Home Blog Page 2615

আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নমাৰ সম্ভাৱনা

শীতৰ প্ৰকোপ আগন্তুক দুটা দিনত আৰু অধিক বৃদ্ধি পাব। উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নিম্নগামি হ’ব। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উত্তৰ-পশ্চিম ভাৰতৰ বৰষুণ আৰু তুষাৰপাত হোৱাৰ ফলত পাৰাস্তম্ভ অতি নিম্নগামি হ’ব।

শুকুৰবাৰে পশ্চিম হিমালয় অঞ্চলত ঠায়ে ঠায়ে পাতলিয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ লগতে তুষাৰপাত অব্যাহত থাকিব। আনহাতে অত্যাধিক ডাৱৰ, শীতল বতাহ প্ৰবাহৰ বাবেও উত্তৰ-পশ্চিম ভাৰতৰ কিছু কিছু অংশৰ পাৰস্তম্ভ অতি নিম্নগামি হ’ব। দেশৰ উত্তৰ প্ৰান্তৰ অঞ্চলবোৰত প্ৰায় ২৪ ৰ পৰা ৩৬ ঘণ্টাধৰি এই শীতল বতাহৰ প্ৰবাহ অব্যাহত থকাৰ ফলত উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগত মধ্যমীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে শিলাবৃষ্টি হ’ব। সেয়েহে এই অঞ্চলবোৰ বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

ইফালে উত্তৰ-পশ্চিম দিশে অব্যাহত থকা এই শীত প্ৰবাহ প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগত প্ৰবাহিত হ’ব। আৰু এই প্ৰবাহ ক্ৰমান্বয়ে শুকুৰবাৰৰ পৰা পূৱ আৰু উত্তৰ দিশৰ ফালে গতি কৰিব। বিহাৰ, ঝাৰখণ্ডত শুকুৰবাৰে বজ্ৰপাতৰ সৈতে পাতল আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।আনহাতে শুক্ৰবাৰে আৰু শনিবাৰে, উত্তৰ-পূব ভাৰতত ব্যাপক হাৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে অসম আৰু মেঘালয়ৰ কিছু অংশতো শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথাও বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত পাতল বৰষুণ অব্যাহত আছে।

ৰাজ্যৰ সকলো মাদ্ৰাছা এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ

এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হব ৰাজ্যৰ মাদ্ৰাছা সমূহ। যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন।

এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্য়ক্তিয়ে লেখ আবেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্য়ায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

বহুত দিন ধৰি মেৰামতিৰ অভাৱত ধুবুৰী জিলা গোলোকগঞ্জ খণ্ড স্বস্থ্য বিভাগৰ অন্তৰ্গত প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহটোৰ টিনপাত, দুৱাৰ-খিৰিকী আদি ভাঙি জৰাজীৰ্ণ হৈ পৰিছে।আনকি চিকিৎসক অবিহনে এগৰাকী নাৰ্চে উপ-স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱা আগবঢ়াই থকা ঘটনাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। জানিব পৰা মতে, ১৯৮৩ চনতে স্থাপন কৰা প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰটোত প্ৰথমে এগৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছিল।পৰবৰ্তী সময়ত উক্ত চিকিৎসক গৰাকী বদলিহৈ যোৱাৰ পিছত উপ-স্বাস্থ্য কেন্দ্ৰটোত আন কোনো চিকিৎসকক নিযুক্তি দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই । ফলত কোনা চিকিৎসক নোহোৱাকৈ এগৰাকী নাৰ্চে অঞ্চলটোৰ ৰাইজক চিকিৎসা প্ৰদান কৰিব লগীয়া হৈছে । আনহাতে বহুত দিন ধৰি মেৰামতি নকৰাত উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী ভাঙি আৰু টিনপাত ফুটাহৈ জৰাজীৰ্ণহৈ পৰিছে । ফলত সামান্য বৰষুণ দিলেই পানীৰে ভৰি পৰে স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ ভাগ ।

