Home Blog Page 2614

NF Railway হেড কোৱাৰ্টাৰ শাখা গঠন সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ ৰেলৱে হেড কোৱাৰ্টাৰ শাখা গঠন কৰা উপলক্ষে এখন সাধাৰণ সভা ৫ ফেব্ৰুৱাৰীত ৰেলৱেৰ মালিগাঁওস্থিত  ৰং ভৱনত অনুষ্ঠিত হৈ যায় ।

সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা এন এফ আই আঁৰৰ সহকাৰী সাধাৰণ সম্পাদক  মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত ইউনিয়নৰ লক্ষ্য  আৰু  উদেশ্যৰ ওপৰত আলোকপাত কৰি ইউনিয়নে  ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্যপ্ৰাপ্তি , অধিকাৰৰ হকে  সদায় মাত মাতি আহিছে আৰু অনাগত দিনটো মাত মাতি যাব  বুলি সদৰি কৰে । সভাত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজন দেৱৰয় , কাৰ্যকৰী সভাপতি এম এছ দাস , কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস , যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত বৰুৱা আৰু ত্ৰিদীপ মজুমদাৰে ভাষণত উপস্থিত সকলোকে ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কামত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । আনহাতে সভাত তুষাৰ কান্তি ঘোষক সভাপতি , বিশ্বজিৎ শৰ্মাক সাধাৰণ সম্পাদক আৰু দ্বীপ বৰদলৈক কোষাধ্যক্ষ হিচাপে লৈ ইউনিয়নৰ হেড কোৱাৰ্টাৰ শাখা কমিটিখন গঠন কৰা হয় ।

চিলাপথাৰ মহাবিদ্যালয়ত soft skillৰ এদিনীয়া কৰ্মশালা সম্পন্ন

সৰস্বতী পূজাৰ উচাহ উদ্দীপনাৰ মাজতে শণিবাৰে চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত এখন soft skill বিষয়ক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনি  আঁত ধৰে মহাবিদ্যালয় খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক মানস প্ৰতিম দত্তই ।

কৰ্মশালা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Soft Skill development cell ৰ সমন্বয়ক তথা শিক্ষক, লেখক আৰু অনুবাদক হেমচন্দ্ৰ দত্ত। সাম্প্ৰতিক সময়ত Soft Skill ৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি  দত্তই কয় যে শেহতীয়াকৈ সমগ্ৰ পৃথিৱীৰে শৈক্ষিক ক্ষেত্ৰখনলৈ Soft Skill এ ব্যাপক ৰূপান্তৰ কঢ়িয়াই আনিছে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ Soft Skill ৰ জ্ঞানে এজন ব্যক্তিৰ ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনলৈ সাফল্য কঢ়িয়াই আনিব। মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে কৰ্মশালা খনিত উপস্থিত থাকে বিভাগৰ সহকাৰী অধ্যাপক  ড০ মেৰিনা নৰহ আৰু চাই মন কেন মানহাই ।

কৰ্মশালা খনিত উপস্থিত থকা সমল ব্যক্তি হেমচন্দ্ৰ দত্তক মহাবিদ্যালয় খনিৰ হৈ ছাত্ৰ একতা সভাৰ সম্পাদক পৱন দলে এখনি বস্ত্ৰৰে সম্বৰ্ধনা জনাই । মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষীনাথ পেগুৱে কৰ্মশালা খনিৰ সফল সমাপ্তিৰ বাবে আয়োজক প্ৰাণী বিজ্ঞান বিভাগলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

মহানগৰীত পঞ্চমদিনাও পৰিবহণ বিভাগৰ জোৰদাৰ অভিযান

বকেয়াসহ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৫ ফেব্ৰুৱাৰীৰ পঞ্চমদিনাও চলে জোৰদাৰ অভিযান ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে আজি মহানগৰীৰ লালমাটিৰ গেম ভিলেজ, পশ্চিম মালিগাঁও আৰু ৰিহাবাৰীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত অভিযান চলাই তন্ন তন্নকৈ যানবাহনৰ নথিপত্ৰ পৰীক্ষা কৰে ।

