয়াৰ পঞ্চপ্ৰেমৰ কাহিনী এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰেমৰ দিন চলি থকাৰ সময়তে আলিয়াৰ পঞ্চপ্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আলিয়াৰ প্ৰথম প্ৰেমিক আছিল ৰমেশ ডুবে। তেওঁলোক দুয়োজনে ‘জাম্নাবাই নাৰ্ছিং স্কুল’ত পঢ়িছিল। সামাজিক মাধ্যমত ৰমেশৰ উপস্থিতি সেৰেঙা। দুয়ো একেলগে অধ্যয়ন কৰাৰ সময়তে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেমে বিদ্যালয়ৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল।বলীউডত খোজ দিয়াৰ পূৰ্বে আলিয়াই আলী দাদোৰকাৰৰ প্ৰেমত পৰিছিল। দুয়ো বহুদিন ধৰি একেলগে আছিল। সামাজিক অনুষ্ঠান পৰ্বতো বহুসময়ত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বলীউডত খোজ দিয়াৰ পাছতে আলিয়াই দ্বিতীয় প্ৰেমকিৰ সৈতেও ইতিৰেখা টানিলে।

কৰণ জোহৰ পৰিচালিত ‘ষ্টুডেণ্ট অব দা ইয়েৰ’ত প্ৰথমবাৰ অভিনয় কৰাৰ পাছত আলিয়াই এগৰাকী চেলিব্ৰিটীৰ প্ৰেমত পৰিছিল। সেই বিখ্যাত চেলিব্ৰিটীজন আন কোনো নাছিল। তেতিয়াৰ বলীউডৰ নতুন মুখ সিদ্ধাৰ্থ মালহোত্ৰাই হৈ পৰিছিল আলিয়াৰ বয়ফ্ৰেইণ্ড। আলিয়াৰে প্ৰেম হ’লেও এই কথা সকোৰে অগোচৰে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিদ্ধাৰ্থই। তেওঁ কয়, ‘মই আলিয়াক প্ৰথমখন ছবিত অভিনয় কৰাৰ পৰাই চিনি পাওঁ। গতিকে আমাৰ এটা আৱেগিক সম্পৰ্ক আছে। তাতকৈ বেছি একো নহয়। আমি ভাল বন্ধু।’ অৱশ্যে, জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আলিয়া আলিয়া-সিদ্ধাৰ্থৰ মাজৰ দূৰত্ব বাঢ়ি গৈছিল বুলিও শুনিবলৈ পোৱা যায়।

ইয়াৰ পাছত, হঠাতে বলীউড এৰিনাত বৰুণ ধাৱানৰে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি বিয়পি পৰিছিল। মহেশ কন্যাৰ সৈতে ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল বৰুণে। কিন্তু যেতিয়া বৰুণৰ প্ৰেমিকা তথা পত্নী নাতাশা দালালৰ কথা মুকলিকৈ আলোচনা হৈছিল তেতিয়া এই গুজৱৰো অন্ত পৰে।

এইবাৰ বিনোদনৰ জগতত নহয়। বিখ্যাত ব্যৱসায়ী সুনীল মিত্তালৰ পুত্ৰ কবিনৰ সৈতে আলিয়াৰ প্ৰেমকথাই বিশেষ কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছিল। এটা ব্যৱসায়িক অনুষ্ঠানত সাক্ষাৎ হৈছিল দুয়োৰে। সেয়া যি‌ কি নহওক, আলিয়াই আৰু অতীতৰ হেৰুৱা দিনবোৰলৈ লহৰি যাব বিচৰা নাই। ৰণবীৰকে জীৱনৰ প্ৰতিটো খোজত পাবলৈ মন আলিয়াৰ।

নাগালেণ্ডক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা

খৰাঙে জুৰুলা কৰিব নেকি নাগালেণ্ডক কৃষিখণ্ড। খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷ নগালেণ্ড চৰকাৰে সমগ্ৰ ৰাজ্যখনক ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি ঘোষণা কৰিছে।