ইপিনে দুৱাৰ-খিৰিকী নথকাৰ বাবে নাৰ্চ গৰাকীয়ে সদায় ঘৰত লৈ যাব লগা হয় ঔষধ, চিকিৎসা সামগ্ৰী আৰু নথি-পত্ৰ সমুহ । মন কৰিবলগীয়া যে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজে বাৰে বাৰে আবেদন কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই  এটা নতুন গৃহ নিৰ্মাণ কৰিছে । কিন্তু নিৰ্মান সম্পূৰ্ণ হোৱাৰ প্ৰায় দুবছৰে হল যদিও আজি লৈকে নতুন গৃহটোৰ তলা বন্ধ কৰি ৰাখিছে বিভাগী কৰ্তৃপক্ষই । গতিকে বিভাগীয় কতৃপক্ষই যাতে অনতি পলমে নৱ নিৰ্মিত গৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰি দি এগৰাকী চিকিৎসক নিযুক্ত কৰি দিয়ে তাৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে । ইয়াৰ উপৰি উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে পকী দেৱাল নথকাৰ বাবে বিভিন্ন অসমাজিক কাৰ্য্য-কলাপ সংঘটিত হয় উপ-স্বাস্থ্য কেন্দ্ৰটোত । গতিকে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে পকী দেৱাল নিৰ্মাণ কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে ।

ভাৰতত ৫ লক্ষাধিক লোকৰ প্ৰাণ ল’লে ক’ৰণাই

Computer image of a coronavirus

বিগত ২৪ঘন্টাত ভাৰতত ১লাখ ২৭হাজাৰ ৯৫২গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰণা সংক্ৰমণ। এই সময়চোৱাত ২লাখ ৩১হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভটিছে। উদ্বেগজনকভাৱে এই সময়চোৱাত দেশত ১০৫৯গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে, ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ভাৰতত ৫লাখৰ ঘৰ অতিক্ৰম কৰিছে। এতিয়ালৈ সৰ্বমুঠ ৫লাখ ১হাজাৰ ১১৪গৰাকী লোক ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত বৰ্তমান হাস্পতালত আছে ১৩লাখ ৩১হাজাৰ ৬৪৮গৰাকীকৈ ৰোগী।

যোগীৰ সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুৱাৰমুখত। প্ৰথমবাৰৰ বাবে যোগী আদিত্যনাথে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ সৈতে শুক্ৰবাৰে গোৰখপুৰ সমষ্টিৰ পৰা নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। যোগীয়ে নিৰ্বাচনী শপতনামাত তেওঁৰ সম্পত্তিৰ পৰিমাণ উল্লেখ কৰিছে। যোগী আদিত্যনাথে দাখিল কৰা শপতনামা অনুসৰি, বৰ্তমান তেওঁৰ ওচৰত ১,৫৪,৯৪,০৫৪ টকাৰ সম্পত্তি আছে। তেওঁৰ এটা ফোন, হাতত নগদ ধন, ছয়টা বেংক একাউণ্টত টকা আৰু সঞ্চয়ো আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ চেমচাঙৰ এটা সাধাৰণ মোবাইল ফোন ব্যৱহাৰ কৰে, যাৰ মূল্য ১২,০০০ টকা। যোগীয়ে কাণত দুযোৰ কুণ্ডলীও পিন্ধে। ২০ গ্ৰাম ওজনৰ সেই কুণ্ডলীযোৰৰ মূল্য ৪৯,০০০ টকা লগতে ১০ গ্ৰাম ওজনৰ সোণৰ চেইন আৰু ৰুদ্ৰাক্ষ আছে, যাৰ মূল্য ২০,০০০ টকা।

