Breaking

জালুকবাৰী সমষ্টিত উন্নয়নৰ নামত প্ৰতাৰণাৰ অভিযোগ একাংশৰ

0 1,148

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি বুলিলে সকলোৱে হয়তু একে আষাৰে কব অসমৰ আটাইতকৈ উন্নত সমষ্টি । পিছে সমষ্টিবাসীয়েহে জানে বছৰ বছৰ ধৰি হজম কৰি অহা দুখ বেদনাৰ অন্তহীন গাথা । মানুহৰ জীৱনৰ প্ৰথম চৰ্ত খোৱাপানী, বাট পথ নলা নৰ্দমাৰ দৰে অভাববোৰ যদি সুদীৰ্ঘকাল কেবিনেট মন্ত্ৰীত্ব তথা মুখ্যমন্ত্ৰীৰ চকীত বহি সমাধা কৰিব নোৱাৰিলে ,তেনেহলে কিহৰ উন্নয়ন কৰিলে বুলি একাংশই দুখ প্ৰকাশ কৰিছে । জালুকবাৰী সমষ্টিৰ হাৰ্ট স্বৰূপ উত্তৰ গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ভোট লাভ কৰি অহাৰ পিছতো ৰাইজৰ প্ৰাথমিক অভাব পুৰণত বাৰে বাৰে বৰ্থ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে হাজোৰ পৰা চাংসাৰী উত্তৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চলৰ খোৱা পানীত মাৰত্মক ফ্ল’ৰাইড মিহলি হৈ থকাৰ প্ৰমান লাভ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে টিউবেল , কুৱা তথা আন আন উৎসত ৰঙা ৰং সানি পানী ব্যবহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল কিন্তু খোৱা পানীৰ সুব্যবস্থা নকৰাত স্বাস্থ্যৰ প্ৰতি হানি কাৰক পানীকে ৰাইজে সেৱন কৰি আহিছে । 

শেহতীয়াকৈ এছামে গভীৰ নলী নাদেৰে পানীৰ বেআইনী ব্যবসায় গঢ়ি তোলাত টিউবেল কুৱাত জানুৱাৰী মাহৰ পৰা পানী নাইকীয়া হৈছে । দিন হাজিৰা কৰা লোকেও এতিয়া পানী ক্ৰয় কৰাৰ পৰিবেশে চৰকাৰৰ অদক্ষতাকে প্ৰতিপন্ন কৰিছে । বিগত বৰ্ষৰ পৰা চাৰিমাহ পানী কিনি খাবলগীয়া হৈছে উত্তৰ গুৱাহাটী বাসীয়ে । বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্পক পুণৰ সক্ৰিয় দেখাবলৈ উঠিপৰি লাগিছে বিভাগটি । জাইকাৰ পানী প্ৰকল্পৰ নামত বাৰে বাৰে পথ সমুহ খান্দি ৰাজ কোষৰ ধনৰ শৰাধৰ বাহিৰে জনতাৰ একো উপকাৰ নহল । শেহতীয়াকৈ প্ৰধান মন্ত্ৰীৰ জল মিছন ,প্ৰধান মন্ত্ৰীৰ আবাস যোজনা নিজ সমষ্টিত এক প্ৰহসন আৰু প্ৰবঞ্চনাৰ বাহিৰে একো নহল । ইফালে কংগ্ৰেছৰ কাৰ্যকালৰ পৰা বিজেপি চৰকাৰতো গড়কপ্টানি বিভাগত থাকিও বাটপথ নলা নৰ্দমাৰ  বিজ্ঞান সন্মত ব্যবস্থা কৰিব নোৱাৰাক লৈয়ো দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ একাংশই । পৰিকল্পিত জল নিৰ্গমনৰ ব্যবস্থাৰ পৰিবৰ্তে ঐতিহাসিক ঘোৰাজান আৰু জলাশয়ত পুজিপতিক ৰঙা দলিছা পাৰি জনতাক পানীৰ মাজত বন্দী কৰি আহিছে ।

