Home Blog Page 2616

স্বাধীনতা সংগ্ৰামত চাহ বাগানৰ সৈনিক সকলৰ বিশেষ অৱদানঃ কাশীপতি

যোৰহাটৰ গড়মূৰ স্থিত শংকৰদেৱ বিদ্যা নিকেতনত “অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি উত্থান ন্যাসৰ “বৈঠক কালি সফলতাৰে সম্পন্ন হৈ যায় ।  বৈঠকত মুখ্য বক্তাৰ আসন অলংকৃত কৰে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সংগঠন মন্ত্রী মাননীয় জেএম কাশীপতিয়ে। উক্ত সভাত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্রী তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্রী ব্ৰহ্মাজী ৰাও আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ-সংগঠন মন্ত্রী ড০ পৱন তিৱাৰী উপস্থিত থাকে। সভাৰ প্ৰথম সত্ৰত ন্যাসৰ পদাধিকাৰী সকলৰ পৰিচয় পৰ্ব ৰখা হয় আৰু ন্যাসৰ ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা কৰা হয়। ন্যাসৰ উপাধ্যক্ষা কবিতা তাশাৰ অধ্যক্ষতাত সম্পন্ন হোৱা দ্বিতীয়টো সত্ৰত কাশীপতিজীৰ লগতে সংগঠন মন্ত্রী দ্বয়ক স্বাগত ও সম্ভাসন জনোৱা হয়।

ন্যাসৰ মন্ত্রী ড০ অমল বাউৰীয়ে যোৰহাট স্কুলৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য সকলক, নাগৰিক সকলক, আৰু গড়মূৰ নিকেতনৰ আচার্যৰ সন্মুখত ন্যাসৰ বিষয়ে চমু বিবৰণ তথা ন্যাস গঠনৰ পৃষ্ঠভূমি আৰু কাৰ্য পৰিকল্পনাৰ বিষয়ে অৱগত কৰায়। স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী কাশীপতিয়ে ন্যাসৰ দ্বাৰা প্ৰকাশিত ২০২২ চনৰ বাৰ্ষিক কেলেন্ডাৰ আৰু স্বাধীনতা সংগ্ৰামত ভাগ লোৱা চাহ জনগোষ্ঠীৰ সৈনিক সকলৰ বিষয়ে লিখা এখন পত্ৰিকাৰ উন্মোচন কৰে। তেখেতে ন্যাসৰ মাধ্যমেৰেচাহ জনগোষ্ঠীৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাৰ সফল হোৱাৰ কামনা কৰে আৰু এই ক্ষেত্ৰত সমাজৰ সহযোগিতা বিচাৰে। শেষত ন্যাসৰ কোষাধ্যক্ষা ময়ূৰাক্ষী দেৱীয়ে সকলোকে শলাগৰ শৰাই আগবঢ়াই। শিশু শিক্ষা সমিতি অসমৰ ছচিয়েল মিডিয়া প্ৰমুখ মুকুটেশ্বৰ গোস্বামী আজি গুৱাহাটীত সাংবাদিকক উক্ত সন্দৰ্ভত সবিশেষ জানিবলৈ দিয়ে। 

গুৱাহাটীৰ ১০ শিক্ষানুষ্ঠানলৈ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ কৃতজ্ঞতা

অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিয়ে গুৱাহাটীৰ ১০ খন শিক্ষানুষ্ঠানলৈ কৃতজ্ঞতা পত্রৰ লগতে নগদ ধনেৰে সন্মানিত কৰে। উল্লেখ থাকে যে, অসম সাহিত্য সভাৰ চতুর্থ গৰাকী সভাপতি, অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী, প্ৰথম চনেট ৰচয়িতা, পণ্ডিত হেমচন্দ্র গোস্বামীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত বিশাল শোভাযাত্রাত অংশগ্রহণকাৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ, দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ, এছ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষ, হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু শিক্ষণ একাডেমীৰ অধ্যক্ষক নিজ-নিজ অনুষ্ঠানলৈ গৈ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে।

সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, সচিব প্ৰধান, “সাহিত্য কোঁৱৰ” কমল কলিতা, উদযাপন সমিতিৰ বিষয়ববীয়া তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠক, সাংবাদিক-কবি দীপক শৰ্মা, অধিবক্তা-লেখক উমাকান্ত বৰাই অংশ গ্রহণ কৰে। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মনজ্যোৎস্না মহন্ত গোস্বামী, ড০ লক্ষী হাজৰিকা, ড০ শুভশ্রী কলিতা তালুকদাৰ, সুৰভী বিকাশ বৰুৱাই  আহ্লাদিত হৈ পৰে। সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ এই চিন্তাই নতুন প্রজন্মৰ ছাত্র-ছাত্ৰীসকলক ভিন ভিন দিশত আগবঢ়ি যোৱাত সহায় কৰিব।

দিল্লীত ক’ভিড নিয়ন্ত্ৰণঃ জিম আৰু বিদ্যালয় পুনৰ খুলিব, থাকিব নিশাৰ কাৰফিউ

ৰাষ্ট্ৰৰ ৰাজধানীত কোভিড-১৯ ৰ ঘটনা হ্ৰাস হোৱাৰ লগে লগে দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শুকুৰবাৰে দিল্লীত জিম, বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান পুনৰ খোলাৰ অনুমতি দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে, চহৰখনত নিশাৰ কাৰফিউ জাৰি কৰা হ’ব। নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা কাৰফিউ জাৰি কৰা হ’ব।

জানুৱাৰীত ইয়াৰ অন্তিম বৈঠকত, ডি.ডি.এম.এ.-য়ে সপ্তাহিক কাৰফিউ বাতিল কৰিছিল আৰু বাৰ আৰু ৰেষ্টুৰেণ্টবোৰক তেওঁলোকৰ বহাৰ ক্ষমতাৰ ৫০ শতাংশত কাম কৰিবলৈ অনুমতি দিছিল। মহাবিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ কভিড-উপযুক্ত আচৰণ কঠোৰভাৱে পালন সাপেক্ষে খুলিব

  • কোভিড প্ৰটোকল অনুসৰি বিদ্যালয়সমূহ পৰ্যায়ক্ৰমে খুলিব। ৯ ৰ পৰা ১২ শ্ৰেণীৰ বাবে, বিদ্যালয়বোৰ ৭ ফেব্ৰুৱাৰীত খুলিব। টিকাকৰণ নোহোৱা শিক্ষকসকলক অনুমতি দিয়া নহ’ব।

  • ১৫-১৮ বছৰ বয়সৰ বাবে টিকাকৰণ অভিযান বৃদ্ধি কৰিব লাগিব

  • নিশাৰ কাৰফিউ জাৰি কৰা হ’ব, অৱশ্যে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ

বিদ্যাৰ আৰাধ্যা, দেৱী সৰস্বতীৰ কিছুকথা….

কবিতা ৰ্শমা৷ দিল্লী ।

দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ দেৱী সকলৰ অন্যতম। মাঘ মাহৰ শুক্লা পঞ্চমী (জানুৱাৰী – ফেব্ৰুৱাৰী ) মাহৰ পবিত্ৰ তিথিত এই পূজা  কৰা হয়৷ বসন্ত ঋতুৰ সুআগমনৰ  বতৰা অনাৰ বাবে এই পূজাক “ বসন্ত পঞ্চমী ” বুলিও জনা যায় ৷ সাধাৰণতে সকলো শিক্ষানুষ্ঠানত বিদ্যাৰ্থী  আৰু শিক্ষক – শিক্ষয়িত্ৰী সকলোৱে  অতি  মহত্ত্বপূৰ্ণ  আৰু ভক্তি ভাবেৰে এই পূজা বিধি পালন কৰে ৷ কেবল বিদ্যাৰ্থী সকলেই কিয়? প্ৰতিজন ব্যক্তি, যি বিদ্যা , বুদ্ধি  আৰু জ্ঞানৰ পূজাৰী , সাহিত্য আৰু সঙ্গীতৰ অনুৰাগী , কলাৰ ব্ৰতী সেই সকলোৱে ঘৰে ঘৰে সৰস্বতী পূজা কৰে ৷ পূজাৰ দিনা  প্ৰতিমা  স্থাপন কৰি, ফলমূল – পৰমান্ন ভোগৰ নৈবদ্য আগবঢ়োৱা হয়৷ পূজাৰ শেষত  প্ৰসাদ বিতৰণ কৰা হয় ৷  লৰা ছোৱালী বিলাকৰ বিদ্যাৰ প্ৰাৰম্ভণি এই দিনটোতে কৰা হয় ৷