যোগীয়ে কয় যে ২০২০-২১ বিত্তীয় বৰ্ষত তেওঁৰ উপাৰ্জন আছিল ১৩ লাখ ২০ হাজাৰ ৬৫৩ টকা। ২০১৯-২০ বিত্তীয় বৰ্ষত তেওঁৰ উপাৰ্জন আছিল ১৫ লাখ ৬৮ হাজাৰ ৭৯৯ টকা। ২০১৮-১৯ বিত্তীয় বৰ্ষত ই আছিল ১৮ লাখ ২৭ হাজাৰ ৬৩৯ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত  ৬৭ লাখ  আছিল। যোগী আদিত্যনাথে শপতনামাত কৈছে যে তেওঁৰ কোনো কৃষিযোগ্য ভূমি বা আন ভূমি নাই, তেওঁৰ আনকি নিজৰ গাড়ীও নাই।  যোগী আদিত্যনাথৰ ওচৰত বন্দুক আছে। শপতনামা অনুসৰি, তেওঁৰ ওচৰত এটা ৰিভলভাৰ আৰু ৰাইফল আছে। যাৰ মূল্য ক্ৰমান্বয়ে ৮০ হাজাৰৰ পৰা ১  লাখ টকা।

লক্ষণীয় যে, যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। যোগী আদিত্যনাথে ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গোৰখপুৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু সেই নিৰ্বাচনত তেওঁ জয়ী হৈছিল। তাৰ পিছত, ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত, তেওঁ লোকসভা নিৰ্বাচনত একেৰাহে পাঁচবাৰৰ বাবে  জয়ী হৈছিল। যোগীক ২০১৭ চনত বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল আৰু তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষত অধিষ্ঠিত হৈ আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।

অৱশেষত বৰুণ দেৱতাৰ কৃপাঃ পূজালৈ সাজি কাচি যাব পাৰিব সুন্দৰী

অৱশেষত বৰুণ দেৱতাই কৃপা কৰিলে। সৰস্বতী পূজাৰ দিনা পুৱাৰে পৰা আকাশ হৈছে মুকলি। দুদিন ধৰি সেমেকা বতৰটো কিছু উন্নত হৈছে শনিবাৰে পুৱাৰে পৰা। ফৰকাল বতৰ দেখি স্লান হৈ পৰা পূজাৰ আনন্দ দুগুণে বৃদ্ধি পাইছে। সম্পূৰ্ণ ৰদ নোলালেও শুকুৰবাৰতকৈ বহুগুণে ফৰকাল আজিৰ বতৰ।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, ফৰকাল হলেও যিকোনো মূৰ্হুততে পুনৰ হব পাৰে বৃষ্টিপাত। সেয়া যি কি নহলেও, ফৰকাল বতৰৰ বাবে পুৱাই শিক্ষানুষ্ঠানসমূহলৈ উলাহেৰে ঢাপলি মেলিছে শিক্ষাৰ্থীসকল। ক’ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰে পূজা অনুষ্ঠিত কৰিব নোৱাৰিলেও বাগদেৱীৰ আশীষ লবলৈ শিক্ষাৰ্থীসকল শিক্ষানুষ্ঠানসমূহলৈ যোৱা পৰিলক্ষিত হৈছে।

লামডিঙত পথ আৰু ড্ৰেইনৰ শুভাৰম্ভ বিধায়ক শিবু মিশ্ৰৰ

ৰাজ্যৰ মূখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগত হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ সমষ্টিত এমাহৰ ভিতৰত প্ৰায় চল্লিছ খন আচনি দিয়া হয়। লামডিঙ পৌৰসভাৰ অন্তৰ্গত বহু কেইটা পথ আৰু ড্ৰেইন নিৰ্মাণৰ শুভ উদ্বোধনী কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই।সম্পূৰ্ণ কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, হোজাই জিলাৰ A D C, বিধায়ক শিবু মিশ্ৰ , তেওঁৰ পত্নী মিৰা মিশ্ৰ , লামডিং টাউন মন্ডলৰ সভাপতি দেৱাশিস গুপ্ত ,বিজেপিৰ যুব মৰ্চাৰ লামডিং সভাপতি দিবাকৰ নাগ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মূখ্য আহ্বায়ক সাগৰ আচাৰ্য, লগতে দলীয় কাৰ্য্যকৰ্তা।