অভিযানৰ সময়চোৱাত কৰ অনাদায়ী ব্যক্তিগত মালিকানাধীন যান-বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা আৰু ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত ৭২খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনায়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত বিভাগৰ কাৰ্যালয়ত ৩০ লাখ টকাৰ কৰ সংগ্ৰহ কৰা হয়।

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে, কৰ আদায় দিবলগীয়া মানে বিপদত পৰা নুবুজায়। প্ৰতিগৰাকী যানবাহনৰ মালিকেই কৰ আদায় দি দেশ তথা ৰাজ্যৰ উন্নয়নলৈ সহযোগিতা আগবঢ়াই আহিছে আৰু এই কথা চৰকাৰীভাৱেও স্বীকৃত ৷ সেয়ে সময়মতে কৰ আদায় দি গৌৰৱবোধ কৰাৰ উপৰি নিজকে এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়া উচিত ৷ উল্লেখ্য যে যাৱতীয় কৰ সংগ্ৰহ অভিযানৰ সময়চোৱাত মহানগৰখনত পদচাৰীৰ লগতে সকলো যানবাহন ব্যৱহাৰকাৰীয়ে যাতে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সহযোগত আৰু পৰিবহণ বিভাগৰ উদ্যোগত চিকিৎসা মহাবিদ্যালয় চৌহদত এটি পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰো আয়োজন কৰা বুলি পৰিবহণ বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

জালুকবাৰী সমষ্টিত উন্নয়নৰ নামত প্ৰতাৰণাৰ অভিযোগ একাংশৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি বুলিলে সকলোৱে হয়তু একে আষাৰে কব অসমৰ আটাইতকৈ উন্নত সমষ্টি । পিছে সমষ্টিবাসীয়েহে জানে বছৰ বছৰ ধৰি হজম কৰি অহা দুখ বেদনাৰ অন্তহীন গাথা । মানুহৰ জীৱনৰ প্ৰথম চৰ্ত খোৱাপানী, বাট পথ নলা নৰ্দমাৰ দৰে অভাববোৰ যদি সুদীৰ্ঘকাল কেবিনেট মন্ত্ৰীত্ব তথা মুখ্যমন্ত্ৰীৰ চকীত বহি সমাধা কৰিব নোৱাৰিলে ,তেনেহলে কিহৰ উন্নয়ন কৰিলে বুলি একাংশই দুখ প্ৰকাশ কৰিছে । জালুকবাৰী সমষ্টিৰ হাৰ্ট স্বৰূপ উত্তৰ গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ভোট লাভ কৰি অহাৰ পিছতো ৰাইজৰ প্ৰাথমিক অভাব পুৰণত বাৰে বাৰে বৰ্থ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে হাজোৰ পৰা চাংসাৰী উত্তৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চলৰ খোৱা পানীত মাৰত্মক ফ্ল’ৰাইড মিহলি হৈ থকাৰ প্ৰমান লাভ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে টিউবেল , কুৱা তথা আন আন উৎসত ৰঙা ৰং সানি পানী ব্যবহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল কিন্তু খোৱা পানীৰ সুব্যবস্থা নকৰাত স্বাস্থ্যৰ প্ৰতি হানি কাৰক পানীকে ৰাইজে সেৱন কৰি আহিছে । 

