Home Blog Page 2618

বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ দেহাৱসান

বাজাজ গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা বাজাজ মটৰ্ছৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ বিয়োগ। প্ৰখ্যাত উদ্যোগপতি গৰাকী ৮৩ বছৰ বয়সত মৃত্যু হৈছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা উদ্যোগপতিগৰাকীয়ে শনিবাৰে বিয়লি মৃত্যুক সাৱটি লয়।

ৰাহুল বাজাজৰ জন্ম ১৯৩৮ চনৰ ১০ জুনত কলকাতাত এটা মাৰোৱাৰী ব্যৱসায়ী পৰিয়ালত হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি বাজাজ গ্ৰুপৰ দায়িত্ব বহন কৰিছিল। ১৯৬৫ চনৰ পৰা সুদীৰ্ঘ ৫০ বছৰ ধৰি তেওঁ বাজাজ গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছিল।২০০১ চনত, এইগৰাকী উদ্যোগপতিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। স্বাধীনতা সংগ্ৰামী জামনালাল বাজাজৰ নাতি আছিল এইগৰাকী ৰাহুল বাজাজ। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁ আইনৰ ডিগ্ৰী ল’বলৈ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁৰ নেতৃত্বতে বাজাজ অটোৰ টাৰ্ণঅ’ভাৰ ৭.২ কোটি টকাৰ পৰা ১২ হাজাৰ কোটি টকালৈ বৃদ্ধি হয় আৰু দেশৰ আগশাৰীৰ স্কুটাৰ আৰু দুচকীয়া বাহন বিক্ৰেতা হিচাপে বাজাজ গ্ৰুপক প্ৰতিষ্ঠা কৰি তোলে।

প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে কয়, “মই তেওঁক কেইবা দশক ধৰি চিনি পাইছিলো। তেওঁ আমাৰ পাৰিবাৰিক বন্ধু আছিল। তেওঁ আৰু মই ৰাজ্যসভাতো বহুমুহূৰ্ত অতিবাহিত কৰিছো। ইয়াৰ উপৰিও, অধিৱেশনৰ সময়ত আৰু কেন্দ্ৰীয় হলতো আলোচনা অনুষ্ঠিত হৈছিল। মই কেইমাহ মান আগতে তেওঁৰ সৈতে ৩০ মিনিটৰ বাবে বাৰ্তালাপ কৰিছিলো।

সোণতলীত ৯ টাকৈ চোৰাং গৰু জব্দ, চালক-সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষীয়ে পুৰাণগাঁৱত অভিযান চলাই বাহনসহ ৯টা চোৰাং গৰুৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ননীগোপাল সৰকাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই পুৱতি নিশা প্ৰায় তিনি বজাত শেলেসুঁতি নামৰ ঠাইত অভিযান চলাই এ এছ-২৫চিচি-৬০২৮ নম্বৰৰ বাহনসহ ৯ টা চোৰাং গৰু জব্দ কৰাৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷

ধৃত গাড়ী চালকজন সোণতলীৰ শেলেসুঁতিৰ সদৰ আলীৰ পুত্ৰ নৈমুদ্দিন (৩৩) আৰু সৰবৰাহকাৰীজন চেঙা সমষ্টিৰ পূৱ ম’হচৰাৰ জিলাৰ ৰহমানৰ পুত্ৰ ৰাশ্বিদুল ইছলাম (১৯) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত নৈমুদ্দিন আৰু ৰশ্বিদুল ইছলামক সোণতলী আৰক্ষীয়ে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷

ক’ভিডসদৃশ ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰাচীন কালৰ ডাইনোচৰ

