Breaking

লামডিঙত পথ আৰু ড্ৰেইনৰ শুভাৰম্ভ বিধায়ক শিবু মিশ্ৰৰ

0 1,031

ৰাজ্যৰ মূখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগত হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ সমষ্টিত এমাহৰ ভিতৰত প্ৰায় চল্লিছ খন আচনি দিয়া হয়। লামডিঙ পৌৰসভাৰ অন্তৰ্গত বহু কেইটা পথ আৰু ড্ৰেইন নিৰ্মাণৰ শুভ উদ্বোধনী কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই।সম্পূৰ্ণ কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, হোজাই জিলাৰ A D C, বিধায়ক শিবু মিশ্ৰ , তেওঁৰ পত্নী মিৰা মিশ্ৰ , লামডিং টাউন মন্ডলৰ সভাপতি দেৱাশিস গুপ্ত ,বিজেপিৰ যুব মৰ্চাৰ লামডিং সভাপতি দিবাকৰ নাগ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মূখ্য আহ্বায়ক সাগৰ আচাৰ্য, লগতে দলীয় কাৰ্য্যকৰ্তা।

পথ নিৰ্মাণ কৰা পৌৰ এলেকাৰ ৱাৰ্ড ক্ৰমে (০৬)থানা ৰোড ড্ৰেইনৰ আৰু পথ নিৰ্মাণ [২ ]ঠাকুৰ বাঢ়ি পথ নিৰ্মাণ [৩] নেতাজী পথ [৪] কালীবাড়ী পথ [৫] দূৰ্গাবাড়ী পথ আৰু বহু পৌৰ এলেকাৰ পথ আৰু ড্ৰেইন নিৰ্মাণৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিছে। পৌৰসভাৰ নিৰ্বাচনৰ পিছত চৌহদটো খোৱা পানী আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হব বুলি সাংবাদিকৰ কেমেৰাৰ আগত প্ৰকাশ কৰে বিধায়ক শিবু মিশ্ৰই।

Leave A Reply