কথিত আছে যে এই দিনটোতে ব্ৰহ্মাৰ মুখৰ পৰা  সৰস্বতীৰ জন্ম হৈছিল। সেই সময়ত  পৃথিৱীৰ জলধাৰাত কোলাহল ব্যপ্ত হৈ পৰিছিল , বতাহৰ সো -সোৱনীৰ শব্দত প্ৰকৃতি মুখৰ হৈ পৰিছিল ৷ নিৰস পৃথিৱী ৰসাল হৈ পৰিছিল ৷ দেৱতা সকলে তেতিয়াই শব্দ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰা  জ্ঞান ,বিদ্যা , সঙ্গীত , সাহিত্য আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপত সৰস্বতী নাম দিলে ৷ ইয়াৰ বাহিৰেও শতৰূপা , বীণাপাণি , বাগদেৱী , ভাৰতী , বাণী ,  কৌশিকী , মহাশ্বেতা , হংসবাহিনী আদি শত নামেৰে সৰস্বতী দেৱীক জনা যায় ৷ সৰস্বতী দেৱীক সদায়  এগৰাকী  শুভ্ৰবসনা   লাৱণ্যময়ী শান্ত সৌম্য  নাৰীৰ ৰূপত  চিত্ৰিত কৰা হয় ৷ দেৱীৰ আসনঃ শ্বেত কমল , বাহনঃ শ্বেত ৰাজহংস৷ দেৱীয়ে চাৰিখন হাতত বেদ -পুস্তক , স্ফটিকৰ মালা  , বীণা  আৰু কমণ্ডলু  ধাৰণ কৰে।সৰস্বতীৰ শুভ্ৰ ৰং পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক ৷ শিক্ষা প্ৰাপ্তিৰ বাবে পবিত্ৰতা সকলোতকৈ প্ৰয়োজনীয় ৷ পবিত্ৰতাৰ পৰা শ্ৰদ্ধা আৰু একাগ্ৰতাৰ জন্ম হয় ৷

আজি গণেশ চতুৰ্থীঃ মন্দিৰত ভক্তৰ দীঘলীয়া শাৰী

সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহনগৰীতো গণেশ চতুৰ্থী উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ। শুকুৰবাৰৰ পুৱাৰে পৰা গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ দীঘলীয়া শাৰী। মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ কোভিড প্ৰট’ক’ল মানি চলা দেখা গৈছে।

লতাশিল গণেশ মন্দিৰ, গণেশগুৰিৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে কৰিছে পূজা-অৰ্চনা, জ্বলাই ধূপ, চাকি। উল্লেখ্য যে, হিন্দু ধৰ্মৰ দেৱতাসকলৰ ভিতৰত গণেশকেই মুখ্য স্থান দিয়া হয় অৰ্থাৎ আদি পূজা কৰা। বিঘ্নি বিনাশক, প্ৰথমপূজ্য গণেশক পূজা কৰি সকলোৱে কৰিছে মংগল কামনা।