ভাইৰাছে কোঙা কৰা বিশ্বত মানৱ জাতি সৰ্বশ্ৰান্ত। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে প্ৰভাৱ পেলাই ভাইৰাছে সৃষ্টি কৰিছে মহাত্ৰাস। একেটা ভাইৰাছেই উৎপৰিৱৰ্তন ঘটি নতুন প্ৰকাৰৰ সৃষ্টি হৈ অৱধাৰিত গতি ল’ব ধৰিছে, তাৰ উদাহৰণ ক’ভিডত আক্ৰান্ত হোৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে। এনে সময়তে ভাইৰাছ সন্দৰ্ভত এক নতুন তথ্য উন্মোচিত হৈছে। মানৱ সভ্যতাই ঢুকি নোপোৱা যুগৰে পৰাই বিশ্বত অৱস্থিতি আছিল ভাইৰাছৰ।

ক’ভিডসদৃশ ভাইৰাছত সংক্ৰমিত হৈছিল সৃষ্টিৰ পাতনি কালৰ মহাকায় ডাইনোচৰ। ডাইনোচৰো আক্ৰান্ত হৈছিল শ্বাস-প্ৰশ্বাসজনিত ৰোগত। শেহতীয়া এক অধ্যয়নত প্ৰকাশ হৈছে এই তথ্য। তথ্য অনুসৰি ডাইনোচৰৰ বসতিৰ বহু আগৰে পৰাই বিশ্বত ভাইৰাছৰ অৱস্থিতি লাভ কৰিছে বিজ্ঞানীয়ে। পোন প্ৰথমে ভাইৰাছ সম্বন্ধে মানৱজাতিয়ে ১৮৯৬ চনত জ্ঞাত হৈছিল। ম’জেইক ৰোগৰ জীৱানুক পোন প্ৰথমে ভাইৰাছ আখ্যা দি চিনাক্ত কৰা হৈছিল। ভাইৰাছ হৈছে নিউক্লীয় প্ৰ’টিনৰ দ্বাৰা গঠিত অ-কোষী পৰজীৱী আনুবীক্ষণিক এটা বস্তু। কিন্তু ১৮৯৬ চনত মানৱ জাতিয়ে আৱিষ্কাৰ কৰা ভাইৰাছে আজিৰ পৰা প্ৰায় ১৪৫ নিযুত বছৰৰ আগেয়েই ডাইনোচৰৰ দেহত সংক্ৰমণ সৃষ্টি কৰি ৰোগৰ কাৰণ হৈ পৰিছিল।

শেহতীয়াভাৱে অধ্যয়ণ কৰা এটা জীৱাষ্মৰ পৰা এই কথা গম পোৱা গৈছে যে, ডাইনোচৰৰ দেহতো ক’ভিড সদৃশ ৰোগৰ সৃষ্টিৰ কাৰক এই ভাইৰাছেই আছিল। উদ্ধাৰ হোৱা জীৱাষ্ম অধ্যয়নৰ পৰা তথ্য আহৰণ কৰা হৈছে যে ডাইনোচৰটো জ্বৰ আৰু কাহত গুৰুতৰভাৱে অসুস্থ হৈছিল। জীৱাষ্ম অধ্যয়ন কৰা ডাইনোচৰটো অসুখত ভুগি থকা বুলি বিজ্ঞানীসকলে সন্দেহ কৰিছে। ইয়াৰ ইয়াৰ নাকৰ পৰা শ্লেষ্মা বা কফ ওলাই আহিছিল। জুৰাচিক তৃণভোজীটো জ্বৰ আৰু কাহত ভুগিছিল যি ইয়াৰ দীঘল পেশীবহুল ডিঙিটো জোকাৰি গৈছিল। ৰোগটো আনকি মাৰাত্মকও হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। এই ৰোগে ডাইনোচৰৰ স্বাস্থ্যক ইমানেই গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল যে ই ইয়াৰ জীৱাশ্মযুক্ত হাড়ত ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে এই আঁচহুৱা অৱশিষ্টবোৰ এতিয়া ডাইনোচৰৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ প্ৰথম প্ৰমাণ।