শেহতীয়াকৈ এছামে গভীৰ নলী নাদেৰে পানীৰ বেআইনী ব্যবসায় গঢ়ি তোলাত টিউবেল কুৱাত জানুৱাৰী মাহৰ পৰা পানী নাইকীয়া হৈছে । দিন হাজিৰা কৰা লোকেও এতিয়া পানী ক্ৰয় কৰাৰ পৰিবেশে চৰকাৰৰ অদক্ষতাকে প্ৰতিপন্ন কৰিছে । বিগত বৰ্ষৰ পৰা চাৰিমাহ পানী কিনি খাবলগীয়া হৈছে উত্তৰ গুৱাহাটী বাসীয়ে । বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্পক পুণৰ সক্ৰিয় দেখাবলৈ উঠিপৰি লাগিছে বিভাগটি । জাইকাৰ পানী প্ৰকল্পৰ নামত বাৰে বাৰে পথ সমুহ খান্দি ৰাজ কোষৰ ধনৰ শৰাধৰ বাহিৰে জনতাৰ একো উপকাৰ নহল । শেহতীয়াকৈ প্ৰধান মন্ত্ৰীৰ জল মিছন ,প্ৰধান মন্ত্ৰীৰ আবাস যোজনা নিজ সমষ্টিত এক প্ৰহসন আৰু প্ৰবঞ্চনাৰ বাহিৰে একো নহল । ইফালে কংগ্ৰেছৰ কাৰ্যকালৰ পৰা বিজেপি চৰকাৰতো গড়কপ্টানি বিভাগত থাকিও বাটপথ নলা নৰ্দমাৰ  বিজ্ঞান সন্মত ব্যবস্থা কৰিব নোৱাৰাক লৈয়ো দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ একাংশই । পৰিকল্পিত জল নিৰ্গমনৰ ব্যবস্থাৰ পৰিবৰ্তে ঐতিহাসিক ঘোৰাজান আৰু জলাশয়ত পুজিপতিক ৰঙা দলিছা পাৰি জনতাক পানীৰ মাজত বন্দী কৰি আহিছে ।

বছৰৰ বাৰমাহ পানীৰ মাজত আবদ্ধ জনতাক জোলোকে জোলোকে পানী খুৱাই চৰকাৰী ভুমিত বিজেপি নেতাৰ আধিপত্য বিস্তাৰ কৰি আহিছে ।ৰূদ্ৰেশ্বৰ পঞ্চায়তৰ অধীন পথছোৱা মেৰামতিৰ বাবৃ বছৰ বছৰ ধৰি কাবৌ কৰিও গা লৰাব পৰা নাই ৰাইজে ।বৰঞ্চ একাংশ কোটি পতি দালাৰক মাটিৰ গধুৰ বাহন চলাবলৈ দি সমুলঞ্চে নষ্ট কৰিছে পথছোৱা । ইফালে উত্তৰ গুৱাহাটী নগৰ সমিতি আৰু অঞ্চলঁটিৰ পঞ্চায়ত সমুহৰ উন্নয়নৰ নামত মুকলি হোৱা ধন প্ৰকাৰন্তৰে অন্য উৎসলৈ কাঢ়ি নিয়াৰ ফলত কেইবা বছৰৰ পৰা অঞ্চলটিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে । শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ সীমা বৰ্ধন কৰি পুৰ্বৰ চাৰিটা ৱাৰ্ডৰ পৰিবৰ্তে দহোটা ৱাৰ্ডলৈ নিৰ্ধাৰণ কৰা হল ঠিক,কিন্তু পুৰ্বৰ চাৰিটা ৱাৰ্ডৰ লোকক সা সুবিধা দিয়াত ব্যৰ্থ হল ,বৰঞ্চ বৰ্ধিত নগৰ কৰেৰে ৰাজ হাড় ভঙাহে পৰিলক্ষিত হল । এতিয়া কেবল কৰৰ লালসাত পৌৰসভাৰ পোছাক পিন্ধাই  যেন অন্য এক কেকোৰা চেপা দিবলৈহে যেন সাজু চৰকাৰ । নগৰ সমিতি খনত কেইবা কৌটি টকাৰ কেলেংকাৰিকলৈ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই তদন্তৰ প্ৰক্ৰিয়া আগবঢ়ায়ো দলীয় ধুৰন্ধৰ নেতা নেতৃক ৰক্ষাৰ স্বাৰ্থত থমকি ৰোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰয়াত মুখ্যমন্ত্ৰী গিৰিন চৌধুৰীৰ দিনত নিৰ্মিত উত্তৰ গুৱাহাঁটী খণ্ড প্ৰাথমিক চিকিৎসালয়খন ৩০খন বিছনাযুক্ত কৰিবলৈ ড০ হিমন্ত বিশ্ব শৰ্মাই মনোযোগ নিদিয়াত দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ একাংশ লোকে ।