পথ নিৰ্মাণ কৰা পৌৰ এলেকাৰ ৱাৰ্ড ক্ৰমে (০৬)থানা ৰোড ড্ৰেইনৰ আৰু পথ নিৰ্মাণ [২ ]ঠাকুৰ বাঢ়ি পথ নিৰ্মাণ [৩] নেতাজী পথ [৪] কালীবাড়ী পথ [৫] দূৰ্গাবাড়ী পথ আৰু বহু পৌৰ এলেকাৰ পথ আৰু ড্ৰেইন নিৰ্মাণৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিছে। পৌৰসভাৰ নিৰ্বাচনৰ পিছত চৌহদটো খোৱা পানী আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হব বুলি সাংবাদিকৰ কেমেৰাৰ আগত প্ৰকাশ কৰে বিধায়ক শিবু মিশ্ৰই।

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

৫,ফেব্ৰুৱাৰী,  হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত ‘শ্বাসহৰ মহাকাসায়’ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সংস্কৃত সংহিতা সিদ্ধান্ত বিভাগৰ সহযোগী অধ্যাপক ডাঃ নিতেন বৰ্মনে ব্ৰংকিয়েল এজমা বিষয়ত কৰা গৱেষণাই আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত এক নতুন পথৰ সঞ্চাৰ কৰা বুলি বিশেষভাৱে আলোচিত আৰু প্ৰশংসিত হৈছে।

এই সন্দৰ্ভত দেশ-বিদেশৰ বিভিন্ন আন্তৰ্জাতিক চিকিৎসা বিজ্ঞানৰ আলোচনীত বাৰটাকৈ সুদীৰ্ঘ আলোচনা প্ৰকাশ পাইছে বুলিও জানিব পৰা গৈছে। বিগত ৯ বছৰে ১২গৰাকীকৈ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ গাইড হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ডাঃ বৰ্মনৰ অধ্যয়নে চিকিৎসক সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে। হাপানী ৰোগৰ বিষয়ে সম্পন্ন কৰা এই ফলপ্ৰসু গৱেষণা আৰু অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ডাঃ বৰ্মনক ডক্তৰেট ডিগ্ৰী প্ৰদান কৰিছে। মুম্বাইৰ আৰ এ পোড্ডাৰ আয়ুৰ্বেদিক মেডিকেল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপক ডাঃ নিতেন বৰ্মনে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰীৰ অধ্যাপক ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মাৰ অধীনত গৱেষণা কাৰ্য সম্পন্ন কৰিছিল।

নলবাৰীৰ ঘগ্ৰাপাৰৰ সমীপবৰ্তী পোনৰ কাউনীয়াৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ বৰ্মন আৰু অঞ্জু বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ নিতেন বৰ্মনৰ গৱেষণাৰ কৃতকাৰ্যতাকলৈ  অঞ্চলটোত আনন্দৰ লহৰ উঠিছে আৰু ডাঃ বৰ্মনৰ গৱেষণাই চিকিৎসা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰিছে।  শেহতীয়াভাৱে, ভাৰত চৰকাৰৰ অধীনস্থ  ইন্সটিটিউট অৱ এডভান্স চাইন্স এণ্ড টেকন’ল’জি বিভাগৰ অধীনত ডাঃ বৰ্মনে মেদবহুলতা ৰোধ আৰু পুষ্টি বৰ্ধনত ভীম কলৰ ভূমিকা সন্দৰ্ভত অধ্যয়ন কৰি কেতবোৰ মৌলিক আৰু আশ্বৰ্যকৰ উপাদানৰ সম্ভেদ পোৱা বুলি জানিব পৰা গৈছে।

ৰাহুল গান্ধীক লৈ কিয় ইমান ব্যস্ত বিজেপি?