২৪ ঘন্টাত দেশত প্ৰায় ১.৫ লাখ লোক আক্ৰান্ত ক’ৰণাত

ভাৰতত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ সংখ্যা সামান্য পৰিমানে হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘন্টাত ১,৪৯,৩৯৪ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান সময়ত দেশত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪,৩৫,৫৬৯গৰাকী ৰোগী। অৱশ্যে নতুনকৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাৰ তুলনাত অধিক লোক সুস্থ হৈছে এই যোৱা ২৪ ঘন্টাৰ সময়চোৱাত।

এই সময়চোৱা ভাৰতত সুস্থ হৈছে ২৪৬৬৭৪ জন লোক। ইয়াৰ বিপৰীতে এই সময়চোৱাত দেশত সহস্ৰাধিক লোক অৰ্থাৎ ১০৭২জনে হেৰুৱাইছে প্ৰাণ। বৰ্তমান সময়লৈকে দেশত ১.৬৮ কোটিৰো অধিক লোকক দিয়া হৈছে কোভিড ভেকচিন। যোৱা ২৪ ঘন্টাত ৫৫,৫৮,৭৬০ ড’জ ভেকচিন প্ৰদান কৰা হৈছে।

ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ পয়ালগা অৱস্থা

অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃত আৰু ওদালগুৰি জিলাৰ অন্যতম শাখা সাহিত্য সভা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ দুৰবস্থাই এতিয়া সাহিত্য প্ৰেমি,সাহিত্যনুৰাগি, বৌদ্ধিক সমাজ আৰু সচেতন মহলৰ চকু কপালত উঠিছে।বিগত ২০১৩ বৰ্ষত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ সাংসদ উন্নয়ন পুজিৰে নিৰ্মিত ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক ৰঙ্গমঞ্চটি ধুমুহাত বিধ্বস্ত হয়।সাংসদ উন্নয়ন পুজিৰ১লাখ ৫০হাজাৰ টকাৰে নিৰ্মিত সাংস্কৃতিক মঞ্চখনৰ সুৰ্দীঘসাত বছৰৰ মূৰত ধুমুহাই বিধ্বস্ত কৰাৰ পিছত ইয়াক পুনৰ মেৰামতিৰ বাবে বিভিন্ন জনৰ ওচৰত সহায়ৰ হাত বিছাৰি আবেদন -নিবেদন কৰি অহা হৈছে যদিও কাৰো পৰা সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

বিশেষকৈ কলাইগাও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, সাংসদ দিলীপ শইকীয়া আৰু প্ৰধানত খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এক বাৰে বাৰে আবেদন আৰু সমিতিৰ কৰ্মকৰ্তা, বিষয় ববিয়াই যোগাযোগ কৰি আহিছে যদিও সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।এম চি এল এ ভবেন বড়োই পালমৰা কথা কৈয়ে দায়িত্ব বোধৰ পৰা হাত সাৰি আহিছে।কোনো কাৰণতেই গুৰুত্ব আৰোপ নকৰা কায্যত এম চি এল এ গৰাকীৰ ওপৰত ইতিমধ্যে বিশ্বাস হেৰুৱাই পেলাইছে ৰাইজে।উল্লেখযোগ্য যে বিগত বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কেইবাখনো ভাৰতীয় জনতা পাৰ্টিৰ দলটিয়ে উক্ত সাংস্কৃতিক মঞ্চখনত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল।তাৰ পিছতো কিন্তু উক্ত দলৰ জনপ্ৰতিনিধি কিম্বা জননেতা সকলে ধুমুহাত বিধ্বস্ত হোৱা ভূঞাখাট সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠান এটিৰ পয়ালগা অৱস্থাটোৰ প্ৰতি অকনো গুৰুত্ব নিদিয়া কায্যত দুখ প্ৰকাশ কৰিছে।স্থানীয় তথা সাহিত্য প্ৰেমী ৰাইজৰ বৃহত্তৰ জাতীয় অনুষ্ঠানটিৰ প্ৰতি লক্ষ্য কৰি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এ গৰাকীৰ ওচৰত দাবী জনাইছে।