বছৰৰ বাৰমাহ পানীৰ মাজত আবদ্ধ জনতাক জোলোকে জোলোকে পানী খুৱাই চৰকাৰী ভুমিত বিজেপি নেতাৰ আধিপত্য বিস্তাৰ কৰি আহিছে ।ৰূদ্ৰেশ্বৰ পঞ্চায়তৰ অধীন পথছোৱা মেৰামতিৰ বাবৃ বছৰ বছৰ ধৰি কাবৌ কৰিও গা লৰাব পৰা নাই ৰাইজে ।বৰঞ্চ একাংশ কোটি পতি দালাৰক মাটিৰ গধুৰ বাহন চলাবলৈ দি সমুলঞ্চে নষ্ট কৰিছে পথছোৱা । ইফালে উত্তৰ গুৱাহাটী নগৰ সমিতি আৰু অঞ্চলঁটিৰ পঞ্চায়ত সমুহৰ উন্নয়নৰ নামত মুকলি হোৱা ধন প্ৰকাৰন্তৰে অন্য উৎসলৈ কাঢ়ি নিয়াৰ ফলত কেইবা বছৰৰ পৰা অঞ্চলটিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে । শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ সীমা বৰ্ধন কৰি পুৰ্বৰ চাৰিটা ৱাৰ্ডৰ পৰিবৰ্তে দহোটা ৱাৰ্ডলৈ নিৰ্ধাৰণ কৰা হল ঠিক,কিন্তু পুৰ্বৰ চাৰিটা ৱাৰ্ডৰ লোকক সা সুবিধা দিয়াত ব্যৰ্থ হল ,বৰঞ্চ বৰ্ধিত নগৰ কৰেৰে ৰাজ হাড় ভঙাহে পৰিলক্ষিত হল । এতিয়া কেবল কৰৰ লালসাত পৌৰসভাৰ পোছাক পিন্ধাই  যেন অন্য এক কেকোৰা চেপা দিবলৈহে যেন সাজু চৰকাৰ । নগৰ সমিতি খনত কেইবা কৌটি টকাৰ কেলেংকাৰিকলৈ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই তদন্তৰ প্ৰক্ৰিয়া আগবঢ়ায়ো দলীয় ধুৰন্ধৰ নেতা নেতৃক ৰক্ষাৰ স্বাৰ্থত থমকি ৰোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰয়াত মুখ্যমন্ত্ৰী গিৰিন চৌধুৰীৰ দিনত নিৰ্মিত উত্তৰ গুৱাহাঁটী খণ্ড প্ৰাথমিক চিকিৎসালয়খন ৩০খন বিছনাযুক্ত কৰিবলৈ ড০ হিমন্ত বিশ্ব শৰ্মাই মনোযোগ নিদিয়াত দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ একাংশ লোকে ।

ইফালে তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয় নামতে চলি আছে । চিকিৎসালয় খনত কেইখনমান প্ৰসুতিৰ বিছনা আৰু চিকিৎসাৰ ব্যবস্থা আছে । আন চিকিৎসাৰ বাবে জি এম চি এইচলৈ পথোৱা হয় । ঢিকিৎসালয় খনত নাৰ্চৰ পৰা চিকিৎসকলৈ দুখীয়া ৰোগীৰ পৰা ধন বিছৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । চৰকাৰী ভাবে বিনামূলীয়া পৰীক্ষাৰ নামতো এক প্ৰহসন । দুখীয়া লোকক হয় নাৰায়না অথবা মালিগাঁৱৰ ব্যক্তিগত ক্লিনিকলৈ ৰোগীক পঠিয়াই কমিচনৰাজ চলোৱা নতুন কথা নহয় । ইফালে অভিযোগ অনুসৰি জন্ম মূত্যুৰ প্ৰমাণ পত্ৰৰ নামতো চলি আহিছে অসাধু ব্যবসায় । উত্তৰ পুবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত তলা লগাৰ পৰ্যায় পাইছে । ইতিমধ্যে NCTE এ শেষবাৰৰ বাবে স্বীকৃতি বাতিল কৰিলে । চৰকাৰী ঘৰ থকাৰ পিছতো এতিয়াও কামৰূপ সদৰত কেইবাটাও বিভাগ ভাৰাঘৰত চলাই ৰাজ কোষ উদং কৰি আহিছে । ইফালে সুদীৰ্ঘ দিনৰ পৰা দুখন এ এছ টি চি বাছেৰে বৃহত্তৰ অঞ্চলৰ পথ পৰিবহন সেৱাক সামৰি অহা হেছিল যদিও সেয়াও কৰ্তন কৰি অঞ্চলবাসীক কেবল প্ৰতাৰণাৰে চমক দেখুৱাৰ বাহিৰে আন একো নহয় । মুঠতে উন্নয়নৰ গতি তৰান্বিত কৰাৰ নামত বছা বছা দালালক অগ্ৰাধিকাৰ দি মুখ্যমন্ত্ৰীৰ সমষ্টিত এতিয়া চলাই আহিছে কেবৰ লুণ্ঠণৰাজ । সেয়েহে এই সকলোবোৰ লক্ষ্য কৰি এতিয়াও সমষ্টিৰ উন্নয়নৰ প্ৰতি এইবাৰৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোযোগ দিব বুলি আশা পালি আছে সমষ্টিৰ একাংশ ৰাইজে।

Leave A Reply