ইফালে তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয় নামতে চলি আছে । চিকিৎসালয় খনত কেইখনমান প্ৰসুতিৰ বিছনা আৰু চিকিৎসাৰ ব্যবস্থা আছে । আন চিকিৎসাৰ বাবে জি এম চি এইচলৈ পথোৱা হয় । ঢিকিৎসালয় খনত নাৰ্চৰ পৰা চিকিৎসকলৈ দুখীয়া ৰোগীৰ পৰা ধন বিছৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । চৰকাৰী ভাবে বিনামূলীয়া পৰীক্ষাৰ নামতো এক প্ৰহসন । দুখীয়া লোকক হয় নাৰায়না অথবা মালিগাঁৱৰ ব্যক্তিগত ক্লিনিকলৈ ৰোগীক পঠিয়াই কমিচনৰাজ চলোৱা নতুন কথা নহয় । ইফালে অভিযোগ অনুসৰি জন্ম মূত্যুৰ প্ৰমাণ পত্ৰৰ নামতো চলি আহিছে অসাধু ব্যবসায় । উত্তৰ পুবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত তলা লগাৰ পৰ্যায় পাইছে । ইতিমধ্যে NCTE এ শেষবাৰৰ বাবে স্বীকৃতি বাতিল কৰিলে । চৰকাৰী ঘৰ থকাৰ পিছতো এতিয়াও কামৰূপ সদৰত কেইবাটাও বিভাগ ভাৰাঘৰত চলাই ৰাজ কোষ উদং কৰি আহিছে । ইফালে সুদীৰ্ঘ দিনৰ পৰা দুখন এ এছ টি চি বাছেৰে বৃহত্তৰ অঞ্চলৰ পথ পৰিবহন সেৱাক সামৰি অহা হেছিল যদিও সেয়াও কৰ্তন কৰি অঞ্চলবাসীক কেবল প্ৰতাৰণাৰে চমক দেখুৱাৰ বাহিৰে আন একো নহয় । মুঠতে উন্নয়নৰ গতি তৰান্বিত কৰাৰ নামত বছা বছা দালালক অগ্ৰাধিকাৰ দি মুখ্যমন্ত্ৰীৰ সমষ্টিত এতিয়া চলাই আহিছে কেবৰ লুণ্ঠণৰাজ । সেয়েহে এই সকলোবোৰ লক্ষ্য কৰি এতিয়াও সমষ্টিৰ উন্নয়নৰ প্ৰতি এইবাৰৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোযোগ দিব বুলি আশা পালি আছে সমষ্টিৰ একাংশ ৰাইজে।

পঞ্জাৱত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন?

সমাগত দেশৰ ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৰাজ্যকেইখনৰ ভিতৰত সবাতোকৈ আকৰ্ষণীয় যুঁজ হবলগীয়া এখন ৰাজ্য হৈছে পঞ্জাৱ। কংগ্ৰেছৰ ভাল স্থিতি থকা এই ৰাজ্যখনত এইবাৰ শাসনৰ বাঘজৰী কোনে লাভ কৰিব তাক লৈ তীব্ৰ চৰ্চা হৈছে। কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে যে, এইবাৰ ৰাজ্যখনত আম আদমী পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব।