শাসকীয় বিজেপিৰ মতে ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিত অপ্ৰাসংগিক। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৱায়নাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক লৈ দেশৰ ৰাজনীতিত যিমান নেতিবাচক চৰ্চা চলিছে সিমান হয়তো আন কোনো নেতাৰ বিপক্ষেই হোৱা নাই। ৰাহুলক ‘পাপ্পু’ৰ দৰে অপমানজনক অভিধাৰে চিহ্নিত কৰিও আক্ৰমণ কৰিছে শাসকীয় দলে। বিভিন্ন সময়ত ৰাহুল গান্ধীৰ নেতৃত্বৰ অদক্ষতাক লৈ প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে দেশৰ একাংশ ৰাজনৈতিক বিশ্লেষকেও। কিন্তু ৰাহুল গান্ধীক দেশৰ ৰাজনীতিত একেবাৰে অপ্ৰাসংগিক বুলি চিহ্নিত কৰাটো সম্ভৱনে? অপ্ৰাসংগিক আৰু প্ৰভাৱহীন ৰাহুল গান্ধীক লৈ ইমান ব্যস্ত কিয় শাসকীয় দল?

ৰাহুল গান্ধীৰ ব্যৰ্থতাৰ খতিয়ান বিচাৰিবলৈ গ’লে বহু দীঘলীয়া তালিকা প্ৰস্তুত কৰিব পৰা যায়। ২০১৪ চনত কেন্দ্ৰৰ শাসনৰ পৰা কংগ্ৰেছ দল উৎখাত হোৱাৰ পাছৰে পৰা কংগ্ৰেছে কোনো নিৰ্বাচনতে আশ্বস্ত হ’ব পৰা জয় সাব্যস্ত কৰিব পৰা নাই। দলৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে ৰাহুল গান্ধীয়ে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ সন্মুখীন হৈছিল। প্ৰথমে গুজৰাট আৰু তাৰ পাছত মধ্যপ্ৰদেশ আৰু ৰাজস্থান। গুজৰাটত কংগ্ৰেছে কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে ৰাজস্থান আৰু মধ্যপ্ৰদেশত কাণে-কাণমাৰি কংগ্ৰেছ দল জয়ী হৈছিল। সেই জয়ৰ কৃতিত্ব ৰাহুল গান্ধীক দিয়া হৈছিল যদিও খুব কম দিনৰ ভিতৰতে ৰাহুল গান্ধী পন্থী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিগমনে তাত কংগ্ৰেছ চৰকাৰৰ পতনো ঘটাইছিল। কেৱল এয়াই নহয় ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰো চলিছে বহু খকা-খুন্দাৰ মাজেৰে। অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ সংঘাতৰ মাজেৰে কেৱল অশোক গেহলটৰ অভিজ্ঞতা আৰু বিচক্ষণতাৰ বাবেই ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত বৰ্তি আছে। এই বেমেজালিৰ বাবেও ৰাহুলকে ধৰি কংগ্ৰেছৰ নেতৃত্বত থকা গান্ধী পৰিয়াল প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। কিন্তু ইয়াতেই ৰাহুলৰ ব্যৰ্থতাৰ খতিয়ান শেষ হোৱা নাই। ইজনৰ পাছত সিজন নেতাৰ কংগ্ৰেছ ত্যাগেও ৰাহুল গান্ধীৰ অদক্ষতাৰে দায়ী কৰি আহিছে। তাতোকৈ লজ্জাজনক কথাটো হৈছে ৰাহুলে তেওঁৰ পৈতৃক সমষ্টি আমেথীও নিজৰ হাতত ৰাখিব নোৱৰাটো। এনেবোৰ ব্যৰ্থতাৰ বোজা লৈ থকাৰ পাছতো ৰাহুল গান্ধীক কিয় শাসকীয় দল বা দেশৰ ৰাজনীতিয়ে একাষৰীয়া কৰিব পৰা নাই?

