Breaking

স্বাধীনতা সংগ্ৰামত চাহ বাগানৰ সৈনিক সকলৰ বিশেষ অৱদানঃ কাশীপতি

0 1,078

যোৰহাটৰ গড়মূৰ স্থিত শংকৰদেৱ বিদ্যা নিকেতনত “অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি উত্থান ন্যাসৰ “বৈঠক কালি সফলতাৰে সম্পন্ন হৈ যায় ।  বৈঠকত মুখ্য বক্তাৰ আসন অলংকৃত কৰে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সংগঠন মন্ত্রী মাননীয় জেএম কাশীপতিয়ে। উক্ত সভাত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্রী তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্রী ব্ৰহ্মাজী ৰাও আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ-সংগঠন মন্ত্রী ড০ পৱন তিৱাৰী উপস্থিত থাকে। সভাৰ প্ৰথম সত্ৰত ন্যাসৰ পদাধিকাৰী সকলৰ পৰিচয় পৰ্ব ৰখা হয় আৰু ন্যাসৰ ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা কৰা হয়। ন্যাসৰ উপাধ্যক্ষা কবিতা তাশাৰ অধ্যক্ষতাত সম্পন্ন হোৱা দ্বিতীয়টো সত্ৰত কাশীপতিজীৰ লগতে সংগঠন মন্ত্রী দ্বয়ক স্বাগত ও সম্ভাসন জনোৱা হয়।

ন্যাসৰ মন্ত্রী ড০ অমল বাউৰীয়ে যোৰহাট স্কুলৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য সকলক, নাগৰিক সকলক, আৰু গড়মূৰ নিকেতনৰ আচার্যৰ সন্মুখত ন্যাসৰ বিষয়ে চমু বিবৰণ তথা ন্যাস গঠনৰ পৃষ্ঠভূমি আৰু কাৰ্য পৰিকল্পনাৰ বিষয়ে অৱগত কৰায়। স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী কাশীপতিয়ে ন্যাসৰ দ্বাৰা প্ৰকাশিত ২০২২ চনৰ বাৰ্ষিক কেলেন্ডাৰ আৰু স্বাধীনতা সংগ্ৰামত ভাগ লোৱা চাহ জনগোষ্ঠীৰ সৈনিক সকলৰ বিষয়ে লিখা এখন পত্ৰিকাৰ উন্মোচন কৰে। তেখেতে ন্যাসৰ মাধ্যমেৰেচাহ জনগোষ্ঠীৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাৰ সফল হোৱাৰ কামনা কৰে আৰু এই ক্ষেত্ৰত সমাজৰ সহযোগিতা বিচাৰে। শেষত ন্যাসৰ কোষাধ্যক্ষা ময়ূৰাক্ষী দেৱীয়ে সকলোকে শলাগৰ শৰাই আগবঢ়াই। শিশু শিক্ষা সমিতি অসমৰ ছচিয়েল মিডিয়া প্ৰমুখ মুকুটেশ্বৰ গোস্বামী আজি গুৱাহাটীত সাংবাদিকক উক্ত সন্দৰ্ভত সবিশেষ জানিবলৈ দিয়ে। 

Leave A Reply