সেয়া যি কি নহলেও, বৰ্তমান শাসনত থকা কংগ্ৰেছ দলে দেওবাৰে ঘোষণা কৰিব আগন্তুক নিৰ্বাচনত তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হব! বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চানী আৰু নৱজ্যোত সিং সিদ্ধুৰ ভিতৰৰে যিকোনো এজনৰ নাম মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে হাইকামাণ্ডে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে, দলৰ ভিতৰতে হোৱা বিসম্বাদৰ বাবেই কিছুদিনৰ পূৰ্বে দল এৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে। নৱজ্যোত সিং সিদ্ধুৰ সৈতে প্ৰত্যক্ষ সংঘাততো লিপ্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। এইবাৰ অৱশ্যে কংগ্ৰেছ হাইকামাণ্ডে কাৰ ওপৰত ভৰষা ৰাখে সেয়া হব লক্ষ্যণীয়। উল্লেখ্য যে, মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ হৈও কেইবাবাৰো বিমুখ হবলগীয়া হোৱা নৱজ্যোত সিং সিদ্ধুৰ নাম হাইকামাণ্ডে এইবাৰ বিবেচনা কৰাৰ স্থল আছে।

৯২ বছৰ বয়সত মহাপ্ৰয়াণ কোকিলকণ্ঠী লতা মংগেশকাৰৰ

ইতিহাস হ’ল এক সোণালী কণ্ঠ। কভিডযুদ্ধত পৰাজিত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞীয়ে। ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। শনিবাৰে হাস্পতালত জ্যেষ্ঠ ভগ্নীৰ স্বাস্থ্যৰ বুজ লৈছিল আশা ভোছলেই। প্ৰায় দুঘণ্টা সময় ধৰি হাস্পতালত সময় কটায় আশা ভোছলেয়ে। দেশবাসীক প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল আশা ভোছলেই। দেশবাসীৰ প্ৰাৰ্থনাৰ মাজতে ইহ সংসাৰৰ পৰা বিদায় ল’লে লতা মংগেশকাৰে। উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

লতাজীয়ে প্ৰায় দুবছৰ ধৰি ঘৰ এৰি যোৱা নাছিল। মাজে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বাৰ্তা দিছিল। বৰ্ধিত বয়স আৰু স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে কোঠাতে অধিক সময় অতিবাহিত কৰিছিল। ঘৰৰ এজন কৰ্মচাৰী কৰোণা পজিটিভ হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। লতাজীৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ। বিএমচিৰ পিআৰঅ’ তানাজী কাম্বলে সদৰি কৰা অনুসৰি শিৱাজী পাৰ্কৰ শ্মশানত লতাজীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ সময় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

মৃত্যুদূতলৈ পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্ৰাম্যাঞ্চলৰ পথৰটো দূৰৈৰ কথা যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত সমূহে সৰ্বসাধাৰণ পথচাৰীক দুৰ্ভোগ ভোগাইছে। সম্প্ৰতি মৃত্যু উপত্যকালৈ পৰ্যবসিত হোৱা পথটোৰে যোৰহাট-শিৱসাগৰলৈ অহা-যোৱা কৰিবলৈ ভয় কৰে যান-বাহনৰ গৰাকীয়ে ।লক্ষনীয় এই যে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ মেৰামতি কৰাৰ বাবে যোৰহাট জিলা উপায়ুক্তই সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা দিয়াত উপায়ন্তৰ হৈ উক্ত পথচোৱাৰ জৰাজীৰ্ণ অংশৰ মেৰামতি কৰিছিল যদিও মেৰামতিৰ কাম সম্পূৰ্ণ নৌহঁওতেই মেৰামতি কৰা অংশ সমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয়।