ডাইনোচৰটো কিয় অসুস্থ আছিল এই কথা জীৱাষ্ম অধ্যয়ন কৰি থকা বিজ্ঞানীসকলৰ বাবে তাৎক্ষণিকভাৱে স্পষ্ট নাছিল। ২০১৮ চনত মণ্টানাৰ গ্ৰেট প্লেইনচ ডাইনোচাৰ সংগ্ৰহালয়ৰ জীৱবিজ্ঞানী কেৰী উড্ৰাফে এই ডিপ্লোডোকাছসদৃশ তৃণভোজী প্ৰাণীটো গৱেষণা কৰি থাকোতে কিবা অদ্ভুত লক্ষ্য কৰিছিল। ডাইনোচৰৰ ডিঙিৰ হাড়ৰ ফোঁপোলাবোৰত প্ৰায় ব্ৰকলিৰ দৰে দেখা তৰল আছিল। অৱশেষত জীৱবিজ্ঞানীসকল পতিয়ন গৈছে যে ডাইনোচৰটো ক’ভিডসদৃশ ৰোগৰ বাবেই শ্বাস-প্ৰশাসজনিত ৰোগত আক্ৰান্ত হৈছিল।

বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এদিনীয়া কৰ্মশালা

বিশ্বনাথৰ প্ৰায় আঠ কিলোমিটাৰ উত্তৰে পাভৈ অঞ্চলত অৱস্হিত সমগ্ৰ অসমৰ এক সৰ্ববৃহৎ মৎস্য প্ৰজনন কেন্দ্ৰ ‘পাভৈ ফিছ্ ফাৰ্মত’ বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত এখনি এদিনীয়া কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। বিভাগটোৰ সহকাৰী অধ্যাপক ড: ৰাহুল শৰ্মাৰ নেতৃত্বত মহাবিদ্যালয় খনিৰ বিভাগটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। ড: ৰাহুল শৰ্মাই আঁত ধৰা উক্ত কৰ্মশালা খনি শুভ উদ্বোধন কৰে কেন্দ্ৰটোৰ প্ৰতিস্হাপক স্বত্বাধীকাৰী তথা বিশ্বনাথ অঞ্চলৰ সৰবৰহী বৰ্ষীয়ান ব্যক্তি শ্ৰীযুত বীৰেন ভাগৱতী দেৱে। উদ্বোধনী ভাষণত তেখেতে  ফাৰ্মখনৰ আৰম্ভনিৰে পৰা বৰ্তমানলৈকে ইতিহাস ৰোমন্থন কৰাৰ লগতে কেন্দ্ৰটোত চলি থকা প্ৰায় বিশ বিধ মাছৰ প্ৰজনন সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়ায়। তেখেতে ভাষণ প্ৰসঙ্গত মৎস্য পালনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কেও বিতংতথ্য আগবঢ়ায়। দিনযোৰা কাৰ্যসূচীৰে চলা  অনুষ্ঠানটিত সমল ব্যক্তিৰ ভূমিকা পালন কৰে প্ৰজনন কেন্দ্ৰটোৰ পৰিচালক তথা বৰ্তমানৰ স্বত্বাধিকাৰী শ্ৰীযুত ভাৰ্গৱ ভাগৱতীয়ে।