নগালেণ্ডত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ মাৰ্চলৈকে ছয় মাহৰ বাবে সমগ্ৰ ৰাজ্যখনত ‘মধ্যমীয়া ধৰণৰ খৰাং’ ঘোষণা কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে। বৰষুণৰ অভাৱ আৰু শস্যৰ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি বিবেচনা কৰে তথ্য আৰু জনসংযোগ বিভাগে৷ মঙলবাৰে তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, ই সম্পূৰ্ণ প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ দ্বাৰা সংকটত পৰিব ৰাজ্যখনৰ সমগ্ৰ কৃষি ব্যৱস্থা৷ নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডি.ডি.এম.এ.) উপায়ুক্ত আৰু অধ্যক্ষসকলৰ পৰা তথ্যৰ ভিত্তিত জাৰি কৰে৷

কম আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ বাবে খৰাং হৈ পৰে ৰাজ্যখনৰ কিছু অঞ্চল৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাজ্যখনত স্বাভাৱিক হাৰতকৈও কম বৃষ্টিপাত হৈছিল৷ যাৰ ফলত খৰাং হৈ পৰে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৬মাহ খৰাঙৰ কৱলত পৰিব ৰাজ্যখন৷ এনএছডিএমএ জাৰি কৰা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন

সদৌ ৰাভা ছাত্ৰ সন্থা আৰু সদৌ ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা আৰু আঞ্চলিক ৰাভা ছাত্ৰ সন্থা সমূহৰ সহযোগত ওদালগুৰি জিলা ভেৰগাঁ‌ৱত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক যুতিয়া দ্বি-বাৰ্ষিক অধিৱেশন।যাৰ বাবে উদ্যোগক্তা সকলে ব্যাপক ৰূপত আয়োজন চলাই থকাৰ পৰিলক্ষিত হয়।অহা ১৮ ফেব্ৰুৱাৰী তাৰিখৰ পুৱা ১০ বজাৰ পৰা পতাকা উত্তোলণৰ লগতে অতিথি শালা, সভগৃহ,মঞ্চ ইত্যাদি শুভ মুকলি কাৰ্যসূচীৰে আৰম্ভ কৰি ২০ ফেব্ৰুৱাৰী দিনা মুকলি সভা অনুষ্ঠিত কৰিব।

উক্ত মুকলি সভাত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ ৰাভাৰ লগতে, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, প্ৰমুখ্যে মুখ্য আতিথী হিচাপে ৰজ্যিক শিক্ষামন্ত্ৰী ড° ৰনুজ পেগুৰ লগতে কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থা, কেন্দ্ৰীয় ৰাভা মহিলা পৰিষদৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত কেইবাগৰাকী বিধায়ক ,কাৰ্যবাহী, পাৰিষদ, তথা সমাজ কৰ্মীৰ লগতে, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা নেতৃ বৰ্গৰ উপস্থিতিত ৰাইজৰ বিপুল সমাগমত অনুষ্ঠান সম্পন্ন কৰিব ।সেয়েহে প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক  উক্ত অধিৱেশনখনিত অংশ গ্ৰহণ কৰি সহায় সহযোগিতাৰ লগতে সফলভাৱে চলাই নিয়াত অৰিহণা  আগবঢ়াবলৈ উদ্যোগক্তা সকলে আহ্বান জনাই।

নগৰবেৰাৰ বদলা ৰাঙ্গাপানী বজাৰত বন বিভাগৰ অভিযান

কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বদলা ৰাঙ্গাপানী বজাৰত আকস্মিকভাৱে বন বিভাগে এক অভিযান চলাই। ডি এফ অ ডিম্পী বৰাৰ নিৰ্দেশত বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দল এটাই বুধবাৰে সন্ধিয়া বদলা ৰাঙ্গাপানী বজাৰত উপস্থিত হৈ বজাৰখনত অনুজ্ঞাপত্ৰ থকা জাহিদুল টিম্বাৰ ছপ কাঠ মিলটোৰ নথি পত্ৰ লগতে হাতে হাতে ফিতা লৈ জোখ-মাপ কৰি কাঠফলা মিলটোৰ বিভিন্ন সামগ্ৰী নিৰীক্ষণ কৰে অভিযানকাৰী দলটিয়ে।