২০১৪ চনত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী অসাধাৰণ পৰিত্ৰাণকাৰীৰ ৰূপত বিজেপিয়ে দেশৰ সন্মুখত উপস্থাপন কৰিছিল। সংবাদ মাধ্যম আৰু বিজেপিৰ অতি সুপৰিকল্পিত প্ৰচাৰে এইক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। সমান্তৰালভাৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিছিল সুপৰিকল্পিত অপপ্ৰচাৰ। বিভিন্ন ধৰণৰ কৌতুক সৃষ্টি হৈচিল ৰাহুলৰ নামত। কেৱল এয়াই নহয় তেওঁৰ মন্তব্যৰ একো একোটা টুকুৰা উলিয়াই লৈ তেওঁৰ বিৰুদ্ধেই তাক ব্যৱহাৰ কৰা হৈছিল। কেৱল এয়াই নহয়, তেওঁৰ ব্যক্তিত্বক যিকোনো প্ৰকাৰে তুলুঙা ৰূপত উপস্থাপন কৰাৰ বাবে উঠি পৰি লাগিছিল বিজেপিৰ আইটি চেল আৰু বিজেপিৰ পৃষ্ঠপোষকতাৰে চলি থকা সংবাদ মাধ্যমে। এতিয়া প্ৰশ্ন হৈছে ৰাহুল গান্ধী যদি দেশৰ ৰাজনীতিৰ এজন অপ্ৰাসংগিক নেতা, দক্ষতাহীন নেতা তেন্তে তেওঁক লৈ ইমান ব্যস্ততাৰ কাৰণ কি? কিহৰ বাবে শাসকীয় দলে এনেদৰে ব্যস্ত হৈ থাকিবলগীয়া হৈছে ৰাহুলৰ বিপৰীতে। বিজেপিক প্ৰত্যাহ্বান জনোৱা মমতা বেনাৰ্জী, উদ্ধৱ থাকৰে, শাৰদ পাৱাৰ আদিৰ দৰে নেতাৰ বিৰুদ্ধে কিন্তু সিমান তৎপৰতা দেখিবলৈ পোৱা নাযায়। এই পাৰ্থক্যই ৰাহুল গান্ধী সম্পৰ্কত বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰে।

ৰাহুল গান্ধীয়ে ২ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপনৰ পাছতে এটা ভাষণ দিছিল। নৰেন্দ্ৰ মোদী চৰকাৰৰ বাজেটক লৈ ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়ামূলৰ এই ভাষণ প্ৰচাৰ হৈছিল। কিন্তু দেখা গ’ল ৰাহুলৰ ভাষণৰ মাজতে ৰাহুলৰ বিৰুদ্ধে জঁপিয়াই পৰিল শাসকীয় দলৰ সাংসদসকল। এই কাৰ্যৰ বিৰুদ্ধে আনকি কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু গৌৰৱ গগৈৰ দৰে নেতাই অধ্যক্ষক অভিযোগে দাখিল কৰে। গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিজেপিৰ এই আচৰণ শুভ লক্ষণ নহয় বুলি অভিহিত কৰে কংগ্ৰেছে। কিন্তু দেখা গ’ল যে, ৰাহুলৰ সংসদৰ ভাষণৰ প্ৰতিক্ৰিয়া লোকসভাতে সীমাবদ্ধ নাথাকিল আৰু ই টিভিৰ বিতৰ্ক আৰু টুইটাৰ পালেগৈ আৰু বিজেপিয়ে সংঘবদ্ধভাৱে ৰাহুলৰ বিৰুদ্ধে আক্ৰমণ চলাই গ’ল। এই কাৰ্যই ৰাহুল গান্ধীক লৈ শাসকীয় দলৰ অত্যধিক সচেতনতাকে প্ৰমাণ নকৰেনে? বিভিন্ন অতি স্পৰ্শকাতৰ আৰু দেশৰ কঠিন বাস্তৱতাৰ ছবিখনক তুলি ধৰা ৰাহুল গান্ধীক বিজেপিয়ে ভয় কৰিয়েই যে এনে আচৰণ কৰি আহিছে সেই কথা এতিয়া প্ৰমাণ হৈছে। বিজেপিয়ে অপ্ৰাসংগিক বুলি প্ৰমাণ কৰিব বিচাৰিলেও বিজেপি ৰাহুলবিৰোধী আয়োজনবোৰৰ মাজতেই ৰাহুল গান্ধীৰ প্ৰাসংগিকতাকো প্ৰকট কৰি তোলা বুলি এতিয়া স্পষ্ট হৈ পৰিছে।