ওৰাঙত চোৰাং গৰু ভৰ্তি বাহন জব্দ আৰক্ষীৰ

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্টীয় ঘাই পথত ৩ফেব্ৰুৱাৰীৰ  পুৱা  চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষীয়ে। আৰক্ষী সুত্ৰে জানিব পৰা মতে ৩ফেব্ৰুৱাৰী ৰাতিপুৱা থানা সন্মুখতে নিয়মীয়া তালাচী চলাই আছিল ওৰাং আৰক্ষী থানাৰ এটা আৰক্ষী দলে। আৰক্ষী দলটোৱে তালাচী চলাই থকাৰ সময়তে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নম্বৰবিহীন এখন গৰু ভৰ্তি বলে’ৰ গাড়ী দেখা পাই ৰবলৈ কয়। 

নিয়মীয়া তালাচীৰ কিছু নিলগত চালক জনে গাড়ী খন ৰখাই যদিও চালক জনৰ সৈতে আন দুজন ব্যক্তি গৰু বৰ্তি বাহন খন এৰি থৈ পলাই যায় । পাছত ওৰাং আৰক্ষীয়ে ছয়টা চোৰাং প্ৰকাণ্ড  বলধ  গৰুৰ সৈতে বাহন খন জব্দ কৰি থানালৈ লৈ আহে । ওৰাং আৰক্ষীয়ে নম্বৰবিহীন চোৰাং গৰু ভৰ্তি বাহন খনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত  গোচৰ নং -২০/২২ ইউ এচ- ৩৭৯/৪১১ এটি গোচৰ পঞ্জীয়ন কৰাৰ উপৰিও গো সুৰক্ষা আইন ১৩ (১) ২০২১,আন এটা গোচৰ ৰুজু কৰি  তদন্ত  অব্যাহত ৰাখিছে ।

নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি অব্যাহত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকা ভিত্তিক অস্থায়ী কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি অব্যাহত আছে। পহিলা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিয়ে আজি তৃতীয় দিনত ভৰি দিয়াৰ পাছতো বিষয়টো ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগৰ লগতে চৰকাৰী পক্ষই গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আন্দোলনকাৰী সকলে।

চাকৰি নিয়মীয়াকৰণ, ৬০ বছৰ বয়সলৈকে চাকৰি বাহাল ৰখা, আৰ অ পিৰ ব্যৱস্থা কৰা, সম কামৰ সম বেতন প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীৰ দৰে  সুবিধা প্ৰদান কৰা, খালি হোৱা পদত অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি ঠিকা ভিত্তিক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ দাবীত ছমৰীয়া উন্নয়ণ খণ্ডৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত কৰ্ম বিৰতি আন্দোলন অব্যাহত ৰাখিছে।

ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিত একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে উন্নয়ণ খণ্ডৰ বিভিন্ন কামকাজ। কৰ্মচাৰী সকলৰ ন্যায্য দাবীৰ প্ৰতি গুৰুত্ব নিদিলে কৰ্ম বিৰতি অনিৰ্দিষ্টকালীন হোৱাৰো হুংকাৰ দিয়ে কৰ্মচাৰী সকলে। সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি কৰ্মচাৰী সকলৰ দাবী পূৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে আন্দোলনকাৰী কৰ্মচাৰী সকল।

এপাটৰ অৰ্থসাহাৰ্যত গুনগত মীনপোনা উৎপাদনৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

ৰাজ্যখনৰ মীন উৎপাদনৰ অন্যতম উপাদান গুণগত মীনপোনা উৎপাদনৰ বাবে ‘ অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ‘ ( এপাট ) ৰ সৌজন্যত  মীন মহাবিদ্যালয় ,ৰহাই মীন বিভাগ , অসমৰ সহযোগত এলানি বিশেষ গুণগত মীন পোনা উৎপাদন শীৰ্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । ৰাজ্যখনৰ আগশাৰীৰ প্ৰায় দুশ মীনপোনা উৎপাদন হেচ্ছাৰীৰ  স্বত্বাধিকাৰীক সামৰি আয়োজন কৰা এই লানি বিশেষ প্ৰশিক্ষণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ ভেহগুৰি  এম ভি স্কুল প্ৰাঙ্গঁনত । জিলাখনৰ প্ৰায় ৫০ জন মীনপোনা উৎপাদনকাৰী  আৰু আগশাৰীৰ পোনা প্ৰতিপালনকাৰীয়ে অংশগ্ৰহণ কৰা  এই প্ৰশিক্ষণৰ  শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি অংশগ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডঃ বিনোদ কলিতাই এপাৰ্টৰ জৰিয়তে গুণগত মীনপোনা উৎপাদনত লোৱা এই পদক্ষেপৰ শলাগ লয় ।