নিম্ন মানৰ কামেৰে দায়িত্ব সামৰিব বিচৰা কামৰ স্বৰূপ উদঙালে যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে । ৰাষ্ট্ৰীয় ঘাইপথৰ যি যি অংশত মেৰামতি কৰিছিল সেইসমূহ অংশত বৰষুণৰ পানী জমাহৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় ।ফলত এই গাঁত সমূহত পৰি  কেইবাখনো লঘু বাহনৰ বিস্তৰ ক্ষতি সাধন হয় । ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ টীয়কৰ জগদুৱাৰ সমীপত সৃষ্টি হোৱা এনে এটা বৃহৎ পুখুৰী সদৃশ গাঁতত সোমাই কেইবাখনো বাহনৰ ক্ষতিসাধন হোৱাৰ পাছত পথটোৰ কাষৰ ৰাইজে পথৰ ওপৰত সৃষ্টি হোৱা গাঁতটো বাঁহৰ জেং,গছৰ ডাল আদি দি যানবাহনৰ গৰাকী সকলক সতৰ্ক কৰি দিয়া পৰিলক্ষিত হৈছে । ফলত উক্ত অঞ্চলত যান-বাহনসমূহ চলাচলত অন্তৰায়ৰ সৃষ্টি হৈছে। বিপৰীতে কিন্তু উক্ত পথচোৱাত সতৰ্কতা মূলক কোনো ব্যৱস্থা কি ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ,কি জিলা প্ৰশাসন কোনেও কৰা নাই ।

দৰঙত ড্ৰাগছ ব্যৱসায়িক এনকাউণ্টাৰ

ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাতো অপৰাধীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে দৰং আৰক্ষী । ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপৰাধীৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণকৰাৰ পাছতে ধাৰাবাহিক ভাৱে ৰাজ্যত সংঘটিত হব ধৰিছে ইটোৰ পাছত সিটো এনকাউন্টাৰ । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নগাঁৱত সংঘটিত ছাত্র নেতা কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাৰ পিছত ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে । বিৰোধীৰ পৰা আৰম্ভ কৰি একাংশ দল-সংগঠনে ৰাজ্যত সংঘটিত ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনাক ভুৱা এনকাউন্টাৰ আখ্যা দিয়াৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে নিজৰ স্থিতি স্পষ্ট কৰি কৈছিল যে অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰ অব্যাহত থাকিব ।  ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে দৰং জিলাতো সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ।

ঘটনাৰ বিৱৰণী অনুসৰি দৰং জিলাৰ  ধূলা আৰক্ষী থানাৰ আৰক্ষীয়ে হীৰাপাৰাৰ পৰা শুক্ৰবাৰে কুদ্দুছ আলী  (২৫) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক  আটক কৰে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে  নিশাৰ ভাগত আৰক্ষীয়ে  ধূলা থানাৰ অন্তর্গত ঘাটপাৰত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ কুদ্দুছ আলীক নিয়াৰ সময়তে কুদ্দুছে পলাবলৈ চেষ্টা কৰে আৰু  আৰক্ষীয়ে তৎমুহুৰ্ততে  গুলিয়াই আহত কৰে কুদ্দুছক ।  ধনশিৰি কাষত আৰক্ষীৰ আবেষ্টনিৰ  পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে বুলি জানিব পৰা গৈছে ।  আৰক্ষীয়ে তিনি জাই গুলী কৰাৰ  ফলত  সো ভৰিৰ আঠুৰ তলত গুলী  লাগে কুদ্দুছ আলীৰ । ভৰিত গুলী লাগি আঘাত প্ৰাপ্ত হোৱা কুদ্দুছক আৰক্ষীয়ে  মঙলদৈ অসামৰিক চিকিৎসালয়ত যোৱা নিশা ১২-৩০ বজাত ভৰ্তি কৰায় যদিও শনিবাৰে ১১ বজাত চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে চমজি লয় বুলি জানিব পৰা গৈছে । আৰক্ষী সুত্ৰই  প্ৰকাশ কৰা মতে  ড্ৰাগছ মাফিয়া কুদ্দুছ আলীৰ জিম্মাৰ পৰা  নগদ পাচ হাজাৰ টকাৰ লগতে চাৰিটা ড্ৰাগছ কন্টেইনাৰ , ছয় গ্ৰাম ব্ৰাউন ছুগাৰ  জব্দ কৰা হয় ।  ঘটনা সম্পৰ্কে আৰক্ষীয়ে কুদ্দুছক সোধপোছ  কৰি আছে । বৰ্তমানলৈ আৰক্ষীয়ে সবিশেষ  তথ্য সদৰি কৰা নাই। আজি  কুদ্দুছ আলীক  মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ কথা । উল্লেখযোগ্য যে বিভিন্ন অপৰাধ জনিত ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ইয়াৰ  পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল কুদ্দুছ আলীক । 