নিৰীক্ষণৰ অন্তত সকলো ঠিকেই আছে বুলি কয়, কাঠফলা মিলটোৰ দহ ইঞ্চি কাঠ ফলাৰ অনুমতি থকা বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলক নেতৃত্ব দিয়া বন বিষয়া গৰাকীয়ে। বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দুগৰাকীকৈ বন বিষয়া ক্ৰমে উপেন দাস আৰু নুৰুল হাছান শইকীয়াৰ নেতৃত্বত চলে এই অভিযান। কাঠফলা মিলটোৰ বৈধ অনুজ্ঞা পত্ৰ থকাৰ বাবে উভতি যাবলগা হয় বন বিভাগৰ দলটি।

কৰ্ণাটকৰ হিজাব বিতৰ্ক সন্দৰ্ভত মালালা ইউছুফাইজাই

কৰ্ণাটকৰ হিজাব বিতৰ্কত এইবাৰ প্ৰৱেশ কৰিলে শান্তিৰ নবেল বিজয়ী মালালা ইউছুফাইজাইৰ। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগেই বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আপু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সংঘাত সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে।

কৰ্ণাটকৰ এই ঘটনাই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছতেই এই বিষয়টোত জপিয়াই পৰিছে মালালা। তেওঁ ছাত্ৰীসকলৰ হিজাব পৰিধান কৰা বিষয়টোত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে, মুছলমান ছোৱালীসকলক হিজাব পিন্ধি মহাবিদ্যালয়লৈ যোৱাত বাধা দিয়াটো ভয়ংকৰ কথা। মালালাই টুইট কৰি কৈছে: “কম বেছি পৰিমাণে কাপোৰ পিন্ধাৰ বাবে মহিলাসকলক অপমান কৰা হয়। ভাৰতীয় নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।

আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ আনন্দ মিশ্ৰক বদলি কৰা হ’ল কিয়?

কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনাৰ তদন্ত শেষ হোৱাৰ পিছতে এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎকালিনভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে গোটেই ঘটনাৰ তদন্ত সামৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই স্পষ্ট হৈছিল কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনা আছিল সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত। ইয়াৰ পিছতে শাস্তিমূলক ব্যৱস্থা হিচাপে এই ঘটনাৰ লগত জড়িত এছ আই প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি ইয়াৰ সদস্যসকলক বেলেগ বেলেগ জিলালৈ বদলি কৰা হৈছে।

ইয়াৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰিছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দ মিশ্ৰক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰু নগাওঁ জিলাৰ নতুন আৰক্ষী অধীক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

বিগত প্ৰায় ৬ টা মাহত আইপিএছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু ম’ষ্ট ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰি চৰ্চিত হৈ পৰাৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে গুলীচালনা কৰি চৰ্চিত হোৱাৰ সমান্তৰালকৈ বিতৰ্কতো সোমাই পৰিছিল। কীৰ্তিকমল বৰা কাণ্ডৰ পিছত এণ্টি নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এছ পি আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হোৱা নাছিল। সেয়ে জৰুৰীভাৱে আনন্দ মিশ্ৰক কিয় নগাঁৱৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হ’ল সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই। অৱশ্যে কীৰ্তিকমল বৰা কাণ্ডৰ বাবেই যে এইদৰে বদলি কৰা হৈছে সেই বিষয়টো প্ৰায় স্পষ্ট হৈছে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ অনুষ্ঠিত হৈ আছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৫৮ টা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ পুৱা ৯ বজালৈকে ৭.৯৩ শতাংশ ভোটদান হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাসমূহৰ ভিতৰত বৰ্তমানলৈকে সৰ্বাধিক ভোটদান হৈছে বাগপত জিলাত। জিলাখনত ৮.৯৩ শতাংশ ভোটদান হৈছে। আনহাতে বৰ্তমানলৈকে একেবাৰে কম ভোটদান হৈছে গাজিয়াবাদত। জিলাখনত বৰ্তমানলৈকে ৭.৩৭ শতাংশ ভোটদান সাব্যস্তব্য হৈছে।