ভাষণত ডঃকলিতাই  মীন পোনা উৎপাদনকাৰী সকলে একমাত্ৰ অধিক লাভৰ বাবে মনোযোগ নিদি উন্নত মানৰ পোনা উৎপাদন কৰি মীন পালকসকলৰ লগতে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সমীপ কুমাৰ ডেকাই মীন পালনৰ বাবে লবলগীয়া সাৱধানতাৰ লগতে অধিক গুণগত মাছৰ পোনা উৎপাদৰ কাৰ্যব্যৱস্থাৰ আহ্বান জনায় ।  মৰিগাঁও জিলা মীন উন্নয়ণ বিষয়া ভাস্কৰ জ্যোতি নাথে   জিলাখনত মাছ উৎপাদনৰ খতিয়ান দাঙি ধৰি মাছ উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানদণ্ডৰ মীনপোনাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে আৰু এই সন্দৰ্ভত ‘মীন পোনা বেংক’ স্হাপনৰ পোষকতা কৰে । অনুষ্ঠানত এপাৰ্ট( মীন)ৰ ৰাজ্যিক কতৃত্বশীল বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশ্ববেংকৰ  অৰ্থসাহাৰ্যত ৰূপায়িত এপাৰ্টৰ মীন সমন্বয়ক ডঃ সঞ্জয় শৰ্মাই গুণগত মীনপোনা উৎপাদনৰ বিভিন্ন কৌশল যেনে হৃষ্ট-পুষ্ট গাভিৰ্নী মাছহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা , একেটা’ ব্ৰিডিং’ পুলত একে সময়তে এটা প্ৰজাতিৰ মাছ প্ৰজনন কৰা আৰু প্ৰতিবছৰে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মাছখিনি সালসলনি কৰাত গুৰুত্ব প্ৰদান কৰে ।

তেওঁলোকে  গুণগত গাভিৰ্নী মাছক ‘টেপিং’ কৰাৰ বিভিন্ন কৌশলো  সভাত অৱগত কৰে । অনুষ্ঠানত বিশ্ব মৎস্য সন্থা(WORLD FISH) ৰ কাৰিকৰী নিৰ্দেশনাত প্ৰকাশ কৰি উলিওৱা “গুণগত মাছপোনা  উৎপাদনৰ বাবে উত্তম ব্যৱস্থাপনা অনুশীলন” পুস্তিকা খনি উন্মোচন কৰা হয় । অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে মীন মহাবিদ্যালয়ৰ অধ্যাপক ড‍ঃ প্ৰদীপ চন্দ্ৰ ভূঞা ,মীন উন্নয়ণ বিষয়া আনোৱাৰ হুছেইন খানে অংশগ্ৰহণ কৰি মীন পোনা উৎপাদনকাৰী সকলৰ মাজত সঘনাই যোগাযোগ অক্ষুন্ন ৰাখিবলৈ এটা একত্ৰিত গ্ৰুপ খোলাৰ পৰামৰ্শ আগবঢ়ায় । প্ৰশিক্ষণৰ শেষত মীনপোনা উৎপাদনকাৰী সকলে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকৰ হেচ্ছাৰীবোৰত অকল গুণগত মানদণ্ডৰ মীনপোনাহে উৎপাদন কৰিব বুলি আশ্বাস প্ৰদান কৰে ।