পুৱা দহ বাজি ত্ৰিশ মিনিটৰ পৰা বাৰ বজালৈ কেন্দ্ৰটোৰ সভাকক্ষত অনুষ্ঠিত হোৱা কৰ্মশালা খনিত সমল ব্যক্তি গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক মাছৰ প্ৰজননৰ স্তৰ সমুহ বিতং ভাৱে ‘পাৱাৰ পইণ্ট’ৰ সহায়ত প্ৰদৰ্শন কৰাৰ লগতে এক সাৱলীল বক্তিতা প্ৰদান কৰে। বক্তিতাৰ পিছতেই তেখেতে অনুষ্ঠানত উপস্থিত অধ্যাপকসকলৰ লগতে ছাত্ৰ ছত্ৰী সকলক উৎপাদন ক্ষেত্ৰলৈ লৈ গৈ মৎস্য প্ৰজননৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে। প্ৰায় চাৰি ঘণ্টা যোৰা অনুষ্ঠানটিত উপস্থিত থাকি সামৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনিৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: বিশ্বজিৎ শৰ্মাই। ড: শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক কেৱল মাত্ৰ পাঠ্যক্ৰমৰ মাজতে আবদ্ধ নাথাকি ইচ্ছুক সকলক ভৱিষ্যতৰ দিনত মৎস্য উৎপাদনৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। অনুষ্ঠিনটিৰ উদ্বোধক আৰু সমল ব্যক্তি দুয়োগৰাকীকে অনুসষ্ঠিনটি আনুষ্ঠিত কৰি মৎস্য প্ৰজনন সম্পৰ্কে সমুদায় জ্ঞান প্ৰদান কৰাৰ বাবে বিভাগটোৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অচিৰেই মহাবিদ্যালয়খনিৰ কতৃপক্ষৰ লগত আলোচনা কৰি দুয়োটা অনুষ্ঠানৰ মাজত বিদ্যায়তনিক দিশৰ এখনি বুজা বুজিৰ চুক্তি সম্পাদন কৰিব বুলি পোষকতা কৰে। শেষত উপস্হিত সকলোকে শলাগৰ শৰাই আগবঢ়াই দিনযোৰা এই কৰ্মশালা আৰু প্ৰশিক্ষণ অনুষ্ঠানৰ অন্ত পৰে।

অৰূপজ্যোতি হাজৰিকাৰ “প্লাষ্টিকৰ পৃথিবীলৈ” শ্ৰেষ্ঠ পাণ্ডুলিপিৰ সন্মান

যোগাত্মক চিন্তাৰে নিৰপেক্ষ দৃষ্টিভংগীৰে সংবাদ সেৱা আগবঢ়োৱাৰ ‘অসম বাৰ্তা’ই কাকত খনৰ দ্বিতীয় বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত টীয়ক পৰ্বতীয়া গাওঁৰ অৰূপ জ্যোতি হাজৰিকাৰ পাণ্ডুলিপি “প্লাষ্টিকৰ পৃথিৱীয়ে” শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে হাইস্কুলীয়া দিনৰে পৰা সাহিত্য চৰ্চা আৰু সাংবাদিকতা কৰি সাম্প্ৰতিক সময়ত এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন লেখক,কবি অৰূপ জ্যোতি হাজৰিকাৰ বিভিন্ন লেখা,কবিতা,প্ৰবন্ধ,গল্প সমূহ প্ৰায় সংখ্যক অসমীয়া কাকত,আলোচনীত প্ৰকাশ পাইছে। বৰ্তমান লৈকে কুৰিৰো অধিক গ্ৰন্থ প্ৰকাশ হোৱা হাজৰিকা এজন শিশু সাহিত্যিকো।

বকোৰ বন বিভাগৰ অভিযানত দুই লক্ষাধিক টকাৰ ফলা কাঠ জব্দ

দীৰ্ঘদিন ধৰি মুল্যবান কাঠৰ চোৰাং ব্যৱসায়ীয়ে দক্ষিণ কামৰূপৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ওপৰত অবাধ ধ্বংস যজ্ঞ চলাই ইয়াৰ মূল্যৱান কাঠৰ চোৰাং বেহা অব্যাহত ৰখাৰ বিপৰীতে চৰকাৰৰ বন বিভাগেও এই চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান৷ বন বিভাগৰ এই অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক অভিযান৷ এই অভিযানত বন বিভাগে চুকুনীয়া পাৰা হৈ নগৰবেৰা অভিমুখে যোৱা পথত এখন ফলাকাঠ ভৰ্তি ট্ৰাক খেদি খেদি এক বৃহৎ পৰিমাণৰ মুল্যৱান ফলা কাঠৰ লগতে এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ কাঠখিনিৰ আনুমানিক মুল্য এক লক্ষাধিক হব বুলি বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোস্থিত বকো বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ নাথৰ নেতৃত্বত আৰু বন্দপাৰা বনাঞ্চলিকৰ সহযোগত বন বাহিনীয়ে চলোৱা অভিযানত অৱশ্যে ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷জানিব পৰা মতে বন বাহিনীৰ উমান পাই ৰাস্তাৰ মাজতে গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয়। পিছত জব্দকৃত কাঠ আৰু গাড়ী বন বাহিনীৰ দলটোৱে বকো বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ যায় ৷ এতিয়া প্ৰশ্ন হল এনে অবাধ বনাঞ্চল ধ্বংসকাৰ্য জড়িত চোৰাং ব্যৱসায়ৰ হাতোৰাৰ পৰা বনাঞ্চল ৰক্ষা কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে বন বিভাগে ? সেয়াই প্ৰকৃতিপ্ৰেমীৰ বাবে হৈ পৰিছে লক্ষণীয় বিষয় ।