চতিয়াৰ অৱসৰী কৃতী শিক্ষক লীলা হাজৰিকাৰ মৃত্যু

বিশ্বনাথ জিলাৰ চতিয়াৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লীলা হাজৰিকাৰ আজি পুৱতি নিশা ৪.৩০ বজাত মৃত্যু হয়। উল্লেখ্য যে মাত্ৰ ৪ দিন পূৰ্বে তেখেতৰ পত্নী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী স্বৰ্ণলতা হাজৰিকাৰ মৃত্যু হৈছিল। বহুদিন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হাজৰিকাই ভেলৌগুৰি মজলীয়া বিদ্যালয়ত সুদীৰ্ঘকাল শিক্ষকতা কৰাৰ উপৰিও নাগশংকৰ আৰু চতিয়া মজলীয়া বিদ্যালয়তো শিক্ষাদান কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাইছিল। ইয়াৰোপৰি অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপেও তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ যায়। ১৯৪১ চনত জন্মলাভ কৰা এইগৰাকী সমাজকৰ্মী এসময়ত মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি আছিল।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজ তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অৱসৰী শিক্ষক বাণেশ্বৰ বৰাই আঁতধৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাগশংকৰ জিলা পৰিষদৰ সদস্য ভবেশ বৰুৱা, বিজেপি চতিয়া মণ্ডল, ভেলৌগুৰি মজলীয়া বিদ্যালয়, মধ্য নাগশংকৰ গাঁও পঞ্চায়ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ’লাল সোণাৰী প্ৰাথমিক, আলোক, নাগশংকৰ ক্ৰীড়া সন্থা, চতিয়া সাহিত্য সভা, শ’শাল সোণাৰী গাঁও উন্নয়ন সমিতি, মহিলা সমিতি, এচ, চি মৰ্চা, চতিয়া, দেউৰি গাঁও উন্নয়ন সমিতি, ক্ৰীড়া ভাৰতী, বিশ্বনাথ, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, অসমীয়া সাহিত্য সন্মিলনী, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে প্ৰমুখ্যে কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন পৰে। মৃত্যুৰ সময়ত তেখেতে দুটি পুত্ৰ, এগৰাকী জীয়ৰী, দুগৰাকী বোৱাৰী, নাতি-নাতিনীৰে ভৰা সংসাৰ এৰি থৈ যায়। বিশিষ্ট সমাজকৰ্মী লীলা হাজৰিকাৰ মৃত্যুত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শোক প্ৰকাশ কৰে।

বঙাইগাঁৱৰ অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানা আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত চৌটাকীৰ ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এজন বাইক চালক থিতাতে নিহত হয ৷ জানিব পৰামতে, জিলাখনৰ দেওহাটী দিশৰ পৰা যোগীঘোপা দিশলৈ গৈ থকা গৈ থকা ট্ৰাক এখনৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথৰ চৌটাকীত বিপৰীত দিশৰ পৰা আহি থকা বাইক এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷

সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে, ট্ৰাকৰ সমুখত পৰা বাইকখন চালকৰ সৈতে বহুদুৰ চোচৰাই নিয়াৰ পাচত বাইকখনৰ ইন্ধনৰ টেংকী ফুটি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ফলত বাইকসহ চালকজন সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হোৱাৰ লগতে বাইক চালকজন থিতাতে মৃত্যুক সাবটি লবলগীয়া হয় ৷ বাইকখনৰ নম্বৰ এ.এচ.১৯এন ৫৩১৩ আৰু ট্ৰাকৰ নম্বৰ এ.এচ.১১৭.২৭৬৫ বুলি জানিব পৰা গৈছে । বাইক আৰোহীজন বঙাইগাঁও জিলাৰ নয়াগাঁও তৃতীয় খণ্ডৰ ৰঘুনাথ বৰ্মন (১৮) ।