মিজোৰামৰ আগ্ৰাসনত জটিল হৈছে সীমান্তৰ পৰিস্থিতি

মিজোৰামৰ আগ্ৰাসনে অসমৰ মাটিত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ অসমে পুনৰ মিজোৰামৰ ওপৰত বেদখলৰ অভিযোগ উত্থাপন কৰিছে৷ অসম-মিজোৰাম সীমান্তৱৰ্তী হাইলাকান্দি জিলাত মিজোৰামে আৰম্ভ কৰিছে বেদখল৷ হাইলাকান্দিৰ বন বিষয়াসকলে অনুমান কৰিছিল যে ১.৫ হেক্টৰ বনাঞ্চল মিজোৰামৰ বাসিন্দাই কাটি টহিলং কৰাৰ লগকে তেওঁলোকে আৰু অধিক বনাঞ্চল ধ্বংস কৰিব বিচাৰিছিল। অৱশ্যে, অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত মিজোৰামৰ লোকসকল ঘূৰি যায়৷

অভিযোগ অনুসৰি মিজোৰামৰ এদল লোকে অসমৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ ওচৰৰ বনাঞ্চল পৰিষ্কাৰ কৰিবলৈ বনাঞ্চল ধ্বংস কৰি জুই লগাই দিছিল। শেহতীয়াকৈ, মিজোৰামৰ কিছুসংখ্যক লোকে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ ওচৰত কেইবাজোপাও বৃহৎ বৃক্ষ আৰু শ শ বাঁহগছ ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়া আৰু বন বিভাগৰ কৰ্মচাৰীসকলে ইয়াক অসমৰ ভূমি বেদখল কৰাৰ এক নতুন প্ৰয়াস বুলি অভিহিত কৰিছে। বিষয়াসকলৰ মতে, মঙলবাৰে নিশা তথ্য পোৱাৰ পিছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মিজোৰামৰ লোকসকলৰ মুখামুখি হৈছিল আৰু তেওঁলোকক ঘূৰি যাবলৈ কৈছিল।

হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, এতিয়া পৰিস্থিতি স্বাভাৱিক, আমি তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তেওঁলোক পিছুৱাই গৈছিল। কিন্তু, বনাঞ্চলৰ এটা ডাঙৰ অংশ ধ্বংস কৰিছিল। আমি ইতিমধ্যে ঘটনাটোৰ বিষয়ে আমাৰ শীৰ্ষমহলক অৱগত কৰিছোঁ আৰু মিজোৰামৰ কোলাচিব জিলাৰ বিষয়াসকলৰ সৈতেও কথা পাতিছোঁ৷

তেওঁ লগতে জনায় যে ৰামনাথপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দুটা অঞ্চল, গেলাৰচেৰা আৰু গুটগুটিত বনাঞ্চল ধ্বংস কৰাৰ চেষ্টা কৰা হৈছে। গেলাৰচেৰা হৈছে এনে এক অঞ্চল য’ত মিজোসকলে বহু বছৰ ধৰি বাস কৰি আহিছে৷ কিন্তু এইবাৰ গুটগুটিৰ এটা নতুন বনাঞ্চলকো লক্ষ্য কৰা হৈছিল। তেওঁলোকে অৰণ্য ধ্বংস কৰিছিল আৰু সেইবোৰত জুই লগাই দিছিল। এইটো এটা সংৰক্ষিত বনাঞ্চল আৰু সেই অঞ্চলবোৰত কোনো লোক বাস কৰা নাই বুলি উপাধ্যায়ে সদৰি কৰে৷