আচৰিত! অসমৰ ১৪১টা পুলিচ ষ্টেচনত নাই টেলিফোন

ৰাজ্যসভাৰ গৃহ বিভাগৰ সংসদীয় কমিটিৰ প্ৰতিবেদনত শেহতীয়াকৈ উন্মোচিত হল অসম আৰক্ষী আধুনিকীকৰণৰ আচঁল স্বৰূপ। এই কমিটিৰ প্ৰতিবেদন অনুসৰি- অসমৰ ১৪১টা আৰক্ষী ষ্টেচনত নাই টেলিফোন কাকেনশ্যন। আৰু ৪টা ষ্টেচনত নাই আৰক্ষীৰ কোনো বাহন।

ইফালে অৰুণাচল প্ৰদেশৰো ৯১টা পুলিচ ষ্টেচনৰ ভিতৰত ৫৪টাত নাই টেলিফোন কাকেনশ্যন। ৪টা ষ্টেচনত নাই বাহন। ঠিক তেনেদৰে মেঘালয়ৰো ৭৪টা ষ্টেচনৰ ভিতৰত ৯টাত নাই ষ্টেচন আৰু ৬২টা ষ্টেচনত নাই টেলিফোন কানেকশ্যন।

এই প্ৰতিবেদনত পোহৰলৈ অহা তথ্য অনুসৰি দেশৰ মুঠ ১৬,৮৮৩টা ষ্টেচনৰ ভিতৰত ২৫৭টা ষ্টেচনত নাই গাড়ী। ইয়াৰ বিপৰীতে ৬৩৮টা ষ্টেচনত নাই টেলিফোন। দেশৰ ১৪৩টা ষ্টেচনত নাই ৱায়াৰলেছৰ ব্যৱস্থা।

দেশত ক্ৰমান্বয়ে কমিছে ক’ৰণাৰ প্ৰভাৱ

দেশত ক্ৰমান্বয়ে কম হৈছে ক’ৰণাৰ ত্ৰাস। বিগত ২৪ ঘন্টাত ৫৮,০৭৭ জনকৈ নতুন লোক আক্ৰান্ত হয় ক’ৰণাত। ইয়াৰ পিছতেই বৰ্তমানলৈ দেশত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৪,২৫,৩৬,১৩৭ জন।

উল্লেখ্য যে, বিগত ৫ দিনৰ পৰা ১লাখতকৈ ক’ম লোক আক্ৰান্ত হৈছে ক’ৰণাত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘন্টাত ৬৫৭ জনৰ মৃত্যু হয় আৰু ইয়াৰ পিছতেই দেশত ক’ৰণাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৫.০৭,১৭৭ জন। বৰ্তমান দেশত ৬,৯৭,৮০২ জন ক’ৰণা আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে।

সমান্তৰালভাৱে অসমতো ক্ৰমান্বয়ে হ্ৰাস পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই অসম চৰকাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই দিয়াৰ নিৰ্দেশ জাৰি কৰিছে।

বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক শিৱিৰ

 দেশৰ অৰ্থনীতি নিৰ্ভৰ কৃষি খণ্ডৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সময়ে সময়ে গ্ৰহণ কৰি অহিছে কৃষি- কৃষক কেন্দ্ৰিক অভিলাষী আঁচনি ৷ দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ আৰু দেশৰ উন্নত পাঁচ ৰাজ্যৰ তালিতাত অসমক অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তবায়িত কৰাব বাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি চৰকাৰৰ কৃষি বিভাগে আৰম্ভ কৰিছে ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক কৃষি ভিত্তিক সজাগতা শিৱিৰ ৷ ইয়াৰে অংশ হিচাবে শুক্ৰবাৰে কামৰূপ জিলাৰ ‘বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়’ত অনুষ্ঠিত হয় ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক এটি বিশেষ শিৱিৰ ৷ কৃষকসকলৰ সৰ্বতোপ্ৰকাৰৰ  উন্নয়ন আৰু কৃষকসকলৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি শিৱিৰত উপস্থিত কৃষি বিষয়াসকলে পি এম কিষাণ নিধি, নিৰ্ধাৰিত চৰকাৰী দামত কৃষকৰ ধান ক্ৰয় আঁচনি, বেংক সম্পৰ্কীয় সমস্যা , কৃষকৰ ফচল বীমা আদিকে ধৰি কৃষি বিষয়ক বিভিন্ন আঁচনিৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

বকো মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা শিৱিৰখনত কৃষকৰ বিভিন্ন সমস্যা আৰু উন্নয়মৰ ওপৰত শিৱিৰত উপস্থিত কৃষি বিষয়া, গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি আৰু কৃষকৰ মাজত মত বিনিময় ও পৰ্যালোচনা কৰা হয়  ৷ অনুষ্ঠানটোত মহকুমা কৃষি বিষয়া গৰাকীয়ে কৃষি বিভাগত চলি থকা বিভিন্ন আঁচনি, কৃষি আঁচনি সমূহৰ সফল ৰূপায়ন লগতে আঁচনিসমূহৰ পৰা প্ৰকৃত খেতিয়কে যাতে বঞ্চিত নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি  মধ্যভোগী চক্ৰৰ পৰা সকলোকে দূৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ অনুষ্ঠানটোত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ  অন্তৰ্গত বকো, বনগাওঁ, সোণতলী, গৰৈমাৰী, নগৰবেৰা আদি কৃষি চক্ৰ এলেকাৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া ক্ৰমে দীপক কুমাৰ ডেকা, হিতেশ ডেকা, আমজাদ আলী, কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী, জ্যোতি ঠাকুৰীয়া, অলক মালি, শশাংক গোস্বামী, ড° নিলাক্ষী শৰ্মাকে ধৰি কৃষি গ্ৰামসেৱক আৰৱ কাৰ্যালয়ৰ বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী উপস্থিত থাকে ৷

প্ৰধানমন্ত্ৰী মোডীক হুংকাৰ দিলে এজন মুখ্যমন্ত্ৰীয়ে! কিন্তু কিয়?

পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে। ৰাজ্যখনৰ বিভিন্ন আচনিঁৰ পৰা বিৰত ৰখাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰিলে যে, নৰেন্দ্ৰ মোডীক শাসনৰ পৰা ওফৰাই দিব পৰা শক্তি আমাৰ আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আপোনালোকে আমাক কোনো ৰাষ্ট্ৰীয় পৰিযোজনা নিদিয়ে, মেডিকেল কলেজ নিদিয়ে। আমাক যদি এনেদৰে অসহযোগ কৰি থাকে আমাৰ একো কবলগীয়া নাই। কিন্তু এনে যদি হৈ থাকে তেনেহলে আমি আপোনালোকক শাসনৰ গাদীৰ পৰা ওফৰাই আমাক সহায় কৰা সকলক শাসনত বহুৱাম।”

এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ ওপৰত এইদৰে ক্ষোভ উজাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ ভালৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতিত যদি সক্ৰিয়তাৰে কাম কৰিব লাগে, সেই কামো কৰিম। ৰাজ্যবাসীয়ে যদিহে আৰ্শীবাদ কৰে দিল্লীৰ শাসনৰ গাদী লৰাই দিম। নৰেন্দ্ৰ মোডী সাৱধান হওঁক, আপোনাৰ ধমকিলৈ আমি ভয় নকৰো।