আনহাতে চামলি জিলাত ৭.৭০ শতাংশ, মুজাফৰনগৰত ৭.৫০ শতাংশ, মেৰথ জিলাত ৮.৪৪ শতাংশ, গৌতমবুদ্ধ নগৰত ৮.৩৩ শতাংশ, হাপুড়ত ৮.২০ শতাংশ, বুলন্দচহৰত ৭.৫১ শতাংশ, আলিগড়ত ৮.২৬ শতাংশ, মথুৰাত ৮.৩০ শতাংশ আৰু আগ্ৰাত ৭.৫৩ শতাংশ ভোটদান সাব্যস্ত হৈছে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত ৫৮ টা সমষ্টিত বিজেপি, সমাজবাদী, বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই প্ৰাৰ্থীসকলৰ মাজত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীও আছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মূল যুঁজখন অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু যোগী আদিত্যনাথৰ বিজেপিৰ মাজতে হোৱাৰ সম্ভাৱনা অছে। ৫৮ টা সমষ্টিৰ আটাইকেইটাতে এই দুয়োটা দল সৱল স্থিতিত আছে।

পুনৰ বৃদ্ধি হ’ব মোবাইলৰ বিভিন্ন সেৱাৰ মূল্য

পুনৰ বৃদ্ধি হ’ব পাৰে মোবাইলৰ বিভিন্ন সেৱাৰ মূল্য। ভাৰতী এয়াৰটেলৰ মতে ২০২২ চনত সকলো ধৰণৰ মোবাইল সেৱাৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। কোম্পানীৰ বিশিষ্ট অধিকাৰীয়ে কয় যে এয়াৰটেলে মাচুল বৃদ্ধি কৰাৰ বাবে কুণ্ঠাবোধ নকৰে।কোম্পানীটোৱে প্ৰতিজন গ্ৰাহকৰ গড় ৰাজহ (এআৰপিইউ) ২০০ টকালৈ আনিব বিচাৰে। ২০২১ চনৰ নৱেম্বৰত, এয়াৰটেলে প্ৰথমে মোবাইল আৰু সেৱাৰ হাৰ ১৮ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰিছিল।

ভাৰতী এয়াৰটেলৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইও) গোপাল ভিট্টালে কয়,   ”মই ভাৱো যে ২০২২ চনত শুল্ক বৃদ্ধি পাব।অৱশ্যে এয়া আগন্তুক তিনি চাৰিমাহলৈ নহয়। মই আশা কৰোঁ পৰৱৰ্তী পৰ্যায়ৰ মাচুল বৃদ্ধি হ’ব। অৱশ্যে, এইটো প্ৰতিদ্বন্দীসকলে নিৰ্ণয় কৰিব লাগিব।”

তেওঁ কোম্পানীৰ বিভিন্ন দিশৰ ফলাফল ঘোষণা কৰাৰ সময়ত বিশ্লেষকসকলৰ এটা প্ৰশ্নত এই কথা উল্লেখ কৰে। ডিচেম্বৰ তিনিমাহৰ বাবে ভাৰতী এয়াৰটেলৰ একত্ৰিত মুঠ লাভ ২.৮ শতাংশ হ্ৰাস হৈ ৮৩০ কোটি টকালৈ হ্ৰাস পাইছে। তিনিমাহৰ ভিতৰত কোম্পানীটোৰ একত্ৰিত উপাৰ্জন ১২.৬ শতাংশ বৃদ্ধি হৈ ২৯,৮৬৭ কোটি টকাহৈছে। উল্লেখ্য যে, ভাৰতত, এয়াৰটেলৰ নেটৱৰ্কত প্ৰতিজন গ্ৰাহকৰ ডাটাৰ ব্যৱহাৰ ১১.৭ শতাংশ বৃদ্ধি হৈ ১৬.৩৭ গিগাবিট (জিবি)ৰ পৰা ১৮.২৮ জিবি হৈছে।

যোগীঘোপাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এটা পিষ্টল, বৃহৎ পৰিমাণৰ নিচা জাতীয় ঔষধ সহ তিনিজন ধৃত ড্ৰাগ্‌ছ ব্যৱসায়ীক আটক কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। আটকাধীন যুৱক তিনিজন ক্ৰমে কাবাইটাৰীৰ ছফিকুল মণ্ডল, মোৱাজ্জেম হুছেইন আৰু মুন্না হ’ক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত যোগীঘোপা আৰক্ষীৰ এটা বৃহৎ দলে এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা যোগীঘোপাৰ চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় । উক্ত অভিযানত কাবাইটাৰীত ড্ৰাগছ ব্যৱসায়ী ছফিকুল মণ্ডলক আটক কৰি তেঁওৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে ছফিকুলক আটক কৰি সোধা-পোচা কৰাৰ অন্তত তেওঁৰ স্বীকাৰক্তিৰ ভিত্তিত কাবাইটাৰীস্থিত মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলায় । আৰক্ষীয়ে মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলাই এটা পিষ্টল (ফেক্টৰী মেড), নিচাজাতীয় টেবলেটসহ নগদ ধন উদ্ধাৰ কৰে । দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত মোৱাজ্জেম হুছেইনৰ লগতে তেওঁৰ পুত্ৰ মুন্না হককো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে তিনি ধৃত ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰ্বমুঠ এটা পিস্তল, ৭২০ টা নিচাজাতীয় কেপচুল আৰু ৪১২০ টকা নগদ ধন উদ্ধাৰ কৰিব’লৈ সক্ষম হয় । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ বিৰুদ্ধে যোগীঘোপা থানাত ২৩/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে ড্ৰাগছৰ এই ব্যৱসায়ীৰ সৈতে জড়িত থকা মোৱাজ্জেম হুছেইন আৰু তেওঁৰ পুত্ৰ মুন্নাক পূৰ্বে যোগীঘোপা আৰক্ষীয়ে কেইবাবাৰো ড্ৰাগছসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । মোৱাজ্জেমে জেল হাজোতৰ পৰা কিছুদিন পিছত জামিনত মুকলি হৈ আহি পুনৰ ড্ৰাগছৰ এই ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰে । মোৱাজ্জেম হুছেইনৰ পৰা এনে মৰনাস্ত্ৰ উদ্ধাৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মাজবাট মহাবিদ্যালয়ত উৰুলি উন্মোচন

৯ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ উৰুলি উন্মোচন কৰা হয়৷ মুখপত্ৰখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ শৰ্মাই৷ শিক্ষা বিভাগৰ মুৰব্বী জয়ন্ত কলিতাই অনুষ্ঠানৰ আত ধৰে৷ জয়ন্ত শৰ্মাই আত ধৰা সভাত ড° প্ৰদীপ কুমাৰ শৰ্মাই  কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ মুখপত্ৰই বিভাগৰ কৰ্ম খতিয়ান দাঙি ধৰাৰ লগতে বছৰেকীয়া তথ্যৰ সম্ভেদ পোৱা যায়৷

তেওঁ  কয় যে প্ৰত্যেক বিভাগে এনেধৰণৰ  মুখপত্ৰ প্ৰকাশ কৰা প্ৰয়োজন ৷সভাত  মিনতি পাটোৱাৰী আৰু ড° গীতা কলিতা লহকৰেও  বক্তব্য আগবঢ়ায় ৷শেষত বিভাগীয় মুৰব্বী জয়ন্ত  কলিতাই  সকলোকে ধন্যবাদ জনায় ৷উল্লেখযোগ্য যে -২০২০বৰ্ষৰ  লক ডাউণ্ডৰ সময়ছোৱাত বিভাগে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  আলোচনা চক্ৰত দেশ বিদেশৰ ২৭ গৰাকী সমল ব্যক্তিয়ে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায় ৷